Saturday, June 15, 2019

NRC, বিদেশী ন্যায়াধীকৰণ সম্পৰ্কে আমছুৰ গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি-
১৫ জুন, ২০১৯


বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ মইমতালি আৰু বিসংগতিপূর্ণ আদেশৰ বাবে অসমৰ লগতে সমগ্ৰ দেশত ব্যাপক প্রতিক্রিয়া সৃষ্টি হােৱা সময়তে পুনৰ চৰকাৰে যােৱা ৩০ মে, ২০১৯ ইং তাৰিখে গেজেট নটিফিকেচনেৰে বিদেশী ন্যায়াধীকৰণ অধিনিয়ম, ১৯৬৪ৰ ধাৰা ৩ সংশােধন কৰি ন্যায়াধীকৰণৰ সদস্যসকলক স্বেচ্ছাচাৰী হােৱাৰ আন এক সুযােগ প্রদান কৰিছে। অধিনিয়মৰ সংশােধিত ৩ ধাৰাৰ উপ-ধাৰা ১০-ত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লােকসকলে দাখিল কৰা আপীলৰ মেৰিট থাকিলেহে আপীলৰ শুনানীৰ বাবে আপীলকাৰী আৰু চৰকাৰী সংশ্লিষ্ট কর্তৃপক্ষক জাননী জাৰি কৰিব। [3. (10) Upon production of the records, if the Tribunal finds merit in the Appeal, it shall issue notice to the Appellant and the District Magistrate for hearing specifying the date of hearing and such date shall be within thirty days from the date of production of the records.] কিন্তু এই সংশােধনী গ্রহণযােগ্য নহয়। কাৰণ শুনানী কৰাৰ পূর্বেই যদি ন্যায়াধীকৰণৰ সদস্যজনক মেৰিট আছেনে নাই তাৰ নিৰ্ধাৰণৰ সর্বোচ্চ ক্ষমতা প্রদান কৰা হয় তেন্তে ইতিমধ্যে বিভিন্ন সময়ত পক্ষপাতদুষ্ট সিদ্ধান্ত প্রদান কৰা সদস্যসকলে নির্বিচাৰে যে সিদ্ধান্ত নিদিব সেয়া নুই কৰিব নােৱাৰি। ইফালে বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ চলাবলৈ কোনাে সুনির্দিষ্ট নীতি অর্থাৎ Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে। সংশােধিত ধাৰা ৩ৰ উপ-ধাৰা ১৭-ত নিজৰ মতে নিজৰ ন্যায়াধীকৰণৰ কামসমূহ পৰিচালনা কৰিবলৈ অনুমতি প্রদান কৰিছে। [3. (17) Subject to the provision of this Order, the Tribunal shall have the power to regulate its own procedure for disposal of the cases expeditiously in a time bound manner.] যিটো সম্পূর্ণ নীতি বিৰুদ্ধ। এই উপ-ধাৰাই ন্যায়াধীকৰণৰ সদস্যসকলক একনায়কত্ববাদ তথা স্বৈৰাচাৰিতা প্রদর্শন কৰাৰ সুযােগ প্রদান কৰিলে। আমি উপ-ধাৰা ১০ আৰু ১৭ক সবপর্যায়ৰ জনতাৰ গ্রহণযােগ্যকৈ আমছুকে আদি কৰি অন্যান্য সংগঠনৰ লগত আলােচনা কৰি পুনৰ সংশােধন কৰিবলৈ চৰকাৰক দাবী জনাওঁ। দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code (Foreigners Tribunal Procedure Code) প্রস্তুতক কৰিবলৈ দাবী জনাওঁ। 

নাগৰিকত্ব নির্ধাৰণৰ দৰে এক জটিল আৰু অতি স্পর্শকাতৰ বিষয়ৰ গােচৰ নিষ্পত্তিৰ বাবে ঠিকাভিত্তিত অনভিজ্ঞ লােকক নিয়ােজিত কৰাটো প্ৰকৃততে চৰকাৰৰ ভুক্তভােগী ৰাইজক উদ্দ্যেশ্যে প্রণােদিত ভাৱে প্রকৃত ন্যায়ৰ পৰা বঞ্চিত কৰাৰ এক পৰিকল্পিত ষড়যন্ত্রহে। যােৱা কিছু বছৰ ধৰি নিয়ােজিত হৈ অহা ঠিকাভিত্তিক সদস্যসকলে প্ৰায়েই ন্যায়াধীকৰণত মুকলিকৈ ‘আমি বিদেশী বুলি ঘােষণা কৰিম, আপােনালেকে উচ্চ-উচ্চতম ন্যায়ালয়ত গৈ স্বদেশী হৈ আহক’ ধৰণৰ বেপেৰুৱা মন্তব্য কৰাৰ বহু অভিযােগ আমাৰ ওচৰত আহিছে। প্রয়ােজনীয় নথি-পত্র দিয়াৰ পিছতাে ইচ্ছাকৃত ভাৱে সৰু সুৰা বানান অথবা বয়সৰ তাৰতম্যৰ দোহাই দি হাজাৰ হাজাৰ প্রকৃত ভাৰতীয় নাগৰিকক বিদেশী ঘােষণা কৰি আহিছে। শেহতীয়াকৈ চিৰাঙৰ অন্নবালা ৰায়, ছয়গাঁৱৰ প্ৰাক্তন সেনা তথা অসম আৰক্ষীৰ এগৰাকী বিষয়া মহঃ ছানা উল্লাহক বিদেশী সজোৱাটোৱে বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ পক্ষপাতদুষ্ট আচৰণকেই প্রমাণ কৰে। শেহতীয়াকৈ মাননীয় উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি অসমত ২০০টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠাৰ ব্যাপক যাে-জা চৰকাৰে চলাই আছে। যােৱা ১০-০৬-২০১৯ ইং তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ন্যায়াধীকৰণৰ সদস্য নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। উক্ত বিজ্ঞাপনত অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত অসামৰিক সেৱাৰ বিষয়া আৰু ৭ বছৰ অভিজ্ঞতা থকা অধিবক্তাৰ পৰা আবেদন বিচাৰিছে। প্রশ্ন হয়— কিয় মানুহৰ জীৱনৰ সৰ্বাধিক গুরুত্বপূর্ণ বিষয় নাগৰিকত্ব নির্ধাৰণৰ দায়িত্ব দিয়া হ’ব আইন অধ্যয়ন নকৰা অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়াক? কিয় কেৱল ৭ বছৰৰ অভিজ্ঞতাৰ এজন অধিবক্তাক দায়িত্ব দিয়া হব? কিয় ঠিকাভিত্তিক সদস্যৰে অতি স্পর্শকাতৰ নাগৰিকত্ব নির্ধাৰণৰ ব্যৱস্থা? কিয় বিদেশী ন্যায়াধীকৰণক আংশিক ন্যায়িক (Quasi Judicial) ক্ষমতা প্রদান কৰা হৈছে? ল’ৰা-ধেমালি নেকি? এজন লােক অন্যায়ভাৱে বিদেশী হােৱা মানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলাে সদস্যই কিমান ডাঙৰ সমস্যা তথা দুর্যোগৰ সন্মুখীন হ’ব লগা হয় সেয়া ভুক্তভােগীয়েহে বুজি পায়। | বিদেশী ন্যায়াধীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে স্বচ্ছ, নিকা আৰু নিৰপেক্ষ কৰিবলৈ চৰকাৰে ব্যৱস্থাটোক Quasi Judicial ৰ পৰা সম্পূর্ণ Judicial কৰক, সদস্যসকলক পূর্ণাঙ্গ পর্যায়ৰ ন্যায়িক বিষয়া হিচাপে নিয়ােগ কৰক আৰু বিদেশীন্যায়াধীকৰণৰ সিদ্ধান্ত প্রত্যাহ্বান জনাবলৈ আপীল কর্তৃপক্ষ (Appeallate Authority) ব্যৱস্থা কৰক। 

উল্লিখিত দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰি নতুনকৈ প্রতিষ্ঠা কৰিব বিচৰা ন্যায়াধীকৰণসমূহত সদস্য নিয়ােগ কৰক। অন্যথা সমগ্ৰ ৰাজ্যব্যাপী ধর্ণা, প্রতিবাদী সভা, ডিটেনচন কেম্প ভৰাে কাৰ্যসূচী, আমৰণ অনশন ইত্যাদি ব্যাপক গণতান্ত্রিক গণ আন্দোলন গঢ়ি তােলা হ’ব। এই আন্দোলনৰ কাৰ্যসূচী হিচাপে প্রাথমিক পর্যায়ত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, অসমৰ মুখ্য সচিব, কেন্দ্রীয় গৃহ সচিব, দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। সমান্তৰালকৈ সমগ্ৰ ৰাজ্যতে প্ৰতিখন জিলাত অহা ৩১ জুলাইৰ পূর্বে অতি কমেও একোখনকৈ প্রতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰা হ'ব। আনহাতে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অন্যায়, ব্যভিচাৰ, নানান অপৰাধমূলক কার্যৰ পৰা তথা প্রচলিত অন্ধবিশ্বাস, যেনে বাল্যবিবাহ, বহু বিবাহৰ পৰা সমাজক মুক্ত কৰাৰ লগতে প্রতি ঘৰত শিক্ষাৰ পােহৰ সুনিশ্চিত কৰাৰ বাবে অহা ১৯ জুন, ২০১৯ ইং তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত প্ৰতিটো অঞ্চলতে সজাগতামূলক সমদল, গাঁৱে গাঁৱে পথ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ১৯ জুন, ২০১৯ ইং তাৰিখে আমছুৰ ৰাজ্যব্যাপী থকা প্ৰতিটো আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিটো গাঁও পঞ্চায়ত/ভিচিডিচিনিগৰ এলেকাত বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, প্রতি ঘৰত শিক্ষাৰ পােহৰেৰে আলােকিত কৰা, সমাজত সংঘটিত হৈ থকা অপৰাধজনিত কাম প্ৰতিৰােধ কৰা, মহিলাক সবলীকৰণ কৰা আদি বিষয়ত সজাগতা সৃষ্টি কৰার্থে সজাগতামূলক সমদল কৰা হ'ব। অহা ৫ জুলাই, ২০১৯ ইং তাৰিখৰ ভিতৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো গাঁৱত পথসভা কৰি উল্লিখিত বিষয়ত ৰাইজক সজাগতা কৰা হ'ব। পৰৱৰ্তী সময়ত পুনৰ এই সম্পর্কে পৰৱর্তী কার্যপন্থা নির্ধাৰণ কৰি ৰাজহ্বা কৰা হ'ব। আনহাতে সমাজখনক অপৰাধ আৰু অন্ধবিশ্বাস মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ স্থানীয় বিভিন্ন মছজিদ কমিটি, মাদ্ৰাছা কমিটি, বজাৰ কমিটি, কস্থান কমিটি, ঈদগাহ কমিটি, বিদ্যালয় পৰিচালনা সমিতি, বিভিন্ন এন জি অ’, ক্লাব, আত্মসহায়ক গােট, সমাজৰ সচেতন নাগৰিক, শিক্ষিত সমাজে অগ্রণী ভূমিকা ল'ব লাগিব। অসমীয়া জাতীয় জীৱনক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সকলােৰে সৈতে কান্ধত কান্ধ মিলাই অসম আৰু অসমীয়া জাতিক আগুৱাই নিবলৈ হলে নিজৰ নিজৰ সমাজৰ পৰা অন্ধবিশ্বাস, অপৰাধজনিত কার্য, হিংসা-বিদ্বেষ দূৰ কৰিবই লাগিব। সেয়ে সংবাদ মাধ্যমৰ লগতে সকলাে পক্ষৰ আন্তৰিক সহযােগ কামনা কৰিছাে।

আজিজুৰ ৰহমান (উপদেষ্টা)
ৰেজাউল কৰিম সৰকাৰ (সভাপতি)

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ