
ভৰিৰ চেপাত আৰ্তনাদ কৰে
সৰাপাত
ষ্ট্ৰীট লাইটৰ পোহৰত
শুই থাকে ফুটপাথ৷
মই আৰু মোৰ ছাঁ
এন্ধাৰৰ জাল ফালি
গচকি যাওঁ দানৱৰ দৰে
এবাৰ-দুবাৰ বহুবাৰ...৷
ৰাজপথত কণী দিছে
ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণাই
ট্ৰাক অথবা যাত্ৰীবাহী বাহনৰ চেপাত
আত্মহত্যা কৰাৰ সপোন ৰচা নাছিল তেওঁলোকে৷
পাচলিৰ দুৰ্গন্ধত মূৰগুজি
ৰচি বিচাৰি ফুৰা হাজাৰ কৃষকৰ বেদনা
ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণা আৰু
ফুটপাথৰ সৰাপাতৰ দৰে৷
তোমাৰ প্ৰেমত পৰি
দেউতাৰ দৰে হ’বলৈ মন নাই মোৰ
ৰ’দৰ চিঠি পঢ়ি পঢ়ি
শোষণৰ ভৰত কোঁজা হৈ
দিনবাৰ চাব নোৱাৰিম
অমাৱশ্যাৰ নিশা বিচাৰি৷৷
-------------------------------------------------------------------------------
মনৰ কথাঃ
বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে কৈছিল— ‘মই বাঁহী বনাব জানো, সুৰ তোলাৰ দায়িত্ব মোৰ নহয়’৷ এই বাক্য সাৰোগত কৰি ভালে কেইদিন থকাৰ পিছত মোৰ মন গ’ল বাঁহী বনাই সুৰ তোলাৰ বাবে৷
কবিতাৰ ভাবাৰ্থ সঠিক ভাবে স্বয়ং কবিয়েই প্ৰকাশ কৰিব নোৱাৰে৷ সেইবাবেই চাগে কাজী নজৰুলে তেনেদৰে কৈছিল৷ তথাপিও ‘ফুটপাথৰ সৰাপাত’ৰ বিষয়ে দুটামান বাক্য লিখিব মন গৈছে৷
কবিতাটোৰ জন্ম যন্ত্ৰণা আৰম্ভ হৈছিল কেইদিনমান পূৰ্বে উত্তৰ বৰপেটাৰোডৰ ফুটপাথেৰে খোজকাঢ়ি যোৱাৰ সময়ত৷ সকলোৱে জানে যে আমাৰ উত্তৰ বৰপেটাৰোডৰ ৰাজপথৰ অৱস্থা পুখুৰীসদৃশ৷
বৰপেটাৰোডৰ কৃষকসকলে শাক-পাচলি উপযুক্ত বজাৰমূল্য লাভ নকৰি আত্মহত্যা কৰিব লগা হয়৷
-------------------------------------------------------------------------------
0 comments:
Post a Comment