Monday, June 19, 2023

২০১৬ চনৰ কথা৷ কালাম ভাই বৰপেটাৰোডৰ প্ৰশান্তি ল’জত উপস্থিত হোৱাৰ পিছতেই মই গৈ পাইছিলো৷  বিটিএডিৰ হত্যাকাণ্ডৰ পিছতো সমগ্ৰ বিষয়ৰ ওপৰত আমি চৰ্চা কৰাৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ কাম কৰি আছিলো৷ কালাম ভআই কাপোৰ সলাই থাকি মোক কৈছিল- হাফিজ ভাইৰ পোষ্ট পৰছ’?, মই কৈছিলো- আইচকা দেহি নাই৷ -তাৰাতাৰি দেহ’৷ 
মই লগে লগে ফেচবুক খুলি চালো৷ হাফিজ আহমেদ ছাৰে মিয়া বিষয়ত কবিতা লিখিছে 'Write down I am a Miya' ৷ মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতেই বহুত লাইক, কমেন্ট, শ্বেয়াৰ৷ কবিতাটো বহু চৰ্চিত হৈছে৷ আমাৰ ভাল লগাৰ কাৰণ আছিল- প্ৰান্তিয়, দৰিদ্ৰ লোকৰ বেদনাৰ কাহিনী আৰু অধিকাৰৰ সংগ্ৰামৰ কথাবোৰে কবিতাত স্থান পাইছিল বাবে৷ পৰিচয় বিহীনতাৰ যন্ত্ৰণাৰ বিপৰীতে ঐক্যবদ্ধ ভাবে শোষিত শ্ৰেণীৰ হকে বিপ্লৱ কৰাৰ বাবে দৰকাৰী বহু কথাই ছাৰৰ কবিতাত স্থান পাইছিল৷ 
‘এহন তুমি একটা লেখ’— কালাম ভাই মোক উৎসাহিত কৰিছিল৷ এই খিনিতে মনত পৰিছে যে তেওঁৰ ‘কামোৰ’ৰ বাবেই বিটিএডিৰ হত্যাকাণ্ডৰ ওপৰত গৱেষণামূলক গ্ৰন্থ ‘বিষাদলেণ্ড নাৰায়নগুৰী’ লিখা হৈছিল৷
সন্ধিয়া ৯ মান বজাত মই ঘৰলৈ উভতি আহি লিখিছিলো— ‘মইও মিয়া’৷ 
মিয়া কবিতা ১৯৩৯ চনত মওলানা বন্দে আলীৰ ‘চৰুৱাৰ কথা’ নামৰ কবিতাৰ জৰিয়তে আৰম্ভ হৈছিল যদিও হাফিজ আহমেদ ছাৰৰ উক্ত কবিতাৰ জৰিয়তে মিয়া কবিতায় নৱজীৱন লাভ কৰা বুলিও ক’ব পাৰি৷ এটা নতুন ধাৰাৰ জন্ম হ’ল৷ এই ধাৰাৰ দ্বিতীয়টো কবিতা মই লিখাৰ পিছতেই বহু সমৰ্থন পাইছিলো৷ দুই-তিনি দিনৰ ভিতৰতেই নৱ প্ৰজন্মৰ প্ৰায় ৮ গৰাকী কবিয়ে ৰচনা কৰিলে মিয়া ছিৰিজৰ কবিতা৷ তাৰ পিছত বহু কবিয়ে এই ছিৰিজৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে৷ (বিস্তাৰিত মোৰ ব্লগত পাব- https://shajahanaliahmed.blogspot.com )
মোৰ এই মইও মিয়া নামৰ কবিতাটো অসম বিধানসভাত বিধায়ক শ্বেৰমান আলী আহমেদে পাঠ কৰি অসমৰ নিৰ্যাতিত জনগোষ্ঠীৰ হকে গৰজি উঠাৰ কথা মনত আছে৷

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ