Wednesday, December 27, 2017

নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি। কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হাজাৰ অগ্নিশিখা। অভিশপ্ত সময়ৰ কৰুণ প্ৰবাহ সংস্কাৰৰ ধুসৰ সপোন। চহৰখনে কথা ক’ব নাজানে এন্ধাৰ গলিবোৰে মেৰুদণ্ড ভাঁজ লগাই শুই থাকে। গছকি যায় নিৰ্লজ্জ¸ অহংকাৰী...

Wednesday, September 27, 2017

মুক্ত ভাবে কিছু কথা লিখিম, যিবোৰ পঢ়াৰ ধৈৰ্য বহুতৰে নাই৷ তথাপিও কথাবোৰ নক’লে ভাল লাগি থকা নাই৷ কাৰণ এতিয়া ‘খালি টেমা’বোৰে কটু শব্দৰ শৰ নিক্ষেপ কৰি বুকু চিৰাচিৰ কৰি ৰাখিছে আৰু মিৰ্জাফৰৰ উপস্থিতি সোঁৱৰাইছে৷      ম্যানমাৰৰ নৰহত্যাযজ্ঞ দেখি চকুলো নোলোৱা মানুহ বোধহয় নাই৷ ইয়াৰ সমাধান হোৱাটো প্ৰত্যেকজন মানুহে কামনা কৰে৷ কিন্তু নেলী, গহপুৰ, চাউলখোৱা, বাঁহবাৰী,...

Friday, September 15, 2017

ছাচ্চাৰ কমিটিৰ প্ৰতিবেদনৰ পৰা বহু কথা জানিব পৰা যায়৷ তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ধৰ্মীয় সংখ্যালঘু সকলৰ শিক্ষাৰ অৱস্থা৷ জানিব পৰা মতে চৰ-চাপৰি অঞ্চলত মাত্ৰ ১৯.৩২ শতাংশ লোক শিক্ষিত (এতিয়া অলপ বাঢ়িব পাৰে)৷ মই যিমানদূৰ জানো এই অঞ্চল সমূহৰ প্ৰাথমিক বিদ্যালয় সমূহত ছাত্ৰ অনুপাতে শিক্ষকৰ হাৰ পুতৌ লগা ধৰণে কম৷  শেহতীয়াকৈ টেটৰ জড়িয়তে নিয়োগ কৰা শিক্ষকৰ অধিকাংশই...

Friday, September 1, 2017

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে । তেওঁৰ দেউতাকৰ নাম আছিল বীৰা স্বামী আৰু মাতৃৰ নাম সীতামা আছিল। ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয় , বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত...
ছদ্মবেশী পনিৰ-ছয়াবীন আৰু অহিংসা(?)ৰ পূজাৰী কণিতো থাকে প্ৰাণ (!) মাছ, মঙহ একো নাখায় সিহঁতে— চুলি খুড়াই ৰূপ লৈ ভীক্ষুৰ  সেৱা কৰিছে আত্মাৰ কিন্তু পাণ কৰিছে যুৱতী-উলঙ্গ নাৰীৰ ৰক্ত শিশুৰ কলিজা ৰোহিঙ্গাৰ দেহ৷ নৰমাংস ভক্ষণকাৰী ‘মোহন মেন ইটাৰ’ (Mohan Men Eater) বিশ্বৰ চকুত তেওঁলোক ভেজেটেৰিয়ান (Vegetarian) মানৱতাৰ বধ্যভূমিত খোজকাঢ়িব জানে নিৰ্দয় পহুবোৰে এটাৰ পিছত এটাকৈ ওপঙি উঠিছে সিংহলত ৰোহিঙ্গাৰ মৃতদেহ লাজ পাইছে জঙ্গলে উচুপি উঠিছে...

Friday, August 25, 2017

উচ্ছেদ শব্দটোৱে চকুৰ আগত ভঁহাই তোলে হাজাৰ অসহায় মুখৰ ছবি৷তেওঁলোক মানুহ সেইবাবে দুবেলা-দুমুঠি পেটত দিব লাগে, তেওঁলোকৰ লজ্জা নিবাৰণৰ বাবে লাগে কাপোৰ, থাকিবলৈ লাগে এখন ঘৰ৷তেওঁলোকে বুজি নাপায় আইনী মেৰপেচ৷মানুহতকৈ জীৱ-জন্তুৰ মূল্য বেছি বুলিও নাযানে তেওঁলোকে৷একো বুজি নোপোৱা পানী কেঁচুৱাবোৰক মানুহ কৰিব বিচাৰিছিল তেওঁলোকে৷যি সময়ত চৰকাৰী হাজাৰ হাজাৰ বিঘা মাটি কোম্পানী, পুঁজিপতি, বনিয়া...

Thursday, August 24, 2017

তিনি তালাক বিষয়ক একো ধাৰণা নথকা মানুহে টিভিৰ পৰ্দাত বা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মতামত ব্যক্ত কৰা দেখা পাই আঁচৰিত লাগে৷ তেওঁলোকৰ অধিকাংশৰ মতে একেবাৰতে থিয় হৈ তালাক, তালাক, তালাক কৈ দিলেই তালাক হৈ যায়৷ কিন্তু তেওঁলোকৰ এই জ্ঞান শুদ্ধ নহয়৷ মহান আল্লাহ তায়ালা পবিত্র কুৰআন শৰীফৰ সূৰা তালাকত কৈছে— ‘হে নবী! (উম্মতক কওক) তোমালোকে যেতিয়া স্ত্ৰীক তালাক দিব বিচৰা,...

Monday, August 21, 2017

আজি প্রতিবাদী সভা, ঘটনাস্থলীত নৱ শৰণীয়া, উত্তেজনা বৰপেটাৰোড, ২০ আগষ্টঃ আজি সন্ধিয়া প্রায় ৬ বজাত অসম চৰকাৰৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মাই গোৱৰ্দ্ধনাৰ গৰাখহনীয়াত ক্ষতিগ্রস্থ হােৱা অঞ্চল পৰিদৰ্শন কৰাৰ বাবে বৰপেটাৰােডলৈকে আহিও বেঁকীৰ পাৰত উপস্থিত হােৱাৰ সাহস গোটাব নােৱাৰি প্রশাসনে অনুমতি নিদিয়াৰ অজুহাত দেখুৱায়। শাসকীয় চৰকাৰৰ মিত্র দল বিপিএফৰ পৰা প্রতিনিধিত্ত কৰা...

Friday, August 18, 2017

গোৱৰ্দ্ধনাত বেঁকীৰ গৰাখহনীয়াৰ কালৰূপ খহিল গড়কপ্তানি পথ, চলিত বৰ্ষত গৃহহীন ৮০ টা পৰিয়াল ১৮ আগষ্ট, ২০১৭ঃ যোৱা কিছু দিনৰ পৰা অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু জাননী নিদিয়াকৈ এৰি দিয়া কুৰিশ্ব জলবিদ্যুত প্রকল্পৰ পানী এৰি দিয়াৰ ফলত বেঁকীৰ গৰাখহনীয়া প্রবল হৈ পৰিছে। আজি দুপৰীয়া বৰপেটাৰােড মানাহ সংযোগী পথৰ প্ৰায় দুই মিটাৰকৈ অংশ বেঁকীত জাহ যোৱাৰ ফলত বৰপেটাৰােডৰ পৰা মানাহ...

Wednesday, August 2, 2017

(১) তোমাক মই হত্যা কৰিম¸তোমাৰ তেজৰ চেঁকুৰাত সাঁতুৰিমবন্য উল্লাসত নাচিম-হাঁহিমমই গণতন্ত্ৰৰ পাঠ পঢ়িব নিবিচাৰোতোমাৰ পৰামোক শিকাব নালাগে তুমিবিশ্বাসৰ সংঞ্জা তুমি প্ৰস্তুত হৈ থাকিবাতোমাক হত্যা কৰিপ্ৰদান কৰিম ৫ লাখ টকাভিক্ষাৰী কেইটাই চেলেকিব পৰাদুৰ্গন্ধময় ব্ৰেডৰ টুকুৰা;মই ভালদৰেই জানোপুখুৰীৰ মাছৰ চৰ্বিৰ খবৰআৰু চোক ভেঁকুলীৰ আস্ফালন। (২) হেৰ’ বিশ্বাসঘাতকৰ নায়কএইবাৰতোক হত্যা...

Saturday, July 29, 2017

 মই মোৰ মাজত জীয়াই থাকিম আজি মুক্ত¸ স্বাধীন উশাহ লৈতেজত মিহলিব হীমগ্লবিনশ্বেতৰক্ত কণিকাবোৰে আওৰাবআনন্দৰ শ্ল’গান। বিষণ সুখী সুখী হ’ব মোৰ কলিজা।শাওনৰ কৃত্ৰিম সাগৰত সাঁতুৰি-নাদুৰিমূক হৈ পৰা নিশাবোৰে আজি বিচাৰি পাব শব্দ। মনে মনে আজি বিলীন কৰিদিম নিজকনিজৰ মাজতআজি যে মোক এন্ধাৰে বৰকৈ মাতিছেএন্ধাৰৰ বুকুৰ মাজলৈ...

Friday, July 21, 2017

মোৰ চোতালৰ বাগিছাত ফুলিছিল ৰক্তজোবা মৌচুমি বলিছিল মোৰ শেৱালীৰ পাতে-পাতে-ফুলে কুলিয়ে আকাশে হাঁহিছিল নদীয়ে মাতিছিল ডালত বহি প্ৰেম-প্ৰেম খেলিছিল শালিকা শালীয়ে তোমাৰ হাঁহি আছিল বাবেই  জীৱীত আছিল পাহাৰ তোমাৰ হাঁহি আছিল বাবেই  অবতৰত ফুলিছিল মদাৰ তোমাৰ হাঁহি আছিল বাবেই  সাতুৰিছিলো সাগৰত তোমাৰ হাঁহি আছিল বাবেই  ভূমৰা উৰিছিল গোলাপত..... তোমাৰ...

Thursday, July 13, 2017

তেতিয়াৰ ব্যৰ্থ সপোনবোৰএতিয়া অতীত হ‘লতোমাৰ কাঁজল সনা দু-চকুআৰু মেঘৰঞ্জনী চুলিৰ ভাজতউৰিছে জোনাকীসাজিছে ৰামধেনু।বিপৰীত মুখী বক্ৰ গতিৰ চক্ৰবেহুতকাৰাৰুদ্ধ অজুত কল্পনা¸সীমাৰ পৰিধি ভাঙিনৰক যাত্ৰাৰ অন্ত অভিপ্ৰায়ৰবাসনা কলিজাতএতিয়াহাতৰ মুঠিত পৃথিৱীখনআৰু তুমি কোমল বিছনাতমানি ল’ব পাৰিছা সকলোবোৰবিনাবাক্যেতেওঁৰ কথাবোৰ তোমাৰতোমাৰ কথাবোৰ তেওঁৰতুমি ভোকাতুৰ ধৰাৰকামনাৰ গোলামঅথচএখন অভিসপ্ত কল্পনাৰ...

Monday, July 10, 2017

তুমি যদি আহিলা হেঁতেন পুনৰ কলেজৰ কমন ৰূম অথবা পুথিভড়ালৰ চিৰি বগাই বগাই¸ লাজতে লিৰিলি যোৱা কৃষ্ণচূড়াৰ সুবাসে মতলিয়া কৰিলে হেঁতেন মোৰ বুকুৰ অৰণ্য। তোমাৰ হেঁপাহৰ সাগৰ নীলা চকুৰ মদিৰাত সাঁতুৰি-নাদুৰি উপচাই দিলো হেঁতেন শুকাণ কলিজা। সময়বোৰ থমকি ৰোৱা হ’লে… সাবিটি থাকিলো হেঁতেন তোমাৰ ওঁঠৰ পৰস, হেৰুৱাই পেলালো হেঁতেন বহু যুগৰ ভূগোল বুৰঞ্জি। থৰ মৰুভূমিৰ মৰিচিকা আঁতৰাই বোৱালো...

Tuesday, July 4, 2017

আলী, হুছেইন, আহমেদ, ইছলাম, ৰহমান, হক, খান, খাতুন, বেগম, পাৰবিন, ছুলতানা, আদি উপাধী থকাসকলে যিমানেই নিজকে অধাৰ্মিক বা অমুছলিম বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰক কিয় তেওঁলোকৰ পৰিচয় সলনি নহয়৷  ভোটাৰ তালিকাত এইবোৰ উপাধীধাৰীৰ নামৰ আগত মন গ’লেই ‘ডি’ লগাব, বাংলাদেশীৰ লেবেল লগাবই, তাচ্ছিল্য, ইতিকিং কৰিবই গতিকে প্ৰত্যেকে নিজৰ পৰিচয় ঠিক ৰাখি সমাজ ঠিক কৰাৰ চিন্তা কৰা ভাল বুলি ভাবো৷...

Monday, July 3, 2017

       তাছিল্যৰো এটা সীমা থাকে৷ সৰুৰে পৰাই মোক ‘বাংলাদেশ’ শব্দটোৱে আতংকিত কৰি ৰাখিছে৷ কেইবাটাও কবিতাত সেই কথা প্ৰকাশ কৰিছিলো৷ বংলাদেশৰ জন্ম নোহোৱাটোৱেই ভাল আছিল৷ কমপক্ষে আমি বাংলাদেশীৰ লেবেল লৈ কলংকৰ জীৱন যাপন কৰিব লগা নহ’ল হেঁতেন৷ সেইবাবেই যিসকল নেতাই ভাৰত বিভাজন কৰিছিল তেওঁলোকক মই মনে-প্ৰাণে ঘৃণা কৰো৷ ফুটপাতৰ ডায়েৰিত আজি এই বিষয়ে কিছু কথা লিখাৰ মন গৈছে৷  ...

Friday, June 16, 2017

‘কৃতিমানসকলে ৰাজনীতিৰ প্ৰতি আগ্রহী হােৱা প্রয়োজন’ ১৫ জুনঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন(আমাছু)ৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাৰ পৰা হেল্পলাইন একাডেমীত শুভেচ্ছামূলক সম্বর্ধনা অনুষ্ঠানৰ জৰিয়তে হাইস্কুল, হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীর্ণ হােৱা কৃতি ছাত্র-ছাত্ৰীসকলক সম্বর্ধনা প্রদান কৰে।...

Monday, June 12, 2017

অসমীয়া প্ৰতিদিন নামৰ কাকতখন বিগত চাৰি-পাঁচ বছৰৰ পৰা প্ৰায় নিয়মীয়াকৈ পঢ়াৰ অভ্যাস আছিল৷ এতিয়া পঢ়া বাদ দিম৷ এই কাকত খনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কলংকিত কৰাই নহয় মানুহৰ মাজত ভাতৃত্ববোধ ধ্বংশৰ দীৰ্ঘদিনীয়া ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ বিগত সময়ছোৱাত কাকতখনে বিভিন্ন সময়ত মানুহক বিভ্ৰন্ত কৰাৰ বাবে মনে সজা আৰু অসংখ্য ইছলামবিৰোধী মুখৰোচক বাতৰি প্ৰকাশ  কৰি জাতিটোক হেয়...

Wednesday, June 7, 2017

প্ৰাসঙ্গিক ফটো, গুগলৰ পৰা সংগৃহিত আমি ল’ৰালীত গাওঁৰ ঘৰে ঘৰে গৈ কিছুমান গীত গাই গাই চাউল, আলু, কণী, নহৰু, আদা, হালদি, টকা আদি সংগ্ৰহ কৰিছিলো৷ সংগ্ৰহ কৰা সামগ্ৰীৰে আমি ‘পুষুৰা’ খাইছিলো, গৃহস্থৰ ঘৰৰ পৰা দান বৰঙণী সংগ্ৰহ কৰাৰ বাবে গোৱা গীতবোৰক মাগন গীত বুলি আমি জানিছিলো৷অসমীয়া সংস্কৃতিত ইয়াৰ নামেই ‘মহুহু’ বুলি কোৱা হয়৷স্নাতকত ‘অসমীয়া সাহিত্য’ৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈ...
ৰিক্সাৰ চকা ঘুৰিছে তাইৰ ওঁৰণিৰ তলৰ বুকু কঁপিছে থৰ থৰ তাই টান কৈ বহিছে ছিটত। কেঁচা বিলাহী আৰু এপুৱা চাউল পিতৃহীন এমা-ডিমা দুটিৰ এসাজৰ বাবে। তাইৰ বয়স উনৈছ এমাৰ পাঁচ ডিমাৰ দুই তাই এতিয়া বুজি নাপায় কুলি-কাউৰীৰ পাৰ্থক্য। তাইৰ বাবে ফাগুণ-বসন্ত  নিৰস সাথৰ। জীৱন মানে পাষাণ সমাজৰ খেলৰ পুতলা এপাল গৰু আৰু গাহৰিৰ এগাল আহাৰ এতিয়া মেৰুদণ্ডবোৰ উদণ্ড ৰজাবোৰ বেপাৰী নিশাবোৰ...

Friday, June 2, 2017

হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ এজন কৃষকৰ মৃতেদহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ বিবৰণি মতে একে থানাৰ অন্তৰ্গত কয়েমাৰী গাওঁৰ মৃত উমেদ...

Friday, May 26, 2017

          মিঞাকে আদি কৰি সংখ্যালঘু হত্যাযজ্ঞৰ বাবে সংঘটিত হিংসাত্মক অসম আন্দোলনৰ ৰক্তাক্ত ইতিহাসৰ সোৱৰণ প্ৰায় সকলোৰে আছে৷ প্ৰায় সকলোৱে জানে নেলীৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা৷ কিন্তু ২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত নহয়৷ অতি সংক্ষিপ্ত ভাবে ইয়াৰ এটা আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷  হিংসাত্মক অসম আন্দোলনৰ...
বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ সভা মোডী মিথ্যাচাৰী, প্ৰতাৰক, সর্বকালৰ ব্যর্থ প্রধানমন্ত্রীঃ চিপি যোশী এনআৰচিৰ পৰা প্রকৃত ভাৰতীয়ক বাদ দিয়াৰ ষড়যন্ত্র বিজেপিৰঃ তৰুণ গগৈ  এআইইউডিএফত প্রবল খহনীয়া : ২ সহস্ৰাধিকাৰ কংগ্ৰেছত যোগদান         বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰােডৰ...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা