Thursday, August 27, 2015

পুনৰ আমৰণ অনশনত বহিবলৈ প্ৰস্তুত হ’লো৷ চৰকাৰৰ বঞ্চনাৰ ফলশ্ৰুতিত আমি পুনৰ সিদ্ধান্ত ল’লো আমৰণ অনশন কাৰ্য়সূচী ৰূপায়ন কৰাৰ বাবে৷
অসমৰ যিসকল লোক সংবাদ মাধ্যমৰ লগত জৰিত তাৰে বেছি ভাগেই জানে যে বাক্সা আৰু বৰপেটা জিলাৰ বহু অঞ্চল ইতিমধ্যে বেঁকীৰ গৰাখহনীয়াত জাহ গৈছে৷
২০০৪ চনত ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ এৰিদিয়াৰ ফলত বেঁকীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত বহু ঠাইত মথাউৰি ছিঙি ভয়াবহ ভাবে বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল, প্ৰায় ৪ মাহ সময় শতাধিক গাঁও পানীৰ তলত আছিল৷.......... শেষত পানী শোকাইছিল যদিও পলসুৱা সাৰুৱা মাটিবোৰ কৃষকৰ বাবে উপযোগী হৈ নাথাকিল, বালিৰে ভৰি পৰিল..........................৷
সেই সময়ৰ পৰাই বেঁকী নদীৰ গৰাখহনীয়া আজিৰ তাৰিখলৈকে চলি আছে৷ মাথো বৰপেটাৰোডৰ উত্তৰৰ কেইখনমান গাঁৱৰ বেইবা হাজাৰ কৃষি ভূমি, বিদ্যালয়, ধৰ্মীয়নুষ্ঠান বেঁকীৰ বুকুত জাহ যোৱাৰ সমান্তৰালকৈ ঐতিহাসিক কেটেল ফাৰ্মখনো প্ৰায় অধিকাংশ বেঁকীৰ বুকুত জাহ গৈছে৷
এই অঞ্চলৰ হাজাৰ হাজাৰ যুৱক অসমৰ বাহিৰত হাজিৰা কাম কৰি জীৱীকা নিৰ্বাহ কৰিব লগা হোৱাৰ সমান্তৰালকৈ শিশুসকলে বঞ্চিত হৈছে শিক্ষাৰ অধিকাৰৰ পৰা........................৷
মাতৃসকলে.....???
ৰাজপথৰ দাঁতিত এখন জুপুৰি সাজি গোটেই পৰিয়াল একেলগে থাকিব লগা গৈছে.........৷
নিজৰ কৃষিজাত সামগ্ৰি উভৈনদী থকাসকলে আজি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
নিজৰ স্বাস্থৰ প্ৰতি গুৰুত্ব দিব পৰা নাই...... ল’ৰা-ছোৱালীক শিক্ষিত কৰিব পৰা নাই৷
ঠিকমতে নিশাটো শুই কটাব পৰা নাই.....৷
মাথো বাৰিষাৰ বতৰতেি নহয়.... সমগ্ৰ বছৰ একে যন্ত্ৰনা বুকুত লৈ জীয়াই আছে তেওঁলোকে....৷
মুঠতে মানুহৰ বেদনাৰ যেন শেষ নাই........৷
এইবোৰ সমস্যা সমাধান কৰাৰ বাবে আমছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ইতিপূৰ্বে বহু আন্দোলন কৰিছে যদিও চৰকাৰে মুঠেই গুুত্ব আৰোপ কৰা নাই৷
সেয়েহে আমি আমছুৰ তৰফৰ পৰা বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ সহযোগিতাত অমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷
আমছুৰ শালবাৰী জিলা সমিতি আৰু বৰপেটা জিলা সমিতিৰ সহযোগত গোৱৰ্ধনা আঞ্চলিক সমিতিৰ উদ্যোগত অহা ৩১ আগষ্ট (সোমবাৰ) পুৱা ১১ বজাৰ পৰা আমি গোৱৰ্ধনাৰ সমীপৰ ছাফাকামাত বেঁকী নদীৰ পাৰত অনশনত বহিম৷
আমাৰ মূল দাবীঃ
১৷ বেঁকীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞান সন্মত আৰু স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা৷
২৷ গৰাখহনীয়াৰ কবলত পৰা লোকসকলক সংস্থাপন দিয়া৷
আমাৰ এই মূল দাবী দুটাৰ লগত আনুসঙ্গিক কেইবাটাও দাবী থাকিব৷
আমাৰ চৰ্তঃ
১৷ ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী আমাৰ বেঁকী নদীৰ পাৰৰ অনশনকাৰী সকলৰ ওচৰ আহি দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
২৷ বৰ্তমানে চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অনশন চলিথকা অৱস্থাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷৷৷
ৰাইজলৈ প্ৰাৰ্থনাঃ
আহক আমি জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে উক্ত সমস্যা সমাধানৰ বাবে একেলগে আন্দোলন কৰো৷
আহক আমি সৰু সৰু কথাবোৰ পাহৰি সৰ্বহাৰাৰ হৈ কাম কৰো.............................৷৷৷

Related Posts:

  • মিঞা সংস্কৃতি প্ৰসঙ্গত— প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ… Read More
  • ভেকচিন বিতৰ্ক অন্ত পৰক       আজিৰ তাৰিখত সমগ্ৰ নামনি অসমত সৰ্বাধিক বিতৰ্ক আৰু আতঙ্কৰ বিষয়বস্তু হৈ পৰিছে বিদ্যালয়ত দি থকা চৰকাৰী বিশেষ প্ৰতিশেধক ছিটা বা ‘ভেকচিন’৷ এই বিতৰ্ক ইমানেই বিয়পি পৰিছে যে কণ কণ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাবল… Read More
  • ২৬ মে অসমৰ সংখ্যালঘুৰ জাতীয় শ্বহীদ দিৱস           মিঞাকে আদি কৰি সংখ্যালঘু হত্যাযজ্ঞৰ বাবে সংঘটিত হিংসাত্মক অসম আন্দোলনৰ ৰক্তাক্ত ইতিহাসৰ সোৱৰণ প্ৰায় সকলোৰে আছে৷ প্ৰায় সকলোৱে জানে নেলীৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা৷ কিন্তু ২৬ মে’ক কিয় আমছুৱে শ্ব… Read More
  • সংবাদ মাধ্যৰ কলংক অসমীয়া প্ৰতিদিন কাকতক প্ৰত্যাহ্বান অসমীয়া প্ৰতিদিন নামৰ কাকতখন বিগত চাৰি-পাঁচ বছৰৰ পৰা প্ৰায় নিয়মীয়াকৈ পঢ়াৰ অভ্যাস আছিল৷ এতিয়া পঢ়া বাদ দিম৷ এই কাকত খনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কলংকিত কৰাই নহয় মানুহৰ মাজত ভাতৃত্ববোধ ধ্বংশৰ দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ অব্যাহ… Read More
  • মৃণাল তালুকদাৰৰ ‘অৱধাৰিত গৃহযুদ্ধ !’— মই কিয় একমত নহয় মৃণাল তালুকদাৰৰ ‘অৱধাৰিত গৃহযুদ্ধ’ এটা তত্বগধুৰ, প্ৰয়োজনীয় আৰু সময়োপযোগী প্ৰবন্ধ৷ কিন্তু তথ্য বিভ্ৰান্তিও আছে৷ ন্যায়ালয়ত ১৯৭১ ৰ পক্ষত প্ৰবল শক্তিশালী স্থিতিত থকা আমছুৰ কথা তেখেতে পাহৰিয়ে গ’ল৷ বিপৰীতে আজমল বাহিন… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ