Showing posts with label Footpath Diary. Show all posts
Showing posts with label Footpath Diary. Show all posts

Tuesday, February 19, 2019

 1. Are you from any Char/Chapori? Where do you stay now? What do you do now? 
—মোৰ জন্ম বাক্সা জিলাৰ আইখাৰী গাওঁত৷ বৰ্তমানো একে গাওঁৰ বাসিন্দা৷ এই গাওঁখন চৰ-চাপৰিৰ অন্তৰ্ভূক্ত নহয় যদিও সামাজিক, অৰ্থনৈতিক আৰু বৈশিষ্টগত ভাবে চৰ-চাপৰিৰ দৰে একে৷ 
মই ২০১০ চনৰ পৰা ২০১৮ চনলৈকে আমছুৰ লগত জড়িত হৈ আছিলো৷ বৰ্তমানে এনআৰচি আৰু ডি ভোটাৰ বিষয় সজাগতা আৰু সচেতনতা সৃষ্টি কৰাৰ লগতে নাগৰিকৰ অধিকাৰৰ সংগ্ৰামৰ লগত জড়িত৷ 


2. Do you recognise yourself as a ‘Miya’? 

— জনগোষ্ঠীগত ভাবে মই এজন মিয়া আৰু জাতি হিচাপে অসমীয়া৷ 

3. Who is a ‘Miya’ according to you? 
—অখণ্ড ভাৰতৰ প্ৰাগজ্যোতিষপুৰীয় আৰু বংগীয় হিন্দু মূলৰ ধৰ্মান্তৰিত আৰু ১৯৫১ চনৰ পূৰ্বে বাংলাভাষী ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমানক ‘মিয়া’ বা ‘মিয়া মুছলমান’ বুলিব পাৰি। ১৯৫১ চনৰ লোক পিয়লত অসমৰ অস্তিত্ব ৰক্ষাৰ স্বার্থত আৰু অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে পোৱাৰ বাবে  মিয়াসকলে মাতৃ ভাষা হিচাপে ‘অসমীয়া ভাষা’ গ্ৰহণ কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ভড়াল চহকী কৰি আহিছে৷

4. Why name it ‘Miya Poetry’? 
—মিয়াসকলে ঘৰত ব্যৱহাৰ কৰা দোৱানত, অসমীয়া ভাষাত ইংৰাজী বা অইন কোনো ভাষাত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মিয়াসকলৰ মনৰ ক্ষোভ, অভিজ্ঞতা, ইতিহাস, বঞ্চনা, শোষণ, নিপীড়ণ আৰু অৱহেলাৰ মৰ্মবেদনাৰ কঠিন বাস্তৱৰ ছবি প্ৰকাশিত হোৱা বাবে এই কবিতাক মিয়া কবিতা বুলি ক’ব পাৰি৷ এই মিয়া কবিতাৰ দ্বাৰা সমগ্ৰ অন্যায়ৰ বিৰুদ্ধে এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা কৰা হৈছে৷ 

5. What is your opinion on the NRC? How has the NRC impacted the Poetry Movement? 
—এন আৰ চি উন্নীতকৰণ সকলো বৈধ ভাৰতীয় নাগৰিকক চিনাক্তকৰণ কৰাৰ এটা ন্যায়সঙ্গত আৰু বিশ্বাসযোগ্য প্ৰক্ৰিয়া৷ ১৯৭৯ চনৰ পৰা অসমত চলা ৬ বছৰীয়া বিদেশী খেদা আন্দোলনৰ ফলত সৃষ্টি হোৱা অবিশ্বাসৰ পৰিৱেশ এন আৰ চি উন্নীতকৰণৰ দ্বাৰা আঁতৰ কৰা সম্ভৱ৷ বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি নামনি অসমৰ জিলাৰ পৰা মিয়া শ্ৰমিকে উজনি অসমলৈ কাম কৰিবলৈ গ’লে বিদেশী বুলি সন্দেহ কৰা হয়, অত্যাচাৰ কৰা হয়, বিদেশীৰ গোচৰ জাপি দিয়া হয়, নথি-পত্ৰ বা মানুহজনৰ নাগৰিকত্বৰ উপযুক্ত পৰীক্ষা নকৰাকৈ ডি ভোটাৰ হিচাপে চিহ্নিত কৰা হয়— এনেবোৰ ঘটনা-পৰিঘটনা  এন আৰ চিৰ জড়িয়তে সমাধান হ’ব বুলি আশা কৰো৷ কিন্তু সমগ্ৰ পক্ৰিয়া ত্ৰুটিমুক্ত আৰু পক্ষপাতিত্ব বিহীন হোৱা প্ৰয়োজন৷ 
এন আৰ চিৰ বাবে কবিতাৰ আন্দোলনৰ সৃষ্টি হোৱা নাই৷ এই আন্দোলন প্ৰত্যিজন নিৰ্যাতিতৰ তেজত আছে আৰু সময়ে সময়ে বহিঃপ্ৰকাশ ঘটিছে৷ কিন্তু এন আৰ চিৰ জটিলতাই ইয়াৰ বহল ভিত্তিত বহিঃপ্ৰকাশ ঘটাত সহায় কৰিছে আৰু মিয়া কবিতাৰ আন্দোলন হিচাপে পৰিগনিত হৈছে৷

6. Why did you become part of it? Who are the people who are mostly part of it? How many people who are part of it? 
—নিৰ্যাতন, শোষণ, ঘৃণা, বঞ্চনাৰ অংশীদাৰ প্ৰতিজনেই এই আন্দোলনৰ অংশীদাৰ৷ এই আন্দোলনৰ প্ৰথমটো কবিতা 'Write down I am a Miya' লিখিছিল হাফিজ আহমেদে আৰু দ্বিতীয়টো কবিতা ‘মইও মিয়া’ মই (সাজাহান আলী আহমেদ) লিখিছিলো৷ ইয়াৰ লগতে মৌলানা বন্দে আলী, খবিৰ আহমেদ, আব্দুল কালাম আজাদ, আশ্ৰাফুল হুছেইন, সালিম এম হুছেইন, কাজী নীল, চুলতান মাহমুদ মিৰ্ধা ৰেহনা চুলতানা, চিৰাজ খান, ছান মিঞা, আব্দুৰ ৰহিম, ৰিজুৱান হুছেইন, শ্বামিম আহমেদ, জাহাঙ্গীৰ আলম, জহিৰুল ইছলাম আৰু বিজু জাহানে এই মিয়া কবিতা লিখা বুলি জানিব পাৰিছো৷ নতুনকৈ অনেক যুৱক-যুৱতীয়ে ফেচবুকৰ জড়িয়তে মিয়া কবিতা চৰ্চা কৰা দেখা যায়৷

7. Any thoughts on the future of this initiative?
—এই মিয়া কবিতা চৰ্চা, প্ৰচাৰ, প্ৰসাৰ কৰাৰ বাবে কবি সন্মিলন, গ্ৰন্থ প্ৰণয়ন আৰু কবিতাত প্ৰকাশিত বিষয়বোৰ সমাজৰ প্ৰতিজন মানুহৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰা হ’ব৷ 

Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷ 
সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed

১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ কামত মনে প্ৰাণে লাগি গৈছিল এইসকল লোকে৷ তাৰ ফলতেই নিৰ্বাচনৰ পিছৰ সময়তেই তেজেৰে গণতন্ত্ৰ ৰক্ষাৰ মূল্য দিব লগা হৈছিল৷ কলং, কপিলী ৰাঙলী হৈ পৰিছিল আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ আহ্বান দিয়া তদানিন্তত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকৰ নিৰাপত্তা দিবতো দূৰৰ কথা আহত-নিহতৰ বাবে কোনো সাহায্যও প্ৰদান কৰা নাছিল৷ সেই ৰক্তাক্ত ইতিহাসৰ পাছতেই ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী, অসম চৰকাৰ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অশান্তময় পৰিৱেশ স্তিমিত হৈছিল সমান্তৰালকৈ হত্যাকাৰীসকলে মুক্তি পাইছিল৷ সেইসময়তেই এই সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক দল গঠন হৈছিল৷ তাৰো আগত অৰ্থাৎ ১৯৮০ চনতেই আমছুৰ জন্ম হৈছিল৷ মাত্ৰ ২ বছৰ ছাত্ৰ সংগঠন কৰিয়েই আমছুৰ প্ৰতিষ্ঠাকালৰ সভাপতি আব্দুল হাই নাগৰিয়ে কংগ্ৰেছত যোগদান কৰিছিল৷ যিগৰাকী সংখ্যালঘু নেতাই নিজৰ নেতৃত্বত হোৱা সংখ্যালঘুসকলৰ প্ৰথমটো অধিকাৰ ৰক্ষাৰ আন্দোলনত স্বহীদ হোৱা লোকৰ পৰিসংখ্যা পাহৰি গৈছে৷ যাৰ নেতৃত্বত হোৱা আন্দোলনত এখন বাহু হেৰুৱাই শেষ বয়সত ভীক্ষা কৰি জীৱন পাৰ কৰা লোকৰ খবৰ লোৱাৰ আহৰি নাপালে৷ তাৰ সমান্তৰালকৈ সংখ্যালঘু কোটাত প্ৰতিবাৰেই মন্ত্ৰীত্ব লাভ কৰি দিছপুৰত সম্পত্তিৰ পাহাৰ সাজিলে সেইসকল নেতাই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত টেটু ফালি, গলৰ শিৰা ফুলাই বক্তব্য দিয়ে৷ তেওঁলোকে প্ৰকৃততেই যে একো একোজন জাতিদ্ৰোহী লোক সেই কথা বহলাই নক’লেও হ’ব৷ অসমৰ মূলসূতিৰ লগত কোনো কালেই যাতে সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজ মিলিব নোৱাৰে তাৰ বাবে সংখ্যালঘু অঞ্চলবোৰত শিক্ষা, স্বাস্থৰ পোহৰ পৰিব নিদিলে যাতায়তৰ দুৰৱস্থা কৰি ৰাখিলে৷ 


ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বিষয়ে সচেতন লোকসকলৰ আৰ্থিক দুৰৱস্থা হোৱা বাবে এপাচি শাকত এটা জলকীয়া স্বৰূপ শিক্ষিত সমাজেও মুদ্ৰাৰ লোভত বিবেক বিক্ৰী কৰি আহিছে৷ যাৰ বাবে উন্নয়নৰ স্বাৰ্থত ৰাজনীতি হোৱা নাই৷ প্ৰেছাৰ কোকাৰত সৃষ্টি হোৱা চাপৰ দৰেই মানুহক সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ আমছুৰ পৰা প্ৰাক্তন হোৱা প্ৰতিজন নেতাই কংগ্ৰেছত যোগদান কৰি ‘ভোৰৰ কপালত লাত্থি’ মাৰি দিছে৷ তেওঁলোকে যিহেতু সংখ্যালঘু মানুহৰ ‘পালচ্’ বুজি পায় সেইবাবে কি দিলে কাৰ মুখ বন্ধ হ’ব সেই কথা জানে৷ ফলত উন্নয়নৰ ৰাজনীতিয়ে স্থান নাপায়৷ তোষণৰ ৰাজনীতিত পটু দলটোৱে সংখ্যালঘুৰ ওপৰত চলি থকা প্ৰতিটো অত্যাচাৰৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে৷ তাৰ বাবেও মূলত এইসকল তথাকথিত সংখ্যালঘু নেতাই দায়ি৷ যুক্তিৰ সমৰ্থনত লিখিব গ’লে আৰব্য উপন্যাস এখনেই হ’বগৈ৷ 

ৰক্তাক্ত আন্দোলনৰ মূল আধাৰ অসমৰ বিদেশী সমস্যাৰ স্থায়ি সমাধানৰ বাবে বৰ্তমান ৰাজ্যত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নিতকৰণ চলি আছে৷ এই সমস্যা সমাধানৰ নামত আন্দোলন কৰি যিসকলে নেতা হ’ল, যিসকলে অহাবাৰৰ নিৰ্বাচনৰ টিকট নিশ্চিত কৰাৰ কৌশলত লিপ্ত হৈ আছে তেওঁলোকে পূৰ্বৰ দৰেই কিন্তু পৰিৱেশ ধূসৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে৷ সাধাৰণ ভাবে লক্ষ্য কৰিলেই বুজি পাব যে এজনো সংখ্যালঘু নেতাই জটিলতাৰে ভৰা NRCৰ দাবী/ আপত্তিৰ প্ৰক্ৰিয়াত দুৰ্গত বৈধ ভাৰতীয়ৰ পক্ষত থিয় দিয়া নাই৷ এজনো আমছুৰ প্ৰাক্তন সভাপতিয়ে বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা নাই৷ অপ্ৰয়োজনীয় লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত ছেলফি উঠাৰ বাহিৰে বোকা ছটিয়াই মানুহক দাবী/ আপত্তিৰ প্ৰতি অনিহাহে বৃদ্ধি কৰা অনুমান হৈ আছে৷ যিমান বেছি বৈধ ভাৰতীয়ৰ নাম NRC ৰ পৰা বাদ পৰিব সিমানেই তেওঁলোকৰ ৰাজনীতিৰ ভেটি মজবুত হ’ব৷ যাৰ বাবেই হয়তো সমস্ত যুৱ শক্তিক পঞ্চায়ত নিৰ্বাচনৰ জিন্দাবাদ মাৰা কামত লগাই দিয়া হৈছে, যাৰ বাবেই হয়তো পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত NRC ৰ বিষয়বোৰে বিশেষ স্থান নাপায়৷ অৱশ্যে হাস্যকৰ ভাবে একাংশ সংখ্যালঘু বিধায়কে বহু সময়ত ঘঁৰিয়ালৰ চকুলো টোকা দেখা যায়৷ 

NRC ৰ দাবী আপত্তিৰ সময় শেষ হ’বলৈ সন্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছে৷ প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে NRC ৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা দৰকাৰ৷ এই কাম নকৰিলে ভৱিষ্যত কিমান অন্ধকাৰাচ্ছন্ন হৈ পৰিব সেই কথা ক’ব নোৱাৰি৷ এতিয়াও সজাগ হোৱাৰ সময় আছে৷ কমপক্ষে যুৱ শক্তি যদি জাগ্ৰত হয় বহু সমস্যাই সমাধান হ’ব৷ সেয়েহে এইবেলি জাতীয় উৎসৱ বৰ্জন কৰি বা ন’টাৰ সদ্ ব্যৱহাৰ কৰি তথাকথিত নেতাসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ NRC ৰ কাম-কাজত যথোপযুক্ত সহায় কৰিব নোৱাৰি নে ?

Sunday, December 2, 2018

কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ আন্তৰিকতাৰ অভাৱত দাবী প্ৰক্ৰিয়া একপ্ৰকাৰ স্তব্ধ হৈ থাকিলেও বৰ্তমান দাবী দাখিলৰ প্ৰক্ৰিয়া কিছু পৰিমাণে দ্ৰুত হৈছে৷


 কিন্তু আজিৰ তাৰিখত যি হাৰে মানুহে দাবী দাখিল কৰিছে তাৰ পৰা ক’ব পৰা যায় যে অধিকাংশ মানুহে বৈধ নথি থকাৰ পিছতো দাবী দাখিল কৰিব নোৱাৰিব৷ যিমানেই বৈধ নথি নাথাকক কিয় দাবী দাখিল নকৰিলে জটিলতাৰ মুখামুখী হ’বই লাগিব৷ ‘বাদ পৰা লোকৰ অধিকাংশই অবধ বিদেশী হোৱাৰ বাবেই তেওঁলোকে দাবী দাখিল কৰা নাই’ ধৰণৰ আলোচনা হৈ থকাৰ পৰাই সাধাৰণতেই বুজিব পাৰি যে বৈধ হওঁক বা অবৈধ সেই বিষয়টো তল পেলাই কিমান মানুহৰ নাম বাদ পৰিল সেই বিষয়টোৱে প্ৰাধান্য পাব৷ এই বিষয়বোৰ বহলাই কোৱাৰ প্ৰয়োজন নাই যে কৰ্তৃপক্ষই কিয় দাবী দাখিলৰ প্ৰতি মানুহক উৎসাহিত কৰি থকা নাই বা প্ৰক্ৰিয়াত জটিলতা আমদানি কৰি আহিছে৷ থুৰতে ক’বলৈ হ’লে ক’ব লাগিব যে নাম বাদ পৰা মানুহৰ বাবে এইটো এটা ‘সুযোগ’ প্ৰদান কৰা হৈছে যাৰ সদব্যৱহাৰ কৰি বাদ পৰা লোকসকলে নিজৰ দাবী দাখিল কৰি উপযুক্ত ভিত্তি দাখিল কৰিব পাৰিব৷ এইবোৰ কথখাৰ বাবেই হয়তো চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা মানুহ চিন্তিত হৈ আছে৷ মানুহে মুখামুখী হোৱা সমস্যাবোৰ চমুকৈ বিশ্লেষণ কৰিব পাৰি এনেদৰে— 

১৷ দাবী দাখিলৰ লগত দিব লগা নথিৰ শেষ তাৰিখ ৩১ আগষ্ট, ২০১৫ ৰখাৰ বাবে পূৰ্বে সৰ্বোচ্চ নথি প্ৰদান কৰি আবেদন কৰা আৰু পূৰ্বে প্ৰদান কৰা তালিকা B ভোক্ত নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মানুহে পূৰ্বৰ তাৰিখ অনুসৰি বিকল্প নথি দিব পৰা নাই৷ 

২৷ অধিকাংশ সেৱাকেন্দ্ৰৰ পৰা চুটিকৈ আৰু সকলো মানুহৰ বাবে একেধৰণৰ কাৰণ দৰ্শোৱা বাবে বাদ পৰাৰ কাৰণ ঠিকমতে বুজি নোপোৱাৰ ফলত মানুহে নথি বাছনি কৰাত অসুবিধা পাইছে৷ 

৩৷ কেনেদৰে দাবী বা আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগে সেই বিষয়ে ভালদৰে নজনাৰ বাবে মানুহে প্ৰ-পত্ৰ হাতত লৈ লোকৰ ওচৰলৈ যায় যদিও সময়ত সমাধানসূত্ৰ লাভ নকৰাৰ বাবে অসুবিধা পাই আছে আৰু কৰ্তৃপক্ষই কোনো ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পৰা ব্যৱস্থা হাতত লোৱা নাই বা মূল আবেদন পত্ৰ দাখিলৰ সময়ত তৈয়াৰ কৰা আৰ্হি প্ৰ-পত্ৰ দাবী/ আপত্তিৰ ক্ষেত্ৰত তৈয়াৰ কৰা নাই৷ 

৪৷ মূল আবেদনপত্ৰ পূৰণৰ সময়ত ভুলকৈ নাম লিখাৰ বাবে নথি-পত্ৰত থকা শুদ্ধ নামেৰে এতিয়া দাবী আবেদন দাখিল কৰাত জটিলতাৰ মুখা মুখি হৈ আছে যিহেতু নামৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰিব নোৱাৰিব৷ 

৫৷পূৰ্বে দাখিল নকৰা নথিত নামৰ আৰু উপাধিৰ খেলি-মেলি যেনে- বেগম, খাতুন, দাস, দে, মিয়া হুছেইন, শীল, বিশ্বাস, আলী, শ্বেইক, বেওৱা, নোছা আৰু বয়সৰ খেলি-মেলিৰ বাবেও সেই নথিবোৰ দাখিল কৰিব পৰা নাই৷ 

৬৷ সু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু বিদ্যালয়ৰ নথি গ্ৰহণযোগ্য নোহোৱাৰ ফলত নতুন কোনো নথি বিচাৰি পোৱা নাই৷ তেওঁলোকৰ বাবে মৌখিক বা লিখিত সাক্ষী দিব পৰা যাব যদিও সেই বিষয়বোৰ বুজি নোপোৱাৰ ফলত মানুহৰ অসুবিধা হৈছে৷ 

৭৷ গাওঁ পঞ্চায়তৰ সম্পাদক/ লাট মণ্ডল/ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মহিলাসকলে বিকল্প নথি হিচাপে ৰেচনকাৰ্ড দিব পাৰিব যদিও বহু সেৱা কেন্দ্ৰই এই নথি গ্ৰহণ কৰি থকা নাই৷ 

৮৷ বহুতেই নাজানে যে কেনেদৰে পৃষ্ঠা নং D ত থকা প্ৰশ্ন ৭ৰ উত্তৰ লিখিব৷ ফলত দাবী দাখিলৰ ভিত্তি ঠিক মতে লিখিব পৰা নাই ৷ 

৯৷ DV/DF/DFD/DVD/PFT বাছনি কৰাৰ সময়ত ৰৈ যোৱা বিসংগতিৰ বাবে জটিলতা বহু বৃদ্ধি পাইছে৷ ২০০৪ চনৰ আগত জন্ম লাভ কৰা আৰু পিতৃপক্ষৰ লিগেছি, নথি-পত্ৰৰে আবেদন দাখিল কৰা লোকৰ মাকৰ নামত ডি থাকিলেও নাম বাদ পৰিছে আৰু ভাই, ভনীৰ নামত ডি থাকিলেও কিছু অঞ্চলত বাকীসকলৰ নাম কৰ্তন কৰা হৈছে৷ এইবোৰ বিষয়ৰ বাবে মানুহে জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে৷ লগতে এটা কথা উল্লেখ কৰিব লাগিব যে যি ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ দ্বাৰা তিনি কোটি মানুহৰ নাগৰিকত্ব প্ৰমাণ কৰিব সেই একে প্ৰক্ৰিয়াই ডি ভোটাৰ সকলক সাঙুৰি নোলোৱাটোৱেই সমগ্ৰ প্ৰক্ৰিয়াৰ আন্তৰিকতাত প্ৰশ্ন চিহ্ন আনি দিয়ে৷ আচলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বিদেশী সমস্যাটোৰ স্থায়ি সমাধান আনিব নে বিদেশী সমস্যাটোৰ স্থায়িত্ব প্ৰদান কৰিব সেই কথাও চিন্তাৰ বিষয় হৈ পৰিছে৷ 

১০৷ নাম বাদ পৰা দুৰ্গত বৈধ ভাৰতীয়ক সহায় কৰিলে অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া বুলি প্ৰচাৰ হোৱাৰ ভয়ত বহু দল-সংগঠনে এই বিষয়ৰ পৰা কৌশলগত দূৰত্ব বজাই ৰাখি আহিছে৷ ফলত ৰাইজৰ মাজত উৎসাহ কমি যোৱা পৰিলক্ষিত হৈছে৷ 

ওপৰত উল্লেখ কৰা বিষয়বোৰৰ উপৰিও ভুল বশঃত বেলেগৰ লিগেছি ব্যৱহাৰ কৰা অথচ বৰ্তমান নিজৰ লিগেচি বিচাৰি পোৱা মানুহেও যিহেতু লিগেছি ব্যক্তি সলাব নোৱাৰিব তাৰ বাবে যথেষ্ট জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে আৰু বংশ বৃক্ষ পুনৰ দাখিল কৰাৰ সুবিধা প্ৰদান নকৰাৰ বাবে বংশ বৃক্ষৰ পৰীক্ষণত ধৰা পৰা বুসংগতি আতৰ কৰাৰ সুবিধা লাভ কৰা নাই, বংশ বৃক্ষত থকা মানুহ কিন্তু আবেদন নকৰা সকলে আবেদন কৰাৰ সুবিধা লাভ কৰা নাই৷ —জাতি, ধৰ্ম নিৰ্বেশেষ ওপৰোক্ত সমস্যাবোৰে দেখা দিয়া বাবে সমস্যাৰ সন্মুখীন সকলোৱে হ’ব লগা হৈছে৷


Monday, July 3, 2017

       তাছিল্যৰো এটা সীমা থাকে৷ সৰুৰে পৰাই মোক ‘বাংলাদেশ’ শব্দটোৱে আতংকিত কৰি ৰাখিছে৷ কেইবাটাও কবিতাত সেই কথা প্ৰকাশ কৰিছিলো৷ বংলাদেশৰ জন্ম নোহোৱাটোৱেই ভাল আছিল৷ কমপক্ষে আমি বাংলাদেশীৰ লেবেল লৈ কলংকৰ জীৱন যাপন কৰিব লগা নহ’ল হেঁতেন৷ সেইবাবেই যিসকল নেতাই ভাৰত বিভাজন কৰিছিল তেওঁলোকক মই মনে-প্ৰাণে ঘৃণা কৰো৷ ফুটপাতৰ ডায়েৰিত আজি এই বিষয়ে কিছু কথা লিখাৰ মন গৈছে৷

Image result for minority of assam

        সেই তাহানিতেই অসমত বদন বৰফুনৰ জন্ম হৈছিল৷ আজিও বদনৰ বংশধৰে অসমখনক সদায় অশান্ত কৰি ৰাখিব বিচাৰে, ধৰ্মৰ নামত, জাত-পাতৰ নামত৷ তেনে লোকেৰে ভৰি পৰিছে সামাজিক মাধ্যম৷ তেওঁলোকে জনগোষ্ঠীসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ভাঙি-ছিঙি টুকুৰা টুকুৰ কৰিব বিচাৰে৷ কিছুমানে এনে কাম কৰি পৈশাচিক আনন্দ লাভ কৰে৷ ভাতৃঘাতী সংঘাতেৰে মানুহৰ মাজত থকা মিলা-প্ৰীতি ধ্বংশ কৰি ঘৃণাৰ ৰাজনীতি কৰে৷ একাংশই অসমীয়া মূলসূতিৰ নামত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ৰক্ষা কৰোতাসকলক টাৰ্গেট কৰি লৈ সমগ্ৰ জাতিটোক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কৰি থাকে৷ অবিশ্বাসৰ বীজ ৰোপন কৰি মানুহৰ মাজত আতংকৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে যত্ন কৰে৷ সহজ-সৰল অসমীয়া জাতিক বিপথে পৰিচালিত কৰি ভৱিষ্যতহীন এটা পঙ্গু জাতি হিচাপে গঢ় দিব বিচাৰে৷ তেনে অদূৰদৰ্শী লোকসকলক আমি ঘৃণা কৰো৷ অৱশ্যে এই অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল ১৯৮০ চনতেই৷ তেতিয়া অসমৰ সংখ্যালঘুসকল অধিক অশিক্ষিত আছিল৷ সঁচা কথা কোৱা মানুহৰ সংখ্যা কম আছিল৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ অভাৱ আছিল৷ আজিৰ পৰিৱেশ বেলেগ৷ অসমৰ বহু পৰিৱৰ্তন হৈছে৷ মানুহ কিছুপৰিমাণে হ’লেও সচেতন হৈছে৷ শিক্ষিতৰ হাৰ বাঢ়িছে৷ অৱশ্যে তুলনামূলক ভাবে সংখ্যালঘুসকলৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই৷
       অসমীয়া টিভি চেনেল ‘আছাম টকচ’ত ইতিবাচক নামৰ এটা অনুষ্ঠান পৰিচালন সম্পাদক বেদব্ৰত বৰাই পৰিৱেশন কৰে৷ এই অনুষ্ঠানত বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা দেখা যায়৷ অত্যাধিক কৰ্ম ব্যস্ততা আৰু ধৈৰ্য্যৰ অভাৱৰ ফলত বহু কথাই লিখিবলৈ থাকি যায় যদিও যোৱা ১ জুলাই, ২০১৭ ইং তাৰিখে ইতিবাচকত ‘চৰ চাপৰিৰৰ লোক ভাষা’ৰ গৱেষক ছাত্ৰী ৰেহনা চুলতানাৰ লগত হোৱা অনুষ্ঠান চাই দু-এষাৰ লিখাৰ বাবে প্ৰয়াস কৰিছো৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰেহনা চুলতানা কামৰূপ জিলাৰ ছোনতলি চৰৰ জীয়ৰী৷ তাই ২০০৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পিছত গুৱাহাটী বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা সাহিত্য গুৰু বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ বৰ্তমান তাই গুৱাহাটী বিশ্ব বিদ্যালয়তেই ‘চৰ চাপৰিৰৰ লোক ভাষা’ বিষয় হিচাপে লৈ গৱেষণা কৰি আছে৷ ইতিমধ্যে ‘চৰ-চাপৰিৰ লোক জীৱন আৰু ভাষা-সংস্কৃতি’ নামৰ গ্ৰন্থ লিখি প্ৰকাশ কৰিছে আৰু বিভিন্ন কাকত আলোচনীত তাইৰ বহু মূল্যৱান প্ৰবন্ধ প্ৰকাশ পাইছে৷  এই ছেগতে নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে আৰু নৱপ্ৰজন্মৰ মনৰ কথা মুকলিকৈ প্ৰচাৰ কৰাৰ বাবে বৰা দেৱক ধন্যবাদ জ্ঞাপন কৰিলো৷


         অবিভক্ত ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পেটৰ তাড়নাত, জমিদাৰৰ অত্যাচাৰত আৰু ইংৰাজৰ ‘গ্ৰ’ মোৰ ফুড’ আঁচনিক ফলৱতি কৰাৰ বাবে বৰ্তমানৰ অসমৰ বিশেষকৈ চৰ-চাপৰি অঞ্চলত থিতাপি লোৱা লোকসকলৰ নিজৰ কোনো পৰিচয় নাই৷ তেওঁলোকে ১৯৫১ চনত নিজৰ ভাষা-সাহিত্য-সংস্কৃতি জলাঞ্জলি দি অসমীয়া ভাষা সাহিত্য-সংস্কৃতি গ্ৰহণ কৰি লৈছে৷ যাৰ ফল স্বৰূপে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ৩৬ শতাংশৰ পৰা ৬২ শতাংশ হৈছিল আৰু ভাষাটোৱে ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰিছিল৷ নিজকে অসমীয়া বুলি পৰিচয় দিয়া এই লোকসকলক অতি পৰিকল্পিত ভাবে মানসিক নিৰ্যাতন কৰাৰ নিমিত্তে তাচ্ছিল্য কৰি ক্ৰমে বিদেশী, বাংলাদেশী, চৰুৱা, পমুৱা, মৈমংসিঙিয়া, ভাটিয়া আদি নামেৰে বিশেষণ দিয়া হৈ আছিল৷ পিছলৈ এইসকলক মিঞা বুলি তীব্ৰ ইতিকিং কৰি থকা পৰিলক্ষিত হয়৷ মিঞা শব্দটো সন্মানসূচক শব্দ হোৱা বাবে বৰ্তমান এই জনগোষ্ঠীৰ অধিকাংশ মানুহে নিজকে মিঞা বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে, আনকি ২০১৬ চনত ‘মিঞা’ৰ সমৰ্থনত কবিতা লিখি জনগোষ্ঠীৰ নামাকৰণ মিঞা বুলি স্বীকৃতি দিয়াৰ কুচ-কাৱাজ কৰাও দেখা গ’ল৷ সেইবাবে এই বিশেষণবোৰ এতিয়া প্ৰায় নাইকীয়া হ’বলৈ আৰম্ভ কৰিছে৷ এতিয়া উপৰোক্ত সকলোবোৰ কথা তল পেলাই সামাজিক মাধ্যমত গেদা আৰু গেদী নামেৰে এইসকলক তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰা হৈছে৷ 
          দুৰ্ভাগ্যজনক কথাটো হ’ল যে এইলোকসকলৰ নিজৰ পৰিচয় নথকাৰ ফলত বিভিন্ন জনে সময়ে সময়ে বিভিন্ন বিশেষণেৰে তাচ্ছিল্য কৰি আহিছে আৰু স্বগোষ্ঠীয় বুদ্ধিজীৱী সাহিত্যিকৰ একাংশই নিজৰ পৰিচয়ৰ বিষয়ে নাজানে৷ তেওঁলোকে নিজকে অভিবাসী বুলি পৰিচয় দিয়ে৷ তেওঁলোকে কোন যুক্তিত নিজকে এই নামেৰে পৰিচিত কৰায় সেই কথা মোৰ সৰু মগজুৱে ঢুকি পোৱা নাই৷ তেওঁলোকৰ কোনোবায় মোৰ এই লেখা পঢ়িলে মোক এই শব্দ ভালদৰে বুজাই দিব বুলি আশা আৰু দাবী কৰিলো৷ 
           বিশেষ এটা ৰাজনৈতিক দলে এই লোকসকলক স্বাধীনতাৰ পিছৰ পৰাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু অতি কৌশলপূৰ্ণ ভাবে এইসকলক দিনক দিনে নতুন সমস্যা উপহাৰ দি আহিছে৷ চৰকাৰী সা-সুবিধাৰ পৰা সদায় এইসকলক বঞ্চিত কৰি ৰখাৰ সমান্তৰালকৈ শোষণ কৰি থকা হৈছে৷ সেই বাবেই সংখ্যালঘুসকলৰ সচেতন মহলে নিজকে লাঞ্চিত, বঞ্চিত, শোষিত, নিৰ্যাতিত, নিপীড়িত আদি শব্দৰে আক্ষেপ প্ৰকাশ কৰা দেখা যায়৷ অৱশ্যে এই সচেতনসকলৰেই মাজৰ পৰা যেতিয়া উক্ত বিশেষ ৰাজনৈতিক মতাদৰ্শত ভৰি দিয়ে তেতিয়া শব্দবোৰ পাহৰি যায়৷ জাতি পিছ পৰি থাকে৷ এই ধাৰা বহু পুৰণি৷ অব্যাহত আছে আৰু ভালে দিনৰ বাবে অব্যাহত থাকিব৷ কাৰণ এই কথাবোৰ বুজিবলৈ, ৰাজনীতিৰ মেৰ-পেচ ধৰিবলৈ সংখ্যালঘুসকল শিক্ষিত নহয়৷ শিক্ষিত হ’বলৈ দিয়া হোৱা নাই৷ চৰ-চাপৰিৰ কথা বাদেই সংখ্যালঘু বসতিপ্ৰধান এনে কোনো অঞ্চল নাই য’ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী আছে৷ চৰ-চাপৰিত জনসংখ্যা অনুপাতে প্ৰাথমিক বিদ্যালয়েই নাই৷ স্বাস্থ্য, সুচল যাতায়ত ব্যৱস্থা তেওঁলোকৰ বাবে এটা দিবা সপোনহে মাথো৷ আধুনীক বিশ্বৰ লগত তেওঁলোক পৰিচিতই নহয়৷ 
                                                                                                     ক্ৰমশঃ
                                                                        (দ্বিতীয় খণ্ড অচিৰেই প্ৰকাশ কৰা হ’ব)

Friday, April 14, 2017

      ১২ এপ্ৰিল, ২০১৭ তাৰিখে নিচুকাৰ কেটেল ফাৰ্মলৈ গৈছিলো৷ উভতি অহাৰ পথত আমাৰ লগত এম্বুলেন্স এটাৰ লগত মুখামুখি হৈছিল৷ আমি বাটৰ কাষত থিয় হৈ এম্বুলেন্স যোৱাৰ সুবিধা কৰি দিছিলো৷ মোৰ লগত আছিল বন্ধু আলিমুল ইছলাম৷ তেনে সময়তে মনলৈ কিছু কথা অহা যোৱা কৰিছিল৷ আজি তাৰেই এটা আভাস দিবলৈ যত্ন কৰিছো৷
      আমি মাজে সময়ে নিৰিবিলি পৰিৱেশ বিচাৰি কিছু ব্যাতিক্ৰমী কাৰ্যসূচীলৈ বিভিন্ন স্থানলৈ ফুৰিবলৈ যাওঁ৷ নতুন অভিজ্ঞতা লাভ কৰাৰ বাবে৷ আমি বিশ্বস কৰো— সমাজখন এখন মুক্ত কিতাপ, সমাজ খন এখন ডাঙৰ কিতাপ৷


       সমাজৰ পৰা সামাজিক অভিজ্ঞতা লাভ কৰিব নোৱাৰিলে মাথো লিখিত কিতাপৰ পৰা অভিজ্ঞতা লাভ কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰি৷
     মিঞা প্ৰধান গাওঁবোৰলৈ সোমাই গ’লে মন-মানসিকতা বহুদূৰ পিছুৱাই যায়৷ এতিয়াও আমাৰ সমাজখন বহু পিছপৰি আছে৷ গাওঁৰ আলি-পদূলিবোৰ তেনেই পুতৌ লগা৷ এবাৰ আমি তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ সহায়ত আমাৰ (মোৰ) নিজৰ গাঁওখনৰ কিছু তথ্য উৎঘাটন কৰিছিলো৷ সেইবোৰ যথেষ্ট উদ্বেগজনক৷ এখন পথ নিৰ্মান বা মেৰামতিৰ নামত পাঁচ-ছয়বাৰকৈ ধন আৱন্টিত হৈছে আৰু তাৰে কাম কৰাও দেখুৱা হৈছে৷ কিন্তু প্ৰকৃতপক্ষে ৰাস্তাবোৰৰ কাম কৰা হোৱা নাই৷ এই একে সমস্যা কেইবাখনো গাঁওৰ ক্ষেত্ৰত দেখা গৈছিল৷ সেই সম্পৰ্কে আমি উপায়ুক্তৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ আয়ুক্ত সচিবলৈকে গৈছিলো৷ কাম হোৱা নাই৷ তদন্তকাৰী বিষয়াসকলে তদন্ত কৰি যায়৷ আমাক কোৱা হয় যে এইবাৰ অপৰাধীয়ে শাস্তি পাব আৰু বাট-পথবোৰ ঠিক হ’ব৷ কিন্তু নহয়৷ প্ৰতিবাৰেই এই সমস্যাবোৰ সমাধান কৰাৰ বাবে উপস্থিত হোৱা বিষয়াসকলে দুৰ্নীতি কৰা লোকসকলৰ পৰা বুজন পৰিমানৰ ধন লৈ গুচি যায় আৰু দুৰ্নীতি কৰাসকলক এক প্ৰকাৰ লাইচেন্স প্ৰদান কৰি থৈ যায়৷ — এই বিষয়বোৰৰ প্ৰতি মনোযোগ আৰোপ কৰিলে শত্ৰু পক্ষ শক্তিশালী হোৱা বুলি বহু সচেতন লোকে মনোযোগ নিদিয়ে, ফলত আমাৰ দৰে দুই-চাৰিজনে একো এটা সমাধানসূত্ৰ উলিওৱাটো দূৰুহ হৈ পৰে৷ কেতিয়াবা সংগঠনৰ চৰম পৰ্যায়ৰ হেঁচাৰ ফলত দুই-এটা কাম নোহোৱা নহয়৷ কিন্তু সেয়া পৰ্যাপ্ত বুলি ক’ব নোৱাৰি৷ 
       আমাৰ মানসিকতাৰ পৰিৱৰ্তন নহ’লে আমাৰ সমাজৰ পৰিৱৰ্তন যে নহয় সেয়া নিশ্চিত৷ যিসকল লোকে চৰকাৰী সা-সুবিধাৰ বিষয়ে জ্ঞাত, ৰাইজৰ অধিকাৰৰ বিষয়ে জ্ঞাত সেইসকলে বিষয়বোৰ প্ৰচাৰ কৰিব লাগিব৷ সৰ্ব সাধাৰণ ৰাইজ সচেতন হ’ব লাগিব আৰু আমাৰ উত্তৰপুৰুষসকল নিশ্চিত ভাবে সু-শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷ বৰ্তমান শিক্ষিত বুলি কোৱা লোকসকলৰ অধিকাংশই প্ৰকৃততে শিক্ষিত নহয়৷ তেওঁলোক বিদ্যালয় বা মহাবিদ্যালয়ৰ ডিগ্ৰীধাৰী লোকহে মাত্ৰ৷ অৰ্থাৎ তেওঁলোক গুণগত শিক্ষাৰে শিক্ষিত নহয়৷ ফলস্বৰূপে এই লোকসকল আত্ম কেন্দ্ৰীক আৰু স্বজনতোষণকাৰী৷
Road condition of Miyah Area of Assam, It's for Example only.
       ‘আমি আলোচনা কৰিছিলো আমাৰ মিঞা প্ৰধান অঞ্চললৈ গ’লে মন-মানসিকতা বহুদূৰ পিছুৱাই যায়’ প্ৰসঙ্গত৷ এই অঞ্চলবোৰলৈ গ’লে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী পোৱা যায় যদিও শিক্ষক যথেষ্ট কম অনুপাতেহে পোৱা যায়৷ উপ-স্বাস্থ্য কেন্দ্ৰ একপ্ৰকাৰ নাই৷ যি দু-এটা আছে সেইবোৰতো গৰু-ছাগলী বান্ধি থোৱাহে অধিক পৰিলক্ষিত হয়৷ কাৰণ সেইবোৰত সপ্তাহতো এজন ডাক্তৰ পোৱা কঠিন৷ সমাজৰ আটাইতকৈ ব্যস্ত প্ৰাণীৰ তালিকাত ডাক্তৰসকল বুলি ক’লেও বেছি কোৱা নহয়৷ তেওঁলোক ইমানেই ব্যস্ত যে যি বোকা-পানীৰ তলৰ পৰা মনি-মুকুতা বুটলি আনি তেওঁলোকৰ মুখত তুলি দিছিল আই-পিতায়ে সেই বোকা-মাটিত বছৰেকত খোজ এটা দিয়াতো কষ্ঠ অনুভৱ কৰে৷ ৰাতিপুৱাৰে পৰা সীমাহীন ব্যস্ততাৰ মাজেৰে দিন পাৰ কৰে তেওঁলোকে৷ চৰকাৰী চাকৰিৰ বাদেও বহু কেইখন ব্যক্তিগত নাৰ্ছিংহোমত কাম কৰিব লাগে তেওঁলোকে৷ 
      কৃষি প্ৰধান এই অঞ্চলবোৰলৈ গ’লে আৰু কিছুমান চিত্ৰ ভাঁহি উঠিব, সেইবোৰ হ’ল— খেতিত বহু শাক-পাচলি পঁচি নষ্ট হৈ আছে অথচ বিক্ৰী কৰিব পৰা নাই৷ ইয়াৰ আঁৰতো কাৰণ আছে৷ সেইবোৰ বৰ্ণনা নকৰিলেও হ’ব যদিও একেষাৰত ক’বলৈ গ’লে ৰাজ্যৰ কৃষি ব্যৱস্থাৰ অদূৰদৰ্শি কৰ্ম কাণ্ড৷ অৰ্থাৎ শীতলি ভৱন নিৰ্মানৰ প্ৰতি চৰকাৰ আগ্ৰহী নহয়৷ কষ্টোপাৰ্জিত শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি আমাৰ কৃষকসকলৰ অৱস্থা যথেষ্ট বেয়াৰ ফালে গতি কৰিছে৷ সেইবাবেই চাগে আমাৰ মা-দেউতাই এতিয়াও কৃষি কাৰ্য কৰিলেও আমাক কৃষি ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী নকৰিলে৷ যিখন ঘৰত চাকৰিয়াল বা ব্যৱসায়ী নাই সেইখন ঘৰলৈ কোনেও নিজৰ ছোৱালী বিয়া দিবলৈকো প্ৰস্তুত নহয়৷ ফলত আমাকো চাকৰি মুখী হ’বলৈ অনুপ্ৰাণিত কৰা হ’ল, চাকৰি পোৱাটো কাচৰ কণি বিচৰাৰ দৰেই দূৰুহ, সেইবাবে আমিবোৰে সৰু-সুৰা ব্যৱসায় কৰি জীৱন-জীৱীকা নিৰ্বাহ কৰি আছো৷ প্ৰায় প্ৰতিজন কৃষকে মনে মনে ভাবে মোৰ ল’ৰাজনে অথবা ছোৱালীজনীয়ে ভালকৈ শিক্ষিত হৈ চাকৰি কৰক আৰু আমাৰ দুখ-বেদনা মোচন কৰক৷ ইয়াৰ মূল কাৰণ— যিসকল কৃষকে খেতি-বাতি কৰে তেওঁলোকে সাধাৰণতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হয়৷ কাৰণ তেওঁলোকৰ অধিকাংশই শিক্ষিত নহয়৷ ফলস্বৰূপে ছদ্মবেশী কৃষকসকলে দালালৰ সহায়ত কৃষকৰ বাবে প্ৰদান কৰা চৰকাৰী সুবিধাবোৰ ভোগ কৰে৷ এতিয়া বেংকবোৰতো প্ৰকৃত কৃষকসকলে ঋণ নাপায়৷ গাওঁৰ কৃষকৰ স্বাৰ্থত গঠিত কৃষি বিভাগ, বিষয়াসকলৰ কাৰ্যালয়বোৰত প্ৰকৃততে কৃষকসকলে যাবলৈ ভয় কৰে৷ গ্ৰাম সেৱক বা কৃষি বিষয়াসকলে গাওঁলৈ যোৱাৰ বাবে বা কৃষকসকলক সজাগ কৰাৰ বাবে কোনো ধৰণৰ কাম কৰা দেখা নাযায়৷ এই সকলোবোৰৰ উপৰিও বজাৰত মধ্যভোগী শ্ৰেণীৰ অত্যাচাৰতো আছেই৷ এতিয়া বহু খেতিয়কে কৃষিকৰ্ম এৰি মধ্যভোগী হোৱাৰো নজিৰ আছে৷ কাৰণ বছৰটো পৰিশ্ৰম কৰি যি পৰিমানৰ লাভালাভৰ আশা কৰা হয় তাতোকৈ ৰাতিপুৱা ৫ বজাত পাইকাৰী পাচলি বজাৰলৈ গ’লে অধিক লাভ হোৱাৰ সম্ভাৱনা থাকে৷ সিদিনা বৰপেটাৰোডত ৰাজ্য চৰকাৰৰ কৃষি বিপনন পৰিষদৰ দ্বাৰা নিৰ্মিত বজাৰ গৃহ উদ্বোধনী সভাত গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপস্থিত থাকি কৈছিল যে— ‘আমি কৃষিৰ ক্ষেত্ৰত বহু পিছুৱাই গৈছো, আমাৰ ঘৰত চালানি চাউল, আটা, ময়দা, তেল, জিৰা আদি উভৈনদী, আমাৰ নিজৰ ‘প্ৰডাক্ট’ নাই বুলিয়েই ক’ব পাৰি৷’
       ফুটপাথৰ ডায়েৰিৰ আগৰ সংখ্যাত হিৰোনামাৰ কথা চমুকৈ বৰ্ণনা কৰা বাবে বন্ধু এজনে আপত্তি কৰিছিল৷ আজিও তেনে যেন অনুমান কৰিব পাৰিব সেই বন্ধুজনে৷ কিন্তু মূল কথাৰ লগত আলোচনাৰ প্ৰাসঙ্গিকতা আছে৷
       এম্বুলেন্সৰ লগত আমাৰ মুখামুখি হৈছিল আৰু আমি বাট এৰি দি এম্বুলেন্স যোৱাৰ বাবে সুবিধা কৰি দিছিলো৷ তেনেতে বন্ধু আলিমুলে কৈছিল— থিয় হৈ থকাই ভাল, এই অঞ্চললৈ এম্বুলেন্স যে আহিছে, সেইটোয়েই সৌভাগ্যৰ কথা, যিহে ৰাস্তা, তাতে আকৌ মিঞা অঞ্চল৷— কথাটোত মইও হয়ভৰ দিছিলো৷ মিঞা অঞ্চলবোৰত এনেই চৰকাৰী সুবিধাই ঢুকি নাপায়, যিবোৰ পায় সেইবোৰো মুখা পিন্ধাসকলে খাই তহিলং কৰে৷ তেনে ক্ষেত্ৰত বাট-পথৰ অৱস্থাৰ কথা আগতেই বৰ্ণনা কৰিছো৷
         মই ভাবো মিঞাসকলৰ যিবোৰ সমস্যাই আজি কোঙা কৰি ৰাখিছে সেইবোৰৰ ভিতৰত শিক্ষা, স্বাস্থ্য আৰু যাতায়ত ব্যৱস্থাই প্ৰধান৷ এি তিনিটা সমস্যাৰ সমাধান হ’লে জাতীয় সমস্যাবোৰো সমাধান হ’ব৷ আজিৰ তাৰিখত যিবোৰ সমস্যাৰ বাবে আমি ভাৰাক্ৰান্ত হৈ পৰিছো সেই সমস্যাবোৰ উদ্ভৱ হোৱাৰ মূলতেই এই কাৰক তিনিটাই ক্ৰিয়া কৰি আছে৷
           ইয়াৰ বাহিৰেও আৰু বহু কথা লিখিবলৈ থাকি গ’ল৷ পৰৱৰ্তী লেখা সকলোবোৰ কথা বিস্তাৰিত ভাবে লিখিবলৈ যত্ন কৰিম৷

Shajahan Ali Ahmed, Creating some thing different

Tuesday, April 11, 2017

ফুটপাথৰ ডায়েৰি মোৰ নতুন সংযোজন, বিগত কেইবা দিনৰ পৰা প্ৰতিদিনৰ ঘটনা-পৰিঘটনাবোৰ লিখি যাবলৈ মনস্ত কৰি আছিলো৷ দুইদিনমান আগত ফুটপাথৰ ডায়েৰি নামেৰে প্ৰতিদিনৰ ঘটনা-পৰিঘটনাবোৰ লিপিবদ্ধ কৰাৰ কথা ভাবি আজি পাতনি মেলিছো৷

        কিছুদিনৰ পৰা আই,পি,এল ক্ৰিকেট মেচ চলি আছে৷ ক্ৰিকেট প্ৰেমীসকলৰ সমান্তৰালকৈ সাধাৰণ দৰ্শকো আই,পি,এল চোৱাৰ বাবে উদ্বিগ্ন৷ মই পিছে এই ক্ৰিকেট-ছিকেট টিভিত ছাই বিশেষ ভাল নাপাও৷ আই,পি,এল খেল বিশেষ ভাবে বেয়া পাওঁ৷ তাৰ কাৰণো আছে৷ 
        সেইদিনাখন কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ বুলি খোজ দিছিলো৷ বৰষুণৰ বতৰ, ৰাজপথ বোকা পথাৰৰ সমতুল্য হৈ পৰিছে৷ বিশেষকৈ উত্তৰ বৰপেটাৰোডৰ গড়কাপ্তানি পথৰ অৱস্থা ভয়াবহ ভাবে বেয়া৷ এই পথটো মেৰামতি কৰাৰ বাবে আমি আমছুৰ উদ্যোগত বহুবাৰ আন্দোলন কৰিছিলো, এজেওৱাইচিপি, পপুলাৰ ফ্ৰন্ট, এবিএমছু, গৰিয়া-মৰিয়া’ আদি সংগঠনৰ লগত সহযোগিতাতো বহুবাৰ গণ আন্দোলন, পথ অৱৰোধ কৰিছিলো৷ শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটাৰোডত এই লৈ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে যোৱা ডিচেম্বৰত (১২ ডিচেম্বৰ,২০১৬ৰ পৰা ৬৫ ঘন্টা)৷ এই আন্দোলনৰ দ্বিতীয় দিনাখনো চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত এই আন্দোলনক গতিশীলতা প্ৰদান কৰাৰ বাবে আৰু ন্যায্য দাবী মানি লোৱাৰ বাবে আমি আমছুৰ উদ্যোগত সৰ্বাত্মক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিলো৷ ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ২ বজালৈ উত্তৰ বৰপেটাৰোডৰ সকলো প্ৰকাৰৰ যোগা-যোগ স্তব্দ হৈ পৰিছিল৷ তথাপিও প্ৰশাসনৰ তৰফৰ পৰা কোনো সহযোগিতা প্ৰকাশ কৰা নাছিল, সংবাদ মাধ্যমৰ অধিকাংশই আন্দোলনৰ কাৰ্যসূচী প্ৰকাশ কৰাত অনিচ্ছুকতা প্ৰকাশ কৰিছিল৷ আমাৰ এই আন্দোলন সহযোগিতা কৰিছিল উত্তৰ বৰপেটাৰোড সংগ্ৰামী উন্নয়ন মঞ্চ আৰু পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াই৷

(মঞ্চৰ সভাপতি জয়গোপাল সাহা যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি, তেখেতক মই শ্ৰদ্ধা কৰো৷) ২ বজাত প্ৰশাসনৰ কোনো লোকে আন্দোলনৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাত আমি নতুনকৈ তীব্ৰ আন্দোলন কৰাৰ কথা ঘোষণা কৰিছিলো— ‘‘আজি যদি আমৰণ অনশনকাৰীকলে উত্থাপন কৰা দাবী সমূহ মানি লোৱা নহয়, কাইলৈৰ পৰা অনিৰ্দ্দিষ্ট সময়ৰ বাবে বৰপেটাৰোড স্তব্দ কৰি দিয়া হ’ব’’৷ ৩০ মিনিটৰ ভিতৰত প্ৰশাসনৰ লোক উপস্থিত নহ’লে আমাৰ ঘোষণা কাৰ্যকৰী কৰাৰ সিদ্ধান্তত আমি অৱৰোধস্থলীতেই আলোচনা সভা অনুষ্ঠিত কৰিছিলো৷ আমাৰ সেই আলোচনাত সৰ্বসাধাৰণ ৰাইজৰ লগতে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে অংশ লৈছিল৷ আমাৰ আন্দোলনত বৰপেটাৰোডৰ উত্তৰ অঞ্চলৰ হাজা হাজাৰ ৰাইজে পূৰ্ণ সহযোগিতা প্ৰদৰ্শন কৰিছিল৷ আমাৰ কৰ্মী-সমৰ্থক আৰু ৰাইজে বৰপেটাৰোড-মানাহ সংযোগী পথত ঠায়ে ঠায়ে টায়াৰ জ্বলাই আৰু গছ কাটি পথ অৱৰোধ কৰি আমাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল৷ আমি সাহস পাইছিলো৷ ২.৩০ বজাত খবৰ আহিল যে প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে, আমি ৩ বজালৈ অপেক্ষা কৰিব লাগে৷ 
          আমি ৩ বজালৈ অপেক্ষা কৰিলো৷ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া আমাৰ অৱৰোধস্থলীত উপস্থিত হৈ আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিলে৷ আমি তেওঁক সন্ধিয়া ৬ বজাৰ ভিতৰত আমৰণ অনশনকাৰীসকলৰ দাবী সমূহ মানি লোৱাৰ বাবে চৰম সময়সীমা বান্ধি দিলো৷ তেওঁ মান্তি হ’ল আৰু ৬ বজাৰ সলনি ৭ বজালৈ এঘন্টা সময় বঢ়াই ল’লে৷ 
            প্ৰতিশ্ৰুতি মতে অনশনস্থলীত বৰপেটা জিলা প্ৰশাসনৰ পৰা প্ৰতিনিধি আহিল৷ দীৰ্ঘ সময় আলোচনা হ’ল৷ তেওঁলোকে মাৰ্চ মাহৰ ভিতৰত উক্ত পথছোৱা মেৰামতি কৰাৰ বাবে লিখিত প্ৰতিশ্ৰুতিও দিলে৷ 
           কিন্তু মাৰ্চ মাহ পাৰ হোৱাৰ পিছতো উক্ত পথৰ কাম আৰম্ভ কৰা নহ’ল৷ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈয়ে থাকিল৷ এই দুৰ্ভোগৰ পৰা কোনেও সাৰি যাব নোৱাৰে৷
           মই আলোচনা কৰি আছিলো যে বোকাময় পথেৰে খোজ লোৱাৰ সময়ত চাৰিচকীয়া এখন ব্যক্তিগত বাহনে পথৰ সমস্থ লেতেৰা পানী গা লৈ ছটিয়াই থৈ গুচি গ’ল৷ তীব্ৰ গতিত৷ মই যিমানদূৰ পাৰো গাড়ীৰ ভিতৰৰ পশু (মানুহৰূপী)টোক ভালকৈ দৰ্শন কৰাৰ যত্ন কৰিলো৷ মানুহজনৰ বয়স প্ৰায় ৪৫-৫০ হ’বগৈ৷ তাৰ পিছতো গাড়ী চলোৱাৰ ক্ষেত্ৰত তেওঁৰ পশুতোল্য কাৰুকাৰ্য চাই হমবম্ভ হ’লো৷ মোৰ এনেকুৱা লাগিছিল যে শিলগুটি এটা উঠাই মাৰি দিও বাপ্পেকে গ্লাচলৈ.....৷ নিদিলো৷ মই যুৱক৷ মোৰ গাত এনেই দোষ বেছি৷ আজিৰ যুৱ সমাজ বোলে উদণ্ড৷ যদি যুৱ সমাজ উদণ্ড তেন্তে পঞ্চাছ বছৰীয়া পশুটোও কি যুৱক নেকি? উদণ্ড হ’বলৈ যুৱকসকলক কোনে পথ দেখুৱাই আছে তেন্তে? সমাজ সংস্কাৰৰ কথাকোৱা লোকসকলে নিজে সংস্কাৰ হ’ব লাগিব৷ জেষ্ঠ সকলে কনিষ্ঠসকলৰ হাতত ধৰি, আদৰ্শৰে সংস্কাৰ কৰিব লাগিব৷ 
            পথৰ বোকাপানী ছটিয়াই গুচি যোৱা গাড়ীখনলৈ কিছু সময় ছাই থাকি তাৰ পৰা গুচি গ’লো৷ মনত বহু কথা অহা-যোৱা কৰি থাকিল৷ এক কথাত মাথা গৰম হৈ গৈছিল৷ অৱশ্যে মই জানো যে— ধ্যৈৰ্যধাৰণকাৰীক সৃষ্টিকৰ্তাই ভাল পায়৷
          কিছুদূৰ আগবাঢ়ি গৈ দোকান এখনলৈ সোমালো৷ দোকানৰ সন্মুখত চাৰি-পাঁচজন যুৱক৷ গুটখা চোবাই শৰীৰৰ পৰা চাগে মদৰ গোন্ধ দূৰ কৰাৰ প্ৰয়াস কৰিছে৷ তাৰে এজনৰ মাথা বিৰাট গৰম৷ আনজনক বেয়াকৈ গালি পাৰি আছে৷ 
১ম যুৱকঃ তই মোক কিয় নক’লি ৩ ধৰিবি ? 
২য় যুৱকঃ অমুকেহে মোৰ নামত ধৰিছিল৷ .........................
................... আৰু বহু কথা৷ মই বুজি পালো তেওঁলোকৰ মনৰ যন্ত্ৰণাৰ গভীৰতা৷ আই,পি,এলত চলা জুৱাৰ বাবেই মন ব্যাকূল হৈ পৰিছে তেওঁলোকৰ৷ প্ৰতিটো ইনিংচৰ ৰাণৰ শেষৰ সংখ্যা কিমান হ’ব তাৰ ওপৰত তেওঁলোকে চৰ্ত লগায়৷ প্ৰতি দিনে মাত্ৰ বৰপেটাৰোডতেই প্ৰায় কোটি টকাৰ জুৱা চলে৷ নম্বৰ মিলি গ’লে এশ টকাত হাজাৰ টকা লাভ কৰে৷ ০ ৰ পৰা ৯ লৈ সংখ্যাৰ জুৱা হয়৷ তাৰ পিছত আৰু বহুধৰণৰ জুৱা আছে৷ যিবোৰ মই বিশেষ ভাবে জানিবলৈ চেষ্টা কৰা নাই৷ 
          সেই দিনা ৰাতিৰ পিছত জানিব পাৰিলো বৰপেটাৰোডৰ বহু কেইখন স্থানত আই,পি,এল জুৱা চলে, প্ৰতিখন জুৱাত এজন চৰ্দাৰ থাকে৷ চৰ্দাৰৰ অধীনত বহু এজেন্ট লগাই থোৱা আছে, যিসকলে জুৱাৰিসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে ফলাফলৰ লাভাংশও বিতৰণ কৰে৷ আৰু এই সমস্ত ঘটনাৰ লগত আৰক্ষীৰ লোকো জড়িত আছে৷ (নাথাকিয়ে বা কি কৰিব, আৰক্ষীয়েতো কাকো জুৱা খেলিবলৈ কোৱা নাই, খেলে কিয়? খেলে যদি ভাগ দিব লাগিব!! লছ কোনে বিচাৰে)
             আজি (১১-০৪-২০১৭) মাইকেৰে কিছু ঘোষণা কৰাৰ শব্দ কাণত বাজি উঠিল কাইলৈ উত্তৰ বৰপেটাৰোডৰ পৰা মানাহলৈ যোৱা পথ মেৰামতি কৰাৰ আধাৰশীলা উন্মোচনৰ লগতে জনসভা অনুষ্ঠিত কৰিব, খৈৰাবাৰীত৷ সভাত স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসম চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈধ্য উপস্থিত থাকিব৷ 
         ঘোষণাটো শুনি ভাল লাগিল৷ মাৰ্চৰ ভিতৰত কাম নকৰাৰ বাবে অনশনকাৰী সংগঠনে পুনৰায় জিলা উপায়ুক্তক লগ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাত ১২ এপ্ৰিলৰ কথাই কৈছিল৷ লগতে আমি অসমৰ্থিত সূত্ৰৰ পৰা জানিব পাৰিছিলে যে স্থানীয় বিধায়কৰ কৃতিত্ব জাহিৰ কৰাৰ স্বাৰ্থত নিৰ্ধাৰিত সময়ৰ ভিতৰত কামটো আৰম্ভ নকৰিলে৷ নিজৰ খেয়াল মতেই আৰম্ভ কৰিব৷ কৰক৷ কামটো হ’ব লাগে৷ হাজাৰ হাজাৰ কৃষক আৰু ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ দেশী-বিদেশী পৰ্যটক আৰু সৰ্বস্তৰৰ ৰাইজৰ বাবে এই পথটো নিশ্চয়কৈ লাগতিয়াল৷ 

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ