Thursday, February 6, 2020

সময়ৰ কণ্ঠঃ বিটিআৰলৈ শান্তি কেনেকৈ আহিব?

লেখক- সাজাহান আলী আহমেদ
ঘৃণাৰ ৰাজনীতি চলি থাকিব নে মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰি সমন্বয়ৰ এখন সমাজ গঠন কৰিব সেয়া নিৰ্ভৰ কৰে সমসাময়িক নেতৃত্বৰ ওপৰত৷ আমি বিগত সময়ত দেখিছিলো যে বড়ো নেতৃত্বৰ লগত অজনজাতী লোকৰ বিভিন্ন সংগঠনে মতৰ অমিল দেখাই আহিছিল৷ তাৰ মূলতে আছিল অধিকাংশ বড়ো দল-সংগঠনে বড়োসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছিল৷ যিকোনো মূল্যৰ বিনিময়ত বড়োসকলৰ বাবে পৃথক ৰাজ্য গঠনৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছিল৷ আনকি বৰ্তমানৰ অসমৰ পৰা অৰ্ধাংশ সাঙুৰি লৈ পৃথক ৰাজ্য গঠনৰ বাবে প্ৰস্তাৱিত বড়োলেণ্ডৰ মানচিত্ৰ অংকন কৰিছিল৷ ফলত অজনজাতীলোকসকলে বড়োসকলৰ পৰা ক্ৰমাৎ আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল৷ 
১৯৮৯ চনৰ পৰাই বড়োসকলৰ মাজত সৃষ্টি হোৱা ভাতৃঘাতী সংঘাতৰ সমান্তৰালকৈ আন আন অজনজাতীলোকৰ লগতো তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল৷ কিন্তু ১৯৯৩ চনত সম্পাদিত হোৱা বড়ো অটোনমাছ কাউন্সিল চমুকৈ বি এ চি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এনে সংঘাত দূৰ হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু ১৯৯৪ চনত বৰ্তমানৰ বাক্সা জিলাৰ শালবাৰী মহকুমাত ৬০খনতকৈও অধিক গাঁও জ্বলাই কোটি কোটি টকাৰ সম্পত্তি ধ্বংস কৰাৰ সমন্তৰৈলকৈ শতাধিক মুছলমান লোকক হত্যা কৰা হৈছিল৷ ১৯৯৬ চনৰ মে’ মাহত বঙাইগাঁও আৰু কোকৰাঝাৰত ১৯৮জন চাওতাল লােকক হত্যা আৰু ২,৫০,০০০জন লােকক গৃহহীন কৰে। ১৯৯৮ চনত ২৫,০০০ চাওতাল আৰু কেইবা হাজাৰ নেপালী লােকক আৰু ১৯৯৯ চনৰ জুন মাহত ধুবুৰী জিলাত ৭,০০০ লােকক গৃহহীন কৰা হয়, যাৰ অধিকাংশই আছিল আদিবাসী লােক। ইয়াৰ উপৰি বাৰম্বাৰ বড়াে উগ্রপন্থীসকলৰ আক্ৰমণত বঙালী হিন্দু আৰু কোচৰাজবংশীসকলৰ বহু লােক গৃহহীন হ’ব লগা হৈছিল। যিহেতু ১৯৯৩ চনত সম্পাদিত চুক্তিৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা নহ’ল সেইবাবে এইসমগ্র হত্যাকাণ্ডৰ অৱসান ঘটাই স্থায়ি শান্তি প্ৰতিষ্ঠাৰ বাবে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে বিএলটি, ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ লগত ত্রিপাক্ষিক চুক্তি সম্পাদিত হয় আৰু সংবিধানৰ ষষ্ঠ অনুসূচী মতে Bodoland Territorial Council (BTC) গঠন হয়। সহস্ত্ৰ সংগঠন বিএলটিৰ নেতা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি পি এফ দল গঠন কৰি পৰিষদীয় শাসনৰ আৰম্ভ কৰা হ’ল যদিও বিটিচি চুক্তিত স্বাক্ষৰ নকৰা এনডিএফবিয়ে স্বাধীন বড়াে ৰাজ্য গঠনৰ  দাবীৰে  সংগ্রাম অব্যাহত ৰাখিলে।আৰু ২০০৮ চনত পুনৰ ওদালগুৰিত ৮২ গৰাকী মুছলমান লােকক হত্যা কৰা হ’ল, য'ত ৪১ খন গাঁও ভস্মীভূত কৰা হৈছিল। ২০১২ চনত কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁৱত সংঘটিত হোৱা শতাধিক মুছলমান লােক নিহত হােৱাৰ লগতে দেশী (উজানীয়া) থলুৱা কৃষক, কোচ-ৰাজবংশী লােকো আক্রান্ত হৈছিল আৰু প্রায় পাঁচ লাখ লােক গৃহহাৰা হ'ব লগা হৈছিল। ২০১৪ চনত কোকৰাঝাৰৰ বালাপাৰা, বাক্সাৰ নৰসিংবাৰী, নাৰায়ণগুৰি, নন্কে খাগ্রাবাৰী আৰু ছামথাইবাৰীত অর্ধশতাধিক মুছলমান জনতা নিধন কৰা হ’ল। উক্ত হত্যাকাণ্ডত ২২ জনতকৈও অধিক শিশু, ৩০জনতকৈও অধিক প্রাপ্তবয়স্ক পুৰুষ-মহিলাকে আদি কৰি অর্ধশতাধিক মুছলমান লােকক হত্যা কৰা হ’ল। মাথো বিটিএডিতেই নহয়, অসমৰ প্রাণকেন্দ্র গুৱাহাটী, বৰপেটাৰােড, কোকৰাঝাৰত ২০০৮ চনত ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এনডিএফবিয়ে ধাৰাবাহিক বােমা বিস্ফোৰণেৰে অসম চৰকাৰৰ অস্তিত্বক প্রত্যাহ্বান জনাই ৯৯জন লােকক হত্যা, ৫৪০জন লােকক আহত কৰাৰ লগতে প্রায় ৩০ কোটি টকাৰ সম্পত্তি ধ্বংশ কৰিছিল।
এই সকলো হত্যা-হিংসাৰ অৱসান ঘটোৱাৰ লগতে পৃথক ৰাজ্য গঠনৰ দাবীৰ পৰা আঁতৰি আহি শেহতীয়াকৈ ২৭ জানুৱাৰী, ২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিদ্ৰোহী এন ডিএফবিৰ চাৰিওটা গোট আৰু এবছুৰ মাজত শান্তি চুক্তি সম্পাদন কৰি বিটিএডিক বিটিআৰলৈ উন্নীত কৰাৰ লগতে বিদ্ৰোহী সকলে অস্ত্ৰ সম্বৰণ কৰি প্ৰস্তাবিত বিটিআৰলৈ শান্তিৰ পৰিবেশ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। এই চুক্তিয়ে পৃথক বড়োলেণ্ডৰ দাবী পৰিহাৰ কৰি অখণ্ড অসমৰ পোষকতা কৰাটো অতি শুভলক্ষণ। বিটিআৰৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ সৰ্বাঙ্গীন উন্নয়নৰ ব্যৱস্থা কৰাৰ চৰ্ত সাপেক্ষে অস্ত্ৰৰ ঝনঝননী নিঃশেষ কৰি বিটিএডি অঞ্চলৰ লগতে সামগ্ৰিক ভাৱে অসমত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত যোৱা ২৭ জানুৱাৰী, ২০২০ তাৰিখে কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ, বিটিচি প্ৰশাসন, এবছু আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ মাজত সম্পাদন হোৱা বড়ো শান্তি চুক্তিৰ দ্বাৰা বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়ন হ’লে নিশ্চিত ভাবে বৰ্তমানৰ বিটিআৰত বসবাস কৰা লোকৰ মাজত ভাতৃত্ববোধ গড়ি উঠিব। যিহেতু বড়ো আৰু অন্যান্য জনগোষ্ঠীয় লোকৰ মাজত ওপৰত উল্লেখ কৰা ধৰণে সংঘাত হৈছিল ফলত বহুলোকৰ মৃত্যু হোৱাৰ লগতে সামাজিক ব্যৱধান বৃদ্ধি পাইছিল। গতিকে প্ৰকৃত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত বিভিন্ন জাতি-জনগোষ্ঠী সমূহৰ মাজত বিশ্বাস আৰু আস্থাৰ পৰিবেশ সৃষ্টি কৰিবৰ বাবে বড়ো নেতৃত্বই আগভাগ ল’ব লাগিব।
ইফালে অজনজাতী বসতিপ্ৰধান গাওঁ সমূহ প্ৰস্তাৱিত বিটিআৰৰ পৰা কৰ্তন কৰাৰ বাবে চুক্তিৰ ৩.২ নং অনুচ্ছেদত উল্লেখ কৰিছে৷ বিগত সময়ত দেখা গৈছিল যে বিভিন্ন জনগোষ্ঠীৰ লগত বড়োসকলৰ সংঘাত সৃষ্টি হৈছিল আৰু সমান্তৰালকৈ সম-উন্নয়ন, সম-অধিকাৰৰ শ্ল’গান কাগজে-কলমে থাকিলেও কাৰ্যক্ষেত্ৰত ৰূপায়িত হোৱা নাছিল৷ সেয়ে স্বাভাৱিকতেই বড়োসকলৰ সংখ্যা কম থকা গাওঁসমূহ কৰ্তন কৰাৰ বাবে প্ৰবল ভাবে দাবী উত্থাপিত হৈছিল৷ এই বিষয়বোৰকেই আধাৰ হিচাপে লৈ ২০১৪ চনত ৰাজনৈতিক ভাবে অজনজাতীসকলে ঐক্যবদ্ধ হৈ প্ৰাক্তন আলফা নেতা নৱ কুমাৰ শৰণীয়াক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল৷ একেদৰে দ্বিতীয় বাৰৰ বাবেও নৱ শৰণীয়াই সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বড়ো ৰাজনৈতিক শক্তিক পৰাজিত কৰি পৰিষদ দখল কৰাৰ কোচকাৱাচ আৰম্ভ কৰিছিল যদিও সেই সপোন বাস্তৱ নহ’ল৷ তাৰ পূৰ্বেই শান্তি চুক্তি সম্পাদিত হ’ল৷
২০০৩ চনত স্বাক্ষৰিত চুক্তিৰ পিছত বিটিচিত মুঠ ৪০৪৩ খন গাওঁ আছিল তাৰে প্ৰায় ১৮০০ খন গাওঁত সংখ্যাগৰিষ্ঠ অজনজাতী (অবড়ো) লোকে বসবাস কৰে আৰু মাথো ৪১০ খন গাওঁত ১০০ শতাংশ জনজাতী লোকে বসবাস কৰে৷ এই অঞ্চলৰ পৰিসীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত থাকি যোৱা অঞ্চৰ অজনজাতী লোকৰ ভূমিৰ অধিকাৰ থাকিব নে নাথাকে সেই বিষয়ে এক বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে৷ যিহেতু বিভিন্ন সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰি আহিছে যে ২০০৩ চনৰ বিটিচি চুক্তি স্বাক্ষৰ হোৱা তাৰিখৰ পূৰ্বে বিটিচিত বসবাস কৰা সমূহ জনগোষ্ঠীৰ লোক ইয়াৰ বাসিন্ধা৷ গতিকে এইসকলক ভুমিৰ ক্ষেত্ৰত সমঅধিকাৰ প্ৰদান কৰি যিকোনো ভুমি আইন অথবা ভুমি নীতি গ্ৰহনৰ সময়ত বিটিআৰত বসতি কৰি থকা ভুমিহীন তথা গৰাখহনীয়া গ্ৰস্থ লোকক ভূমি প্ৰদান কৰাৰ লগতে ভুমিৰ ক্ৰয় বিক্ৰয় হস্তান্তৰৰ অধিকাৰ প্ৰদান কৰা, বিটিএডি তথা প্ৰস্তাৱিত বিটিআৰত চৰকাৰী চাকৰি, ঠিকা-ঠুকলি তথা চৰকাৰী সা-সুবিধা জনসংখ্যা অনুপাতে প্ৰদান কৰা, বিটিএডি তথা প্ৰস্তাৱিত বিটিআৰত বড়ো জনগোষ্ঠীৰ বাবে সংৰক্ষিত থকা আসন সমূহৰ বাদে বাকী থকা অসংৰক্ষিত আসনত অন্যান্য জনগোষ্ঠীৰ প্ৰতিনিধি সকলক প্ৰতিনিধিত্ব কৰাৰ সুবিধা কৰাৰ লগতে পৰিষদীয় চৰকাৰতো উচিত সংখ্যাত প্ৰতিনিধিত্ব কৰাৰ সুবিধা প্ৰদান কৰিলে, বিভিন্ন সংঘৰ্ষত নিহত হোৱা, নিৰুদিষ্ট হোৱা, ঘূণীয়া হোৱা লোকৰ পৰিয়াল বা নিকটাত্মীয়ক উপযুক্ত সাহায্য প্ৰদান কৰাৰ লগতে গৃহহীন হোৱা লোকৰ পুনৰ সংস্থাপন কৰিলে নিশ্চিত ভাবে মানুহৰ মনত থকা অবিশ্বাসৰ পৰিৱেশ ক্ৰমাৎ আঁতৰ হ’ব বুলি বিশ্বাস কৰো৷ 
পৃথিৱীৰ বিভিন্ন দেশে বিশ্বায়নৰ প্ৰভাৱত কৃতকাৰ্যতাৰ শীৰ্ষত আৰোহন কৰাৰ সময়তে আমাৰ দেশ তথা ৰাজ্যত আভ্যন্তৰীণ অস্থিৰতাৰ বাবে সামগ্ৰীক উন্নয়ন স্থবিৰ হৈ পৰিছে৷ ইয়াৰ পৰা ওলাই অহাৰ বাবে আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতৃত্বই এৰা-ধৰাৰ মনোভাবেৰে আগবাঢ়িব লাগিব আৰু আমাৰ মাজত থকা অনৈক্য দূৰ কৰিব লাগিব৷ তেতিয়াহে প্ৰকৃতপক্ষত শান্তি প্ৰতিষ্ঠা হ’ব৷ 

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ