১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰে যোগাযোগ কৰিম, কেনেদৰে আমি বিনোদন কৰিম, কেনেদৰে আমি বিশ্বৰ খবৰ সংগ্ৰহ কৰিম। শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াই জনপ্ৰিয়তা লাভ কৰাৰ পিছত মানুহে প্ৰতিটো সৰু-বৰ কথা বা খবৰ ক্ষন্তেকৰ ভিতৰতে পাবলৈ সক্ষম হৈছে। পূৰ্বতে আমেৰিকাৰ দৰে ধনী দেশৰ বাবে দেশৰ প্ৰতিটো কথা ক্ষন্তেকৰ ভিতৰতে জনাটো সম্ভৱ আছিল যদিও বৰ্তমান সমগ্ৰ বিশ্বই ইন্টাৰনেটৰ সহায়ত এই লাভ পাবলৈ সক্ষম হৈছে। এই সম্পৰ্কে স্পষ্ট ধাৰণা এটা পাবলৈ হ’লে উল্লেখ কৰিব লাগিব যে স্মাৰ্ট ফোনৰ গৰাকীসকলক বাদ দি বৰ্তমান বিশ্বৰ প্ৰায় ৬০ শতাংশ মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে আৰু প্ৰত্যেকে গঢ়ে প্ৰতিদিনে প্ৰায় ৩ ঘন্টাকৈ ইন্টাৰনেটৰ সুবিধা গ্ৰহণ কৰে। ১৯৯৩ চনত সমগ্ৰ বিশ্বতেই সৰ্বমুঠ ৱেব ছাইট আছিল মাথো ১৩০ টা ২০১২ চনত এই সংখ্যাই আকাশ চুই ৬৩৪ বিলিয়ন হ’লগৈ।
বিশ্বৰ এই গতিৰ সমান্তৰালকৈ আমি অসমৰ মানুহে আশানুৰূপ আগবাঢ়িব পৰা নাই। সৌ সিদিনালৈকে ৱেবছাইট নাইবা ইন্টাৰনেটত অসমীয়া লিপি বা ভাষা বিচাৰি পোৱা দুৰূহ আছিল। শেহতীয়াকৈ অসমৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাৰ ফলত এই কাম সাধ্য হৈছে। তথাপিও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেটত যথেষ্ট সীমাবদ্ধতা আছে।
সিযিকি নহওঁক, আমি জানো যে ভাৰতীয় গণতন্ত্ৰ মূল চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। ন্যায় পালিকা, কাৰ্য পালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই সংবাদ মাধ্যমে নিজৰ দায়িত্ব ঠিক মতে পালন নকৰিলে গণতন্ত্ৰত ঘূণে ধৰিব। সংবাদ, সাংবাদিকে সমাজ এখনক প্ৰগতিৰ পথত যেনেদৰে আগুৱাই লৈ যাব পাৰে একেদৰে এন্ধাৰৰ ফালেও ঠেলি দিব পাৰে। সংবাদ মাধ্যম অথবা¸ সাংবাদিকে নিৰপেক্ষতাৰ পৰা ফালৰি কাটিলে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। দুৰ্ভাগ্যজনক ভাবে দেখা গৈছে ভাৰবৰ্ষৰ বহু এনে সংবাদগোষ্ঠী আছে যিসকল মুঠেই নিৰপেক্ষ নহয়। একাংশ সংবাদ মাধ্যমে ৰাইজৰ পক্ষত থকাৰ দোহাই দি সাম্প্ৰদায়িক আৰু ভুল বুজাবুজিৰ সৃষ্টিকাৰীসকলৰ লগত একাকাৰ হৈ পৰিছে। ইয়াৰ কাৰণো আছে। সংবাদ মাধ্যম আৰু সাংবাদিক বহুতেই কোনোবা মালিকৰ গোলাম অথবা মুদ্ৰাৰ প্ৰীতিত স্বকীয়তা জলাঞ্জলি দিবলৈ বাধ্য হোৱা বুলি বহুতেই ক’ব খোজিলেও সঁচা কথাটো এই যে, বাধাবিহীন ভাবে সংবাদ মাধ্যম এটাই আগবাঢ়ি যাবলৈ এশ এবুৰি সমস্যাই আগুৰি ধৰে। সমস্যাসমূহৰ মাজত অৰ্থৰ সমস্যাই আটাইতকৈ বৃহৎ। তাৰ পিছত সংবাদ সংগ্ৰহ আৰু মানুহৰ মাজলৈ ইয়াক লৈ যোৱাৰ প্ৰসঙ্গ। আৰু এই সকলোবোৰ কথা প্ৰভাবিত কৰে টকাই। অৰ্থ বা টকা অবিহনে কাকত বা বৈদ্যুতিন মাধ্যম চলাই লৈ যোৱা কিমান কঠিন এই যন্ত্ৰণাৰ সমভাগীসকলে বুজি পাব। শুদ্ধ আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা বহু সংবাদ মাধ্যম শেষত সংকটৰ মোকাবিলা কৰিব নোৱাৰি হয়তো কলিতে মৰহি যায় অথবা নিজৰ নীতি-আদৰ্শৰ পৰা ফালৰি কাটি যায়। ফলত সংবাদ মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা আৰু বিশ্বাস ক্ৰমাৎ নাইকীয়া হৈ পৰিব ধৰিছে।
‘সংবাদ প্ৰহৰী’ এই ক্ষেত্ৰত ব্যতিক্ৰম। ‘সংবাদ প্ৰহৰী’ নামৰ ৱেব মিডিয়াখনে অসমৰ সংবাদ জগতৰ লগত জৰিত এটা প্ৰতিষ্ঠিত নাম। এই ‘সংবাদ প্ৰহৰী’ প্ৰথমে সাপ্তাহিক হিচাপে বৰপেটা জিলাৰ হাউলীৰ পৰা প্ৰকাশ পাইছিল আৰু পৰৱৰ্ত্তী সময়ত বৰপেটাৰোডৰ পৰা প্ৰকাশিত হৈছিল। সম্পূৰ্ণ নিজৰ মতে চলা আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা মাথো এজন মানুহে এই সংবাদ মাধ্যমখন জীয়াই ৰাখিছে। অসংখ্য ঘাত-প্ৰতিঘাতৰ মাজেৰে সংবাদ প্ৰহৰী সাপ্তাসিক হিচাপে প্ৰকাশ পাইছিল। অৰ্থ সংকটে সাপ্তাহিকখনৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকক বাৰে বাৰে নিজৰ পথৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিও হাৰ মনাব পৰা নাছিল। তেওঁ ‘কৰিমেই, যি হয় হ’ব’ বুলি সদায় মনোবলেৰে আগবাঢ়ি গৈছিল।
স্মৃতি আওৰাই থকাৰ বয়স যদিও হোৱা নাই তথাপিও এই ছেগতে কিছু কথা প্ৰকাশ কৰিব লাগিব। মই সদায় এটা কথা বিশ্বাস কৰো আৰু বিভিন্ন সভাতো কওঁ যে, আমাৰ পূৰ্বজসকলে বহু ভুল কৰি থৈ গ’ল, আমি তেওঁলোকৰ পদাংক অনুসৰণ কৰিলে নহ’ব, সেইবোৰ সুধৰাব লাগিব। আমি প্ৰগতিশীল চিন্তাৰে আগবাঢ়িব লাগিব। আমি বহুত বেছি কাম কৰিব লাগিব। জাতীয় অগ্ৰগতি লাভৰ বাবে প্ৰকৃতাৰ্থত সকলো দিশ সামৰি সংগ্ৰাম কৰিব লাগিব। অধিকাংশ সংবাদ মাধ্যম যেতিয়া নিজৰ কৰ্তব্যৰ কথা পাহৰি পেলাইছে সেই সময়ত ৰাইজৰ মাজলৈ শুদ্ধ আৰু সঠিক তথ্যবোৰ লৈ যাব লাগিব, এইটোও সংগ্ৰামৰেই এটা অংশ।
সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াৰ লগত মোৰ ২০১২ চনত প্ৰথম সাক্ষাৎ হৈছিল। তেওঁৰ জৰিয়তেই মই সংবাদ জগতৰ লগত পৰিচয় লাভ কৰিব পাৰিছিলো। তেওঁ কিবা এটা ব্যতিক্ৰম চিন্তা কৰিব পাৰে বুলি জানিছিলো। কাৰণ তেওঁ যেতিয়া ‘ছেভ’ নামৰ বেচৰকাৰী সংস্থা এটা খুলিছিল তেতিয়া তেওঁ বৰপেটাৰোডত এখন ভাড়াঘৰত থাকে। মই তেওঁৰ লগত ছাঁৰ দৰে লাগি থাকো। মই তেওঁৰ পৰা বহু শিকিব লগা আছিল। বহু কথা শিকিছিলো। ‘ছেভ’ৰ উদ্যোগত আমি প্ৰথমে স্মৃতিচাৰণ সভা এখন কৰিছিলো। তেতিয়াই তেওঁ প্ৰকাশ কৰিছিল ‘ছেভ’ৰ জৰিয়তে তেওঁ কাকত ওলাব, বিদ্যালয় খুলিব, ফিল্ম প্ৰস্তুত কৰিব ইত্যাদি। কথাবোৰ তেতিয়া মানিবলৈ কঠিন আছিল। কাৰণ তেতিয়া প্ৰায়ে সাহিত্যিক হাইদৰ হুছেইনৰ আত্মজীৱনীৰ পাতৰ কথাবোৰ আমাৰ জীৱনত প্ৰতিফলিত হোৱা দেখা পাইছিলো। এক কথাত এক কেজি চাউলৰ চিন্তা মূৰৰ পৰা আঁতৰাব পৰা সক্ষমতা আমি দুটাৰ নাছিল। তাৰ মাজতো মনোবল দৃঢ় আছিল। কিছুদিন পিছত তেওঁ বৰপেটাৰোডৰ পৰা হাউলী লৈ স্থানান্তৰিত হ’ল। যদিও সকলোকে আচৰিত কৰি হঠাৎ এদিন খবৰ পালো যে তেওঁৰ অক্লান্ত প্ৰচেষ্টাত হাউলীৰ পৰা সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ প্ৰকাশ পাই আছে।
কিছুদিন পিছত তেওঁ হাউলীৰ পৰা পুনৰ বৰপেটাৰোডলৈকে স্থানান্তৰিত হ’ল। তেওঁৰ সহধৰ্মীনী ছৈয়দ ছানিয়াৰা পাৰবিনে চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিলে। আমি পুনৰ এখন কাৰ্যালয় লৈ সংবাদ প্ৰহৰীৰ কাম কৰিবলৈ ল’লো। কিছুদিন ভালদৰে চলিল। কিন্তু বাৰে বাৰে অৰ্থ সংকটে আমাক বিকল্প চিন্তা কৰিবলৈ সদায় বাধ্য কৰাইছিল। ঘটনাক্ৰমত আমাৰ যোগাযোগ হৈছিল তেতিয়া কলগাছিয়াত বাসকৰা মইন উদ্দিন দাৰ লগত। তেওঁৰ লগত আলোচনা কৰি আমি ইন্টাৰনেটৰ প্ৰশিক্ষণ শিবিৰ এটা মুকলি কৰিলো। শিবিৰৰ পৰা আমাৰ ব্যৱসায়িক ভাবে লোকচান হ’ল যদিও তাৰ পৰা আমাৰ এটা নতুন চিন্তা কৰিব পৰা দিশ উলাল। ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াই সদায় এটা কথা কৈছিল যে আমি এটা ‘নিউজ ষ্টৰেজ’ বনাব লাগে য’ত অসমৰ প্ৰতিটো বাতৰি পোৱা যাব, যাৰ পৰা আমি প্ৰয়োজন সাপেক্ষে বাতৰি কাকতক যোগান ধৰিব পাৰিম। সেই চিন্তা বাস্তবায়িত কৰা আমাৰ বাবে বহু কঠিন কাম আছিল যদিও ইন্টাৰনেটৰ সহায়ত বাতৰি যোগান ধৰাৰ পথ লাভ কৰিলো। প্ৰথমে অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত একেলগে www.neonline.in মুকলি কৰিলো। তাৰ পিছত জামানুৰ ডাঙৰীয়াই তেওঁৰ সংবাদ প্ৰহৰীক ৱেব মেডিয়ালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেতিয়াৰ পৰা আৰম্ভ হ’ল এক নতুন যাত্ৰা। কেইমাহমান এই ৱেব মেডিয়াৰ চূড়ান্ত ৰূপ দিয়াত পাৰ হ’ল। শেষত তেওঁ গুৱাহাটীত থাকি সংবাদ সেৱা কৰাৰ সিদ্ধান্ত ল’লে। সেই সিদ্ধান্ত মৰ্মেই আজি এবছৰ পাৰ হ’ল।
তৃতীয় বৰ্ষপূৰ্ত্তিৰ এই শুভক্ষণত সত্য আৰু ন্যায়ৰ সপক্ষে আপোচহীন যাত্ৰা অব্যাহত থকা সংবাদ প্ৰহৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।
0 comments:
Post a Comment