Friday, December 25, 2015

মোৰ হাতত পঞ্চাচ পইচা অহাৰ লগে লগে ঘোৰামাৰা বজাৰৰ নয়ন দাৰ দোকানলৈ গৈছিলো, এখন মাহেকীয়া আলোচনী এদিনৰ বাবে ভাড়াত আনিবলৈ, নয়ন দাক তিনি টকা এটা এডভান্স জমা দিয়া আছিল। স্কুললৈ যোৱা সময়ত দেউতাই দিয়া এটকা দহ দিনলৈ গোটাই থৈ এখন সৰু উপন্যাস কিনিছিলো। মোৰ প্ৰাণৰ বন্ধু স্বাহ আলমক সদায় কৈছিলো - জীৱনত মানুহৰ লগত দুটা পথেৰে চিনাকি হোৱাটো পছন্দ কৰো ১৷ অভিনেতা, ২৷ লেখক।তেওঁ মোক প্ৰথম অৱস্থাত ঠাট্টা কৰিছিল। সেইবাবে মোৰ কবিতা, গল্প আদি লিখাৰ পিছত তেওঁকেই প্ৰথম পঢ়িব...

Sunday, November 15, 2015

কালিৰ দিনটোত দুখন শিশু সমাৰোহ উদযাপনৰ নিমন্ত্ৰণ ৰক্ষা কৰি কিছু অনুভৱ ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঃ সদায় সংগ্ৰাম ভাল নালাগে৷ গতানুগতিক হৈ দিন পাৰ কৰাৰ মজাই বেলেগ৷ কৈশোৰত যেনেদৰে উদযাপন কৰিছিলো দিনবোৰ আৰু ৰাতিবোৰ৷ অৱশ্যে মোৰ শৈশৱ বহু যন্ত্ৰণাদায়ক আৰু বিৰহৰ আছিল মোৰ ৫ বছৰ বয়সতে নিজৰ ঘৰখনৰ পৰা বহু আঁতৰত থাকিব লগা হৈছিল... মোৰ এতিয়াও মনত পৰে ১৯৯৪ চনৰ বিভিষিকাৰ কথাযেতিয়া  মোৰ খেলাঘৰ, মোৰ মা, দেউতা দাদা, বাইদেও আৰু মোৰ অতি মৰমৰ...

Tuesday, November 3, 2015

অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু...

Tuesday, October 20, 2015

শাৰদীয় জোনাক ফুলিছে তোমাৰ ওঁঠতকঁহুৱাহৈ হালিছে-জালিছে তোমাৰ চুলিজোনাক সৰা নিয়ৰৰ কণিকাবোৰতলুকাভাকু পলে পলে...সুখৰ মৰিচিকা হৈ শুভ্ৰ জোনাকতখেলিছা নিদাৰুণ প্ৰেমৰ খেলা....... আজিকঁহুৱা কোমল শুভ্ৰ বুকু মোৰউৰি আহিবা নেকি পুনৰ নিষ্ঠুৰ স্মৃতি হৈসুখৰ অৰণ্যত দুখৰ জোনাক ছটিয়াই৷৷৷ ...

Sunday, September 27, 2015

আলিগড় মুছলিম ইউনিভাৰচিটিৰ ছাত্ৰ সকলে অসমৰ বন্যাৰ্তসকলৰ বাবে ঈদুল আজহা উপলক্ষে প্ৰেৰণ কৰা সামগ্ৰি সমূহ ঝাই ফাউণ্ডশ্বৰন সহযোগতবিতৰণ কৰা হৈছে৷গোৱৰ্ধনাৰ ওচৰৰ গামাৰিগুৰিৰ বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ মাজত যোৱা 24-09-2015 তাৰিখে বিতৰণ কৰা হয়৷ ...

Thursday, August 27, 2015

পুনৰ আমৰণ অনশনত বহিবলৈ প্ৰস্তুত হ’লো৷ চৰকাৰৰ বঞ্চনাৰ ফলশ্ৰুতিত আমি পুনৰ সিদ্ধান্ত ল’লো আমৰণ অনশন কাৰ্য়সূচী ৰূপায়ন কৰাৰ বাবে৷ অসমৰ যিসকল লোক সংবাদ মাধ্যমৰ লগত জৰিত তাৰে বেছি ভাগেই জানে যে বাক্সা আৰু বৰপেটা জিলাৰ বহু অঞ্চল ইতিমধ্যে বেঁকীৰ গৰাখহনীয়াত জাহ গৈছে৷ ২০০৪ চনত ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ এৰিদিয়াৰ ফলত বেঁকীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত বহু ঠাইত মথাউৰি ছিঙি ভয়াবহ ভাবে বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল, প্ৰায় ৪ মাহ সময় শতাধিক গাঁও পানীৰ তলত...

Thursday, August 20, 2015

সপোনৰ কথাৰে জনতাৰ ৰাষ্ট্ৰপিত ড০ এিপিজে আব্দুল কালাম চাহাবে কৈছিল— ‘টোপনিত থাকি দেখােটা সপোন নহয়, বৰঞ্চ যিয়ে টোপনি মাৰিব নিদিয়ে সেইটোহে সপোন৷ কিন্তু যোৱা নিশা টোপনিত দেখা এটা সপোনে মোক বহু চিন্তিত কৰি তুলিছে৷ সপোনত মই মোৰ পঢ়ি অহা মহাবিদ্যালয় ‘জিএলচি কলেজ’ত গৈছিল৷ ৰূপালীজয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মোক দেখাৰ লগে...

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ

Mobile aap

Video Player