Saturday, April 7, 2018

পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ
 অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু

৭ এপ্ৰিলঃ
অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভোটাতৰা স্বৰূপ মুনীন বৰুৱা দেবৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে৷ অসমীয়া চিনেমাৰ বেয়া দিনৰ সময়ত যৌবনে আমনি কৰে চিনেমাখনে আশাৰ সঞ্চাৰ কৰিছিল৷ তাৰ কেইবছৰ মান পিছত মেৰী লস্কৰৰ (প্ৰযোজিকা) সাহসী প্ৰচেষ্টাত মুনিন বৰুৱা, জুবিন গাৰ্গ আৰু যতীন বৰা ত্ৰিমুৰ্তীয়ে এখনৰ পিছত আন এখন চুপাৰহিত ছবি ৰাইজক উপহাৰ দি অসমীয়া ছবিজগতৰ ধাৰা সলনি কৰি দিছিল। তেওঁৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক দুঃখবৰ বুলি উল্লেখ কৰি এক শোকবাৰ্তাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে— মুনিন বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ অপূৰণীয় ক্ষতি কৰিলে৷ তেওঁ অসমীয়া চিনেমা জগতত এগৰাকী 'নায়ক' হৈ সদায়েই জিলিকি থাকিব উল্লেখ্য যে অসমীয়া ভাষাৰ ছবিৰ জনপ্ৰিয় তথা চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নিশা ১ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নিজগৃহত ইহসংসাৰ ত্যাগ কৰে। মুনিন বৰুৱা এজন সফল নাট্যকাৰ তথা নাট পৰিচালক আছিল ৷ "প্ৰতিমা" পৰা আৰম্ভ কৰি শেহতীয়া "প্ৰিয়াৰ প্ৰিয়" লৈকে বহুকেইখন চিনেমা নিৰ্মান কৰা বৰুৱাদেৱৰ জনপ্ৰিয় চিনেমা সমুহৰ ভিতৰত পিতা পুত্ৰ, পাহৰি কন্যা,প্রভাতী পখীৰ গান,বোৱাৰী,কাল সন্ধ্যা,হিয়া দিয়া নিয়া,নায়ক,দাগ,বিধাতা,ৰং,অধিনায়ক বাৰুদ,কন্যাদান, দীনবন্ধু, ৰামধেনু আদি অসমীয়া চলচ্চিত্ৰৰ অনবদ্য সংযোজন। উল্লেখযোগ্য যে দীনবন্ধু চিনেমাই ৰাষ্ট্ৰপতি বটা আজুৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত সুমতাই গোলাঘাট জন্ম গ্ৰহণ কৰা মুনিন বৰুৱা আমাৰ বাবে অভিভাবক সদৃশ আছিল৷ ৰাজ্য চৰকাৰে তেখেতক যথোচিত সন্মান প্ৰদৰ্শন কৰাৰ বাবে আমছুৱে দাবী জনায়৷ 

Related Posts:

  • বৰপেটাৰােডত আমাছুৰ সম্বর্ধনা অনুষ্ঠান ‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’ ১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে… Read More
  • গোৱৰ্দ্ধনাত উত্তেজনা, আক্রান্ত ৰাইজৰ মুখামুখী হােৱাৰ সাহস নহ’ল মন্ত্রী প্রমীলাৰ আজি প্রতিবাদী সভা, ঘটনাস্থলীত নৱ শৰণীয়া, উত্তেজনা বৰপেটাৰোড, ২০ আগষ্টঃ আজি সন্ধিয়া প্রায় ৬ বজাত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই গোৱৰ্দ্ধনাৰ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৰপেটাৰাে… Read More
  • বৰপেটাৰােড-মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগত যোগাযোগ বিচ্ছিন্ন গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল ১৮ আগষ্ট, ২০১৭ঃ যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি … Read More
  • বাক্সাত সংখ্যালঘু কৃষকক নিৰ্মম হত্যা, হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায়… Read More
  • হিমন্তৰ উদ্ভট মন্তব্য বিৰোধিতা আমছুৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুক… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ