Saturday, July 13, 2019


বৰপেটাৰোড, ১৩ জুলাইঃ

কেইবা দিনৰ পৰা  নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ আছিল৷ যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ি শিবিৰ পাতি আশ্ৰয় লবলৈ  সুবিধা কৰি দিয়ে৷ উক্ত শিবিৰত কৃষক নেতা ৰাতুল হোছেইন, অধিবক্তা ফজলুল হক, যুৱনেতা সাজাহান আলী আহমেদ, আমছু নেতা ছাইফুল ইছলাম আৰু সাহাদত হুছেইন, যুৱ সমাজ সমাজকৰ্মী ছাহ ছিকান্দৰ মাহমুদৰ লগতে এটি সজাতি দলে ভূক্তভোগীৰ খবৰ লোৱাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়৷ সজাতি দলটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্ৰেড আৰু পানীৰ বতল বিতৰণ কৰে৷ উল্লেখ্য যে উক্ত শিবিৰত বালিপুৰ আৰু উদালগুৰী গাওঁৰ ৮১ টা পৰিয়ালৰ সৰ্বমুঠ ৪৭০ গৰাকী লোকে বাস কৰি আছে৷ ইয়াৰে পুৰুষ ২৩৫, মহিলা ১৪০ শিশু ৯৫ গৰাকী থকাৰ বিপৰীতে ৭৭৬ টা পশুধন শিবিৰত ৰখা বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত জিলা প্ৰশাসনে যাৱতীয় সা-সুবিধা প্ৰদান কৰাত ৰাইজে প্ৰশাসনক ধন্যবাদ জনাইছে৷

Tuesday, July 9, 2019

৫০ লাখৰ ক্ষতিপূৰণ দাবী,
তদন্তৰ বাবে ২৪ ঘণ্টাৰ চৰম সীমা দল-সংগঠনৰ


সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৯ জুলাইঃ
উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ পৰা ডি ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ লগতে এন আৰ চিৰ জটিলতাৰ বাবে  কালি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষী থানাৰ অধিনস্থ চূণবাৰী গাওঁৰ আমবৰ আলী নামৰ ৫৯ বছৰীয়া লোকজনে৷ ১৯৫১, ১৯৭১ৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় বৈধ তথা শুদ্ধ নথি-পত্ৰ মজুত থকা স্বত্বেও তেওঁক ১৯৯৭ চনত ডি ভোটাৰ সজাই মানসিকভাবে হাৰাশাস্তি কৰি আহিছিল৷ ইফালে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ এন আৰ চিৰ শুনানিৰ বাবে বহুকেইদিন অহা-যোৱা কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ নোপোৱাত শেষত উপায়ন্তৰ হৈ লোকজনে বৰপেটাৰোডৰ সমীপৰ গুৱাগাছাত ৰেলৰ আগত পৰি যোৱা নিশা আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে কিছু দিনৰ পৰা লোকজনে কাম কাজত মনোনিবেশ কৰিব নোৱাৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ তেওঁ নাগৰিকত্ব সম্পৰ্কীয় বিভিন্ন নথি-পত্ৰ লিৰিকি-বিদাৰি গভীৰ চিন্তাত ডুবি থাকিছিল৷ কালি পুৱাৰে পৰা লোকজনক পৰিয়ালৰ লোকে বিচাৰি নাপাই হতাশ হৈ পৰিছিল যদিও আবেলি তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়৷ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাত আজি পুৱা প্ৰায় ১১ বজাত আমবৰ আলীৰ মৃতদেহ জানাজা সম্পন্ন কৰা হয়৷ ইফালে ৰাষ্ট্ৰৰ ভুলৰ পৰিণতিত আত্মহত্যাৰ পথ বাছি লোৱা অমবৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে তিনিটাকৈ সংগঠনে৷ আমবৰ আলী নামৰ লোকজন ভাৰতীয় হোৱাৰ সকলো তথ্যপাতি থকাৰ পিছতো কি কাৰণত কৰ্তৃপক্ষই তেওঁক ডি ভোটাৰ হিচাপে চিহ্নিত কৰিলে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে৷ আমবৰ আলী ডি ভোটাৰ হিচাপে চিহ্নিত কৰিবলৈ যি গৰাকী বিষয়াই চলোৱা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় সংগঠন কেইটাই৷
আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক সাহাদত হুছেইন, এবিএমছুৰ উপ সভাপতি সদাগৰ বাদশ্বাহ, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিৰ সম্পাদক জাকিৰ হুছেইনকে আদিকৰি সংগঠন কেইটাৰ বিভিন্ন স্তৰৰ কেইবাগৰাকী কৰ্ম-কৰ্তা উপস্থিত থাকি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংগঠন তিনিটাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰি কয় যে আমবৰ আলীৰ ওপৰত ডি ভোটাৰৰ মিছা অভিযোগ দাখিলেৰে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ উচিত তদন্ত ২৪ ঘণ্টাৰ ভিতৰত নকৰিলে চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷ 

Thursday, July 4, 2019

সাজাহানেৰ নতুন কবিতা

‘ছাইৰা গেলা, মাইৰা গেলা না আমাৰে’


অনাহাৰে, অনিদ্ৰায় তোমাৰ কথা ভাবি নিশি
কি সুখে আছ’ তুমি তোমাৰ জগতে!

আমাৰ আত্তা খালি ধৰফৰ কৰে
বৰমপুত্ৰেৰ কাছাৰ ভাইঙ্গা পৰে,

কুৰপান মিঞা ঘুমাইছাল 
বুকে কাগজ নিয়া
নদীৰ চাপে ডুইবা মৰল’

মইৰা গেল’ মাইৰা গেলোনা
সেই কাগত দিয়া নাম তোলছে পুলাহানে৷

পইচা পইচা মৰি আমি প্ৰতিদিনি
অকাৰণে, অৱহেলায়, অনাদৰে৷

গাছেৰ পাতা পৰলেও আমি কাইন্দা উঠি
ঘুমেৰ ঘৰে
তোমাৰ ভুইট্টা ভুইট্টা চখ, লাম্বা জিবলা
ভাইশ্বা উঠে
ৰাইতেৰ আন্ধাৰে
বাশ্ব শোভ তলে...

আমাৰে তুমি ছাইৰা গেলা
মাইৰা গেলা না আমাৰে
তুমি নিষ্ঠুৰ
বৰই নিষ্ঠুৰ তুমি জগতে.....৷৷


Sunday, June 23, 2019

সংবিধান যাত্ৰাৰ প্ৰথম দিনটো আছিল আমাৰ বাবে অত্যন্ত দুখজনক৷ আমাৰ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই আমি হাতীপোতা পাৰ্ট-২ ত উপস্থিতত হৈছিলো৷ পাহাৰীয়া পথেৰে আমাৰ ছাইকেল আৰোহীসকলে চৰম প্ৰত্যহ্বান নেউচি পাৰ হৈ গৈছিল৷ আমাৰ যাত্ৰাত ৮ গৰাকী যুৱতীও আছে৷ বিশেষ ভাবে যুৱতীসকলে প্ৰখৰ ৰ’দৰ মাজত পেডেল মাৰি মাৰি ভাগৰি পৰিলেও মনোবল হেৰুৱা নাছিল৷ একেদৰে শুভংকৰ ঘোষৰ নিৰবচ্ছিন্ন জয় ভীম, জয় সংবিধান, জয় হিন্দ শ্লগানেৰে যুৱক-যুৱতীসকলে প্ৰখৰ ৰ’দৰ প্ৰকোপ আওকাণ কৰি আগবাঢ়ি গৈছিল সাংবিধানিক অধিকাৰ খৰ্ব হোৱা নিৰিহ পৰিয়ালৰ কাষলৈ৷ তেওঁলোকৰ মনৰ খবৰ লোৱাৰ বাবে৷


১৯ নং অনুচ্ছেদ মতে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক বাক স্বাধীনতা, শান্তি পূৰ্ণ ভাবে সমবেত হোৱা, সংস্থা বা সংঘ গঠন কৰা,  ভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইত মুক্ত ভাবে বিচৰণ কৰা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰা আৰু যিকোনো জীৱিকা, ব্যৱসায়-বাণিজ্য কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু অসমৰ বান-গৰাখহনীয়া আৰু সংঘৰ্ষ পীড়িত সংখ্যালঘু নাগৰিকে জীৱিকাৰ তাড়ণাত অসমৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গ’লেই উগ্ৰ জাতীয়তাবাদী একাংশ দল-সংগঠনৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক নিৰ্যাতনৰ বলি হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰ-প্ৰশাসনে সংখ্যালঘু জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে স্বৈৰাতান্ত্ৰিক ভাবে বিদেশীৰ গোচৰ জাপি দি আছে৷
আমাৰ এই অভিযোগৰ সত্যতা প্ৰমাণ হ’ল গাওঁখত৷ আমি তিনিটা এনে পৰিয়াল লগ পালো যিসকলে জীৱন-জীৱীকাৰ তাৰণাত যোৰহাটলৈ কাম বিচাৰি গৈছিল আজিৰ পৰা প্ৰায় ১২ বছৰ পূৰ্বে৷কাম কেইদিনমান কৰিছিল৷ আৰু কিছু দিনৰ পিছত উভতি আহিছিল ঘৰলৈ৷
তেওঁলোকে জনা নাছিল যে তেওঁলোকৰ বিৰুদ্ধে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণত গোচৰ চলিছিল, তেওঁলোকক বিদেশী হিচাপে ঘোষণা কৰা হৈছিল৷
NRC ৰ চূড়ান্ত তালিকাত নাম বিচাৰি নাপাই যেতিয়া বাদ কৰাৰ কাৰণ জানিব বিচাৰিলে তেতিয়াহে জানিব পাৰিলে তেওঁলোকক একপক্ষীয় ৰায় যোগে বিদেশী হিচাপে ঘোষণা কৰিছে৷---------------------

Sunday, June 16, 2019

"অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু মুছলমান লোকসকলৰ সমস্যাৰ ওপৰত বিশেষকৈ NRC, ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণ, ডিটেন্সন কেম্পৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পাৰি তাৰ বাবে সংখ্যালঘু সমাজৰ বুদ্ধিজীৱী, লেখক, গৱেষক আৰু সচেতন নাগৰিকক লৈ এক ঘূৰণীয়া মেজমেলৰ আহ্বান কৰা হৈছে। উক্ত আলোচনাত অখিল গগৈ উপস্থিত থাকি আপোনালোকৰ পৰা দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অনুষ্ঠানত আপোনাৰ উপস্থিতি আৰু দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো।"-এনেদৰে আহ্বান জনোৱা সভাত আন্তৰিকতাৰে উপস্থিত হৈ বুজিলো- এয়া এক মিথ্যাচাৰহে আছিল। প্ৰকৃততে ৰাজনৈতিক উদ্দেশ্যেৰেহে সভা আহ্বান কৰা যেন লাগিল। সভাত আমি বিষয়বস্তু সাঙুৰি দিয়া বক্তব্য অপ্ৰাসঙ্গিক যেন লাগিল। ফলত চালে-বেৰে কোৱাই মুখ্য ব্যক্তি অখিল গগৈয়ে বক্তব্য প্ৰদান কৰা আৰু উত্থাপিত বিতৰ্কৰ উত্তৰত পানী কেচুৱাক দিয়া বুজনি দিয়া যেন অনুভৱ হ’ল। আমাৰ বক্তব্যৰ মূল অংশ তলত উল্লেখ কৰিলো—
১৯৯৭ চনৰ পৰা এতিয়ালৈকে লক্ষাধিক ভাৰতীয় লোকক ডি ভোটাৰৰ নামত মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে৷ ২০১২ চনলৈকে সৰ্ব মুঠ গোচৰৰ ৮৩ শতাংশ লোক ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ বাকী ১৭ শতাংশৰ সামান্য নাম, উপাধি, বয়স আদি সৰুসুৰা ভুলৰ বাবে বিদেশী হিচাপে ঘোষিত হৈছে৷ ইয়াৰ মাজত কিছু সংখ্যকক একপক্ষীয় ৰায়দানৰ জৰিয়তে বিদেশী হিচাপে ঘোষণা কৰা হৈছে৷ এইসকল ঘোষিত বিদেশীকেই ডিটেনশ্বন কেম্পত অমানৱীয় ভাবে বন্দী কৰি ৰখা হৈছে৷ 
১৷ প্ৰশ্ন- ডি ভোটাৰ চিনাক্তকৰণ, বিদেশী ন্যায়াধীকৰণৰ বিচাৰ প্ৰক্ৰিয়া আৰু ডিটেনশ্বন কেম্প সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি জানিব বিচাৰিছো৷ 

সীমান্ত আৰক্ষীৰ প্ৰতিবেদন অধ্যয়ন কৰি দেখা গৈছে যে প্ৰতিটো সন্দেহীৰ গোচৰত সন্দেহীক বাংলাদেশৰ নিৰ্দিষ্ট ঠিকনাৰ পৰা অসমত অবৈধ ভাবে প্ৰৱেশ কৰাৰ তথ্য উল্লেখ কৰিছে৷ কিন্তু তেনে সন্দেহীৰ পিতৃ-মাতৃ বা পৰিয়ালৰ লোক ভাৰতীয়. হৈ আছে৷ আনকি বিদেশী ন্যায়াধীকৰণ সমূহৰ পৰা ভাৰতীয় হিচাপে ৰায়দান লাভ কৰিছে৷ 
২৷ প্ৰশ্ন- সীমান্ত আৰক্ষীৰ ভূৱা প্ৰতিবেদনৰ দ্বাৰা ভাৰতীয় লোকৰ মৰ্যাদা হানি কৰা হৈ আছে৷ সীমান্ত আৰক্ষীৰ এনে উৎপীড়ণৰ বিৰুদ্ধে কৃষক মুক্তিৰ বিগত দিনৰ ভূমিকা কি আছিল ? আৰু বৰ্তমানৰ স্থিতি কি ? 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নিয়ম-নীতি আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ প্ৰক্ৰিয়াৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷

৩৷ প্ৰশ্ন- পৰ্যাপ্ত সংযোগী নথি দাখিল কৰিব নোৱাৰা লোকৰ বাবে DNA পৰীক্ষাৰ জৰিয়তে নাগৰিকত্বৰ সমস্যা সমাধান কৰিব লাগে বুলি আমাৰ দাবী৷ এই ক্ষেত্ৰত কৃষক মুক্তিৰ স্থিতি কি ?

নাগৰিকত্ব আইন অনুসৰি ১৯৮৭ চনৰ ৩১ জুলাইৰ পৰা ২০০৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্ম লাভ কৰা লোকৰ পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতীয় হ’লে  তেওঁ জন্মসূত্ৰে ভাৰতীয়৷ কিন্তু দেখা গৈছে যে পিতৃ বা মাতৃৰ যিকোনো এজন ডি ভোটাৰ হ’লেই তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷
৪৷ প্ৰশ্ন- যিহেতু ডি ভোটাৰ মানেই বিদেশী নহয়, তেনে ক্ষেত্ৰত উপযুক্ত নথি-পত্ৰ জমা দিয়াৰ পাছতো তেওঁলোকৰ সতি-সন্ততিৰ নাম NRC ৰ পৰা বাদ পেলোৱা হৈছে৷ এই বিষয়ে কৃষক মুক্তিৰ স্থিতি কি ? 

ভূৱা আপত্তিৰ দ্বাৰা লাখ লাখ বৈধ ভাৰতীয় নাগৰিকক অযথা হাৰাশাস্তিৰ কথা সকলোৱে জানে৷ এনে আপত্তিৰ ফলত নাগৰিকে আৰ্থিক, মানসিক, শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে৷ সংবাদমাধ্যমৰ মতে ৩১ ডিচেম্বৰতেই এই ভূৱা আপত্তি সংখ্যা ১৩০০ ৰ পৰা ২.৫ লাখ অতিক্ৰম কৰিছিল৷ এই আপত্তি সমূহ চৰকাৰ-প্ৰশাসনৰ পূৰ্ণাঙ্গ সহযোগিতাত নহ’লে সম্ভৱ নহয় বুলি আমি ভাবো৷ কিয়নো লাখ লাখ ARN আপত্তিকাৰীসকলে লাভ কৰা সহজ-সাধ্য নাছিল, লগতে অসম্পূৰ্ণ আপত্তি প্ৰ-পত্ৰ গ্ৰহণ কৰা হৈছে৷ জানিব পৰা মতে এই আপত্তিৰ শুনানীত এজনো আপত্তিকাৰী উপস্থিত নাথাকে, ফলত একতৰফা ৰায়দান দিবলৈ NRCৰ ৰাজ্যিক সমন্বয়কে নিৰ্দেশনা প্ৰদান কৰিছে৷ কিন্তু দেখা যায় যে শুনানীৰ সময়ত ভূক্তভোগীসকলক বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷ আমি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ জৰিয়তে শুনানী নিষ্পত্তিকাৰী বিষয়াৰ পৰা জানিব পাৰিছো যে এনে ভূৱা আপত্তিৰ পৰা ‘বাংলাদেশী’ পোৱা গৈ আছে৷
https://scroll.in/article/923786/anger-in-assam-as-2-5-lakh-people-included-in-draft-citizens-register-face-fresh-hearings
৫৷ প্ৰশ্ন- এনে ভূৱা আপত্তি সম্পৰ্কে কৃষক মুক্তিৰ স্থিতি কি ? আৰু যদি এনে ভূৱা আপত্তিৰ দ্বাৰা নাগৰিকৰ নাম NRC ৰ পৰা বাদ পৰিলে কি কৰিব ?

কৃষক মুক্তি অসমৰ বিভিন্ন সামাজিক, ৰাজনৈতিক বিষয়ৰ লগতে অধিকাৰৰ সংগ্ৰামত সৰৱ দৃষ্টি ৰখা পৰিলক্ষিত হয়৷ কিন্তু নাগৰিকত্বৰ দৰে জটিল আৰু স্পৰ্শকাতৰ তথা সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়ত এক প্ৰকাৰ উদাসীনতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়া কৈ NRC ৰ ভূৱা আপত্তি সম্পৰ্কে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট আদি ঠাইৰ সলনি কলগাছিয়া আৰু গোৱালপাৰাত কৃষক মুক্তিৰ এটা শাখা সংগঠনৰ দ্বাৰাহে সংবাদমেল অনুষ্ঠিত কৰা দেখা গৈছে৷ 
৬৷ প্ৰশ্ন- এই বিষয়ত কেন্দ্ৰীয় সমিতিয়ে সৰৱ ভুমিকা গ্ৰহণ নকৰাৰ কাৰণ জানিব বিচাৰিছো৷

মহবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ প্ৰবল গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্থ হোৱা লোকসকলে জীৱন-জীৱীকাৰ তাৰণাত সাধাৰণতে উজনী অসমৰ বিভিন্ন প্ৰান্তত কাম বিচাৰি যোৱাৰ পিছত AASU, AJYCP আদি সংগঠনৰ দ্বাৰা কাণত ধৰি উঠ-বহ দিয়াৰ পৰা আৰম্ভ কৰি লুণ্ঠন কৰা দেখ যায় আৰু সীমান্ত আৰক্ষীৰ দ্বাৰা বিদেশীৰ গোচৰ জাপি দিয়া দেখা যায়৷
৭৷ এনে অত্যাচাৰ সম্পৰ্কে কৃষক মুক্তি জ্ঞাত নে ? যদি জ্ঞাত বিগত দিনত এই সম্পৰ্কে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ? ভৱিষ্যত কাৰ্যপন্থা কি হ’ব ?

৮৷ গৰাখহনীয়াৰ ক্ষতিগ্ৰস্থসকলৰ পুনৰ সংস্থাপনৰ বিষয়ত কৃষক মুক্তিৰ বাস্তৱসন্মত দৃষ্টি ভঙ্গী আছেনে ? জানিব বিচাৰিছো৷ 

দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code নাই৷ ফলত Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে।
৯৷ প্ৰশ্ন-  Foreigners Tribunal Procedure Code প্রস্তুতক কৰিবলৈ কৃষক মুক্তিয়ে কি ভূমিকা গ্ৰহণ কৰিব ?

ন্যায়াধীকৰণৰ একপক্ষীয় ৰায়দানৰ ফলত ডিটেনশ্বন কেম্পত বন্দি হৈ থকা বৈধ ভাৰতীয় নাগৰিকে অৰ্থৰ অভাৱত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব পৰা নাই৷ Legal service Authority য়ে এনে নাগৰিকত্বৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা পৰিলক্ষিত নহয়৷ আমি বিশ্বাস কৰো যে ডিটেনশ্বন কেম্পত থকা লোকসকলৰ অধিকাংশই ভাৰতীয়৷

১০৷ এনে লোকৰ ক্ষেত্ৰত স্থিতি কি হ’ব ?

Saturday, June 15, 2019

NRC, বিদেশী ন্যায়াধীকৰণ সম্পৰ্কে আমছুৰ গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতি-
১৫ জুন, ২০১৯


বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ মইমতালি আৰু বিসংগতিপূর্ণ আদেশৰ বাবে অসমৰ লগতে সমগ্ৰ দেশত ব্যাপক প্রতিক্রিয়া সৃষ্টি হােৱা সময়তে পুনৰ চৰকাৰে যােৱা ৩০ মে, ২০১৯ ইং তাৰিখে গেজেট নটিফিকেচনেৰে বিদেশী ন্যায়াধীকৰণ অধিনিয়ম, ১৯৬৪ৰ ধাৰা ৩ সংশােধন কৰি ন্যায়াধীকৰণৰ সদস্যসকলক স্বেচ্ছাচাৰী হােৱাৰ আন এক সুযােগ প্রদান কৰিছে। অধিনিয়মৰ সংশােধিত ৩ ধাৰাৰ উপ-ধাৰা ১০-ত এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লােকসকলে দাখিল কৰা আপীলৰ মেৰিট থাকিলেহে আপীলৰ শুনানীৰ বাবে আপীলকাৰী আৰু চৰকাৰী সংশ্লিষ্ট কর্তৃপক্ষক জাননী জাৰি কৰিব। [3. (10) Upon production of the records, if the Tribunal finds merit in the Appeal, it shall issue notice to the Appellant and the District Magistrate for hearing specifying the date of hearing and such date shall be within thirty days from the date of production of the records.] কিন্তু এই সংশােধনী গ্রহণযােগ্য নহয়। কাৰণ শুনানী কৰাৰ পূর্বেই যদি ন্যায়াধীকৰণৰ সদস্যজনক মেৰিট আছেনে নাই তাৰ নিৰ্ধাৰণৰ সর্বোচ্চ ক্ষমতা প্রদান কৰা হয় তেন্তে ইতিমধ্যে বিভিন্ন সময়ত পক্ষপাতদুষ্ট সিদ্ধান্ত প্রদান কৰা সদস্যসকলে নির্বিচাৰে যে সিদ্ধান্ত নিদিব সেয়া নুই কৰিব নােৱাৰি। ইফালে বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ চলাবলৈ কোনাে সুনির্দিষ্ট নীতি অর্থাৎ Procedure Code নথকাত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যই ভিন্ন ভিন্ন নীতিৰে গােচৰসমূহ চলােৱা পৰিলক্ষিত হৈছে। সংশােধিত ধাৰা ৩ৰ উপ-ধাৰা ১৭-ত নিজৰ মতে নিজৰ ন্যায়াধীকৰণৰ কামসমূহ পৰিচালনা কৰিবলৈ অনুমতি প্রদান কৰিছে। [3. (17) Subject to the provision of this Order, the Tribunal shall have the power to regulate its own procedure for disposal of the cases expeditiously in a time bound manner.] যিটো সম্পূর্ণ নীতি বিৰুদ্ধ। এই উপ-ধাৰাই ন্যায়াধীকৰণৰ সদস্যসকলক একনায়কত্ববাদ তথা স্বৈৰাচাৰিতা প্রদর্শন কৰাৰ সুযােগ প্রদান কৰিলে। আমি উপ-ধাৰা ১০ আৰু ১৭ক সবপর্যায়ৰ জনতাৰ গ্রহণযােগ্যকৈ আমছুকে আদি কৰি অন্যান্য সংগঠনৰ লগত আলােচনা কৰি পুনৰ সংশােধন কৰিবলৈ চৰকাৰক দাবী জনাওঁ। দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ পৰিচালনা কৰিবলৈ সমগ্র দেশতে যেনেকৈ Civil Procedure Code আৰু Criminal Procedure Code আছে, ঠিক তেনেকৈ বিদেশী ন্যায়াধীকৰণৰ গােচৰসমূহ স্বচ্ছতাৰে পৰিচালনা কৰিবলৈ এক সুনির্দিষ্ট নীতি অর্থাৎ Uniform Code (Foreigners Tribunal Procedure Code) প্রস্তুতক কৰিবলৈ দাবী জনাওঁ। 

নাগৰিকত্ব নির্ধাৰণৰ দৰে এক জটিল আৰু অতি স্পর্শকাতৰ বিষয়ৰ গােচৰ নিষ্পত্তিৰ বাবে ঠিকাভিত্তিত অনভিজ্ঞ লােকক নিয়ােজিত কৰাটো প্ৰকৃততে চৰকাৰৰ ভুক্তভােগী ৰাইজক উদ্দ্যেশ্যে প্রণােদিত ভাৱে প্রকৃত ন্যায়ৰ পৰা বঞ্চিত কৰাৰ এক পৰিকল্পিত ষড়যন্ত্রহে। যােৱা কিছু বছৰ ধৰি নিয়ােজিত হৈ অহা ঠিকাভিত্তিক সদস্যসকলে প্ৰায়েই ন্যায়াধীকৰণত মুকলিকৈ ‘আমি বিদেশী বুলি ঘােষণা কৰিম, আপােনালেকে উচ্চ-উচ্চতম ন্যায়ালয়ত গৈ স্বদেশী হৈ আহক’ ধৰণৰ বেপেৰুৱা মন্তব্য কৰাৰ বহু অভিযােগ আমাৰ ওচৰত আহিছে। প্রয়ােজনীয় নথি-পত্র দিয়াৰ পিছতাে ইচ্ছাকৃত ভাৱে সৰু সুৰা বানান অথবা বয়সৰ তাৰতম্যৰ দোহাই দি হাজাৰ হাজাৰ প্রকৃত ভাৰতীয় নাগৰিকক বিদেশী ঘােষণা কৰি আহিছে। শেহতীয়াকৈ চিৰাঙৰ অন্নবালা ৰায়, ছয়গাঁৱৰ প্ৰাক্তন সেনা তথা অসম আৰক্ষীৰ এগৰাকী বিষয়া মহঃ ছানা উল্লাহক বিদেশী সজোৱাটোৱে বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ পক্ষপাতদুষ্ট আচৰণকেই প্রমাণ কৰে। শেহতীয়াকৈ মাননীয় উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি অসমত ২০০টা অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠাৰ ব্যাপক যাে-জা চৰকাৰে চলাই আছে। যােৱা ১০-০৬-২০১৯ ইং তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ন্যায়াধীকৰণৰ সদস্য নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। উক্ত বিজ্ঞাপনত অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত অসামৰিক সেৱাৰ বিষয়া আৰু ৭ বছৰ অভিজ্ঞতা থকা অধিবক্তাৰ পৰা আবেদন বিচাৰিছে। প্রশ্ন হয়— কিয় মানুহৰ জীৱনৰ সৰ্বাধিক গুরুত্বপূর্ণ বিষয় নাগৰিকত্ব নির্ধাৰণৰ দায়িত্ব দিয়া হ’ব আইন অধ্যয়ন নকৰা অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়াক? কিয় কেৱল ৭ বছৰৰ অভিজ্ঞতাৰ এজন অধিবক্তাক দায়িত্ব দিয়া হব? কিয় ঠিকাভিত্তিক সদস্যৰে অতি স্পর্শকাতৰ নাগৰিকত্ব নির্ধাৰণৰ ব্যৱস্থা? কিয় বিদেশী ন্যায়াধীকৰণক আংশিক ন্যায়িক (Quasi Judicial) ক্ষমতা প্রদান কৰা হৈছে? ল’ৰা-ধেমালি নেকি? এজন লােক অন্যায়ভাৱে বিদেশী হােৱা মানে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলাে সদস্যই কিমান ডাঙৰ সমস্যা তথা দুর্যোগৰ সন্মুখীন হ’ব লগা হয় সেয়া ভুক্তভােগীয়েহে বুজি পায়। | বিদেশী ন্যায়াধীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে স্বচ্ছ, নিকা আৰু নিৰপেক্ষ কৰিবলৈ চৰকাৰে ব্যৱস্থাটোক Quasi Judicial ৰ পৰা সম্পূর্ণ Judicial কৰক, সদস্যসকলক পূর্ণাঙ্গ পর্যায়ৰ ন্যায়িক বিষয়া হিচাপে নিয়ােগ কৰক আৰু বিদেশীন্যায়াধীকৰণৰ সিদ্ধান্ত প্রত্যাহ্বান জনাবলৈ আপীল কর্তৃপক্ষ (Appeallate Authority) ব্যৱস্থা কৰক। 

উল্লিখিত দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰি নতুনকৈ প্রতিষ্ঠা কৰিব বিচৰা ন্যায়াধীকৰণসমূহত সদস্য নিয়ােগ কৰক। অন্যথা সমগ্ৰ ৰাজ্যব্যাপী ধর্ণা, প্রতিবাদী সভা, ডিটেনচন কেম্প ভৰাে কাৰ্যসূচী, আমৰণ অনশন ইত্যাদি ব্যাপক গণতান্ত্রিক গণ আন্দোলন গঢ়ি তােলা হ’ব। এই আন্দোলনৰ কাৰ্যসূচী হিচাপে প্রাথমিক পর্যায়ত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, অসমৰ মুখ্য সচিব, কেন্দ্রীয় গৃহ সচিব, দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। সমান্তৰালকৈ সমগ্ৰ ৰাজ্যতে প্ৰতিখন জিলাত অহা ৩১ জুলাইৰ পূর্বে অতি কমেও একোখনকৈ প্রতিবাদী গণ সমাৱেশ অনুষ্ঠিত কৰা হ'ব। আনহাতে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি থকা অন্যায়, ব্যভিচাৰ, নানান অপৰাধমূলক কার্যৰ পৰা তথা প্রচলিত অন্ধবিশ্বাস, যেনে বাল্যবিবাহ, বহু বিবাহৰ পৰা সমাজক মুক্ত কৰাৰ লগতে প্রতি ঘৰত শিক্ষাৰ পােহৰ সুনিশ্চিত কৰাৰ বাবে অহা ১৯ জুন, ২০১৯ ইং তাৰিখৰ পৰা ধাৰাবাহিকভাৱে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত প্ৰতিটো অঞ্চলতে সজাগতামূলক সমদল, গাঁৱে গাঁৱে পথ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ১৯ জুন, ২০১৯ ইং তাৰিখে আমছুৰ ৰাজ্যব্যাপী থকা প্ৰতিটো আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিটো গাঁও পঞ্চায়ত/ভিচিডিচিনিগৰ এলেকাত বাল্য বিবাহ, বহু বিবাহ বন্ধ কৰা, প্রতি ঘৰত শিক্ষাৰ পােহৰেৰে আলােকিত কৰা, সমাজত সংঘটিত হৈ থকা অপৰাধজনিত কাম প্ৰতিৰােধ কৰা, মহিলাক সবলীকৰণ কৰা আদি বিষয়ত সজাগতা সৃষ্টি কৰার্থে সজাগতামূলক সমদল কৰা হ'ব। অহা ৫ জুলাই, ২০১৯ ইং তাৰিখৰ ভিতৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ প্ৰতিটো গাঁৱত পথসভা কৰি উল্লিখিত বিষয়ত ৰাইজক সজাগতা কৰা হ'ব। পৰৱৰ্তী সময়ত পুনৰ এই সম্পর্কে পৰৱর্তী কার্যপন্থা নির্ধাৰণ কৰি ৰাজহ্বা কৰা হ'ব। আনহাতে সমাজখনক অপৰাধ আৰু অন্ধবিশ্বাস মুক্ত কৰাৰ ক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ স্থানীয় বিভিন্ন মছজিদ কমিটি, মাদ্ৰাছা কমিটি, বজাৰ কমিটি, কস্থান কমিটি, ঈদগাহ কমিটি, বিদ্যালয় পৰিচালনা সমিতি, বিভিন্ন এন জি অ’, ক্লাব, আত্মসহায়ক গােট, সমাজৰ সচেতন নাগৰিক, শিক্ষিত সমাজে অগ্রণী ভূমিকা ল'ব লাগিব। অসমীয়া জাতীয় জীৱনক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সকলােৰে সৈতে কান্ধত কান্ধ মিলাই অসম আৰু অসমীয়া জাতিক আগুৱাই নিবলৈ হলে নিজৰ নিজৰ সমাজৰ পৰা অন্ধবিশ্বাস, অপৰাধজনিত কার্য, হিংসা-বিদ্বেষ দূৰ কৰিবই লাগিব। সেয়ে সংবাদ মাধ্যমৰ লগতে সকলাে পক্ষৰ আন্তৰিক সহযােগ কামনা কৰিছাে।

আজিজুৰ ৰহমান (উপদেষ্টা)
ৰেজাউল কৰিম সৰকাৰ (সভাপতি)

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ