Friday, August 18, 2017

গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ
খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল


১৮ আগষ্ট, ২০১৭ঃ
যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি দিয়াৰ ফলত বেঁকীৰ গৰাখহনীয়া প্রবল হৈ পৰিছে। আজি দুপৰীয়া বৰপেটাৰােড মানাহ সংযোগী পথৰ প্ৰায় দুই মিটাৰকৈ অংশ বেঁকীত জাহ যোৱাৰ ফলত বৰপেটাৰােডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান, শালবাৰী, আনন্দ বজাৰকে আদি কৰি সমগ্ৰ উত্তৰ অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। উল্লেখ্য যে ২০০৪ ইং চনৰপৰা ভূটানৰ কুৰিশ্বৰ বান্ধৰ পৰা পানী এৰি দিয়াৰে পৰা অব্যাহত থকা বেঁকীৰ গৰাখহনীয়া কাল ৰূপৰ ফলত বৰপেটা-বাক্সাৰ নাৰায়গুৰী, এলেঙামাৰী, কলপানী, ৰাঘববিল, বিশপানী, মৈথামাৰী, খাগ্ৰাবাৰী উত্তৰ খাগ্ৰাবাৰী, শিমুলবাৰী, গোৱৰ্দ্ধনা, গোৱৰ্দ্ধনা গাওঁ আৰু বৰপেটা জিলাৰ গামাৰীগুৰী, উত্তৰ ছাফাকামাৰ, ছাফাকামাৰ, কাটাঝাৰ, উত্তৰ কাটাঝাৰ আদি কৰি ডুমুনীলৈকে এই বৃহত অঞ্চলৰ গাওঁসমূহ আজি মানচিত্ৰৰপৰা নাইকিয়া হৈ গ’ল। বিগত ২০০৪ চনৰ পৰা গৰাখহনীয়াৰ কৱলত পৰি প্রায় তিনি সহস্রাধিক পৰিয়াল গৃহহাৰা হ’ল, হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি বেঁকীৰ বুকুত বিলিন হৈ গ’ল তথাপিওঁ পূৰ্বৰ কংগ্রেছ চৰকাৰ আৰু বর্তমানৰ বিজেপি চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। বেঁকীৰ এই প্রবল গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বিভিন্ন প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ২০১৫ চনত অক্টোবৰ মাহত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছৰ নেতৃত্বত আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰিছিল যদিও তদানিন্তন তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ গা লৰাব পৰা নাছিল। চলিত বছৰৰ জুলাই মাহৰপৰা গামাৰীগুৰী, উত্তৰ ছাফাকামাৰ গাওঁত ধাৰাবাহিক ভাৱে গৰাখহনীয়া অব্যাহত থকাৰ ফলত উত্তৰ ছাফাকামাৰ গাওঁৰ মুঠ ৮০ টা পৰিয়ালৰ ঘৰ-ভিটা জাহ গৈছে যদিও পূৰ্বৰ দৰে বৰ্তমানেও ভূক্তভোগী পৰিয়ালৰ খবৰ লোৱাৰ আহৰি পোৱা নাই স্থানীয় বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। আনকি বৰপেটা জিলা প্রশাসনৰ তৎপৰতাত আৰম্ভ হােৱা পাইলিং আৰু জিঅ’ বেগৰ কামো কুম্বকৰ্ণ নিদ্ৰাত থকা বিধায়ক গৰাকীৰ ছত্ৰছায়াতে স্তব্দ হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে। ইফালে ক্ষমতাত থকা সময়ত ৰাইজৰ খবৰ লোৱাৰ আহৰি নােপোৱা কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ ৰিপুন বৰাই কালি গোৱৰ্দ্ধনা অঞ্চলত উপস্থিত হৈ ঘৰিয়ালৰ চকুলোঁ টুকে। উল্লেখ্য যে উক্ত গড়কাপ্তানি পথছোৱা বেঁকীৰ বুকুত জাহ গ’লে বেঁকীৰ বাঢ়নী পানীয়ে কাটাঝাৰ, ছাফাকামাৰ, বংশিবাৰী, ভাটৌপুখুৰী, আইখাৰী, বিলাসীপাৰা,বুনমাজা, আটাগাওঁ, মৈৰাঝাৰ, গান্ধাৰীপাৰা, মেচপাৰা, বাৰাগুৱা, কুছিয়াখান্দা, কয়েমাৰী, বৰঘোপা, খুশ্রাবাৰী, নিমুৱা, ঢেকীয়াজনী আদি প্রায় অর্ধশতাধিক গাওঁ পানীৰ তলত বুৰ যোৱাৰ প্ৰবল সম্ভাৱনা নুই কৰিব নোৱাৰি।

বিস্তাৰিত পোৱাৰ বাবে তলৰ ভিডিঅ’ প্ৰত্যক্ষ কৰক—

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ