Tuesday, November 3, 2015

অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে।
প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।
ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।
১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
২)মধ্য ভাৰতীয় আৰ্য ভাষা।
৩)নবীন ভাৰতীয় আৰ্য ভাষা।
বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা।
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।
ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰ:
বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।
খ)প্ৰাকৃত ভাষা:
বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিবৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষা ৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা:
১)আদি প্ৰাকৃত
২)মধ্য প্ৰাকৃত
৩)অন্ত্য প্ৰাকৃত
১)অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
২)সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
৩)অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰংশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।
প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-
পূৰ্বাঞ্চলৰ- মাগধী
মধ্যদেশৰ- শৌৰসেনী
দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী
উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।
মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখা কেইটা হ’ল-
১)ৰাঢ়: ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।
২)বৰেন্দ্ৰ: ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৩)বঙ্গ: ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৪)কামৰূপ: এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়ত্ব লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।
প্ৰাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেনীমাধৱ বৰুৱাই এই প্ৰসঙ্গত কোৱা এষাৰ কথা প্ৰণিধানযোগ্য- প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্ট্ৰীয় ৬ষ্ঠ- ১২শ শতিকাত প্ৰচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পৰ্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ক্ৰুটি নকৰা সত্ত্বেও কিছুমান অপ্ৰচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ নাইবা দুয়োৰে অসাৱধানতাৰ ভুল।
অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।
চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপীয় ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট।
“আকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল।
বঙ্গালে খাইবাক নপাই গড়ৰ ভিতৰতে শুখাই
মৰে………তাহনাৰ মুখত আহনাৰ সঙ্গে।
তেবে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মাৰিছাহ।
অসমৰ সামূহিক কাৰ্য চলোৱাৰ বাহন ৰূপে এই ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।
বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
সাম্প্ৰত্তিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

Related Posts:

  • জাতীয় উৎসৱ (?) পঞ্চায়ত নিৰ্বাচন কিয় বৰ্জন কৰিব লাগে পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহ… Read More
  • "ডি" (DISPUTED/ DOUBTFUL) ভোটাৰ সম্পর্কে কিছু কথা মহামান্য উচ্চতম ন্যায়ালয়ে Civil Appeal Nos.4171-4180 of 1994 ত ০৫.০৫.১৯৯৪ তাৰিখে দিয়া ৰায়দান অনুসৰি ভাৰতীয় নির্বাচন আয়োগে Letter No.23/96/P.S.-II Dated 07.10.1996 যোগে ০১.০১.১৯৯৭ ভিত্বি হিচাবে লৈ অসমত ভোটাৰ তালিকা সংশোধনীৰ … Read More
  • How to write note in Q.5 and Page D in the NRC Claim form ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷… Read More
  • এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি— প্ৰয়োজনীয় আলোচনা আলোচনাৰ বিষয়বস্তু অতি স্পষ্ট৷ আমি আলোচনা কৰিম এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি সম্পৰ্কে৷ অভিজ্ঞতা আৰু তথ্য সহকাৰে বিশ্লেষণাত্মক ভাবে কৰা হৈছে৷ যাতে অস্পষ্ট বহু বিষয়বোৰ স্পষ্ট হয় আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম  নি… Read More
  • নিৰিহ বৈধ ভাৰতীয়ৰ কথাৰেঃ গ্ৰাউণ্ড জিৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত— মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ