Tuesday, April 23, 2019

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা

বৰপেটাৰোডৰ পৰা শাকিল আহমেদ আৰু সাজাহান আলী আহমেদৰ প্ৰতিবেদন, ২৩ এপ্ৰিলঃ

ৰাজ্যৰ দীৰ্ঘ দিনীয়া নাগৰিকত্বৰ সমস্যা সমাধানৰ বাবে যি সময়ত উচ্চতম ন্যায়ালয় তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে সেই একে সময়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চৰম অৱমাননা কৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৯৭ চনৰ পৰা ভোটাৰ তালিকাত ডি চিহ্নৰে সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি ৰখা তথাকথিত সন্দেহযুক্ত নাগৰিকৰ পক্ষত ৰায়দান কৰি ৮ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে উচ্চতম ন্যায়ালয়ে SLP (C) 3045/2016 যোগে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন হৈ থকা লোকে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছিল৷ কিন্তু ৰাজ্যৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণৰ সময়তেই ডি ভোটাৰসকলৰ ভোট গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক চৰম ভাবে অৱমাননা কৰা দেখা যায়৷ ৰাজ্যৰ তৃতীয় তথা শেষ পৰ্যায়ৰ নিৰ্বাচনত বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত ডি ভোটাৰসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতিলিপি আৰু যাৱতীয় নথি-পত্ৰ হাতত লৈ ভোটদান কৰিবলৈ আহি হতাশ হৈ উভতিব লগা হয়৷ ডি ভোটাৰৰ সমস্যা সমাধানৰ নামত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱা সৰ্বসাধাৰণ ৰাইজে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়দানৰ দ্বাৰা উৎসাহিত হ’লেও নিৰ্বাচন আয়োগৰ কাণ্ডই পুনৰায় এই বিষয়টোক জটিলতাৰ মাজলৈ ঠেলি দিছে৷ সাধাৰণ ভোটাৰৰ কোনো নথি-পত্ৰ পৰীক্ষা-নিৰিক্ষা নকৰাকৈ যধে-মধে নিৰ্বাচন আয়োগে কেৱল মাত্ৰ নাম আৰু উপাধী চাই লাখ লাখ প্ৰকৃত আৰু বৈধ ভাৰতীয় নাগৰিকক চৰম হাৰাশাস্তি কৰি থকাৰ সময়তেই ২০১৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমান কৰি স্পষ্ট কৰি দিছে আয়োগৰ চৰম অৰাজকতা৷ একেদৰে অসম আৰক্ষীৰ সীমান্ত শাখাৰ কাল্পনীক গোচৰৰ দ্বাৰা নাগৰিকত্বৰ নামত নিৰিহ জনতাক দি অহা জমৰ যাতনাৰ অৱসান বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তেই উচ্চতম ন্যায়ালয়ৰ ৰায়ক বৃদ্ধাঙ্গুষ্ঠ দেখুৱা নিৰ্বাচন আয়োগক নাকি লগাব কোনে— সেইটো সাম্প্ৰতিক সময়ৰ চৰ্চিত প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷ 

Related Posts:

  • গোৱৰ্দ্ধনাত বিপিএফৰ ‘গ্ৰেণ্ড মাছ ৰেলী’, নাৰায়নগুৰীৰ হত্যাকাণ্ডৰ অভিযুক্ত প্ৰমীলাৰাণীৰ মুছলমান ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল৷আমাৰ যুদ্ধ এইবাৰ এনডিএফবি ইউ.জি ব্ৰহ্মৰ লগতহে হবঃ হাগ্ৰামা মহিলাৰী। গোৱৰ্দ্ধনাৰ পৰা সাজাহান আলী আহমেদ আৰু নজৰুল আলী আহমেদৰ ৰিপোৰ্ট, ২৭ মা… Read More
  • উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা বৰপেটাৰোডৰ পৰা শাকিল আহমেদ আৰু সাজাহান আলী আহমেদৰ প্ৰতিবেদন, ২৩ এপ্ৰিলঃ ৰাজ্যৰ দীৰ্ঘ দিনীয়া নাগৰিকত্বৰ সমস্যা সমাধানৰ বাবে যি সময়ত উচ্চতম ন্যায়ালয় তত্বাবধানত ৰা… Read More
  • এনআৰচিৰ দাবী/ আপত্তিৰ নিষ্পত্তিৰ বাবে বৰপেটাৰোডত প্ৰশিক্ষণ শিবিৰ প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা একাংশ ১০ ফেব্ৰুৱাৰী তাৰিখে বৰপেটাৰোডৰ গ্ল’বেল ইনষ্টিটিউটত পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তিৰ শুনানীৰ সময়ত ভূক্তভোগী লোকক সহায় কৰাৰ বাবে প্ৰায় ৪০ গৰাকী স্বেচ্চাসেৱকক প্ৰয়োজ… Read More
  • পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ  অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু ৭ এপ্ৰিলঃ অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভো… Read More
  • হিমন্তৰ উদ্ভট মন্তব্য বিৰোধিতা আমছুৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুক… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ