Wednesday, April 12, 2017

বৰপেটাৰোড, ১২ এপ্রিলঃ
আজি সৰভোগ সমষ্টিবাসী ৰাইজৰ বাবে এটা ঐতিহাসিক দিন, মোৰ জীৱনৰ অতিকৈ স্মৰণীয় দিন। এই বক্তব্য বিধান সভাৰ প্রাক্তন অধ্যক্ষ, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসৰ।

আজি ৰাজ্য চৰকাৰৰ গড়কাপ্তানি বিভাগৰ মন্ত্রী পৰিমল শুক্ল বৈদ্যই বিধানসভাৰ সমষ্টিখনৰ সৰভোগত ২৫ হাজাৰ মেট্রিকট্রন খাদ্য সামগ্ৰী সংৰক্ষণ কৰিব পৰা এখন বৃহৎ গুদামঘৰ শুভ উদ্বোধন কৰাৰ লগতে হাউলী নিয়ন্ত্রিত বজাৰ সমিতিৰ অধীনৰ বৰপেটাৰােড উপ বজাৰ চৌহদত (পাইকাৰী পাচলি বজাৰ) ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ দ্বাৰা মুঠ তিনি মহলীয়া কৰি নির্মান হ’ব লগা বজাৰ প্ৰকল্প গৃহৰ প্রথম মহলাৰ প্ৰায় ৩২ খন কোঠা ব্যৱসায়ী তথা কৃষক সকলৰ কৃষিজাত সামগ্ৰী বেচা-কিনাৰ সুবিধার্থে গড়কাপ্তানি মন্ত্রী গৰাকীয়ে মুকলি কৰি দিয়ে। একে সময়তে দীর্ঘ সময়ৰ পৰা উত্থাপিত দাবীৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী দল-সংগঠনক প্রদান কৰা লিখিত প্রতিশ্রুতি মর্মে ৬.৯১ কোটি টকা ব্যায়েৰে মেৰামতি কৰিব লগা বৰপেটাৰোড-মানাহ সংযোগী গড়কাপ্তি পথৰ আধাৰশীলা স্থাপন কৰাৰ সমান্তৰালকৈ বৰপেটাৰোড চহৰৰ আৰু তিনিখন ওৱাৰ্ডৰ গুৰুত্বপূর্ণ তিনিখন পথ মেৰামতিৰ আধাৰশীলা স্থাপন কৰে মন্ত্রী গৰাকীয়ে। এই কাৰ্যসূচী সমূহৰ লগত সংগতি ৰাখি প্রায় আঢ়ৈ কোটি ব্যায়েৰে নির্মিত তথা আজি শুভ উদ্বোধন কৰা বজাৰ গৃহত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে।


মন্ত্রী পৰিমল শুক্ল বৈধ্য ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধ্যক্ষ হৰষ দাস, উপাধ্যক্ষ মনােজ কুমাৰ বৰুৱা, বিধায়কবিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিৎকুমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বিধায়ক আশোক কুমাৰ সিদ্ধে, চক্ৰ বিষয়া মানস শইকীয়া, পৌৰসভাৰ সভানেত্রী সবিতা দেৱনাথকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কমেও তিনি শতাধিক কৃষক-ৰাইজ আৰু সচেতন লোকে অংশ গ্রহণ কৰে। সভাখনত ভাষণ প্রদান কৰি মন্ত্রী পৰিমল শুক্ল বৈদ্যই কয় যে, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বাট-পথ নির্মানৰ বাবে ৮০০ কোটি ব্যায় কৰাৰ লগতে ১.৫ কোটি টকা মেৰামতিৰ ক্ষেত্ৰত ব্যায় কৰাৰ সিদ্ধান্ত কৰিছে। তেওঁ জল সম্পদ আৰু জলপৰিবহনৰ প্ৰতি সোণোৱাল চৰকাৰ আগ্রহী বুলি উল্লেখ কৰি কোনো চৰকাৰে চিন্তা নকৰা বিষয়ৰ ওপৰত ৰাইজক আকর্ষণ কৰাৰ বাবে নমামি ব্ৰহ্মপুত্ৰৰ দৰে ব্যায়বহুল অনুষ্ঠান আয়োজন কৰা বুলি মত ব্যাক্ত কৰে।
ইফালে সভাত ভাষণ প্রদান কৰি উত্তৰ বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত স্থানৰ অভাৱত কৃষকসকলে বৰপেটাৰােড-মানাহ সংযোগী পথৰ দুয়াে কাষে পাচলি বিক্ৰী কৰা কার্যই পর্যটকসকলৰ অসুবিধা হােৱা বুলি প্রকাশ কৰাৰ লগতে বাহিৰৰ পৰা অহা লোকে বৰপেটাৰােডৰ মানুহক অসভ্য বুলি ভাবে বুলি উল্লেখ কৰি তেওঁ উত্তৰ বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰ খন স্থানান্তৰ কৰি বাৰাপেটা, কাটাঝাৰ বা গোৱৰ্দ্ধনা অঞ্চলত স্থাপন কৰাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতি, আমছু, আছু আদি সংগঠনক খালী ঠাই বিচাৰি দিবলৈ ৰাজহুৱাকৈ আহবান জনায়। বহু আন্দােলনৰ পিছত স্থাপন হােৱা আধাৰশীলাৰ পিছত কিমান দিনত উল্লেখিত গুৰুত্বপূর্ণ পথটাে মেৰামতিৰ কাম আৰম্ভ হয় সেয়া নিশ্চয় লক্ষণীয় বুলি চৰ্চিত হৈছে। কাৰণ আধাৰশীলা স্থাপন হ’লেও এতিয়ালৈকে পথ মেৰামতি কৰাৰ কোনো ব্যৱস্থা বা প্ৰস্তুতি লোৱা পৰিলক্ষিত হােৱা নাই।
জুলাই, ২০১৬ ঃ

মোহনীয় বক্তব্যৰে মানুহৰ মনত মৰিচিকাৰ বীজ সিঁচা সোনোৱাল চৰকাৰৰ প্ৰথমটো এপাচি শাকত এটা জলকীয়া ৰাজ্যবাসীয়ে পৰিৱৰ্তনৰ নামত অন্তসাৰশূন্যতা লাভ কৰিলে, আমি লাভ কৰিলো। 
অসমৰ সামগ্ৰীক উন্নয়নৰ গুৰুত্বপূৰ্ণ কথা বাদেই যি বিশ্বায়নৰ সময়ত ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুৱা হৈ আছে সেই সময়ত কিন্তু মাত্ৰ ১৯ শতাংশ শিক্ষিত সংখ্যালঘু বা চৰ-চাপৰিৰ শিক্ষাৰ উন্নয়নৰ কথা উল্লেখ নহʼল বহুবল্কি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাজেটত। তাৰ বিপৰিতে সংখ্যালঘু উন্নয়নৰ পুঁজি আধাতকৈ বেছি কৰ্তন কৰা হʼল। প্ৰাথমিক বিদ্যালয় নথকা, ছাত্ৰ অনুপাতে শিক্ষক নথকা অঞ্চলত বিশ্ববিদ্যালয়ৰ অবাস্তৱ সপোন দেখুৱা হʼল। অসমৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ, পিছপৰা সলক পিছ পেলাই থৈ অসমৰ উন্নয়নৰ সপোন ৰচা হʼল। অসমৰ গৰাখহনীয়া সমস্যাৰ বাবে আজি নাগৰিকত্বতো প্ৰশ্নবোধক চিন আহি পৰিছে তেনে সময়ত এই সমস্যা সমাধানৰ নামত কেন্দ্ৰৰ মৰিচিকাহে খেদিফুৰা দেখা গʼল, যʼত ইতিমধ্যে বিভাগীয় মন্ত্ৰীয়ে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গন্য কৰা নহয়। 
কৃষি ক্ষেত্ৰৰ আভূৱাভাৰাৰ প্ৰসঙ্গতো আছেই, ইয়াৰ পৰাও সংখ্যালঘুসকলৰ অধিক লোকচান হʼব। কাৰণ সংখ্যালঘুসকলৰ ৯০ শতাংশ মানুহেই কৃষিজীৱী।

অৱশ্যে এই সংখ্যালঘু সকলৰ উন্নয়নৰ চিন্তা পৰিহাৰ কৰি শাসন-শোষণ কৰাৰ ইতিহাস পুৰণি। এয়া প্ৰকৃততে সংখ্যালঘুসকলক পিছ পেলাই ৰখাৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা। তথাকথিত মূলসুতিৰ চতুৰ ৰাজনীতিবিদসকলে সংখ্যালঘুসকলক গুৰুত্ব দিব নিবিচাৰে।
অৱশ্যে ইয়াৰ পৰাও পৰিত্ৰাণ পোৱাৰ পথ আছে। বৃহত্ ত্যাগৰ আন্দোলন। যি আন্দোলনে আমাক আত্মকেন্দ্ৰিকো কৰিব পাৰে, যাৰ উক-মুকনি ইতিমধ্যে বহু অঞ্চলত আৰম্ভ হৈছে।
সেইমতে যদি সংখ্যালঘু কৃষকসকলে তথাকথিত মূলসুতিৰ লোকলকৰ প্ৰতি অৰ্থনৈতিক অৱৰোধ কৰে তেন্তে অসমৰ সামগ্ৰিক পৰিৱেশ কি হʼব এবাৰ এইসকল বিত্তমন্ত্ৰীয়ে চিন্তা কৰিছে নে ? বেছি নালাগে মাথো এদিনৰ বাবেও যদি কৃষকসকলে নিজৰ উত্পাদিত সামগ্ৰী বিক্ৰী নকৰে তেন্তে অসমৰ কোনটো মহানগৰ ক্ষতিগ্ৰস্থ নোহোৱাকৈ থাকিব ? নিশ্চয় ক্ষতি হাজাৰ কোটিৰ ঘৰত প্ৰবেশ কৰিব। মোৰ ধাৰণা এনেধৰণৰ ত্যাগৰ আন্দোলন কৃষকসকলে অতি শীঘ্ৰেই আৰম্ভ কৰিব। কৃষি বিপ্লৱৰ সৃষ্টি কৰিব। তেতিয়াহে বোধহয় কৃষকৰ প্ৰতি চৰকাৰবোৰে গুৰুত্ব দিব। নহʼলেতো পৰম্পৰাৰ দৰে অনাগত দিনতো শীতলিকৃত ভঁড়ালো কৃষকে লাভ নকৰে, বেংকৰ ঋণৰ প্ৰশ্নই নাথাকে।

সকলো বাদ দিলেও, আমাৰ যুৱ প্ৰজন্মকো এই বাজেট খনে বেয়াকৈ নিৰাশ কৰিলে। এন্ধাৰ ভৱিষ্যতলৈহে যেন আমি সোমাই গʼলো....। এই বাজেটে অৱশ্যে যুৱপ্ৰজন্মক উগ্ৰপন্থী হʼবলৈ অধিক উত্সাহিত কৰিলে।আত্মসমৰ্পন কৰিলেই চাকৰি। অৰ্থাত্ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱাতকে ...........।
সকলোতে আনন্দ, সৰ্বানন্দ ?


Image result for বৰপেটাৰোডৰ আমৰণ অনশন
             মোৰ প্রিয় বন্ধু, মোৰ সংগ্রামী কাৰ্যসূচীসমূহৰ অন্যতম সতীৰ্থ ৰাতুল হুছেইন আৰু মোৰ প্ৰতিটাে শুভ কামত অশেষ অৱদানেৰে মোক ঋণী কৰি ৰখা শ্বাকিল আহমেদকে আদি কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক আৰু দােমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আয়ােজিত ‘আমৰণ অনশন’কাৰ্যসূচীত অংশগ্রহণ কৰা মুঠ ১০ গৰাকী অনশনকাৰীৰ ত্যাগৰ ইতিহাস বৰপেটাৰােডৰ গৌৰৱময় ইতিহাসৰ অংশীদাৰ হ’ব আৰু ইয়াৰ সমান্তৰালকৈ স্থানীয় নেতৃত্ব আৰু বিধানসভাৰ অধ্যক্ষৰ নামো বৰপেটাৰােডৰ ইতিহাসৰ পাতত থাকি যাব। যি ইতিহাসে উত্তৰ পুৰুষক সঠিক সিদ্ধান্ত লোৱাৰ বাবে উৎসাহিত কৰিব। ১২ ডিচেম্বৰৰ পুৱা ১১ বজাৰৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিয়েবৰপেটাৰােডৰ ৰেলপথৰ উত্তৰ পাৰে থকা ৰিক্সা ষ্টেণ্ডত গ্রহণ কৰা আমৰণ অনশন কাৰ্যসূচীৰ সঁচাকৈয়ে প্রসঙ্গিকতা আছেনে (?) এই প্রসঙ্গত নিশ্চয় আলোচনা কৰাৰ থল আছে। বৰপেটাৰােডৰ ৰে’লৱেৰ উত্তৰ পাৰক শেহতীয়াকৈ উত্তৰ বৰপেটাৰােড বুলি নামাকৰণ কৰাৰ যত্ন কৰা হৈছে। সমগ্ৰ অসমৰ ভিতৰতে লেখত ল’বলগীয়া অসমৰ অন্যতম বনিজ নগৰী বৰপেটাৰোড কেতিয়াও উত্তৰ বৰপেটাৰোড আৰু দক্ষিণ বৰপেটাৰোড নামেৰে নামাকৰণ হােৱা নাছিল। শেহতীয়াকৈ বহুলভাবে উত্তৰ বৰপেটাৰোড প্ৰচাৰ হােৱা, ব্যৱহাৰ হােৱাৰ প্রবনতাই গা কৰি উঠিছে। ইয়াৰ মূল কাৰণটাে কি হ’ব পাৰে ? বৰপেটাৰােডৰ সাধাৰণ বাসিন্দাৰ দৃষ্টিকোণেৰে সামান্য এক বিশ্লেষণ আগবঢ়ালো। নামনি অসমৰ অন্যতম বানিজ্য নগৰী হিচাপে খ্যাত, অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ আমাৰ বৰপেটাৰােড। অসমৰে ভিতৰত শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত বৰপেটাৰােডৰ স্থান সদায় শীর্ষত। বৰপেটাৰােডৰ দাঁতিকাষৰীয়া অঞ্চলৰ অসমীয়া, বড়ো, নেপালী, আদিবাসী, বঙালী, হিন্দু-মুছলমান আদি সকলো জাতি-জনগোষ্ঠীৰ কৃষক ৰাইজে উৎপাদন কৰা শাক-পাচলি বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ পৰা অসমৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য তথা সমগ্ৰ ভাৰতৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৰপেটাৰােডৰ পৰা শাক-পাচলি চীন, পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, নেপাল, ভূটান আদি ৰাষ্ট্ৰলৈ ৰপ্তানি হয়। ফলস্বৰূপে আমাৰ এই সমগ্র অঞ্চলৰ কৃষক ৰাইজৰ লগতে ৰাজ্য তথা দেশখনে লাভৱান হ’বলৈ সক্ষম হয়।
          বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মূল প্ৰৱেশদ্বাৰ আৰু ভূটানক সংযোগ কৰা পথ বৰপেটাৰােডৰ মাজেৰে পাৰ হৈ যোৱাৰ লগতে সমগ্ৰ ভাৰতবৰ্ষলৈ যোৱাৰ বাবে ৰে’লপথ বৰপেটাৰােডৰ মাজেৰে পাৰ হৈ যোৱাৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বৰপেটাৰােডক চুই গৈছে। বৰপেটাৰােডবাসী সাধাৰণতেই সৌভাগ্যশালী বুলি ক’ব পাৰি। বৰপেটাৰােড পৌৰসভা এলেকাৰ তিনিটাকৈ বৃহৎ ৱার্ড ক্রমে ১ নং, ২ নং আৰু ৯ নং ৱাৰ্ডৰ হাজাৰ হাজাৰ মানুহ বিভিন্ন ব্যৱসায় বাণিজ্যত জৰিত হৈ বৰপেটাৰােডৰ অর্থনীতি টনকীয়াল কৰি আহিছে। বাৱসায়-বানিজ্যৰ ক্ষেত্ৰত নামনি অসমৰ প্ৰাণকেন্দ্র স্বৰূপ বৰপেটাৰােডৰ দূৰৱস্থাৰ সীমা নাইকীয়া হৈছে, বিভাজনৰ নিকৃষ্ট ৰাজনীতিয়ে বৃহত্তৰ বৰপেটাৰােডৰ ভাতৃত্ববোধক বিনষ্ট কৰাই নহয় উত্তৰ আৰু দক্ষিণ নামেৰে নামাকৰণ হ’বলৈ আৰম্ভ হৈছে। আমি প্রায় সকলোৱে জানো যে বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰলৈ বৰপেটা জিলাৰ কলগাছিয়া, বৰপেটা, বজালী মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা জিলাৰ শ শ গাওঁৰ হাজাৰ হাজাৰ কৃষক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্রম কৰি উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰিবৰ বাবে বৰপেটাৰােডলৈ আনে। ইয়াৰে বৰপেটা জিলাৰ উত্তৰ অংশ আৰু বাক্সা জিলাৰ এক বৃহৎ অংশৰ হাজাৰ হাজাৰ কৃষক ৰাইজে বৰপেটাৰােড-মানাহ সংযোগী পথেৰেই উৎপাদিত শাক-পাচলি বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰলৈ বিক্ৰীৰ বাবে আনে। বৰপেটাৰােড-মানাহসংযোগী একমাত্র গড়কাপ্তানি বিভাগৰ জৰাজীৰ্ণ পথটােৰেই প্রতিদিনে হাজাৰ হাজাৰ কৃষকে বৰপেটাৰােডলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ আনে। প্রতিনিয়ত সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ অতিকৈ প্রয়োজনীয় এই পথটো বিগত কেইবাবছৰৰ পৰা ভয়ানক ভাবে জৰাজীৰ্ণ হৈ পৰিছে। প্রায় এক দশকে এই পথটাে মেৰামতি নকৰাৰ ফলত বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পর্যটকসকলেও এক তিক্ত অভিজ্ঞতা বহন কৰি থাকিবলগা হৈছে। শেহতীয়াকৈ এই পথটো কালৰূপী বেঁকী নদীৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা চুবুৰীয়া ৰাষ্ট্র ভূটানৰ লগত যোগাযোগ একপ্রকাৰ বিচ্ছিন্ন হােৱাৰ পথত। এই পথটাে মেৰামতি কৰাৰ দাবীত ৰাইজৰ সহযোগত আমাৰ লগতে বিভিন্ন দল-সংগঠনে ইতিপূর্বে বহুবাৰ পথ অৱৰােধ, ধর্ণা, অৱস্থান ধর্মঘট, মানৱশৃংখল, প্রতিবাদী সভা, নাগৰিক সভা অনুষ্ঠিত কৰাৰ লগতে অলেখ স্মাৰকপত্র প্রদান কৰি অহা হৈছে। কিন্তু জিলা প্রশাসন, স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰে এই বিষয়ত চৰম উদাসীনতা প্রদর্শন কৰাৰ বাদে যেন একোৱেই কৰিবলৈ সক্ষম নহ’ল। বাৰম্বাৰ প্ৰতিবাদী জনতাক কতৃপক্ষই প্রতিশ্রুতিৰ আভুৱা ভাৰি দায়িত্ব সামৰিলে। মাথােঁ নির্বাচনৰ সময়ত ৰাইজলৈ মনত পৰা নেতা-পালি নেতাসকলেও বতৰৰ ফুলৰ দৰে নাইকীয়া হৈ পৰিল আৰু আমাৰ কৃষক তথা সর্বস্তৰৰ ৰাইজৰ দুখ-দুৰ্দশা কোলাই-পাচিয়ে নধৰা হ’ল। দুখ আৰু পৰিতাপৰ বিষয় যে বৰপেটাৰােডত উৎপাদিত সামগ্ৰী সমূহ আন্তজাতিক পর্যায়ত সমাদৃত হােৱাৰ পিছতাে বৰপেটাৰােডৰ আন্তঃগাঁথনি উন্নত নহ’ল। বৰপেটাৰােড পৌৰসভাই পাইকাৰী পাচলি বজাৰৰ পৰা প্রতি মাহে লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰি আহিছে যদিও বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্ৰত দীর্ঘদিনীয়া অনীহা প্রদর্শন কৰি আহিছে। বাৰিষা বাদেই খৰাং বতৰতো উত্তৰ বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰত সুস্থ মানুহ প্ৰৱেশ কৰা যমৰ যাতণাতকৈ কোনো গুণেই কম হৈ থকা নাই। নিয়মীয়াকৈ চাফ-চিকুন নকৰা আৰু ইয়াৰ নলা সমূহ বিজ্ঞানসন্মত ভাবে নির্মান নকৰাৰ ফলত পাইকাৰী পাচলি বজাৰ লেতেৰা ডাষ্টবিনত পৰিণত হৈছে। অতি পৰিতাপৰ কথা যে বৰপেটাৰােড-মানাহ গড়কাপ্তানি পথটােৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কৃষক ৰাইজৰ লগতে উত্তৰ বৰপেটাৰােডৰ ব্যৱসায়ী, চাকৰিয়ালকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে দুযোগ ভুগি আছে। ইয়াৰ সমান্তৰালকৈ বৰপেটাৰােডমানাহ সংযোগী পথেৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা কণ-কণ ছাত্র-ছাত্রীৰ পৰা কলেজীয়া ছাত্র-ছাত্ৰীসকলে শিক্ষানুষ্ঠানসমূহলৈ যোৱাৰ সময়ত জৰাজীৰ্ণ পথ অতিক্রম কৰাৰ লগতে পাইকাৰী পাচলি বজাৰৰ অবৰ্ণনীয় যান-জাঁটৰ সন্মুখিন হ’ব লগা হয়। এই যান-জাঁটৰ বাবে বহু ৰােগী কঢ়িওৱা এম্বুলেন্স সময়ত চিকিৎসালয় গৈ নাপায় আৰু ইয়াৰ ফলত বহু ৰােগী মৃত্যুমুখত পৰিছে। এইখিনিতে প্ৰসঙ্গক্রমে উল্লেখ কৰিব পাৰি যে অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ সময়ত ৰেলপথৰ উত্তৰ পাৰে কোনো ধৰণৰ উন্নয়ন নকৰাৰ দৰেই ২০১৪ চনত শিমলাগুৰীৰ পৰা খৈৰাবাৰীৰ সৎসঙ্গ মন্দিৰলৈ মূল গড়কাপ্তনি পথৰ নিৰ্মান কার্য আৰম্ভ কৰা হৈছিল। শিমলাগুৰিৰ পৰা ৰেলপথলৈ প্রায় ডেৰ কি.মিটাৰ পথৰ পুনৰ নিৰ্মান কৰা হ’ল একে সময়তে ৰেলপথৰ উত্তৰ পাৰৰ ভগ্নপ্রায় পকী পথ ৰাতিৰ ভিতৰতে ভাঙি নির্মান কার্য ব্যপক উদ্যমেৰে আৰম্ভ কৰা হ’ল যদিও আজিৰ তাৰিখলৈকে সেই কাম সম্পূৰ্ণ হৈ নুঠিল। দক্ষিণ পাৰৰ ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ অংশবােৰত চৰকাৰী পক্ষই গুৰুত্ব সহকাৰে উন্নয়ন কৰাৰ কিঞ্চিত পৰিমানেও উত্তৰ পাৰত কৰা নহ’ল। বৰপেটাৰোডৰ মাজেৰে পাৰহৈ যোৱা ৰেল পথৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত ব্যাপক পার্থক্য দুৰ্ভাগ্যজনক ভাবে পৰিলক্ষিত হয়। দক্ষিণ পাৰৰ সমান্তৰালকৈ উত্তৰ পাৰৰ উন্নয়নৰ কথা পাহৰি থকাটােও যুক্তিপূর্ণ হ’ব নােৱাৰে। ৰেলপথৰ দক্ষিণ পাৰে হােৱা উন্নয়নত আমাৰ কৰােৰেই আপত্তি নাই, থাকিবও নালাগে, আমি প্রত্যেকেই বৃহত্তৰ বৰপেটাৰােডৰ উন্নয়ন হােৱাটাে মনে-প্ৰাণে কামনা কৰাে। দীর্ঘদিনৰ পৰা ৰেলপথৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগ কৰাকৈ এখন উৰণীয়া সেঁতু নির্মান কৰাৰ প্ৰবল দাবী উত্থাপন হৈ আহিছে। দুভাগ্যজনক কথাটাে হ’ল যে উক্ত উৰণীয়া সেঁতু নিমানৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব বুলি চৰম মিথ্যাচাৰৰ আশ্রয় লৈ বিভিন্ন প্ৰচাৰ মাধ্যমত বহুল প্ৰচাৰ চলোৱাৰ লগতে বৰপেটাৰােডত ফটকা ফুটাই আবতৰীয়া দীপাৱালী উদযাপন কৰা হৈছিল যদিও সময়ত সেয়া ভেকোভাওনা বুলি জানিব পৰা গ’ল।
            সর্বসাধাৰণ ৰাইজক আভুৱা ভাৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে বৰপেটাৰােডৰ উন্নয়নত পিঠি দিয়াই নহয় চৰম প্ৰতাৰণা কৰি আহিছে। এইবেলি আমাৰ বৰপেটাৰােডৰ স্থায়ী বাসিন্ধা তথা সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক গৰাকীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ দৰে পদ অলংকৃত কৰাৰ পিছতো আমাৰ এই সমগ্র অঞ্চলৰ অতিকৈ প্রয়ােজনীয় পথৰ দূৰৱস্থাৰ অৱসান ঘটােৱা নহ’ল। ৰাইজৰ আশা-প্রত্যাশা পূৰণ কৰাৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই অনিহা প্রদর্শন কৰি থকা পৰিলক্ষিত হ’ল। এইখিনিতে উল্লেখ কৰিব লাগিব যে উত্তৰ বৰপেটাৰোডৰ আন্তঃগাথনি, বাটপথ, নীলা-নর্দমা ইমানেই পুতৌলগা যে এই অঞ্চললৈ এবাৰ যোৱা কোনো এগৰাকী ব্যক্তিয়েই দ্বিতীয়বাৰ যোৱাৰ বাবে প্রস্তুত নহয়। আনকি বাহিৰৰ পৰা অহা লোকসকলে “এই অঞ্চলত সভ্য, সচেতন মানুহ নাই’ বুলিও তাচ্ছিল্য কৰা দেখা যায়। এই অলেখ বেদনাৰ অৱসান ঘটােৰ মানসেৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ বৰপেটাৰােড আঞ্চলিক সমিতি আৰু দোমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ উদ্যোগত নিন্ন লিখিত সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত ৰাইজৰ সহযোগত গণতান্ত্রিক আন্দােলনৰ চৰম পর্যায়ৰ আন্দােলন আমৰণ অনশন’ কাৰ্যসূচী ৰূপায়ন কৰি আছে। বৰপেটাৰােড মানাহ সংযোগী জৰাজীৰ্ণ গড়কাপ্তানি পথৰ নির্মান কার্য অনতিপলমে আৰম্ভ কৰা, বৰপেটাৰােডৰ ৰেল পথৰ ওপৰেৰে উৰণীয়া সেঁতু নির্মান কাৰ্য অনতিপলমে আৰম্ভ কৰা, বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ আন্তগাঁথনিৰ উন্নয়ণ তথা সদায় ঘটি থকা যানজটৰ স্থায়ী সমাধান কৰা। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিকৃতিত মাল্যর্পণ কৰি উদ্ধোধন কৰা আমৰণ অনশন কাৰ্যসূচীত সংগঠনটােৰ কন্দ্রেীয় সাংগঠনিক সম্পাদক ৰাতুল হুছেইন, বৰপেটা জিলা সমিতিৰ সম্পাদক মাধৱ দাস, বজালী মহকুমা সমিতিৰ সম্পাদক গুৰুপ্ৰসাদ দাস, কলগছিয়া মহকুমা সমিতিৰ সম্পাদক শাকিল আহমেদ, বৰপেটাৰােড আঞ্চলিক সমিতিৰ সভাপতি দীপক দাস, সম্পাদক মনজিৎ ওজা, সাংগঠনিক সম্পাদক মহিদুল ইছলাম, দোমনী-কাটাঝাৰ আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ছালাম, লাংলা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হালিম সৰকাৰে অনশনকাৰী হিচাপে অংশ গ্রহণ কৰে। কৃষক মুক্তি সংগ্রাম সমিতিৰ আমৰণ অনশন কাৰ্যসূচীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন, বৃহত্তৰ বৰপেটাৰােড কৃষক সন্থা, পাইকাৰী পাচলি বজাৰ ব্যৱসায়ী সন্থা, পাইকাৰী পাচলি বজাৰ শ্রমিক সন্থা, উত্তৰ বৰপেটাৰােড উন্নয়ন পৰিষদকে আদি কৰি ভালে কেইটা দল-সংগঠনে সমর্থন আগবঢ়োৱা দেখা গৈছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটাে হ’ল যে উত্তৰ বৰপেটাৰােডৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তি, প্ৰতিজন ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজে কৃষক মুক্তিৰ এই ঐতিহাসিক আন্দােলনত আকুণ্ঠ সহযোগিতা প্রদর্শন কৰি আন্দোলনকাৰীসকলক উৎসাহিত কৰাই নহয়। আন্দোলনৰ প্ৰাসঙ্গিকতাও প্রতিপন্ন কৰিছে।
Image result for বৰপেটাৰোডৰ আমৰণ অনশন

Tuesday, April 11, 2017

সঁচাকে মোৰ এনেকুৱা লাগে যে অসমত জন্ম গ্ৰহণ কৰাটোৱেই পাপ আছিল৷ মানুহ সংখ্যালঘু হিচাপে জন্মিলে তাৰ সকলো মৌলিক অধিকাৰ হেৰুৱাই পেলায় যেন অনুমান হৈছে৷ অসম আন্দোলনত বহু হাজাৰ নিৰিহ মুছলমান লোকক হত্যা কৰা হ’ল৷ অসম চুক্তিৰ দ্বাৰা সেই দুদৰ্শ অপৰাধীসকলে ৰাজ মুকুট লাভ কৰিলে আৰু সংখ্যালঘু মুছলমানসকলে শ্বহীদ হিচাপেও নাম নাপালে।
সেই বলিদান মানি লৈছো এটা স্বাৰ্থত যে অন্তত আমাৰ লগত পুনৰায় এনে অপবাদেৰে হত্যা যজ্ঞ নচলিব৷ কিন্তু
পৰিণাম হিচাপে ‘ডি’ ভোটাৰৰ অপবাদ দিয়া হ’ল, বাংলাদেশীৰ ছাপ দিয়া হ’ল....... শিক্ষা, স্বাস্থ্য, উন্নয়নৰ সকলো দিশৰ পৰাই পিছ পেলাই ৰখা হ’ল৷ চাকৰি-বাকৰি, ঠিকা-ঠুকুলি, পাৰ্মিট-লাইচেন্সৰ পৰা বঞ্চিত কৰি ৰখা হ’ল৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আগতীয়া ব্যৱস্থা নোলোৱাকৈ ২ জনতকৈ অধিক সন্তান থকা লোকক চাকৰি নিদিয়াৰ সিদ্ধান্ত লোৱা হ’ল৷ কাজিৰঙাৰ মুছলমান বসতি থকা গাঁওত উচ্ছেদ কৰি বাকী সংযোজনবোৰৰ বেদখল উচ্ছেদ কৰা নহ’ল৷ গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাসকলক পুনৰ সংস্থাপনৰ কোনো পৰিকল্পনা নকৰাকৈয়ে পুনৰায় অঘৰি কৰা হ’ল৷
আৰু বহু কথা, ক’বলৈকে মন নোযোৱা হৈছে৷ ধিক্ তথাকথিত জাতীয়তাবাদ৷

Image result for অসমৰ সংখ্যালঘু
তোমাৰ সপোন চূৰ্ণ-বিচূৰণ দেখি
চকুলো নুটুকিবা
তোমাৰ চকুত নাছিল ৰঙীন বিতচকু
তুমি খোজকাঢ়িছিলা কলা-বগা পৃথিৱীত
সেউজীয়া হৈ গজিছিল বিশ্বাসৰ গুটি
তুমি ছটিয়াইছিলা একতা-ভ্ৰতৃত্ব
তেতিয়া তোমাৰ সপোন দিকভ্ৰান্ত হোৱা নাছিল
গেৰুৱা, বগা অথবা জোন-তৰাৰ নামত৷

সময় সলনি হ’ল
তোমাৰ ত্যাগৰ দৃষ্টান্ত আজি ধূলিস্বাত হ’ল
তোমাৰ সপোন আজি
ব্যৱসায় অথবা ক্ষমতাকেন্দ্ৰীক হ’ল৷

আচলতে আমি যেন নিকৃষ্ট হ’ব ধৰিছো
প্ৰতি দিনে
স্বাৰ্থপৰ আৰু মানৱতাহীন
এটা নিৰ্দয় জাতি লৈ
ৰূপান্তৰ হ’ব ধৰিছো
ক্ৰমশঃ জ্ঞাতসাৰে৷৷
Image result for পদ্মনাথ গোহাঞি বৰুৱা
(সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱা দেৱৰ সোঁৱৰণত)
অসমৰ ধৰ্মীয় সংখ্যালঘুসকল সামগ্ৰীক ভাবে অসমৰ মুঠ জনসংখ্যাৰ একতৃতীয়ংশ৷ তেনেস্থলতো সংখ্যালঘু বুলি কৈ ধৰ্মীয় সংখ্যালঘুসকলে ‘বেকফুটত’ অৱস্থান গ্ৰহণ কৰে৷ সম অধিকাৰৰ দাবীত এইসকলে ৰাজপথ বিচাৰি নাপায় প্ৰতিবাদী কন্ঠ জাগ্ৰত কৰিবলৈ৷ এই জনগোষ্ঠীৰ নেতাসকলে ‘হয় হুজুৰ’ বাক্য সাৰোগত কৰি ‘হাইকমাণ্ড’ক তৈলমৰ্দন কৰাত ব্যস্ত থাকে৷
নিজৰ আৰু জাতিটোৰ উন্নয়নৰ বাবে বলিষ্ঠ ভাবে মাত মাতিলে নিশ্চয় প্ৰায়বোৰ সমস্যা সমাধান হ’ল হেঁতেন৷ অসমত বিজেপিৰ এইবাৰেই প্ৰথম চৰকাৰ, ইয়াৰ পূৰ্বেতো বিজেপি নাছিল৷ সংখ্যালঘুৰ তথাকথিত ত্ৰাণকৰ্তাসকলৰ শাসনেই অধিক কাল চলিছে৷ তেতিয়া আমিবোৰে (অধিকাংশই) অনাকাঙ্খিত নিৰৱতা অৱলম্বন কৰিলো আৰু ক্ৰমশ পিছুৱাই গৈ থাকিলো৷ সেইবাবেই এতিয়া নতুন কৈ কিছু সংকট আমাৰ আগত আহি দেখা দিছে৷ যিবোৰ সংকট ইতিপূৰ্বে ইচ্ছা কৰিলে বিগত চৰকাৰবোৰে মোচন কৰিব পাৰিলে হেঁতেন৷ 
বিশেষ লিখি অৱশ্যে লাভ নাই— ১৯৯২ চনত জনসংখ্যা অনুপাতে চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ দিয়াৰ বিল পাচ কৰিও এতিয়ালৈকে কাৰ্যকৰী নকৰিলে...........৷ চব চালা একেই৷ 
বিজেপি বাবে চকুত বেছিকৈ লাগে,,, প্ৰতাৰণাৰ সাক্ষ্য ইতিপূৰ্বে শাসন কৰা চৰকাৰ সমূহে দি থৈ গৈছেই নহয়৷ বৰ্তমানৰ চৰকাৰে সেইবাবেই ‘চাঞ্চ’ লৈছে৷ কাৰণ তেওঁলোকে জানে যে— ‘‘সংখ্যালঘুসকল শুই থকা শিয়াল’’

Related image

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ