Wednesday, March 27, 2019

নাৰায়নগুৰীৰ হত্যাকাণ্ডৰ অভিযুক্ত প্ৰমীলাৰাণীৰ মুছলমান ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল৷আমাৰ যুদ্ধ এইবাৰ এনডিএফবি ইউ.জি ব্ৰহ্মৰ লগতহে হবঃ হাগ্ৰামা মহিলাৰী।


গোৱৰ্দ্ধনাৰ পৰা সাজাহান আলী আহমেদ আৰু নজৰুল আলী আহমেদৰ ৰিপোৰ্ট, ২৭ মাৰ্চঃ 

আজি দিনৰ প্ৰায় ১ বজাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিধানসভা সমষ্টিৰ গোৱৰ্দ্ধনাত বিপিএফ দলৰ এখন বিশাল জনসভা অনুষ্ঠিত হয়। আগন্তুক লোকসভা নিৰ্বাচনৰ আতধৰি অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিপিএফ তথা বিজেপি নেতৃত্বাধীন (এনডিএ) মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে অসমৰ কেবিনেট মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক প্ৰক্ষেপ কৰাৰ পিছতেই ককালত টঙালি বান্দিছে বিটিচিৰ শাসকীয় দলটোৱে। ইয়াৰ লগত সংগতি ৰাখি শক্তি প্ৰদৰ্শন কৰাৰ বাবে ‘গ্ৰেণ্ড মাছ ৰেলী’ নামেৰে বিটিচিৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটাই অনুষ্ঠিত সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলৰ অইন নেতাৰ লগত সম্পূৰ্ণ পৃথক স্থিতি গ্ৰহণ কৰি ‘নৱকুমাৰ শৰণীয়াৰ কাম নাই, তেওঁ মিছা কথা কৈ ভোট লৈছিল আমাৰ লগত এইবাৰ এই শৰণীয়া, কংগ্ৰেছ কোনো ফেক্টৰ নহয়, আমাৰ লগত এইবাৰ এবছু, এনডিএফবি আদি সংগঠনৰ সমৰ্থিত তথা ইউপিপিএলৰ প্ৰাৰ্থী ইউ. জি ব্ৰহ্মহে প্ৰতিদণ্ডী হ’ব বুলি তীৰ্জক মন্তব্য কৰে। কিন্তু তাৰ বিপৰীতে দলটোৰ শীৰ্খ নেতা তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম আদি হেভিয়েট নেতাই এইবাৰ নৱ কুমাৰ শৰণীয়াৰ লগত তীব্ৰ প্ৰতিদন্দিতা হ’ব বুলি মত ব্যক্ত কৰে৷
সংখ্যালঘু ভোটাৰৰ কৌশলী স্থিতিত বিব্ৰত হৈ পৰা দলটোৰ শীৰ্ষ পৰ্যাৰ নেতাসকলৰ লগতে আনকি স্বয়ং আৰএমচিৰ সভাপতি আফজাল হুছেইন সৰকাৰে বিপিএফক সকলো মুছলমানে ভোট দিলেহে বিভিন্ন সমস্যাৰ সমাধান সম্পৰ্কে দলটোৰ পৰা বিশেষ দাবী কৰিব পৰা যাব বুলি বক্তব্য প্ৰদান কৰে৷ ২০১৪ চনৰ ২ মে’ত নাৰায়নগুৰীৰ হত্যাকাণ্ডত অভিযুক্ত মন্ত্ৰী তথা প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই সংখ্যালঘু ভোটাৰক বিশেষভাবে আকৰ্ষণ কৰিবলৈ যত্ন কৰি বক্তব্য প্ৰদান কৰা দেখা যায়৷ প্ৰসঙ্গক্ৰমে তেওঁ গোৱৰ্দ্ধনাৰ এখন মছজিদ বেঁকীৰ গড়াখহনীয়াৰ পৰা কেনেদৰে নিৰাপত্তা প্ৰদান কৰিছিল সেইবিষয়ে দোহাৰি কয়৷ তেওঁ লগতে গড়াখহনীয়াৰ বাবে মুছলমানসকলে অধিক ক্ষতিগ্ৰস্থ হোৱা বুলি উল্লেখ কৰে৷ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্বভাৱসূলভ আৰু নাটকীয় ভঙ্গিমাৰে কয় যে এবছুৰ সভাপতি প্ৰমোদ বড়ো হ'ল এজন বেপাৰী, তেওঁ প্ৰতিটো নিৰ্বাচনত বড়ো জনগোষ্ঠীটোক বিক্ৰি কৰি ধন উপাৰ্জন কৰি আহিছে, তেওঁ এইবাৰো কংগ্ৰেছ, বিজেপিৰ লগত দৰদাম কৰি আছে, বড়ো জনগোষ্ঠীৰ লগত প্ৰতাৰণা কৰি ৰাজনীতি কৰি আছে। মহিলাৰীয়ে লগতে কয় যে প্ৰমোদ বড়োই বড়ো জনগোষ্ঠীটোক বিপথে পৰিচালিত কৰি তেওঁলোকে সদায় বড়োলেণ্ড লাগে বুলি মিছাতে বিভিন্ন সময়ত ধৰ্ণা দি থাকে। তেওঁলোকে বড়ো জনগোষ্ঠীটোক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ স্বাৰ্থত মুখত কয় এটা কামত আন এটাহে কৰে বুলি কটাক্ষ কৰে। তেওঁ অভিযোগ উত্থাপন কৰি এবছুৱে ৰাইজৰ মাজত বড়োলেণ্ড দাবীৰে আন্দোলন কৰে আৰু কেন্দ্ৰত স্মাৰক পত্ৰ দিওতে আন কথাহে উল্লেখ কৰে বুলি কয়৷
মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ ভাবে কয় যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকলে বিটিচিত বসবাস কৰি আছে সেইসকলেই বিটিচিৰ বাসিন্দা, তাতে কোনো জাত পাতৰ কথা নাহে আৰু এই কথা বিটিচি চুক্তিত উল্লেখ থকা বুলিওঁ মহিলাৰীয়ে জানিবলৈ দিয়ে যদিও সন্দেহযুক্ত নাগৰিকৰ নামত প্ৰায় প্ৰতিদিনে সীমান্ত আৰক্ষীৰ দ্বাৰা হৈ অহা নিৰ্জাতন আৰু একাংশ বিদেশী ন্যায়াধীকৰণৰ একপক্ষীয় ৰায়দানৰ জৰিয়তে ক্ষতিগ্ৰস্থ হোৱা থলুৱা লোকসকলৰ সম্পৰ্খত নিমাত থাকে৷ উল্লেখ্য যে মহিলাৰীয়ে পূৰ্বে কোৱা ধৰণেই ৰাজনীতিত কোনো স্থায়ি বন্ধু বা শক্ৰ নাই বুলি উল্লেখ কৰি বিটিচি উন্নয়ৰ স্বাৰ্থত অসমত এ আই ইউ ডি এফৰ চৰকাৰ হ’লেও লগত থাকিব বুলি কয়৷ লগতে কংগ্ৰেছ, বিজেপি, এজিপি বা অন্যান্য যিকোনো দলৰে চৰকাৰ গঠন কৰিলে তেওঁ সেই দলৰ লগতেই থাকিব বুলি কয়। তেওঁ কয় যে, আমি এবাৰ ইউ.জি ব্ৰহ্মক সাংসদ হিচাপে দিল্লীত পঠিয়াইছিলো বড়োলেণ্ড দাবী কৰাৰ বাবে কিন্তু ছয় বছৰ শাসন কৰিলে কোনো দিনো বড়ো জনগোষ্ঠীৰ উন্নয়ণৰ কথা সংসদৰ মজিয়াত উত্থাপন নকৰিলে। মহিলাৰীয়ে বিটিচি এলেকাত মহিলাসকলৰ আত্ম সহায়ক গোটক ৰাজ্য চৰকাৰে দিয়া ২৫ হাজাৰকৈ টকা নোপোৱাক লৈ অশ্বস্তিত পৰা দেখা যায়। তেওঁ কয় যে বিটিচিত বিজেপিয়ে চৰকাৰ চলোৱা নাই, ইয়াত কোনো দলৰ ৰাজনীতি নচলিব। তেখেতে ভাষণ প্ৰসঙ্গত কয় যে, হাতী এইবাৰ জঙ্গলত হে থাকিব মুকলি ঠাইত বিচাৰী পোৱাটো টান হ’ব বুলিওঁ মিত্ৰজোটৰ অংশীদাৰ এজিপি, বিজেপিক একপ্ৰকাৰ সমালোচনা কৰে। সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ উন্নয়ণৰ স্বাৰ্থত বিপিএফ দলৰ হাত মজবুত কৰিবলৈ বিপিএফৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক ভোট দিবলৈ আহব্বান জনায়। মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, বিটিচি উন্নয়নৰ স্বাৰ্থত ইতিমধ্যে ২৫০ কৌটি টকা ধাৰ্য্য কৰা হৈছে, আৰু বিটিচিৰ জলন্ত সমস্যা সমাধানৰ স্বাৰ্থত বিপিএফ দলৰ সদায় চেষ্টা অব্যাহত থাকিব। সভাত আৰ.এম চি'ৰ সভাপতি আফজালুৰ হুছেইন চৰকাৰে কয় যে, "হীৰা শৰণীয়া হল চকীৰ তলা, প্ৰমিলা ৰাণী হৈছে আগৰতলা"। গতিকে হীৰা শৰণীয়াৰ কৌশল এইবাৰ ৰাইজে বুজি পাইছে যে তেওঁ এজন ঠক আৰু প্ৰতাৰক, নিৰ্বাচনৰ পূৰ্বে বড়ো আৰু অনাবড়ো নামেৰে বিটিচিবাসীক দুভাগত বিভক্ত কৰি নিৰ্বাচন জয়ী হৈছিলে, তেওঁ কৈছিল জয়ী হ'লে বিটিচিত থকা অনাবড়ো গাওঁসমূহ কৰ্তন কৰিব। কিন্তু তেওঁৰ পাচঁ বছৰ কাৰ্যকালত এদিনো সংসদৰ মজিয়াত এই বিষয়টো উত্থাপনেই নকৰিলে। গতিকে ৰাইজে হীৰা শৰণীয়াক এইবাৰ যোগ্য প্ৰত্যত্তোৰ দিবলৈ সাজু হৈছে।

সভাত ৫ নং কোকৰাঝাৰ লোকসভাৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰাইজে যাতে বিপুল ভোটেৰে জয়ী কৰায় তাৰ বাবে সমষ্টিবাসীক আহব্বান জনায়। উক্ত জনসভাত ইউপিপিএলৰ দলৰ পৰা প্ৰায় চৈধ্য শ নেতা-কৰ্মীয়ে শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ৰঞ্জিত খেৰকেটাৰীৰ নেতৃত্বত বিপিএফ দলত যোগদান কৰে৷ জনসভাখনত পাৰবিন চুলতানা নামৰ এগৰাকী শিশু শিল্পীয়ে দলটোৰ নেতা-কৰ্মীৰ নামেৰে সজোৱা এটি থলুৱা ভাষাৰ গীত গাই সকলোৰ দৃষ্টি আকৰ্ষণ কৰে৷ উক্ত বিশাল জনসভাত প্ৰায় পোন্ধৰ সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে

0 comments:

Post a Comment

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ