Monday, May 15, 2017


        আন্দোলন কৰি থাকোতেই মন্ত্ৰীৰ ফোন পাই মেহবুবে কিছু পৰিমাণে উৎফুল্লিত হ’ল৷ বহু দিনৰ পৰাই জৰাজীৰ্ণ হৈ থকা আৰু ৰাজপথত পুখুৰীৰ দৰে বৃহৎ বৃহৎ গাত হৈ থকাৰ পিছতো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাছিল৷ পথটো মেৰামতি কৰাৰ দাবীত ইতিপূৰ্বে বহু সংগঠনে আন্দোলন কৰিছিল যদিও কোনো ফলাফল লাভ কৰা নাছিল৷ এইবাৰ মেহবুব হঁতে কেইবা হাজাৰ ৰাইজক একত্ৰিত কৰি পথ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰিছিল৷
      মন্ত্ৰীয়ে ফোন কৰি তেওঁলোকৰ সমস্যা সমাধাৰ বাবে আলোচনা কৰাৰ বাবে দিছপুৰলৈ মাতি পঠিয়াইছে৷ তেওঁলোকৰ মাজৰ পৰা ৰাইজৰ প্ৰতিনিধি সহ সৰ্বাধিক ১০ জন আন্দোলনকাৰীক মাতিছে৷
         আন্দোলনৰ কৃতকাৰ্যতাৰ পথ প্ৰসস্থ হোৱা দেখি আৰু মেহবুবৰ মোবাইল মন্ত্ৰীৰ ফোন অহা দেখি সমবেত ৰাইজৰ মাজত উৎসাহ-আনন্দৰ লহৰ উঠিল৷ ‘মেহবুব তামাম ভাল নেতা’ বুলি বিনামূলীয়া প্ৰচাৰ হৈ গ’ল৷ বহু আন্দোলন কৰাৰ পিছতো চৰকাৰৰ গা নলৰা কামটো মেহবুবৰ নেতৃত্বত মাত্ৰ এটা আন্দোলন চলি থকা অৱস্থাতে মন্ত্ৰীৰ ফোন পোৱাটো ডাঙৰ কথা, আন্দোলনৰ প্ৰভাৱ যথেষ্ট বুলি ৰাইজৰ মাজত চৰ্চা হ’বলৈ আৰম্ভ কৰিলে৷
           আলোচনাৰ বাবে ১০ জন লোকক বাছনি কৰি দিলে ৰাইজে৷ নিৰ্ধাৰিত সময়ত আলোচনা অনুষ্ঠিত হ’ল৷ এক এক কৰি প্ৰত্যেকজনৰ কথা মনোযোগেৰে শুনিলে মন্ত্ৰীয়ে৷ 
         ‘ইম্মান অসুবিধাৰ পিছতো মোক কিয় কোৱা নাই, ইছ্... এই অফিচাৰবোৰে মাত্ৰ দৰমহা কেইটাৰ বাবেই কাম কৰে, চিন্তা কৰিব নালাগে অহা ৭ দিনৰ ভিতৰত কামটো আৰম্ভ হৈ যাব৷ আৰু মই নিজে যাম কামটো আৰম্ভ কৰি দিয়াৰ বাবে৷’— মন্ত্ৰীয়ে তেওঁলোকক ক’লে৷ মন্ত্ৰীয়ে মুখেৰে কোৱাই নহয়, তেওঁলোকৰ সন্মুখতেই অৰ্ডাৰ কপি উলিয়াই বিভাগলৈ ফেক্স কৰি দিয়া হ’ল৷ 
          আলোচনাত অংশ লোৱা সকলোকে বহু সন্মান কৰিলে মন্ত্ৰীয়ে, কেইবাবাৰো ফিকা চাহৰ জ্যোতি দিছে৷ আৰু সকলোৰে সন্মুখতেই মন্ত্ৰীয়ে মেহবুবৰ পিঠিত হাত দি ক’লে— ‘মোক তুমি নিজৰ দাদাৰ দৰেই ভাবিব পাৰা, কিবা প্ৰয়োজন হ’লেই মোক ফোন কৰিবা৷ জানাইতো আন্দোলন কৰি লাভ নাই, আলোচনাৰেহে সমস্যাৰ সমাধান হয়৷ তোমালোকেই ক’লা যে ইয়াৰ আগত বহুবাৰ আন্দোলন কৰা হৈছে, কামটো হোৱা নাই৷ এইবাৰ কথাটো মই জানিলো বাবেহে......৷ বিশেষ চিন্তা কৰিব নালাগে মাত্ৰ এইটো পথেই নহয়, যিকোনো ৰাজহুৱা অসুবিধা হ’লেই তুমি মোক ডাইৰেক্ট যোগাযোগ কৰিবা৷’ কথাখিনি কৈ মন্ত্ৰীয়ে তেওঁলোকক বিদায় দিলে৷ তেওঁলোক মন্ত্ৰীৰ কোঠাৰ পৰা উলাইছিল হে মাত্ৰ তেনেতে মন্ত্ৰীয়ে পুনৰ মেহবুবক মাতিলে৷ ছাৰৰ মাত শুনি মেহবুব পুনৰায় কোঠাৰ ভিতৰলৈ সোমাই গ’ল৷ 
         বিছনাৰ তলৰ পৰা কেইটামান ২ হেজাৰ টকীয়া টকাৰ ভাণ্ডিল মেহবুবৰ হাতত তুলি দি মন্ত্ৰীয়ে ক’লে— চাহ-পানী খাবা৷ বাকীখিনি তোমাৰ বাবে৷ শুনিছো তুমি বহু কষ্ট কৰি ৰাইজৰ বাবে কাম কৰি আছা৷ খৰচা-পাতি লাগে....৷ আগলৈ প্ৰয়োজন হ’লে মোক ক’বা৷ ...... আৰু হেৰি নহয়, তোমালোকৰ ফালে বুলে আমাৰ একেবাৰে জনপ্ৰিয়তা নাই!— কথাষাৰ শেষ কৰি মন্ত্ৰীয়ে মেহবুবৰ মুখলৈ চালে৷ তেওঁ অপ্ৰস্তুত ভাবে ধৰো-নধৰো কৈ টকাখিনি হাতত লৈ একপ্ৰকাৰ জড়পদাৰ্থ হৈ পৰিছিল৷— হে তুমি বিৰাট লাজ কৰা হে, থৈ দিয়া৷ আৰু এইখিনি লোৱা, তোমাৰ লগত অহাসকলক লৈ ভাল হোটেলত ভাত-ছাত খাই ল’বা৷— মন্ত্ৰীয়ে এইবাৰ অতিৰিক্ত ১০ হাজাৰ টকা দিলে৷ 
        ছাৰে কি ক’লে নো ?— ওলাই অহাৰ পিছত সকলোৱে তেওঁক আগুৰি ধৰিলে৷ তেওঁ ১০ হাজাৰ টকা দেখুৱাই ভাত খোৱাৰ পইচা দিয়া বুলি ক’লে৷
        কথামতেই এসপ্তাহৰ ভিতৰত ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ হ’ল৷ কাম উদ্ভোধন কৰিবলৈ মন্ত্ৰী আহিল আৰু মন্ত্ৰীয়ে মেহবুবৰ ঘৰত ‘লান্স’ কৰিলে৷ গাওঁৰ মানুহৰ মাজত অধীৰ অানন্দৰ বন্য ববলৈ ধৰিলে৷ তেওঁলোকৰ মৰমৰ মেহবুবক মন্ত্ৰীয়ে বিৰাট ভাল পায়৷ মন্ত্ৰীক এবাৰ লগ পোৱাটো ডাঙৰ ভাগ্য বুলি ভৱাসকলে মেহবুব ডাঙৰ নেতা হ’ল বুলি নিশ্চিত হ’ল৷ বহুতেই কোৱা-কোৱি আৰম্ভ কৰিলে যে মেহবুবৰ লগত মুখ্যমন্ত্ৰীৰ লগতো ভাল চিনাকি আছে বুলি৷ 
          মেহবুবৰ এটা ফোনকলতেই ডাঙৰ ডাঙৰ সমস্যা সমাধান হ’বলৈ আৰম্ভ হ’ল৷ মন্ত্ৰীৰ লগত মন গ’লেই কথা পাতিব পাৰে৷ ৰাইজে এতিয়া মেহবুবক নিৰ্ভৰ কৰিব পাৰে৷ তেওঁ যুৱক হিচাপেও ভাল, কাৰো লগত বেয়া ব্যৱহাৰ নকৰে তেওঁ৷ ধনী-দৰিদ্ৰ সকলো তেওঁৰ সন্মুখত সমান৷ প্ৰত্যেকেই তেওঁক যিকোনো কথা খুলি ক’ব পাৰে৷ তেওঁৰ নেতৃত্বত বহু কেইজন দুখীয়া বেমাৰীয়েও বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ ৰাইজে তেওঁক একপ্ৰকাৰ মন্ত্ৰীৰ দৰে বুলিয়ে ভাবে৷
        পঞ্চায়ত নিৰ্বাচনত কাক টিকট দিব লাগে, কোনে ৰাইজৰ ভাল প্ৰতিনিধি হ’ব পাৰিব— এইসকলো কথা মেহবুবৰ ওপৰতেই নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিলে৷ প্ৰাৰ্থীত্ব প্ৰত্যাসীসকলেও মেহবুবক বিচাৰি ঘৰ পাবলৈ আৰম্ভ কৰিলে৷ দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে মেহবুবহঁতে মনোযোগ দিব লাগিব বুলি মন্ত্ৰীয়ে তেওঁক কৈ দিছে৷ 
          পঞ্চায়ত নিৰ্বাচনত বৃহৎ সাফল্য দেখি মন্ত্ৰীয়ে গাওঁলৈ পুনৰায় আহিল৷ গাওঁৰ আলি-পদূলিবোৰৰ বহু পৰিৱৰ্তন হৈছে৷ মানুহৰ মাজত অসন্তুষ্টিৰ কোনো চিন নাই৷ সমগ্ৰ অঞ্চলৰ উন্নয়নৰ বাবে ‘ভাইটি মেহবুবে’ই মূল মানুহ বুলি ৰাজহুৱা সভাত মন্ত্ৰীয়ে মন্তব্য কৰি ৰাইজৰ হাত চাপৰি লাভ কৰি গুচি গ’ল৷ আৰু কাইলৈ মেহবুবক দিছপুৰলৈ মাতি পঠিয়ালে৷ 
          তোমাৰ জনপ্ৰিয়তা আছে, সংগঠন কৰাতকৈ ৰাজনীতি নকৰা কিয়৷ এতিয়া তোমাক গুৰুত্ব দিয়া বাবে ‘লোকেল’ বিধায়ক লতিফ আৰু দলীয় কৰ্মীবোৰ মোৰ প্ৰতি ক্ষুন্ন হৈ পৰিছে৷ তুমি দলত থাকিলে এইখিনি নহ’ল হেঁতেন৷ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত তুমি দলত যোগ দিয়া৷— মন্ত্ৰীয়ে মাতি নি মেহবুবক বুজালে৷ মেহবুবেও কথাটো বুজি পালে৷ কিন্তু তেওঁ এনে এটা সিদ্ধান্ত লোৱাটো কিমানদূৰ গ্ৰহণযোগ্য হ’ব সেই কথা থিৰাং কৰিব নোৱাৰি কিছু সময় মনে মনে বহি থাকিল৷— ‘তুমি ইমান চিন্তা কৰিব লগা নাই, কি ভাবিছা, তোমালোকৰ মিঞা মানুহে সদায় ক্ষমতাৰ লগত থাকি ভাল পায়৷ তোমাক আদৰণি জনাব, বিৰোধিতা নকৰে৷’— মন্ত্ৰীয়ে পুনৰ ক’লে৷ ‘সন্মুখত বিধানসভা নিৰ্বাচন, তুমি চিন্তা কৰিব নালাগে৷’
            শেষত দুদিনৰ সময় লৈ মেহবুবে গুচি আহিল৷ তেওঁ কি কৰিব এতিয়া! দলত যোগদান কৰিলে ৰাইজে বেয়া নাপায় কাৰণ ইতিমধ্যে মন্ত্ৰীয়ে ৰাইজৰ কাম তেওঁৰ হতুৱাই কৰাইছে৷ হয়তো কাম অলপ বেছিকৈহে কৰিব পাৰিব বুলি তেওঁ ধাৰণা কৰে৷
           ৰাইজমেল পাতি আলোচনাৰ অন্তত মেহবুবৰ লগতে গাওঁৰ শতাধিক লোকে একেলগে দলত যোগদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ সেইমতে সপ্তাহৰ ভিতৰত যোগদান কাৰ্য সমাপনো কৰিলে৷ সঁচাকৈয়ে ৰাইজে তেওঁক বিপূল ভাবে আদৰণি জনালে৷ মেহবুবৰ ওপৰত ৰাইজে বহুখিনি আশা কৰে৷
           মেহবুবে দলত যোগ দিয়াৰ কেইদিনমান পিছতেই স্থানীয় বিধায়ক লতিফৰ নেতৃত্বত মন্ত্ৰীক লগ কৰিবলৈ গাড়ী ভাড়া কৰি মানুহ লৈ যোৱা হ’ল৷ মন্ত্ৰীয়ে হাস্যবদনে লতিফক ক’লে— তহঁতে ৰাজনীতি বুজি নোপোৱা বাবেইতো এইবিলাক পোক-পৰুৱাই কামুৰি থাকে, এতিয়া চাবিচোন, তোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কোনো নাই, একদম ছাফা.....৷— কথাখিনি কৈ মন্ত্ৰীয়ে খিল খিলাই এবাৰ হাঁহিলে৷
ছাৰ আপুনি বোলে মেহবুবক এমএলএ বনায়!— লতিফে ক’লে৷
আৰে জ্বালা (জলকীয়া) খোৱা চৰৰ মিঞা, এই কথাও মূৰত ধৰা নাই৷ তোৰ বিধায়কশ্বিপ ২০ বছৰৰ কাৰণে ‘কনফাৰ্ম’ কৰিবলৈকে ইমান কাম কৰিলো৷ আচল কথাটো কি জানা নে— প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰিবলৈ হ’লে সেই কন্ঠৰ গৰাকীক বুকুত টানি নিব লাগে, আৰু যদি কাৰোবাক নেতা বনাব লাগে তেন্তে তেওঁক জেললৈ পঠাব লাগে৷ ৰাজনীতিত সত্ৰুক বেছি মৰম কৰিবি...৷

Related Posts:

  • ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ কাষত মানৱধিকাৰ কৰ্মী, আৰ্থিক সাহায্য প্ৰদান। 'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ ২৭ মে’ বৰপেটাৰোডঃ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহা… Read More
  • নিৰিহ বৈধ ভাৰতীয়ৰ কথাৰেঃ গ্ৰাউণ্ড জিৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত— মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰ… Read More
  • ৰাজনীতি         আন্দোলন কৰি থাকোতেই মন্ত্ৰীৰ ফোন পাই মেহবুবে কিছু পৰিমাণে উৎফুল্লিত হ’ল৷ বহু দিনৰ পৰাই জৰাজীৰ্ণ হৈ থকা আৰু ৰাজপথত পুখুৰীৰ দৰে বৃহৎ বৃহৎ গাত হৈ থকাৰ পিছতো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাছিল৷ পথটো মেৰাম… Read More
  • NRC গুৰুত্ব পূৰ্ণ বিষয় আৰু সমাধান। NRCৰ হিয়াৰিং সম্পৰ্কে কিছু জানিব লগিয়া কথা। হিয়াৰিঙৰ নোটিচ আহিলেই ভয় বা আতংকীত হব নালাগে।আপোনাৰ নাম সম্পূৰ্ণ খচৰাত আহিলেও কেইবাটাও কাৰণত আপোনাৰ নামত হিয়াৰিঙৰ নোটিচ আহিব পাৰে। যেনে- (১) আপোনাৰ বংশধৰৰ কাৰোবাক পৰিক্ষন বা … Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা