Monday, February 11, 2019

প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা একাংশ
১০ ফেব্ৰুৱাৰী তাৰিখে বৰপেটাৰোডৰ গ্ল’বেল ইনষ্টিটিউটত পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তিৰ শুনানীৰ সময়ত ভূক্তভোগী লোকক সহায় কৰাৰ বাবে প্ৰায় ৪০ গৰাকী স্বেচ্চাসেৱকক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হয়। ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’ব লগা শুনানীৰ জৰিয়তে দাবী দাখিল কৰা লোকৰ দাবী বা আপত্তিৰ নিষ্পত্তি অনুষ্ঠিত হ’ব। ইতিমধ্যে শুনানীৰ বাবে জাননী সমূহ ৰাইজে লাভ কৰি আছে। সৰ্বসাধাৰণ ৰাইজে ইয়াৰে বহু বিষয় জ্ঞাত নহ’ব পাৰে। দাবী/ আপত্তি দাখিল প্ৰক্ৰিয়াত ৰাইজে সেচ্ছাসেৱকৰ কাষ চাপিছিল¸ এতিয়া ওলোটা দেখা গৈ আছে। গতিকে বহু সমস্যাৰ সমাধানসূত্ৰ বিচাৰি নাপাব। সেয়েহে এই বিষয়বোৰ বিস্তাৰিত ভাবে আলোচনা কৰি ৰাইজক সজাগ কৰাৰ কামত মনোনিবেশ কৰিবৰ বাবে উক্ত শিবিৰত আলোচনা কৰা হয়। 
প্ৰশিক্ষাৰ্থীসকলৰ একাংশ

মিছাল নামৰ বেচৰকাৰী সংস্থা আৰু এ পি আই চি আৰৰ যৌথ উদ্যোগত অনুষ্ঠিত শিবিৰত অধিবক্তা জাহিৰ আব্বাছে নাগৰিকত্ব আইন কিভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত প্ৰয়োগ হয় সেই বিষয়ে বিস্তাৰিত ভাবে আলোকপাত কৰে৷ তেওঁ উল্লেখ কৰে যে- ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃ উভয়ৰ নাম অন্তৰ্ভূক্ত হ’লে বা ভাৰতীয় হিচাপে প্ৰমাণ হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত সন্তানৰ নাম অন্তৰ্ভূক্ত হ’ব৷
অধিবক্তা জাহিৰ আব্বাছ
শিবিৰত ‘শিপাৰ সন্ধান’ কৰে এক্টিভিষ্ট আব্দুল কালাম আজাদে৷ অসমত দৰিদ্ৰ সৰ্বসাধাৰণ জনতাই বিভিন্ন সময়ত, কাপোৰ, খাদ্য আৰু ভাষাৰ নামত বাৰম্বাৰ অত্যাচাৰৰ মুখামুখী হোৱা লোকসকলৰ পৰিৱৰ্তনৰ বাবে কাম কৰিবলৈ দিহা পৰামৰ্শ প্ৰদান কৰে৷ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত খাপখোৱাই আগোৱাই যোৱাৰ বাবে প্ৰতিজন জনতাই মানসিক নিৰাপত্তা লাভ কৰা অত্যন্তই প্ৰয়োজনীয়৷ এনে নিৰাপত্তা লাভ কৰাৰ বাবে অধিকাৰৰ বিষয়ে মানুহে জ্ঞাত হ’ব লাগিব আৰু নিজৰ পৰিচয় মনত ৰাখিব লাগিব বুলি ব্যক্ত কৰে৷ 
এক্টিভিষ্ট আব্দুল কালাম আজাদ

প্ৰশিক্ষণ শিবিৰৰ মুখ্য আয়োজক সাজাহান আলী আহমেদে এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়াত ভূক্তভওগী বৈধ ভাৰতীয় জনসাধাৰণক কিদৰে সহায় কৰিব সেইবোৰ সাঙুৰি প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰে। শুনানীৰ সময়ত সকলোবোৰ নথি যেনে- মূল আবেদন প্ৰ-পত্ৰ আৰু তাৰ লগত প্ৰদান কৰা সকলো নথি-পত্ৰ, বংশবৃক্ষ, দাবী প্ৰ-পত্ৰ আৰু এনআৰচি সম্পৰ্কীয় সকলো নথি-পত্ৰ লৈ হাজিৰ হ’ব লাগিব৷ তাৰ বাবে সকলোকে এই বিষয়বোৰ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আহ্বান জনায়। অনাগত সময়ত সমগ্ৰ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিভিন্ন দিশ সাঙুৰি এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে আৰু ৰাইজক সহায় কৰাৰ বাবে আহ্বান জনোৱাৰ লগত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে আহমেদে।

সাজাহান আলী আহমেদ


তলৰ লিংকত ভিডিঅ প্ৰশিক্ষণ গ্ৰহণ কৰক ঃ 



১২ জানুৱাৰীত গণ অধিকাৰ কাকতত প্ৰকাশিত বাতৰি


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকৰ চমু আলোকপাত—

মানুহৰ সমস্যাৰ লগত মুখামুখীঃ সাজাহান আৰু অধিবক্তা জাহিৰ আব্বাছ

প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাৰ পিছতো নাম বাদ পৰিল—

মালেকা খাতুন (৪২), বৰপেটা জিলাৰ বগুৰীগুৰী গাওঁত স্বামী ছামছুল হকৰ লগতে মুঠ চাৰি (আন দুগৰাকী কন্যাৰ বিয়া হৈছে) গৰাকী সন্তানৰ লগত বাস কৰি আছিল৷ ১৯৯৭ চনত মালেকা খাতুনক ‘ডি ভোটাৰ’ হিচাপে চিহ্নিত কৰিছিল৷ ০৯-০৩-২০১৭ তাৰিখে বৰপেটাৰ ৮ নং বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান লাভ কৰে৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকাৰ পৰা ‘ডি ভোটাৰ’ বুলি দেখুৱাই নাম বাদ পেলোৱা হয়৷ কৃষিজীৱী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী নিৰক্ষৰ, শ্ৰমিক ছামচুল হকে (৪৬) ১৫ নৱেম্বৰ, ২০১৮ তাৰিখে মানসিক ভাগে ভাগি পৰে আৰু আত্ম হত্যা কৰে৷
--------------------------------------------------------------------------------
প্ৰকৃততে ডি নোহোৱা লোকক বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন বুলি দেখুৱালে—

বাক্সা জিলাৰ  খুশ্ৰাবাৰী গাওঁৰ  জলিল আলীৰ পুত্ৰ ছুৰহাব আলী (৬০) এন আৰ চিত নাম অন্তৰ্ভূক্ত  কৰাৰ বাবে পিতৃৰ নামত থকা ‘এন আৰ চি ১৯৫১’ লিগেছি নথি হিচাপে আৰু নিজৰ নামত থকা ভোটাৰ পৰিচয়পত্ৰৰ সহায়ত আবেদন জনাইছিল৷ কিন্তু তেওঁক বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন বুলি দেখুৱাই চূড়ান্ত খচৰা তালিকাৰ পৰা নাম পেলোৱা হৈছে৷ তেওঁৰ লগতে একে আবেদন পত্ৰত থকা তেওঁৰ ৮ গৰাকী সতি-সন্তুতিৰ নাম বাদ পেলোৱা হৈছে৷
--------------------------------------------------------------------------------

ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তি

বাক্সা জিলাৰ মটঙা গাওঁৰ আবেদ আলী (৬০)৷ তেওঁ নিজৰ নামৰ ১৯৭১ চনৰ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন দাখিল কৰিছিল৷ কিন্তু তেওঁক ‘ঘোষিত বিদেশী’ ব্যক্তি বুলি দেখুৱাই নাম বাদ পেলোৱা হৈছে৷ তেওঁৰ তিনি গৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা সহ মুঠ ৯ গৰাকী সতি-সন্তুতিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰিছে৷

--------------------------------------------------------------------------------

প্ৰকৃততে ডি নোহোৱা লোকক ডি ভোটাৰ বা সতি-সন্তুতি বুলি দেখুৱা হ’ল—

বাক্সা জিলাৰ বাৰাপেটা গাওঁৰ ইছমাইল হুছেইনৰ পুত্ৰ মহৰ উদ্দিন (৬৫) নিজৰ পত্নীৰ লগত বসবাস কৰে৷ নিজৰ নামত থকা ১৯৭১ চনৰ ভোটাৰ তালিকাৰ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছিল৷ কিন্তু ভুলৱশত ‘ডি ভোটাৰ’ বুলি দেখুৱাই চূড়ান্ত খচৰা তালিকাৰ পৰা তেওঁ আৰু পত্নীৰ নাম বাদ পেলায়৷ তেওঁৰ তিনি পুত্ৰ আৰু চাৰি গৰাকী কন্যাৰ নাম পৃথক আবেদন পত্ৰৰ জড়িয়তে অন্তৰ্ভূক্ত হৈছে৷

--------------------------------------------------------------------------------

মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা  আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱা হ’ল— 

বাক্সা জিলাৰ চূণবাৰী গাওঁৰ মৃত নুৰুল ইছলাম মিৰ্ধাৰ পুত্ৰ জাহিদুল ইছলাম মিৰ্ধা (৩৫), তেওঁৰ মাতৃ জৰিণা খাতুন ডি ভোটাৰ, কিন্তু বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা কোনো জাননী লাভ কৰা নাই৷ তেওঁৰ পিতৃৰ নামত থকা ‘এন আৰ চি ১৯৫১’ লিগেছি নথিৰে এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু মাতৃ ডি ভোটাৰ হোৱা বাবে মিৰ্ধাৰ নিজৰ, মাতৃৰ, দুই পুত্ৰ সন্তান, এগৰাকী ভাইটি আৰু এগৰাকী ভন্টিৰ নাম বাদ পৰিছে৷

--------------------------------------------------------------------------------

FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নোহোৱা’ ৰ বাবে নাম বাদ পৰিল—
বাক্সা জিলাৰ আইখাৰী বিলৰ পথাৰ গাওঁৰ মোকছেদ আলীৰ পুত্ৰ আব্দুল মোন্নাফ (৫৩)৷ পিতৃ মোকছেদ আলীৰ ‘এন আৰ চি ১৯৫১’  লিগেছি নথি আৰু নিজৰ ভোটাৰ পৰিচয়পত্ৰ দাখিল কৰি এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছিল৷ কিন্তু ‘বংশ বৃক্ষৰ অমিল’ বুলি দেখুৱাই তেওঁৰ নাম বাদ পেলায়৷ তেওঁৰ লগতে তিনি পুত্ৰ, দুই কন্যা আৰু এগৰাকী নাতিৰ নাম বাদ পৰে৷ একেদৰে একে লিগেছি ব্যৱহাৰ কৰা মৃত মোকছেদ আলীৰ সৰ্বমুঠ ৩০ গৰাকী সতি-সন্তুতিৰ নাম বাদ পৰে৷ 

---------------------------------------------------------------------------------
চক্ৰ বিষয়ালাট মণ্ডল গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে
বাক্সা জিলাৰ কঁচুগাওঁৰ মজিবৰ ৰহমানৰ কন্যা ফাতেমা খাতুন (৫০) য়ে পিতৃৰ এন আৰ চি ১৯৫১ লিগেছি নথি হিচাপে দাখিল কৰি আৰু পিতৃৰ লগত সংযোগী নথি হিচাপে ‘লাট মণ্ডলৰ প্ৰমাণ পত্ৰ’ প্ৰদান কৰি এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন দাখিল কৰিছিল৷ এই নথিৰ বাদে ফাতেমা খাতুনৰ পিতৃৰে আন কোনো সংযোগী নথি নাছিল৷ নিজৰ নামত স্বামীৰ লগত একেলগে নাম থকা ভোটাৰ পৰিচয় পত্ৰ আছে আৰু বংশ বৃক্ষৰ শুনানীৰ জৰিয়তে পিতৃ, চাৰি ভাতৃ আৰু পাঁচ ভগ্নীৰ লগত গ্ৰহণযোগ্য হয়৷ কিন্তু এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত ‘লাট মণ্ডলৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নহ’ল’ বুলি দেখুৱাই নাম অন্তৰ্ভূক্ত কৰা নহ’ল৷

--------------------------------------------------------------------------------

তালিকা ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে—

বাক্সা জিলাৰ বাৰাপেটা গাওঁৰ কুমৰ উদ্দিনৰ পুত্ৰ শ্বৰিফুল ইছলাম (২৫)৷ তেওঁৰ ককাৰ নামত থকা এন আৰ চি ১৯৫১ লিগেছি নথি হিচাপে দাখিল কৰাৰ লগতে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল৷ তেওঁৰ পিতৃ, মাতৃ, এগৰাকী ভাতৃৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে যদিও তেওঁৰ জন্মৰ প্ৰমাণপত্ৰ গ্ৰহণযোগ্য নোহোৱাৰ বাবে নাম অন্তৰ্ভূক্ত হোৱা নাই৷ দাবী প্ৰ-পত্ৰৰ লগত বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু পান কাৰ্ড প্ৰদান কৰিছে৷

--------------------------------------------------------------------------------

১৪ বছৰৰ তলৰ, সংযোগী নথি গ্ৰহণ নোহোৱা—

বাক্সা জিলাৰ অটা গাওঁৰ আৰশ্বাদ আলী আৰু তাহামিনা খাতুনৰ কন্যা আমানা খাতুন (১১)৷ পিতৃৰ ল’গত একে লিগেছি নথি অৰ্থাৎ এন আৰ চি ১৯৫১ আৰু জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰি এন আৰ চিত নাম অন্তৰ্ভূ কৰাৰ বাবে আবেদন জনাইছিল৷ পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’ল যদিও তাইৰ জন্মৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য পোৱা নগ’ল বুলি দেখুৱা হৈছে৷ উল্লেখ্য যে তাইৰ পিতৃ-মাতৃ কৰ্ম সূত্ৰে দিল্লীত থকা অৱস্থা তাই জন্ম লাভ কৰে৷ জন্মৰ প্ৰমাণপত্ৰ দিল্লীৰ এখন স্বাস্থ্য কেন্দ্ৰৰ পৰা গ্ৰহণ কৰিছিল, য়’ত তাইৰ মাতৃয়ে বেজি লৈছিল৷ উক্ত জন্মৰ প্ৰমাণপত্ৰৰ অবিহনে তাইৰ অইন কোনো সংযোগী নথি নাই৷ 

Saturday, February 9, 2019

আলোচনাৰ বিষয়বস্তু অতি স্পষ্ট৷ আমি আলোচনা কৰিম এন আৰ চিৰ দাবী আপত্তিৰ নিষ্পত্তি সম্পৰ্কে৷ অভিজ্ঞতা আৰু তথ্য সহকাৰে বিশ্লেষণাত্মক ভাবে কৰা হৈছে৷ যাতে অস্পষ্ট বহু বিষয়বোৰ স্পষ্ট হয় আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম  নিৰ্ভূল, সুস্থ আৰু বিশ্বাসযোগ্য ভাবে সমাপ্ত হয়৷




        ১৫ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা লোকসকলে দাখিল কৰা দাবী দাখিল কৰা লোকৰ শুনানী আৰু আপত্তিৰ নিষ্পত্তিৰ কাম আৰম্ভ হ’ব৷ এই সময়ত এনআৰচিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰা ৪০ লক্ষ্যাধীক লোকৰ ৩৬.২ লাখ লোকে দাবী দাখিল কৰিছিল আৰু তেওঁলোকে ১ ফেব্ৰুৱাৰীৰ পৰাই শুনানীৰ বাবে জাননী লাভ কৰি আছে৷ এই প্ৰক্ৰিয়াত বিশেষভাবে মন কৰিবলগীয়া বিষয়বোৰ আজি বিস্তাৰিত ভাবে আলোচনা কৰিব বিচাৰিছো৷ প্ৰথমেই তেনে জাননীৰ প্ৰতিলিপিৰ কথাখিনিলৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছো—

দাবী দাখিল কৰা লোকক এনআৰচি কৰ্তৃপক্ষই প্ৰদান কৰা জাননীৰ মূল অংশ
—এই জাননীত স্পষ্ট ভাবে কেইবাটাও কথা প্ৰকাশ পাইছে৷ তাৰে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰ চমুকৈ আলোচনা কৰি ল’ব বিচাৰিছো—
          দাবী দাখিল কৰা প্ৰতিজন সদস্য, বংশবৃক্ষৰ প্ৰতিজন সদস্য শুনানীকালত উপস্থিত থকা অত্যন্ত জৰুৰী৷ উপস্থিত নাথাকিলে তেওঁলোকৰ জবানবন্দী লিপিবদ্ধ কৰিব নোৱাৰিব৷ গতিকে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা অসম্ভৱ৷ এই প্ৰক্ৰিয়াত সকলোবোৰ নথি যেনে- মূল আবেদন প্ৰ-পত্ৰ আৰু তাৰ লগত প্ৰদান কৰা সকলো নথি-পত্ৰ, বংশবৃক্ষ, দাবী প্ৰ-পত্ৰ আৰু এনআৰচি সম্পৰ্কীয় সকলো নথি-পত্ৰ লৈ হাজিৰ হ’ব লাগিব৷ এইবোৰ কৰাৰ বাবে আমাৰ অশিক্ষিত ৰাইজ সজাগ আৰু সচেতন নে ?

  • সমস্যাৰ গভীৰতা কিমান ? 

           দাবী দাখিল প্ৰক্ৰিয়াত লাভ কৰা ডাঙৰ শিক্ষাটোৱে আছিল যে আমি বিচৰা প্ৰায় ৬০ শতাংশ লোকে বংশবৃক্ষৰ হাতে লিখা প্ৰতিলিপি দেখুৱাব পৰা নাছিল৷ তেওঁলোকৰ অধিকাংশই নিৰক্ষৰতাৰ বাবে এই নথি চিনিয়ে নাপায় আৰু জমা দিয়াৰ সময়ত প্ৰতিলিপি ৰখা নাছিল৷ এনে ক্ষেত্ৰত পূৰ্বে দাখিল কৰা হাতে লিখা বংশবৃক্ষ পুনৰ লৈ যোৱা এটা ডাঙৰ প্ৰত্যাহ্বান৷ যিবোৰ নথি এবাৰ প্ৰদান কৰা হৈছে আৰু তাৰ নিৰ্দিষ্ট শুনানী হৈছে, যেনে— মূল আবেদন প্ৰ-পত্ৰ, বংশ বৃক্ষ, দাবী প্ৰ-পত্ৰ, ২০১৫ চনত মূল আবেদন প্ৰ-পত্ৰৰ লগত আৰু পৰৱৰ্তী শুনানীৰ জৰিয়তে দাখিল কৰা সকলো নথি পত্ৰ কৰ্তৃপক্ষৰ হাতত মজুত আছে৷ 
         আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জটিল বংশবৃক্ষৰ শুনানী প্ৰতিটো বংশৰ বাবে সুকীয়া বা যৌথ ভাবে অনুষ্ঠিত হৈছিল৷ তেওঁলোকৰ বংশবৃক্ষৰ কোনো বিসংগতি নাই, মাথো নথি-পত্ৰত সামান্য বিসংগতি আছে৷ এতিয়া বিসংগতি থকা নথিৰ পৰিৱৰ্তে বিকল্প নথি প্ৰদান কৰি দাবী দাখিল কৰিছে৷ গতিকে নতুনকৈ প্ৰদান কৰা নথি ভালকৈ পৰীক্ষা কৰিব পাৰে৷ কাৰণ ২০১৫ চনৰ পৰা নিষ্ঠাৰে কাম কৰি থকা কৰ্মচাৰীসকলে সমস্ত নথি পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰি CVR অৰ্থাৎ Combine Verification Report তৈয়াৰ কৰিছিল৷ এই প্ৰতিবেদনতেই এগৰাকী আবেদনকাৰীৰ সকলো তথ্য সন্নিবিষ্ট হৈছে৷ তেনে ক্ষেত্ৰত পুনৰায় সমগ্ৰ বংশবৃক্ষৰ সদস্যসকলক শুনানীৰ সময়ত বাধ্যতামূলক উপস্থিতি কৰা কথাটোৱে কি সূচাইছে? প্ৰতিজনে সুস্থ ভাবে চিন্তা কৰা দৰকাৰ৷ 
মনত ৰাখিব— আপোনাৰ বংশবৃক্ষত ধৰা হ’ল ৩৩ জন সদস্য আছে৷ তাৰে ৩০ জনৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে৷ তিনিজনৰ সংযোগী নথিত বিসংগতি থকা বাবে নাম অন্তৰ্ভূক্ত হোৱা নাছিল৷ এতিয়া আপোনালোক ৩৩ জনেই শুনানীত উপস্থিত থাকিব লাগিব৷ কাৰণ হয়তো এনেকুৱা হ’ব পাৰে- আপোনালোকৰ পৰা জবানবন্দী গ্ৰহণ কৰা হ’ব পাৰে যে সেই বাদ পৰা ৩ জন সদস্য আপোনালোকৰ বংশৰেই হয়৷ সেই কথা নিশ্চিত কৰাৰ বাবে পূৰ্বৰ বংশ বৃক্ষৰ প্ৰতিবেদন কৰ্তৃপক্ষৰ হাতত CVR ৰূপে মজুত আছেই৷ 
            এই প্ৰসঙ্গত কৰ্তৃপক্ষক এটা অনুৰোধ জনাই থ’ব বিচাৰিছো যে মূল আবেদন প্ৰ-প্ৰত্ৰৰ প্ৰতিলিপি যেনেদৰে আবেদনকাৰীক দিয়া হৈছিল, বংশবৃক্ষৰ প্ৰতিলিপি দিয়া হোৱা নাছিল৷ গতিকে শুনানীৰ পূৰ্বে অথবা শুনানীৰ সময়ত সেইবোৰ ৰাইজক দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

সি যি কি নহওঁক—
শুনানীৰ সময়ত প্ৰতিজন সদস্য, বংশবৃক্ষৰ প্ৰতিজন সদস্য, একে লিগেছি ব্যৱহাৰ প্ৰতিজন সদস্য, এনআৰচি সম্পৰ্কীয় যাবতীয় নথি-পত্ৰ লগত লৈ নিৰ্ধাৰিত দিনত হাজিৰ হ’ব লাগিব৷ এই অত্যাধিক জটিল প্ৰক্ৰিয়াত আমাৰ নিৰক্ষৰ আৰু অজ্ঞ লোকসকলক সঠিক পন্থা দেখুৱাব নোৱাৰিলে নথি-পত্ৰৰ খেলি-মেলিৰে প্ৰকৃত নথি বাদ পৰি যাব পাৰে আৰু বহু কষ্ট কৰি দাবী প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছতো বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰি থাকিব পাৰে৷ সেইবাবে শিক্ষিত সমাজ, বিশেষকৈ যুৱ সমাজে এই বিষয়বোৰ সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি ৰাইজক সহায় কৰাৰ কামত আত্ম নিয়োগ কৰিব লাগে৷

  • কেনেদৰে সহায় কৰিব ৰাইজক ?

তলত উল্লেখ কৰা ক্ৰমত ৰাইজক নথি-পত্ৰ বিভক্ত কৰি ৰাখিবলৈ পৰামৰ্শ দিব পাৰে—
প্ৰথম- বাদ পৰাৰ কাৰণ বা কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷ 
দ্বিতীয়- মূল আবেদনপত্ৰ আৰু তাৰ লগত গাথি দিয়া নথি-পত্ৰ৷
তৃতীয়- দাবী প্ৰ পত্ৰ আৰু অতিৰিক্ত ভাবে দাখিল কৰা নথি পত্ৰ৷
চতুৰ্থ- হাতে লিখা বংশবৃক্ষ৷ 


ইয়াৰ লগতে কি কাৰণে আবেদনকাৰীৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰিছে আৰু কিয় বাদ পৰিব নালাগিছিল সেই বিষয়ৰ সামৰি দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D বা ৭ নং প্ৰশ্নৰ উত্তৰ নাইবা DV, DF, PFT ৰ বাবে পৃষ্ঠা B বা ৫ নং প্ৰশ্নৰ উত্তৰত লিপিবদ্ধ কৰা স্বীকাৰোক্তি বা ঘোষণাৰ লগত সামঞ্জস্য ৰখাকৈ যুক্তিসঙ্গত আৰু বিস্তাৰিত লিখিত শপত নামা প্ৰস্তুত কৰি নিবলৈ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ এনে ক্ষেত্ৰত অধ্যয়নপুষ্ঠ বা নাগৰিকত্ব সম্পৰ্কীয় বিষয়ত অভিজ্ঞতা থকা সচেতন অধিবক্তাৰ সহায় লৈ আগবাঢ়িব পাৰিলে ভাল৷
প্ৰতিজন আবেদনকাৰীৰ সমস্যা আৰু তাৰ সমাধানৰ বাবে প্ৰদান কৰা দাবী প্ৰ পত্ৰৰ ভিত্তিত শপতনামা প্ৰস্তুত হ’ব যদিও তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—


--------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ/ সতি-সন্তুতিৰ বাবে  টোকা—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ/ সতি-সন্তুতি দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta) গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................  তাৰিখে মোক/ পূৰ্ব পুৰুষক ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে  FTৰ ৰায়দানৰ ভিত্তিত মোৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনাইছো৷  
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, ৰায়দান পত্ৰ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ)
--------------------------------------------------------------------------------
Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে
মই এজন ভাৰতীয় নাগৰিক৷ মোৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ মোক কেতিয়াও বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ এনআৰচিৰ কৰ্তৃপক্ষৰ পৰা মোক ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছিল৷ সেয়েহে দাখিল কৰা নথি-পত্ৰৰ ভিত্তিত মোৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷


(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা)
--------------------------------------------------------------------------------
প্ৰকৃততে ডি নোহোৱা লোকক ডি ভোটাৰ বা সতি সন্ততি বুলি দেখুৱসকলৰ বাবে—

NRC ৰ চূড়ান্ত খচৰা তালিকাত মোৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ডি ভোটাৰসতি-সন্তুতি বুলি জনোৱা হৈছে৷ মই ডি ভোটাৰ/ সতি-সন্তুতি নহয়৷ মই এগৰাকী ভাৰতীয় নাগৰিক৷ মোৰ বিৰুদ্ধ কোনো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা নাই৷ সেয়েহে প্ৰামাণ্য নথিৰ ভিত্তিত মোৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা, ভোটাৰ আই ডি)
--------------------------------------------------------------------------------মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা বা পিতৃৰ নাম অন্তৰ্ভূক্ত হোৱা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে— 
জন্মসূত্ৰে মই ভাৰতীয় নাগৰিক৷ মোৰ পিতৃৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত হৈছে আৰু পূৰ্বপুৰুষৰ লগতে মোৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু মই ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছো, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে মোৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷

(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ, যেনে ১৯৯৭ চনৰ পৰা কমপক্ষে ৫ বছৰৰ ব্যৱধানত ৩ খন ভোটাৰ তালিকা, ভোটাৰ আই ডি)
--------------------------------------------------------------------------------

মনত ৰাখিব মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি প্ৰকৃত ডি ভোটাৰে আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ FTৰ দ্বাৰা ভাৰতীয় ঘোষণা হোৱাৰ পিছত ARNৰ জৰিয়তে তেওঁলোকৰ নাম পৰ্যায়ক্ৰমে অন্তৰ্ভূক্ত হ’ব৷ কিন্তু ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়৷ ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত নাম অন্তৰ্ভূক্ত হ’ব৷
--------------------------------------------------------------------------------

FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নোহোৱা’ ৰ বাবে নাম বাদ পৰা লোকৰ বাবে—

বংশ বৃক্ষৰ ভুলৰ বাবে মোৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছিল৷NRCৰ চূড়ান্ত খচৰা তালিকাত বংশবৃক্ষৰ অইন সদস্য (যদি হৈছে৷ নাম উল্লেখ কৰিব) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷ 

(মনত ৰাখিব— একে লিগেছি ব্যৱহাৰ কৰি যদি অইন ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে প্ৰয়োজন অনুহাৰে ওপৰৰ কথাখিনি লিখিব৷ বংশবৃক্ষৰ পৰীক্ষণৰ সময়ত কি হৈছিল সেই বিষয়ে ভালদৰে জানিলৈ শপতনামা বা জবানবন্দী দিব লাগিব৷)
---------------------------------------------------------------------------------
চক্ৰ বিষয়ালাট মণ্ডল গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়ালাট মণ্ডল গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি পূৰ্বৰ নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰিছো৷ মোৰ স্বামীৰ লগত প্ৰমাণ স্থাপনৰ বাবে ভোটাৰ পৰিচয় পত্ৰ আৰু পিতৃৰ লগত সম্পৰ্ক স্থাপনৰ বাবে বংশবৃক্ষৰ অইন সদস্য (নিৰ্দিষ্টকৈ উল্লেখ কৰিব, পিতৃ, মাতৃ, ভাতৃ, ভনী বা আন কোনে পঞ্চায়তৰ নথি সংগ্ৰহ কৰোতে সাক্ষ্য দিছিল উল্লেখ কৰিব৷)ৰ দ্বাৰা সাক্ষ্য প্ৰদান কৰি চক্ৰ বিষয়ালাট মণ্ডল গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি জমা কৰিছিলো৷

(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ)  

--------------------------------------------------------------------------------
তালিকা ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা মোৰ নাম বাদ পৰাৰ কাৰণ সংযোগী নথি-পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি জনাইছিল৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত........  নথি প্ৰদান কৰি দাবী দাখিল কৰিছো৷ মই জন্মসূত্ৰে ভাৰতীয় নাগৰিক আৰু মোৰ বংশবৃক্ষৰ ........... সদস্যৰ নাম অন্তৰ্ভূক্ত হৈছে৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথি আৰু বংশবৃক্ষৰ ভিত্তিত মোৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷


(নথিৰ বিবৰণ— বাদ পৰাৰ কাৰণ, মূল আবেদন প্ৰ-পত্ৰ, দাখিল কৰা নথি-পত্ৰ, দাবী প্ৰ-পত্ৰ, বংশবৃক্ষ, অতিৰিক্ত নথি পত্ৰ)  


--------------------------------------------------------------------------------



Sunday, December 23, 2018

অসম্পাদিত


কবিতাৰ শব্দবোৰ জঞ্জাল লগা
মগজু বিষাই তোলা অত্যাচাৰ যেন লাগে মোৰ।
আজি-কালি কবিতা মুঠেই ভাল নাপাওঁ মই
কবিবোৰক দেখিলেও
ৰোমান্টিক হৈ নপৰে নিৰ্জন দুপৰীয়া¸
শব্দৰ সাগৰত খেলি থাকি 
মুঠেই ভাল নালাগে এতিয়া।

পেটৰ তাড়ণাত সন্তানৰ নাম পাহৰি যোৱা 
দিন হাজিৰা কৰা মানুহজনেও
মোৰ দৰে বিৰক্তি পায় 
কবিতা

সপোন দেখি প্ৰতিবাৰেই উজুটি খোৱা
পথিকবোৰক
কোনে দিব পোহৰৰ সন্ধান ?

মাত্ৰ এহেজাৰ বলিয়া ঘোঁৰা লাগে মোক
এখন যুদ্ধ কৰিম শৌৰ্য-বীৰ্য দি৷
চাবুক মাৰি ফালি দিয়া পিঠিখনত 
কাঁটাতাৰৰ আঁচোৰে শুব দিয়া নাই মোক আজি
পৰীক্ষাশালৰ উৎপীড়ণে ধৈৰ্যহীন কৰি তুলিছে প্ৰতিক্ষণে৷

যুদ্ধ কৰিবই লাগিব
তোমাৰ বুকুত কিমান সাহস আছে ?
তুমি কি জানা ‘শ্ৰেণী বিপ্লৱ’ ?
অকথ্য যন্ত্ৰণাৰ অমানিশাৰ উপাখ্যান 

তুমি ৰোমান্টিক বিপ্লৱী চিনি পোৱা নে ?
মদৰ গিলাচত জাতিৰ ভৱিষ্যত দেখা 
ভণ্ডবোৰেই জাতি উদ্ধাৰৰ আস্ফালন কৰে।

মই প্ৰতিদিনেই পৰাজিত হওঁ
নিজৰ মাজত।
তথাপিও যুদ্ধ এখন লাগিবই।

Wednesday, December 5, 2018

পঞ্চায়ত নিৰ্বাচন চলি থকা বাবে মানুহৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে৷ গণতান্ত্ৰিক দেশ এখনৰ নিৰ্বাচন সমূহৰ প্ৰতি মানুহ উৎসাহিত হ’লে গণতন্ত্ৰৰ ভেটি মজবুত হোৱা বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত হোৱা প্ৰতিটো নিৰ্বাচনত সৰ্বাধিক উৎসাহিত হোৱা লোকসকল ধৰ্মীয় সংখ্যালঘুসকল৷ 
সৰ্বসাধাৰণ ৰাইজৰ মাজত Shajahan Ali Ahmed

১৯৮৩ চনত অসম আন্দোলনৰ উগ্ৰ সমৰ্থকসকলে নিৰ্বাচন বয়কোট কৰাৰ সময়তো গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ কামত মনে প্ৰাণে লাগি গৈছিল এইসকল লোকে৷ তাৰ ফলতেই নিৰ্বাচনৰ পিছৰ সময়তেই তেজেৰে গণতন্ত্ৰ ৰক্ষাৰ মূল্য দিব লগা হৈছিল৷ কলং, কপিলী ৰাঙলী হৈ পৰিছিল আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰাৰ আহ্বান দিয়া তদানিন্তত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লোকৰ নিৰাপত্তা দিবতো দূৰৰ কথা আহত-নিহতৰ বাবে কোনো সাহায্যও প্ৰদান কৰা নাছিল৷ সেই ৰক্তাক্ত ইতিহাসৰ পাছতেই ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী, অসম চৰকাৰ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তিৰ জৰিয়তে অশান্তময় পৰিৱেশ স্তিমিত হৈছিল সমান্তৰালকৈ হত্যাকাৰীসকলে মুক্তি পাইছিল৷ সেইসময়তেই এই সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাজনৈতিক দল গঠন হৈছিল৷ তাৰো আগত অৰ্থাৎ ১৯৮০ চনতেই আমছুৰ জন্ম হৈছিল৷ মাত্ৰ ২ বছৰ ছাত্ৰ সংগঠন কৰিয়েই আমছুৰ প্ৰতিষ্ঠাকালৰ সভাপতি আব্দুল হাই নাগৰিয়ে কংগ্ৰেছত যোগদান কৰিছিল৷ যিগৰাকী সংখ্যালঘু নেতাই নিজৰ নেতৃত্বত হোৱা সংখ্যালঘুসকলৰ প্ৰথমটো অধিকাৰ ৰক্ষাৰ আন্দোলনত স্বহীদ হোৱা লোকৰ পৰিসংখ্যা পাহৰি গৈছে৷ যাৰ নেতৃত্বত হোৱা আন্দোলনত এখন বাহু হেৰুৱাই শেষ বয়সত ভীক্ষা কৰি জীৱন পাৰ কৰা লোকৰ খবৰ লোৱাৰ আহৰি নাপালে৷ তাৰ সমান্তৰালকৈ সংখ্যালঘু কোটাত প্ৰতিবাৰেই মন্ত্ৰীত্ব লাভ কৰি দিছপুৰত সম্পত্তিৰ পাহাৰ সাজিলে সেইসকল নেতাই আজিৰ এই পঞ্চায়ত নিৰ্বাচনত টেটু ফালি, গলৰ শিৰা ফুলাই বক্তব্য দিয়ে৷ তেওঁলোকে প্ৰকৃততেই যে একো একোজন জাতিদ্ৰোহী লোক সেই কথা বহলাই নক’লেও হ’ব৷ অসমৰ মূলসূতিৰ লগত কোনো কালেই যাতে সংখ্যালঘু সৰ্বসাধাৰণ ৰাইজ মিলিব নোৱাৰে তাৰ বাবে সংখ্যালঘু অঞ্চলবোৰত শিক্ষা, স্বাস্থৰ পোহৰ পৰিব নিদিলে যাতায়তৰ দুৰৱস্থা কৰি ৰাখিলে৷ 


ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বিষয়ে সচেতন লোকসকলৰ আৰ্থিক দুৰৱস্থা হোৱা বাবে এপাচি শাকত এটা জলকীয়া স্বৰূপ শিক্ষিত সমাজেও মুদ্ৰাৰ লোভত বিবেক বিক্ৰী কৰি আহিছে৷ যাৰ বাবে উন্নয়নৰ স্বাৰ্থত ৰাজনীতি হোৱা নাই৷ প্ৰেছাৰ কোকাৰত সৃষ্টি হোৱা চাপৰ দৰেই মানুহক সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ আমছুৰ পৰা প্ৰাক্তন হোৱা প্ৰতিজন নেতাই কংগ্ৰেছত যোগদান কৰি ‘ভোৰৰ কপালত লাত্থি’ মাৰি দিছে৷ তেওঁলোকে যিহেতু সংখ্যালঘু মানুহৰ ‘পালচ্’ বুজি পায় সেইবাবে কি দিলে কাৰ মুখ বন্ধ হ’ব সেই কথা জানে৷ ফলত উন্নয়নৰ ৰাজনীতিয়ে স্থান নাপায়৷ তোষণৰ ৰাজনীতিত পটু দলটোৱে সংখ্যালঘুৰ ওপৰত চলি থকা প্ৰতিটো অত্যাচাৰৰ আধাৰশিলা স্থাপন কৰি থৈ গৈছে৷ তাৰ বাবেও মূলত এইসকল তথাকথিত সংখ্যালঘু নেতাই দায়ি৷ যুক্তিৰ সমৰ্থনত লিখিব গ’লে আৰব্য উপন্যাস এখনেই হ’বগৈ৷ 

ৰক্তাক্ত আন্দোলনৰ মূল আধাৰ অসমৰ বিদেশী সমস্যাৰ স্থায়ি সমাধানৰ বাবে বৰ্তমান ৰাজ্যত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নিতকৰণ চলি আছে৷ এই সমস্যা সমাধানৰ নামত আন্দোলন কৰি যিসকলে নেতা হ’ল, যিসকলে অহাবাৰৰ নিৰ্বাচনৰ টিকট নিশ্চিত কৰাৰ কৌশলত লিপ্ত হৈ আছে তেওঁলোকে পূৰ্বৰ দৰেই কিন্তু পৰিৱেশ ধূসৰ কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে৷ সাধাৰণ ভাবে লক্ষ্য কৰিলেই বুজি পাব যে এজনো সংখ্যালঘু নেতাই জটিলতাৰে ভৰা NRCৰ দাবী/ আপত্তিৰ প্ৰক্ৰিয়াত দুৰ্গত বৈধ ভাৰতীয়ৰ পক্ষত থিয় দিয়া নাই৷ এজনো আমছুৰ প্ৰাক্তন সভাপতিয়ে বিনামূলীয়া সহায়ক কেন্দ্ৰ মুকলি কৰা নাই৷ অপ্ৰয়োজনীয় লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ সন্মুখত ছেলফি উঠাৰ বাহিৰে বোকা ছটিয়াই মানুহক দাবী/ আপত্তিৰ প্ৰতি অনিহাহে বৃদ্ধি কৰা অনুমান হৈ আছে৷ যিমান বেছি বৈধ ভাৰতীয়ৰ নাম NRC ৰ পৰা বাদ পৰিব সিমানেই তেওঁলোকৰ ৰাজনীতিৰ ভেটি মজবুত হ’ব৷ যাৰ বাবেই হয়তো সমস্ত যুৱ শক্তিক পঞ্চায়ত নিৰ্বাচনৰ জিন্দাবাদ মাৰা কামত লগাই দিয়া হৈছে, যাৰ বাবেই হয়তো পঞ্চায়ত নিৰ্বাচনৰ সভাবোৰত NRC ৰ বিষয়বোৰে বিশেষ স্থান নাপায়৷ অৱশ্যে হাস্যকৰ ভাবে একাংশ সংখ্যালঘু বিধায়কে বহু সময়ত ঘঁৰিয়ালৰ চকুলো টোকা দেখা যায়৷ 

NRC ৰ দাবী আপত্তিৰ সময় শেষ হ’বলৈ সন্মুখত মাত্ৰ কেইটামান দিনহে বাকী আছে৷ প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে NRC ৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰা দৰকাৰ৷ এই কাম নকৰিলে ভৱিষ্যত কিমান অন্ধকাৰাচ্ছন্ন হৈ পৰিব সেই কথা ক’ব নোৱাৰি৷ এতিয়াও সজাগ হোৱাৰ সময় আছে৷ কমপক্ষে যুৱ শক্তি যদি জাগ্ৰত হয় বহু সমস্যাই সমাধান হ’ব৷ সেয়েহে এইবেলি জাতীয় উৎসৱ বৰ্জন কৰি বা ন’টাৰ সদ্ ব্যৱহাৰ কৰি তথাকথিত নেতাসকলক শিক্ষা দিয়াৰ সমান্তৰালকৈ NRC ৰ কাম-কাজত যথোপযুক্ত সহায় কৰিব নোৱাৰি নে ?

Monday, December 3, 2018

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা  লোকসকলৰ বাবে দাবী প্ৰক্ৰিয়া চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে চলিব৷ দাবী দাখিল কৰাৰ কাৰণ হিচাপে দাবী প্ৰ-পত্ৰৰ পৃষ্ঠা D ত বিস্তাৰিত আলোচনা কৰা প্ৰয়োজন৷ এই পৃষ্ঠা লিখোতে তিনিটা মূল কথা মনত ৰাখিব লাগে৷ 
প্ৰথম- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিছে৷ 
দ্বিতীয়- কি কাৰণে আবেদনকাৰীৰ নাম বাদ পৰিব নালাগিছিল৷
তৃতীয়- নথিপত্ৰ কি দিছিল আৰু এতিয়া কি দিব৷ 
—এই তিনিটা কথাৰ ওপৰত ভিত্তি কৰি দাবী দাখিলৰ কাৰণ যুক্তি সঙ্গত ভাবে উপস্থাপন কৰিব লাগিব৷ মন কৰিব যে ডি ভোটাৰৰ গোচৰ নিষ্পত্তিৰ বাবে বিদেশী ন্যায়াধীকৰণত যেনেদৰে অধিবক্তাৰ জৰিয়তে লিখিত শপতনামা প্ৰদান কৰা হয় একেদৰে NRCৰ  Claim formৰ লগত চমু শপতনামা লিখি দিব লাগে৷ 
তলত কেইটামান আৰ্হি দাঙি ধৰা হ’ল—

-------------------------------------------------------------------------------------------------------------------------
প্ৰকৃততে ডি ভোটাৰ আছিল কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ভাৰতীয় হিচাপে ৰায়দান পোৱাসকলৰ বাবে প্ৰশ্ন ৫ ত লিখিব লাগ টোকা—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও .................. (উদাহৰণ FT-2, Barpeta )ৰ গোচৰ নং ............ (উদাহৰণ FT case No. 1029/16) ৰ জৰিয়তে ................  তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে৷ সেয়েহে  FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷ 
 (আবেদনকাৰীৰ বংশধৰৰ ক্ষেত্ৰত হ’ব লগা পৰিৱৰ্তন নিজে থিৰাং কৰি ল’ব)


Wrongly Identify as DF. ভুলবশত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিসকলৰ বাবে পৃষ্ঠ B5 নং প্ৰশ্নৰ উত্তৰ—
আবেদনকাৰীৰ বিৰুদ্ধে কোনো ন্যায়াধিকৰণত গোচৰ নাই৷ বিদেশী হিচাপে ঘোষণা কৰা হোৱা নাই৷ ভুলবশত বিদেশী বুলি কাৰণ জনোৱা হৈছে৷ সেয়েহে নথি-পত্ৰৰ ভিত্তিত আবেদনকাৰীৰ নাম NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷

প্ৰকৃততে ডি নথকা মানুহৰ নামত ডি ভোটাৰ বা সতি সন্ততি দেখুৱালে নং প্ৰশ্নৰ উত্তৰ—

NRC ৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণ ডি ভোটাৰসতি-সন্তুতি বুলি জনোৱা হৈছে৷ আবেদনকাৰী ডি ভোটাৰ/ সতি-সন্তুতি নহয়৷ আবেদনকাৰীৰ বিৰুদ্ধ কোনো বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা নাই৷ সেয়েহে প্ৰামাণ্য নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনালো৷
(প্ৰামাণ্য নথি হিচাপে ডি নথকা দুই-তিনিখন ভোটাৰ তালিকা, ভোটাৰ আই ডি দিব)

 মাতৃৰ ডি থকা কিন্তু পিতৃৰ নামত ডি নথকা আৰু ২০০৪ চনৰ আগত জন্ম লাভ কৰা সতি-সন্তুতিৰ নাম ডি ভোটাৰৰ বংশধৰ দেখুৱালে ৫ নং ত লিখিব—

আবেদনকাৰীয়ে পিতৃপক্ষৰ লিগেছি আৰু নথি পত্ৰৰ ভিত্তিত আবেদন দাখিল কৰিছে আৰু পিতৃ পক্ষত বা পূৰ্বপুৰুষৰ ভাৰতীয় হোৱাৰ যাৱতীয় নথি পত্ৰ আছে৷ যিহেতু আবেদনকাৰী ২০০৪ চনৰ পূৰ্বে জন্ম লাভ কৰিছে, সেয়েহে পিতৃ পক্ষৰ নথি পত্ৰ আৰু বংশ বৃক্ষৰ জৰিয়তে আবেদনকাৰীৰ নাম সম্পূৰ্ণ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷
--------------------------------------------------------------------------------------------------------------------------
মনত ৰাখিব মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা আদেশ অনুসৰি প্ৰকৃত ডি ভোটাৰে আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ FTৰ দ্বাৰা ভাৰতীয় ঘোষণা হোৱাৰ পিছত ARNৰ জৰিয়তে তেওঁলোকৰ নাম পৰ্যায়ক্ৰমে অন্তৰ্ভূক্ত হ’ব৷ কিন্তু ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়, ২০০৪ চনৰ পিছত জন্ম লাভ কৰা লোকৰ নথি নাথাকিলেও পিতৃ-মাতৃৰ নাম অন্তৰ্ভূক্ত হ’লে পিতৃ-মাতৃৰ মৌখিক বা লিখিত সাক্ষ্যৰ ভিত্তিত নাম অন্তৰ্ভূক্ত হ’ব৷
--------------------------------------------------------------------------------------------------------------------------

 FTR No. বা বংশ বৃক্ষ গ্ৰহণযোগ্য নহ’ল’ ৰ বাবে পৃষ্ঠা- D ত লিখা সাধাৰণ বিবৰণ—

বংশ বৃক্ষৰ ভুলৰ বাবে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত হোৱা নাই বুলি বাদ পৰাৰ কাৰণ জনোৱা হৈছে৷ NRCৰ চূড়ান্ত খচৰা তালিকাত আবেদনকাৰীৰ পিতৃৰ (পূৰ্বপুৰুষৰ) নাম অন্তৰ্ভূক্ত হৈছে৷ সেয়েহে পূৰ্বে প্ৰদান কৰা বংশবৃক্ষ আৰু নথি-পত্ৰৰ ভিত্তিত পুনৰ পৰীক্ষণৰ জৰিয়তে আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে অনুৰোধ জনালো৷ (মনত ৰাখিব— একে লিগেছি ব্যৱহাৰ কৰি যদি অইন ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হৈছে তেন্তে প্ৰয়োজন অনুহাৰে ওপৰৰ কথাখিনি লিখিব৷ বংশবৃক্ষৰ পৰীক্ষণৰ সময়ত কি হৈছে সেই বিষয়ে প্ৰশ্ন কৰিলে বুজি পাব৷)

চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ চক্ৰ বিষয়া/ লাট মণ্ডল / গাওঁ পঞ্চায়তৰ সচিবৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত অতিৰিক্ত হিচাপে -------------- নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷

তালিকা B ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা সকলৰ বাবে পৃষ্ঠা D ত লিখিব—

NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ ...................... প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নোহোৱা বুলি দেখুৱা হৈছে৷ সেয়েহে দাবী প্ৰ-পত্ৰৰ লগত ..............................  নথি প্ৰদান কৰি দাবী দাখিল কৰা হ’ল৷ পূৰ্বে প্ৰদান কৰা নথি পুনৰিক্ষণ(যদি প্ৰয়োজন হয়)ৰ লগতে অতিৰিক্ত ভাবে প্ৰদান কৰা নথিৰ ভিত্তিত আবেদনকাৰীৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে দাবী দাখিল কৰা হ’ল৷


AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ