Saturday, May 20, 2017

বৰপেটাৰােডত ইৰি ধানত পতান, উদাসীন কৃষি বিভাগ


কলগাছিয়াৰ পাছত এইবাৰ বৰপেটাৰৰােডৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। বৰপেটাৰােডৰ সমীপৱতী বাক্সা জিলাৰ আইখাৰী বিলৰ পথাৰ গাওঁৰ শতাধিক কৃষকে ইৰিধানৰ খেতি কৰি মূৰে-কপালে হাত দিব লগা হৈছে। বৰপেটাৰােডৰ বীজভাণ্ডাৰৰ পৰা আমেৰিকাৰ ‘এডভান্টা” কোম্পানীৰ পি এ চি ৮৩৭ নামৰ বৰ্ণসংকৰ ধানৰ বিধান ক্রয় কৰি বিঘায় বিঘায় ধান খেতি কৰিছিল কৃষকসকললে। প্ৰথমাৱস্থাত ধান খেতি লহপহকৈ বাঢ়ি অহা দেখি কৃষকসকলে আনন্দত আত্মহাৰা হৈ পৰিছিল যদিও সঁচ উলোৱাত কৃষকসকলে নিশ্চিত হ’ল যে পথাৰত ধানৰ সলনি পতানে গ্রাস কৰিছে সমগ্র ইৰি ধানৰ খেতি। অতি দৰিদ্ৰ কৃষকসকলে গাঁঠিৰ ধন ব্যায় কৰাৰ লগতে সুতত টকালৈ কঠোৰতম পৰিশ্ৰমেৰে ধান খেতি কৰিছিল যদিও পথাৰত ধানৰ সলনি পতান হােৱা বাবে কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে। বিগত বর্ষতো একে কোম্পানীৰ ধানৰ খেতি কৰাৰ ফলত কলগাছিয়া অঞ্চলৰ প্ৰায় ৮ সহস্রাধিক কৃষকে প্রায় ৪ কোটি টকাৰ লোকচান ভৰিব লগা হৈছিল যদিও কৃষিপ্রধান ৰাজ্যখনৰ বিয়াগোম কৃষি বিভাগৰ চকুমোদা কুলিৰ ভাওঁ ধৰা কার্যই এইবেলিও হাজাৰ হাজাৰ কৃষকৰ প্ৰবল ক্ষতি কৰাৰ সুবিধা পাইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত বৰ্ষত ধানৰ পতন হােৱা বাবে কৃষকসকলে এই ধানৰ খেতি নকৰাৰ সিদ্ধান্ত লৈছিল যদিও বীজভাণ্ডাৰ সমূহে এইবেলি উন্নত আৰু ভাল ধানৰ বিধান’ অহা বুলি কৈ কৃষকসকলক এই ধানৰ খেতি কৰাৰ বাবে উৎসাহিত কৰিছিল। মন কৰিবলগীয়া যে পুঁজিপতি কোম্প পানীবােৰে কৃষকক লুটি খোৱাৰ মানসেৰে শিক্ষিত নিবনুৱা যুৱকসকলক উচ্চ দৰমহাৰে চাকৰি দি কৃষকসকলক ভুল পথে পৰিচালিত কৰি আহিছে। কোম্পানীৰ দৰমহা ভোগী ভৃত্য আৰু কোম্পানীৰ ‘ডিলাৰশ্বিপ’ লোৱা বীজভাণ্ডাৰৰ গৰাকীসকলে অধিক লাভৰ অংকৰে কৃষকসকলক সর্বস্বােন্ত কৰি আহিছে। যদিও বিয়াগোম কৃষি বিভাগে কুম্বকৰ্ণ নিদ্ৰাত নিদ্ৰিত হৈ আছে।


বৰপেটাৰােডৰ দাতি কাষৰীয়া অঞ্চলৰ কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ মূল্য নাপাই আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হােৱাৰ পাছতো সংশ্লিষ্ট কৃষি বিভাগে কোনাে ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্রহণ নকৰাত এইবাৰ পথৰ ভিক্ষাৰীত পৰিণত হ’বলৈ আগবাঢ়িছে আইখাৰীৰ কৃষকসকলে। প্রনিধানযোগ্য যে গাঁৱে গাঁৱে গৈ কৃষকৰ মাটি পৰীক্ষা কৰা, কৃষকক খেতি কৰাৰ প্ৰণালী সম্পর্কে প্রশিক্ষণ দিয়াৰ বাবে চৰকাৰে গ্ৰামসেৱক নিয়োগ কৰিছে। যদিও বিভাগটােৱে কুম্ভকৰ্ণ নিদ্ৰাত থকা দেখি জিলা পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি গ্ৰামসেৱকসকলেও মাত্র কার্যালয় কক্ষত বহি মাহেকৰ মূৰত দৰমহা গোটােৱাহে পৰিলক্ষিত হয়। উল্লেখ্য যে অধিক উৎপাদনৰ আশাত উন্নত জাতৰ ধান ৰােপন কৰাৰ পাছত পথাৰত পতান হােৱাৰ ফলত কৃষকসকলে বৰপেটাৰােডৰ সংশ্লিষ্ট বীজভাণ্ডাৰলৈ গৈ এনেকুৱা কিয় হ’ল বুলি জানিব বিচৰাত ‘এয়া ওপৰৱালাৰ কৰণীয়’ বুলি কৈ খেদি পঠায় বুলি কৃষকসকলে জানিব দিছে। এতিয়া প্রশ্ন হয় বৰপেটাৰােডৰ কৃষকসকলে ‘ওপৰৱালা” অৰ্থাৎ সৃষ্টিকর্তক ধিয়াই অনাহৰে নিশা যাপন কৰিব নে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে কাণসাৰ দিব সেয়া নিশ্চিত ভাবে লক্ষণীয় হ’ব।



Related Posts:

  • বৰপেটাৰােড-মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত যোগাযোগ বিচ্ছিন্ন গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল ১৮ আগষ্ট, ২০১৭ঃ যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি … Read More
  • বৰপেটাৰােডত আমাছুৰ সম্বর্ধনা অনুষ্ঠান ‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’ ১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে… Read More
  • বাক্সাত সংখ্যালঘু কৃষকক নিৰ্মম হত্যা, হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায়… Read More
  • গোৱৰ্দ্ধনাত উত্তেজনা, আক্রান্ত ৰাইজৰ মুখামুখী হােৱাৰ সাহস নহ’ল মন্ত্রী প্রমীলাৰ আজি প্রতিবাদী সভা, ঘটনাস্থলীত নৱ শৰণীয়া, উত্তেজনা বৰপেটাৰোড, ২০ আগষ্টঃ আজি সন্ধিয়া প্রায় ৬ বজাত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই গোৱৰ্দ্ধনাৰ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৰপেটাৰাে… Read More
  • হিমন্তৰ উদ্ভট মন্তব্য বিৰোধিতা আমছুৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুক… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা