Thursday, July 10, 2014

Image result for জ্বলি জ্বলি ছাই হোৱা মোৰ বুকুখনি

মমডাল জ্বলি শেষ হওঁ হওঁ.....
কোঠাখন এন্ধাৰে গ্ৰাস কৰিব...
পৃৃথিৱীখন পোহৰাব বিচাৰিছিলো....

মই জানিছিলো
পৃথিৱীৰ পোহৰে এদিন 
এন্ধাৰহে উপহাৰ দিব মোক.....
তথাপিও
মই বিশ্বাস কৰো হাজাৰ জনে কৰাৰ দৰে
ʼএন্ধাৰ যিমানেই গভীৰ হʼব
পোহৰ সিমানেই ওচৰ চাপি আহিবʼ

নতুন পুৱাৰ সূৰুযৰ বাবে মই অৱশ্যে উত্ৰাবল নহওঁ.....
মোৰ মমডাল নুমাই ভালপোৱা জন সুখী হওঁক 
তেতিয়াহে বুজি পাব... 
সুখে মানুহক কিমান দিন 
জীয়াই থাকিবলৈ উৎসাহিত কৰিব পাৰে.....৷৷

Related Posts:

  • উভতি অহাৰ অপেক্ষাত ৰৈ আছো মই তোমাৰ হাতত মইআৰু মোৰ হাতত তুমি ধৰিশিকিছিলো সংগ্ৰামৰ কুঁহিপাঠ।মোৰ প্ৰতিটো খোজত খোজ মিলাই ছাঁ হৈ আছিলা,সুখ, দুখ, যন্ত্ৰণা, বেদনাৰ পৃথিৱীত।দুয়োয়ে আঁকিছিলো একেলগে এখন ছবি,আলোকৰ যাত্ৰালৈ......।মই আগে আগেকিন্তু তুমি কোৱা পথেৰে....… Read More
  • --শাৰদীয় কবিতা-- শাৰদীয় জোনাক ফুলিছে তোমাৰ ওঁঠতকঁহুৱাহৈ হালিছে-জালিছে তোমাৰ চুলিজোনাক সৰা নিয়ৰৰ কণিকাবোৰতলুকাভাকু পলে পলে...সুখৰ মৰিচিকা হৈ শুভ্ৰ জোনাকতখেলিছা নিদাৰুণ প্ৰেমৰ খেলা....... আজিকঁহুৱা কোমল শুভ্ৰ বুকু মোৰউৰি আহিবা নেকি পুনৰ নিষ্ঠু… Read More
  • আমি এনেদৰেই বিচাৰি পাম জঙ্গল তোমাৰ সপোন চূৰ্ণ-বিচূৰণ দেখি চকুলো নুটুকিবা তোমাৰ চকুত নাছিল ৰঙীন বিতচকু তুমি খোজকাঢ়িছিলা কলা-বগা পৃথিৱীত সেউজীয়া হৈ গজিছিল বিশ্বাসৰ গুটি তুমি ছটিয়াইছিলা একতা-ভ্ৰতৃত্ব তেতিয়া তোমাৰ সপোন দিকভ্ৰান্ত হোৱা নাছিল গেৰুৱা, বগা অথব… Read More
  • নিৰু হোৱাৰ আখৰা কৰিছো তুমি আৰু মই নিৰু হোৱাৰ আখৰা কৰিছো।তেওঁলোকে আখৰা কৰিছেতোমাক আৰু মোক উঘালি পেলোৱাৰ¸তুমি আৰু মই ৰচিছো প্ৰেমৰ কবিতা উজাগৰেতেওঁলোকে তোমাৰ আৰু মোৰ মাতৃৰসতিত্ব হৰণ কৰিছে জ্ঞাতসাৰে।তেওঁলোকেই হত্যা কৰিছিলপুনৰায় আখৰা কৰিছেতথাপিও ত… Read More
  • কি নাম দি মাতিম তোমাক তোমাৰ মলিয়ন ওঁঠ শোকান ছাল ফাগুণ ফাগুণ চুলি আৰু দুৰ্গন্ধময় শৰীৰৰ পঁচা গোন্ধ¸ তুমি মোৰ ফালে আগবাঢ়ি নাহিবা। তোমাৰ লেতেৰা পোচাক মটীয়া বৰণৰ হাত-ভৰি কলা বৰণৰ নখ ৰঙা ৰঙা চকু তুমি নাহিবা কাষলৈ তোমাৰ বাবে সংৰক্ষণ হবই নোৱাৰে সংৰ… Read More

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ