Monday, February 11, 2019

প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা একাংশ
১০ ফেব্ৰুৱাৰী তাৰিখে বৰপেটাৰোডৰ গ্ল’বেল ইনষ্টিটিউটত পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তিৰ শুনানীৰ সময়ত ভূক্তভোগী লোকক সহায় কৰাৰ বাবে প্ৰায় ৪০ গৰাকী স্বেচ্চাসেৱকক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হয়। ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’ব লগা শুনানীৰ জৰিয়তে দাবী দাখিল কৰা লোকৰ দাবী বা আপত্তিৰ নিষ্পত্তি অনুষ্ঠিত হ’ব। ইতিমধ্যে শুনানীৰ বাবে জাননী সমূহ ৰাইজে লাভ কৰি আছে। সৰ্বসাধাৰণ ৰাইজে ইয়াৰে বহু বিষয় জ্ঞাত নহ’ব পাৰে। দাবী/ আপত্তি দাখিল প্ৰক্ৰিয়াত ৰাইজে সেচ্ছাসেৱকৰ কাষ চাপিছিল¸ এতিয়া ওলোটা দেখা গৈ আছে। গতিকে বহু সমস্যাৰ সমাধানসূত্ৰ বিচাৰি নাপাব। সেয়েহে এই বিষয়বোৰ বিস্তাৰিত ভাবে আলোচনা কৰি ৰাইজক সজাগ কৰাৰ কামত মনোনিবেশ কৰিবৰ বাবে উক্ত শিবিৰত আলোচনা কৰা হয়। 
প্ৰশিক্ষাৰ্থীসকলৰ একাংশ

মিছাল নামৰ বেচৰকাৰী সংস্থা আৰু এ পি আই চি আৰৰ যৌথ উদ্যোগত অনুষ্ঠিত শিবিৰত অধিবক্তা জাহিৰ আব্বাছে নাগৰিকত্ব আইন কিভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত প্ৰয়োগ হয় সেই বিষয়ে বিস্তাৰিত ভাবে আলোকপাত কৰে৷ তেওঁ উল্লেখ কৰে যে- ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃ উভয়ৰ নাম অন্তৰ্ভূক্ত হ’লে বা ভাৰতীয় হিচাপে প্ৰমাণ হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত সন্তানৰ নাম অন্তৰ্ভূক্ত হ’ব৷
অধিবক্তা জাহিৰ আব্বাছ
শিবিৰত ‘শিপাৰ সন্ধান’ কৰে এক্টিভিষ্ট আব্দুল কালাম আজাদে৷ অসমত দৰিদ্ৰ সৰ্বসাধাৰণ জনতাই বিভিন্ন সময়ত, কাপোৰ, খাদ্য আৰু ভাষাৰ নামত বাৰম্বাৰ অত্যাচাৰৰ মুখামুখী হোৱা লোকসকলৰ পৰিৱৰ্তনৰ বাবে কাম কৰিবলৈ দিহা পৰামৰ্শ প্ৰদান কৰে৷ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত খাপখোৱাই আগোৱাই যোৱাৰ বাবে প্ৰতিজন জনতাই মানসিক নিৰাপত্তা লাভ কৰা অত্যন্তই প্ৰয়োজনীয়৷ এনে নিৰাপত্তা লাভ কৰাৰ বাবে অধিকাৰৰ বিষয়ে মানুহে জ্ঞাত হ’ব লাগিব আৰু নিজৰ পৰিচয় মনত ৰাখিব লাগিব বুলি ব্যক্ত কৰে৷ 
এক্টিভিষ্ট আব্দুল কালাম আজাদ

প্ৰশিক্ষণ শিবিৰৰ মুখ্য আয়োজক সাজাহান আলী আহমেদে এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়াত ভূক্তভওগী বৈধ ভাৰতীয় জনসাধাৰণক কিদৰে সহায় কৰিব সেইবোৰ সাঙুৰি প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে। শুনানীৰ সময়ত সকলোবোৰ নথি যেনে- মূল আবেদন প্ৰ-পত্ৰ আৰু তাৰ লগত প্ৰদান কৰা সকলো নথি-পত্ৰ, বংশবৃক্ষ, দাবী প্ৰ-পত্ৰ আৰু এনআৰচি সম্পৰ্কীয় সকলো নথি-পত্ৰ লৈ হাজিৰ হ’ব লাগিব৷ তাৰ বাবে সকলোকে এই বিষয়বোৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আহ্বান জনায়। অনাগত সময়ত সমগ্ৰ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিভিন্ন দিশ সাঙুৰি এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আৰু ৰাইজক সহায় কৰাৰ বাবে আহ্বান জনোৱাৰ লগত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে আহমেদে।

সাজাহান আলী আহমেদ


তলৰ লিংকত ভিডিঅ প্ৰশিক্ষণ গ্ৰহণ কৰক ঃ 



১২ জানুৱাৰীত গণ অধিকাৰ কাকতত প্ৰকাশিত বাতৰি


0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ