তাছিল্যৰো এটা সীমা থাকে৷ সৰুৰে পৰাই মোক ‘বাংলাদেশ’ শব্দটোৱে আতংকিত কৰি ৰাখিছে৷ কেইবাটাও কবিতাত সেই কথা প্ৰকাশ কৰিছিলো৷ বংলাদেশৰ জন্ম নোহোৱাটোৱেই ভাল আছিল৷ কমপক্ষে আমি বাংলাদেশীৰ লেবেল লৈ কলংকৰ জীৱন যাপন কৰিব লগা নহ’ল হেঁতেন৷ সেইবাবেই যিসকল নেতাই ভাৰত বিভাজন কৰিছিল তেওঁলোকক মই মনে-প্ৰাণে ঘৃণা কৰো৷ ফুটপাতৰ ডায়েৰিত আজি এই বিষয়ে কিছু কথা লিখাৰ মন গৈছে৷
সেই তাহানিতেই অসমত বদন বৰফুনৰ জন্ম হৈছিল৷ আজিও বদনৰ বংশধৰে অসমখনক সদায় অশান্ত কৰি ৰাখিব বিচাৰে, ধৰ্মৰ নামত, জাত-পাতৰ নামত৷ তেনে লোকেৰে ভৰি পৰিছে সামাজিক মাধ্যম৷ তেওঁলোকে জনগোষ্ঠীসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ভাঙি-ছিঙি টুকুৰা টুকুৰ কৰিব বিচাৰে৷ কিছুমানে এনে কাম কৰি পৈশাচিক আনন্দ লাভ কৰে৷ ভাতৃঘাতী সংঘাতেৰে মানুহৰ মাজত থকা মিলা-প্ৰীতি ধ্বংশ কৰি ঘৃণাৰ ৰাজনীতি কৰে৷ একাংশই অসমীয়া মূলসূতিৰ নামত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ৰক্ষা কৰোতাসকলক টাৰ্গেট কৰি লৈ সমগ্ৰ জাতিটোক বিপদত পেলোৱাৰ ষড়যন্ত্ৰ কৰি থাকে৷ অবিশ্বাসৰ বীজ ৰোপন কৰি মানুহৰ মাজত আতংকৰ পৰিৱেশ বৰ্তাই ৰখাৰ বাবে যত্ন কৰে৷ সহজ-সৰল অসমীয়া জাতিক বিপথে পৰিচালিত কৰি ভৱিষ্যতহীন এটা পঙ্গু জাতি হিচাপে গঢ় দিব বিচাৰে৷ তেনে অদূৰদৰ্শী লোকসকলক আমি ঘৃণা কৰো৷ অৱশ্যে এই অবিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল ১৯৮০ চনতেই৷ তেতিয়া অসমৰ সংখ্যালঘুসকল অধিক অশিক্ষিত আছিল৷ সঁচা কথা কোৱা মানুহৰ সংখ্যা কম আছিল৷ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ অভাৱ আছিল৷ আজিৰ পৰিৱেশ বেলেগ৷ অসমৰ বহু পৰিৱৰ্তন হৈছে৷ মানুহ কিছুপৰিমাণে হ’লেও সচেতন হৈছে৷ শিক্ষিতৰ হাৰ বাঢ়িছে৷ অৱশ্যে তুলনামূলক ভাবে সংখ্যালঘুসকলৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই৷
অসমীয়া টিভি চেনেল ‘আছাম টকচ’ত ইতিবাচক নামৰ এটা অনুষ্ঠান পৰিচালন সম্পাদক বেদব্ৰত বৰাই পৰিৱেশন কৰে৷ এই অনুষ্ঠানত বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা দেখা যায়৷ অত্যাধিক কৰ্ম ব্যস্ততা আৰু ধৈৰ্য্যৰ অভাৱৰ ফলত বহু কথাই লিখিবলৈ থাকি যায় যদিও যোৱা ১ জুলাই, ২০১৭ ইং তাৰিখে ইতিবাচকত ‘চৰ চাপৰিৰৰ লোক ভাষা’ৰ গৱেষক ছাত্ৰী ৰেহনা চুলতানাৰ লগত হোৱা অনুষ্ঠান চাই দু-এষাৰ লিখাৰ বাবে প্ৰয়াস কৰিছো৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰেহনা চুলতানা কামৰূপ জিলাৰ ছোনতলি চৰৰ জীয়ৰী৷ তাই ২০০৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পিছত গুৱাহাটী বিশ্ব বিদ্যালয়ত অসমীয়া ভাষা সাহিত্য গুৰু বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ বৰ্তমান তাই গুৱাহাটী বিশ্ব বিদ্যালয়তেই ‘চৰ চাপৰিৰৰ লোক ভাষা’ বিষয় হিচাপে লৈ গৱেষণা কৰি আছে৷ ইতিমধ্যে ‘চৰ-চাপৰিৰ লোক জীৱন আৰু ভাষা-সংস্কৃতি’ নামৰ গ্ৰন্থ লিখি প্ৰকাশ কৰিছে আৰু বিভিন্ন কাকত আলোচনীত তাইৰ বহু মূল্যৱান প্ৰবন্ধ প্ৰকাশ পাইছে৷ এই ছেগতে নৱ প্ৰজন্মক উৎসাহিত কৰাৰ বাবে আৰু নৱপ্ৰজন্মৰ মনৰ কথা মুকলিকৈ প্ৰচাৰ কৰাৰ বাবে বৰা দেৱক ধন্যবাদ জ্ঞাপন কৰিলো৷
অবিভক্ত ভাৰতৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পেটৰ তাড়নাত, জমিদাৰৰ অত্যাচাৰত আৰু ইংৰাজৰ ‘গ্ৰ’ মোৰ ফুড’ আঁচনিক ফলৱতি কৰাৰ বাবে বৰ্তমানৰ অসমৰ বিশেষকৈ চৰ-চাপৰি অঞ্চলত থিতাপি লোৱা লোকসকলৰ নিজৰ কোনো পৰিচয় নাই৷ তেওঁলোকে ১৯৫১ চনত নিজৰ ভাষা-সাহিত্য-সংস্কৃতি জলাঞ্জলি দি অসমীয়া ভাষা সাহিত্য-সংস্কৃতি গ্ৰহণ কৰি লৈছে৷ যাৰ ফল স্বৰূপে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা ৩৬ শতাংশৰ পৰা ৬২ শতাংশ হৈছিল আৰু ভাষাটোৱে ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ কৰিছিল৷ নিজকে অসমীয়া বুলি পৰিচয় দিয়া এই লোকসকলক অতি পৰিকল্পিত ভাবে মানসিক নিৰ্যাতন কৰাৰ নিমিত্তে তাচ্ছিল্য কৰি ক্ৰমে বিদেশী, বাংলাদেশী, চৰুৱা, পমুৱা, মৈমংসিঙিয়া, ভাটিয়া আদি নামেৰে বিশেষণ দিয়া হৈ আছিল৷ পিছলৈ এইসকলক মিঞা বুলি তীব্ৰ ইতিকিং কৰি থকা পৰিলক্ষিত হয়৷ মিঞা শব্দটো সন্মানসূচক শব্দ হোৱা বাবে বৰ্তমান এই জনগোষ্ঠীৰ অধিকাংশ মানুহে নিজকে মিঞা বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে, আনকি ২০১৬ চনত ‘মিঞা’ৰ সমৰ্থনত কবিতা লিখি জনগোষ্ঠীৰ নামাকৰণ মিঞা বুলি স্বীকৃতি দিয়াৰ কুচ-কাৱাজ কৰাও দেখা গ’ল৷ সেইবাবে এই বিশেষণবোৰ এতিয়া প্ৰায় নাইকীয়া হ’বলৈ আৰম্ভ কৰিছে৷ এতিয়া উপৰোক্ত সকলোবোৰ কথা তল পেলাই সামাজিক মাধ্যমত গেদা আৰু গেদী নামেৰে এইসকলক তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰা হৈছে৷
দুৰ্ভাগ্যজনক কথাটো হ’ল যে এইলোকসকলৰ নিজৰ পৰিচয় নথকাৰ ফলত বিভিন্ন জনে সময়ে সময়ে বিভিন্ন বিশেষণেৰে তাচ্ছিল্য কৰি আহিছে আৰু স্বগোষ্ঠীয় বুদ্ধিজীৱী সাহিত্যিকৰ একাংশই নিজৰ পৰিচয়ৰ বিষয়ে নাজানে৷ তেওঁলোকে নিজকে অভিবাসী বুলি পৰিচয় দিয়ে৷ তেওঁলোকে কোন যুক্তিত নিজকে এই নামেৰে পৰিচিত কৰায় সেই কথা মোৰ সৰু মগজুৱে ঢুকি পোৱা নাই৷ তেওঁলোকৰ কোনোবায় মোৰ এই লেখা পঢ়িলে মোক এই শব্দ ভালদৰে বুজাই দিব বুলি আশা আৰু দাবী কৰিলো৷
বিশেষ এটা ৰাজনৈতিক দলে এই লোকসকলক স্বাধীনতাৰ পিছৰ পৰাই ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু অতি কৌশলপূৰ্ণ ভাবে এইসকলক দিনক দিনে নতুন সমস্যা উপহাৰ দি আহিছে৷ চৰকাৰী সা-সুবিধাৰ পৰা সদায় এইসকলক বঞ্চিত কৰি ৰখাৰ সমান্তৰালকৈ শোষণ কৰি থকা হৈছে৷ সেই বাবেই সংখ্যালঘুসকলৰ সচেতন মহলে নিজকে লাঞ্চিত, বঞ্চিত, শোষিত, নিৰ্যাতিত, নিপীড়িত আদি শব্দৰে আক্ষেপ প্ৰকাশ কৰা দেখা যায়৷ অৱশ্যে এই সচেতনসকলৰেই মাজৰ পৰা যেতিয়া উক্ত বিশেষ ৰাজনৈতিক মতাদৰ্শত ভৰি দিয়ে তেতিয়া শব্দবোৰ পাহৰি যায়৷ জাতি পিছ পৰি থাকে৷ এই ধাৰা বহু পুৰণি৷ অব্যাহত আছে আৰু ভালে দিনৰ বাবে অব্যাহত থাকিব৷ কাৰণ এই কথাবোৰ বুজিবলৈ, ৰাজনীতিৰ মেৰ-পেচ ধৰিবলৈ সংখ্যালঘুসকল শিক্ষিত নহয়৷ শিক্ষিত হ’বলৈ দিয়া হোৱা নাই৷ চৰ-চাপৰিৰ কথা বাদেই সংখ্যালঘু বসতিপ্ৰধান এনে কোনো অঞ্চল নাই য’ত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী আছে৷ চৰ-চাপৰিত জনসংখ্যা অনুপাতে প্ৰাথমিক বিদ্যালয়েই নাই৷ স্বাস্থ্য, সুচল যাতায়ত ব্যৱস্থা তেওঁলোকৰ বাবে এটা দিবা সপোনহে মাথো৷ আধুনীক বিশ্বৰ লগত তেওঁলোক পৰিচিতই নহয়৷
ক্ৰমশঃ
(দ্বিতীয় খণ্ড অচিৰেই প্ৰকাশ কৰা হ’ব)
(দ্বিতীয় খণ্ড অচিৰেই প্ৰকাশ কৰা হ’ব)
0 comments:
Post a Comment