Monday, June 19, 2023

অসমৰ ডি ভোটাৰ হোৱাৰ কাৰণ আৰু সমাধানৰ পথ কি হ'ব পাৰে

 

১৯৯৭ চনৰ ১৭ জুলাইত ভাৰত নিৰ্বাচন আয়োগে অসম চৰকাৰক এক বিজ্ঞপ্তি জাৰি কৰি অ-নাগৰিকসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত, ভোটাৰ তালিকাৰ সংশোধন আৰম্ভ হয়, ঘৰে ঘৰে জৰীপ কৰা হয়, সেইসময়ত ভাৰতীয় হোৱাৰ যাৱতীয় নথিপত্ৰ দেখুৱাব নোৱাৰা লোকক ভোটাৰ তালিকাত ইংৰাজী ডি’ (D)-ৰ সৈতে চিহ্নিত কৰে৷  জৰীপৰ সময়ত, অনুপস্থিত ভোটাৰসকলকো উক্ত ডি ৰে চিহ্নিত কৰা হৈছিল। ফলত প্ৰায় ৩,৭০,০০০ লোকো ডি ভোটাৰ হিচাপে ঘোষণা লাভ কৰে৷ পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা অধিকাংশ লোকেই স্বদেশী হিচাপে ঘোষণা লাভ কৰিছে৷ ২০১৫ চনত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা লৈ সকলোৱে আগবাঢ়িছিল যদিও ডি ভোটাৰ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষীয়ে সন্দেহযুক্ত নাগৰিকৰ গোচৰ জাপি দিয়া লোকসকলক NRC ৰ আওতাৰ পৰা বাদ ৰখা হল৷ মন কৰিব লগীয়া যে ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷

বাক্সা আৰু বৰপেটা জিলাক লৈ গঠন হোৱা সৰভোগ বিধানসভা সমষ্টিতে পাঁচ সহস্ৰাধিক ডি ভোটাৰ আছে। এইসকল লোকৰ ওপৰত সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰা অতিকৈ প্ৰয়োজনীয় বুলি আমি বিবেচনা কৰিব পাৰি। উল্লেখ্য যে এই বিষয়ৰ লগত নদ-নদীৰ গৰাখহনীয়া কেনেকৈ সংযুক্ত হৈ আছে সেই বিষয়েও অধ্যয়ন কৰাৰ থল আছে। 

 


Related Posts:

  • Uniform civil code বা UCC কি Uniform civil code বা UCC পুনৰ দেশব্যাপি চৰ্চা আৰম্ভ হৈছে, এই video ত এই বিষয়ৰ লগত জৰিত কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ যত্ন কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে যে UCC য়ে কিয় চৰ্চা লাভ কৰিছে, Uniform civil code  বা UC… Read More
  • ডিটেনশ্বন কেম্প ডিটেনশ্বন কেম্প তোমাক পেটত লৈ মহিলাজনীয়ে লাজে-ভয়ে খোজ কাঢ়িছিল মানুহৰ মাজত তোমাক জন্ম দিয়াৰ বাবে এজন পুৰুষে ঔৰসত জমা কৰিছিল শক্তি তুমি সূৰ্যৰ মুখ দেখি কান্দিছিলা তেওঁলোকে হাঁহিছিল৷ তুমি খোজকাঢ়িব শিকিছিলা কথা ক’বলৈ শিকিছ… Read More
  • আমছুৰ প্ৰতিষ্ঠা আৰু ২৬ মে’ ৰ ঐতিহাসিক আন্দোলনআমছুৰ প্ৰতিষ্ঠা আৰু ২৬ মে ৰ ঐতিহাসিক আন্দোলনশাজাহান আলী আহমেদপ্ৰাক্তন শিক্ষা আৰু আলোচনী সম্পাদক, আমছুন্যায়, নিৰাপত্তা, অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যুঁজ আজিৰ নহয়। ১৯৮০ চনত অসমৰ সংখ্যালঘুসমাজে নিৰ্জাতন, উত্পীডড়ণ, লাঞ্চনা, বঞ্চনাৰ বল… Read More
  • Inspirational and Motivational Quotes by APJ Abdul KalamFamous APJ Abdul Kalam Quotes: Dr APJ Abdul Kalam is one of India's most celebrated scientists and former President of India. He is an inspiration to youth to take responsibility and work in the direction of develop… Read More
  • History of AAMSU- আমছুৰ জন্মৰ ইতিহাস অংকুৰৰ পৰা ২৬ মে'ৰ গণ আন্দোলনলৈলেখক- প্ৰয়াত তাজ উদ্দিন আহমেদসদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (AAMSU) ৰ জন্ম অসমৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। এই ছাত্র ইউনিয়নটো কাৰ দ্বাৰা কেনেকৈ কিয় জন্ম হৈছিল এই ঘটনা জনা বা নজনাকৈ ইয়… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ