Sunday, November 15, 2015

কালিৰ দিনটোত দুখন শিশু সমাৰোহ উদযাপনৰ নিমন্ত্ৰণ ৰক্ষা কৰি কিছু অনুভৱ ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঃ

সদায় সংগ্ৰাম ভাল নালাগে৷
গতানুগতিক হৈ দিন পাৰ কৰাৰ মজাই বেলেগ৷
কৈশোৰত যেনেদৰে উদযাপন কৰিছিলো দিনবোৰ আৰু ৰাতিবোৰ৷
অৱশ্যে মোৰ শৈশৱ বহু যন্ত্ৰণাদায়ক আৰু বিৰহৰ আছিল
মোৰ ৫ বছৰ বয়সতে নিজৰ ঘৰখনৰ পৰা বহু আঁতৰত থাকিব লগা হৈছিল...
মোৰ এতিয়াও মনত পৰে ১৯৯৪ চনৰ বিভিষিকাৰ কথাযেতিয়া
 মোৰ খেলাঘৰ, মোৰ মা, দেউতা দাদা, বাইদেও
আৰু মোৰ অতি মৰমৰ কণমানি ভন্টিৰ পৰা বহুযোজন আঁতৰত থাকিব লগা হৈছিল,
আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল.......
মই সদায় ভয় কৰা ছাগলীজনীও হেৰুৱাই পেলাইছিল.....
গুলিবিদ্ধ হৈ মোৰ মামাৰ মৃত্যুৰ দিনা খন বহুত কান্দিছিলো.....
ওফ....................................
এইবোৰ মনত পৰাৰ পাছতো ‘সদায় সংগ্ৰাম ভাল নালাগে’ বুলি ক’ব পাৰি নে ???
আচলতে সংগ্ৰাম তেজতেই থাকে.....
নকৰো নকৰো বুলি প্ৰতিশ্ৰুতি কৰিও ৰক্ষা কৰা নাযায়
সেইবাবেই সংগ্ৰাম সদায় অব্যাহত থাকিব৷
মোৰ শৈশৱৰ দৰে আৰু কাৰো শৈশৱ বাধাগ্ৰস্থ নহঁওক....
অশান্তিৰ ক’লা ধুৱাৰ বিৰুদ্ধে শান্তিৰ শুভ্ৰ জোনাকৰ বাবে
সংগ্ৰাম হওঁক সৰ্বজনৰ বাবে অধিকাৰৰ সংগ্ৰাম৷৷

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ