Tuesday, June 14, 2016

 
বলিয়া প্ৰেমৰ উন্মাদনা,
কলিয়া কবিতা,
মাথো তোমাৰ বাবে.....
‘তুমি কেৰছিন, মই শলিতাʼ
বহুবাৰ 
নিষ্ঠুৰ ধুমুহাৰ
প্ৰৱল আঁচোৰে 
চুই যায়
মোৰ কলিজা
আৰু কামি হাড়,
হাতীপটি চুৱলৈ
হেপাহ মোৰ
দুৰ্বাৰ
একোৱেই যেন নাই
অসাধ্য মোৰ
এই জনমত
ওমাল পৰস যদি
তোমাৰ হিয়াৰ
মাথো লাভ কৰো এবাৰ।।।

Monday, June 13, 2016

ডি ভোটাৰ সম্পৰ্কে প্ৰায়সকলো পঢ়ুৱৈ সমাজে জ্ঞাত যদিও আজি পুনৰ একলম লিখিব লাগিব বুলি মনে ধৰিছেঃ
‘ডি’ ভোট বাঘৰ দৰে, ভয়ংকৰ আৰু হত্যাকাৰী

কালি আমাৰ বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ সমীপত পদূলি এটাত বহিছিলো৷ দুদিন আগত মোৰ সাংগঠনিক সতীৰ্থ এজনে কৈছিল বোলে তেওঁলোকৰ গাঁওৰ মানুহে ডি ভোটাৰ সম্পৰ্কে কিছু কথা ৩ জুনত নৰসিংবাৰীত অনুষ্ঠিত হোৱা আমাৰ নাগৰিক সভাৰ জৰিয়তে জানিব পাৰিছে যদিও বক্তব্যৰ পৰা তেওঁলোকৰ মনৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাই৷ গতিকে মোৰ পৰা কথাবোৰ বিষদভাবে জানিব বিচাৰিছে৷ উক্ত গোৱৰ্ধনা গাওঁৰ লগতে আশে-পাশে প্ৰায় তিনিশ মান ডি ভোটাৰ আছে, যিসকলৰ প্ৰায় ৯৮ শতাংশ মানুহ অশিক্ষিত৷ অৰ্থাত্ কালি লগ পোৱা আশী গৰাকী ডি ভোটাৰৰ মাত্ৰ এজন মেট্ৰিক উত্তীৰ্ণ আৰু মাত্ৰ দুজনে নিজৰ চহী আঁকিবহে জানে, পঢ়িব বা লিখিব নাজানে৷ তেওঁলোকে ইতিপূৰ্বে বহু নেতাৰ ভাষণ শুনিছে যদিও কথাবোৰ স্পষ্ট হোৱা নাই৷
কিছু দিনৰ পৰা তেওঁলোক অস্বাভাৱিক ধৰণে আতংকিত হৈ পৰিছে৷
তেওঁলোক আতংকিত হোৱাৰ কাৰণ তলত দিয়াবোৰঃ
(১) ডি ভোটাৰ আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যাৰ বাদ পৰিব বুলি ইতিমধ্যে জাননী জাৰি কৰিছে।
(২) ডি ভোটাৰৰ উপৰিও বিষয়াই সন্দেহ কৰা যিকোনো ব্যাক্তি ও তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যাৰ বাদ পৰিব বুলিও ইতিমধ্যে জাননী জাৰি কৰিছে।
(৩) বিদেশী ন্যায়াধীকৰন / আদালতে বিদেশী বুলি ৰায় দিয়া সকল আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যা বাদ পৰিব বুলি জাননী জাৰি কৰিছে।
(৪) নাম, বয়স আদি ভুল থকা সকলৰ নাম বাদ পৰাৰ সম্ভাৱনা অতিকৈ বেছি কাৰণ Computer Generated Software য়ে ভুল নাম নাকচ কৰাৰ সম্ভাৱনা অধিক।
(৫) ভুল তথ্য বা নথি দিয়া সকল আৰু তেওঁলোকৰ সতি-সন্ততি আৰু পৰিয়ালৰ সদস্য/সদস্যা বাদ পৰিব তথা তেওঁলোকে আইন মতে শাস্তি পাব বুলি জাননী জাৰি কৰিছে।

পবিত্ৰ ৰমজানৰ ৰোজা ৰখা বাবে উপস্থিত হোৱা প্ৰায় চাৰিকুৰি ডি ভোটাৰৰ লগত কথা পতাত কিছু অসুবিধা হৈছিল যদিও উপস্থিত সকলৰ লগত যথা সম্ভৱ মতবিনিময় কৰি বহু ভয়ংকৰ কথা জানিব পাৰিছিলো৷ 
নিজৰ লগতে পৰিয়ালৰ নাম চলি থকা এনআৰচিৰ পৰা বাদ পৰাৰ ভয় তেওঁলোকৰ চকুত ফুটি উঠিছিল৷ পদূলিটোত প্ৰায় এশজন মানুহ উপস্থিত আছিল যদিও গছৰ পাত মাটিত সৰি পৰাৰ শব্দও কাণত পৰিব পৰা নিৰৱতা বিৰাজ কৰিছিল৷ 
চাকৰি-বাকৰি, ঠিকা-ঠুকুলি, পাৰ্মিট-লাইচেন্সৰ পৰা আৰম্ভ কৰি সমূহ সাংবিধানিক অধিকাৰ আৰু চৰকাৰী সকলো ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে নিজৰ প্ৰত্যাসিত নাগৰিকত্বৰ প্ৰতি প্ৰশ্নবোধক প্ৰত্যাহ্বান লৈ যিসকলে দিন ৰাতিবোৰ তীব্ৰ মানসিক যন্ত্ৰণাৰ মাজেৰে অতিবাহিত কৰে। তেওঁলোকৰ যন্ত্ৰণাকাতৰ অনুভূতিৰ তিক্ত সোৱাদ লাভ কৰিলো, সেমেকা চকুৰে......। 

দিন হাজিৰা অথা শিল-বালিৰ কুৱেৰিত কাম কৰি কোনোমতে জীৱন-জীৱিকা পাৰ কৰা এই সকল পুৰুষ-মহিলাই নিজে নজনাকৈ হঠাত্ D চিহ্নযুক্ত অভিসপ্ত ভোটাৰ তালিকাৰ লগত পৰিচিত হৈছিল। হাতত 51ৰ NRC, 65, 70 ৰ ভোটাৰ তালিকা লৈয়ো সন্দেহযুক্ত নাগৰিকৰ অভিসাপৰ পৰা মুক্তি লাভ কৰা নাই.......।
সাম্প্ৰতিক অসমৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতি আৰু একাংশ অতি জাতীয়তাবাদীৰ দীৰ্ঘম্যাদী ষড়যন্ত্ৰৰ বলি হোৱাৰ ভয়ত কম্পমান হৈ পৰিছে তেওঁলোক।
সেয়েহে D ভোটাৰ কি ? এই অভিসাপৰ পৰা কেতিয়া আৰু কেনেকৈ মুক্তি পাব ? এই অনুসন্ধিত্সাবোধক প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰিছিল তেওঁলোকে.........।
............

মই যিমানদূৰ পাৰো কথাবোৰ ৰাইজক বুজাইছিলো, এই সমস্যা সমাধান কৰাৰ বাবে বিদেশী ন্যাধীকৰণৰ বিকল্প নাই৷ কথাবোৰ জানিও বহুতে মানুহবোৰক ভুল পথে পৰিচালিত কৰে৷ অৰ্থাত্ বিদেশী ন্যায়াধীকৰণৰ পৰা জাননী নোপোৱালৈকে নিজে একো কৰাৰ প্ৰয়োজন নাই বুলিও এটি ভ্ৰান্ত ধাৰণা মানুহৰ মনত আছে৷ 

যিবোৰ কথাই মোক আঁচৰিত কৰিছিলঃ
১৷ আমাৰ হাতত ৫১ৰ এনআৰচি আছে, ৬৫ আৰু ৭০ৰ ভোটাৰ তালিকাও আছে, কোন পুলিচে ধৰিব, পুলিচে ধৰিব আহিলে আমি কাগজ দেখুৱাম৷-- এই কথাই প্ৰতিজন সচেতন মানুহৰ দৰে মোকো আঁচৰিত কৰিছিল৷ 
২৷ লগ পোৱা কেইবাজনৰ ঘৰলৈ বহুদিন পূৰ্বে এনে জাননি আহিছিল যদিও তেওঁলোকে ন্যাধীকৰণৰ দ্বাৰস্থ হোৱা নাছিল৷
৩৷ অধিকাংশ মানুহে কোনো ধৰণৰ জাননী পোৱা নাই৷
৪৷ সমস্যা জটিল হ’লেও সমাধানৰ পথ আছে৷ কিন্তু দুৰ্ভাগ্যজনক ভাবে আশাৰ ৰেঙনী বিচাৰি পাইয়ো ‘ডি’ ৰ সমাধানৰ বাবে প্ৰয়োজনীয় ভোটাৰ তালিকাৰ ফলিকপি যোগান একপ্ৰকাৰ বন্ধ কৰি ৰখা বৰপেটাৰ ডিচিৰ হঠকাৰী সিদ্ধান্তৰ শেহতীয়া বলি হৈ পৰিছে তেওঁলোক। বৰপেটা জিলাত ১৯৭১ চনৰ আগৰ আৰু ১৯৯৭ চনৰ পাছৰ ভোটাৰ তালিকাৰ ফলি কপি যোগানা ধৰে যদিও তেওঁলোকে ৭১ৰ পৰা ৯৬ চনৰ ভিতৰৰ ভোটাৰ তালিকাৰ ফলি কপি যোগান নধৰে৷ ফলত ডি ভোটাৰৰ গোচৰবোৰ সমাধান হোৱাত বাধা হৈ পৰিছে৷ 
৫৷ অবিভক্ত বৰপেটা জিলাৰ বহু অঞ্চল বাক্সা জিলাৰ অন্তৰ্ভূক্ত হোৱা বাবে এনেবোৰ ফলি কপিৰ বাবে বহু বিসংগতিৰ সৃষ্টি হৈছে৷ বাক্সা জিলাত যিহেতু এতিয়ালৈকে কোৰ্ট-কাচাৰি গঢ়ি উঠা নাই সেই বাবে এই ফলিকপি সমূহ পূৰ্বৰ জিলাৰ পৰাই লাভ কৰিবলৈ বাক্সা জিলা প্ৰশাসনে পৰামৰ্শ প্ৰদান কৰে যদিও বৰপেটাৰ দুৱাৰে দুৱাৰে ঘূৰিও ফল পোৱাৰ ক্ষেত্ৰত হেজাৰ যন্ত্ৰণা৷








Thursday, May 12, 2016

Image result for romantic alone girl for poem
তুমি যেতিয়া আছিলা হৃদয়ৰ গহ্বৰত লুকাই
নীলা নীলা তোমাৰ চকুত
ফৰকাল আকাশৰ ছবি আঁকিছিলো
কঁহুৱা কোমল শুভ্ৰ জোনাকৰ কোলাত,
হাবটি থৈছিলো এবুকু আশা
নীলাখামৰ উজাগৰি সপোনত,
আকাশ খন চঞ্চল হৈ পৰিছিল
আৰু সৰি পৰিছিল শাৰদীয় জোনাক
হৃদয়ৰ ৰঙাদলিচা বগাই বগাই আলফুলকৈ,
তেতিয়া নাছিল দুখৰ ডাৱৰ
কলঙ্কিত হোৱা নাছিল বেলিৰ মুখ।
ছোনামী হৈ হঠাত্ নামিছিল যন্ত্ৰণা
মোৰ বুকুৰ মৰুভূমিলৈ,
যেতিয়া তুমি আঁতৰি গৈছিলা
নিহঙ্গতাৰ ডাৱৰে ছানি ধৰিছিল মোৰ পৃথিৱী,
চিগাৰেটৰ ধূৱাৰে আবৃত হৈ পৰিছিল বেলিৰ মুখ
আৰু মই মাজ নিশাৰ জাগ্ৰত প্ৰহৰী হৈ
ধূৱাৰ ৰঙেৰে আঁকিছিলো
পাই হেৰুৱাৰ হাজাৰ ৰামধেনু
আৰু ব্যৰ্থ প্ৰেমৰ উপাখ্যান,
নিশা গভীৰ হৈ আহিছিল আৰু
তোমাক হেৰুৱাৰ নিষ্ঠুৰ ছবিবোৰে
খুটি খুটি খাব ধৰিছিল মোক,
চিগাৰেটৰ ধূৱাবোৰ মেঘহৈ
তোমাক ঢাকি ৰাখিছিল
আৰু মোক ঠেলি আছিল
শেষ যাত্ৰাৰ পথলৈ।
নিশা গভীৰ হৈ আহিছে
বতাহৰ কোলাত হাঁহিছে শেৱালীৰ গোন্ধ,
আৰু তোমাৰ কঁপাহি কোমল খোজত
খহিছে টোপনিৰ মায়াজাল,
তুমি সূৰুজৰ হেঙুলীয়া ৰশ্মি হৈ
নামি আহিছা মোৰ বুকুলৈ
শত-সহস্ৰ চেঁচা মলয়া হৈ
হৃদয়ৰ খিৰিকি খুলি
প্ৰেৰণাৰ বাৰ্তা লৈ।
এতিয়া পুনৰ তোমাক বিচাৰি পাইছো
অৱশ্যে তোমাৰ ওঁঠলৈ চাই
মোৰ ওঁঠৰ পৰা
সৰি পৰিছে চিগাৰেট।
কিন্তু তুমি নাথাকিলে পুনৰ
বেদনাৰ ঘৰ সাজিম বুকুত।।




Shajahan Ali Ahmed

Friday, December 25, 2015

মোৰ হাতত পঞ্চাচ পইচা অহাৰ লগে লগে ঘোৰামাৰা বজাৰৰ নয়ন দাৰ দোকানলৈ গৈছিলো, এখন মাহেকীয়া আলোচনী এদিনৰ বাবে ভাড়াত আনিবলৈ, নয়ন দাক তিনি টকা এটা এডভান্স জমা দিয়া আছিল। স্কুললৈ যোৱা সময়ত দেউতাই দিয়া এটকা দহ দিনলৈ গোটাই থৈ এখন সৰু উপন্যাস কিনিছিলো। মোৰ প্ৰাণৰ বন্ধু স্বাহ আলমক সদায় কৈছিলো - জীৱনত মানুহৰ লগত দুটা পথেৰে চিনাকি হোৱাটো পছন্দ কৰো ১৷ অভিনেতা, ২৷ লেখক।
তেওঁ মোক প্ৰথম অৱস্থাত ঠাট্টা কৰিছিল। সেইবাবে মোৰ কবিতা, গল্প আদি লিখাৰ পিছত তেওঁকেই প্ৰথম পঢ়িব দিছিলো। ক্ৰমশঃ তেওঁ মোক উত্সাহিত কৰিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই অসমীয়া খবৰৰ মৌ-মেলত মোৰ প্ৰথমটো কবিতা প্ৰকাশ হৈছিল। মোৰ এজন দাদা আলী আকবৰে তেতিয়া জীৱনৰ প্ৰথমটো উপহাৰ হিচাপে আব্দুচ ছামাদ আহমেদৰ ʼকবিতাৰ ঠিকনাত এখন চিঠিʼ নামৰ কবিতা পুথি আনি দিছিল।
আন এগৰাকী দাদা আলী হুছেইনে(সকলোতকৈ ডাঙৰ হাবে তেওঁক ʼমিয়া ভাইʼ বুলি মাতো) আকৌ মোক ডক্টৰ বনোৱাৰ সপোন ৰচি নৱজ্যোতি মহাবিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তিকৰণ কৰাইছিল আৰু হোষ্টেললৈ যোৱাৰ আগত কাণত ধৰাই কবিতা নিলিখাৰ প্ৰতিজ্ঞা কৰাইছিল, কাৰণ মেট্ৰিতৰ ৰিজাল্টৰ আগতেই মোৰ কবিতা পুথি প্ৰকাশ পাইছিল। এই পুথিখনেই হেনো মোৰ ভাল ৰিজাল্টৰ হেঙাৰ আছিল যাৰফলত নেকি ফাস্টডিভিজন পোৱা নাছিলো। কিন্তু হোষ্টলৰ মনিটৰ মহিৰ দাই মেজমেলত এদিন অপ্ৰত্যাহিত ভাবে ঘোষণা কৰিছিল মই হোষ্টেলৰ বডাৰ হৈ থাকিবলৈ হʼলে পুনৰ বোলে কবিতা লিখিব লাগিব। তেতিয়াই বুকুৰ ভিতৰত জমা হৈ থকা বেদনা ফাটি উলাইছিল। সেইদিনাই বোধহয় মানুহৰ আগত প্ৰথমবাৰৰ বাবে মুকলিকৈ উচুপি উঠিছিলো...........।
তেতিয়া ডায়েৰিৰ পাতত লিখিছিলো ʼমনৰ বিৰুদ্ধে যোৱা বহু কঠিনʼ।
হায়াৰ ছেকেণ্ডৰীত দাদাৰ আশা পূৰণ হʼব পৰাকৈ ৰিজাল্ট হোৱা নাছিল। সেইবাবেই মূলত অসমীয়া মেজৰ লৈ জিএলচিত নাম ভৰ্তি কৰাইছিলো, মোৰ মনৰ সপক্ষে।
কলেজখনৰ বছৰেকীয়া আলোচনী সম্পাদকৰ দায়িত্বও পালো....... আৰু বিএ পাছ কৰিলো, বিশেষ কাৰণ আৰু পৰিস্থিতিত গুৱাহাটীৰ হাতীগাওঁত থাকি কম্পিউটাৰৰ কাম কৰিব লগা হʼল। তাৰ মাজতেই কবিতা চৰ্চাও চলি আছিল। এনেতে বৰপেটাত পাইলট প্ৰজেক্টৰ কাম চলি থকাত আমছুৰ নেতৃত্বত বিশাল আন্দোলনটো হৈছিল, যʼত চাৰিজন আমছুৰ কৰ্মী-সমৰ্থক স্বহীদ হৈছিল। ..... সংখ্যালঘু জাতীয়তাদৰ প্ৰতি আগ্ৰহ তীব্ৰতৰ হৈছিল, অধ্যয়ন কৰাৰ প্ৰয়োজনিয়তা বোধ কৰিছিলো।
..... গুৱাহাটীত থকা নহʼল। গাওঁলৈ উভতি আহিলো।
.... আৰু আমছুৰ কৰ্মী হিচাপে ৰাজপথলৈ ওলাই আহিলো।......



---- এতিয়াও ৰাজপথতেই।
শৈক্ষিক, ৰাজনৈতিক, আৰ্থনৈতিক ভাবে প্ৰতাৰিত এই জনগোষ্ঠীটোৰ হৈ মাত মাতিবলৈ গৈ বহুবাৰ ঘৰৰ শত্ৰুৰ ইতিকিং সহিছো.....। তথাপিও আৰু বহু কৰিবৰ মন যায়...। এতিয়াও যে একোয়ে কৰা হোৱা নাই..........।


কিন্তু আগৰ সেই সোণালী দিনবোৰলৈ উভতি যাব মন যায়।
স্কুলৰ নাট্যাভিনয় আৰু কাকতৰ পাতত কবি হিচাপে নিজৰ নামটো ছপা আখৰত চোৱাৰ হেপাহ জন্মাৰ স্মৃতিয়ে হাত বাউল দি মাতে।


মোৰো সঁহাৰি দিবলৈ মন যায়।
কিন্তু হেয়া জানো সম্ভৱ ? আৰু সঠিক ?

Sunday, November 15, 2015

কালিৰ দিনটোত দুখন শিশু সমাৰোহ উদযাপনৰ নিমন্ত্ৰণ ৰক্ষা কৰি কিছু অনুভৱ ব্যক্ত কৰাৰ লোভ সামৰিব নোৱাৰিলোঃ

সদায় সংগ্ৰাম ভাল নালাগে৷
গতানুগতিক হৈ দিন পাৰ কৰাৰ মজাই বেলেগ৷
কৈশোৰত যেনেদৰে উদযাপন কৰিছিলো দিনবোৰ আৰু ৰাতিবোৰ৷
অৱশ্যে মোৰ শৈশৱ বহু যন্ত্ৰণাদায়ক আৰু বিৰহৰ আছিল
মোৰ ৫ বছৰ বয়সতে নিজৰ ঘৰখনৰ পৰা বহু আঁতৰত থাকিব লগা হৈছিল...
মোৰ এতিয়াও মনত পৰে ১৯৯৪ চনৰ বিভিষিকাৰ কথাযেতিয়া
 মোৰ খেলাঘৰ, মোৰ মা, দেউতা দাদা, বাইদেও
আৰু মোৰ অতি মৰমৰ কণমানি ভন্টিৰ পৰা বহুযোজন আঁতৰত থাকিব লগা হৈছিল,
আমাৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল.......
মই সদায় ভয় কৰা ছাগলীজনীও হেৰুৱাই পেলাইছিল.....
গুলিবিদ্ধ হৈ মোৰ মামাৰ মৃত্যুৰ দিনা খন বহুত কান্দিছিলো.....
ওফ....................................
এইবোৰ মনত পৰাৰ পাছতো ‘সদায় সংগ্ৰাম ভাল নালাগে’ বুলি ক’ব পাৰি নে ???
আচলতে সংগ্ৰাম তেজতেই থাকে.....
নকৰো নকৰো বুলি প্ৰতিশ্ৰুতি কৰিও ৰক্ষা কৰা নাযায়
সেইবাবেই সংগ্ৰাম সদায় অব্যাহত থাকিব৷
মোৰ শৈশৱৰ দৰে আৰু কাৰো শৈশৱ বাধাগ্ৰস্থ নহঁওক....
অশান্তিৰ ক’লা ধুৱাৰ বিৰুদ্ধে শান্তিৰ শুভ্ৰ জোনাকৰ বাবে
সংগ্ৰাম হওঁক সৰ্বজনৰ বাবে অধিকাৰৰ সংগ্ৰাম৷৷

Tuesday, November 3, 2015

অসমৰ ভাষা অসমীয়া। এই অসমীয়া ভাষা এটা সুপ্ৰাচীন ভাষা। ই আৰ্য গোষ্ঠীৰ ভাষা। আৰ্যসকল অসমলৈ অহাৰ আগতে ই অনাৰ্য গোষ্ঠীৰ বাসস্থান আছিল। প্ৰাচীন ভাৰতীয় আৰ্যভাষা বিশেষ ক্ৰম পৰিবৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম, একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। আগতে উল্লেখ কৰা হৈছে যে অসমত অনাৰ্য গোষ্ঠীয়ে বসবাস কৰিছিল আৰ্যসকল অহাৰ আগেয়ে। গতিকে ইয়াত বাস কৰা তিব্বতবৰ্মী আৰু অষ্ট্ৰিকসকলৰ ভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ আৰু ঘৰুৱা বহু শব্দ অনাৰ্য ভাষাৰ পৰা আহিছে। আদিম ভাষাৰ সংস্পৰ্শত আৰ্য ভাষাই কৌলীন্য হেৰুৱাই ই দ্ৰুত গতিত পৰিবৰ্তিত হ’বলৈ ধৰিলে।
প্ৰাচীন কামৰূপৰ ৰজাসকল দানৱ বা অসুৰ বুলি পৰিচিত হ’লেও তেওঁলোকে আৰ্য ভাষাৰ প্ৰসাৰত বিশেষ গুৰুত্ব দিয়ে। কালিকা পুৰাণৰ মতে নৰকাসুৰে প্ৰথমতে কিৰাতসকলক পূৰ্বে পূবে দিক্কৰবাসিনী আৰু দক্ষিণে সাগৰৰ ফালে খেদি দক্ষিণে সাগৰৰ ফালে খেদি কামৰূপত ব্ৰাহ্মণ আৰু উচ্চবৰ্ণৰ লোকসকলক প্ৰতিষ্ঠা কৰি ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰসাৰ ঘটায়। ব্ৰাহ্মণ্য ধৰ্মৰ বিস্তাৰ হোৱাৰ লগে লগে আৰ্য ভাষা অসমৰ প্ৰধান ভাষা হিচাপে চলিবলৈ ধৰিলে।
ভাৰতীয় আৰ্য ভাষাগোষ্ঠীক তিনিটা স্তৰত ভাগ কৰা হয়।
১)প্ৰাচীন ভাৰতীয় আৰ্য ভাষা।
২)মধ্য ভাৰতীয় আৰ্য ভাষা।
৩)নবীন ভাৰতীয় আৰ্য ভাষা।
বৈদিক আৰু সংস্কৃত ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা। পালি প্ৰাকৃত আৰু অপভ্ৰংশই মধ্য ভাৰতীয় আৰ্য ভাষা আৰু আধুনিক কথিত আৰ্য গোষ্ঠীৰ ভাষাসমূহেই তৃতীয় স্তৰৰ নবীন আৰ্য ভাষা।
প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ধ্বনিগত আৰু ব্যাকৰণগত পৰিবৰ্তন লাভ কৰি প্ৰাকৃত আৰু অপভ্ৰংশৰ মাজেদি আধুনিক ভাৰতীয় আৰ্য ভাষাত পৰিণত হৈছে। এই স্তৰবোৰ এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পাৰি।
ক)বৈদিক সংস্কৃত ভাষাৰ স্তৰ:
বৈদিক ভাষা আৰু সংস্কৃত ভাষাই হ’ল প্ৰথম স্তৰৰ ভাষা। বৈদিক ভাষাক কথিত ভাষাৰ সমন্বয়ত পৰিমাৰ্জিত ৰূপদান কৰিলে সংস্কৃত ভাষাই। সংস্কৃত ভাষা অভিজাত আৰ্যসকলৰ সাহিত্য-সংস্কৃতিৰ মাধ্যম ৰূপে প্ৰসিদ্ধি লাভ কৰি সৰ্বভাৰতীয় সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠিত হয়।
খ)প্ৰাকৃত ভাষা:
বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য ভাষা ক্ৰমে পৰিবৰ্তিত আৰু সৰল হৈ প্ৰাকৃত ভাষা ৰূপে পৰিগণিত হয়। প্ৰাকৃতৰ স্তৰ ৰূপ তিনিটা:
১)আদি প্ৰাকৃত
২)মধ্য প্ৰাকৃত
৩)অন্ত্য প্ৰাকৃত
১)অশোকৰ শিলালিপি, পালি ভাষাত লিখা ত্ৰিপিটক আদি বৌদ্ধ শাস্ত্ৰত আদি প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
২)সংস্কৃত নাটৰ ব্যৱহৃত হোৱা প্ৰাকৃত, হালৰ গাথা সপ্তশ্ৰতী, বাকপতিৰাজৰ গৌৰবহো, প্ৰবৰ সেনৰ সেতুবন্ধন আৰু জৈন ধৰ্ম গ্ৰন্থত মধ্য প্ৰাকৃতৰ নিদৰ্শন পোৱা যায়।
৩)অন্ত্য প্ৰাকৃত বুলিলে অপভ্ৰংশক বুজায়। অন্ত্য প্ৰাকৃতৰ সাহিত্যৰ নিদৰ্শন হ’ল বজজালগগ, সন্দেশৰাসক। সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দোহাবোৰৰ ভাষাও অৰ্বাচীন অপভ্ৰংশ বুলি ধৰা হয়। বিদ্যাপতিৰ ‘কীৰ্তিলতা’ আৰু ‘কীৰ্তি পতাকা’ত অপভ্ৰংশৰ অন্য এক প্ৰকাৰৰ নমুনা পোৱা যায়।
প্ৰাকৃত ভাষাৰ চাৰিটা আঞ্চলিক ৰূপ পোৱা যায়। সেইবোৰ হ’ল-
পূৰ্বাঞ্চলৰ- মাগধী
মধ্যদেশৰ- শৌৰসেনী
দক্ষিণ পশ্চিমাঞ্চলৰ- মহাৰাষ্ট্ৰী
উত্তৰ পশ্চিমাঞ্চলৰ- পৈশাচী।
মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হয় প্ৰাচ্য অপভ্ৰংশ। ভাষাতত্ত্ববিদ, পণ্ডিত ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হোৱা প্ৰাচ্য অপভ্ৰংশৰ চাৰিটা শাখাৰ কথা উল্লেখ কৰিছে। সেই শাখা কেইটা হ’ল-
১)ৰাঢ়: ইয়াৰ পৰা পশ্চিমবঙ্গৰ উপভাষাৰ সৃষ্টি হয়।
২)বৰেন্দ্ৰ: ইয়াৰ পৰা উত্তৰ মধ্যবঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৩)বঙ্গ: ইয়াৰ পৰা পূৰ্ববঙ্গৰ উপভাষাৰ সৃষ্টি হৈছে।
৪)কামৰূপ: এই কামৰূপী প্ৰাচ্য অপভ্ৰংশৰ পৰাই অসমীয়া আৰু উত্তৰবঙ্গৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ আদি অঞ্চলত কথিত ভাষাৰ সৃষ্টি হৈছে।
অসমীয়া ভাষাই খ্ৰীষ্ট্ৰীয় দশম শতিকাৰ মাজভাগৰ পৰা স্বকীয় ৰূপ ল’বলৈ আৰম্ভ কৰে। প্ৰসিদ্ধ চীনা পৰিব্ৰাজক হিউৱেনচাঙে তেওঁৰ বিৱৰণীত লিখিছে যে কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাৰ পৰা কিছু পৃথক আছিল। তেওঁ অসমীয়া ভাষাৰ স্বকীয়ত্ব লক্ষ্য কৰিয়েই এই ধৰণৰ মন্তব্য আগবঢ়াইছিল।
প্ৰাচীন কামৰূপৰ ৰজাবিলাকৰ তাম্ৰশাসনত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। গাঁৱৰ নাম, নদীৰ নাম আৰু মানুহৰ নামৰ প্ৰয়োগত অসমীয়া ৰূপৰ প্ৰথম নিদৰ্শন পোৱা যায়। শাসনাৱলীৰ ভাষা সংস্কৃত হ’লেও সেই সময়ত চলা প্ৰাকৃতৰ নমুনা আৰু স্থান বিশেষে অসমীয়ালৈ ৰূপান্তৰিত হ’ব ধৰাৰ লক্ষণ তাত পৰিলক্ষিত হয়। ড° বেনীমাধৱ বৰুৱাই এই প্ৰসঙ্গত কোৱা এষাৰ কথা প্ৰণিধানযোগ্য- প্ৰাক আহোম যুগৰ কামৰূপৰ তামৰ ফলি আৰু শিলালেখাবোৰত প্ৰাকৃতৰ নিদৰ্শন আছে। সেইবোৰে খ্ৰীষ্ট্ৰীয় ৬ষ্ঠ- ১২শ শতিকাত প্ৰচলিত উপভাষাৰ ৰূপ আৰু প্ৰাকৃতৰ আভাস দাঙি ধৰে বুলি ক’ব পাৰি। ৰাজকীয় ভূমিদান সম্পৰ্কীয় ফলিবোৰত বিশুদ্ধ সংস্কৃত ভাষাত লেখিবলৈ যত্নৰ ক্ৰুটি নকৰা সত্ত্বেও কিছুমান অপ্ৰচলিত ৰূপ সোমাই পৰিছিল। ই হয়তো স্থানীয় লেখকসকলৰ নাইবা তক্ষকাৰসকলৰ নাইবা দুয়োৰে অসাৱধানতাৰ ভুল।
অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। ইয়াত কামৰূপী ভাষাৰ ৰূপতাত্ত্বিক নিদৰ্শনবোৰৰ নমুনা পোৱা যায়। ইয়াতে অসমীয়া ভাষাই এটা সুন্দৰ ৰূপ লৈছে বুলি ক’ব পাৰি। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোণ, ভাল, গোহালি, আজি, উজুবাট, সৰু, মিছা, নৈ আদি শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়।
চৰ্যাপদৰ সময়ৰ পাছত বিশেষকৈ ত্ৰয়োদশ শতিকাৰ পূৰ্বাৰ্ধৰ পৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বিকাশৰ প্ৰধানকৈ দুটা স্তৰ দেখা যায়। এটা সোতৰ শতিকালৈ আৰু আনটো তাৰ পিছৰ পৰা। অসমীয়া ভাষাটোৱে প্ৰথমতে পশ্চিম অসমত প্ৰবেশ কৰি সুকীয়া ভাষাৰূপে গঢ় লয়। সময়ত এই অঞ্চলৰ ভাষাত সাহিত্য ৰচিত হ’বলৈ ধৰে। এই ভাষাটোকে কামৰূপীয় ভাষা বোলে। চৰ্যাপদৰ পাছত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় প্ৰাচীন অসমীয়া সাহিত্যত। এই ক্ষেত্ৰত প্ৰথমে উল্লেখনীয় হ’ল মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা। ইয়াৰ লগতে ‘শ্ৰীকৃষ্ণ কীৰ্ত্তন’ৰ ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ পূৰ্বভাৰতৰ ভাষাৰ লগত থকা সম্পৰ্কৰ কথা দৃঢ়তাৰে ঘোষণা কৰে। সেইবাবেই অনুমান হয় কামৰূপী ভাষাটো গোটেই ৰাজ্যজুৰি কথিত আৰ্য ভাষা আছিল। তেতিয়া গোটেই অসম উপত্যকা আৰু উত্তৰবঙ্গৰ উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল।
সোতৰ শতিকালৈ কথিত আৰু লিখিত সাহিত্যত স্থান অধিকাৰ কৰা কামৰূপী ভাষাৰ পৰিসৰ কমি ই উপভাষালৈ পৰিবৰ্তিত হ’ল। বৰ্তমান কালত কামৰূপ জিলাৰ উপভাষা বা কথিত ভাষাটোৱে কামৰূপীয় উপভাষা। অসমীয়া ভাষাৰ গঠন আৰু বিকাশত ইয়াৰ মূল্য যথেষ্ট। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈষ্ণৱ-অবৈষ্ণৱ সকলো কবিৰ ৰচনাত এই ভাষাৰ ধ্বনিগত, ৰূপগত আৰু শব্দগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায়। মধ্যযুগৰ বুৰঞ্জীবোৰতো এই উপভাষাৰ প্ৰভাৱ স্পষ্ট।
“আকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল।
বঙ্গালে খাইবাক নপাই গড়ৰ ভিতৰতে শুখাই
মৰে………তাহনাৰ মুখত আহনাৰ সঙ্গে।
তেবে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মাৰিছাহ।
অসমৰ সামূহিক কাৰ্য চলোৱাৰ বাহন ৰূপে এই ভাষা প্ৰাচীন কালৰ পৰা চলি আহিছে। সোতৰ শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়।
বৰ্তমান গুৱাহাটী কেন্দ্ৰিক অসমীয়া সাহিত্য-সংস্কৃতিত এই ভাষাটোৰ কিছু পৰিবৰ্তন সাধিত হৈছে। শিৱসাগৰ অঞ্চলৰ উপভাষাটোৰ ওপৰত আকৃতিগত ভাৱে ভিত্তি কৰিলেও ভাষাটো গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ উপভাষাৰ দ্বাৰাও প্ৰভাৱিত হৈছে।
সাম্প্ৰত্তিক অসমীয়া ভাষা পৰ্বত-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ উমৈহতীয়া সম্পদ আৰু প্ৰকাশৰ বাহন। ইয়াৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব আন আন জাতিসত্তা আৰু উপভাষাবোৰক সামৰি ল’বলৈ কৰা ইয়াৰ প্ৰয়াসৰ ওপৰত। এইটো কথাও মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰীয় অখণ্ডতা অসমীয়া ভাষাৰ অখণ্ডতা ৰক্ষাৰ যোগেদিহে সম্ভৱপৰ হ’ব।

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ