Sunday, September 27, 2015
Thursday, August 27, 2015
11:23:00 AM
Author
Special Writing
No comments
পুনৰ আমৰণ অনশনত বহিবলৈ প্ৰস্তুত হ’লো৷ চৰকাৰৰ বঞ্চনাৰ ফলশ্ৰুতিত আমি পুনৰ সিদ্ধান্ত ল’লো আমৰণ অনশন কাৰ্য়সূচী ৰূপায়ন কৰাৰ বাবে৷
অসমৰ যিসকল লোক সংবাদ মাধ্যমৰ লগত জৰিত তাৰে বেছি ভাগেই জানে যে বাক্সা আৰু বৰপেটা জিলাৰ বহু অঞ্চল ইতিমধ্যে বেঁকীৰ গৰাখহনীয়াত জাহ গৈছে৷
২০০৪ চনত ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ এৰিদিয়াৰ ফলত বেঁকীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত বহু ঠাইত মথাউৰি ছিঙি ভয়াবহ ভাবে বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল, প্ৰায় ৪ মাহ সময় শতাধিক গাঁও পানীৰ তলত আছিল৷.......... শেষত পানী শোকাইছিল যদিও পলসুৱা সাৰুৱা মাটিবোৰ কৃষকৰ বাবে উপযোগী হৈ নাথাকিল, বালিৰে ভৰি পৰিল..........................৷
সেই সময়ৰ পৰাই বেঁকী নদীৰ গৰাখহনীয়া আজিৰ তাৰিখলৈকে চলি আছে৷ মাথো বৰপেটাৰোডৰ উত্তৰৰ কেইখনমান গাঁৱৰ বেইবা হাজাৰ কৃষি ভূমি, বিদ্যালয়, ধৰ্মীয়নুষ্ঠান বেঁকীৰ বুকুত জাহ যোৱাৰ সমান্তৰালকৈ ঐতিহাসিক কেটেল ফাৰ্মখনো প্ৰায় অধিকাংশ বেঁকীৰ বুকুত জাহ গৈছে৷
এই অঞ্চলৰ হাজাৰ হাজাৰ যুৱক অসমৰ বাহিৰত হাজিৰা কাম কৰি জীৱীকা নিৰ্বাহ কৰিব লগা হোৱাৰ সমান্তৰালকৈ শিশুসকলে বঞ্চিত হৈছে শিক্ষাৰ অধিকাৰৰ পৰা........................৷
মাতৃসকলে.....???
ৰাজপথৰ দাঁতিত এখন জুপুৰি সাজি গোটেই পৰিয়াল একেলগে থাকিব লগা গৈছে.........৷
নিজৰ কৃষিজাত সামগ্ৰি উভৈনদী থকাসকলে আজি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
নিজৰ স্বাস্থৰ প্ৰতি গুৰুত্ব দিব পৰা নাই...... ল’ৰা-ছোৱালীক শিক্ষিত কৰিব পৰা নাই৷
ঠিকমতে নিশাটো শুই কটাব পৰা নাই.....৷
মাথো বাৰিষাৰ বতৰতেি নহয়.... সমগ্ৰ বছৰ একে যন্ত্ৰনা বুকুত লৈ জীয়াই আছে তেওঁলোকে....৷
মুঠতে মানুহৰ বেদনাৰ যেন শেষ নাই........৷
এইবোৰ সমস্যা সমাধান কৰাৰ বাবে আমছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ইতিপূৰ্বে বহু আন্দোলন কৰিছে যদিও চৰকাৰে মুঠেই গুুত্ব আৰোপ কৰা নাই৷
সেয়েহে আমি আমছুৰ তৰফৰ পৰা বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা লোকসকলৰ সহযোগিতাত অমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷
আমছুৰ শালবাৰী জিলা সমিতি আৰু বৰপেটা জিলা সমিতিৰ সহযোগত গোৱৰ্ধনা আঞ্চলিক সমিতিৰ উদ্যোগত অহা ৩১ আগষ্ট (সোমবাৰ) পুৱা ১১ বজাৰ পৰা আমি গোৱৰ্ধনাৰ সমীপৰ ছাফাকামাত বেঁকী নদীৰ পাৰত অনশনত বহিম৷
আমাৰ মূল দাবীঃ
১৷ বেঁকীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞান সন্মত আৰু স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা৷
২৷ গৰাখহনীয়াৰ কবলত পৰা লোকসকলক সংস্থাপন দিয়া৷
আমাৰ এই মূল দাবী দুটাৰ লগত আনুসঙ্গিক কেইবাটাও দাবী থাকিব৷
আমাৰ চৰ্তঃ
১৷ ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী আমাৰ বেঁকী নদীৰ পাৰৰ অনশনকাৰী সকলৰ ওচৰ আহি দাবীসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
২৷ বৰ্তমানে চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অনশন চলিথকা অৱস্থাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷৷৷
ৰাইজলৈ প্ৰাৰ্থনাঃ
আহক আমি জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে উক্ত সমস্যা সমাধানৰ বাবে একেলগে আন্দোলন কৰো৷
আহক আমি সৰু সৰু কথাবোৰ পাহৰি সৰ্বহাৰাৰ হৈ কাম কৰো.............................৷৷৷
Thursday, August 20, 2015
5:46:00 AM
Author
No comments
সপোনৰ কথাৰে
জনতাৰ ৰাষ্ট্ৰপিত ড০ এিপিজে আব্দুল কালাম চাহাবে কৈছিল— ‘টোপনিত থাকি দেখােটা সপোন নহয়, বৰঞ্চ যিয়ে টোপনি মাৰিব নিদিয়ে সেইটোহে সপোন৷কিন্তু যোৱা নিশা টোপনিত দেখা এটা সপোনে মোক বহু চিন্তিত কৰি তুলিছে৷
সপোনত মই মোৰ পঢ়ি অহা মহাবিদ্যালয় ‘জিএলচি কলেজ’ত গৈছিল৷ ৰূপালীজয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মোক দেখাৰ লগে লগে শিক্ষাগুৰুসকলে মোক আদৰেৰে মাতি নি আসনত বহিবলৈ দিলে৷ মহাবিদ্যালয়কনৰ প্ৰাক্তন ছাত্ৰৰ লগেত ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক হিচাপে সেৱা কৰাৰ বিনিময়ত শিক্ষাগুৰুসকলে মোক এতিয়াও পাহৰি যোৱা নাই৷
অনুষ্ঠানটোত কেইবাগৰাকী ব্যক্তিয়ে ভাষণ দিলে৷
ছাত্ৰ-ছাত্ৰীসকেলও মনোযোেগেৰ সকলোেৰ ভাষণ শুনিলে৷
বাস্তবিকতেও মোৰ সামাজিক কাম-কাজৰ প্ৰতি সাধাৰণতে মোৰ প্ৰায় অধিকাংশ শিক্ষাগুৰুৱে অনুপ্ৰেৰণা যোগাই আহিছে৷
সপোনতো বোধহয় সেইকাৰণেই মোক মাতি নি আগৰ আসনত বহুৱাইছিল৷
মই সন্মুখত বহিবলৈ কিছুপৰিমানে লাজ লাজ অনুভৱ কৰিছিলো কাৰণ মই মহাবিদ্যালয় এখনৰ গুৰুত্বপূৰ্ণ সভাত উপিস্থত থাকিব পৰা ধৰণৰ কাপোৰ পৰিধান কৰা নাছিলো৷
তেনে স্থানত সন্মুখৰ আসনত বহাটো মোৰ বাবে বহু লাজৰ কাৰণ হৈ পৰিছিল৷
তথাপিও মোৰ শিক্ষাগুৰুৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি বহিছিলো৷৷
কিছু সময় পাছত মোক বক্তব্য ৰখাৰ বাবে আহ্বান কৰা হ’ল৷
মঞ্চত কলেজৰ অধ্যক্ষ জগন্নাথ বৰ্মন ছাৰেও উপস্থিত আছিল,,, মই তেখেতক বহু বেছি সন্মান কৰো৷ কাৰণ তেখেতক যিমান দিনৰ পৰা মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে— তাৰে পৰা মহাবিদ্যালয়খনে উন্নতিৰ জখলা বাইছে.....৷
মই বক্তব্য আৰম্ভ কৰাৰ সময়ত প্ৰেক্ষাগৃহখনত ছাত্ৰ-ছাত্ৰীয়ে বহিবলৈ ঠাই নাপাই থিয় হৈ আছিল....৷
কিন্তু 2 মিনিটমান সময় বক্তব্য আগবঢ়োৱাৰ পাছত ক্ৰমশ ছাত্ৰ-ছাত্ৰীসকলে প্ৰেক্ষাগৃহ এৰিবলৈ আৰম্ভ কৰিলে৷
মই আচৰিত হ’লো....৷ প্ৰেক্ষাগৃহখনত গুন গুন আলোচনাৰ শব্দ মোৰ কাণত পৰিব ধৰিলে৷
বক্তব্যৰ সময়ত কথা পাতিলে সাধাৰণতে মই বক্তব্য প্ৰদান নকৰো আৰু আজিলৈকে মোৰ বক্তব্যৰ সময়ত ক’তো তেনেকুৱা পৰিৱেশ হোৱাও নাই৷
মই বক্তব্যৰ মাজতেই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ভাল লগা নাই নেকি বুলি প্ৰশ্ন কৰিলো৷
কিন্তু কোনেও মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে৷— এজন দুজন কৰি প্ৰায় অধিকাংশ ছাত্-ছাত্ৰী প্ৰেক্ষাগৃহৰ পৰা ওলাই গ’ল৷
মই তেতিয়া মঞ্চলৈ ঘূৰি চালো— মঞ্চত অধ্যক্ষ ছাৰ নাই৷
মই মানসিক ভাবে বিচলিত হৈ পৰিলো৷
সন্মুখৰ ফালে চাও ---- সৰ্বমুঠ দহগৰাকীও ছাত্ৰ-ছাত্ৰী মোৰ বক্তব্য শুনাৰ বাবে ৰৈ থকা নাই৷——————
মাথো ‘এই খিনিতে বক্তব্য সামৰিছো’ বুলি কৈ মোৰ বক্তব্য সামৰিলো৷৷৷৷৷
লগে লগে মই সাৰপাই গ’লো৷৷ মনে মনে ক’লো— বাস্তৱততো হোৱা নাই!
কিন্তু এই নিষ্ঠুৰ সপোনটোৱে মোক আৰু শুব নিদিলে৷
কাৰণ মোৰ যিমানদূৰ মনত পৰে হাইস্কুলত থাকোতেও মই বক্তব্য দিয়াৰ সময়ত কোনো দিনেই কোনো এজন ছাত্ৰ ওলাই যোৱা বা কথা পতাৰ কথা মোৰ মনত নপৰে৷ তাৰ বাবেই হয়তো হাইস্কুলৰ ছাত্ৰ একতাসভাৰ সম্পাদক বনাই দিছিল, আৰু আজিৰ তাৰিখলৈকে শিক্ষাগুৰুসকলে পাহৰি যোৱা নাই৷
কিন্তু টোপনিত দেখা এই সপোনে মোৰ চকুৰ টোপনি কাঢ়ি নিলে————
সেই তেতিয়াৰ পৰা এতিয়ালৈকে এটাই কথা মই ভাবি আছো— আচলতেই এতিয়া মোৰ বক্তব্য ইমান নিৰস হ’ল নেকি? নে বেলেগ কিবা কাৰণ! একো ভাবি পোৱা নাই৷ টোপনিত দেখা এই সপোনে মোক আজিও শুব নিদিব———!!!!
ক’ৰবাত মোৰ ভুল হৈ থকা নাইতো
মোক সমাধান লাগে
............
........
.....
...
..
.
Thursday, July 10, 2014
3:12:00 AM
Author
Poem
No comments
কোঠাখন এন্ধাৰে গ্ৰাস কৰিব...
পৃৃথিৱীখন পোহৰাব বিচাৰিছিলো....
মই জানিছিলো
পৃথিৱীৰ পোহৰে এদিন
পৃথিৱীৰ পোহৰে এদিন
এন্ধাৰহে উপহাৰ দিব মোক.....
তথাপিও
তথাপিও
মই বিশ্বাস কৰো হাজাৰ জনে কৰাৰ দৰে
ʼএন্ধাৰ যিমানেই গভীৰ হʼব
পোহৰ সিমানেই ওচৰ চাপি আহিবʼ
ʼএন্ধাৰ যিমানেই গভীৰ হʼব
পোহৰ সিমানেই ওচৰ চাপি আহিবʼ
নতুন পুৱাৰ সূৰুযৰ বাবে মই অৱশ্যে উত্ৰাবল নহওঁ.....
মোৰ মমডাল নুমাই ভালপোৱা জন সুখী হওঁক
তেতিয়াহে বুজি পাব...
সুখে মানুহক কিমান দিন
জীয়াই থাকিবলৈ উৎসাহিত কৰিব পাৰে.....৷৷
Subscribe to:
Posts (Atom)










