Saturday, May 13, 2017

Name: Shajahan Ali Ahmed (সাজাহান আলী আহমেদ)

DOB : 31/12/1988
S.O.- Abdul Monnaf
Village : Aikhari Bilor Pather,
P.O.- Bilashipara Bazar District :  Baksa (Assam) of INDIA.
Writing : Novel, Poem, Short Stories, Articles…
Published Book:
1. “Bisadland Narayanguri” (2015), An analysis book on Narayanguri (BTAD) massacre- 2014.
2. Rudhya Deoka (2005), Assamese Poetry.
3. Mor Preyoshir Naam mary (2007), Assamese Poetry.
4. GLC Collegor Arju Sultana (2008), Assamese Poetry.
5. Bixonno Hridoyor Usoponi (2015), Assamese Poetry.
Edited :
  1. GLC College Souvenir (2008)
  2. Gobardhana AAMSU Souvenir (2012)
  3. Sangbad Prahori Sovenir ( 2016)
  4. Nava Kranti (Monthly Magazine)
  5. Mahekiya Kranti (Monthly Magazine)
Correspondent :
  1. Dainik Gana Adhikar.
  2. Gana Sangbad.
  3. Sangbad Prahari
Social activities :
  1.  AAMSU District President : Baksa (2012-2016)
  2. Education & Magazine Secretary AAMSU (2016- …..)

Friday, May 12, 2017

মহামান্য উচ্চতম ন্যায়ালয়ে Civil Appeal Nos.4171-4180 of 1994 ত ০৫.০৫.১৯৯৪ তাৰিখে দিয়া ৰায়দান অনুসৰি ভাৰতীয় নির্বাচন আয়োগে Letter No.23/96/P.S.-II Dated 07.10.1996 যোগে ০১.০১.১৯৯৭ ভিত্বি হিচাবে লৈ অসমত ভোটাৰ তালিকা সংশোধনীৰ নির্দেশ দিয়ে। 

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Dated 04.02.1997 যোগে নির্বাচনী পন্জীয়ক বিষয়া তথা অন্যান্য সকলৰ বাবে গাইডলাইন জাৰি কৰে। নির্বাচন আয়োগে Letter No.23/AS/96 Dated 17.07.1997 যোগে আৰু কিছু নির্দেশনা জাৰি কৰে।

ভাৰতীয় নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 12.11.1997 যোগে নির্দেশ দিয়ে, যি সকলৰ গোচৰ ন্যায়াধীকৰণলৈ প্রেৰন কৰা হৈছে তেওলোকৰ নাম "ডি" হিচাবে চিহ্নিত কৰি ভোটাৰ তালিকাত অর্ন্তভুক্ত কৰিব লাগে। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 06.12.1997 যোগে অসমৰ ১২৬ টা সমষ্টিৰ ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ কৰাৰ নির্দেশ দিয়ে। সেই অনুসৰি নামৰ আগত "ডি" সহ প্রথম ভোটাৰ তালিকা ০৯.১২.১৯৯৭ তাৰিখে প্রকাশ হয়। নির্বাচন আয়োগে Letter No.23/AS/96 Vol.III Dated 05.01.1998 যোগে নির্দেশনা দিয়ে যে "ডি" ভোটাৰ সকলে কোনো নির্বাচনত ভোটদান বা অংশগ্রহন কৰিব নোৱাৰিব।

"ডি" ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও ৰাজহুৱা স্বার্থজনীত আবেদন (PIL) দাখিল হৈছিলে। আবেদন কেইটা ক্রমে- CR (PIL) No.185/1998; CR (PIL) No.253/1998 ও CR (PIL) No.254/1998. মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ১১.০১.২০০২ তাৰিখে আটাইকেইটা আবেদন নাকচ কৰে তথা ভোটাৰ তালিকাত "ডি" সাংবিধানীক ভাবে বৈধ বুলি ৰায়দান কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ১১.০১.২০০২ তাৰিখৰ ৰায়ৰ বিৰুদ্বে মহামান্য উচ্চতম ন্যায়ালয়ত আপিল দাখিল হৈছিল যদিও পৰবর্তী সময়ত আপিল সমূহ উঠাই লয়। সেয়ে "ডি" ভোটাৰৰ সাংবিধানীক বৈধতা সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল আছে।

"ডি" ভোটাৰে উপযুক্ত নথি-পত্র ও সাক্ষী সহ দেৱানী আদালত (Civil Court) ৰ দ্বাৰস্থ হৈ স্বত্ব মামলা (Title Suit) দাখিল কৰি ভাৰতীয় বুলি ঘোষিত হৈছিলে। এই সম্পর্কে মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় এজনীয়া বিচাৰপীঠে যোৱা ১১.০৪.২০১৩ তাৰিখে WP (C) No.256/2013 [Md. Bahaluddin Sheikh Vs The Union of India and Ors] গোচৰত গুৰুত্বপূর্ণ ৰায় প্রদান কৰে। মহামান্য এজনীয়া বিচাৰপীঠে নির্দেশ দিয়ে যে- নাগৰিকত্ব সম্পর্কীয় গোচৰ মাত্র বিদেশী ন্যায়াধীকৰনত চলিব তথা দেৱানী আদালতত নাগৰিকত্ব সম্পর্কীয় গোচৰ নচলিব।

মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২৫.১০.২০১৩ তাৰিখে WP (C) No.274/2009 (Assam Public Works Vs Union of India and Ors) গোচৰত নিৰ্দেশনা দিয়ে যে- বিদেশী ন্যায়াধীকৰনে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতহে "ডি" ভোটাৰৰ নাম এন.আৰ.চি ত অন্তৰ্ভুক্ত হব। 

মামেজা খাতুন নামৰ মহিলাক বিদেশী ন্যায়াধীকৰনে বিদেশী বুলি মতামত প্রদান কৰাত মহিলা জনীয়ে মহামান্য গৌহাটী উচ্চ ন্যায়ালয় দ্বাৰস্থ হৈ WP (C) No.1334/2009 (Mameza Khatun Vs Union of India and Ors) দাখিল কৰে। মহামান্য উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে গোচৰটো নাকচ কৰাৰ লগতে যোৱা ২৩.০৩.২০১১ তাৰিখে ভাৰতীয় নির্বাচন আয়োগক নির্দেশ দিয়ে যে ভোটাৰ তালিকাত নাম থকা ব্যাক্তি যাৰ নাগৰিকত্ব সন্দেশ হয় তথা যাৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰনত গোচৰ চলি আছে তেওঁলোককো "ডি" ভোটাৰ হিচাবে গন্য কৰিব লাগে।

মহামান্য এজনীয়া বিচাৰপীঠে যোৱা ২৩.০৩.২০১১ তাৰিখে "ডি" ভোটাৰ সম্পর্কে প্রদান কৰা নির্দেশনাক প্রত্যহ্বান জনাই অসম চৰকাৰে মহামান্য উচ্চ ন্যায়ালয়ত আপিল অর্থাৎ WA No.114/2011 (The Govt. of Assam Vs Mameza Khatun and Ors) দাখিল কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে যোৱা ১৩.১০.২০১৫ তাৰিখে WA No.114/2011 (The Govt. of Assan Vs Mameza Khatun and Ors) গোচৰত প্রদান কৰা ৰায়দান যোগে অসম চৰকাৰ আপিল নাকচ কৰে তথা এজনীয়া বিচৰপীঠে যোৱা ২৩.০৩.২০১১ তাৰিখে WP (C) No.1334/2009 গোচৰত "ডি" ভোটাৰ সম্পর্কে প্রদান কৰা নির্দেশনাক বাহাল ৰাখে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে যোৱা ১৩.১০.২০১৫ তাৰিখে WA No.114/2011 গোচৰত প্রদান কৰা ৰায়ক প্রত্যাহ্বান জনাই অসম চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ত SLP (C) No.3045/2016 (Govt. of Assam Vs Mameza Khatun and Ors) দাখিল কৰে।

মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচৰপীঠে ০৮.০২.২০১৬ তাৰিখে SLP (C) No.3045/2016 গোচৰত ৰায়দান দিয় যে-"ডি" ভোটাৰ সকলে নাগৰিকত্ব আইনৰ ধাৰা-৬ক মতে উপযুক্ত নথি কতৃপক্ষৰ ওচৰত দাখিল কৰি নির্বাচনী প্রক্রিয়াত ভোটদান ও অংশগ্রহন কৰিব পাৰিব।

২০১১ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ত ডি (Doubtful/Disputed) ভোটাৰৰ সাংবিধানিক বৈধতা ও বিদেশীৰ নামত হাৰাহাস্তি সম্পৰ্কীয় গোচৰ বিচাৰাধীন হৈ আছে। মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ১১.০১.২০০২ তাৰিখে Civil Rule (PIL) Nos.185, 253 and 254 of 1998 গোচৰত ৰায়দান দিয়ে যে, ভোটাৰ তালিকাত নামৰ আগত ডি সন্নিবিষ্ট কৰা অৰ্থাৎ সন্দেহযুক্ত ভোটাৰক ডি হিচাপে চিহ্নিত কৰাটো সাংবিধানিক ভাবে বৈধ। মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে ২১.০৪.২০১১ তাৰিখে WP (C) No.2288 of 2008 আৰু ২৬.০৫.২০১১ তাৰিখে WP (C) No.3236 of 2009 গোচৰত বিদেশী ন্যায়াধীকৰনত বিচাৰাধীন গোচৰ সম্পৰ্কে কিছুমান নিৰ্দেশনা প্ৰদান কৰে।

মহামান্য গৌহাটী উচ্চ ন্যায়ালয়ৰ ১১.০১.২০০২, ২১.০৪.২০১১ আৰু ২৬.০৫.২০১১ তাৰিখৰ ৰায়ক প্ৰত্যাহ্বান জনাই ১৮.০৮.২০১১ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ত আপিল অৰ্থাৎ SLP (C) No.29727-29731/2011 দাখিল হয়। মহামান্য উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খন্ড বিচাৰপীঠে ২১.১০.২০১১ তাৰিখে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ ও ভাৰতীয় নিৰ্বাচন আয়োগক জাননী জাৰী কৰে। ভাৰতীয় নিৰ্বাচন আয়োগে ২০১২ চনৰ মে মাহত আৰু কেন্দ্ৰীয় চৰকাৰে ২০১২ চনৰ আগষ্ট মাহত উক্ত আপিলত শপতনামা দাখিল কৰে। মহামান্য উচ্চতম ন্যায়ালয়ত বিচাৰাধীন ডি ভোটাৰৰ সাংবিধানিক বৈধতা ও বিদেশীৰ নামত হাৰাহাস্তি সম্পৰ্কীয় আপিল অৰ্থাৎ SLP (C) No.29727-29731/2011 চূড়ান্ত নিষ্পত্তি (Final Disposal) পৰ্যায়ত আছে।

অসম চৰকাৰে মহামান্য এজনীয়া বিচাৰপীঠৰ ২৩.০৩.২০১১ তাৰিখৰ ৰায়ৰ বিৰুদ্বে আপিল WA No.114/2011 দাখিল কৰিছিলে যদিও ১৩.১০.২০১৫ তাৰিখে গৌহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে অসম চৰকাৰ আপিল খাৰিজ কৰে।












Source: Mustafa Khaddam Hussain, Advocate Gauhati High Court.

Tuesday, May 9, 2017




ভৰিৰ চেপাত আৰ্তনাদ কৰে
সৰাপাত
ষ্ট্ৰীট লাইটৰ পোহৰত
শুই থাকে ফুটপাথ৷

মই আৰু মোৰ ছাঁ
এন্ধাৰৰ জাল ফালি
গচকি যাওঁ দানৱৰ দৰে
এবাৰ-দুবাৰ বহুবাৰ...৷

ৰাজপথত কণী দিছে
ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণাই
ট্ৰাক অথবা যাত্ৰীবাহী বাহনৰ চেপাত
আত্মহত্যা কৰাৰ সপোন ৰচা নাছিল তেওঁলোকে৷

পাচলিৰ দুৰ্গন্ধত মূৰগুজি
ৰচি বিচাৰি ফুৰা হাজাৰ কৃষকৰ বেদনা
ৰৌ-বৰালি আৰু সহস্ৰ দৰিকণা আৰু
ফুটপাথৰ সৰাপাতৰ দৰে৷

তোমাৰ প্ৰেমত পৰি
দেউতাৰ দৰে হ’বলৈ মন নাই মোৰ
ৰ’দৰ চিঠি পঢ়ি পঢ়ি
শোষণৰ ভৰত কোঁজা হৈ
দিনবাৰ চাব নোৱাৰিম 
অমাৱশ্যাৰ নিশা বিচাৰি৷৷


-------------------------------------------------------------------------------

মনৰ কথাঃ
        বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে কৈছিল— ‘মই বাঁহী বনাব জানো, সুৰ তোলাৰ দায়িত্ব মোৰ নহয়’৷ এই বাক্য সাৰোগত কৰি ভালে কেইদিন থকাৰ পিছত মোৰ মন গ’ল বাঁহী বনাই সুৰ তোলাৰ বাবে৷
কবিতাৰ ভাবাৰ্থ সঠিক ভাবে স্বয়ং কবিয়েই প্ৰকাশ কৰিব নোৱাৰে৷ সেইবাবেই চাগে কাজী নজৰুলে তেনেদৰে কৈছিল৷ তথাপিও ‘ফুটপাথৰ সৰাপাত’ৰ বিষয়ে দুটামান বাক্য লিখিব মন গৈছে৷
        কবিতাটোৰ জন্ম যন্ত্ৰণা আৰম্ভ হৈছিল কেইদিনমান পূৰ্বে উত্তৰ বৰপেটাৰোডৰ ফুটপাথেৰে খোজকাঢ়ি যোৱাৰ সময়ত৷ সকলোৱে জানে যে আমাৰ উত্তৰ বৰপেটাৰোডৰ ৰাজপথৰ অৱস্থা পুখুৰীসদৃশ৷
বৰপেটাৰোডৰ কৃষকসকলে শাক-পাচলি উপযুক্ত বজাৰমূল্য লাভ নকৰি আত্মহত্যা কৰিব লগা হয়৷
-------------------------------------------------------------------------------

Saturday, May 6, 2017

মৃণাল তালুকদাৰৰ ‘অৱধাৰিত গৃহযুদ্ধ’ এটা তত্বগধুৰ, প্ৰয়োজনীয় আৰু সময়োপযোগী প্ৰবন্ধ৷ কিন্তু তথ্য বিভ্ৰান্তিও আছে৷ ন্যায়ালয়ত ১৯৭১ ৰ পক্ষত প্ৰবল শক্তিশালী স্থিতিত থকা আমছুৰ কথা তেখেতে পাহৰিয়ে গ’ল৷ বিপৰীতে আজমল বাহিনীৰ নাম উল্লেখ কৰিলে, য’ত আজমল বাহিনীৰ ভূমিকা নাই বুলিয়েই ক’ব পাৰি৷
দ্বিতীয়তে প্ৰবন্ধটোত অনাহক আৰু ভাতৃঘাতী আশংকা ব্যক্ত কৰা হৈছে৷ ৫১‘ হওঁক বা নহওঁক যিবোৰ আশংকাই মুছলমানসকলক এতিয়াৰ পৰাই সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰা হ’ব৷ তেনেকুৱা অলাগতিয়াল আশংকা ব্যক্ত কৰা হৈছে৷ বহুতেই প্ৰবন্ধটো শ্বেয়াৰ কৰিলে, মই প্ৰবন্ধটোৰ লগত এশ শতাংশ একমত হ’ব পৰা নাই৷ (সোইদিনাৰ পৰাই কথাবোৰ লিখিম বুলি ভাবি থাকোতে গ’ল) তেখেতে কৈছে যে ১৯৫১ হ’লে আইছিছে সুবিধা ল’ব পাৰে৷ তেখেতৰ এই আশংকাৰ দ্বাৰা অসমৰ প্ৰায় এক কোটি ধৰ্মীয় সংখ্যালঘুলোক ক্ষতিগ্ৰস্থ হ’ব৷ ইতিপূৰ্বে আইএছআই বা জেহাদীৰ নামত এইসকল লোকক বহু হাৰাশাস্তি কৰা হ’ল৷ তেখেতৰ দৰে এগৰাকী আগশাৰীৰ সাংবাদিক, বুদ্ধিজীৱীয়ে কিবা এটা আশংকা কৰাটো প্ৰতিক্ৰিয়াশীল মহলে আগতীয়াকৈ কাৰ্যতৰূপায়ন কৰিব বিচাৰে৷
অসম আন্দোলনৰ আমি বিৰোধিতা কৰিলেও ভিত্তিবৰ্ষক সমৰ্থন কৰিছিলো৷ তাৰ কাৰণো আছে৷ বেচৰকাৰী হিচাপত প্ৰায় ১০ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ প্ৰাণ আৰু ৮৫৫ জন আন্দোলনকাৰীৰ প্ৰাণৰ বিনিময়ত স্বাক্ষৰিত হৈছিল এই চুক্তি৷ ঘূণীয়া হোৱাসকলক বাদেই দিলো৷
এটা কথা ঠিক যে বাৰম্বাৰ এটা জাতিয়ে তেজ দিব নোৱাৰে, আত্মৰক্ষা কৰিব পাৰে৷ এতিয়া মুছলমানে আত্ম ৰক্ষা কৰিলেই তাক উগ্ৰপন্থীৰ লগত তুলনা কৰাটো যুক্তিসঙ্গত নহয়৷
এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অথবা ১৯৫২ চনৰ ভোটাৰ তালিকা সম্পূৰ্ণৰূপে স্বয়ং চৰকাৰৰ হাততেই মজুত নাই, প্ৰতিকূল বতৰৰ বাবে বহু জিলাত উক্ত ছেনছাছেই কৰা নাছিলে৷ ৫১‘ ভিত্তিবৰ্ষ হ’লে তেওঁলোকৰ কি হ’ব— এই প্ৰসঙ্গত তেখেতে কোনো বক্তব্য আগবঢ়োৱা নাই৷ লগতে তেখেতে নিশ্চয় জানে যে ষাঠিৰ দশকত বহু মুছলমানলোকক পূৰ্ব পাকিস্তানলৈ বিতাৰণ কৰা হৈছিল, বৰ্তমানৰ বাংলাদেশত থকা তেনে বহুলোকৰ হাতত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী মজুত আছে৷ তেওঁলোক এতিয়া বাংলাদেশৰ বৈধ নাগৰিক৷ কিন্তু ১৯৫১ চন ভিত্তিবৰ্ষ হোৱাৰ লগে লগে বহু ভাৰতীয় মানুহৰ হাতত কোনো নথি নাথাকিব, বিপৰীতে বাংলাদেশৰ নাগৰিকৰ হাতত নথি থাকিব৷ সাধাৰণ যুৱক হিচাপে মোৰ আশংকা এইখিনিতে৷
প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে অসম আন্দোলনৰ সময়ত বহুলোকৰ নথি-পত্ৰ জ্বলাই ভষ্মিভূত কৰা হৈছিল, তাৰ পাছৰ সময়ছোৱাত জনগোষ্ঠীয় অধিকাৰৰ নামত কেইবাবাৰো বৰ্তমানৰ বিটিচি অঞ্চলত সংখ্যালঘুলোকৰ ঘৰ-বাৰী জ্বলাই দিয়া হৈছিল, লগতে জ্বলিছিল নথি-পত্ৰও৷ আৰু অসম চুক্তি যিহেতু সকলোপক্ষই মানি লৈছিল, হত্যাৰ অপৰাধীসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ উঠাই লৈছিল৷ ৭১‘ ভিত্তিবৰ্ষ হোৱা বাবে মানুহে তাৰ আগৰ নথিবোৰক অদৰকাৰী বুলি ভাবিবলৈ আৰম্ভ কৰিছিল, সংৰক্ষণ কৰাৰ পৰাও বহুতে বিৰত থাকিল৷ আনকি মানুহে বিভিষিকাময় স্মৃতিবোৰক বিস্মৃতিৰ গহব্বৰত হেৰুৱাই থ’ব বিচাৰিছিল৷ ৫১-৭১ বিতৰ্কই পুনৰ শোকাণ ঘা কেঁচা কৰাৰ হে আশংকা ঘণিভূত কৰিছে৷
সকলোৱে মনত ৰখা উচিত যে অসম আন্দোলনৰ সময়ত যিসকল লোক বুৰ্বক আৰু আত্মজ্ঞানহীন আছিল তেওঁলোক আজিৰ তাৰিখত তেনেকুৱা হৈ থকা নাই৷ লাঞ্চনা-বঞ্চনা, অত্যাচাৰ-উৎপীড়ন সহ্য কৰি তেওঁলোকৰ মাজতো দুই-চাৰিজন ভাল-বেয়া বিচাৰ কৰিব পৰা মানুহ উলাইছে৷ তেতিয়াৰ পৰিৱেশৰ লগত এতিয়াৰ পৰিৱেশৰ বহুখিনি অমিল আছে৷
দুৰ্ভাগ্যজনক কথাটো এই যে প্ৰবন্ধটোৰ শেষাংশত তেখেতে এনে কিছু আশংকা ব্যক্ত কৰিছে যাৰ জৰিয়তে অসমৰ মুছলমানসকলৰ দেশপ্ৰেমৰ ক্ষেত্ৰতো সন্দেহৰ আঙুলী টোওৱা হৈছে৷ ১৯৫১ চন ভিত্তিবৰ্ষ হ’লে নিশ্চিত ভাবে বঞ্চিতসকলে আন্দোলন কৰিব, তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে চীনৰ লগত চামিল হ’ব অথবা আইছিছৰ দৰে এটা বৰ্বৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত মিলি যাব৷ — এই কথাবোৰ অতি সুক্ষ্ম ভাবে আমাৰ অসমৰ সাংবাদিক-বুদ্ধিজীৱীসকলে চিন্তা কৰা উচিত৷ মনত আহিলেই প্ৰবন্ধৰ নামত এটা জনগোষ্ঠীৰ দেশপ্ৰেম ওলাই কৰাৰ অধিকাৰ কাৰো নাই৷


Wednesday, May 3, 2017


এবাৰ এটা নীলা শিয়ালক কঠোৰ সমালোচনা কৰাৰ বাবে মোৰ পুৰণি বন্ধু এজনে মোক চিৰ দিনৰ বাবে ফেচবুকত ব্লক কৰিছিল৷ নীলা শিয়ালটোক মই বেয়া নাপাওঁ, মাথো তেওঁ নিজৰ জাতিক পাহৰি গৈছে বুলি উনুকিয়াইছিলো৷ নিজস্বতা পাহৰি কাৰোবাক তৈলমৰ্দন কৰা ঘটনাক সমালোচনা কৰিছিলো৷ এতিয়া যি দেখিছো নীলা শিয়ালটোৰ চিন্তাই আছিল দূৰদৰ্শি৷ তেওঁ বহু আগৰ পৰাই ধূতি পিন্ধি বিহু ডেন্স মাৰিব শিকিছিল৷ ভক্তবোৰৰ লগত ভালকৈয়ে তাল-মিল কৰি চলিব শিকিছিল৷ আজি কামত আহি গ’ল...........৷
(নীলা শিয়ালৰ কাহিনীটো বন্ধুসকলে পঢ়ি ল’ব দেই, কোনোবা এটা সাধু কথাৰ কিতাপত পাইছিলো৷)
আৰু এটা কথা মনত পৰি গ’ল বাবে ইডিট কৰি দিলো—আমাৰ অসমত মোডী প্ৰেমৰ জোৱাৰ উঠিছে৷ ভক্তগনে প্ৰতিযোগিতাত নামিছে ভাৰতৰ অইন ৰাজ্যতকৈ আগত অসমত সাম্প্ৰদায়িকতাৰ ৰং সানিব৷ থাকক অসম পিছপৰি তাতে কি যায়, আহে৷ অসমৰ সম্পদ লাগিলে লৈ যাওঁক ভক্তৰ প্ৰেমিক সকলে....৷ সৰ্বাধিক কাল শাসনৰ গাদি দখল কৰাসকলে উৎসাহিত হোৱাৰ প্ৰয়োজন নাই৷ তেওঁলোকে যি কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱাৰ নামেইতো পৰিৱৰ্তন৷ অৱশ্যে অসমৰ উন্নয়ন, ভাতৃত্ববোধৰ প্ৰশ্নত ৰাষ্ট্ৰীয়তাবাদীসকল সদায়ে উদাসীন৷

Monday, May 1, 2017

১৮ ফেব্ৰুৱাৰীত মহান কবি সকলে দুখৰ সাগৰত উটি ভাঁহি নষ্টালজিক হৈ পৰে যদিও বিপ্লবী কবিতা লিখে, মহান লেখকসকলে জুয়ে পুৰা তিৰাশীৰ ৰক্তাক্ত সোঁৰণত গল্প, উপন্যাস লিখে, “ষ্টৰি” লিখে, সংগ্ৰামীসকলে সোঁৱৰণী সভা পাতে, আলোচনা চক্ৰ অনুষ্ঠিত হয়, পিতৃ, মাতৃ, ভাতৃ, ভগ্নী... হেৰুৱাই আত্মীয়তাৰ যন্ত্ৰণাত ছটফটাই থকাসকলে মোনাজাত কৰে, দোৱা কৰে। আমি প্রত্যেকেই মনত পেলাও নেলীৰ গণহত্যাৰ ৰক্তাক্ত ছবিবােৰ, এটা বর্বৰ জাতিৰ নিষ্ঠুৰতাৰ চৰম ঘূণীত চিত্র আৰু মনত পেলাও ঘাতক বাহিনীয়ে পোৱা ৰাজ আতিথ্য, চুক্তি আৰু ভূক্তভোগীক কৰা বঞ্চনাৰ কথা। বেচৰকাৰী হিচাপত ১০ হাজাৰতকৈ অধিক লোকক হত্যাকৰি হত্যাকাৰীসকলে সংগ্রামী নাম লাভ কৰা আৰু পাছলৈ ৰাজত্ব লাভ কৰিলেও কিন্তু আত্মীয় হেৰুওৱাসকলে এতিয়ালৈকে লাভ নকৰিলে উপযুক্ত ক্ষতিপূৰণ। আশীৰ দশকত ৰাজ্য, কেন্দ্ৰত কাৰ শাসন আছিল সেই কথা আপোনালোকে নিশ্চয় জানে আৰু এই কথাও মন কৰিবলগীয়া। বিদেশী বিতৰণৰ দৰে এটা পবিত্ৰ আৰু অতিকৈ আবেগিক ইচ্ছ। এটাক সন্মুখত ৰাখি বিনাদ্বিধায় আন্দােলনৰ নাম দি ফেচিবাদীসকলৰ পৃষ্ঠপোষকতাত মানুহ হত্যা কৰাসকলৰ পক্ষৰ নিহতসকলক শ্বহীদৰ ময্যদা প্ৰদান কৰাৰ বিপৰীতে একে বিদেশী খেদা আন্দোলনত যিসকল ভাৰতীয় নাগৰিকে প্রাণাহুতি দিলে তেওঁলোকক দেশৰ শত্ৰুৰ দৰেই জ্ঞান কৰি থকা হ’ল। আৰু আমিবোৰে চমৰ ব্যর্থ হলো মানৱতাৰ হত্যাৰ তীব্র বিৰােধিতা কৰাৰ ক্ষেত্ৰত। নাইকীয়া হ’ল শক্তি, সাহস অথবা কাষ চাপিব নোৱাৰিলো ন্যায় ব্যৱস্থাৰ।
এটা নতুন দিৱসঃ নেলীৰ গণহত্যাৰ দিৱসৰ দৰে ২ মে’ এটা দিৱস, কাৰণ এই দিৱসতেই হত্যা কৰা হৈছিল নাৰায়ণগুৰিৰ ২১ গৰাকী শিশু, ১৫ গৰাকী মহিলা আৰু এগৰাকী বৃদ্ধ, এজন যুৱককলৈ মুঠ ৩৮ গৰাকী। তাৰাে দুগৰাকী শিশুৰ মৃতদেহও নাপালে পৰিয়ালে, ফলশ্রুতিত ক্ষতিপূৰণো নাপালে আত্মীয়ই। জ্বলাই ভষ্মিভূত কৰা হৈছিল অৰ্ধ শতাধিক লোকৰ বাসস্থান৷ ইয়াৰে তৃতীয় বর্ষপূর্তি অনুষ্ঠান পতা হৈছে গাওঁখনত। বর্ষপুতি অনুষ্ঠানত নিহতসকলৰ বাবে দোৱা কৰা হ’ব, আত্মীয়ৰ কথা সোঁৱৰি চকুলো টােকা হ’ব, মোৰ দৰে অকামিলা বােৰে লেখা-মেলা কৰিব। তাৰ পিছতেই পুনৰ এবছৰৰ বাবে পাহৰিবলৈ চেষ্টা কৰা হ’ব এই বর্বৰ হত্যাকাণ্ডৰ ঘটনাক ।
নাৰায়ণগুৰিত এতিয়া হাতী ওলায়, বাঘ ওলায়, একমাত্র প্রাথমিক বিদ্যালয়, আঙ্গানবাড়ী কেন্দ্ৰ উঠাই অনাৰ চিন্তা বাস্তবায়িত কৰাৰ আপ্রাণ চেষ্টা কৰা হয়। লগতে নিৰাপত্তাৰক্ষীসকলে আলোচনা কৰে কেতিয়া তাৰ পৰা ওলাই আহিব পাৰিব। উদ্বেগজনক ভাবে গাওঁখনৰ বাসিন্দাসকলেও বৰপেটাৰোডৰ আশে-পাশে মাটি ক্রয় কৰি ঘৰ-বাৰী বান্ধিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল যে যিসকল লোকৰ আত্মীয় হেৰুৱাইছে তেওঁলোকৰ সতি-সন্তুতিসকলৰ অধিকাংশকেই গাওঁখনৰ পৰা আঁতৰত ৰখা হৈছে। ইয়াৰ বিপৰীতে যিসকলৰ আত্মীয় হেৰুওৱা নাই তেওঁলোক যিহেতু কোনো ক্ষতিপূৰণৰ ধনো লাভ কৰা নাই তেওঁলোকে ভয় আৰু শংকৰে নিশাবােৰ পাৰ কৰি গাওঁখনত বাস কৰিব লগা হৈ আছে যদিও বহুতে নিজৰ ল’ৰা-ছোৱালীক আত্মীয়ৰ ঘৰত আশ্রিত কৰি তাতেই “লেখা-পঢ়া” কৰাই আছে। ফলত বিদ্যালয়ত ছাত্র-ছাত্রীৰ সংখ্যা পুতীেজনক ভাবে কমি গৈ আছে। প্রায় দুই কিলোমিটাৰ বহল বেঁকী নদী পাৰ হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা মিঞা গাওঁ নাৰায়ণগুৰিত কিয় মানুহে থাকে বুলি প্রশ্ন কৰা লোকৰ অভাব নথকাৰ ফলশ্রুতিত আৰু চকুৰ আগত আত্মীয়ক গুলিৰে থকা-সৰকা কৰাৰ দৃশ্যবােৰ পাহৰিব নােৱাৰাৰ বাবে গাওঁখনৰ বাসিন্দাসকলৰ গাওঁখনৰ প্ৰতি মোহভঙ্গ হ’বলৈ আৰম্ভ কৰিছে। ইফালে লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্ত নপৰালৈ লক্ষ্য কৰি নাৰায়ণগুৰিৰ নিহতৰ আত্মীয়ক ন্যায়। প্রদান কৰা হ’ব নে নাই তাৰ নিশ্চয়তা নথকাত আৰু এতিয়া জামিনত থকা অধিকাংশ হত্যাকাৰীয়ে প্রত্যক্ষদশীসকলক পুনৰায় আক্রমণ কৰিব বুলি মুকলি প্রত্যাহ্বান জনােৱাৰ পিছতো প্রশাসনে কোনো ব্যৱস্থা নােলোৱাত শংকা আৰু আতঙ্ক অধিক ঘণিভুত হৈছে।
Image result for Narayanguri
২ মে’ইতিহাস হ’লঃ ২০১৪ চনৰ ১ মে’ৰ দিনটাে অসমৰ ইতিহাসৰ আৰু এটা ক’লা দিন। ২০১৪ চনৰ ১ মে’ত বাক্সা জিলাৰ নৰসিংবাৰীত ৩ গৰাকী আৰু কোকৰাঝাৰ জিলাৰ বালপাৰাত ৮ গৰাকী লোকক হত্যা কৰাৰ পিছত। সম্পূর্ণ পৰিকল্পিত ভাবে আৰু বাঁহবাৰী ৰেঞ্জঅফিচত (বন বিভাগৰ কাৰ্যালয়) তেতিয়াৰ বন বিষয়া তথা বিটিচিৰ উপ মুখ্য কার্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ আত্মীয় অমিয় কুমাৰ ব্ৰহ্মাৰ নেতৃত্বত হােৱা আলোচনা আৰু মদ-গাহৰিৰ আড্ডাত লোৱা সিদ্ধান্ত মর্মে ২ মে’ তাৰিখে দিনৰ পোহৰত অর্থাৎ আবেলি প্রায় ৪ বজাত গুলিয়াই হত্যা কৰা হৈছিল নাৰায়ণগুৰিৰ ৩৮ গৰাকীকৈ নিৰিহ জনতাক। এই বিষয়ে বিস্তাৰিত আলোচনা আগবঢ়োৱাৰ যত্ন কৰা হৈছে।
বন বিষয়াই গুলীয়াইছিল ৰাইজকঃ ইতিমধ্যে কেইবাটাও আলোচনাত প্রত্যক্ষদশীৰ বৰ্ণনাৰ পৰা পাঠক সমাজে গম পাইছে যে কিদৰে বনকমীসকলে অচিনাক্ত উগ্ৰপন্থীৰ সহযোগত হত্যাযজ্ঞ চলাইছিল। তাৰ উপৰি ঘটনাৰ এদিনৰ পিছত অর্থাৎ ৩ মে’ তাৰিখে অভিযুক্ত বনকমীসকলক কৰায়ত্ত কৰাৰ দাবীত বাঁহবাৰী বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ সাংগঠনিক সতীর্থ, সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থকে আদি কৰি স্থানীয় প্রতিবাদকাৰীসকলকো ৰেঞ্জাৰ অমিয় কুমাৰ ব্ৰহ্মাৰ নেতৃত্বত গুলীওৱা হৈছিল।
বন বিষয়াৰ কাৰ্যালয়ত তৈয়াৰ হৈছিল হত্যাযজ্ঞৰ বুপ্রিন্টঃ বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ পৃষ্ঠপোষকতাত চলি থকা বাক্সাৰ বাঁহবাৰী ফৰেষ্ট ৰেঞ্জ অফিচতে ৰচনা কৰা হৈছিল নৰসিংবাৰী, নাৰায়ণগুৰি (ননকে খাগ্ৰাবাৰী)ৰ হত্যাকাণ্ডৰ বুপ্রিন্ট। বাহ্যিক দৃষ্টিত বাঁহবাৰী ৰেঞ্জ কার্যালয়টাে বন বিভাগৰ কাৰ্যালয় হিচাপে দেখা গ’লেও প্রকৃততে তথাকথিত মানাহ ব্যাঘ্ৰ সংৰক্ষণ প্রকল্পত কৰ্মৰত এনজিঅ’ নামধাৰী প্রাক্তন বিএলটি সদস্যসকলে ৰেঞ্জ অফিচটো ট্ৰেনজিট কেম্প হিচাপে ব্যৱহাৰ কৰি আহিছে। প্রাক্তন বিএলটিৰ আডিডাস্থলী ট্ৰেনজিট কেম্প বাঁহবাৰী ফৰেষ্ট ৰেঞ্জ অফিচৰ পৰাই নিয়ন্ত্রিত হয়। মানাহত চােৰাংকৈ গছ কটা, বিটিএডিত ধন দাবী, হত্যা-অপহৰণ আদি হিংসাত্মক ঘটনাৱলী৷ স্থানীয় সূত্রসমূহৰ মতে এই কার্যালয়টােলৈ অত্যাধুনিক মাৰণাস্ত্রৰে সুসজ্জিত যুৱক দলৰ অবাধ আহ-যাহ চলি থাকে। কেতিয়াবা সেনাৰ পোছাকত বৃহৎসংখ্যক অস্ত্ৰধাৰী যুৱকে তাত একেলগে সমৱেত হােৱাও অঞ্চলবাসীয়ে প্রত্যক্ষ কৰিছে। উল্লেখযোগ্য যে বিটিচিৰ দায়িত্বত থকা উপমুখ্য কার্যবাহী খাম্পা বৰগয়াৰীয়ে একাংশ প্রাক্তন বিএলটি সদস্যক এনজিঅ’ৰ কর্মকর্তা হিচাপে মানাহৰ ব্যাঘ্র প্রকল্পত নিয়োগ কৰি তেওঁলোকক ৰাজত্ব কৰাৰ লাইচেন্স প্রদান কৰিছে। আনহাতে বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া অমিয় কুমাৰ ব্ৰহ্মা খাম্পা বৰগয়াৰীৰ ঘনিষ্ঠ আত্মীয় হােৱা হেতুকে এনেধৰণৰ দুষ্কার্য বিনা দ্বিধাই কৰি যাব পাৰিছে।
১ মে’ৰ নিশা চলিছিল মদ-গাহৰি মাংসৰ আডিডা ঃ নৰসিংবাৰীৰ হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত হত্যাকাৰীৰ দলটাে উভতি আহিছিল বাঁহবাৰী ৰেঞ্জলৈ। সিদিনা নিশা কেম্পটােত ৩০-৩২জন প্রাক্তন বিএলটিৰ লোক মিলিত হৈ ভোজভাত খাইছিল। স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সিদিনা দিনৰ ভাগতে গাহৰিৰ মাংস আৰু মদ মজুত কৰি ৰাখিছিল কেম্পটােত আৰু এই সকলোবােৰৰ যোগান ধৰিছিল ৰেঞ্জাৰ অমিয় কুমাৰ ব্ৰহ্মই। সূত্ৰটােৰ মতে অমিয় কুমাৰ ব্ৰহ্মই এই সকলোবােৰ মেনেজ কৰি পিছদিনাৰ ঘটনাত কোন কোন যাব তাৰ তালিকা এখনাে প্রস্তুত কৰি দিছিল। বাক্সা আৰক্ষীৰ শীৰ্ষ সূত্রই সদৰী কৰা মতে ননকে খাগ্ৰাবাৰী বা নাৰায়ণগুৰিলৈ যাবৰ বাবে হত্যাকাৰী দলটােক বন বিভাগৰ নাও যোগান ধৰিছিল অমিয় কুমাৰ ব্ৰহ্মাই।
নেতৃত্বত ৰজেন-নামলাং ঃ নৰসিংবাৰী, নাৰায়ণগুৰি আৰু ননকে খাগ্ৰাবাৰীৰ সংখ্যালঘু হত্যা অভিযানৰ নেতৃত্ব লৈছিল। প্রাক্তন বিএলটি ৰজেন বড়ো আৰু নােমলাং বড়োৱে৷ উল্লেখ্য যে ১৯৯৪ চনতো এই সমগ্র অঞ্চলতে সংঘটিত হৈছিল এনে ভয়ংকৰ হত্যাকাণ্ড। বাঁহবাৰী ৰেঞ্জ অফিচৰ নিচেই ওচৰত থকা বাঁহবাৰী এম ই স্কুলত শিবিৰ পাতি থকা প্রায় অর্ধশতক সংখ্যালঘু লোকক জুলাই, গুলীয়াই, চােকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা হৈছিল। নাৰায়ণগুৰি, বাঁহবাৰী, ননকে খাগ্ৰাবাৰীকে আদি কৰি সমগ্র অঞ্চলটােৰ পৰা ৭২জনকৈ সংখ্যালঘু লোক নিহত হােৱা সেই হত্যাকাণ্ডটােৰাে নেতৃত্ব প্রদান কৰিছিল সেই সময়ৰ বিএলটি কেডাৰ ৰাজেন বড়ো আৰু নামলাং বড়োৱে। ইপিনে কুৰি বছৰ পাছতো অপৰাধৰ শাস্তি ভোগ নকৰাসকলেই নেতৃত্ব লৈ পুনৰ হত্যাযজ্ঞ সংঘটিত কৰিছে বুলি স্থানীয় প্রত্যক্ষদশী আৰু সূত্রসমূহৰ পৰা নিশ্চিত তথ্য লাভ কৰা হৈছে আৰু এই সন্ধৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান এজেন্সি (এন.আই.এ)য়ে বিগত তিনি বছৰে তদন্ত অব্যাহত ৰাখিছে।
ভূটানৰ “চােনীৰ আশ্রয় গ্রহণ হত্যাকাৰীৰঃ বিটিচিৰ একাংশ প্ৰভাৱশালী নেতাৰ সৈতে ঘনিষ্ঠ সম্পর্ক ভূটানৰ “চােনী’ নামৰ এগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াৰ। চােৰাংচােৱাৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে বিটিএডিত নৰসংহাৰ চলোৱা ঘাতক বাহিনীৰ অধিকাংশক বিটিচিৰ এগৰাকী নেতাই তেওঁৰ গাড়ীৰে ভূটানলৈ পলুৱাই পঠায়। বিটিচিৰ নেতাগৰাকীৰে ঘনিষ্ঠ সম্পর্ক থকা ভূটানৰ ছানদ্রুপ-জংখাৰ জিলাৰ প্রশাসনিক বিষয়াগৰাকীয়ে আশ্রয় প্রদান কৰিছে হত্যাকাৰী দলটােক।
মধ্যযুগীয় বর্বৰতাৰে চলাইছিল হত্যাকাণ্ডঃ হত্যাকাণ্ডৰ বৰ্বৰতাৰ কথা আগতেও কেইবাটাও লেখাত উল্লেখ কৰিছো। হত্যাকাণ্ড চলি থকা সময়ত পিতৃ-মাতৃক বিচাৰি ইফাল-সিফাল দৌৰি ফুৰা কণ কণ কেঁচুৱা শিশুসকলক পাৱাৰপাম্পত কোবাই হত্যা কৰাৰ লগতে বেঁকীৰ পাৰত থিয় হৈ শিশুসকলক দুখন ভৰিত ধৰি খুকুৰিৰে দুফাল কৰি হত্যা কৰি বেঁকী নদীত পেলাই দিছিল। হত্যাকাৰীৰ দলটােৱে।। গাৰ নোম শিয়ৰি উঠা এই ঘটনাবোৰ প্ৰত্যক্ষদশীয়ে গছৰ আৰি লৈ নাইবা নদীত প্ৰাণ বচাবলৈ সাঁতুৰি থাকি দেখা পাই আমি সাক্ষ্য গ্রহণ কৰাৰ সময়ত বৰ্ণনা কৰিছিল।
দুফাল কৰি মাৰিছিল এলিনাকঃ মধ্যযুগীয় বর্বৰতাকো চেৰ পেলাই হত্যাযজ্ঞ চলাইছিল নৰখাদকসকলে। ননকে খাগ্ৰাবাৰীৰ দুলাল মিঞাৰ চাৰি বছৰীয়া কন্যা এলিনা বেগমক খেদি খেদি ধৰি দুই ভৰি মেলি দুফাল কৰি হত্যা কৰিছিল। নৰখাদকে। এই বীভৎস কাণ্ডৰ কথা সদৰী কৰিছিল এলিনাৰ আত্মীয়ই। কিন্তু ৰহস্যজনক কাৰণত দুলালে এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি স্থানীয় লোকে জনাইছে। দুফাল কৰি হত্যা কৰি বেঁকীত পেলাই দিয়া হৈছিল এলিনাক। আনকি দুলালৰ পত্নী মজিন্না বেগম (৩৭)ক গুলীওৱাৰ পিছত নদীত জাঁপ দিছিল যদিও নদীত তাইৰ মৃতদেহহে উদ্ধাৰ হৈছিল।
গাঁতত লুকাই ৰক্ষা এলিজাৰঃ হত্যাকাণ্ডৰ সময়ত উপস্থিত বুদ্ধিৰ বলতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। কোনােবাই যদি মানাহৰ গছৰ আঁৰ লৈ নিজৰ জীৱন ৰক্ষা কৰিছিল, কোনােবাই আকৌ নদীৰ পাৰত গছ বাগৰি পৰি সৃষ্টি হােৱা গাঁতত আত্মগোপন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। গাঁওখনৰে এলিজা খাতুন নামৰ কিশোৰীগৰাকীয়ে এনেদৰে প্ৰাণ ৰক্ষা কৰাৰ লগতে তাইৰ লগত কেইবাটাও কেঁচুৱাই তেনেকৈ হত্যাকাৰীসকলৰ পৰা প্ৰাণ ৰক্ষা কৰিছিল বুলি জানিব পাৰিছিলো।

নদী সাঁতুৰি প্ৰাণ ৰক্ষা কৰিছিল দুকুৰি কিশোৰ-কিশোৰীয়ে ঃ বর্বৰ আৰু অমানৱীয় হত্যাকাণ্ডৰ পৰা নিজৰ জীৱনটােক ৰক্ষা কৰাৰ বাবে বেঁকী নদী সাঁতুৰি পাৰ হৈছিল দুকুৰি কিশোৰ-কিশোৰীয়ে। হত্যাকাৰীসকলে নদীৰ পানীতো ধাৰাসাৰে গুলী চলাই থকাৰ সময়তো তেওঁলোকে সাঁতুৰি পাৰ হৈছিল। খৰস্রোতা বেঁকী নদী। মহিদুল ইছলাম (১০), মকিবুল ইছলাম (৮), জলিল আলী (৬), জয়নাল আবদিন (১৪), জৰিনা বেগম (১০), ছুৰমান আলী (৭) আদি কিশোৰ-কিশোৰীয়ে আমাৰ আগত বর্ণনা কৰিছিল নৃশংস। সেই হত্যাকাণ্ডৰ দৃশ্যৰ কথা। নদীখন সাঁতুৰি পাৰ হােৱা এই কিশোৰ-কিশোৰীসকলৰ অধিকাংশই মাতৃ-ভাতৃ-ভনীক হেৰুৱাইছে। এই বর্বৰ হত্যাকাণ্ডত। তেওঁলোকৰ পৰাও কেইবাজনে চিনি পাইছিল। হত্যাকাৰী বিজিত, অনিল, কীর্তি, ৰজেনহঁতক।
বিজিত বড়োৱে মাতি আনিছিল হত্যাকাৰীকঃ বাঁহবাৰী ফৰেষ্ট ৰেঞ্জৰ বনকমী বিজিত বড়োৱে মাতি আনিছিল হত্যাকাৰীসকলক। বিজিত বড়ো হত্যাকাণ্ড সংঘটিত হােৱাৰ প্ৰায় আধা ঘন্টা পূর্বেই গাঁওখনলৈ গৈ উপস্থিত হৈছিল। তেওঁৰ আগমনত গাঁৱৰ মানুহ বিশেষ আতংকিত হােৱা নাছিল। কাৰণ তেওঁ ইয়াৰ আগতেও গাঁওখনলৈ সঘনে আহ-যাহ কৰিছিল। সেইদিনা তেওঁ গাঁওখনত উপস্থিত হৈ চিনাকি মানুহৰ লগত আলোচনা-বিলোচনা কৰিছিল। সমগ্ৰ গাঁও ঘূৰি চাই তেওঁ পুৰুষ মানুহৰ অনুপস্থিতিৰ কথা ফোন যোগে সতীর্থ হত্যাকাৰীসকলক জনাইছিল। এই কথা-বতৰাবোৰ নিজ কাণেৰে শুনিছিল নিহত মাজনী খাতুনৰ মাতৃ আজিৰন নেছাই। (কথাবােৰ মাজনী খাতুনৰ পিতৃ-মাতৃৰ মুখেৰে, ঘটনাৰ বাস্তৱ চিত্র’ শীর্ষক লেখাত ইতিপূর্বে বিস্তাৰিত ভাবে উল্লেখ কৰিছে)। বিজিত বড়ো নামৰ লোকজনে নিজৰ হাতেৰে গুলীয়াই মানুহক হত্যা কৰাৰ কথা প্রায় সকলোকেইজন প্রত্যক্ষদশীয়ে বর্ণনা কৰিছে। এই হত্যাকাণ্ডত বাঁহবাৰী ৰেঞ্জৰ বনকমী কীর্তি বড়ো, অনিল বড়ো, জগত বড়ো, বিজিত বড়ো, ৰজেন বড়ো আদিয়ে হত্যাকাণ্ড চলোৱাৰ কথা প্রত্যক্ষদশীসকলে আমাৰ আগত স্বীকাৰ কৰাৰ লগতে তেওঁলোকৰ লগতে কেইবাজনো সতীৰ্থৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে।
মুঠতে হত্যাকাণ্ডৰ আগত উত্তেজনাৰ সৃষ্টি কৰা বক্তব্য প্রদান কৰাৰ বাবে বিপিএফ নেত্রী তথা বিধায়িকা, তদানিন্তন প্রাক্তন মন্ত্রী, বর্তমানৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মা, হত্যাকাণ্ডৰ বুপ্রিন্ট ৰচনা কৰাৰ বাবে বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া অমিয় কুমাৰ ব্ৰহ্ম আৰু হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ প্রদান কৰা বিটিচিৰ উপ-কার্যবাহী খাম্পা বৰগয়াৰীও সমানে অপৰাধী বুলি ভুক্ত ভোগীসকলে গোচৰ বা এজাহাৰ দিছিল যদিও প্ৰভাৱশালী লোকসকল আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হৈছে। ওপৰত উল্লেখ কৰা বিষয়বোৰ আগত ৰাখি নিৰপেক্ষ আৰু উচ্চ পর্যায়ৰ তদন্ত ক্ষীপ্ৰতাৰে কৰিলে নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ল হেঁতেন চৰকাৰ-প্ৰশাসনে।
এই খিনিতে উল্লেখ কৰিব লাগিব যে ১৯৮০ চনৰ আগৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘু সকলক ধাৰাবাহিক ভাবে অত্যাচাৰ-উৎপীড়ণ অব্যাহত ৰখাৰ অংশ হিচাপে ১৯৮৩, ১৯৮৯-৯৪, ২০০৮, ২০১২ আৰু ২০১৪ চনত নির্বিচাৰে হত্যা কৰা কৰি থকা হ’ল। এইখিনিতে পুনৰ মনত পেলাই দিয়া উচিত যে এই সকলো হত্যাকাণ্ডৰ সময়ত ৰাজ্য আৰু কেন্দ্ৰত সেই একেই তথাকথিত সংখ্যালঘু দৰদীৰ চৰকাৰ আছিল। মন কৰিবলগীয়া যে সংখ্যালঘু সকলৰ সমস্যাকলৈ সততে ঘৰিয়ালৰ চকুপানী টােকা সেই শাসকগোষ্ঠীয়ে উপৰােক্ত কোনো এটা হত্যাকাণ্ডৰে সুবিচাৰ নকৰিলে।
গণতন্ত্রত ঘোৰ বিশ্বাসী সহজ-সৰল জনতাই বনাই দিয়া চৰকাৰৰ উচ্চপদস্থ মন্ত্রী-আমোলা, চৰকাৰী বিষয়া আৰু প্রশাসন যন্ত্ৰই সংখ্যালঘুৰ হত্যাকাৰীসকলক মুক্ত বিচৰণ কৰিবলৈ এৰি দিয়ে। কাৰণ আমাৰ জ্ঞান আৰু সাহসৰ অভাৱ। আমি মনত ৰখাটাে প্রয়ােজনবােধ নকৰাে যে— মোৰ মাতৃক পাষণ্ডসকলে কেতিয়া উলঙ্গ কৰিছিল, কেতিয়া মোৰ ভনী-বাইদেউক ধর্ষণ কৰিছিল আৰু কোন দিনা মোৰ সকলো আত্মীয়, সমস্ত সত্তাক হত্যা কৰিছিল।

(বিঃদ্রঃ লেখকৰ ‘বিষাদলেণ্ড নাৰায়ণগুৰি” নামৰ গ্ৰন্থৰ পৰা তথ্য সংগ্ৰীহিত)
একে প্ৰসঙ্গতঃ  Khagrabari to Baguriguri: The Shame Unlimited

http://www.ganaadhikar.com/04052017/hd/page4.html


বৰপেটাৰোড- ৯৪ ০১৯১৬২২৩


বাতৰি কাকতত প্ৰকাশঃ

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ