Thursday, March 22, 2018

ডিটেনশ্বন কেম্প

তোমাক পেটত লৈ মহিলাজনীয়ে
লাজে-ভয়ে খোজ কাঢ়িছিল মানুহৰ মাজত
তোমাক জন্ম দিয়াৰ বাবে এজন পুৰুষে
ঔৰসত জমা কৰিছিল শক্তি

তুমি সূৰ্যৰ মুখ দেখি কান্দিছিলা
তেওঁলোকে হাঁহিছিল৷
তুমি খোজকাঢ়িব শিকিছিলা
কথা ক’বলৈ শিকিছিলা
আৰু গান গাইছিলা ফাগুণ-বসন্তৰ৷

তুমি সপোন দেখিছিলা নাগৰিকৰ দৰে
অন্ন, বস্ত্ৰ, বাসস্থানৰ৷

সপোন কুঁৱৰীৰ মায়াবী চকুত
তুমি হেৰুৱাব খুজিছিলা মতলীয়া বসন্ত . . .
তোমাৰ হেঁপাহৰ নাওখনি বাই যোৱাৰ কথা আছিল
লুইতৰ বুকুৰে আলোকৰ যাত্ৰালৈ

তোমাৰ বীৰ্যই নাম পোৱাৰ সপোন আছিল তোমাৰ
কিন্তু সেইবোৰ বিষাক্ত বতাহে হানি-খুচি হত্যা কৰিলে
দিনৰ পোহৰত, সকলোৰে সন্মুখত৷

তোমাৰ অপেক্ষাত যেতিয়া ৰৈ আছিল
এন্ধাৰ কোঠালি এটা
এদিন তুমি নজনাকৈয়ে
হেৰুৱাই পেলাইছিলা তোমাৰ ঠিকনা৷
তেওঁলোকৰ লগত তোমাৰ তেজৰ কোনো পাৰ্থক্য নাছিল
কিন্তু তেওঁলোকে আকাশখন ভাল পায়
তেওঁলোকে খবৰ ৰাখিব পাৰে শৰৎ, হেমন্ত, শীত আৰু বসন্তৰ৷

তোমাৰ লগত যে চকুলোৰ নদী বোৱায় ‘লতিফ চাচা’
তেওঁৰ পুত্ৰয়ো গান গাব শিকিছে
জাতীয় সংগীত গাই পুৰষ্কাৰ বুটলিছে তেওঁৰ নাতিনীয়ে
‘খালেক’ৰ কণমানিজনীয়ে খোজ কাঢ়িব শিকিছে
ফুটা-নুফুটা মাতেৰে
‘দেউতা’ বুলি মাতিবলৈ
তেওঁলোক যে আজি কাষত নাই
কাৰণ তোমাৰ দৰে
তেওঁলোকৰো ঠিকনা এতিয়া ‘ডিটেনশ্বন কেম্প’৷

===================================

ডিটেনশ্বন কেম্প

তোমাৰে পেটে নিয়া বেটিয়ে
লজ্জা-ডৰে আ্যইটা গেতো মানুষেৰ ভিৰে
তোমাৰে জন্ম দিয়াৰ জনতে একজন পুৰুষে
জমা কৰছাল শক্তি ঔৰসে

তুমি সূৰ্যৰ মুখ দেইখা কান্দিছিলা
অৰা হাঁসছিলো৷
তুমি আ্যইটা যাৱা শিকছিলা
কথা কওৱা শিকছিলা
আৰ গাণ গাইছিলা ফাল্গুন-বসন্তেৰ৷

তুমি সপ্ন দেখছিলা নাগৰিকেৰ মতই
অন্ন, বস্ত্ৰ আৰ বাসস্থানেৰ৷

সপ্নেৰ ৰাণীৰ মায়াবী চখে
তুমি হাৰাবাৰ চাইছিলা পাগলা বসন্তে . . .
তোমাৰ আদৰেৰ নাওডা বাইয়া যাৱাৰ কথা আছিলো
লুইতেৰ বুক দিয়া আলোৰ দেশে

তোমাৰ বীৰ্যই নাম পাৱাৰ সপ্ন আছাল তোমাৰ
কিন্তু সেইন্না বিষাক্ত বাতাহে হাইনা-খুইচা হত্যা কৰলো
দিনেৰ পোহৰে, সব্বেৰ সামনে৷

তোমাৰ অপেক্ষায় যেসুম ৰৈয়া আছাল
আন্ধাৰ ঘৰ একটা
একদিন তোমাৰ অজ্ঞাতেই
হাৰাইয়া ফালাইছিলা তোমাৰ ঠিকানা৷

অগৰ লগে তোমাৰ ৰক্তৰ কোনো পাৰ্থক্য আছিলনা
কিন্তু অৰা আকাশৰে ভালো পায়
অৰা খবৰ ৰাখে শৰৎ, হেমন্ত, শীত আৰু বসন্তেৰ৷

তোমাৰ লগে যে কাইন্দা নদী বাসায় ‘লতিফ চাচা’
উনাৰ পুলায়ো গাণ গাৱা শিকছে
জাতীয় সংগীত গাইয়া পুৰষ্কাৰো পাইছে তাৰ নাতিনে
‘খালেকে’ৰ বাচ্চাও হাইটা যাৱা শিকছে
ফুটা-নাফুটা কইৰা
‘বাবা’ বুইলা ডাক দিয়াৰ জনতে 
অৰা যে আইচকা বুগলে নাই
কাৰণ তোমাৰ মতন
অগৰেও ঠিকানা এহন ‘ডিটেনশ্বন কেম্প’৷




Related Posts:

  • আৰাকাণ ছদ্মবেশী পনিৰ-ছয়াবীন আৰু অহিংসা(?)ৰ পূজাৰী কণিতো থাকে প্ৰাণ (!) মাছ, মঙহ একো নাখায় সিহঁতে— চুলি খুড়াই ৰূপ লৈ ভীক্ষুৰ  সেৱা কৰিছে আত্মাৰ কিন্তু পাণ কৰিছে যুৱতী-উলঙ্গ নাৰীৰ ৰক্ত শিশুৰ কলিজা ৰোহিঙ্গাৰ দেহ৷ … Read More
  • যুদ্ধ এখন লাগিবই। অসম্পাদিত কবিতাৰ শব্দবোৰ জঞ্জাল লগামগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মইকবিবোৰক দেখিলেওৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸শব্দৰ সাগৰত খেলি থাকি  মুঠেই ভাল নালাগে এতিয়া। … Read More
  • ত্ৰাণকৰ্তা আজিৰ পৰা ৩৯ বছৰ আগত এটা সপোন দেখিছিল  সেইসময়ৰ তেজাল যুৱ চাম আৰু বৌদ্ধিক মহলে, সেই সপোনৰ লগত সহযোগ কৰিছিল সহস্ৰজনে৷  নিজৰ জীৱন উচৰ্গা কৰি দিছিল ২২ গৰাকী বীৰ পুৰুষে, ঘূণীয়াও হৈছিল বহুজনে৷ তেওঁলোকৰ আত্মাই শান্তি… Read More
  • শুই থকা চহৰখন নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি। কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হা… Read More
  • তুমি নাই বাবেই তুমি থাকিলে পাৰ নকৰিলে হেঁতেন বুভুক্ষ জনতাই  নিৰ্জন নিশা। এতিয়া শব্দবোৰ বজ্ৰ হ’ল অনাদৰে অৱহেলায় গানগোৱা  মাটিৰ কলিজাবোৰ এতিয়া নষ্ট নাৱিকৰ কোলাহলত জ্বলি জ্বলি ছাই কৰি খাই গৈছে অজস্ৰ উজাগৰি কা… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ