Sunday, June 2, 2019


স্থান: সত্যনাথ বৰা হল, দীঘলীপুখুৰীৰ পাৰ, গুৱাহাটী।
সময় : দিনৰ ২ বজাত

দিনাংক : ২ জুন, ২০১৯ ইং (দেওবাৰ)

শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব।
আজি অসমখন যেনেদৰে এক জটিল সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ গৈ আছে, এনে সময়ত আমি অসমৰ সংখ্যালঘু মুছলমানসকল অধিক জটিল শংকা আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত আমি এই সংখ্যালঘু জনগোষ্ঠীটোৰ কিছু সচেতন আৰু শিক্ষিত যুৱচামে কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ।
এক ঐতিহাসিক পটভূমিত আমাৰ পূৰ্বপুৰুষসকলে এই ঠাইলৈ আহিছিল। ইয়াতে থিতাপি লৈছিল আৰু নিজৰ ঘামেৰে এই পতিত ভূমিক সেউজীয়া শস্যভূমিলৈ পৰিৱৰ্তন কৰিছিল৷ অসমৰ পৱিত্ৰ ভূমিত তেওঁলোকে বিচাৰি পাইছিল সপোনৰ ঘৰখন। এই ঘৰখন পাই তেওঁলোকে কেৱল দুৰ্ভিক্ষ আৰু জমিদাৰৰ অত্যাচাৰেই পাহৰি যোৱা নাছিল; তেওঁলোকে পাহৰি গৈছিল নিজৰ পূৰ্বপুৰুষৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি ইত্যাদি। ইয়াৰ মাজতেই তেওঁলোকে ধর্মীয় পুথিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানি চলিছিল যে- 'নতুন ঘৰৰ সকলো ৰীতি-নীতি মানি চলা আৰু তাৰে মাজৰ এজন হোৱা' আৰু আজি আমাৰ প্ৰজন্মৰ বাবে 'হবলুল  ওৱাতেন মিনাল ইমান' , নিজৰ মাতৃভূমিক ভাল পোৱাটো আমাৰ ইমানৰ অংগ!
আমাৰ সম্প্ৰদায়টোত ওচমান আলী সদাগৰৰ দৰে স্বপ্নদ্ৰষ্টা নেতাও জন্মিছিল, যি গৰাকী ব্যক্তিয়ে কেৱল অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰাই নহয়, তেওঁৰ গোটেই জীৱন অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে নিজকে উৎসৰ্গিত কৰিছিল। তেওঁ বিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। সদাগৰৰ দৰে নেতাই গোটেই সম্প্ৰদায়টোৰ মাজত অসমীয়া ভাষা-সংস্কৃতিৰ শিকাৰ বাবে এক আলোড়নৰ সৃষ্টি কৰিছিল। তথাপিও অসমীয়া হোৱাৰ এই যাত্ৰা ইমান উজু নাছিল৷ দেশ বিভাজনৰ পিছত হাজাৰ হাজাৰজনক নতুনকৈ গঠন হোৱা পূব পাকিস্তানত আশ্ৰয় ল'বলৈ বাধ্য কৰোৱা হৈছিল, যি স্থান তেওঁলোকে পূৰ্বতে ত্যাগ কৰি আহিছিল। কিন্তু তালৈ গৈ তেওঁলোকে দীৰ্ঘদিন থাকিব নোৱাৰিলে, তেওঁলোক ঘূৰি আহিল নিজৰ ঘৰ বুলি ভবা ঠাইলৈ৷ হাজাৰটা ঐতিহাসিক আৰু মৌখিক সমল আছে যিয়ে এই বিতাড়িত লোকসকলক সুহৃদ অসমীয়াই আঁকোৱালি লৈছিল বুলি প্ৰমাণিত কৰে৷ বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ হেম বৰুৱাৰ 'দ্যা ৰেড ৰিভাৰ এণ্ড দ্যা ব্লু হিলছ'ত তেওঁ এনে বিতাড়িত ৫৩০০০ লোক অসমলৈ উভতি অহা বুলি স্বীকাৰ কৰিছে।
আজিকালি বহুতো ঘৰশত্রু তথা বিশ্বাসঘাতকে তেওঁলোকৰ চৰম ভালপোৱা আৰু ত্যাগক নস্যাৎ কৰি যুক্তি দৰ্শায় যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ কাৰণ আছিল যাতে অসমীয়া মানুহে তেওঁলোকক এই দেশৰ পৰা খেদি নপঠায়।  কিন্তু কোনে তেওঁলোকক মনত পেলাই দিব যে অসমীয়া ভাষাৰ মান-মৰ্যাদা ৰক্ষাৰ্থে আমাৰ জনগোষ্ঠীয়ে অসমীয়া ভাই-ভনীৰ কান্ধত কান্ধ মিলাই ভাষা আন্দোলনত জপিয়াই পৰিছিল। আমাৰ পূৰ্বপুৰুষ ওমৰ আলীয়ে ভাষা আন্দোলনত চৰম ত্যাগ কৰিছিল আৰু শ্বহীদ বৰণ কৰিছিল যাতে অসমীয়া ভাষাৰ মান-মৰ্যদা অক্ষুণ্ণ থাকে৷ আমি অতি দুখেৰে কওঁ যে আমাৰ পূৰ্বপুৰুষৰ চৰম ত্যাগকো নেওচি ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত দুই লাখতকৈ অধিক মানুহক পূৰ্ব পাকিস্তানলৈ খেদি পঠিওৱা হৈছিল ভাষা আন্দোলনৰ ঠিক  কিছুবছৰ পিছতেই। ইয়াৰ পিছত বিমলা প্ৰসাদ চলিহাই অসম বিধান সভাত উল্লেখ কৰিছিল যে আৰু কোনো বিদেশী অসমত নাই,  লগতে পি আই পিৰ দৰে ক'লা আইন নাইকিয়া কৰা হৈছিল৷ তেতিয়া আমাৰ পূৰ্বপুৰুষসকলে ভাবিছিল যে এই অত্যাচাৰৰ আৰু পুনৰাবৃত্তি নহ'ব।
ইতিহাসে আমাক নিৰ্মমভাৱে সোঁৱৰাই দিয়ে যে অন্যান্য সমাজৰ দৰে আমাৰ সমাজতো কৃত্ৰিম সমস্য সৃষ্টিকাৰী ব্যক্তিৰ অভাৱ নাই। অসম আন্দোলনৰ নামত নেলী, চাউলখোৱা, নাগাবন্ধা, মুকালমুৱাত কেইবা সহস্ৰাধিক লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তথাপি ইতিহাসৰ এই ক'লা অধ্যায়তো এক বুজনসংখ্যক অসমীয়া চিন্তাবিদে আমাৰ অধিকাৰ আৰু স্বাধীকাৰৰ হকে মাত মাতিছিলে। তেওঁলোক সাহসিকতাৰ এক অনন্য নিদৰ্শন, তেওঁলোকৰ স্থান আমাৰ হৃদয়ৰ মণিকূটত।
              কিন্তু আজি অসম আন্দোলনৰ চাৰি দশকৰ পিছতো, অসমত মুছলমানসকলৰ নাগৰিকত্ব এক জ্বলন্ত জুইকুৰাৰ ওপৰতেই আছে। ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত আমাৰ নাগৰিকত্বৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন কৰা হৈছে। আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে অসমৰ চিন্তাবিদসকলে আমাৰ নাগৰিকত্ব আৰু অন্যান্য অধিকাৰ হৰণৰ বাবে চলি থকা এই ষড়যন্ত্ৰসমূহৰ যথাযথ প্ৰত্যুত্তৰ দিয়া তথা প্ৰতিহত কৰাত ব্যৰ্থ হৈছে।
              এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী আমাৰ বাবে একে দীৰ্ঘদিনীয়া সপোন আছিল। আমি আজিও বিচাৰোঁ যে, এখন ত্ৰুটিমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে আমাক সন্দেহৰ পৰা মুক্তি দিয়া হওক। আমি ভাবিছিলো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাৰ ভাই-ভনীসকলৰ ওপৰত বাংলাদেশীৰ নামত চলাই থকা সকলো ধৰণৰ নিৰ্যাতন, হাৰাশাস্তি আৰু পক্ষপাতিত্বৰ পৰা পৰিত্ৰাণৰ এক ৰক্ষাকৱচ হৈ উঠিব৷ আমি শিক্ষিত যুৱচামে দিনে-নিশাই কষ্ট কৰি আছোঁ যাতে মানুহবোৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত সহযোগ কৰে৷ আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে জটিল বিষয়ৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এশ এবুৰি সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এনেকুৱাও হৈছে যে আমাৰ মাজৰ পৰাই লাফিকুল ইছলাম আহমেদৰ দৰে এক উদীয়মান নেতাই দুৰ্বৃত্তৰ হাতত প্ৰাণ দিবলগা হৈছে৷ কিন্তু আমি সজাগতা অভিযান চলাই গৈয়েই আছোঁ। আমি আজিও বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে আমাক এই বিদেশীৰ অপযশৰ পৰা মুক্তি দিব আৰু আমিও উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিব পাৰিম৷
               কিন্ত আমি লক্ষ্য কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নীতি-নিয়ম আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন, যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল৷
             আমি যেতিয়া এইধৰণৰ ত্ৰুটিপূৰ্ণ আৰু স্বেচ্ছাচাৰী প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ, অসমৰ সংবাদ মাধ্যমকে ধৰি জাতীয়তাবাদী দল-সংগঠনসমূহৰ একাংশই আমাৰ ওপৰত বিশ্বাসঘাতকতাৰ মোহৰ লগায় আৰু আমি অবৈধ অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান নিবিচাৰোঁ বুলি অভিযুক্ত কৰে৷ দুৰ্ভাগ্যজনকভাৱে আমি প্ৰত্যক্ষ কৰোঁ যে অসমৰ বৌদ্ধিক সমাজে আমাৰ পীড়া বা চিঞৰ-বাখৰৰ দ্বাৰা বিশেষ প্ৰভাৱিত নহয়।
             ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত আটাইতকৈ বৰ্বৰ আক্ৰমণটো আছিল যেতিয়া আপত্তি দাখিলৰ সময়সীমাৰ অন্তিমটো নিশাত হঠাৎ লাখ লাখ আপত্তি দাখিল হল৷ আমাৰ গাঁৱসমূহত কাচিৎহে দুই-এজন লোক ওলাব যিয়ে তেওঁৰ বা তেওঁৰ পৰিয়ালৰ আন কোনো সদস্যৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হব নালাগে বুলি দাখিল কৰা আপত্তিৰ শুনানিৰ বাবে জাননী লাভ কৰা নাই৷ সংবাদ মাধ্যমৰ শেহতীয়া প্ৰতিবেদনসমূহে এই কথা সুস্পষ্ট কৰি দিছে যে একমাত্ৰ নাম, উপাধিৰ ওপৰত ভিত্তি কৰি কেতবোৰ নিৰ্দিষ্ট সংগঠনৰ দ্বাৰা অতি সু-সংগঠিত আৰু সু-পৰিকল্পিতভাৱে এই আপত্তিবোৰ দাখিল কৰা হৈছে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে সেই সংগঠনসমূহৰ এজন মাত্ৰ সদস্যই কেইবাশো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে যিসকলক প্ৰকৃততে তেওঁলোকে চিনিয়েই নাপায়৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এইধৰণৰ কাৰ্য প্ৰণালীগত ত্ৰুটি-বিচ্যুতিসমূহৰ ক্ষেত্ৰত কৰ্তৃপক্ষ নিৰ্বিকাৰ হোৱাৰ লগতে অসমৰ বৌদ্বিক সমাজেও সাৰ্বিকভাৱে ইয়াৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হোৱা নাই৷ এই আপত্তিকাৰীসকল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই অসমীয়া মানুহৰ হৃদয় আৰু বিবেকক ধৰ্মীয় ভাৱে বিভাজিত কৰি পেলাইছে যিটো কাম ধৰ্মান্ধসকলে বিগত কেবাটাও দশকজুৰি চেষ্টা কৰিও কৰিব পৰা নাছিল।
আমাৰ জনগোষ্ঠীটো ভীষণ ভয়, শংকা আৰু উদ্বেগৰ মাজেৰে দিন অতিবাহিত কৰি আছে কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শুনানি তথা অন্যান্য স্বেচ্ছাচাৰী আৰু অস্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনিক হাৰাশাস্তি কৰিয়েই আছে৷ ঠিক একেটা সময়তেই সীমান্ত আৰক্ষী আৰু নিৰ্বাচন আয়োগেও নতুন নতুন বিদেশীৰ গোচৰ বিদেশী ন্যায়াধীকৰণসমূহলৈ প্ৰেৰণ কৰিয়েই আছে৷ এই প্ৰক্ৰিয়াত প্ৰায় এক লক্ষাধিক লোক বিদেশী বুলি ঘোষিত (চিহ্নিত) হৈছে যাৰ সিংহভাগেই হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক৷ এই ভয় আৰু হতাশা ইমান গভীৰলৈকে শিপাইছে যে বহুসংখ্যক লোকে কাৰাৰুদ্ধ হোৱাৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যাৰ দৰে পথো বাছি লবলগীয়া হৈছে৷
এই অন্ধকাৰাচ্ছন্ন সময়ত আমি লক্ষ্য কৰিছোঁ যে কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ মুৰব্বী তথা অসম মাতৃৰ সুসন্তান সঞ্জয় হাজৰিকাৰ নেতৃত্বত এক দায়িত্বশীল বিবৃতিৰ জৰিয়তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এই কথা সোঁৱৰাই দিছে যে ''উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয়তা (নাগৰিকত্ব), বন্দীকৰণ আৰু বিতাড়নৰ দৰে জটিল বিষয়বোৰত ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়ৱদ্ধতাৰ ক্ষেত্ৰত অধিক দৃঢ় হব লাগিব আৰু ইয়াৰ লগতে এইবোৰ কৰ্তব্যৰ ক্ষেত্ৰত ইয়াৰ নিজৰ অংগীকাৰসমূহৰ বিষয়েও অসতৰ্ক হব নালাগিব।
সি যি কি নহওক, ইতিহাসৰ এই নিৰ্ণায়ক সন্ধিক্ষণত যেতিয়া আমি আমাৰ নাগৰিকত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এটা বিপদৰ পৰা আন এটা বিপদলৈ দৌৰি আছোঁ, সেই সময়ত কিছু স্বাৰ্থন্বেষী ধূৰন্ধৰে দিল্লী-কলিকতাত বহি চলো পাল্টাই অভিযানৰ নামত অসমীয়া ভাষাক আক্ৰমণৰ হুংকাৰ দি আমাৰ আচল সমস্যাক তল পেলোৱাৰ ষড়যন্ত্ৰ কৰি আছে।
এই পৰিপ্ৰেক্ষিতত আমি নিম্ন স্বাক্ষৰকাৰী সংখ্যালঘু যুৱক-যুৱতীসকলে এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি আপোনাৰ পৰা এই পৰিস্থিতিৰ পৰ্যালোচনা তথা মোকাবিলা কৰিবলৈ আমাক সুপৰামৰ্শ প্ৰদান কৰি বাধিত কৰে যেন।

স্বাক্ষৰকাৰী সকল :
১) আব্দুল কালাম আজাদ, গৱেষক ২)আমান ৱাদুদ, অধিবক্তা ৩)সাজাহান আলী আহমেদ, মানৱধিকাৰ কৰ্মী ৪)আশ্ৰাফুল হুছেইন, লেখক ৫)শ্বালিম এম হোছেইন, গৱেষক, জামিয়া মিলিয়া ৬)আশ্ৰাফুল ইছলাম, ছাত্ৰনেতা (ছাত্ৰ মুক্তি) ৭) ৰেহনা চুলতানা, গৱেষক, গু: বি: ৮)আব্দুল মজিদ শ্বেখ, গৱেষক, গু:বি:  ৯)হোছেইন আহমেদ মাদানী, সমাজকৰ্মী ১০)ছাদ্দাম হুছেইন, আইনৰ ছাত্ৰ ১১)মাছুমা বেগম, সমাজকৰ্মী ১২)জাহিদুল ইছলাম, গৱেষক ছাত্ৰ, গু:বি:  ১৩)শাকিল আহমেদ, সাংবাদিক ১৪)নাছৰিন হাবিব, সাংবাদিক গুৱাহাটী ১৫)আজাদুল আলী, ছাত্ৰ অভিযান্ত্ৰিক বিভাগ ১৬)ছফিকুল ইছলাম, অধিবক্তা ১৭)জাহিৰ আব্বাছ, অধিবক্তা ১৮)জাহিদুল ইছলাম মিৰ্ধা, যুৱ লেখক ১৯)মাজিদুল ইছলাম, আইনৰ ছাত্ৰ ২০)শ্বাইজুদ্দিন আহমেদ, অধিবক্তা ২১)ডাঃ শ্বামিম আহমেদ, চিকিৎসক ২২)শ্বফিউল হাছান, এন জি অ কৰ্মী ২৩)হাছিনা আহমেদ, ছাত্ৰ নেত্ৰী ২৪) আবু হানিফ শিকদাৰ, চিকিৎসক ২৫)ইকবাল হুছেইন, আইনৰ ছাত্ৰ ২৬)আছমা ইয়াছমিন, গৱেষক, গু: বি: ২৭)আজিদুল ইছলাম, আইনৰ ছাত্ৰ ২৮)শ্বাহানুৰ আলম, ছাত্ৰ সংগঠক ২৯)মোস্তাকিমুল হক, অধিবক্তা ৩০)আব্দুল লতিফ আহমেদ, অধিবক্তা ৩১)ছুলতান মাহমুদ, অধিবক্তা, ৩২)আজিদুল ইছলাম, আইনৰ ছাত্র ৩৩)বেগম আছমা, লেখিকা ৩৪)ওমৰ ফাৰুক, সমাজকৰ্মী, ৩৫) শ্বৰিফুল ইছলাম, সমাজকৰ্মী ৩৬) ফাৰুক আব্দুল্লাহ, যুৱ সাংবাদিক ৩৭)কাজী ছাৰোৱাৰ হুছেইন, ছাত্ৰ, তে:বি:, ৩৮)ডাঃ আজহাৰুল ইছলাম, চিকিৎসক ৩৯)শ্বেইখ আনোৱাৰ হুছেইন, অধিবক্তা,  ৪০)শ্বফিউল আলম পাঠান, ছাত্ৰ, আই আই টি কানপুৰ ৪১)মাজিদুল ইছলাম, ঝাই ফাউণ্ডেশ্বন, ৪২)জামান মণ্ডল, অভিযন্তা ৪৩)শ্বৰিফ আহমেদ, নেহৰু যুৱ কেন্দ্ৰ ৪৪)শ্বাহ জামাল আলম, স্বাস্থ্য বিষয়া ৪৫)ড° নাজিমুদ্দিন ছিদ্দিক,লেখক ৪৬)পাৰভিন চুলতানা, সহযোগী অধ্যপক ৪৭)জেহেৰুল ইছলাম, অধিবক্তা ৪৮)ডাঃ ইমদাদ হুছেইন, চিকিৎসক ৪৯)জাহিদুল বেগ, ঝাই ফাউণ্ডেশ্বন ৫০)মেৰাজুল হাছান চৌধুৰী, যুৱ সমাজকৰ্মী ৫১)মিজানুৰ ৰহমান, ইকনেট ৫২)হামিদা ইয়াছমিন, যুৱ লেখিকা ৫৩)মনিৰ ভূঞা, শিক্ষক ৫৪)জমিৰ উদ্দিন তালুকদাৰ, ব্যৱসায়ী ৫৫)মোজাম্মিল হক, ছাত্ৰ সংগঠক ৫৬)জামিল আহমেদ, আইনৰ ছাত্ৰ, ৫৭)মেৰাজুল ইছলাম, সচেতন যুৱক ৫৮)আছিম মোবাৰক, অধিবক্তা ৫৯)অবাইদুল হক চৌধুৰী, ছাত্ৰ ৬০)আব্দুল ৰহিম, শিক্ষক ৬১)শ্বাজিদ শিকদাৰ, চিকিৎসাৰ ছাত্ৰ ৬২)হাৰুন আল ৰাশিদ, শিক্ষক, ৬৩)ফৰিদ জামান ভূঞা, গৱেষক ছাত্ৰ, জেনেভা ৬৪) ফৰহাদ আলী আহমেদ, উন্নয়ন কৰ্মী ৬৫)মোজাম্মেল শিকদাৰ, সমাজ সংগঠক ৬৬)আব্দুল আলিম, ক্ৰীড়া সংগঠক ৬৭)মনোৱাৰ হোছেইন, সাংবাদিক ৬৮)জিয়াৰুল ইছলাম, আইনৰ ছাত্ৰ ৬৯)মনোৱাৰ হুছাইন, আইনৰ ছাত্ৰ ৭০)আমিনুৰ ৰহমান, আইনৰ ছাত্ৰ ৭১)মহিবুল ইছলাম, সাংবাদিক ৭২) নজৰুল ইছলাম, ছাত্ৰনেতা (আমছু) ৭৩)মনোৱাৰ হুছেইন, ছাত্ৰ ৭৪)মইনুল হক খান, ছাত্ৰনেতা (আমছু) ৭৫)জামিল আহমেদ, আইনৰ ছাত্ৰ ৭৬)ছালমা হোছাইন, আইনৰ ছাত্ৰী ৭৭)আতিকুৰ ৰহমান, সচেতন যুৱক, ৭৮)ৰাজিবুৰ ইছলাম, ক্ৰীড়া সংগঠক ৭৯)টাইছন হুছেইন, ছাত্ৰনেতা (এবিএমছু) ৮০)ছেহিল আখতাৰ খান, স্বাস্থ্য বিজ্ঞানৰ ছাত্ৰ ৮১)ৰাজ শহৰ শিকদাৰ, ব্যৱসায়ী ৮২)জাকিৰ হোছেইন, সচেতন যুৱক ৮৩)শ্বাহৰুখ খান, ছাত্ৰ ৮৪)ৰাহুল আমিন, গৱেষক, গু: বি: ৮৫)নজৰুল ইছলাম, আইনৰ ছাত্ৰ ৮৬)ছামিউল ৰেজা, আইনৰ ছাত্ৰ ৮৭)মোস্তাফিজুৰ ৰহমান, ছাত্ৰ, কটন বি: ৮৮)আচিক হুছেইন, সচেতন যুৱক ৮৯)আব্দুল মতিন খান, ছাত্ৰ, গু: বি: ৯০)খান নাজিমূল হোছেইন,অধিবক্তা ৯১)মঞ্জুৱাৰা মোল্লা, সংবিধান সেৱক ৯২)হামিদা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৩)নাছিৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৪)কুলছুমা খাতুন, মহিলা অধিকাৰ কৰ্মী ৯৫)হোছনিয়াৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৬)নাজমা আহমেদ, মহিলা অধিকাৰ কৰ্মী, ৯৭)সাহাদত হোছেইন, সমাজ সচেতক ৯৮)মনছুৰ হুছেইন (শিক্ষক) ৯৯) মহিদুল ইছলাম (শিক্ষক) ১০০)ৰাতুল হুছেইন, কৃষক নেতা।


0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ