ৰ’দৰ কোলাত মোৰ উলংগ দেহ
অসংখ্য কোলাহলৰ মাজত
জীৱনৰ ৰং বিচাৰি যাওঁ
নিৰাশাৰ চাদৰ মেৰিয়াই
এতিয়া ফাগুণ আৰু বসন্তবোৰ
নিসংগতাৰ অন্য নাম
বিবশ্ৰ হওঁতে এসময়ত লাজ লাগিছিল
এতিয়া সাধাৰণ অভ্যাসহে মাথো
-----------
তেওঁলোকে প্ৰতিদিনে মোৰ চোলা খুলে
লিৰিকি বিদাৰি চায় মোৰ শৰীৰৰ অঙ্গ
মোৰ পিঠিত হেনো কাঁটা তাৰৰ চিন বিদ্যমান
মই হেনো জিভা কটা নষ্ট মানুহ।
মূৰৰ জাপিখন . . .
মোৰ কান্ধৰ গামোছাখন বোলে তেওঁলোকৰ।
বালিবোৰ খান্দি আছো বহু দিনৰ পৰা
বিচাৰি মোৰ আদি পুৰুষৰ কংকাল
মোৰ পৰিচয় পোত খাই আছে শুকান বালিৰ তলত৷
তিৰাশীৰ ছাইবোৰ, চৌৰানব্বৈৰ ধোৱাবোৰ
একবিংশ শতিবাৰ কংকালবোৰ
ধুই নিছে নিষ্ঠুৰ বৰষুণ জাকে...
মোৰ মূল্যহীন আৰ্তনাদ শুনি
অট্টহাস্য মাৰিবলৈ ৰজা নাই, জমিদাৰ নাই
শ্ৰেণী বিপ্লৱৰ সেই ধ্বজা নাই
‘নাঙল যাৰ, মাটি তাৰ’ ক’বলৈ ভাসানীও নাই,
ভণ্ডৰে ভৰি পৰিছে মোৰ চৌপাশ৷
মুখা পিন্ধা ভদ্ৰলোকবোৰে দৰ-দাম কৰিছে
মোৰ কলিজাৰ ৷
মই ৰ’দৰ কোলাত সমৰ্পণ কৰিছো মোৰ উলংগ দেহ
আৰু তেওঁলোকে কাঢ়িলৈছে মোৰ অন্ন, বস্ত্ৰ, বাসস্থান....৷
0 comments:
Post a Comment