Sunday, December 23, 2018

অসম্পাদিত কবিতাৰ শব্দবোৰ জঞ্জাল লগামগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মইকবিবোৰক দেখিলেওৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸শব্দৰ সাগৰত খেলি থাকি  মুঠেই ভাল নালাগে এতিয়া। পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা  দিন হাজিৰা কৰা মানুহজনেওমোৰ দৰে বিৰক্তি পায়  কবিতা সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱাপথিকবোৰককোনে দিব...

Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷  সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed ১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো...

Monday, December 3, 2018

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷ এই পৃষ্ঠা লিখোতে তিনিটা মূল কথা মনত ৰাখিব লাগে৷  প্ৰথম- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷  দ্বিতীয়- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিব নালাগিছিল৷ তৃতীয়- নথিপত্ৰ কি দিছিল আৰু এতিয়া কি দিব৷  —এই তিনিটা কথাৰ ওপৰত...

Sunday, December 2, 2018

কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ আন্তৰিকতাৰ অভাৱত দাবী প্ৰক্ৰিয়া একপ্ৰকাৰ স্তব্ধ হৈ থাকিলেও বৰ্তমান দাবী দাখিলৰ প্ৰক্ৰিয়া কিছু পৰিমাণে দ্ৰুত হৈছে৷  কিন্তু আজিৰ তাৰিখত যি...

Monday, November 26, 2018

NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কাৰ হাততনো আছে?) আটাইতকৈ জটিল সমস্যটোৰ সমাধান ৭.৩০ বজাতহে দিব পাৰিলো৷ সমাধানটো এনেধৰণৰ—  ‘NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ...

Sunday, November 25, 2018

#NRChow2helpU আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ সমস্যাৰ সমাধান সূত্ৰ লাভ কৰিলে৷ দিনটোত সেইবাবে আমি ২ মিনিটৰ বাবেও জিৰাব পৰা নাছিলো৷ সন্ধিয়া ৬ বজালৈ আমি মোবাইলৰ টৰ্চ জ্বলাই ৰাইজৰ সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ...

Saturday, April 7, 2018

পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ  অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু ৭ এপ্ৰিলঃ অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভোটাতৰা স্বৰূপ মুনীন বৰুৱা দেবৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে৷ অসমীয়া চিনেমাৰ বেয়া দিনৰ...

Friday, April 6, 2018

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুকুৰা টুকুৰ কৰিব বিচাৰিছে এই চৰম সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ আমছুৰ...
ৰ’দৰ কোলাত মোৰ উলংগ দেহ অসংখ্য কোলাহলৰ মাজত জীৱনৰ ৰং বিচাৰি যাওঁ নিৰাশাৰ চাদৰ মেৰিয়াই এতিয়া ফাগুণ আৰু বসন্তবোৰ নিসংগতাৰ অন্য নাম বিবশ্ৰ হওঁতে এসময়ত লাজ লাগিছিল এতিয়া সাধাৰণ অভ্যাসহে মাথো-----------তেওঁলোকে প্ৰতিদিনে মোৰ চোলা খুলেলিৰিকি বিদাৰি চায় মোৰ শৰীৰৰ অঙ্গমোৰ পিঠিত হেনো কাঁটা তাৰৰ চিন বিদ্যমানমই হেনো জিভা কটা নষ্ট মানুহ।মূৰৰ জাপিখন . . .মোৰ কান্ধৰ গামোছাখন বোলে...

Thursday, March 22, 2018

ডিটেনশ্বন কেম্প তোমাক পেটত লৈ মহিলাজনীয়ে লাজে-ভয়ে খোজ কাঢ়িছিল মানুহৰ মাজত তোমাক জন্ম দিয়াৰ বাবে এজন পুৰুষে ঔৰসত জমা কৰিছিল শক্তি তুমি সূৰ্যৰ মুখ দেখি কান্দিছিলা তেওঁলোকে হাঁহিছিল৷ তুমি খোজকাঢ়িব শিকিছিলা কথা ক’বলৈ শিকিছিলা আৰু গান গাইছিলা ফাগুণ-বসন্তৰ৷ তুমি সপোন দেখিছিলা নাগৰিকৰ দৰে অন্ন, বস্ত্ৰ, বাসস্থানৰ৷ সপোন কুঁৱৰীৰ মায়াবী চকুত তুমি হেৰুৱাব খুজিছিলা মতলীয়া...

Monday, February 26, 2018

       ১২ জানুৱাৰী, ২০১৮ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত পৰিষদৰ এক বৈঠকে লােৱা সিদ্ধান্ত অনুসৰি বিটিচি অঞ্চলত সংৰক্ষিত শ্ৰেণীৰ মর্যাদা সহকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা জনগােষ্ঠীসমূহে তেওঁলােকৰ বিশেষাধিকাৰ হেৰুৱাব লাগিব। অর্থাৎ তেওঁলােকে অঞ্চলটোত মাটি বেচা-কিনাৰ ক্ষেত্ৰত ইমানদিনে ভােগ কৰি অহা অধিকাৰ আৰু ভােগ কৰিব নােৱাৰিব। পৰিষদে...

Monday, February 12, 2018

গুৱাহাটী বিশ্ববিদ্যালয়ক অসমৰ বৌদ্ধিক কেন্দ্ৰ বুলি বিবেচনা কৰা হয়৷ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা অতুলনীয়৷ ইয়াৰ পৰাই আৰম্ভ হয় প্ৰতিটো শুভ কাম৷ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত ব্যক্তিসকলে সেইবাবে সকলো স্থানতেই সন্মান লাভ কৰে৷ আমাৰ শিক্ষা গুৰুসকলে অস্বীকাৰ কৰিলেও আজিৰ প্ৰগতিশীল নৱ প্ৰজন্মই তেওঁলোকক আদৰ্শ হিচাপে লৈ চলিবলৈ যত্ন কৰে৷ মোৰো কেইবাজনো প্ৰিয়...

Wednesday, February 7, 2018

১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰে যোগাযোগ কৰিম, কেনেদৰে আমি বিনোদন কৰিম, কেনেদৰে আমি বিশ্বৰ খবৰ সংগ্ৰহ কৰিম। শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াই জনপ্ৰিয়তা লাভ কৰাৰ পিছত মানুহে প্ৰতিটো সৰু-বৰ কথা...

Monday, February 5, 2018

                সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো সম্পদ দিল্লীৰ নিয়ন্ত্ৰণাধীন হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদকো দিল্লীৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তৎপৰ হৈছে বৰ্তমানৰ চৰকাৰে, দিল্লীৰ সমান্তৰালকৈ শেহতীয়াকৈ নাগপুৰেও...

Tuesday, January 30, 2018

তুমি থাকিলে পাৰ নকৰিলে হেঁতেন বুভুক্ষ জনতাই  নিৰ্জন নিশা। এতিয়া শব্দবোৰ বজ্ৰ হ’ল অনাদৰে অৱহেলায় গানগোৱা  মাটিৰ কলিজাবোৰ এতিয়া নষ্ট নাৱিকৰ কোলাহলত জ্বলি জ্বলি ছাই কৰি খাই গৈছে অজস্ৰ উজাগৰি কান্দোন। এতিয়া প্ৰেম-ভালপোৱা মানে অভিসাপ সপোন মানে ঠৰঙা লগা ফুটপাথ। ...
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস [দিনপঞ্জী] ======================== ১৯৫১— % লোকপিয়লৰ ভিত্তিত অসমত এন আৰ চি। ১৯৮০– ১৮ জানুৱাৰী 2 এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ— ৰাজ্যক আছুৰ স্মাৰকপত্র। ১৯৮০– ২ ফেব্ৰুৱাৰী ঃ ইন্দিৰা স্মাৰকপত্র প্রদান | ১৯৯০- 2 চৰকাৰক এন আৰ চিৰ মডেলিটি প্রদান আছুৰ । ১৯৯৯– ১৭ নৱেম্বৰ 2 আছুকেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দিল্লীত ত্ৰি-পাক্ষিক বৈঠক। ১৯৯৯— গুঃ এন আৰ চি উন্নীতকৰণৰ...

Monday, January 22, 2018

কলেজতপঢ়োতে মোৰ অন্যতম প্ৰিয় উৎসৱটিয়েই আছিল স্বৰস্বতি পূজা৷ আমাৰ জি.এল.চি কলেজ, বৰপেটাৰোডৰ পূজাৰ খিচিৰি খাবলৈ অইন কলেজত পঢ়া বন্ধু-বান্ধবীসকলো আহিছিল৷  আমি কোৰ্তা পিন্ধি গৈছিলো, মই ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক থকা সময়তো পূজাৰ লগত বহুত সক্ৰিয়ভাবে জড়িত হৈছিলো৷ মোৰ বন্ধু-বৰ্গৰ অধিকাংশই হিন্দু আছিল, আজিও তেওঁলোকৰ লগত আগৰ দৰেই মধুৰ সম্পৰ্ক৷ (সেইবুলি মই নামাজ পঢ়া...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player

শেহতীয়া লেখা