Monday, February 11, 2019

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত—

মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ

প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাৰ পিছতো নাম বাদ পৰিল—

মালেকা খাতুন (৪২), বৰপেটা জিলাৰ বগুৰীগুৰী গাওঁত স্বামী ছামছুল হকৰ লগতে মুঠ চাৰি (আন দুগৰাকী কন্যাৰ বিয়া হৈছে) গৰাকী সন্তানৰ লগত বাস কৰি আছিল৷ ১৯৯৭ চনত মালেকা খাতুনক ‘ডি ভোটাৰ’ হিচাপে চিহ্নিত কৰিছিল৷ ০৯-০৩-২০১৭ তাৰিখে বৰপেটাৰ ৮ নং বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান লাভ কৰে৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা ‘ডি ভোটাৰ’ বুলি দেখুৱাই নাম বাদ পেলোৱা হয়৷ কৃষিজীৱী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী নিৰক্ষৰ, শ্ৰমিক ছামচুল হকে (৪৬) ১৫ নৱেম্বৰ, ২০১৮ তাৰিখে মানসিক ভাগে ভাগি পৰে আৰু আত্ম হত্যা কৰে৷
--------------------------------------------------------------------------------
প্ৰকৃততে ডি নোহোৱা লোকক বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন বুলি দেখুৱালে—

বাক্সা জিলাৰ  খুশ্ৰাবাৰী গাওঁৰ  জলিল আলীৰ পুত্ৰ ছুৰহাব আলী (৬০) এন আৰ চিত নাম অন্তৰ্ভূক্ত  কৰাৰ বাবে পিতৃৰ নামত থকা ‘এন আৰ চি ১৯৫১’ লিগেছি নথি হিচাপে আৰু নিজৰ নামত থকা ভোটাৰ পৰিচয়পত্ৰৰ সহায়ত আবেদন জনাইছিল৷ কিন্তু তেওঁক বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন বুলি দেখুৱাই চূড়ান্ত খচৰা তালিকাৰ পৰা নাম পেলোৱা হৈছে৷ তেওঁৰ লগতে একে আবেদন পত্ৰত থকা তেওঁৰ ৮ গৰাকী সতি-সন্তুতিৰ নাম বাদ পেলোৱা হৈছে৷
--------------------------------------------------------------------------------

ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তি

বাক্সা জিলাৰ মটঙা গাওঁৰ আবেদ আলী (৬০)৷ তেওঁ নিজৰ নামৰ ১৯৭১ চনৰ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন দাখিল কৰিছিল৷ কিন্তু তেওঁক ‘ঘোষিত বিদেশী’ ব্যক্তি বুলি দেখুৱাই নাম বাদ পেলোৱা হৈছে৷ তেওঁৰ তিনি গৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সহ মুঠ ৯ গৰাকী সতি-সন্তুতিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰিছে৷

--------------------------------------------------------------------------------

প্ৰকৃততে ডি নোহোৱা লোকক ডি ভোটাৰ বা সতি-সন্তুতি বুলি দেখুৱা হ’ল—

বাক্সা জিলাৰ বাৰাপেটা গাওঁৰ ইছমাইল হুছেইনৰ পুত্ৰ মহৰ উদ্দিন (৬৫) নিজৰ পত্নীৰ লগত বসবাস কৰে৷ নিজৰ নামত থকা ১৯৭১ চনৰ ভোটাৰ তালিকাৰ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছিল৷ কিন্তু ভুলৱশত ‘ডি ভোটাৰ’ বুলি দেখুৱাই চূড়ান্ত খচৰা তালিকাৰ পৰা তেওঁ আৰু পত্নীৰ নাম বাদ পেলায়৷ তেওঁৰ তিনি পুত্ৰ আৰু চাৰি গৰাকী কন্যাৰ নাম পৃথক আবেদন পত্ৰৰ জড়িয়তে অন্তৰ্ভূক্ত হৈছে৷

--------------------------------------------------------------------------------

মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা  আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱা হ’ল— 

বাক্সা জিলাৰ চূণবাৰী গাওঁৰ মৃত নুৰুল ইছলাম মিৰ্ধাৰ পুত্ৰ জাহিদুল ইছলাম মিৰ্ধা (৩৫), তেওঁৰ মাতৃ জৰিণা খাতুন ডি ভোটাৰ, কিন্তু বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা কোনো জাননী লাভ কৰা নাই৷ তেওঁৰ পিতৃৰ নামত থকা ‘এন আৰ চি ১৯৫১’ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু মাতৃ ডি ভোটাৰ হোৱা বাবে মিৰ্ধাৰ নিজৰ, মাতৃৰ, দুই পুত্ৰ সন্তান, এগৰাকী ভাইটি আৰু এগৰাকী ভন্টিৰ নাম বাদ পৰিছে৷

--------------------------------------------------------------------------------

FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নোহোৱা’ ৰ বাবে নাম বাদ পৰিল—
বাক্সা জিলাৰ আইখাৰী বিলৰ পথাৰ গাওঁৰ মোকছেদ আলীৰ পুত্ৰ আব্দুল মোন্নাফ (৫৩)৷ পিতৃ মোকছেদ আলীৰ ‘এন আৰ চি ১৯৫১’  লিগেছি নথি আৰু নিজৰ ভোটাৰ পৰিচয়পত্ৰ দাখিল কৰি এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু ‘বংশ বৃক্ষৰ অমিল’ বুলি দেখুৱাই তেওঁৰ নাম বাদ পেলায়৷ তেওঁৰ লগতে তিনি পুত্ৰ, দুই কন্যা আৰু এগৰাকী নাতিৰ নাম বাদ পৰে৷ একেদৰে একে লিগেছি ব্যৱহাৰ কৰা মৃত মোকছেদ আলীৰ সৰ্বমুঠ ৩০ গৰাকী সতি-সন্তুতিৰ নাম বাদ পৰে৷ 

---------------------------------------------------------------------------------
চক্ৰ বিষয়ালাট মণ্ডল গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে
বাক্সা জিলাৰ কঁচুগাওঁৰ মজিবৰ ৰহমানৰ কন্যা ফাতেমা খাতুন (৫০) য়ে পিতৃৰ এন আৰ চি ১৯৫১ লিগেছি নথি হিচাপে দাখিল কৰি আৰু পিতৃৰ লগত সংযোগী নথি হিচাপে ‘লাট মণ্ডলৰ প্ৰমাণ পত্ৰ’ প্ৰদান কৰি এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন দাখিল কৰিছিল৷ এই নথিৰ বাদে ফাতেমা খাতুনৰ পিতৃৰে আন কোনো সংযোগী নথি নাছিল৷ নিজৰ নামত স্বামীৰ লগত একেলগে নাম থকা ভোটাৰ পৰিচয় পত্ৰ আছে আৰু বংশ বৃক্ষৰ শুনানীৰ জৰিয়তে পিতৃ, চাৰি ভাতৃ আৰু পাঁচ ভগ্নীৰ লগত গ্ৰহণযোগ্য হয়৷ কিন্তু এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত ‘লাট মণ্ডলৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নহ’ল’ বুলি দেখুৱাই নাম অন্তৰ্ভূক্ত কৰা নহ’ল৷

--------------------------------------------------------------------------------

তালিকা ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে—

বাক্সা জিলাৰ বাৰাপেটা গাওঁৰ কুমৰ উদ্দিনৰ পুত্ৰ শ্বৰিফুল ইছলাম (২৫)৷ তেওঁৰ ককাৰ নামত থকা এন আৰ চি ১৯৫১ লিগেছি নথি হিচাপে দাখিল কৰাৰ লগতে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল৷ তেওঁৰ পিতৃ, মাতৃ, এগৰাকী ভাতৃৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে যদিও তেওঁৰ জন্মৰ প্ৰমাণপত্ৰ গ্ৰহণযোগ্য নোহোৱাৰ বাবে নাম অন্তৰ্ভূক্ত হোৱা নাই৷ দাবী প্ৰ-পত্ৰৰ লগত বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু পান কাৰ্ড প্ৰদান কৰিছে৷

--------------------------------------------------------------------------------

১৪ বছৰৰ তলৰ, সংযোগী নথি গ্ৰহণ নোহোৱা—

বাক্সা জিলাৰ অটা গাওঁৰ আৰশ্বাদ আলী আৰু তাহামিনা খাতুনৰ কন্যা আমানা খাতুন (১১)৷ পিতৃৰ ল’গত একে লিগেছি নথি অৰ্থাৎ এন আৰ চি ১৯৫১ আৰু জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰি এন আৰ চিত নাম অন্তৰ্ভূ কৰাৰ বাবে আবেদন জনাইছিল৷ পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’ল যদিও তাইৰ জন্মৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য পোৱা নগ’ল বুলি দেখুৱা হৈছে৷ উল্লেখ্য যে তাইৰ পিতৃ-মাতৃ কৰ্ম সূত্ৰে দিল্লীত থকা অৱস্থা তাই জন্ম লাভ কৰে৷ জন্মৰ প্ৰমাণপত্ৰ দিল্লীৰ এখন স্বাস্থ্য কেন্দ্ৰৰ পৰা গ্ৰহণ কৰিছিল, য়’ত তাইৰ মাতৃয়ে বেজি লৈছিল৷ উক্ত জন্মৰ প্ৰমাণপত্ৰৰ অবিহনে তাইৰ অইন কোনো সংযোগী নথি নাই৷ 

Related Posts:

  • জাতীয় উৎসৱ (?) পঞ্চায়ত নিৰ্বাচন কিয় বৰ্জন কৰিব লাগে পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহ… Read More
  • How to write note in Q.5 and Page D in the NRC Claim form ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷… Read More
  • এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি— প্ৰয়োজনীয় আলোচনা আলোচনাৰ বিষয়বস্তু অতি স্পষ্ট৷ আমি আলোচনা কৰিম এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি সম্পৰ্কে৷ অভিজ্ঞতা আৰু তথ্য সহকাৰে বিশ্লেষণাত্মক ভাবে কৰা হৈছে৷ যাতে অস্পষ্ট বহু বিষয়বোৰ স্পষ্ট হয় আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম  নি… Read More
  • Non stop community service for NRC Claim form NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কা… Read More
  • নিৰিহ বৈধ ভাৰতীয়ৰ কথাৰেঃ গ্ৰাউণ্ড জিৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত— মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player