Sunday, March 24, 2019

 ভোটদান বাধ্যতামূলক কৰাৰ বাবে বিভিন্ন সময়ত প্ৰচেষ্টা চলোৱা হৈছে৷ এই প্ৰচেষ্টা বিভিন্ন সময়ত ব্যৰ্থ হৈছে যদিও বিষয়টো আলোচনাৰ প্ৰয়োজন আছে৷ বহু লোকে ভোটদানৰ দৰে পবিত্ৰ কৰ্তব্য পালন কৰাত অবহেলা কৰে৷ এই অৱহেলা বিশেষ ভাবে শিক্ষিত লোকৰ মাজত গা কৰি উঠা দেখা যায়৷ ইয়াৰ বিপৰীতে অৰ্ধ শিক্ষিত বা অশিক্ষিত, দৰিদ্ৰ লোকে বহিঃ ৰাজ্যত বা বহিঃ ৰাষ্ট্ৰত কৰ্মৰত হৈ থৈকিলেও একমাত্ৰ ভোটদানৰ বাবেই হাজাৰ হাজাৰ টকা ব্যয় কৰি ঘৰলৈ আহে৷ এই ভোটদানৰ প্ৰৱনতা  ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত অধিক৷ ভোটদান নকৰিলে ভোটাৰ তালিকাত নাম কৰ্তন অথবা ডি ভোটাৰ হোৱাৰ ভয়ানক সপোনে খেদি ফুৰে সংখ্যালঘু দৰিদ্ৰ লোকক৷ তাৰ লগতে ভোটদান নকৰিলে নাগৰিকৰ কৰণীয়ত কেৰুণে ধৰিব বুলিও বহুতৰে ধাৰণা৷

 নেলীৰ গণহত্যা হোৱাৰ অন্তৰালত ভোটদানেই আছিল মূল কাৰণ৷ অসম আন্দোলনৰ কৰ্মী-সমৰ্থকসকলে ১৯৮৩ ৰ নিৰ্বাচন বৰ্জন কৰাৰ বাবে আহ্বান জনাইছিল যদিও সংখ্যালঘু লোকে তদানিন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আহ্বান মৰ্মে আৰু অভয়বাণী সাৰোগত কৰি ভোটদান কৰিছিল৷ ফলশ্ৰুতিত প্ৰাণ দিব লগা হৈছিল প্ৰায় তিনি সহস্ৰাধিক লোকে৷ নিৰ্বাচনত ভোটদান নকৰিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ব বুলি নাইবা ডি ভোটাৰ সজোৱা হ’ব পাৰে বুলি একাংশ জাতীয় (?) নেতাই ভূৱা প্ৰচাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক ভয় দেখুৱাই ভোট বেংকৰ ৰাজনীতি কৰা লোকসকলৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে৷  

বিভিন্ন সময়ত এনে চেষ্টা বিফল হয়৷ ভোটদানৰ বিষয়লৈ বহু ৰাজ্যতেই সৰব চৰ্চা চলে৷ চৰকাৰী ভাবে ভোটদানৰ প্ৰতি জনতাক আগ্ৰহী কৰোৱাৰ আঁচনি লোৱা হয়৷ এয়া নিঃসন্দেহে গণতন্ত্ৰৰ বাবে দৰকাৰী৷ কিন্তু এই ভোচদান বাধ্যতামূলক কৰা অযুক্তিকৰ৷ কিন্তু ভোটদান বাধ্যতামূলক কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে৷ নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকা সময়ত গুজৰাটত ভোটদান বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা কৰা হৈছিল৷ গুজৰাট বিধানসভাত ‘গুজৰাট লোকাল অথৰিটিজ ল‘জ (এমেণ্ডমেন্ট) বিল, ২০০৯’ গৃহীত কৰা হয়৷ কিন্তু তদানীন্তন ৰাজ্যপাল কমলা বেনিওয়ালে বিলত সম্মতি নিদি উভতাই পঠায়৷ সেয়াই নহয় কিয় এই বিলত সন্মতি দিয়া নাযায় সেই সম্পৰ্কে তেওঁ লিখি জনাই উত্তৰ দিয়ে- “ভোটাৰক ভোট দিবলৈ বাধ্য কৰোৱা ব্যক্তি স্বাধীনতাৰ পৰিপন্থী” বুলি৷  এই বিলৰ কোনো পৰিৱৰ্তন নকৰি গুজৰাট বিধানসভায় বিলটো পুনৰায় ৰাজ্যপাললৈ পঠায়, বেনিওয়ালে বিলটোক উলমাই ৰাখে৷ কিছুদিন পিছত ৰাজ্যপালৰ পৰিৱৰ্তন হৈ ও পি কোহলিয়ে উক্ত বিলত সন্মতি প্ৰদান কৰে৷ তাৰ পৰৱৰ্তী সময়ত গুজৰাট চৰকাৰে উক্ত বাধ্যতামূলক ভোটদানৰ বিল সম্পৰ্কত চাৰ্কোলাৰ জাৰি কৰি ভোটদান নকৰা লোকৰ পৰা ১০০ টকা জৰিমনা আদায় লোৱা হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ বিৰুদ্ধে আইনজীৱী কে আৰ কোষ্ঠীয়ে গুজৰাট উচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ উক্ত ৰায়দানত গুজৰাট হাইকোৰ্টে কয় যে ‘ভোটদানৰ অধিকাৰৰ মাজতেই ভোট নিদিয়াৰো অধিকাৰ নিহিত হৈ আছে৷’ গুজৰাট হাইকোৰ্টত মোদীৰ গুজৰাট চৰকাৰে মুখথেকেচা খায়৷ উচ্চ ন্যায়ালয়ে উক্ত বিল স্থগিত কৰে৷ 

ভোটদান বাধ্যতামূলক কৰাৰ প্ৰবল ইচ্ছা শক্তি থকাৰ বাবেই হয়তো প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰততেই এই বিল অনাৰ প্ৰয়াস কৰিছিল৷ চৰকাৰী ভাবে নহ’লেও বাধ্যতামূলক ভোটদান সংক্ৰান্তত বিহাৰৰ মহাৰাজগঞ্জৰ বিজেপি সাংসদ জনাৰ্দন সিং সিগৰিওৱালে লোকসভাত এই বিল উত্থাপন কৰে৷ এই সিগৰিওৱাল জেষ্ঠ নেতা, তেওঁ বিহাৰৰ বিধানসভাত চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ লোকসভাত ভোটদান বাধ্যতামূলক কৰিব বিচৰা বিলখনত কোৱা হয় যে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচন আয়োগে ১৮ হাজাৰ কোটি টকা খৰচ কৰাৰ পাছতো ৩৪ শতাংশৰো  অধিক লোকে ভোটদান কৰা নাই৷ সিগৰিওয়ালে যিসকলে ভোটদান নকৰিব তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ তেওঁৰ বিলত থকা প্ৰস্তাৱ অনুসৰি যিসকলে ভোটদান নকৰিব তেওঁৰ পৰা ৫০০ টকা জৰিমনা লোৱা বা দুই দিনৰ কাৰাদণ্ড দিয়া বা ৰেচনকাৰ্ড বাজেয়াপ্ত হ’ব পাৰে বা পৰৱৰ্তী সময়ত নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিব নোৱাৰিব বা চৰকাৰী মালিকানাধীন সংস্থাৰ গৃহ বা ভূমি পোৱাৰ ক্ষেত্ৰত অযোগ্য হ’ব বা ঋণ অথবা যিকোনো কল্যানমূলক প্ৰকল্পৰ পৰা বঞ্চিত হ’ব আৰু ভোটদান নকৰা লোক চৰকাৰী কৰ্মচাৰী হ’লে ১০ দিনৰ দৰমহা কৰ্তন হ’ব পাৰে অথবা চাকৰীৰ ক্ষেত্ৰত দুই বছৰৰ বাবে পদোন্নতি হেৰুৱাব পাৰে৷ এই প্ৰস্তাৱত থকা উক্ত শাস্তিবোৰৰ মাজৰ পৰা যিকোনো এটা শাস্তি ভোটদান নকৰা লোকে ভোগিব লাগিল হেঁতেন যদিহে উক্ত বিল খন কাৰ্যকৰী কৰিব পাৰিলে হেঁতেন৷ প্ৰশ্ন হয় মডেল গুজৰাটত মুখ থেকেচা খোৱাৰ পিছতো মোদীৰ সহযোগী নেতাই এই বিল লোকসভাত কিয় উত্থাপন কৰিলে ? আৰু বিল খনক চৰকাৰী ভাবে অথবা দলীয় ভাবে লোকসভাত উত্থাপন কৰা নহ’ল কিয় ? নাগৰিকত্ব (সংশোধনী) বিধেয়ক- ২০১৬ কাৰ্যকৰী কৰাৰ বাবে যিদৰে যৎপৰোনাস্ত চেষ্টা কৰা হ’ল তাৰ বিপৰীত ছবি এই ক্ষেত্ৰত দেখা যোৱাৰ কাৰণ সকলোৱে বুজিবই পাৰিছে৷ তথাপিও বিষয়টো হয়তো মোদীয়ে পৰীক্ষামূলক ভাবে সাংসদৰ দ্বাৰা সংসদত উপস্থাপন কৰাই ‘নক’ কৰি চালে বুলি ক’ব পাৰি৷
সিগৰিওৱালৰ উক্ত বিধেয়ক সংসদত উত্থাপন হোৱাৰ পিছত বিধেয়কখনৰ সমৰ্থনত বিভিন্ন দলৰ সাংসদে সমৰ্থন আগবঢ়াই বক্তব্য দিয়ে৷ যেনে-  টিআৰএছৰ কে কবিতা, এনএলডিৰ দুষ্যন্ত চৌটালা প্ৰমুখ৷ এনে আইনৰ সমৰ্থকসকলৰ মতে দলিত, শ্ৰমিক আৰু বিভিন্ন পিছপৰা শ্ৰেণীৰ লোকক বলপূৰ্বক ভাবে ভোটদানৰ পৰা বিৰত ৰখা হয়৷ এনে আইনে বলপূৰ্বক ভোটদানৰ পৰা আঁতৰাই ৰখাৰ প্ৰৱনতা হ্ৰাস পাব বুলি তেওঁলোকে যুক্তি প্ৰদান কৰে৷ ইয়াৰোপৰি মাওবাদী বা বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠন যিসকলে ভোটবৰ্জনৰ আহ্বান জনায় তেনেসকলকো মূলসূতীলৈ ঘূৰাই আনিব পাৰিব বুলিও মত ব্যক্ত কৰে৷  
এনে বাধ্যতামূলক ভোটদানৰ ধাৰণা যে অমূলক সেই কথা জানি-বুজিয়ে হয়তো এই বিলখনক লৈ বিশেষ চৰ্চা নহ’ল৷
ভোটাধিকাৰৰ দৰে এটা বিষয় লৈ সদনত বিধেয়ক পাছ কৰাই লৈ যোৱা তেনেই সহজ কাম৷ কাৰণ সংসদত যাবলৈ প্ৰতিজন সাংসদ, বিধায়কে ভোটৰ বিনিময়তেই উক্ত দায়িত্ব লাভ কৰে৷ কিন্তু গুজৰাটত যিদৰে এই বিল কাৰ্যকৰী কৰাৰ পিছতেই আইনজীৱীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল, একেদৰে সমগ্ৰ ভাৰতত এনে বিধেয়ক আনিলে বহু নাগৰিকে জৰিমনা ভৰিব লাগিব, গতিকেই ন্যায়ালয়ৰ কাষ চাপিব৷ এইবোৰ কথা ঠিকেই আছে৷ মোৰ প্ৰশ্নটো হ’ল এই ধৰণৰ বিলক লৈ কোনো উত্তাল প্ৰতিবাদ বা আলোচনা নোহোৱা কথাটোৱে বহু কথাই কৈ যায়৷ আমাৰ সংবিধানে ১৯(১) অনুচ্ছেদত সাধাৰণ জনতাক মত প্ৰকাশৰ অধিকাৰ প্ৰদান কৰিছে৷ মই যদি মত প্ৰকাশ কৰো যে ‘মই ভোটদান নকৰো, কাৰণ মই এই ব্যৱস্থাৰ দ্বাৰা আশ্বস্ত নহয় বা সন্তুষ্ট নহয় ’৷ তেতিয়া মোক সংবিধানৰ উৰ্ধত গৈ কোনো ‘চকিদাৰে’ ভোটদান কৰিবলৈ বাধ্য কৰাব নোৱাৰে৷

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ