Sunday, December 2, 2018

কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত ক্ৰমাৎ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী/ আপত্তি প্ৰক্ৰিয়া৷ আপত্তিৰ ক্ষেত্ৰত অস্পষ্ট নীতিৰ বাবে যিদৰে আপত্তি কৰিব বিচাৰিও আপত্তি কৰাৰ পৰা বহুতে বিৰত থকাৰ সমান্তৰালকৈ কৰ্তৃপক্ষৰ আন্তৰিকতাৰ অভাৱত দাবী প্ৰক্ৰিয়া একপ্ৰকাৰ স্তব্ধ হৈ থাকিলেও বৰ্তমান দাবী দাখিলৰ প্ৰক্ৰিয়া কিছু পৰিমাণে দ্ৰুত হৈছে৷


 কিন্তু আজিৰ তাৰিখত যি হাৰে মানুহে দাবী দাখিল কৰিছে তাৰ পৰা ক’ব পৰা যায় যে অধিকাংশ মানুহে বৈধ নথি থকাৰ পিছতো দাবী দাখিল কৰিব নোৱাৰিব৷ যিমানেই বৈধ নথি নাথাকক কিয় দাবী দাখিল নকৰিলে জটিলতাৰ মুখামুখী হ’বই লাগিব৷ ‘বাদ পৰা লোকৰ অধিকাংশই অবধ বিদেশী হোৱাৰ বাবেই তেওঁলোকে দাবী দাখিল কৰা নাই’ ধৰণৰ আলোচনা হৈ থকাৰ পৰাই সাধাৰণতেই বুজিব পাৰি যে বৈধ হওঁক বা অবৈধ সেই বিষয়টো তল পেলাই কিমান মানুহৰ নাম বাদ পৰিল সেই বিষয়টোৱে প্ৰাধান্য পাব৷ এই বিষয়বোৰ বহলাই কোৱাৰ প্ৰয়োজন নাই যে কৰ্তৃপক্ষই কিয় দাবী দাখিলৰ প্ৰতি মানুহক উৎসাহিত কৰি থকা নাই বা প্ৰক্ৰিয়াত জটিলতা আমদানি কৰি আহিছে৷ থুৰতে ক’বলৈ হ’লে ক’ব লাগিব যে নাম বাদ পৰা মানুহৰ বাবে এইটো এটা ‘সুযোগ’ প্ৰদান কৰা হৈছে যাৰ সদব্যৱহাৰ কৰি বাদ পৰা লোকসকলে নিজৰ দাবী দাখিল কৰি উপযুক্ত ভিত্তি দাখিল কৰিব পাৰিব৷ এইবোৰ কথখাৰ বাবেই হয়তো চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা মানুহ চিন্তিত হৈ আছে৷ মানুহে মুখামুখী হোৱা সমস্যাবোৰ চমুকৈ বিশ্লেষণ কৰিব পাৰি এনেদৰে— 

১৷ দাবী দাখিলৰ লগত দিব লগা নথিৰ শেষ তাৰিখ ৩১ আগষ্ট, ২০১৫ ৰখাৰ বাবে পূৰ্বে সৰ্বোচ্চ নথি প্ৰদান কৰি আবেদন কৰা আৰু পূৰ্বে প্ৰদান কৰা তালিকা B ভোক্ত নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মানুহে পূৰ্বৰ তাৰিখ অনুসৰি বিকল্প নথি দিব পৰা নাই৷ 

২৷ অধিকাংশ সেৱাকেন্দ্ৰৰ পৰা চুটিকৈ আৰু সকলো মানুহৰ বাবে একেধৰণৰ কাৰণ দৰ্শোৱা বাবে বাদ পৰাৰ কাৰণ ঠিকমতে বুজি নোপোৱাৰ ফলত মানুহে নথি বাছনি কৰাত অসুবিধা পাইছে৷ 

৩৷ কেনেদৰে দাবী বা আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগে সেই বিষয়ে ভালদৰে নজনাৰ বাবে মানুহে প্ৰ-পত্ৰ হাতত লৈ লোকৰ ওচৰলৈ যায় যদিও সময়ত সমাধানসূত্ৰ লাভ নকৰাৰ বাবে অসুবিধা পাই আছে আৰু কৰ্তৃপক্ষই কোনো ধৰণৰ সজাগতাৰ সৃষ্টি কৰিব পৰা ব্যৱস্থা হাতত লোৱা নাই বা মূল আবেদন পত্ৰ দাখিলৰ সময়ত তৈয়াৰ কৰা আৰ্হি প্ৰ-পত্ৰ দাবী/ আপত্তিৰ ক্ষেত্ৰত তৈয়াৰ কৰা নাই৷ 

৪৷ মূল আবেদনপত্ৰ পূৰণৰ সময়ত ভুলকৈ নাম লিখাৰ বাবে নথি-পত্ৰত থকা শুদ্ধ নামেৰে এতিয়া দাবী আবেদন দাখিল কৰাত জটিলতাৰ মুখা মুখি হৈ আছে যিহেতু নামৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰিব নোৱাৰিব৷ 

৫৷পূৰ্বে দাখিল নকৰা নথিত নামৰ আৰু উপাধিৰ খেলি-মেলি যেনে- বেগম, খাতুন, দাস, দে, মিয়া হুছেইন, শীল, বিশ্বাস, আলী, শ্বেইক, বেওৱা, নোছা আৰু বয়সৰ খেলি-মেলিৰ বাবেও সেই নথিবোৰ দাখিল কৰিব পৰা নাই৷ 

৬৷ সু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু বিদ্যালয়ৰ নথি গ্ৰহণযোগ্য নোহোৱাৰ ফলত নতুন কোনো নথি বিচাৰি পোৱা নাই৷ তেওঁলোকৰ বাবে মৌখিক বা লিখিত সাক্ষী দিব পৰা যাব যদিও সেই বিষয়বোৰ বুজি নোপোৱাৰ ফলত মানুহৰ অসুবিধা হৈছে৷ 

৭৷ গাওঁ পঞ্চায়তৰ সম্পাদক/ লাট মণ্ডল/ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মহিলাসকলে বিকল্প নথি হিচাপে ৰেচনকাৰ্ড দিব পাৰিব যদিও বহু সেৱা কেন্দ্ৰই এই নথি গ্ৰহণ কৰি থকা নাই৷ 

৮৷ বহুতেই নাজানে যে কেনেদৰে পৃষ্ঠা নং D ত থকা প্ৰশ্ন ৭ৰ উত্তৰ লিখিব৷ ফলত দাবী দাখিলৰ ভিত্তি ঠিক মতে লিখিব পৰা নাই ৷ 

৯৷ DV/DF/DFD/DVD/PFT বাছনি কৰাৰ সময়ত ৰৈ যোৱা বিসংগতিৰ বাবে জটিলতা বহু বৃদ্ধি পাইছে৷ ২০০৪ চনৰ আগত জন্ম লাভ কৰা আৰু পিতৃপক্ষৰ লিগেছি, নথি-পত্ৰৰে আবেদন দাখিল কৰা লোকৰ মাকৰ নামত ডি থাকিলেও নাম বাদ পৰিছে আৰু ভাই, ভনীৰ নামত ডি থাকিলেও কিছু অঞ্চলত বাকীসকলৰ নাম কৰ্তন কৰা হৈছে৷ এইবোৰ বিষয়ৰ বাবে মানুহে জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে৷ লগতে এটা কথা উল্লেখ কৰিব লাগিব যে যি ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ দ্বাৰা তিনি কোটি মানুহৰ নাগৰিকত্ব প্ৰমাণ কৰিব সেই একে প্ৰক্ৰিয়াই ডি ভোটাৰ সকলক সাঙুৰি নোলোৱাটোৱেই সমগ্ৰ প্ৰক্ৰিয়াৰ আন্তৰিকতাত প্ৰশ্ন চিহ্ন আনি দিয়ে৷ আচলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে বিদেশী সমস্যাটোৰ স্থায়ি সমাধান আনিব নে বিদেশী সমস্যাটোৰ স্থায়িত্ব প্ৰদান কৰিব সেই কথাও চিন্তাৰ বিষয় হৈ পৰিছে৷ 

১০৷ নাম বাদ পৰা দুৰ্গত বৈধ ভাৰতীয়ক সহায় কৰিলে অবৈধ বিদেশীৰ পক্ষত থিয় দিয়া বুলি প্ৰচাৰ হোৱাৰ ভয়ত বহু দল-সংগঠনে এই বিষয়ৰ পৰা কৌশলগত দূৰত্ব বজাই ৰাখি আহিছে৷ ফলত ৰাইজৰ মাজত উৎসাহ কমি যোৱা পৰিলক্ষিত হৈছে৷ 

ওপৰত উল্লেখ কৰা বিষয়বোৰৰ উপৰিও ভুল বশঃত বেলেগৰ লিগেছি ব্যৱহাৰ কৰা অথচ বৰ্তমান নিজৰ লিগেচি বিচাৰি পোৱা মানুহেও যিহেতু লিগেছি ব্যক্তি সলাব নোৱাৰিব তাৰ বাবে যথেষ্ট জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে আৰু বংশ বৃক্ষ পুনৰ দাখিল কৰাৰ সুবিধা প্ৰদান নকৰাৰ বাবে বংশ বৃক্ষৰ পৰীক্ষণত ধৰা পৰা বুসংগতি আতৰ কৰাৰ সুবিধা লাভ কৰা নাই, বংশ বৃক্ষত থকা মানুহ কিন্তু আবেদন নকৰা সকলে আবেদন কৰাৰ সুবিধা লাভ কৰা নাই৷ —জাতি, ধৰ্ম নিৰ্বেশেষ ওপৰোক্ত সমস্যাবোৰে দেখা দিয়া বাবে সমস্যাৰ সন্মুখীন সকলোৱে হ’ব লগা হৈছে৷


Monday, November 26, 2018



NRC ৰ জটিল বিষয়বোৰহে যেন আমাৰ ওচৰলৈ আহে৷ সমস্যাৰ যেন শেষ নাই৷ আজি পুৱা বিছনাৰ পৰা ভোক্তভোগীয়ে টানি উঠোৱাৰ পিছৰ পৰা নিৰৱচ্ছিন্ন ভাবে একেটা কামতেই লাগি থাকিব লগা হ’ল৷ (গৰুৰ মাংসৰে পত্নীয়ে ভাত ৰান্ধি মাতিলেও খোৱাৰ সময় কাৰ হাততনো আছে?) আটাইতকৈ জটিল সমস্যটোৰ সমাধান ৭.৩০ বজাতহে দিব পাৰিলো৷ সমাধানটো এনেধৰণৰ— 

‘NRC ৰ চূড়ান্ত খচৰা তালিকাৰ পৰা আবেদনকাৰীৰ নাম বাদ পৰাৰ কাৰণ আবেদনকাৰীক ডি ভোটাৰ দেখুৱা হৈছে যদিও FT-2, Barpeta ৰ গোচৰ নং ----- ৰ জৰিয়তে ------ তাৰিখে ভাৰতীয় বুলি ৰায়দান কৰে আৰু ২০১৫ চনৰ পৰা ভোটাৰ তালিকাত শুদ্ধ ভাবে নাম অন্তৰ্ভূক্ত হৈছে৷ আবেদনকাৰীৰ পিতৃৰ নাম নথি-পত্ৰত অ়জ্ঞতাৰ বাবে আৰু ভুল বশত আজগৰ আলীৰ ঠাইত আলী হুছেইন হিচাপে উল্লেখ আছে৷ আৰু সেইমৰ্মে NRC ৰ মূল আবেদন পত্ৰত ভুল বশত আজগৰ আলীৰ লিগেছি ডাটাকোড ------- ৰ পৰিৱৰ্তে আলী হুছেইনৰ লিগেছি ডাটাকোড ----------- উল্লেখ কৰি আবেদন দাখিল কৰা হৈছিল৷ বংশবৃক্ষ পৰীক্ষণৰ সময়ত উক্ত লিগেছি ব্যক্তি আৰু পিতৃৰ নাম শপতনামাৰ জৰিয়তে শুধৰণী কৰা হৈছিল৷ সেয়েহে শুধৰণী আৰু FTৰ ৰায়দানৰ ভিত্তিত আবেদনকাৰীৰ নাম পূৰ্ণাঙ্গ NRC ত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন জনোৱা হ’ল৷’— হল্ড ফৰ্মৰ ৫ নং প্ৰশ্নৰ উত্তৰত লিখিব লগা ওপৰৰ বাক্যৰ পৰাই বুজিব পাৰিছে সমস্যা কিমান জটিল৷ এই কামবোৰ কৰাৰ বাবে অত্যাধিক মানসিক চাপ সহিব লগা হয়৷ তাৰ লগতে #NRChow2helpU ৰ উত্তৰ, ফোনকলৰ উত্তৰ দিব লগা হয়৷ যিবোৰ জটিল বিষয়ৰ সমাধান কোনেও বিচাৰি নাপায় তেনে বিষয়বোৰ মোলৈ ‘ৰেফাৰ’ কৰাৰ বাবে মন, মগজু কঠিন শিলৰ দৰে হৈ পৰিছে৷ ইয়াৰ মাজতে আত্মীয়ক সময় নিদিয়াৰ অভিযোগতো আছেই৷ 

সিযিকি নহওঁক NRCৰ দাবী প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত মানুহক সহায় কৰিব পাৰিলে মনটো বহুত ভাল লাগে৷ সমাধান দিব নোৱাৰিলে মনটো বেয়া লাগি থাকে৷ বুজি নাপাঁও দল-সংগঠনৰ নেতাসকলে কেনেদৰে মানুহৰ সমস্যাবোৰ আওকাণ কৰি নিজৰ গাড়ীখন চিক-চিকিয়া কৰি ৰাখে৷ এয়া মোৰ বাবে এক বুজাব নোৱাৰা সাথৰ৷

আজিৰ দিনটো স্বাইজুদ্দিন খন্দকাৰৰ সহায়ৰ অবিহনে সকলো কাম আধৰুৱা হৈ থাকিল হেঁতেন৷ জটিল সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ পিছত কলম ধৰাৰ কাম তেওঁৰ ওপৰতেই ন্যাস্ত হৈ আছিল৷ আজি প্ৰায় দশখন তেনে জটিল প্ৰ-পত্ৰ পূৰণ কৰা হ’ল, যিবোৰৰ সমাধানসূত্ৰ বিচাৰি ভোক্তভোগীসকলে বহু দিনৰ পৰা হাবাথুৰি খাব লগা হৈছিল৷ আজিৰ দিনত ভাল লগা বিষয়টো হ’ল যে তিনিজন যুৱকক এই প্ৰক্ৰিয়াৰ লগত জৰিত কৰাব পাৰিছো৷ তেওঁলোকে সহায়ৰ বাবে আহিছিল৷ শিক্ষিত যুৱক হিচাপে তেওঁলোকৰ নিজৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ প্ৰক্ৰিয়া শিকাই মোৰ আগত পূৰণ কৰিবলৈ দিছিলো৷ তেওঁলোকে কথা দিছে যে— তেওঁলোকে দুৰ্গতসকলক সহায় কৰিব৷





#NRChow2helpU হেসটেক ব্যৱহাৰ কৰি #NRC সম্পৰ্কে পৰামৰ্শ আৰু প্ৰশ্ন কৰিলেও উত্তৰ দিবলৈ যত্ন কৰা হ’ব৷ আপুনিও নিজৰ লগতে চুবুৰীয়াৰ সমস্যা আমাক জনাওক৷ হেসটেক ব্যৱহাৰ কৰি এনআৰচি সম্পৰ্কে নিজৰ মতামত আৰু ৰাইজৰ বাবে কৰা কামৰ বিষয়ে বা কাম কৰা ফটো ছ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অনুৰোধ থাকিল৷

‘আহক সকলোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত দুৰ্গত বৈধ ভাৰতীয় নাগৰিকক সহায় কৰো৷’


Sunday, November 25, 2018




আমি আজিও আৰভাটত বহিছিলো৷ মানুহৰ সমস্যা বহু৷ কাম কৰা মানুহ কম৷ ৰাতিপুৱাৰ পৰা প্ৰায় তিনি শতাধিক ভোক্তভোগী ৰাইজ আহিছিল৷ কিন্তু সকলোকে পৰ্যাপ্ত সময় দিব পৰা নাই৷ পুৱা ১১ টাত আহিও বহুতে তিনিটা বজাতহে নিজৰ সমস্যাৰ সমাধান সূত্ৰ লাভ কৰিলে৷ দিনটোত সেইবাবে আমি ২ মিনিটৰ বাবেও জিৰাব পৰা নাছিলো৷ সন্ধিয়া ৬ বজালৈ আমি মোবাইলৰ টৰ্চ জ্বলাই ৰাইজৰ সমস্যাৰ সমাধানসূত্ৰ ওলোৱাৰ যত্ন কৰিছিলো৷ আমাৰ এই কামত মুৰব্বী অধ্যাপক তাইজুদ্দিন আহমেদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাহিৰ আব্বাছ, বৰপেটা ন্যায়িক আদালতৰ অধিবক্তা শ্বাহজাহান আলী (মিতা), ফজলুল হক (মামা), APICRৰ সভাপতি আব্দুল্লাহ আহমেদ, উদিয়মান যুৱক নশ্বাদ আলী (গোৱৰ্দ্ধনা), সাইজুদ্দিন খন্দাকাৰ, জাহাংগীৰ আলমকে আদি কৰি কেইবাজনো যুৱকে আমাৰ এই সেৱা কেন্দ্ৰত উপস্থিত থাকি ৰাইজক সেৱা আগবঢ়ায়৷ 
অসমৰ সকলো অঞ্চললৰ পৰা ৰাইজৰ হকে কাম কৰা বহু মানুহৰ প্ৰয়োজন হৈছে৷ আৰ্তজনক সহায় কৰা মানুহৰ সংখ্যা দুৰ্ভাগ্যজনক ভাবে বহু পৰিমাণে কমি গৈছে৷ কিন্তু মানুহৰ সমস্যা বহু পৰিপাণে বাঢ়ি গৈছে৷ বিশেষকৈ দাবী প্ৰ-পত্ৰত উপযুক্ত নথি-পত্ৰ প্ৰদানৰ লগতে Page D ত আবেদনকাৰীৰ নাম এনআৰচিৰ পৰা কিয় বাদ পৰিছিল আৰু কিয় পুনৰায় অন্তৰ্ভূক্ত হ’ব লাগে সেই বিষয়বোৰ অতি সুক্ষ্ম ভাবে লিখিব লাগে৷ যাৰ বাবে প্ৰতিজন মানুহৰ নথি-পত্ৰ তন্ন তন্ন কৈ পৰীক্ষা কৰা প্ৰয়োজন৷ এটা কথা মনত ৰাখিব যে প্ৰতিজন বৈধ ভাৰতীয় নাগৰিকে দাবী (Claim) দাখিল কৰিবই লাগিব৷ অন্যথা জটিলতা আৰু আইনী মেৰ-পেচত পৰি ডি ভোটাৰৰ দৰে জমৰ যাতনা ভূগিব লাগিব৷ ইয়াৰ সমান্তৰালকৈ এনআৰচিৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধানসূত্ৰ আনিব নোৱাৰিলে অসমৰ সামগ্ৰীক উন্নয়ন আৰু প্ৰগতিও সম্ভৱ নহয়৷ সন্দেহ আৰু অবিশ্বাসৰ পৰিৱেশৰ পৰা মাতৃভূমিক ৰক্ষা কৰি সমন্বয়ৰ অসম গঢ়াৰ সপোন দেখা প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত নিঃস্বাৰ্থ সহযোগিতা আগবঢ়োৱা উচিত৷ 
লেখনীৰ আৰম্ভনীত উল্লেখ কৰা #NRChow2helpU হেসটেক ব্যৱহাৰ কৰি #NRC সম্পৰ্কে পৰামৰ্শ আৰু প্ৰশ্ন কৰিলেও উত্তৰ দিবলৈ যত্ন কৰা হ’ব৷ আপুনিও নিজৰ লগতে চুবুৰীয়াৰ সমস্যা আমাক জনাওক৷ হেসটেক ব্যৱহাৰ কৰি এনআৰচি সম্পৰ্কে নিজৰ মতামত আৰু ৰাইজৰ বাবে কৰা কামৰ বিষয়ে বা কাম কৰা ফটো ছ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ অনুৰোধ থাকিল৷

‘আহক সকলোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত দুৰ্গত বৈধ ভাৰতীয় নাগৰিকক সহায় কৰো৷’

ধন্যবাদেৰে-
সাজাহান আলী আহমেদ
সাধাৰণ সম্পাদক, #APICR




Saturday, April 7, 2018

পৰিচালক মুনিন বৰুৱাদেৱ মৃত্যুত আমছুৰ গভীৰ শোক প্ৰকাশ
 অসমীয়া চিনেমা জগতত সদায়েই জিলিকি থাকিব এগৰাকী 'নায়ক' হৈঃ আমছু

৭ এপ্ৰিলঃ
অসমীয়া ছবিজগতৰ লগতে ভ্ৰাম্যমাণ জগতৰ এজন সফল নাট্যকাৰ, পৰিচালক তথা সাংস্কৃতিক জগতৰ ভোটাতৰা স্বৰূপ মুনীন বৰুৱা দেবৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে গভীৰ শোক প্ৰকাশ কৰে৷ অসমীয়া চিনেমাৰ বেয়া দিনৰ সময়ত যৌবনে আমনি কৰে চিনেমাখনে আশাৰ সঞ্চাৰ কৰিছিল৷ তাৰ কেইবছৰ মান পিছত মেৰী লস্কৰৰ (প্ৰযোজিকা) সাহসী প্ৰচেষ্টাত মুনিন বৰুৱা, জুবিন গাৰ্গ আৰু যতীন বৰা ত্ৰিমুৰ্তীয়ে এখনৰ পিছত আন এখন চুপাৰহিত ছবি ৰাইজক উপহাৰ দি অসমীয়া ছবিজগতৰ ধাৰা সলনি কৰি দিছিল। তেওঁৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক দুঃখবৰ বুলি উল্লেখ কৰি এক শোকবাৰ্তাত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে— মুনিন বৰুৱা দেৱৰ মৃত্যুৱে অসমৰ অপূৰণীয় ক্ষতি কৰিলে৷ তেওঁ অসমীয়া চিনেমা জগতত এগৰাকী 'নায়ক' হৈ সদায়েই জিলিকি থাকিব উল্লেখ্য যে অসমীয়া ভাষাৰ ছবিৰ জনপ্ৰিয় তথা চলচ্চিত্ৰ নিৰ্মাতা মুনিন বৰুৱা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নিশা ১ বাজি ৫৫ মিনিটত গুৱাহাটীৰ নিজগৃহত ইহসংসাৰ ত্যাগ কৰে। মুনিন বৰুৱা এজন সফল নাট্যকাৰ তথা নাট পৰিচালক আছিল ৷ "প্ৰতিমা" পৰা আৰম্ভ কৰি শেহতীয়া "প্ৰিয়াৰ প্ৰিয়" লৈকে বহুকেইখন চিনেমা নিৰ্মান কৰা বৰুৱাদেৱৰ জনপ্ৰিয় চিনেমা সমুহৰ ভিতৰত পিতা পুত্ৰ, পাহৰি কন্যা,প্রভাতী পখীৰ গান,বোৱাৰী,কাল সন্ধ্যা,হিয়া দিয়া নিয়া,নায়ক,দাগ,বিধাতা,ৰং,অধিনায়ক বাৰুদ,কন্যাদান, দীনবন্ধু, ৰামধেনু আদি অসমীয়া চলচ্চিত্ৰৰ অনবদ্য সংযোজন। উল্লেখযোগ্য যে দীনবন্ধু চিনেমাই ৰাষ্ট্ৰপতি বটা আজুৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত সুমতাই গোলাঘাট জন্ম গ্ৰহণ কৰা মুনিন বৰুৱা আমাৰ বাবে অভিভাবক সদৃশ আছিল৷ ৰাজ্য চৰকাৰে তেখেতক যথোচিত সন্মান প্ৰদৰ্শন কৰাৰ বাবে আমছুৱে দাবী জনায়৷ 

Friday, April 6, 2018

Image result for rejaul karim sarkar
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ অসম বিধান সভাৰ মজিয়াত "আৰবত অসমীয়া ভাষা পঢ়ালে অসমত আৰবী ভাষা পঢ়োৱাব" বুলি যি অদ্ভূদ আৰু চৰম সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি ভাঙি টুকুৰা টুকুৰ কৰিব বিচাৰিছে এই চৰম সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে৷ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে অসমৰ শিক্ষা মন্ত্ৰীৰ এনে অদ্ভুত যুক্তিয়ে বৃহত্তৰ অসমীয়া সমাজত বিৰূপ প্ৰভাৱ পৰাটো অৱধাৰিত বুলি উল্লেখ কৰাৰ লগতে এই বক্তব্যই শংকৰ-আজানৰ অসমত সংঘাতৰ সৃষ্টি কৰিব বুলি মত ব্যক্ত কৰে৷ আমছুৰ সভাপতি জনে কয়— আৰবী ভাষা কেৱল মুছলমানসকলৰ ভাষা নহয়, আৰবী বিশ্বৰ চহকী ভাষা-সাহিত্যসমূহৰ অন্যতম আৰু প্ৰাচীন ভাষা। বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ মূলত আৰবী ভাষাত থকাৰ লগতে আৰবী ভাষাত এই গ্ৰন্থ অধ্যয়ন কৰিলে পূণ্য হয় বুলি বিশ্বাস কৰিয়েই মুছলমানসকলে এই ভাষা শিকাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ে৷ নিজৰ বিভাগসমূহত উন্নয়ন কৰিব নোৱাৰি শিক্ষামন্ত্ৰী গৰাকীয়ে অসমৰ মুছলমানসকলৰ মনত আঘাত দিয়াৰ বাবে এনে তুচ্ছ তাচ্ছিল্য কৰিছে বুলি উল্লেখ কৰাৰ লগতে অসমৰ শিক্ষা মন্ত্ৰীৰ মন্তব্যই তেখেতৰ কু-মানসিকতা আৰু ঠেক-সাম্প্ৰদায়িক চৰিত্ৰৰ প্ৰতিফলন ঘটা বুলি মত ব্যক্ত কৰে। আমছুৰ সভাপতি জনে ভাৰতৰ পৱিত্ৰ সংবিধানৰ ২৯ আৰু ৩০ অনুচ্ছেদৰ কথা উল্লেখ কৰি ভাৰতৰ সংখ্যালঘুসকলে নিজৰ ধৰ্মীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব আৰু ই সাংবিধানিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰিবলৈ হিমন্ত বিশ্ব শৰ্ম কোন বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে উন্নয়নৰ কাম বন্ধ কৰি মানুহৰ মাজত ভুল-বুজাবুজিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ঠিকা লোৱা মন্ত্ৰীগৰাকীক মাৰ্জিত হ’বলৈ আহ্বান জনায়৷ অন্যথায় ইয়াৰ পৰিনাম ভয়াবহ হ’ব বুলি সকীয়াই দিয়ে৷ তেওঁ লগতে অসমৰ শান্তিপ্ৰিয় সৰ্বসাধাৰণ ৰাইজক হিমন্তৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখাৰ বাবে আবেদন জনায়৷

ৰ’দৰ কোলাত মোৰ উলংগ দেহ


অসংখ্য কোলাহলৰ মাজত
জীৱনৰ ৰং বিচাৰি যাওঁ
নিৰাশাৰ চাদৰ মেৰিয়াই

এতিয়া ফাগুণ আৰু বসন্তবোৰ
নিসংগতাৰ অন্য নাম

বিবশ্ৰ হওঁতে এসময়ত লাজ লাগিছিল
এতিয়া সাধাৰণ অভ্যাসহে মাথো
-----------
তেওঁলোকে প্ৰতিদিনে মোৰ চোলা খুলে
লিৰিকি বিদাৰি চায় মোৰ শৰীৰৰ অঙ্গ
মোৰ পিঠিত হেনো কাঁটা তাৰৰ চিন বিদ্যমান
মই হেনো জিভা কটা নষ্ট মানুহ।

মূৰৰ জাপিখন . . .
মোৰ কান্ধৰ গামোছাখন বোলে তেওঁলোকৰ।

বালিবোৰ খান্দি আছো বহু দিনৰ পৰা
বিচাৰি মোৰ আদি পুৰুষৰ কংকাল
মোৰ পৰিচয় পোত খাই আছে শুকান বালিৰ তলত৷

তিৰাশীৰ ছাইবোৰ, চৌৰানব্বৈৰ ধোৱাবোৰ
একবিংশ শতিবাৰ কংকালবোৰ
ধুই নিছে নিষ্ঠুৰ বৰষুণ জাকে...

মোৰ মূল্যহীন আৰ্তনাদ শুনি 
অট্টহাস্য মাৰিবলৈ ৰজা নাই, জমিদাৰ নাই
শ্ৰেণী বিপ্লৱৰ সেই ধ্বজা নাই
‘নাঙল যাৰ, মাটি তাৰ’ ক’বলৈ ভাসানীও নাই,
ভণ্ডৰে ভৰি পৰিছে মোৰ চৌপাশ৷
মুখা পিন্ধা ভদ্ৰলোকবোৰে দৰ-দাম কৰিছে
মোৰ কলিজাৰ ৷
মই ৰ’দৰ কোলাত সমৰ্পণ কৰিছো মোৰ উলংগ দেহ
আৰু তেওঁলোকে কাঢ়িলৈছে মোৰ অন্ন, বস্ত্ৰ, বাসস্থান....৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ