Thursday, May 12, 2016

Image result for romantic alone girl for poem
তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাই
নীলা নীলা তোমাৰ চকুত
ফৰকাল আকাশৰ ছবি আঁকিছিলো
কঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,
হাবটি থৈছিলো এবুকু আশা
নীলাখামৰ উজাগৰি সপোনত,
আকাশ খন চঞ্চল হৈ পৰিছিল
আৰু সৰি পৰিছিল শাৰদীয় জোনাক
হৃদয়ৰ ৰঙাদলিচা বগাই বগাই আলফুলকৈ,
তেতিয়া নাছিল দুখৰ ডাৱৰ
কলঙ্কিত হোৱা নাছিল বেলিৰ মুখ।
ছোনামী হৈ হঠাত্ নামিছিল যন্ত্ৰণা
মোৰ বুকুৰ মৰুভূমিলৈ,
যেতিয়া তুমি আঁতৰি গৈছিলা
নিহঙ্গতাৰ ডাৱৰে ছানি ধৰিছিল মোৰ পৃথিৱী,
চিগাৰেটৰ ধূৱাৰে আবৃত হৈ পৰিছিল বেলিৰ মুখ
আৰু মই মাজ নিশাৰ জাগ্ৰত প্ৰহৰী হৈ
ধূৱাৰ ৰঙেৰে আঁকিছিলো
পাই হেৰুৱাৰ হাজাৰ ৰামধেনু
আৰু ব্যৰ্থ প্ৰেমৰ উপাখ্যান,
নিশা গভীৰ হৈ আহিছিল আৰু
তোমাক হেৰুৱাৰ নিষ্ঠুৰ ছবিবোৰে
খুটি খুটি খাব ধৰিছিল মোক,
চিগাৰেটৰ ধূৱাবোৰ মেঘহৈ
তোমাক ঢাকি ৰাখিছিল
আৰু মোক ঠেলি আছিল
শেষ যাত্ৰাৰ পথলৈ।
নিশা গভীৰ হৈ আহিছে
বতাহৰ কোলাত হাঁহিছে শেৱালীৰ গোন্ধ,
আৰু তোমাৰ কঁপাহি কোমল খোজত
খহিছে টোপনিৰ মায়াজাল,
তুমি সূৰুজৰ হেঙুলীয়া ৰশ্মি হৈ
নামি আহিছা মোৰ বুকুলৈ
শত-সহস্ৰ চেঁচা মলয়া হৈ
হৃদয়ৰ খিৰিকি খুলি
প্ৰেৰণাৰ বাৰ্তা লৈ।
এতিয়া পুনৰ তোমাক বিচাৰি পাইছো
অৱশ্যে তোমাৰ ওঁঠলৈ চাই
মোৰ ওঁঠৰ পৰা
সৰি পৰিছে চিগাৰেট।
কিন্তু তুমি নাথাকিলে পুনৰ
বেদনাৰ ঘৰ সাজিম বুকুত।।




Shajahan Ali Ahmed

Related Posts:

  • ৰিক্সাৰ চকা ঘূৰে ৰিক্সাৰ চকা ঘুৰিছে তাইৰ ওঁৰণিৰ তলৰ বুকু কঁপিছে থৰ থৰ তাই টান কৈ বহিছে ছিটত। কেঁচা বিলাহী আৰু এপুৱা চাউল পিতৃহীন এমা-ডিমা দুটিৰ এসাজৰ বাবে। তাইৰ বয়স উনৈছ এমাৰ পাঁচ ডিমাৰ দুই তাই এতিয়া বুজি নাপায় কুলি-কাউৰীৰ পাৰ্থক্য। … Read More
  • গোলাম তেতিয়াৰ ব্যৰ্থ সপোনবোৰএতিয়া অতীত হ‘লতোমাৰ কাঁজল সনা দু-চকুআৰু মেঘৰঞ্জনী চুলিৰ ভাজতউৰিছে জোনাকীসাজিছে ৰামধেনু।বিপৰীত মুখী বক্ৰ গতিৰ চক্ৰবেহুতকাৰাৰুদ্ধ অজুত কল্পনা¸সীমাৰ পৰিধি ভাঙিনৰক যাত্ৰাৰ অন্ত অভিপ্ৰায়ৰবাসনা কলিজাতএতিয়াহাত… Read More
  • নিষিদ্ধ সময়, এটি নিষিদ্ধ কবিতা তুমি যদি আহিলা হেঁতেন পুনৰ কলেজৰ কমন ৰূম অথবা পুথিভড়ালৰ চিৰি বগাই বগাই¸ লাজতে লিৰিলি যোৱা কৃষ্ণচূড়াৰ সুবাসে মতলিয়া কৰিলে হেঁতেন মোৰ বুকুৰ অৰণ্য। তোমাৰ হেঁপাহৰ সাগৰ নীলা চকুৰ মদিৰাত সাঁতুৰি-নাদুৰি উপচাই দিলো হেঁতেন… Read More
  • ফুটপাথৰ সৰাপাত ভৰিৰ চেপাত আৰ্তনাদ কৰে সৰাপাত ষ্ট্ৰীট লাইটৰ পোহৰত শুই থাকে ফুটপাথ৷ মই আৰু মোৰ ছাঁ এন্ধাৰৰ জাল ফালি গচকি যাওঁ দানৱৰ দৰে এবাৰ-দুবাৰ বহুবাৰ...৷ ৰাজপথত কণী দিছে ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণাই ট্ৰাক অথবা যাত্ৰীবাহী বাহনৰ চেপাত আ… Read More
  • জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি মমডাল জ্বলি শেষ হওঁ হওঁ..... কোঠাখন এন্ধাৰে গ্ৰাস কৰিব...পৃৃথিৱীখন পোহৰাব বিচাৰিছিলো.... মই জানিছিলোপৃথিৱীৰ পোহৰে এদিন  এন্ধাৰহে উপহাৰ দিব মোক.....তথাপিও মই বিশ্বাস কৰো হাজাৰ জনে কৰাৰ দৰেʼএন্ধাৰ যিমানেই গভীৰ হʼব প… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ