Monday, February 12, 2018

গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সকলো স্থানতেই সন্মান লাভ কৰে৷ আমাৰ শিক্ষা গুৰুসকলে অস্বীকাৰ কৰিলেও আজিৰ প্ৰগতিশীল নৱ প্ৰজন্মই তেওঁলোকক আদৰ্শ হিচাপে লৈ চলিবলৈ যত্ন কৰে৷ মোৰো কেইবাজনো প্ৰিয় ব্যক্তি গুৱাহাটী বিশ্ববিদ্যলয়ত শিক্ষাদানৰ লগত জড়িত৷ এই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যত কালিমা সানি এগৰাকী সাম্প্ৰদায়িক ব্যক্তিয়ে অসমৰ পিতৃপুৰুষক চৰম অপমান কৰিলে৷ তথাপিও আমিবোৰে নিৰৱতা অৱলম্ভন কৰিলো৷ আৰএছএছৰ হাতত বিক্ৰী যোৱা অসমৰ তথাকথিত জাতীয়তাবাদ আৰু জাতীয় নায়কেও নিৰৱে-নিৰ্লজ্জ ভাবে সকলো কথা সমৰ্থন কৰিলে৷ যিসকল লোকক আমি সদায় সন্মান কৰো সেইসকল উপাচাৰ্যয়ো কৃষ্ণ গোপাল নামৰ বিকৃত মানসিকতাৰ ব্যক্তিক সমৰ্থন কৰি আমাক লজ্জানত কৰিলে৷ সকলোৱে জানে যে সভাখনত—
মহাপুৰুষ শংকৰদেৱে অসমৰ বাবে একো লিখা নাছিল, ভাৰতৰ বাবেহে লিখিছিল৷ বৰগীত নহয়, ভজনহে লিখিছিল শংকৰদেৱে ৷ 
সুধাকন্ঠই কেৱল গংগাক লৈহে গীত লিখিছিল, লুইতক লৈ নহয়৷ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমখনক ৰক্ষা কৰিছিল৷— এনে ধৰণৰ কিছুমান উদ্ভট মন্তব্যৰে গুৰুজনাৰ লগতে ভুপেন দাকো অপমান কৰি থৈ গ’ল কৃষ্ণ গোপাল নামৰ এজন আৰএছএছ নেতাই(?) ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এখন সভাত খোদ মুখ্যমন্ত্ৰীৰ লগতে ভালেকেইগৰাকী শিক্ষাবিদ তথা বুদ্ধিজীৱীৰ উপস্থিতিত এনেধৰণৰ কথা কৈ গ’ল অথচ কাৰো সৎ সাহস নহ’ল ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৷
শেহতীয়াকৈ এই বিষয়টো লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ প্ৰগতিশীল ছাত্ৰ-ছাত্ৰীয়ে সামান্য পৰিমাণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ 
এই ক্ষেত্ৰত মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লগত সংগতি ৰাখি দিল্লীত অনুষ্ঠিত এখন সভাত এগৰাকী বক্তাই বক্তব্য দিয়াৰ সময়ত মাথো উপস্থিত থকাৰ অপৰাধত (যদিও তেখেতে প্ৰতিবাদ কৰিছিল) অসমৰ স্বনামধন্য বুদ্ধিজীৱী, বৌদ্ধিক আন্দোলনৰ পিতামহ হীৰেণ গোহাই ছাৰক হেয় প্ৰতিপন্ন কৰাৰ বাবে একাংশ সংবাদ মাধ্যমে যৎপৰনাস্তি চেষ্টা চলাইছিল৷ অধিকাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম উত্তপ্ত কৰি অপমানসূচক মন্তব্য, বক্তব্য প্ৰকাশ কৰা হৈছিল৷ আনকি তেখেতক অসম আৰু অসমীয়াৰ সত্ৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত অৱত্তীৰ্ণ হৈছিল একাংশ নিকৃষ্ট আৰু সাম্প্ৰদায়িক মানসিকতাৰ লোকে৷ এটা কথা ঠিক যে অসম আৰু অসমীয়া জাতীয়বাদক বহু পূৰ্বেই দিল্লীয়ে নিয়ন্ত্ৰণ কৰাৰ যি অপচেষ্টা অব্যাহত ৰাখিছিল সেই অপচেষ্টাক চেষ্টাৰ ৰূপ দিয়াই নহয় বাস্তবায়িত কৰাৰ বাবে বৰ্তমানে অসমৰ জাতীয় নায়কে যে উলঙ্গ হৈ নাচিছে সেই কথা শেহতীয়া কৰ্ম-কাণ্ডৰ পৰাই বুজিব পাৰি৷

মোৰ স্পষ্ট মত— অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বাধিক কষ্ট স্বীকাৰ কৰা, অসমীয়া জাতিৰ ভেটি নিৰ্মাতা মহাপুৰুষ শংকৰ দেৱৰ মহান সৃষ্টিৰাজিক বিকৃত ৰূপ দিয়াৰ পিছতো যদি কাৰো গাৰ তেজত জোকাৰণি অনুভৱ নকৰে তেন্তে তেওঁ অসমীয়া হৈ থকাৰ নৈতিক অধিকাৰ হেৰাই পেলাব৷

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ