Friday, June 2, 2017

হাজাৰ হাজাৰ ৰাইজৰ পথ অৱৰোধ
অপৰাধী কৰায়ত্ব কৰাৰ বাবে ২৪ ঘন্টাৰ সময়সীমা


কালি বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত, আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ অধীনস্থ তথা আনন্দ বজাৰৰ গাতে লাগি থকা হাটখোলা গাঁওৰ পথাৰত এগৰাকী প্ৰায় ৪৫ বছৰ বয়সৰ এজন কৃষকৰ মৃতেদহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতেই তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ ঘটনাৰ বিবৰণি মতে একে থানাৰ অন্তৰ্গত কয়েমাৰী গাওঁৰ মৃত উমেদ আলীৰ পুত্ৰ ছামান আলী (৪৫) নামৰ কৃষকজনে হাটখোলা গাওঁৰ ভগৱান দাস  নামৰ মহাজনৰ পৰা প্ৰায় ৫ বিঘা কৃষিভূমি বন্দকত লৈ শাক-পাচলিৰ খেতি কৰিছিল৷ অইন দিনৰ দৰে কালি (০১-০৬-২০১৭) পুৱাৰ ভাগতে নিজৰ ঘৰৰ পৰা পথাৰলৈ কাম কৰিবলৈ গৈছিল। আবেলিত প্ৰায় ৫.৩০ বজাত গাওঁখনৰে প্ৰদীপ শইকীয়া নামৰ ব্যক্তিজনে ছামান আলীৰ ক্ষত-বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰি চিঞ্ৰ-বাখৰ কৰে আৰু একে পথাৰতে কাম কৰি থকা কয়েমাৰিৰ অইন দুজন খেতিয়কক তেওঁ মৃত দেহৰ বিষয়ে জনায়। চোকা অস্ত্ৰৰে হানি-খোচি¸ কোবাই থকা-সৰকা কৰি পেলোৱা মৃতদেহ দেখা পাই কৃষকসকলে স্থানীয় ৰাইজ তথা আনন্দ বজাৰ আৰক্ষীক খবৰ দিয়ে। অশান্ত বিটিএডিৰ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানা তথা আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাওঁত সন্ধিয়া প্ৰায় ৬ বজাত মৃতদেহ উদ্ধাৰ হোৱাৰ হোৱাৰ পাছত আৰক্ষী আৰু ৰাইজে ঘটনাস্থলীত উপস্থিত হয়। শালবাৰী মহকুমা আৰক্ষী বিষয়া বকুল চন্দ্ৰ গগৈ¸ শালবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী¸ আনন্দ বজাৰ আৰক্ষী পহৰা চকীৰ বিষয়া মীৰজাহান হুছেইনে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। মৃত দেহৰ ওচৰত আৰক্ষীয়ে বাঁহৰ মূৰা আৰু কাঁচি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নিশাৰ ভাগত মৃত দেহ আনন্দ বজাৰ আৰক্ষী পহৰা চকীত ৰখাৰ পিছত আজি পুৱাত বাক্সা জিলাৰ মুছলপুৰত মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ইফালে উক্ত ঘটনাৰ তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়িলেও আশ্বস্ত হ’ব পৰা নাই বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ তথা পৰিয়ালবৰ্গ৷ তদন্তৰ নামত বাক্সা জিলা প্ৰশাসন তথা আৰক্ষীয়ে উক্ত মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰা লোকজনক নিশাৰ ভাগত শোধ-পোচ কৰে আৰু আজি দিনৰ ভাগত মাটিৰ মহাজন আৰু একে মহাজনৰ পৰা মাটি বন্দকত লৈ খেতি কৰা কৃষকসকলক আৰক্ষীয়ে ঘৰৰ পৰা থানালৈ মাতি নি শোধ-পোচ কৰে৷ 
কয়েমাৰী গাওঁৰ ছামান আলী (৫০) নামৰ মৃত দৃহ চিনাক্ত হোৱাৰ পৰাই পৰিয়ালৰ মাজত হুৱা দুৱা লগাৰ সমান্তৰালকৈ অঞ্চলটোত ইতিপূৰ্বে সংখ্যালঘু হত্যাযজ্ঞ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংক আৰু উত্তেজনাই বিৰাজ কৰে। পবিত্ৰ ৰোজাৰ ইফতাৰৰ সময়ত উক্ত খবৰে ৰাইজক একপ্ৰকাৰ স্তব্দ কৰি পেলায়। বাক্সা জিলা আমছুৰ কৰ্মকৰ্তাসকলে প্ৰথমৰ পৰাই ঘটনা স্থলীত উপস্থিত থাকি সমগ্ৰ ঘটনাৰ বুজ লেৱাৰ সমান্তৰালকৈ বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰি দোষীক ২৪ ঘন্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী জনায়।  উল্লেখ্য যে হত্যা কৰা কৃষকজনৰ প্ৰায় ২০ বছৰীয়া পুত্ৰ দিল্লীত কাম কৰে আৰু ৯ বছৰীয়া এজন পুত্ৰ কৃষক দেউতাক সহায় কৰে¸ মানুহজনৰ এগৰাকী কন্যা বিয়া দিছে আৰু পত্নীজনী ঘৰতে আছে। আমছুৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদ¸ বাক্সা জিলাৰ সভাপতি মিনহাজুল ইমৰাণকে আদি কৰি জিলা সমিতি খনৰ বিষয়ববীয়া সকলে এই হত্যাকাণ্ডক নিন্দা কৰি মৃতকৰ পৰিয়ালক এককালীন ২০ লাখ টকা ক্ষতিপূৰণ আৰু ২৪ ঘন্টাত আচামী কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে সংখ্যালঘু হত্যা সহজ ভাবে গ্ৰহণ কৰা নহ‘ব বুলি অপৰাধী কৰায়ত্ত নহ‘লে তীব্ৰ আন্দোলন কৰাৰ কথা ঘোষণা কৰে। অঞ্চলটোত শান্তি শৃংখলা অটুট ৰাখি প্ৰকৃত হত্যাকাৰীক চিনাক্ত কৰাৰ বাবে ৰাইজক সচেতন হ‘বলৈ আহ্বান জনায় সংগঠনটেৱে।

ইফালে আজি ৰাতিপুৱা ৭.৩০ বজাৰ পৰা প্ৰায় ৭ ঘন্টাৰ বাবে আনন্দ বজাৰ-গোৱৰ্ধনা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে কেইবা হেজাৰ প্ৰতিবাদকাৰী ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবাদকাৰীসকলে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, মৃতকৰ পৰিয়ালৰ জাৱতীয় দায়িত্ব চৰকাৰে গ্ৰহণ কৰা, এককালীন ২০ টকা সাহায্য প্ৰদান কৰা আৰু অঞ্চলটোত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে দাবী উত্থাপন কৰে৷ আবেলি প্ৰায় ২.৩০ বজাত বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, শালবাৰী মহকুমাধিপতিয়ে ঘটনাস্থলীত উপস্থিতত হৈ প্ৰতিবাদকাৰীসকলৰ লগত আলোচনা কৰে আৰু দাবী সমূহ পূৰণ কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ বাক্সা জিলাৰ উপায়ুক্তলৈ মুঠ তিনি দফীয়া দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰি সাময়িক ভাবে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে৷ আজিৰ উক্ত পথঅৱৰোধ কাৰ্যসূচীত আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক ছামচুল হক, উপ সভাপতি আলাল উদ্দিন, আব্দুৰ ৰহিম, সম্পাদক নুৰ নবী, এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, সাধাৰণ সম্পাদক সাইজুদ্দিন খন্দকাৰ, পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সভাপতি জাকিৰ হুছেইনে নেতৃত্ব বহন কৰে৷ 

Friday, May 26, 2017

          মিঞাকে আদি কৰি সংখ্যালঘু হত্যাযজ্ঞৰ বাবে সংঘটিত হিংসাত্মক অসম আন্দোলনৰ ৰক্তাক্ত ইতিহাসৰ সোৱৰণ প্ৰায় সকলোৰে আছে৷ প্ৰায় সকলোৱে জানে নেলীৰ বৰ্বৰ হত্যাকাণ্ডৰ কথা৷ কিন্তু ২৬ মে’ক কিয় আমছুৱে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে সেই কথা হয়তো বহুতেই জ্ঞাত নহয়৷ অতি সংক্ষিপ্ত ভাবে ইয়াৰ এটা আভাস দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ 
Image result for assam movement
হিংসাত্মক অসম আন্দোলনৰ এটা ফটো
           অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰত ১৯৮০ চনৰ ২৯, ৩০ আৰু ৩১ মার্চ তাৰিখে অনুষ্ঠিত অধিবেশনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ জন্ম হৈছিল। নবগঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে’ত যি প্রতিবাদী আন্দোলন হৈছিল, সেয়া আছিল এক অভূতপূর্ব আৰু স্বতস্ফুর্ত গণ বিপ্লব।
          ১৯৮০ চনৰ ২৩ এপ্রিলত হাউলী ৰবীন্দ্র সংঘৰ কার্যালয়ত অনুষ্ঠিত আমছুৰ কর্ণধাৰ সমিতিৰ সভাত মে’ মাহৰ ৫ তাৰিখে প্রতিবাদ দিবস পালনৰ সিদ্বান্ত লোৱা হৈছিল। এই সিদ্বান্ত অনুযায়ী সেইদিনা সংখ্যালঘু নাগৰিকসকলে প্রতিবাদী শোভাযাত্রাত অংশ ল’ব আৰু নিজ নিজ এলেকাৰ বি ডি অ, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰকপত্র প্রেৰণ কৰিব। ইয়াৰ উপৰিও প্রতিবাদ দিৱসৰ দিনা উপবাসে থাকি আহাৰৰ খৰচখিনি আমছুৰ তহবিলত জমা দিবলৈ কর্ণাধাৰ সমিতিয়ে ৰাইজলৈ আহ্বান জনাইছিল। উক্ত প্রতিবাদী দিবসৰ কথা প্রচাৰ হোয়াৰ পাছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদপত্র, সংগঠন আৰু বুদ্বিজীৱীসকল। কিছুমানে পোনছাটেই আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। আন কিছুমানে বাংলাদেশী সংগঠন(আমছু)য়ে অসম আন্দোলনৰ বিৰুদ্বে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ’ব বুলি মুকলি ভাবুকি দিছিল।
           প্রচাৰকার্য কম হোৱাৰ বাবে কর্ণধাৰ সমিতিয়ে প্রতিবাদী দিবসৰ কার্যসুচী ৫ মে'ৰ পৰা ২৬ মে'লৈ পিছুয়াই নিবলৈ চুড়ান্ত সিদ্বান্ত গ্রহন কৰিছিল আৰু পুনৰায় ব্যাপকভাবে প্রচাৰৰ ব্যাৱস্থা কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'।
গ্রীস্মকালৰ তীব্র ৰ’দ। এই তীব্র ৰ’দ উপেক্ষা কৰি ২৬ মে'ৰ ৰাতিপুয়াৰ পৰাই সমগ্ৰ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে লোকাৰণ্য হ’বলৈ ধৰিলে। স্বতঃস্ফূর্তভাবে ওলাই অহা হাজাৰ হাজাৰ, লাখ লাখ ছাত্র, যুৱক, কৃষক, শ্রমিক, শিক্ষিত, অশিক্ষিত লোকেৰে পৰিপূর্ণ বিশাল বিশাল গণ মিছিল। সকলোয়ে শান্তিপূর্ণ ভাবে শোভাযাত্রা কৰি গৈ স্মাৰকপত্র প্রদান কৰি আন্দোলনৰ কার্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল যদিও বহু ঠাইত এই কার্য্যসূচী বাধাগ্রস্থ হ’ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্রাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্র জাতীয়তাবাদীৰ সৈতে এচাম হিংস্র পুলিচ। নির্মম অত্যাচাৰৰ ফলত তেজেৰে ৰাজপথ ৰাঙলী হৈছিল। পুলিচৰ প্রৰোচিত গুলিচালনাৰ ফলত প্রাণাহুতি দিছিল বহু কেইজনে।
             ২৬ মে' ৰ দিনা লেংটিছিঙাত প্রতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নির্বিচাৰে গুলি চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ উপৰিও বহুলোক গুৰুতৰ ভাবে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলীৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেঁও আজিও এক কর্মহীন পংগুত্বৰ জীৱন নিৰ্বাহ কৰি আছে।
             ২৬ মে'ৰ আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনীত। উত্তৰাঞ্চলৰ পৰা হাজাৰ হাজাৰ প্রতিবাদকাৰী ৰাইজ শোভাযাত্রা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্রবেশ পথত সশস্ত্র পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যধে-মধে গুলিয়াবলৈ ধৰে। ফলত অনিল নমদাস, গোপাল সাহা, নির্মল সৰকাৰ, বজলউদ্দিন শেখ, বিশ্বজিত কুন্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্রীমন্ত বর্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা নিহত হয়। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্র আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পানীত জপিয়াই পৰি আহত হয় শতাধিক প্রতিবাদকাৰী।
            অকল বিজনী আৰু লেংটিছিঙাতেই নহয়, প্রায় গোটেই অসমতে ২৬ মে’ৰ প্রতিবাদকাৰীৰ ওপৰত নির্বিচাৰ অত্যাচাৰ চলিছিল। ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰুপহী, জুৰীয়া, কামপুৰ আদিৰ কথা। জুৰীয়াত আবেলী পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্র এজনক পুলিছে গুলীয়াই হত্যা কৰিছিল।
              ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইজন শ্বহীদ হ’ল আৰু আহত হ’ল। সেইদিনাখন বি বি চি লন্ডনৰ পৰা ৰেডিঅ' যোগে প্রচাৰ হ’ল যে অসমত বিদেশীৰ নামত চলা নির্য্যাতনৰ কবলৰ পৰা ৰক্ষা পাবলৈ সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে ১৯৮০ চনৰ ২৬ মে'ৰ জৰিয়তে সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত প্রাসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল৷

—সাজাহান আলী আহমেদ
শিক্ষা আৰু আলোচনী সম্পাদক, আমছু
(বিঃদ্ৰঃ মোৰ তথ্য সংগ্ৰহত যদি কোনোবা মহান শ্বহীদৰ নাম বাদ পৰিছে অনুগ্ৰহ কৰি মোৰ 9401916223 নম্বৰৰ ৱাটচএপত দিয়ে যেন৷)

বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছৰ জনজাগৰণ সভা
মোডী মিথ্যাচাৰী, প্ৰতাৰক, সর্বকালৰ ব্যর্থ প্রধানমন্ত্রীঃ চিপি যোশী
এনআৰচিৰ পৰা প্রকৃত ভাৰতীয়ক বাদ দিয়াৰ ষড়যন্ত্র বিজেপিৰঃ তৰুণ গগৈ 
এআইইউডিএফত প্রবল খহনীয়া : ২ সহস্ৰাধিকাৰ কংগ্ৰেছত যোগদান


        বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰােডৰ পৰাই কংগ্ৰেছে জনজাগৰণ আৰম্ভ কৰে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ তৃতীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰথম বর্ষপূর্তি অনুষ্ঠানৰ প্ৰাকক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছে এই জনজাগৰণ সভা অনুষ্ঠিত কৰে।বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি শান্তনু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত জনজাগৰণ সভাত উপস্থিত থাকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক চি পি যোশীয়ে উপস্থিত থাকি নিজৰ ভাষণত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ ব্যর্থ প্রধানমন্ত্রী বুলি আখ্যায়িত কৰে। যোশীয়ে লগতে কয়— নির্বাচনৰ পূর্বে মোডীয়ে আচ্ছে দিনৰ কথা কৈছিল যদিও ব্যাপক হাৰত মূল্যবৃদ্ধি হােৱাৰ লগতে নির্বাচনৰ পূর্বে প্রতি বছৰে দুই কোটিকৈ নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি প্রতিশ্রুতি দিছিল যদিও তিনিবছৰে মাত্র দুই লাখমান সংস্থাপন প্রদান কৰি ভাৰতৰ ৰাইজক প্ৰতাৰণা কৰাৰ লগতে বিমূদ্রাকৰণ কৰি ৰাইজক মাধ্যমাৰ শোধাইছে বুলি উল্লেখ কৰে। তেওঁ ক’লা ধন ঘূৰাই অনাৰ ক্ষেত্ৰত দম্ভালি মাৰিছিল যদিও মনমোহন সিঙে মোবীতকৈ অদিক ক’লা ধন ভাৰতলৈ আনিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে জনজাগৰণ সভাত উপস্থিত থাকি প্রধানমন্ত্রী মােডী, মুখ্যমন্ত্রী সোনােৱাল আৰু একালৰ সতীর্থ হিমন্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। স্বভাৱ সুলভ ভঙ্গিমাৰে প্রাক্তন মুখ্যমন্ত্রী গৰাকীয়ে নিজৰ বক্তব্যত কয় যে— বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা ভাৰতীয় লোকৰ নাম কর্তন কৰাৰ অভিসন্ধি ৰচনা কৰিছে আৰু কংগ্ৰেছে শুভাৰম্ভ কৰা নাগৰিপঞ্জীৰ কাম মন্থৰ কৰি তুলিছে। তেওঁ লগতে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা প্ৰতিটাে কামত ক’লা-বগা ৰহন সানিছে আৰু উদ্বোধন কৰি ৰাইজৰ বাহঃ বাহঃ লোৱাৰ অপচেষ্টা কৰিছে। বর্তমানৰ চৰকাৰৰ দিনত মাটিৰ খাজনা বৃদ্ধি পাইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অশ্বাভাৱিক মূল্যবৃদ্ধি ঘটিছে, কর্মসংস্থাপন লোপ পাইছে, কৃষকে আত্মহত্যা কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বর্ষপূর্তি অনুষ্ঠানৰ নামত স্থানীয় বন্ধ ঘোষণা কৰা কার্যকে তেওঁ কঠোৰ সমালোচনা কৰে। তেওঁ লগতে নমামি ব্ৰহ্মপুত্ৰৰ নামত ৰাজভড়ালৰ ধনৰ অপব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে৷ ইয়াৰ সলনি এই ধন গৰাখহনীয়া প্ৰতিৰােধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে অধিক লাভালাভ হ’লহেঁতেন বুলি তেওঁ কয়। তৰুণ গগৈয়ে লগতে প্রশ্ন উত্থাপন কৰি কয় যে— দুনীতিৰ বিৰুদ্ধে শ্ল’গান দিয়া চৰকাৰে বৰ্ষপূর্তি অনুষ্ঠানৰ নামত কোটি কোটি টকা ক’ৰ পৰা ব্যয় কৰিলে সেই কথা ৰাজহুৱা কৰক। বিজেপিয়ে ইমান টকা গছৰ পৰা পায় নেকি বুলি তেওঁ কটাক্ষ কৰে। কংগ্রেছত থকাৰ সময়ত দুনীতি কৰা বুলি সমদল উলিওৱা নেতা বিজেপিত যোগদান কৰিলেই পবিত্ৰ হৈ যায় বুলি কৈ একালৰ সতীর্থ, বিত্ত, শিক্ষা-স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজ্যৰ বর্ষীয়ান নেতা গৰাকীয়ে মহাত্মা গান্ধীক নাথুৰামৰ জড়িয়তে স্বাধীনতা সংগ্ৰামত কোনো অৱদান নথকা আৰ.এছ.এছে হত্যা কৰিছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ লগতে আৰ এছএছক সমালোচনা কৰি মুছলমানক ঘূণা কৰাজন প্রকৃত হিন্দু নহয় বুলিও মন্তব্য আগবঢ়ায়।

       অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, সাংসদ ৰিপুন বৰাইয়ো নিজৰ ভাষণত পৰিৱৰ্তনৰ শ্ল’গান দি ৰাইজক বিভ্রান্ত কৰি ভোট আদায় কৰাৰ লগতে জাতি, মাটি, ভেটি ৰক্ষাৰ নামত আৰু দুনীতি, প্ৰদূষণ, বিদেশী মুক্ত অসম গঢ়াৰ মিছা সপোন দেখুৱাই বিজেপিয়ে ক্ষমতা দখল কৰিলে যদিও প্রতিশ্রুতি অনুসৰি কোনো এটা কামেই কৰিব নোৱাৰিলে বুলি বিস্ফোৰক মন্তব্য কৰে। আনকি বিজেপি চৰকাৰে ধৰ্মৰ নামত মেৰু বিভাজন কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবেহে কাম কৰি আছে বুলিহে উল্লেখ কৰে৷
সভাত উপস্থিত থাকি প্রাক্তনমন্ত্রী ৰকিবুল হুছেইনে কয় যে উচ্ছেদৰ নামত গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ শেষ আশ্রয়স্থল ভাঙি দি বিজেপিয়ে বন্য উল্লাস কৰা বুলি ভৎসৰ্না কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈ জনসংখ্যা নীতিৰ নামত শৰ্মাই প্রদান কৰা মন্তব্যৰ তীব্র সমালোচনা কৰে। দুজনতকৈ অধিক সন্তান জন্ম দিয়া লোকে নির্বাচনত অংশ ল’ব নােৱাৰিব বুলি কৰা মন্তব্যক উভতি ধৰি হিমন্ত বিশ্ব শৰ্মা গৰুৰ চাৰি নম্বৰ ল’ৰা বুলি কটাক্ষ কৰাৰ লগতে তেওঁ এনে বেবেৰিবাং মন্তব্য দিয়াৰ আগত নিজে বিধায়কৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী কৰে। হুছেইনে লগতে এতিয়া পুৱাৰ ভাগতেই মদৰ দােকান খুলি ৰাইজক মদৰ প্রতি আকৃষ্ট কৰিব বিচাৰিছে যাতে ৰাইজে মদৰ ৰাগিত মাতাল হৈ চৰকাৰৰ অপকৰ্মবােৰ চাব নােৱাৰে বুলি মন্তব্য আগবঢ়ায়। কংগ্ৰেছৰ শাসন কালত নির্মান কার্য আৰম্ভ হােৱা ধলা-শদিয়াৰ দলঙেৰে নিৰাপত্তাৰ দােহাই দি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক উভতাই পঠোৱা আৰু বিজেপিৰ তিনিগৰাকী বিধায়কে তাৰ পিছত দলং খনলৈ গৈ ছেলফি উঠা কার্যক বিজেপিৰ অসহিষ্ণুতা প্রকাশ পায় বুলি বক্তব্যত উল্লেখ কৰে।
       ইয়াৰোপৰি সভাত বিধায়িনি দলৰ দলপতি দেবব্রত শইকীয়া,প্রাক্তন মন্ত্রী ডঃ নজৰুল ইছলাম, বিধায়ক শুকুৰ আলী, ওৱাজেদ আলী চৌধুৰী, আব্দুল খালেক, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইনকে আদি কৰি ৰাজ্যিক পর্যায়ৰ ভালে কেইগৰাকী নেতাই উপস্থিত থাকি বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে ভাষণ আগবঢ়ায়।
বৰপেটাৰােডৰ ডঃ ভূপেন হাজৰিকা ময়দান (পৌৰসভা)ত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হােৱা সভাখনত নামনি অসমৰ বিভিন্ন প্রান্তৰ পৰা প্রায় ২০ সহস্রাধিক ৰাইজে অংশ গ্রহণ কৰাৰ লগতে আছু, অগপ, এআইইউডিএফৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰায় ২ সহস্ৰাধিক লোকে আজি গামোচা লৈ দলত যোগদান কৰে।

Published: Sangbad Prahari
Dainik Gana Adhikar

Saturday, May 20, 2017

বৰপেটাৰােডত ইৰি ধানত পতান, উদাসীন কৃষি বিভাগ


কলগাছিয়াৰ পাছত এইবাৰ বৰপেটাৰৰােডৰ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। বৰপেটাৰােডৰ সমীপৱতী বাক্সা জিলাৰ আইখাৰী বিলৰ পথাৰ গাওঁৰ শতাধিক কৃষকে ইৰিধানৰ খেতি কৰি মূৰে-কপালে হাত দিব লগা হৈছে। বৰপেটাৰােডৰ বীজভাণ্ডাৰৰ পৰা আমেৰিকাৰ ‘এডভান্টা” কোম্পানীৰ পি এ চি ৮৩৭ নামৰ বৰ্ণসংকৰ ধানৰ বিধান ক্রয় কৰি বিঘায় বিঘায় ধান খেতি কৰিছিল কৃষকসকললে। প্ৰথমাৱস্থাত ধান খেতি লহপহকৈ বাঢ়ি অহা দেখি কৃষকসকলে আনন্দত আত্মহাৰা হৈ পৰিছিল যদিও সঁচ উলোৱাত কৃষকসকলে নিশ্চিত হ’ল যে পথাৰত ধানৰ সলনি পতানে গ্রাস কৰিছে সমগ্র ইৰি ধানৰ খেতি। অতি দৰিদ্ৰ কৃষকসকলে গাঁঠিৰ ধন ব্যায় কৰাৰ লগতে সুতত টকালৈ কঠোৰতম পৰিশ্ৰমেৰে ধান খেতি কৰিছিল যদিও পথাৰত ধানৰ সলনি পতান হােৱা বাবে কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে। বিগত বর্ষতো একে কোম্পানীৰ ধানৰ খেতি কৰাৰ ফলত কলগাছিয়া অঞ্চলৰ প্ৰায় ৮ সহস্রাধিক কৃষকে প্রায় ৪ কোটি টকাৰ লোকচান ভৰিব লগা হৈছিল যদিও কৃষিপ্রধান ৰাজ্যখনৰ বিয়াগোম কৃষি বিভাগৰ চকুমোদা কুলিৰ ভাওঁ ধৰা কার্যই এইবেলিও হাজাৰ হাজাৰ কৃষকৰ প্ৰবল ক্ষতি কৰাৰ সুবিধা পাইছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বিগত বৰ্ষত ধানৰ পতন হােৱা বাবে কৃষকসকলে এই ধানৰ খেতি নকৰাৰ সিদ্ধান্ত লৈছিল যদিও বীজভাণ্ডাৰ সমূহে এইবেলি উন্নত আৰু ভাল ধানৰ বিধান’ অহা বুলি কৈ কৃষকসকলক এই ধানৰ খেতি কৰাৰ বাবে উৎসাহিত কৰিছিল। মন কৰিবলগীয়া যে পুঁজিপতি কোম্প পানীবােৰে কৃষকক লুটি খোৱাৰ মানসেৰে শিক্ষিত নিবনুৱা যুৱকসকলক উচ্চ দৰমহাৰে চাকৰি দি কৃষকসকলক ভুল পথে পৰিচালিত কৰি আহিছে। কোম্পানীৰ দৰমহা ভোগী ভৃত্য আৰু কোম্পানীৰ ‘ডিলাৰশ্বিপ’ লোৱা বীজভাণ্ডাৰৰ গৰাকীসকলে অধিক লাভৰ অংকৰে কৃষকসকলক সর্বস্বােন্ত কৰি আহিছে। যদিও বিয়াগোম কৃষি বিভাগে কুম্বকৰ্ণ নিদ্ৰাত নিদ্ৰিত হৈ আছে।


বৰপেটাৰােডৰ দাতি কাষৰীয়া অঞ্চলৰ কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ মূল্য নাপাই আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হােৱাৰ পাছতো সংশ্লিষ্ট কৃষি বিভাগে কোনাে ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্রহণ নকৰাত এইবাৰ পথৰ ভিক্ষাৰীত পৰিণত হ’বলৈ আগবাঢ়িছে আইখাৰীৰ কৃষকসকলে। প্রনিধানযোগ্য যে গাঁৱে গাঁৱে গৈ কৃষকৰ মাটি পৰীক্ষা কৰা, কৃষকক খেতি কৰাৰ প্ৰণালী সম্পর্কে প্রশিক্ষণ দিয়াৰ বাবে চৰকাৰে গ্ৰামসেৱক নিয়োগ কৰিছে। যদিও বিভাগটােৱে কুম্ভকৰ্ণ নিদ্ৰাত থকা দেখি জিলা পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি গ্ৰামসেৱকসকলেও মাত্র কার্যালয় কক্ষত বহি মাহেকৰ মূৰত দৰমহা গোটােৱাহে পৰিলক্ষিত হয়। উল্লেখ্য যে অধিক উৎপাদনৰ আশাত উন্নত জাতৰ ধান ৰােপন কৰাৰ পাছত পথাৰত পতান হােৱাৰ ফলত কৃষকসকলে বৰপেটাৰােডৰ সংশ্লিষ্ট বীজভাণ্ডাৰলৈ গৈ এনেকুৱা কিয় হ’ল বুলি জানিব বিচৰাত ‘এয়া ওপৰৱালাৰ কৰণীয়’ বুলি কৈ খেদি পঠায় বুলি কৃষকসকলে জানিব দিছে। এতিয়া প্রশ্ন হয় বৰপেটাৰােডৰ কৃষকসকলে ‘ওপৰৱালা” অৰ্থাৎ সৃষ্টিকর্তক ধিয়াই অনাহৰে নিশা যাপন কৰিব নে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে কাণসাৰ দিব সেয়া নিশ্চিত ভাবে লক্ষণীয় হ’ব।



Wednesday, May 17, 2017

      আজিৰ তাৰিখত সমগ্ৰ নামনি অসমত সৰ্বাধিক বিতৰ্ক আৰু আতঙ্কৰ বিষয়বস্তু হৈ পৰিছে বিদ্যালয়ত দি থকা চৰকাৰী বিশেষ প্ৰতিশেধক ছিটা বা ‘ভেকচিন’৷ এই বিতৰ্ক ইমানেই বিয়পি পৰিছে যে কণ কণ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰিব লগা হৈছে৷ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়তে আতঙ্কৰ পৰিৱেশে বিৰাজ কৰিছে৷ বিগত প্ৰায় তিনি-চাৰি দিনৰ পৰা এই বিতৰ্কই সৰ্বসাধাৰণ ৰাইজৰ পৰা আনকি শিক্ষিত সমাজকো জোকাৰি গৈছে৷ বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আনকি খিৰিকি ভাঙি পলাই যোৱাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰতো এই অপপ্ৰচাৰে ব্যাঘাত জন্মাইছে৷ কিছুমান বিদ্যালয়ত টেষ্ট পৰীক্ষা বাতিল কৰিব লগা হৈছে৷
       মোবাইলত সঘনে ফোন আহিবলৈ আৰম্ভ কৰিছে, নিশা ১২ টা লৈকে মানুহক বুজাব লগা হৈছে৷ মানুহ আতঙ্কিত আৰু ভিতিগ্ৰস্থ৷ চৰকাৰে প্ৰদান কৰা এই বেজী বা ভেকছিন গ্ৰহণ কৰিলে ল’ৰা বা ছোৱালীয়ে প্ৰপ্ত বয়স্ক হ’লে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰাই পেলাব আৰু সংখ্যালঘুৰ অশ্বাভাৱিক জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে এনে ব্যৱস্থা লোৱা বুলি ভূৱা প্ৰচাৰ চলিবলৈ আৰম্ভ কৰিছে৷ প্ৰচাৰ ভূৱা হ’লেও ইমানেই শক্তিশালী ৰূপত বিয়পি পৰিছে যে অসমৰ ৰাজধানী চহৰতো এনেবোৰ কাৰণত বিদ্যালয়ৰ পাঠদান স্থবিৰ হৈ পৰিছে৷ 
        জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ‘বিশ্ব স্বাস্থ্য সংস্থা’ চমুকৈ WHO ৰ পৰা অনুমোদন অনুযায়ী চীনৰ পৰা এই ভেকছিন সমূহ বিজ্ঞানসন্মত ভাবে প্ৰায় প্ৰতিবছৰে কঢ়িয়াই আনি শিশুসকলক প্ৰদান কৰে৷ এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য৷ কিন্তু এনে নিৰ্ভৰযোগ্য বিষয় এটাও চৰম অস্বস্তিকৰ পৰ্যায়লৈ অৱনমিত হোৱাটো নিশ্চিত ভাবে উদ্দেশ্য প্ৰনোদিত হ’ব লাগিব৷
        এই বিতৰ্ক কিয় হ’ল ঃ এই বিতৰ্কৰ ফলত বিদ্যালয় সমূহ আটাইতকৈ অধিক ক্ষতিগ্ৰস্থ হৈছে৷ যিবোৰ বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে সেইবোৰৰ প্ৰায় এশ শতাংশ বিদ্যালয় সংখ্যালঘু অঞ্চলত৷ আধুনীক বিশ্বত এনে উৰাবাতৰিত ভোল গৈ সংখ্যালঘু অঞ্চলৰ ৰাইজে নিজৰ সন্তানক বিদ্যালয়ৰ পৰা আতৰাই ৰখাৰ কাণ্ডই অসমৰ সংখ্যালঘুলোকসকল অন্ধ বিশ্বাসী বুলি প্ৰতিপন্ন কৰিলে৷
        পলিঅ’ৰ পৰা আৰম্ভ কৰি চৰকাৰী প্ৰায় প্ৰতিটো আঁচনি অথবা চৰকাৰৰ বছৰেকীয়া হিচাপ, চৰকাৰী কাৰ্যসূচী আদিৰ বিষয়ে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে বাতৰি কাকত, দুৰদৰ্শন আদিৰ জৰিয়তে বহূল প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷ কিন্তু জাপানিজ এনকেফেলাইটিছৰ দৰে ভয়াবহ বেমাৰৰ পৰা ৰক্ষা পোৱাৰ ভেকছিন সম্পৰ্কে কোনো প্ৰচাৰ বা সজাগতাৰ সৃষ্টি কৰা পৰিলক্ষিত নহ’ল৷
          ভেকছিন প্ৰদান কৰা সন্ধৰ্ভত উৰাবাতৰি প্ৰচাৰ হোৱাৰ দুদিনমান পূৰ্বে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুসকলৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমত বক্তব্য প্ৰদান কৰিছিল৷ কোৱা বাহুল্য যে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু কাম-কাজত সংখ্যালঘুসকল আতঙ্কিত হৈ পৰে৷ তাৰ কাৰণো আছে৷ তেখেতে মাদ্ৰাছা বোৰ্ড, চৰ উন্নয়ন বোৰ্ড আদি বিলুপ্তিকৰণৰ দৰে কথাবোৰ প্ৰকাশ কৰি চৰকাৰখন যে সংখ্যালঘু পৰিপন্থী সেই কথা বহুল ভাবে প্ৰচাৰ কৰি আহিছে৷ নাগৰিকত্বৰ সমস্যাৰ লগতে এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সংখ্যালঘুসকলে হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোকে ভয় কৰিবলৈ আৰম্ভ কৰিছে৷
          আতংকিত জনসাধাৰণৰ মাজত ভেকছিন আতঙ্ক সোমাই দি চৰকাৰী বিফলতাৰ কথা ঢাকিবলৈ যত্ন কৰা বুলি ক’লেও অযুক্তিকৰ নহ’ব৷ কাৰণ ৰাজ্যত বাকী নালাগে বানপানীৰ বতৰ আহি পালে যদিও ৭০ শতাংশ মথাউৰিৰ মেৰামতিৰ কাম কৰা হোৱা নাই৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আধাৰশিলা স্থাপন হৈছে যদিও ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি উন্নয়নমূলক কামবোৰ হৈ উঠা নাই৷ ইফালে গুৱাহাটীত হ’ব লগীয়া কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ সামৰণি অনুষ্ঠানৰ দিন চমু চাপি আহিছে৷ চৰকাৰী ব্যৰ্থতাৰ কথা-বতৰাৰ পৰা ৰাইজক বিতৰ্কৰ মাজত ঠেলি দি সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো মাধ্যম ব্যস্ত ৰখাৰ বাবে এইটো এটা চৰকাৰী ষড়যনত্ৰ হ’ব পাৰে বুলি সন্দেহ কৰাৰ থল আছে৷


          বিয়াগোম চৰকাৰী স্বাস্থ্য বিভাগ যে ব্যৰ্থ হৈছে সেই কথা ইমিমধ্যে ৰাইজে বুজি পাইছে৷ ৰাজ্যৰ কোনো এখন চিকিৎসা মহাবিদ্যালয় আৰু চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণে ডাক্তৰ, ঔষধ আৰু আধুনীক যন্ত্ৰ-পাতি নাই৷ চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ক্ৰমশঃ মানুহৰ আস্থা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ এই বিতৰ্কই মানুহক অধিক আতঙ্কিত কৰি তুলিছে ফলত মানুহে চৰকাৰী ভেকছিন, ঔষধ আদি গ্ৰহণ কৰিবলৈ ভয় কৰিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ পৰা আওপকীয়াকৈ চৰকীৰৰ লাভ হ’ব৷ বিনামূলীয়া ঔষধ বা চিকিৎসা সেৱাৰ প্ৰতি ৰাইজৰ আগ্ৰহ কমি গ’লেই চৰকাৰৰ বিয়াগোম বিভাগবোৰে স্বাস্থ্য বিভাগ লুটি খাব পাৰিব৷
         এনেকুৱাও হ’ব পাৰে যে ভেকছিন আতঙ্ক বিয়পাই দিয়াসকল চিকিৎসাৰ ব্যৱসায়ৰ লগত জড়িত৷ চৰকাৰী ঔষধৰ প্ৰতি মানুহৰ আস্থা হেৰুৱাই পেলালে ব্যক্তিগত কণ্ডৰ চিকিৎসা সেৱাৰ লাভা-লাভৰ অংক বৃদ্ধি পাব৷ সকলোৱে জানে যে চিকিৎসা আৰু শিক্ষাৰ ব্যৱসায় আটাইতকৈ লাভজনক৷
           এই সমস্ত বিতৰ্ক উৰ পেলাবৰ বাবে ৰাজ্য চৰকাৰে ইচ্ছা কৰা হ’লে মাত্ৰ কেই ঘন্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে হেঁতেন যদিও ৰাজ্যৰ স্বাস্থ্য-শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো মন্তব্যই প্ৰকাশ নকৰিলে৷ এনেবোৰ বহু কথা আছে যিবোৰে প্ৰতিপন্ন কৰে যে ভেকছিন বিতৰ্ক হোৱাটো বৰ্তমানৰ ৰাজ্য চৰকাৰে বিচাৰে৷
         এই ছেগতে উল্লেখ কৰিব পাৰি যে এনেধৰণৰ বিতৰ্ক অন্ত পেলাবৰ বাবে ভূৱা প্ৰচাৰ চলোৱা সকলক চৰকাৰে কৰায়ত্ব কৰিব পাৰিলে হেঁতেন যদিও চৰকাৰৰ উদাসীনতা মন কৰিবলগীয়া বিষয় হিচাপে বিবেচিত হৈছে৷
          সেইবাবে ৰাইজ এতিয়া সচেতন হ’ব হৈছে৷ জাপানীজ এনকেফেলাইটিজৰ বীজানু নাইকীয়া কৰাৰ বাবে বৰ্তমানে প্ৰদান কৰি থকা ভেকছিন গ্ৰহণ কৰা অতিকৈ প্ৰয়োজনীয়৷ সেয়েহে এই লেখা পঢ়াসকলে যেন নিজৰ নিজৰ অঞ্চলত এই বিষয়ে সজাগতাৰ সৃষ্টি কৰি ভূৱা প্ৰচাৰৰ অৱসান ঘটায় তাৰ অনুৰোধ কৰিলো৷ 

Monday, May 15, 2017


        আন্দোলন কৰি থাকোতেই মন্ত্ৰীৰ ফোন পাই মেহবুবে কিছু পৰিমাণে উৎফুল্লিত হ’ল৷ বহু দিনৰ পৰাই জৰাজীৰ্ণ হৈ থকা আৰু ৰাজপথত পুখুৰীৰ দৰে বৃহৎ বৃহৎ গাত হৈ থকাৰ পিছতো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাছিল৷ পথটো মেৰামতি কৰাৰ দাবীত ইতিপূৰ্বে বহু সংগঠনে আন্দোলন কৰিছিল যদিও কোনো ফলাফল লাভ কৰা নাছিল৷ এইবাৰ মেহবুব হঁতে কেইবা হাজাৰ ৰাইজক একত্ৰিত কৰি পথ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰিছিল৷
      মন্ত্ৰীয়ে ফোন কৰি তেওঁলোকৰ সমস্যা সমাধাৰ বাবে আলোচনা কৰাৰ বাবে দিছপুৰলৈ মাতি পঠিয়াইছে৷ তেওঁলোকৰ মাজৰ পৰা ৰাইজৰ প্ৰতিনিধি সহ সৰ্বাধিক ১০ জন আন্দোলনকাৰীক মাতিছে৷
         আন্দোলনৰ কৃতকাৰ্যতাৰ পথ প্ৰসস্থ হোৱা দেখি আৰু মেহবুবৰ মোবাইল মন্ত্ৰীৰ ফোন অহা দেখি সমবেত ৰাইজৰ মাজত উৎসাহ-আনন্দৰ লহৰ উঠিল৷ ‘মেহবুব তামাম ভাল নেতা’ বুলি বিনামূলীয়া প্ৰচাৰ হৈ গ’ল৷ বহু আন্দোলন কৰাৰ পিছতো চৰকাৰৰ গা নলৰা কামটো মেহবুবৰ নেতৃত্বত মাত্ৰ এটা আন্দোলন চলি থকা অৱস্থাতে মন্ত্ৰীৰ ফোন পোৱাটো ডাঙৰ কথা, আন্দোলনৰ প্ৰভাৱ যথেষ্ট বুলি ৰাইজৰ মাজত চৰ্চা হ’বলৈ আৰম্ভ কৰিলে৷
           আলোচনাৰ বাবে ১০ জন লোকক বাছনি কৰি দিলে ৰাইজে৷ নিৰ্ধাৰিত সময়ত আলোচনা অনুষ্ঠিত হ’ল৷ এক এক কৰি প্ৰত্যেকজনৰ কথা মনোযোগেৰে শুনিলে মন্ত্ৰীয়ে৷ 
         ‘ইম্মান অসুবিধাৰ পিছতো মোক কিয় কোৱা নাই, ইছ্... এই অফিচাৰবোৰে মাত্ৰ দৰমহা কেইটাৰ বাবেই কাম কৰে, চিন্তা কৰিব নালাগে অহা ৭ দিনৰ ভিতৰত কামটো আৰম্ভ হৈ যাব৷ আৰু মই নিজে যাম কামটো আৰম্ভ কৰি দিয়াৰ বাবে৷’— মন্ত্ৰীয়ে তেওঁলোকক ক’লে৷ মন্ত্ৰীয়ে মুখেৰে কোৱাই নহয়, তেওঁলোকৰ সন্মুখতেই অৰ্ডাৰ কপি উলিয়াই বিভাগলৈ ফেক্স কৰি দিয়া হ’ল৷ 
          আলোচনাত অংশ লোৱা সকলোকে বহু সন্মান কৰিলে মন্ত্ৰীয়ে, কেইবাবাৰো ফিকা চাহৰ জ্যোতি দিছে৷ আৰু সকলোৰে সন্মুখতেই মন্ত্ৰীয়ে মেহবুবৰ পিঠিত হাত দি ক’লে— ‘মোক তুমি নিজৰ দাদাৰ দৰেই ভাবিব পাৰা, কিবা প্ৰয়োজন হ’লেই মোক ফোন কৰিবা৷ জানাইতো আন্দোলন কৰি লাভ নাই, আলোচনাৰেহে সমস্যাৰ সমাধান হয়৷ তোমালোকেই ক’লা যে ইয়াৰ আগত বহুবাৰ আন্দোলন কৰা হৈছে, কামটো হোৱা নাই৷ এইবাৰ কথাটো মই জানিলো বাবেহে......৷ বিশেষ চিন্তা কৰিব নালাগে মাত্ৰ এইটো পথেই নহয়, যিকোনো ৰাজহুৱা অসুবিধা হ’লেই তুমি মোক ডাইৰেক্ট যোগাযোগ কৰিবা৷’ কথাখিনি কৈ মন্ত্ৰীয়ে তেওঁলোকক বিদায় দিলে৷ তেওঁলোক মন্ত্ৰীৰ কোঠাৰ পৰা উলাইছিল হে মাত্ৰ তেনেতে মন্ত্ৰীয়ে পুনৰ মেহবুবক মাতিলে৷ ছাৰৰ মাত শুনি মেহবুব পুনৰায় কোঠাৰ ভিতৰলৈ সোমাই গ’ল৷ 
         বিছনাৰ তলৰ পৰা কেইটামান ২ হেজাৰ টকীয়া টকাৰ ভাণ্ডিল মেহবুবৰ হাতত তুলি দি মন্ত্ৰীয়ে ক’লে— চাহ-পানী খাবা৷ বাকীখিনি তোমাৰ বাবে৷ শুনিছো তুমি বহু কষ্ট কৰি ৰাইজৰ বাবে কাম কৰি আছা৷ খৰচা-পাতি লাগে....৷ আগলৈ প্ৰয়োজন হ’লে মোক ক’বা৷ ...... আৰু হেৰি নহয়, তোমালোকৰ ফালে বুলে আমাৰ একেবাৰে জনপ্ৰিয়তা নাই!— কথাষাৰ শেষ কৰি মন্ত্ৰীয়ে মেহবুবৰ মুখলৈ চালে৷ তেওঁ অপ্ৰস্তুত ভাবে ধৰো-নধৰো কৈ টকাখিনি হাতত লৈ একপ্ৰকাৰ জড়পদাৰ্থ হৈ পৰিছিল৷— হে তুমি বিৰাট লাজ কৰা হে, থৈ দিয়া৷ আৰু এইখিনি লোৱা, তোমাৰ লগত অহাসকলক লৈ ভাল হোটেলত ভাত-ছাত খাই ল’বা৷— মন্ত্ৰীয়ে এইবাৰ অতিৰিক্ত ১০ হাজাৰ টকা দিলে৷ 
        ছাৰে কি ক’লে নো ?— ওলাই অহাৰ পিছত সকলোৱে তেওঁক আগুৰি ধৰিলে৷ তেওঁ ১০ হাজাৰ টকা দেখুৱাই ভাত খোৱাৰ পইচা দিয়া বুলি ক’লে৷
        কথামতেই এসপ্তাহৰ ভিতৰত ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ হ’ল৷ কাম উদ্ভোধন কৰিবলৈ মন্ত্ৰী আহিল আৰু মন্ত্ৰীয়ে মেহবুবৰ ঘৰত ‘লান্স’ কৰিলে৷ গাওঁৰ মানুহৰ মাজত অধীৰ অানন্দৰ বন্য ববলৈ ধৰিলে৷ তেওঁলোকৰ মৰমৰ মেহবুবক মন্ত্ৰীয়ে বিৰাট ভাল পায়৷ মন্ত্ৰীক এবাৰ লগ পোৱাটো ডাঙৰ ভাগ্য বুলি ভৱাসকলে মেহবুব ডাঙৰ নেতা হ’ল বুলি নিশ্চিত হ’ল৷ বহুতেই কোৱা-কোৱি আৰম্ভ কৰিলে যে মেহবুবৰ লগত মুখ্যমন্ত্ৰীৰ লগতো ভাল চিনাকি আছে বুলি৷ 
          মেহবুবৰ এটা ফোনকলতেই ডাঙৰ ডাঙৰ সমস্যা সমাধান হ’বলৈ আৰম্ভ হ’ল৷ মন্ত্ৰীৰ লগত মন গ’লেই কথা পাতিব পাৰে৷ ৰাইজে এতিয়া মেহবুবক নিৰ্ভৰ কৰিব পাৰে৷ তেওঁ যুৱক হিচাপেও ভাল, কাৰো লগত বেয়া ব্যৱহাৰ নকৰে তেওঁ৷ ধনী-দৰিদ্ৰ সকলো তেওঁৰ সন্মুখত সমান৷ প্ৰত্যেকেই তেওঁক যিকোনো কথা খুলি ক’ব পাৰে৷ তেওঁৰ নেতৃত্বত বহু কেইজন দুখীয়া বেমাৰীয়েও বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ ৰাইজে তেওঁক একপ্ৰকাৰ মন্ত্ৰীৰ দৰে বুলিয়ে ভাবে৷
        পঞ্চায়ত নিৰ্বাচনত কাক টিকট দিব লাগে, কোনে ৰাইজৰ ভাল প্ৰতিনিধি হ’ব পাৰিব— এইসকলো কথা মেহবুবৰ ওপৰতেই নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিলে৷ প্ৰাৰ্থীত্ব প্ৰত্যাসীসকলেও মেহবুবক বিচাৰি ঘৰ পাবলৈ আৰম্ভ কৰিলে৷ দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ বাবে মেহবুবহঁতে মনোযোগ দিব লাগিব বুলি মন্ত্ৰীয়ে তেওঁক কৈ দিছে৷ 
          পঞ্চায়ত নিৰ্বাচনত বৃহৎ সাফল্য দেখি মন্ত্ৰীয়ে গাওঁলৈ পুনৰায় আহিল৷ গাওঁৰ আলি-পদূলিবোৰৰ বহু পৰিৱৰ্তন হৈছে৷ মানুহৰ মাজত অসন্তুষ্টিৰ কোনো চিন নাই৷ সমগ্ৰ অঞ্চলৰ উন্নয়নৰ বাবে ‘ভাইটি মেহবুবে’ই মূল মানুহ বুলি ৰাজহুৱা সভাত মন্ত্ৰীয়ে মন্তব্য কৰি ৰাইজৰ হাত চাপৰি লাভ কৰি গুচি গ’ল৷ আৰু কাইলৈ মেহবুবক দিছপুৰলৈ মাতি পঠিয়ালে৷ 
          তোমাৰ জনপ্ৰিয়তা আছে, সংগঠন কৰাতকৈ ৰাজনীতি নকৰা কিয়৷ এতিয়া তোমাক গুৰুত্ব দিয়া বাবে ‘লোকেল’ বিধায়ক লতিফ আৰু দলীয় কৰ্মীবোৰ মোৰ প্ৰতি ক্ষুন্ন হৈ পৰিছে৷ তুমি দলত থাকিলে এইখিনি নহ’ল হেঁতেন৷ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত তুমি দলত যোগ দিয়া৷— মন্ত্ৰীয়ে মাতি নি মেহবুবক বুজালে৷ মেহবুবেও কথাটো বুজি পালে৷ কিন্তু তেওঁ এনে এটা সিদ্ধান্ত লোৱাটো কিমানদূৰ গ্ৰহণযোগ্য হ’ব সেই কথা থিৰাং কৰিব নোৱাৰি কিছু সময় মনে মনে বহি থাকিল৷— ‘তুমি ইমান চিন্তা কৰিব লগা নাই, কি ভাবিছা, তোমালোকৰ মিঞা মানুহে সদায় ক্ষমতাৰ লগত থাকি ভাল পায়৷ তোমাক আদৰণি জনাব, বিৰোধিতা নকৰে৷’— মন্ত্ৰীয়ে পুনৰ ক’লে৷ ‘সন্মুখত বিধানসভা নিৰ্বাচন, তুমি চিন্তা কৰিব নালাগে৷’
            শেষত দুদিনৰ সময় লৈ মেহবুবে গুচি আহিল৷ তেওঁ কি কৰিব এতিয়া! দলত যোগদান কৰিলে ৰাইজে বেয়া নাপায় কাৰণ ইতিমধ্যে মন্ত্ৰীয়ে ৰাইজৰ কাম তেওঁৰ হতুৱাই কৰাইছে৷ হয়তো কাম অলপ বেছিকৈহে কৰিব পাৰিব বুলি তেওঁ ধাৰণা কৰে৷
           ৰাইজমেল পাতি আলোচনাৰ অন্তত মেহবুবৰ লগতে গাওঁৰ শতাধিক লোকে একেলগে দলত যোগদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে৷ সেইমতে সপ্তাহৰ ভিতৰত যোগদান কাৰ্য সমাপনো কৰিলে৷ সঁচাকৈয়ে ৰাইজে তেওঁক বিপূল ভাবে আদৰণি জনালে৷ মেহবুবৰ ওপৰত ৰাইজে বহুখিনি আশা কৰে৷
           মেহবুবে দলত যোগ দিয়াৰ কেইদিনমান পিছতেই স্থানীয় বিধায়ক লতিফৰ নেতৃত্বত মন্ত্ৰীক লগ কৰিবলৈ গাড়ী ভাড়া কৰি মানুহ লৈ যোৱা হ’ল৷ মন্ত্ৰীয়ে হাস্যবদনে লতিফক ক’লে— তহঁতে ৰাজনীতি বুজি নোপোৱা বাবেইতো এইবিলাক পোক-পৰুৱাই কামুৰি থাকে, এতিয়া চাবিচোন, তোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কোনো নাই, একদম ছাফা.....৷— কথাখিনি কৈ মন্ত্ৰীয়ে খিল খিলাই এবাৰ হাঁহিলে৷
ছাৰ আপুনি বোলে মেহবুবক এমএলএ বনায়!— লতিফে ক’লে৷
আৰে জ্বালা (জলকীয়া) খোৱা চৰৰ মিঞা, এই কথাও মূৰত ধৰা নাই৷ তোৰ বিধায়কশ্বিপ ২০ বছৰৰ কাৰণে ‘কনফাৰ্ম’ কৰিবলৈকে ইমান কাম কৰিলো৷ আচল কথাটো কি জানা নে— প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰিবলৈ হ’লে সেই কন্ঠৰ গৰাকীক বুকুত টানি নিব লাগে, আৰু যদি কাৰোবাক নেতা বনাব লাগে তেন্তে তেওঁক জেললৈ পঠাব লাগে৷ ৰাজনীতিত সত্ৰুক বেছি মৰম কৰিবি...৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ