Sunday, June 16, 2019

"অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু মুছলমান লোকসকলৰ সমস্যাৰ ওপৰত বিশেষকৈ NRC, ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণ, ডিটেন্সন কেম্পৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পাৰি তাৰ বাবে সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, লেখক, গৱেষক আৰু সচেতন নাগৰিকক লৈ এক ঘূৰণীয়া মেজমেলৰ আহ্বান কৰা হৈছে। উক্ত আলোচনাত অখিল গগৈ উপস্থিত থাকি আপোনালোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অনুষ্ঠানত আপোনাৰ উপস্থিতি আৰু দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো।"-এনেদৰে আহ্বান জনোৱা সভাত আন্তৰিকতাৰে উপস্থিত হৈ বুজিলো- এয়া এক মিথ্যাচাৰহে আছিল। প্ৰকৃততে ৰাজনৈতিক উদ্দেশ্যেৰেহে সভা আহ্বান কৰা যেন লাগিল। সভাত আমি বিষয়বস্তু সাঙুৰি দিয়া বক্তব্য অপ্ৰাসঙ্গিক যেন লাগিল। ফলত চালে-বেৰে কোৱাই মুখ্য ব্যক্তি অখিল গগৈয়ে বক্তব্য প্ৰদান কৰা আৰু উত্থাপিত বিতৰ্কৰ উত্তৰত পানী কেচুৱাক দিয়া বুজনি দিয়া যেন অনুভৱ হ’ল। আমাৰ বক্তব্যৰ মূল অংশ তলত উল্লেখ কৰিলো—
১৯৯৭ চনৰ পৰা এতিয়ালৈকে লক্ষাধিক ভাৰতীয় লোকক ডি ভোটাৰৰ নামত মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে৷ ২০১২ চনলৈকে সৰ্ব মুঠ গোচৰৰ ৮৩ শতাংশ লোক ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ বাকী ১৭ শতাংশৰ সামান্য নাম, উপাধি, বয়স আদি সৰুসুৰা ভুলৰ বাবে বিদেশী হিচাপে ঘোষিত হৈছে৷ ইয়াৰ মাজত কিছু সংখ্যকক একপক্ষীয় ৰায়দানৰ জৰিয়তে বিদেশী হিচাপে ঘোষণা কৰা হৈছে৷ এইসকল ঘোষিত বিদেশীকেই ডিটেনশ্বন কেম্পত অমানৱীয় ভাবে বন্দী কৰি ৰখা হৈছে৷ 
১৷ প্ৰশ্ন- ডি ভোটাৰ চিনাক্তকৰণ, বিদেশী ন্যায়াধীকৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰু ডিটেনশ্বন কেম্প সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি জানিব বিচাৰিছো৷ 

সীমান্ত আৰক্ষীৰ প্ৰতিবেদন অধ্যয়ন কৰি দেখা গৈছে যে প্ৰতিটো সন্দেহীৰ গোচৰত সন্দেহীক বাংলাদেশৰ নিৰ্দিষ্ট ঠিকনাৰ পৰা অসমত অবৈধ ভাবে প্ৰৱেশ কৰাৰ তথ্য উল্লেখ কৰিছে৷ কিন্তু তেনে সন্দেহীৰ পিতৃ-মাতৃ বা পৰিয়ালৰ লোক ভাৰতীয়. হৈ আছে৷ আনকি বিদেশী ন্যায়াধীকৰণ সমূহৰ পৰা ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ 
২৷ প্ৰশ্ন- সীমান্ত আৰক্ষীৰ ভূৱা প্ৰতিবেদনৰ দ্বাৰা ভাৰতীয় লোকৰ মৰ্যাদা হানি কৰা হৈ আছে৷ সীমান্ত আৰক্ষীৰ এনে উৎপীড়ণৰ বিৰুদ্ধে কৃষক মুক্তিৰ বিগত দিনৰ ভূমিকা কি আছিল ? আৰু বৰ্তমানৰ স্থিতি কি ? 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নিয়ম-নীতি আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷

৩৷ প্ৰশ্ন- পৰ্যাপ্ত সংযোগী নথি দাখিল কৰিব নোৱাৰা লোকৰ বাবে DNA পৰীক্ষাৰ জৰিয়তে নাগৰিকত্বৰ সমস্যা সমাধান কৰিব লাগে বুলি আমাৰ দাবী৷ এই ক্ষেত্ৰত কৃষক মুক্তিৰ স্থিতি কি ?

নাগৰিকত্ব আইন অনুসৰি ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়৷ কিন্তু দেখা গৈছে যে পিতৃ বা মাতৃৰ যিকোনো এজন ডি ভোটাৰ হ’লেই তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷
৪৷ প্ৰশ্ন- যিহেতু ডি ভোটাৰ মানেই বিদেশী নহয়, তেনে ক্ষেত্ৰত উপযুক্ত নথি-পত্ৰ জমা দিয়াৰ পাছতো তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷ এই বিষয়ে কৃষক মুক্তিৰ স্থিতি কি ? 

ভূৱা আপত্তিৰ দ্বাৰা লাখ লাখ বৈধ ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তিৰ কথা সকলোৱে জানে৷ এনে আপত্তিৰ ফলত নাগৰিকে আৰ্থিক, মানসিক, শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে৷ সংবাদমাধ্যমৰ মতে ৩১ ডিচেম্বৰতেই এই ভূৱা আপত্তি সংখ্যা ১৩০০ ৰ পৰা ২.৫ লাখ অতিক্ৰম কৰিছিল৷ এই আপত্তি সমূহ চৰকাৰ-প্ৰশাসনৰ পূৰ্ণাঙ্গ সহযোগিতাত নহ’লে সম্ভৱ নহয় বুলি আমি ভাবো৷ কিয়নো লাখ লাখ ARN আপত্তিকাৰীসকলে লাভ কৰা সহজ-সাধ্য নাছিল, লগতে অসম্পূৰ্ণ আপত্তি প্ৰ-পত্ৰ গ্ৰহণ কৰা হৈছে৷ জানিব পৰা মতে এই আপত্তিৰ শুনানীত এজনো আপত্তিকাৰী উপস্থিত নাথাকে, ফলত একতৰফা ৰায়দান দিবলৈ NRCৰ ৰাজ্যিক সমন্বয়কে নিৰ্দেশনা প্ৰদান কৰিছে৷ কিন্তু দেখা যায় যে শুনানীৰ সময়ত ভূক্তভোগীসকলক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷ আমি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ জৰিয়তে শুনানী নিষ্পত্তিকাৰী বিষয়াৰ পৰা জানিব পাৰিছো যে এনে ভূৱা আপত্তিৰ পৰা ‘বাংলাদেশী’ পোৱা গৈ আছে৷
https://scroll.in/article/923786/anger-in-assam-as-2-5-lakh-people-included-in-draft-citizens-register-face-fresh-hearings
৫৷ প্ৰশ্ন- এনে ভূৱা আপত্তি সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি কি ? আৰু যদি এনে ভূৱা আপত্তিৰ দ্বাৰা নাগৰিকৰ নাম NRC ৰ পৰা বাদ পৰিলে কি কৰিব ?

কৃষক মুক্তি অসমৰ বিভিন্ন সামাজিক, ৰাজনৈতিক বিষয়ৰ লগতে অধিকাৰৰ সংগ্ৰামত সৰৱ দৃষ্টি ৰখা পৰিলক্ষিত হয়৷ কিন্তু নাগৰিকত্বৰ দৰে জটিল আৰু স্পৰ্শকাতৰ তথা সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়ত এক প্ৰকাৰ উদাসীনতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়া কৈ NRC ৰ ভূৱা আপত্তি সম্পৰ্কে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট আদি ঠাইৰ সলনি কলগাছিয়া আৰু গোৱালপাৰাত কৃষক মুক্তিৰ এটা শাখা সংগঠনৰ দ্বাৰাহে সংবাদমেল অনুষ্ঠিত কৰা দেখা গৈছে৷ 
৬৷ প্ৰশ্ন- এই বিষয়ত কেন্দ্ৰীয় সমিতিয়ে সৰৱ ভুমিকা গ্ৰহণ নকৰাৰ কাৰণ জানিব বিচাৰিছো৷

মহবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ প্ৰবল গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলে জীৱন-জীৱীকাৰ তাৰণাত সাধাৰণতে উজনী অসমৰ বিভিন্ন প্ৰান্তত কাম বিচাৰি যোৱাৰ পিছত AASU, AJYCP আদি সংগঠনৰ দ্বাৰা কাণত ধৰি উঠ-বহ দিয়াৰ পৰা আৰম্ভ কৰি লুণ্ঠন কৰা দেখ যায় আৰু সীমান্ত আৰক্ষীৰ দ্বাৰা বিদেশীৰ গোচৰ জাপি দিয়া দেখা যায়৷
৭৷ এনে অত্যাচাৰ সম্পৰ্কে কৃষক মুক্তি জ্ঞাত নে ? যদি জ্ঞাত বিগত দিনত এই সম্পৰ্কে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ? ভৱিষ্যত কাৰ্যপন্থা কি হ’ব ?

৮৷ গৰাখহনীয়াৰ ক্ষতিগ্ৰস্থসকলৰ পুনৰ সংস্থাপনৰ বিষয়ত কৃষক মুক্তিৰ বাস্তৱসন্মত দৃষ্টি ভঙ্গী আছেনে ? জানিব বিচাৰিছো৷ 

দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code নাই৷ ফলত Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে।
৯৷ প্ৰশ্ন-  Foreigners Tribunal Procedure Code প্রস্তুতক কৰিবলৈ কৃষক মুক্তিয়ে কি ভূমিকা গ্ৰহণ কৰিব ?

ন্যায়াধীকৰণৰ একপক্ষীয় ৰায়দানৰ ফলত ডিটেনশ্বন কেম্পত বন্দি হৈ থকা বৈধ ভাৰতীয় নাগৰিকে অৰ্থৰ অভাৱত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব পৰা নাই৷ Legal service Authority য়ে এনে নাগৰিকত্বৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা পৰিলক্ষিত নহয়৷ আমি বিশ্বাস কৰো যে ডিটেনশ্বন কেম্পত থকা লোকসকলৰ অধিকাংশই ভাৰতীয়৷

১০৷ এনে লোকৰ ক্ষেত্ৰত স্থিতি কি হ’ব ?

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ