Monday, November 26, 2018



NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কাৰ হাততনো আছে?) আটাইতকৈ জটিল সমস্যটোৰ সমাধান ৭.৩০ বজাতহে দিব পাৰিলো৷ সমাধানটো এনেধৰণৰ— 

‘NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও FT-2, Barpeta ৰ গোচৰ নং ----- ৰ জৰিয়তে ------ তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে আৰু ২০১৫ চনৰ পৰা ভোটাৰ তালিকাত শুদ্ধ ভাবে নাম অন্তৰ্ভূক্ত হৈছে৷ আবেদনকাৰীৰ পিতৃৰ নাম নথি-পত্ৰত অ়জ্ঞতাৰ বাবে আৰু ভুল বশত আজগৰ আলীৰ ঠাইত আলী হুছেইন হিচাপে উল্লেখ আছে৷ আৰু সেইমৰ্মে NRC ৰ মূল আবেদন পত্ৰত ভুল বশত আজগৰ আলীৰ লিগেছি ডাটাকোড ------- ৰ পৰিৱৰ্তে আলী হুছেইনৰ লিগেছি ডাটাকোড ----------- উল্লেখ কৰি আবেদন দাখিল কৰা হৈছিল৷ বংশবৃক্ষ পৰীক্ষণৰ সময়ত উক্ত লিগেছি ব্যক্তি আৰু পিতৃৰ নাম শপতনামাৰ জৰিয়তে শুধৰণী কৰা হৈছিল৷ সেয়েহে শুধৰণী আৰু FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷’— হল্ড ফৰ্মৰ ৫ নং প্ৰশ্নৰ উত্তৰত লিখিব লগা ওপৰৰ বাক্যৰ পৰাই বুজিব পাৰিছে সমস্যা কিমান জটিল৷ এই কামবোৰ কৰাৰ বাবে অত্যাধিক মানসিক চাপ সহিব লগা হয়৷ তাৰ লগতে #NRChow2helpU ৰ উত্তৰ, ফোনকলৰ উত্তৰ দিব লগা হয়৷ যিবোৰ জটিল বিষয়ৰ সমাধান কোনেও বিচাৰি নাপায় তেনে বিষয়বোৰ মোলৈ ‘ৰেফাৰ’ কৰাৰ বাবে মন, মগজু কঠিন শিলৰ দৰে হৈ পৰিছে৷ ইয়াৰ মাজতে আত্মীয়ক সময় নিদিয়াৰ অভিযোগতো আছেই৷ 

সিযিকি নহওঁক NRCৰ দাবী প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত মানুহক সহায় কৰিব পাৰিলে মনটো বহুত ভাল লাগে৷ সমাধান দিব নোৱাৰিলে মনটো বেয়া লাগি থাকে৷ বুজি নাপাঁও দল-সংগঠনৰ নেতাসকলে কেনেদৰে মানুহৰ সমস্যাবোৰ আওকাণ কৰি নিজৰ গাড়ীখন চিক-চিকিয়া কৰি ৰাখে৷ এয়া মোৰ বাবে এক বুজাব নোৱাৰা সাথৰ৷

আজিৰ দিনটো স্বাইজুদ্দিন খন্দকাৰৰ সহায়ৰ অবিহনে সকলো কাম আধৰুৱা হৈ থাকিল হেঁতেন৷ জটিল সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ পিছত কলম ধৰাৰ কাম তেওঁৰ ওপৰতেই ন্যাস্ত হৈ আছিল৷ আজি প্ৰায় দশখন তেনে জটিল প্ৰ-পত্ৰ পূৰণ কৰা হ’ল, যিবোৰৰ সমাধানসূত্ৰ বিচাৰি ভোক্তভোগীসকলে বহু দিনৰ পৰা হাবাথুৰি খাব লগা হৈছিল৷ আজিৰ দিনত ভাল লগা বিষয়টো হ’ল যে তিনিজন যুৱকক এই প্ৰক্ৰিয়াৰ লগত জৰিত কৰাব পাৰিছো৷ তেওঁলোকে সহায়ৰ বাবে আহিছিল৷ শিক্ষিত যুৱক হিচাপে তেওঁলোকৰ নিজৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া শিকাই মোৰ আগত পূৰণ কৰিবলৈ দিছিলো৷ তেওঁলোকে কথা দিছে যে— তেওঁলোকে দুৰ্গতসকলক সহায় কৰিব৷





#NRChow2helpU হেসটেক ব্যৱহাৰ কৰি #NRC সম্পৰ্কে পৰামৰ্শ আৰু প্ৰশ্ন কৰিলেও উত্তৰ দিবলৈ যত্ন কৰা হ’ব৷ আপুনিও নিজৰ লগতে চুবুৰীয়াৰ সমস্যা আমাক জনাওক৷ হেসটেক ব্যৱহাৰ কৰি এনআৰচি সম্পৰ্কে নিজৰ মতামত আৰু ৰাইজৰ বাবে কৰা কামৰ বিষয়ে বা কাম কৰা ফটো ছ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অনুৰোধ থাকিল৷

‘আহক সকলোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত দুৰ্গত বৈধ ভাৰতীয় নাগৰিকক সহায় কৰো৷’


Related Posts:

  • Non stop community service for NRC Claim form NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কা… Read More
  • নিৰিহ বৈধ ভাৰতীয়ৰ কথাৰেঃ গ্ৰাউণ্ড জিৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত— মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰ… Read More
  • জাতীয় উৎসৱ (?) পঞ্চায়ত নিৰ্বাচন কিয় বৰ্জন কৰিব লাগে পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহ… Read More
  • দাবী আপত্তিৰ জটিল দিশবোৰঃ কিয় হোৱা নাই দাবী আপত্তি কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ… Read More
  • How to write note in Q.5 and Page D in the NRC Claim form ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ