Wednesday, May 17, 2017

      আজিৰ তাৰিখত সমগ্ৰ নামনি অসমত সৰ্বাধিক বিতৰ্ক আৰু আতঙ্কৰ বিষয়বস্তু হৈ পৰিছে বিদ্যালয়ত দি থকা চৰকাৰী বিশেষ প্ৰতিশেধক ছিটা বা ‘ভেকচিন’৷ এই বিতৰ্ক ইমানেই বিয়পি পৰিছে যে কণ কণ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰিব লগা হৈছে৷ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়তে আতঙ্কৰ পৰিৱেশে বিৰাজ কৰিছে৷ বিগত প্ৰায় তিনি-চাৰি দিনৰ পৰা এই বিতৰ্কই সৰ্বসাধাৰণ ৰাইজৰ পৰা আনকি শিক্ষিত সমাজকো জোকাৰি গৈছে৷ বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আনকি খিৰিকি ভাঙি পলাই যোৱাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰতো এই অপপ্ৰচাৰে ব্যাঘাত জন্মাইছে৷ কিছুমান বিদ্যালয়ত টেষ্ট পৰীক্ষা বাতিল কৰিব লগা হৈছে৷
       মোবাইলত সঘনে ফোন আহিবলৈ আৰম্ভ কৰিছে, নিশা ১২ টা লৈকে মানুহক বুজাব লগা হৈছে৷ মানুহ আতঙ্কিত আৰু ভিতিগ্ৰস্থ৷ চৰকাৰে প্ৰদান কৰা এই বেজী বা ভেকছিন গ্ৰহণ কৰিলে ল’ৰা বা ছোৱালীয়ে প্ৰপ্ত বয়স্ক হ’লে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰাই পেলাব আৰু সংখ্যালঘুৰ অশ্বাভাৱিক জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে এনে ব্যৱস্থা লোৱা বুলি ভূৱা প্ৰচাৰ চলিবলৈ আৰম্ভ কৰিছে৷ প্ৰচাৰ ভূৱা হ’লেও ইমানেই শক্তিশালী ৰূপত বিয়পি পৰিছে যে অসমৰ ৰাজধানী চহৰতো এনেবোৰ কাৰণত বিদ্যালয়ৰ পাঠদান স্থবিৰ হৈ পৰিছে৷ 
        জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ‘বিশ্ব স্বাস্থ্য সংস্থা’ চমুকৈ WHO ৰ পৰা অনুমোদন অনুযায়ী চীনৰ পৰা এই ভেকছিন সমূহ বিজ্ঞানসন্মত ভাবে প্ৰায় প্ৰতিবছৰে কঢ়িয়াই আনি শিশুসকলক প্ৰদান কৰে৷ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য৷ কিন্তু এনে নিৰ্ভৰযোগ্য বিষয় এটাও চৰম অস্বস্তিকৰ পৰ্যায়লৈ অৱনমিত হোৱাটো নিশ্চিত ভাবে উদ্দেশ্য প্ৰনোদিত হ’ব লাগিব৷
        এই বিতৰ্ক কিয় হ’ল ঃ এই বিতৰ্কৰ ফলত বিদ্যালয় সমূহ আটাইতকৈ অধিক ক্ষতিগ্ৰস্থ হৈছে৷ যিবোৰ বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে সেইবোৰৰ প্ৰায় এশ শতাংশ বিদ্যালয় সংখ্যালঘু অঞ্চলত৷ আধুনীক বিশ্বত এনে উৰাবাতৰিত ভোল গৈ সংখ্যালঘু অঞ্চলৰ ৰাইজে নিজৰ সন্তানক বিদ্যালয়ৰ পৰা আতৰাই ৰখাৰ কাণ্ডই অসমৰ সংখ্যালঘুলোকসকল অন্ধ বিশ্বাসী বুলি প্ৰতিপন্ন কৰিলে৷
        পলিঅ’ৰ পৰা আৰম্ভ কৰি চৰকাৰী প্ৰায় প্ৰতিটো আঁচনি অথবা চৰকাৰৰ বছৰেকীয়া হিচাপ, চৰকাৰী কাৰ্যসূচী আদিৰ বিষয়ে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে বাতৰি কাকত, দুৰদৰ্শন আদিৰ জৰিয়তে বহূল প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷ কিন্তু জাপানিজ এনকেফেলাইটিছৰ দৰে ভয়াবহ বেমাৰৰ পৰা ৰক্ষা পোৱাৰ ভেকছিন সম্পৰ্কে কোনো প্ৰচাৰ বা সজাগতাৰ সৃষ্টি কৰা পৰিলক্ষিত নহ’ল৷
          ভেকছিন প্ৰদান কৰা সন্ধৰ্ভত উৰাবাতৰি প্ৰচাৰ হোৱাৰ দুদিনমান পূৰ্বে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰিছিল৷ কোৱা বাহুল্য যে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু কাম-কাজত সংখ্যালঘুসকল আতঙ্কিত হৈ পৰে৷ তাৰ কাৰণো আছে৷ তেখেতে মাদ্ৰাছা বোৰ্ড, চৰ উন্নয়ন বোৰ্ড আদি বিলুপ্তিকৰণৰ দৰে কথাবোৰ প্ৰকাশ কৰি চৰকাৰখন যে সংখ্যালঘু পৰিপন্থী সেই কথা বহুল ভাবে প্ৰচাৰ কৰি আহিছে৷ নাগৰিকত্বৰ সমস্যাৰ লগতে এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সংখ্যালঘুসকলে হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোকে ভয় কৰিবলৈ আৰম্ভ কৰিছে৷
          আতংকিত জনসাধাৰণৰ মাজত ভেকছিন আতঙ্ক সোমাই দি চৰকাৰী বিফলতাৰ কথা ঢাকিবলৈ যত্ন কৰা বুলি ক’লেও অযুক্তিকৰ নহ’ব৷ কাৰণ ৰাজ্যত বাকী নালাগে বানপানীৰ বতৰ আহি পালে যদিও ৭০ শতাংশ মথাউৰিৰ মেৰামতিৰ কাম কৰা হোৱা নাই৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আধাৰশিলা স্থাপন হৈছে যদিও ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি উন্নয়নমূলক কামবোৰ হৈ উঠা নাই৷ ইফালে গুৱাহাটীত হ’ব লগীয়া কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ সামৰণি অনুষ্ঠানৰ দিন চমু চাপি আহিছে৷ চৰকাৰী ব্যৰ্থতাৰ কথা-বতৰাৰ পৰা ৰাইজক বিতৰ্কৰ মাজত ঠেলি দি সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো মাধ্যম ব্যস্ত ৰখাৰ বাবে এইটো এটা চৰকাৰী ষড়যনত্ৰ হ’ব পাৰে বুলি সন্দেহ কৰাৰ থল আছে৷


          বিয়াগোম চৰকাৰী স্বাস্থ্য বিভাগ যে ব্যৰ্থ হৈছে সেই কথা ইমিমধ্যে ৰাইজে বুজি পাইছে৷ ৰাজ্যৰ কোনো এখন চিকিৎসা মহাবিদ্যালয় আৰু চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণে ডাক্তৰ, ঔষধ আৰু আধুনীক যন্ত্ৰ-পাতি নাই৷ চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ক্ৰমশঃ মানুহৰ আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ এই বিতৰ্কই মানুহক অধিক আতঙ্কিত কৰি তুলিছে ফলত মানুহে চৰকাৰী ভেকছিন, ঔষধ আদি গ্ৰহণ কৰিবলৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ পৰা আওপকীয়াকৈ চৰকীৰৰ লাভ হ’ব৷ বিনামূলীয়া ঔষধ বা চিকিৎসা সেৱাৰ প্ৰতি ৰাইজৰ আগ্ৰহ কমি গ’লেই চৰকাৰৰ বিয়াগোম বিভাগবোৰে স্বাস্থ্য বিভাগ লুটি খাব পাৰিব৷
         এনেকুৱাও হ’ব পাৰে যে ভেকছিন আতঙ্ক বিয়পাই দিয়াসকল চিকিৎসাৰ ব্যৱসায়ৰ লগত জড়িত৷ চৰকাৰী ঔষধৰ প্ৰতি মানুহৰ আস্থা হেৰুৱাই পেলালে ব্যক্তিগত কণ্ডৰ চিকিৎসা সেৱাৰ লাভা-লাভৰ অংক বৃদ্ধি পাব৷ সকলোৱে জানে যে চিকিৎসা আৰু শিক্ষাৰ ব্যৱসায় আটাইতকৈ লাভজনক৷
           এই সমস্ত বিতৰ্ক উৰ পেলাবৰ বাবে ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে মাত্ৰ কেই ঘন্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে হেঁতেন যদিও ৰাজ্যৰ স্বাস্থ্য-শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো মন্তব্যই প্ৰকাশ নকৰিলে৷ এনেবোৰ বহু কথা আছে যিবোৰে প্ৰতিপন্ন কৰে যে ভেকছিন বিতৰ্ক হোৱাটো বৰ্তমানৰ ৰাজ্য চৰকাৰে বিচাৰে৷
         এই ছেগতে উল্লেখ কৰিব পাৰি যে এনেধৰণৰ বিতৰ্ক অন্ত পেলাবৰ বাবে ভূৱা প্ৰচাৰ চলোৱা সকলক চৰকাৰে কৰায়ত্ব কৰিব পাৰিলে হেঁতেন যদিও চৰকাৰৰ উদাসীনতা মন কৰিবলগীয়া বিষয় হিচাপে বিবেচিত হৈছে৷
          সেইবাবে ৰাইজ এতিয়া সচেতন হ’ব হৈছে৷ জাপানীজ এনকেফেলাইটিজৰ বীজানু নাইকীয়া কৰাৰ বাবে বৰ্তমানে প্ৰদান কৰি থকা ভেকছিন গ্ৰহণ কৰা অতিকৈ প্ৰয়োজনীয়৷ সেয়েহে এই লেখা পঢ়াসকলে যেন নিজৰ নিজৰ অঞ্চলত এই বিষয়ে সজাগতাৰ সৃষ্টি কৰি ভূৱা প্ৰচাৰৰ অৱসান ঘটায় তাৰ অনুৰোধ কৰিলো৷ 

Related Posts:

  • ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস [দিনপঞ্জী] ======================== ১৯৫১— % লোকপিয়লৰ ভিত্তিত অসমত এন আৰ চি। ১৯৮০– ১৮ জানুৱাৰী 2 এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ— ৰাজ্যক আছুৰ স্মাৰকপত্র। ১৯৮০– ২ ফেব্ৰুৱাৰী ঃ ইন্দিৰা স্মাৰকপত… Read More
  • অসমত ১৯০১ চনৰ পৰা ২০১১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধিৰ বিস্তাৰিত— অসম ১৯০১ চনৰ পৰা ২০১১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধি হোৱা সম্পৰ্কত বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি কৰি অসমত এক অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সদায় এটা পক্ষই সুপ্ত, গুপ্ত অথবা মুক্ত ভাবে প্ৰচেষ্টা চলাই আহিছে৷ প্ৰকৃত সত্য কথ… Read More
  • কিয় আমছুৰ এই ‘মহাসংগ্ৰাম’ মুক্ত ভাবে কিছু কথা লিখিম, যিবোৰ পঢ়াৰ ধৈৰ্য বহুতৰে নাই৷ তথাপিও কথাবোৰ নক’লে ভাল লাগি থকা নাই৷ কাৰণ এতিয়া ‘খালি টেমা’বোৰে কটু শব্দৰ শৰ নিক্ষেপ কৰি বুকু চিৰাচিৰ কৰি ৰাখিছে আৰু মিৰ্জাফৰৰ উপস্থিতি সোঁৱৰাইছে৷     &… Read More
  • টেট শিক্ষক আৰু আমাৰ ভৱিষ্যত ছাচ্চাৰ কমিটিৰ প্ৰতিবেদনৰ পৰা বহু কথা জানিব পৰা যায়৷ তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধৰ্মীয় সংখ্যালঘু সকলৰ শিক্ষাৰ অৱস্থা৷ জানিব পৰা মতে চৰ-চাপৰি অঞ্চলত মাত্ৰ ১৯.৩২ শতাংশ লোক শিক্ষিত (এতিয়া অলপ বাঢ়িব পাৰে)৷ মই যিম… Read More
  • স্বৰস্বতী পূজা বিতৰ্কঃ সাৱধান নামধাৰী নাস্তিকৰ দল.... কলেজতপঢ়োতে মোৰ অন্যতম প্ৰিয় উৎসৱটিয়েই আছিল স্বৰস্বতি পূজা৷ আমাৰ জি.এল.চি কলেজ, বৰপেটাৰোডৰ পূজাৰ খিচিৰি খাবলৈ অইন কলেজত পঢ়া বন্ধু-বান্ধবীসকলো আহিছিল৷  আমি কোৰ্তা পিন্ধি গৈছিলো, মই ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক থক… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা