Sunday, June 2, 2019


স্থান: সত্যনাথ বৰা হল, দীঘলীপুখুৰীৰ পাৰ, গুৱাহাটী।
সময় : দিনৰ ২ বজাত

দিনাংক : ২ জুন, ২০১৯ ইং (দেওবাৰ)

শ্ৰদ্ধাভাজনেষু, নমস্কাৰ গ্ৰহণ কৰিব।
আজি অসমখন যেনেদৰে এক জটিল সন্ধিক্ষণৰ মাজেৰে পাৰ হৈ গৈ আছে, এনে সময়ত আমি অসমৰ সংখ্যালঘু মুছলমানসকল অধিক জটিল শংকা আৰু সংশয়ৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। যাৰ ফলত আমি এই সংখ্যালঘু জনগোষ্ঠীটোৰ কিছু সচেতন আৰু শিক্ষিত যুৱচামে কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ।
এক ঐতিহাসিক পটভূমিত আমাৰ পূৰ্বপুৰুষসকলে এই ঠাইলৈ আহিছিল। ইয়াতে থিতাপি লৈছিল আৰু নিজৰ ঘামেৰে এই পতিত ভূমিক সেউজীয়া শস্যভূমিলৈ পৰিৱৰ্তন কৰিছিল৷ অসমৰ পৱিত্ৰ ভূমিত তেওঁলোকে বিচাৰি পাইছিল সপোনৰ ঘৰখন। এই ঘৰখন পাই তেওঁলোকে কেৱল দুৰ্ভিক্ষ আৰু জমিদাৰৰ অত্যাচাৰেই পাহৰি যোৱা নাছিল; তেওঁলোকে পাহৰি গৈছিল নিজৰ পূৰ্বপুৰুষৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি ইত্যাদি। ইয়াৰ মাজতেই তেওঁলোকে ধর্মীয় পুথিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানি চলিছিল যে- 'নতুন ঘৰৰ সকলো ৰীতি-নীতি মানি চলা আৰু তাৰে মাজৰ এজন হোৱা' আৰু আজি আমাৰ প্ৰজন্মৰ বাবে 'হবলুল  ওৱাতেন মিনাল ইমান' , নিজৰ মাতৃভূমিক ভাল পোৱাটো আমাৰ ইমানৰ অংগ!
আমাৰ সম্প্ৰদায়টোত ওচমান আলী সদাগৰৰ দৰে স্বপ্নদ্ৰষ্টা নেতাও জন্মিছিল, যি গৰাকী ব্যক্তিয়ে কেৱল অসমীয়াক মাতৃভাষা হিচাপে গণ্য কৰাই নহয়, তেওঁৰ গোটেই জীৱন অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে নিজকে উৎসৰ্গিত কৰিছিল। তেওঁ বিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। সদাগৰৰ দৰে নেতাই গোটেই সম্প্ৰদায়টোৰ মাজত অসমীয়া ভাষা-সংস্কৃতিৰ শিকাৰ বাবে এক আলোড়নৰ সৃষ্টি কৰিছিল। তথাপিও অসমীয়া হোৱাৰ এই যাত্ৰা ইমান উজু নাছিল৷ দেশ বিভাজনৰ পিছত হাজাৰ হাজাৰজনক নতুনকৈ গঠন হোৱা পূব পাকিস্তানত আশ্ৰয় ল'বলৈ বাধ্য কৰোৱা হৈছিল, যি স্থান তেওঁলোকে পূৰ্বতে ত্যাগ কৰি আহিছিল। কিন্তু তালৈ গৈ তেওঁলোকে দীৰ্ঘদিন থাকিব নোৱাৰিলে, তেওঁলোক ঘূৰি আহিল নিজৰ ঘৰ বুলি ভবা ঠাইলৈ৷ হাজাৰটা ঐতিহাসিক আৰু মৌখিক সমল আছে যিয়ে এই বিতাড়িত লোকসকলক সুহৃদ অসমীয়াই আঁকোৱালি লৈছিল বুলি প্ৰমাণিত কৰে৷ বিশিষ্ট সাহিত্যিক, ৰাজনীতিবিদ হেম বৰুৱাৰ 'দ্যা ৰেড ৰিভাৰ এণ্ড দ্যা ব্লু হিলছ'ত তেওঁ এনে বিতাড়িত ৫৩০০০ লোক অসমলৈ উভতি অহা বুলি স্বীকাৰ কৰিছে।
আজিকালি বহুতো ঘৰশত্রু তথা বিশ্বাসঘাতকে তেওঁলোকৰ চৰম ভালপোৱা আৰু ত্যাগক নস্যাৎ কৰি যুক্তি দৰ্শায় যে তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ কাৰণ আছিল যাতে অসমীয়া মানুহে তেওঁলোকক এই দেশৰ পৰা খেদি নপঠায়।  কিন্তু কোনে তেওঁলোকক মনত পেলাই দিব যে অসমীয়া ভাষাৰ মান-মৰ্যাদা ৰক্ষাৰ্থে আমাৰ জনগোষ্ঠীয়ে অসমীয়া ভাই-ভনীৰ কান্ধত কান্ধ মিলাই ভাষা আন্দোলনত জপিয়াই পৰিছিল। আমাৰ পূৰ্বপুৰুষ ওমৰ আলীয়ে ভাষা আন্দোলনত চৰম ত্যাগ কৰিছিল আৰু শ্বহীদ বৰণ কৰিছিল যাতে অসমীয়া ভাষাৰ মান-মৰ্যদা অক্ষুণ্ণ থাকে৷ আমি অতি দুখেৰে কওঁ যে আমাৰ পূৰ্বপুৰুষৰ চৰম ত্যাগকো নেওচি ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত দুই লাখতকৈ অধিক মানুহক পূৰ্ব পাকিস্তানলৈ খেদি পঠিওৱা হৈছিল ভাষা আন্দোলনৰ ঠিক  কিছুবছৰ পিছতেই। ইয়াৰ পিছত বিমলা প্ৰসাদ চলিহাই অসম বিধান সভাত উল্লেখ কৰিছিল যে আৰু কোনো বিদেশী অসমত নাই,  লগতে পি আই পিৰ দৰে ক'লা আইন নাইকিয়া কৰা হৈছিল৷ তেতিয়া আমাৰ পূৰ্বপুৰুষসকলে ভাবিছিল যে এই অত্যাচাৰৰ আৰু পুনৰাবৃত্তি নহ'ব।
ইতিহাসে আমাক নিৰ্মমভাৱে সোঁৱৰাই দিয়ে যে অন্যান্য সমাজৰ দৰে আমাৰ সমাজতো কৃত্ৰিম সমস্য সৃষ্টিকাৰী ব্যক্তিৰ অভাৱ নাই। অসম আন্দোলনৰ নামত নেলী, চাউলখোৱা, নাগাবন্ধা, মুকালমুৱাত কেইবা সহস্ৰাধিক লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তথাপি ইতিহাসৰ এই ক'লা অধ্যায়তো এক বুজনসংখ্যক অসমীয়া চিন্তাবিদে আমাৰ অধিকাৰ আৰু স্বাধীকাৰৰ হকে মাত মাতিছিলে। তেওঁলোক সাহসিকতাৰ এক অনন্য নিদৰ্শন, তেওঁলোকৰ স্থান আমাৰ হৃদয়ৰ মণিকূটত।
              কিন্তু আজি অসম আন্দোলনৰ চাৰি দশকৰ পিছতো, অসমত মুছলমানসকলৰ নাগৰিকত্ব এক জ্বলন্ত জুইকুৰাৰ ওপৰতেই আছে। ৰাষ্ট্ৰযন্ত্ৰৰ সহায়ত আমাৰ নাগৰিকত্বৰ ওপৰত বাৰম্বাৰ প্ৰশ্ন কৰা হৈছে। আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে অসমৰ চিন্তাবিদসকলে আমাৰ নাগৰিকত্ব আৰু অন্যান্য অধিকাৰ হৰণৰ বাবে চলি থকা এই ষড়যন্ত্ৰসমূহৰ যথাযথ প্ৰত্যুত্তৰ দিয়া তথা প্ৰতিহত কৰাত ব্যৰ্থ হৈছে।
              এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী আমাৰ বাবে একে দীৰ্ঘদিনীয়া সপোন আছিল। আমি আজিও বিচাৰোঁ যে, এখন ত্ৰুটিমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে আমাক সন্দেহৰ পৰা মুক্তি দিয়া হওক। আমি ভাবিছিলো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমাৰ ভাই-ভনীসকলৰ ওপৰত বাংলাদেশীৰ নামত চলাই থকা সকলো ধৰণৰ নিৰ্যাতন, হাৰাশাস্তি আৰু পক্ষপাতিত্বৰ পৰা পৰিত্ৰাণৰ এক ৰক্ষাকৱচ হৈ উঠিব৷ আমি শিক্ষিত যুৱচামে দিনে-নিশাই কষ্ট কৰি আছোঁ যাতে মানুহবোৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত সহযোগ কৰে৷ আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে জটিল বিষয়ৰ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত এশ এবুৰি সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এনেকুৱাও হৈছে যে আমাৰ মাজৰ পৰাই লাফিকুল ইছলাম আহমেদৰ দৰে এক উদীয়মান নেতাই দুৰ্বৃত্তৰ হাতত প্ৰাণ দিবলগা হৈছে৷ কিন্তু আমি সজাগতা অভিযান চলাই গৈয়েই আছোঁ। আমি আজিও বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে আমাক এই বিদেশীৰ অপযশৰ পৰা মুক্তি দিব আৰু আমিও উন্নয়নমূলক কাম-কাজত মনোনিৱেশ কৰিব পাৰিম৷
               কিন্ত আমি লক্ষ্য কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই আমাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যে কেতবোৰ বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈছে৷ আদালতৰ এটা নিৰ্দেশনাৰ দোহাই দি তেওঁলোকে পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰিছিল৷ যেতিয়া তেওঁলোকে দেখিলে যে এই  ৪৭ লাখ বিবাহিত  মহিলাৰ ভিতৰত মূলসুঁতিৰ অসমীয়া মহিলাও আছে তেতিয়া বৰ্ণবৈষম্যমূলক উপায়েৰে মুছলমান সকলক 'আদি বাসিন্দা নহয়' (Non Original Inhabitants) বুলি পৃথকীকৰণ কৰা হয়৷ আমাৰ বাবে কঠোৰৰ পৰা কঠোৰতম পৰীক্ষণ প্ৰক্ৰিয়াৰ উদ্ভাৱন কৰাৰ সমান্তৰালভাৱে কিন্তু 'আদি বাসিন্দা' (Original Inhabitants) বুলি পৃথক কৰাসকলক বিনা পৰীক্ষণতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়৷ এইদৰেই অধিক মুছলমানৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ উদ্দেশ্যেই  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তৃপক্ষই  এনেধৰণৰ বহুতো স্বেচ্ছাচাৰী নীতি-নিয়ম আৰু ব্যৱস্থাৱলী হাতত লৈছে৷ এই আদি বাসিন্দাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰি ডি এন এ পৰীক্ষণৰ দৰে সৰ্বগ্ৰহণযোগ্য পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সকলো নিৰীহ লোকক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন, যদিও কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল৷
             আমি যেতিয়া এইধৰণৰ ত্ৰুটিপূৰ্ণ আৰু স্বেচ্ছাচাৰী প্ৰক্ৰিয়াৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰোঁ, অসমৰ সংবাদ মাধ্যমকে ধৰি জাতীয়তাবাদী দল-সংগঠনসমূহৰ একাংশই আমাৰ ওপৰত বিশ্বাসঘাতকতাৰ মোহৰ লগায় আৰু আমি অবৈধ অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান নিবিচাৰোঁ বুলি অভিযুক্ত কৰে৷ দুৰ্ভাগ্যজনকভাৱে আমি প্ৰত্যক্ষ কৰোঁ যে অসমৰ বৌদ্ধিক সমাজে আমাৰ পীড়া বা চিঞৰ-বাখৰৰ দ্বাৰা বিশেষ প্ৰভাৱিত নহয়।
             ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত আটাইতকৈ বৰ্বৰ আক্ৰমণটো আছিল যেতিয়া আপত্তি দাখিলৰ সময়সীমাৰ অন্তিমটো নিশাত হঠাৎ লাখ লাখ আপত্তি দাখিল হল৷ আমাৰ গাঁৱসমূহত কাচিৎহে দুই-এজন লোক ওলাব যিয়ে তেওঁৰ বা তেওঁৰ পৰিয়ালৰ আন কোনো সদস্যৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হব নালাগে বুলি দাখিল কৰা আপত্তিৰ শুনানিৰ বাবে জাননী লাভ কৰা নাই৷ সংবাদ মাধ্যমৰ শেহতীয়া প্ৰতিবেদনসমূহে এই কথা সুস্পষ্ট কৰি দিছে যে একমাত্ৰ নাম, উপাধিৰ ওপৰত ভিত্তি কৰি কেতবোৰ নিৰ্দিষ্ট সংগঠনৰ দ্বাৰা অতি সু-সংগঠিত আৰু সু-পৰিকল্পিতভাৱে এই আপত্তিবোৰ দাখিল কৰা হৈছে। কিছু কিছু ক্ষেত্ৰত দেখা যায় যে সেই সংগঠনসমূহৰ এজন মাত্ৰ সদস্যই কেইবাশো লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে যিসকলক প্ৰকৃততে তেওঁলোকে চিনিয়েই নাপায়৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এইধৰণৰ কাৰ্য প্ৰণালীগত ত্ৰুটি-বিচ্যুতিসমূহৰ ক্ষেত্ৰত কৰ্তৃপক্ষ নিৰ্বিকাৰ হোৱাৰ লগতে অসমৰ বৌদ্বিক সমাজেও সাৰ্বিকভাৱে ইয়াৰ বিৰুদ্ধে মাত মতা পৰিলক্ষিত হোৱা নাই৷ এই আপত্তিকাৰীসকল আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই অসমীয়া মানুহৰ হৃদয় আৰু বিবেকক ধৰ্মীয় ভাৱে বিভাজিত কৰি পেলাইছে যিটো কাম ধৰ্মান্ধসকলে বিগত কেবাটাও দশকজুৰি চেষ্টা কৰিও কৰিব পৰা নাছিল।
আমাৰ জনগোষ্ঠীটো ভীষণ ভয়, শংকা আৰু উদ্বেগৰ মাজেৰে দিন অতিবাহিত কৰি আছে কিয়নো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই শুনানি তথা অন্যান্য স্বেচ্ছাচাৰী আৰু অস্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে এই মানুহখিনিক হাৰাশাস্তি কৰিয়েই আছে৷ ঠিক একেটা সময়তেই সীমান্ত আৰক্ষী আৰু নিৰ্বাচন আয়োগেও নতুন নতুন বিদেশীৰ গোচৰ বিদেশী ন্যায়াধীকৰণসমূহলৈ প্ৰেৰণ কৰিয়েই আছে৷ এই প্ৰক্ৰিয়াত প্ৰায় এক লক্ষাধিক লোক বিদেশী বুলি ঘোষিত (চিহ্নিত) হৈছে যাৰ সিংহভাগেই হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক৷ এই ভয় আৰু হতাশা ইমান গভীৰলৈকে শিপাইছে যে বহুসংখ্যক লোকে কাৰাৰুদ্ধ হোৱাৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যাৰ দৰে পথো বাছি লবলগীয়া হৈছে৷
এই অন্ধকাৰাচ্ছন্ন সময়ত আমি লক্ষ্য কৰিছোঁ যে কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ মুৰব্বী তথা অসম মাতৃৰ সুসন্তান সঞ্জয় হাজৰিকাৰ নেতৃত্বত এক দায়িত্বশীল বিবৃতিৰ জৰিয়তে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এই কথা সোঁৱৰাই দিছে যে ''উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয়তা (নাগৰিকত্ব), বন্দীকৰণ আৰু বিতাড়নৰ দৰে জটিল বিষয়বোৰত ভাৰতৰ সাংবিধানিক আৰু আন্তঃৰাষ্ট্ৰীয় দায়ৱদ্ধতাৰ ক্ষেত্ৰত অধিক দৃঢ় হব লাগিব আৰু ইয়াৰ লগতে এইবোৰ কৰ্তব্যৰ ক্ষেত্ৰত ইয়াৰ নিজৰ অংগীকাৰসমূহৰ বিষয়েও অসতৰ্ক হব নালাগিব।
সি যি কি নহওক, ইতিহাসৰ এই নিৰ্ণায়ক সন্ধিক্ষণত যেতিয়া আমি আমাৰ নাগৰিকত্বৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এটা বিপদৰ পৰা আন এটা বিপদলৈ দৌৰি আছোঁ, সেই সময়ত কিছু স্বাৰ্থন্বেষী ধূৰন্ধৰে দিল্লী-কলিকতাত বহি চলো পাল্টাই অভিযানৰ নামত অসমীয়া ভাষাক আক্ৰমণৰ হুংকাৰ দি আমাৰ আচল সমস্যাক তল পেলোৱাৰ ষড়যন্ত্ৰ কৰি আছে।
এই পৰিপ্ৰেক্ষিতত আমি নিম্ন স্বাক্ষৰকাৰী সংখ্যালঘু যুৱক-যুৱতীসকলে এই সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি আপোনাৰ পৰা এই পৰিস্থিতিৰ পৰ্যালোচনা তথা মোকাবিলা কৰিবলৈ আমাক সুপৰামৰ্শ প্ৰদান কৰি বাধিত কৰে যেন।

স্বাক্ষৰকাৰী সকল :
১) আব্দুল কালাম আজাদ, গৱেষক ২)আমান ৱাদুদ, অধিবক্তা ৩)সাজাহান আলী আহমেদ, মানৱধিকাৰ কৰ্মী ৪)আশ্ৰাফুল হুছেইন, লেখক ৫)শ্বালিম এম হোছেইন, গৱেষক, জামিয়া মিলিয়া ৬)আশ্ৰাফুল ইছলাম, ছাত্ৰনেতা (ছাত্ৰ মুক্তি) ৭) ৰেহনা চুলতানা, গৱেষক, গু: বি: ৮)আব্দুল মজিদ শ্বেখ, গৱেষক, গু:বি:  ৯)হোছেইন আহমেদ মাদানী, সমাজকৰ্মী ১০)ছাদ্দাম হুছেইন, আইনৰ ছাত্ৰ ১১)মাছুমা বেগম, সমাজকৰ্মী ১২)জাহিদুল ইছলাম, গৱেষক ছাত্ৰ, গু:বি:  ১৩)শাকিল আহমেদ, সাংবাদিক ১৪)নাছৰিন হাবিব, সাংবাদিক গুৱাহাটী ১৫)আজাদুল আলী, ছাত্ৰ অভিযান্ত্ৰিক বিভাগ ১৬)ছফিকুল ইছলাম, অধিবক্তা ১৭)জাহিৰ আব্বাছ, অধিবক্তা ১৮)জাহিদুল ইছলাম মিৰ্ধা, যুৱ লেখক ১৯)মাজিদুল ইছলাম, আইনৰ ছাত্ৰ ২০)শ্বাইজুদ্দিন আহমেদ, অধিবক্তা ২১)ডাঃ শ্বামিম আহমেদ, চিকিৎসক ২২)শ্বফিউল হাছান, এন জি অ কৰ্মী ২৩)হাছিনা আহমেদ, ছাত্ৰ নেত্ৰী ২৪) আবু হানিফ শিকদাৰ, চিকিৎসক ২৫)ইকবাল হুছেইন, আইনৰ ছাত্ৰ ২৬)আছমা ইয়াছমিন, গৱেষক, গু: বি: ২৭)আজিদুল ইছলাম, আইনৰ ছাত্ৰ ২৮)শ্বাহানুৰ আলম, ছাত্ৰ সংগঠক ২৯)মোস্তাকিমুল হক, অধিবক্তা ৩০)আব্দুল লতিফ আহমেদ, অধিবক্তা ৩১)ছুলতান মাহমুদ, অধিবক্তা, ৩২)আজিদুল ইছলাম, আইনৰ ছাত্র ৩৩)বেগম আছমা, লেখিকা ৩৪)ওমৰ ফাৰুক, সমাজকৰ্মী, ৩৫) শ্বৰিফুল ইছলাম, সমাজকৰ্মী ৩৬) ফাৰুক আব্দুল্লাহ, যুৱ সাংবাদিক ৩৭)কাজী ছাৰোৱাৰ হুছেইন, ছাত্ৰ, তে:বি:, ৩৮)ডাঃ আজহাৰুল ইছলাম, চিকিৎসক ৩৯)শ্বেইখ আনোৱাৰ হুছেইন, অধিবক্তা,  ৪০)শ্বফিউল আলম পাঠান, ছাত্ৰ, আই আই টি কানপুৰ ৪১)মাজিদুল ইছলাম, ঝাই ফাউণ্ডেশ্বন, ৪২)জামান মণ্ডল, অভিযন্তা ৪৩)শ্বৰিফ আহমেদ, নেহৰু যুৱ কেন্দ্ৰ ৪৪)শ্বাহ জামাল আলম, স্বাস্থ্য বিষয়া ৪৫)ড° নাজিমুদ্দিন ছিদ্দিক,লেখক ৪৬)পাৰভিন চুলতানা, সহযোগী অধ্যপক ৪৭)জেহেৰুল ইছলাম, অধিবক্তা ৪৮)ডাঃ ইমদাদ হুছেইন, চিকিৎসক ৪৯)জাহিদুল বেগ, ঝাই ফাউণ্ডেশ্বন ৫০)মেৰাজুল হাছান চৌধুৰী, যুৱ সমাজকৰ্মী ৫১)মিজানুৰ ৰহমান, ইকনেট ৫২)হামিদা ইয়াছমিন, যুৱ লেখিকা ৫৩)মনিৰ ভূঞা, শিক্ষক ৫৪)জমিৰ উদ্দিন তালুকদাৰ, ব্যৱসায়ী ৫৫)মোজাম্মিল হক, ছাত্ৰ সংগঠক ৫৬)জামিল আহমেদ, আইনৰ ছাত্ৰ, ৫৭)মেৰাজুল ইছলাম, সচেতন যুৱক ৫৮)আছিম মোবাৰক, অধিবক্তা ৫৯)অবাইদুল হক চৌধুৰী, ছাত্ৰ ৬০)আব্দুল ৰহিম, শিক্ষক ৬১)শ্বাজিদ শিকদাৰ, চিকিৎসাৰ ছাত্ৰ ৬২)হাৰুন আল ৰাশিদ, শিক্ষক, ৬৩)ফৰিদ জামান ভূঞা, গৱেষক ছাত্ৰ, জেনেভা ৬৪) ফৰহাদ আলী আহমেদ, উন্নয়ন কৰ্মী ৬৫)মোজাম্মেল শিকদাৰ, সমাজ সংগঠক ৬৬)আব্দুল আলিম, ক্ৰীড়া সংগঠক ৬৭)মনোৱাৰ হোছেইন, সাংবাদিক ৬৮)জিয়াৰুল ইছলাম, আইনৰ ছাত্ৰ ৬৯)মনোৱাৰ হুছাইন, আইনৰ ছাত্ৰ ৭০)আমিনুৰ ৰহমান, আইনৰ ছাত্ৰ ৭১)মহিবুল ইছলাম, সাংবাদিক ৭২) নজৰুল ইছলাম, ছাত্ৰনেতা (আমছু) ৭৩)মনোৱাৰ হুছেইন, ছাত্ৰ ৭৪)মইনুল হক খান, ছাত্ৰনেতা (আমছু) ৭৫)জামিল আহমেদ, আইনৰ ছাত্ৰ ৭৬)ছালমা হোছাইন, আইনৰ ছাত্ৰী ৭৭)আতিকুৰ ৰহমান, সচেতন যুৱক, ৭৮)ৰাজিবুৰ ইছলাম, ক্ৰীড়া সংগঠক ৭৯)টাইছন হুছেইন, ছাত্ৰনেতা (এবিএমছু) ৮০)ছেহিল আখতাৰ খান, স্বাস্থ্য বিজ্ঞানৰ ছাত্ৰ ৮১)ৰাজ শহৰ শিকদাৰ, ব্যৱসায়ী ৮২)জাকিৰ হোছেইন, সচেতন যুৱক ৮৩)শ্বাহৰুখ খান, ছাত্ৰ ৮৪)ৰাহুল আমিন, গৱেষক, গু: বি: ৮৫)নজৰুল ইছলাম, আইনৰ ছাত্ৰ ৮৬)ছামিউল ৰেজা, আইনৰ ছাত্ৰ ৮৭)মোস্তাফিজুৰ ৰহমান, ছাত্ৰ, কটন বি: ৮৮)আচিক হুছেইন, সচেতন যুৱক ৮৯)আব্দুল মতিন খান, ছাত্ৰ, গু: বি: ৯০)খান নাজিমূল হোছেইন,অধিবক্তা ৯১)মঞ্জুৱাৰা মোল্লা, সংবিধান সেৱক ৯২)হামিদা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৩)নাছিৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৪)কুলছুমা খাতুন, মহিলা অধিকাৰ কৰ্মী ৯৫)হোছনিয়াৰা পাৰবিন, মহিলা অধিকাৰ কৰ্মী ৯৬)নাজমা আহমেদ, মহিলা অধিকাৰ কৰ্মী, ৯৭)সাহাদত হোছেইন, সমাজ সচেতক ৯৮)মনছুৰ হুছেইন (শিক্ষক) ৯৯) মহিদুল ইছলাম (শিক্ষক) ১০০)ৰাতুল হুছেইন, কৃষক নেতা।


Monday, May 27, 2019

'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ?'- মাতৃ


২৭ মে’ বৰপেটাৰোডঃ
বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ ডিটেনশ্বনত বন্দী কদম আলীৰ পৰিয়ালৰ ওচৰত থিয় হ’ল এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ৷ ঘটনাৰ বিবৰণী মতে যোৱা প্ৰায় আঢ়ৈ বছৰে গোৱালপাৰা ডিটেনশ্বন কেম্পত বন্দী হৈ আছে দৰিদ্ৰ কদম আলী৷ ফলত তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী আৰু কণ কণ চাৰি সন্তানৰে মুঠ ৭ জনীয়া পৰিয়াল সৰ্বহাৰা হৈ পৰিছে৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দী হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷
 পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল যদিও বিদেশী ন্যায়াধীকৰণৰ জাননী লাভ কৰি হতভম্ব হৈ পৰে তেওঁ৷ ৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল যদিও তেওঁক বিদেশী হিচাপে ঘোষণা কৰি বন্দী কৰি ৰখা হয়৷ সৰ্বহাৰা পৰিয়ালৰ বেদনা ভৰা কাহিনী জানিব পাৰি মানৱধিকাৰ কৰ্মী, ইউটিউবাৰ তথা ডি ভোটাৰসকলৰ দ্বাৰা গঠন কৰা APICR ৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে ১৯ মে’ তাৰিখে ইউটিব আৰু ফেচবুকত থকা VOICE Riser ত উক্ত পৰিয়ালৰ এটা ভিডিঅ বনাই প্ৰচাৰ কৰে আৰু পৰিয়ালটোক সহায় কৰাৰ বাবে ৰাইজৰ ওচৰত আহ্বান জনায়৷ অতি কম সময়ত কোলাত কেচুৱালৈ মৰ্মান্তিক কাহিনী বৰ্ণাই থকা মহিলা আনোৱাৰা খাতুনৰ ভিডিঅ ভাইৰেল হৈ পৰে। 
ভিডিঅত দিয়া আহ্বান মৰ্মে প্ৰায় ১০ হাজাৰ টকা সংগ্ৰহ হয়৷ আজি সাজাহান আলী আহমেদৰ নেতৃত্বত আমছু, এবিএমছুৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত উক্ত পৰিয়ালটোক উক্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷ আৰ্থিক অনুদান প্ৰদান কৰি আহমেদে সাংবাদিকক জানিবলৈ দিয়ে যে কদম আলীৰ গোচৰ প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ বাবে APICR য়ে সমস্ত দায়িত্ব গ্ৰহণ কৰিব৷ ইফালে মাতৃয়ে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰে কৰা চৰম অন্যায়ৰ কথা ব্যক্ত কৰি কয় যে 'মই ভাৰতীয় আৰু মোৰ কোষৰ পৰা জন্ম দিয়া পুত্ৰ বাংলাদেশী কেনেকৈ হ’ল ? চৰকাৰে আমাৰ লগত চৰম অন্যায় কৰিছে।'

Wednesday, May 22, 2019

কদম আলীৰ পিতৃ ওজমান আলীৰ লগত লেখক
বিশ্বাস নামৰ শব্দটো অতিকৈ মৰ্মান্তিক৷ বিশ্বাসহীনতাৰ পৃথিৱীত কাম কৰা অত্যাধিক জটিল৷ বিশ্বাস কৰিব নোৱাৰে সচেতন শিক্ষিত সমাজে, বিশ্বাস কৰিব নোৱাৰে নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীয়ে৷ আনকি মানৱধিকাৰ সংস্থায়ো বিশ্বাস কৰিব নোৱাৰে মানুহক৷ এই বিশ্বাসহীনতাৰ বেমাৰ আমাৰ মাজত কিয় ? NRC বা নাগৰিকত্বৰ সমস্যাৰ জৰিয়তে জনগোষ্ঠীয় চৰম সংকটৰ সন্ধিক্ষণত আমিবোৰে ইজনে আনজনক বিশ্বাস কৰিব নোৱাৰো৷ এই দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি কিয় হ’বলৈ পালে ? আমিবোৰেই আকৌ সেই নবীৰ উম্মত বুলি দাবী কৰো যাক সৰুৰে পৰা কাফিৰসকলেও আল-আমিন (বিশ্বাসী) বুলি সম্বেধন কৰিছিল৷ 

কিয় এই মানৱীয় প্ৰমূল্যবোধৰ সংকট ?

১৯ মে’ তাৰিখে এটা ভিডিঅ তৈয়াৰ কৰিছিলো৷ এগৰাকী মহিলাৰ লগত প্ৰায় ৭ মিনিটৰ হৃদয়বিধাৰক কথোপকথন (ইন্টাৰভিও গ্ৰহণ কৰাৰ পৰা সম্পাদনা কৰা লৈকে বহুবাৰ চকুলো ধৰি ৰাখিব নোৱাৰা হৈছিলো৷ মোৰ লগত সহযোগ কৰিছিল আলিমুল ইছলামে৷) ৷আৰু ‘ভিডিঅৰ মহিলা গৰাকীৰ স্বামী ২ বছৰ ৪ মাহে ডিটেনশ্বন কেম্পত বন্দি। চাৰি গৰাকী সন্তানৰ মাতৃ গৰাকীয়ে কেচুৱা কোলাত লৈ লোকৰ ঘৰত কাম কৰি স্বামীক মোকলাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই গৰাকী মহিলাই স্বামীগৃহৰ ৭ জনীয়া পৰিয়ালটোকো চাব লগা হয়। 
তেওঁলোকৰ বাবে জানো আপোনাৰ মনে কান্দি উঠা নাই !
ইদুল ফিতৰৰ আনন্দৰ পৰা বঞ্চিত হ’ব ধৰা পৰিয়ালটোক আপুনিও কিছু আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰে। 
তলত মোৰ একাউন্টৰ তথ্য দিয়া হ’ল¸ আপোনাৰ দান উপযুক্ত সময়ত তেখেতক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হ’ল।
আশা কৰো সহাৰি জনাব।
AC Holder : Shajahan Ali Ahmed.
SBI Simlaguri Branch.
IFSC : SBIN0015078
AC no. 20237822999
Mobile : 9401916223
বৰঙণী প্ৰেৰণ কৰি WhatsApp ত নাম ঠিকনা আৰু দানৰ পৰিমাণ জনাবলৈ অনুৰোধ জনালো। 
(পৰিয়ালটোক লগ পাব বিচাৰিলেও সহযোগিতা কৰা হ’ব)’ — বুলি আমাৰ ইউটিউব চেনেল VOICE Riser ত ২১ মে তাৰিখে প্ৰথমে আপলোড কৰি ফেচকুতক একে নামেৰে থকা পেজতো আপলোড কৰিছিলো আৰু মোৰ ব্যক্তিগত একাউন্টৰ পৰা লিংক শ্বেয়াৰ কৰিছিলো৷ কিছুসময়ৰ ভিতৰেই বন্ধু আশ্ৰাফুল হোছেইনে ফোন কৰি ক’লে— ‘নিজৰ একাউন্ট দিব নালাগিছিল, আপোনাক বহুতে বিশ্বাস নকৰিব, বদনাম কৰিব, মনত দুখ পাব৷ পাৰিলে মহিলাগৰাকীৰ নিজৰ একাউন্ট নম্বৰ দিয়ক৷’ মই ক’লো— মই বদনামক ভয় নকৰো৷ তাইৰ একাউন্টৰ তথ্য মোৰ হাতত নাই, গতিকে ২ বছৰ চাৰি মাহে সকলো মানৱতাবাদীৰ পৰা এন্ধাৰত থকা দুৰ্ভগীয়া পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়াৰ বাবে বদনামী হ’বলৈ সাজু আছো৷ ভুল তাতেই হ’ল৷ মই তেওঁৰ কথা মানিব লাগিছিল৷


মই ভাবিছিলো, ইতিপূৰ্বে মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়লা গৈ জুৰুলা হৈছে৷ গতিকে আমি যদি ভবা ধৰণে ৰাইজৰ সঁহাৰি পাওঁ ঈদৰ সময়ত আৰ্থিক সকাহ দিয়াৰ লগতে উচ্চতম ন্যায়ালয়লৈ যোৱাত সহায় কৰিব পাৰিম৷ কিন্তু আজিৰ দিনটোত (২২ মে’) যিমান ফোনকল পালো, মোক সঁচাকৈয়ে হতাশ কৰিলে৷ মনত দুখ পাইছো৷ কেইবাজনো বন্ধুৱে বিশ্বাস কৰি মোৰ একাউন্টত ১৭৫০ টকা জমা কৰাৰ বিপৰীতে প্ৰায় অৰ্ধ শতাধিক ফোন কল পালো য’ত কোৱা হ’ল মহিলা গৰাকী আপোনাৰ কি হয় ? তাইৰ নিজৰ বা আত্মীয়ৰ একাউন্ট নম্বৰ আছেনে ? আপোনাক আমি কিয় বিশ্বস কৰিম আদি বহু কথা৷ অৱশ্যে মোৰ ভাল লাগিছে যে মহিলাগৰাকীৰ বেদনা উপলব্দি কৰি বহুতে দান কৰাৰ মানসিকতাৰে ফোন কৰিছে৷ 

কদম আলীৰ মাতৃ কমলা খাতুন

ভিডিঅত দেখা মহিলাগৰাকীৰ নাম আনোৱাৰা খাতুন(৩৫)৷ তাইৰ স্বামীৰ নাম কদম আলী(৪৩)৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষত তাইৰ স্বামী গৃহ৷ কদম আলীৰ পিতৃ-মাতৃ ক্ৰমে ওচমা আলী(৭০) আৰু কমলা খাতুন (৬০), চাৰি সন্তান ক্ৰমে পিংকী খাতুন (১৫) ৰেজিনা খাতুন (১২), আৰমান আলী (৮), শ্বাহিনা খাতুন (৫)ৰে মুঠ ৭ জনীয়া পৰিয়াল৷ একমাত্ৰ উপাৰ্জনকাৰী কদম আলী ডিটেনশ্বন কেম্পত বন্দি হোৱাৰ বাবে সমগ্ৰ পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে৷ পিতৃ-মাতৃৰ একমাত্ৰ পুত্ৰ কদম আলীয়ে কঠোৰ পৰিশ্ৰমৰ বলত  প্ৰায় ১০ বিঘা মাটি বন্দকত লৈ খেতি কৰি সুখী পৰিয়ালৰ মাজত আনন্দেৰে জীৱন-যাপন কৰি আছিল৷ হঠাৎ ঘৰৰ ওচৰৰ থানাৰ পৰা সীমান্ত আৰক্ষীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী আনি দিছিল কদম আলীক৷৩৪৪/২০১৫ নম্বৰৰ গোচৰত ১-০৮-২০১৬ তাৰিখে অধিবক্তা জাকিৰ হোছেইন শিকদাৰৰ সহযোগত বৰপেটাৰ বিদেশী ন্যায়াধীকৰণ ৯ ত উপস্থিত হৈ ভাৰতীয় হোৱাৰ সকলো প্ৰমাণ লিখিত ৰূপত জমা দিছিল৷ মনকৰিবলগীয়া কথাটো হ’ল— দৰিদ্ৰ, শ্ৰমজীৱী, নিৰক্ষৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ নাগৰিকত্ব সন্দেহ হোৱাৰ পিছত মাননীয় অধিবক্তাৰ জৰিয়তে তেওঁৰ ককাৰ ১৯৬৬ চনৰ ভোটাৰ তালিকা, ১৯৯৭ চনৰ পিতৃৰ ভোটাৰ তালিকা, পিতৃৰ ভোটাৰ পৰিচয়পত্ৰ, তেওঁৰ ২০১৬ চনৰ ভোটাৰ তালিকা আৰু গাওঁবুঢ়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল৷ বৰ্তমান আমি বিদেশী ন্যায়াধীকৰণত যিবোৰ গোচৰ চলা দেখা পাওঁ সেইবোৰত আৰু অধিক নথিৰ কথা উল্লেখ থাকে৷ যেনে — ১৯৫১ চনৰ NRC, ১৯৫২ চনৰ পৰা ১৯৬৫ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈকে যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৩ বা ১৯৯৪ চনৰ যিকোনো এটা ভোটাৰ তালিকা অথবা সমসাময়িক চৰকাৰী নথি-পত্ৰ, ১৯৯৭ চনৰ ভোটাৰ তালিকা, ২০০১ চনৰ পৰা বৰ্তমানলৈকে ৭-৮ বছৰ ব্যৱধানৰ ভোটাৰ তালিকা বা সমসাময়িক নথিপত্ৰ, মহিলাৰ বাবে পিতৃৰ লগত সংযোগী নথি-পত্ৰ আদি৷ ওপৰত উল্লেখ কৰা নথি-পত্ৰবোৰ ক্ৰমানুসাৰে নিজৰ বা পূৰ্বপুৰুষৰ অথবা উভয়ৰ হ’ব পাৰে৷ কিন্তু কদম আলীৰ গোচৰত নথিপত্ৰ কম পৰিমাণে উপস্থাপন কৰা দেখা গৈছে৷ কদম আলী আমাৰ দৃষ্টিত আৰু প্ৰকৃততেই এগৰাকী বৈধ ভাৰতীয় নাগৰিক৷ কাৰণ আজিৰ তেওঁৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সকলো সদস্য বৈধ ভাৰতীয় নাগৰিক৷ কিন্তু বিদেশী ন্যায়াধীকৰণৰ জটিলতাৰ বাবে ২০-০২-২০১৭ তাৰিখে তেওঁ বিদেশী হ’ব লগা হ’ল৷ আৰু বিদেশী ন্যায়াধীকৰণৰ পৰাই তেওঁক গোৱালপাৰা ডিটেনশ্বন কেম্পলৈ লৈ যোৱা হ’ল৷ 
কদম আলৰ নিৰ্জাতিত পৰিয়াল

‘মই কদম আলীক ধৰি লৈ যোৱাৰ খবৰ পাই মাটিতেই আছিলো নে আকাশত পাহৰি গৈছিলো’— কদম আলীৰ মাতৃয়ে আমাক জনাইছিল৷ —‘আমি সীমান্ত আৰক্ষীৰ পৰা সহায়  বিচাৰিলো, কদম আলীক মুক্তি কৰাৰ বাবে কাকুতি-মিনতি কৰিলো, সীমান্ত আৰক্ষীয়ে আমাক এজন অধিবক্তাৰ নম্বৰ দিলে৷ আমি ফোন কৰি লগ কৰিলো, গুৱাহীটৰ শিজুবাৰীৰ জছিম উদ্দিন আহমেদ৷’— আমাক দুৰ্ভগীয়া মাতৃয়ে জনালে৷ অধিবক্তাৰ লগত ৩০ হাজাৰ টকাৰ বন্দবস্তিৰে গোচৰটো উচ্চ ন্যায়ালয়ত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ ক্ৰমাৎ আৰ্থিক ভাবে জুৰুলা হৈ পৰা পৰিয়ালটোৱে বন্দকত লোৱা মাটিবোৰৰ পৰা টকা উভতাই আনি খৰচ কৰিব লগা হ’ল, তাৰে পৰা ২৫ হাজাৰ টকা অধিবক্তাক দিয়া হ’ল৷ কিছুদিন পিছত কেচটো ভাল নহ’ব বুলি কৈ অধিবক্তাই ২৯-০৩-২০১৭ তাৰিখে উচ্চ ন্যায়ালয়ত ১০০ টকা ফিচ দি অৰ্ডাৰ কপি উলিয়াই পৰিয়ালটোক বিদায় দিলে৷ বাকী ৫ হাজাৰ টকা অধিবক্তাই বিচৰাৰ পাছত দিব নোৱাৰা পৰিয়ালটোৱে বিষাদত উভতি আহি দিকবিদিক হেৰুৱাই পেলালে৷ 
১০ বিঘা মাটিৰ বন্দকৰ টকা শেষ হ’ল৷ কদম আলীৰ পত্নী আনোৱাৰা খাতুনে লোকৰ ঘৰত কাম কৰে৷ ১৩০ৰ পৰা ১৫০ টকা হাজিৰাত কাম কৰে৷ পুষ্টিহীনতাত ভোগা পৰিয়ালটোৰ পোহপাল দিয়ে৷ কোলাৰ কন্যা সন্তান বিকলাঙ্গ৷ দুই কন্যা নৱম আৰু ষষ্ট শ্ৰেণীৰ ছাত্ৰী, একমাত্ৰ পুত্ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ৷ — ভুক্তভোগী মহিলাৰ সন্মুখত মাথো অন্ধকাৰ..................৷৷

আন্দোলনৰ কাৰ্যসূচীৰ আলোকচিত্ৰ—

হাতত লিগেচি নথি লৈ ভুক্তভোগীৰ আন্দোলন

নথি পত্ৰ লৈ ভূক্তভোগীৰ আন্দোলন

ডি ভোটাৰৰ আন্দোলনত মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰ

আন্দোলনৰ এটা দৃশ্য

১ অক্টোবৰ,২০১৮ ত ডি ভোটাৰসকলৰ প্ৰতি চলি থকা অন্যায়ৰ প্ৰতিবাদত বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৬ শাধিক ভুক্তভোগী পৰিয়ালৰ সহযোগত আমি ৩ ঘন্টীয়া অৱস্থান ধৰ্ণা ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো৷ মাথো ডি ভোটাৰৰ দ্বাৰা কৰা এইটোৱেই আছিল প্ৰথমটো আন্দোলন৷ এই আন্দোলনত দিল্লীৰ পৰা মানৱধিকাৰ কৰ্মী হাৰ্ষ মান্দেৰৰ লগতে ১০ গৰাকী বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰিছিল৷ সেই আন্দোলনত এই আনোৱাৰা খাতুনে অংশ লৈছিল৷ কিন্তু তেতিয়া সকলো কথা আমাক খুলি কোৱা নাছিল৷ 
সিযিকি নহওঁক নিৰ্মম বাস্তৱৰ মুখামুখী হোৱাৰ পিছত আমি যেতিয়া পৰিয়ালটোক আৰ্থিক সকাহ দিয়াৰ বাবে আহ্বান জনালো তেতিয়া কথাবোৰ সৰ্বস্তৰৰ মানুহৰ মন চুই গ’ল৷ ধিং ৰ বিধায়ক আমিনুল ইছলামে আমাৰ পেজৰ পৰা উক্ত ভিডিঅ ডাউনলোড কৰি উপযুক্ত ঠিকনা পালে আৰ্থিক সহযোগিতা কৰিব পাৰিলে হেঁতেন বুলি ফেচবুকত পোষ্ট কৰিলে৷ ভিডিঅটোৱে অতি কম সময়ৰ ভিতৰত ভাইৰেল হৈ পৰিল৷ তেওঁৰ পেজৰ পৰাই প্ৰায় ১.৩ লাখ ভিউ, ৪ হাজাৰ শ্বেয়াৰ হ’ল৷ ভিডিঅৰ মাজত দুবাৰকৈ মোৰ মোবাইল নম্বৰ প্ৰকাশ কৰা হৈছে৷ বিধায়ক গৰাকীয়ে সেই মোবাইল নম্বৰত এবাৰো যোগাযোগ কৰিব আহৰি নাপালে৷ ভিডিঅ ভাইৰেল হোৱাত অত্যাধিক ফোন কল লাভ কৰিহে জানিলো যে আমাৰ ভিডিঅ ভাইৰেল হৈছে৷ লগে লগে বিধায়ক গৰাকীক মেছেজ কৰিলো যে যদি পৰিয়ালক সহায় কৰিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিলে সহযোগিতা কৰা হ’ব৷ উত্তৰত ধন্যবাদ বুলি লিখি থৈ দিলে৷ নিশা লৈকে কেইবাজনে ফোন কৰিলে যে তেওঁলোকক হেনো বিধায়কে পৰিয়ালৰ একাউন্ট নম্বৰ বিচাৰি অনুৰোধ কৰিছে৷ —আমি অপমান বোধ কৰিলেও মহিলা গৰাকীৰ একাউন্ট নম্বৰ যোগাৰ কৰিছো আৰু অচিৰেই IFSC ৰ সমস্যা সমাধান কৰি ৰাজহুৱা কৰিম৷ কাৰণ আমাক বিশ্বাস কৰক বা নকৰক পৰিয়ালটোৰ প্ৰতি জাতে সকলোৱে মানৱতা প্ৰদৰ্শন কৰাৰ সুবিধা পায় আৰু নকৰক যন্ত্ৰণাৰ পৰা পৰিয়ালটোৱে পৰিত্ৰাণ পায়৷ 
আমাৰ সচেতন শিক্ষিত সমাজ, ৰাজনৈতি-অৰাজনৈতিক নেতা, শিক্ষক, চাকৰিজীৱী, অধিবক্তা, ডাক্তৰ, অভিজন্তা, ব্যৱসায়ীসকলে সমাজৰ এই দুখবোৰ কেতিয়া নিজৰ চকুৰে দেখা পাব ? 
কি কাৰণত এনেবোৰ হাজাৰ হাজাৰ যন্ত্ৰণাৰ কাহিনী তেওঁলোকৰ চকুত ধৰা নিদিয়ে ? প্ৰতিজন সংখ্যালঘু বিধায়কে এজনকৈয়ো যদি সামাজিক কৰ্মীক তথ্য সংগ্ৰহৰ কামত নিয়োজন কৰি এনেবোৰ কঠোৰ বাস্তৱ পোহৰলৈ আনিব পাৰিলে হেঁতেন কদম আলীৰ দৰে হাজাৰ হাজাৰ নিৰিহজনে ন্যায় লাভ কৰিবলৈ সক্ষম হ’ল হেঁতেন৷

—সাজাহান আলী আহমেদ
সমন্বয়ক, ডি ভোটাৰ গৱেষণা কেন্দ্ৰ, বৰপেটাৰোড৷
সাধাৰণ সম্পাদক, APICR

Wednesday, May 8, 2019




           মাননীয় উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মাননীয় ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠত আজি ০৮.০৫.২০১৯ ইং তাৰিখে ৰাতিপুৱা ১০.৩০ বজাত NRC সম্পৰ্কীয় গোচৰৰ শুনানী অনুষ্ঠিত হয়। বৰ্তমান ৰাজ্য ব্যাপি চলি থকা objection hearing ত  আপত্তিকাৰী (objection কৰোতা) উপস্থিত নথকা বিষয়টি মাননীয় উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাত মাননীয় ন্যায়ালয়ে ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক আইনমতে সিদ্ধান্ত দিবলৈ নিৰ্দেশনা দিয়ে। আপত্তিকাৰী উপস্থিত থাকক বা নাথাকক আইনৰ কথা মনত ৰাখি ৰাজ্যিক সমন্বয়কক নিজৰ বিবেচনাৰে সেই সমূহ নিষ্পত্তি কৰি ৩১ জুলাই বা তাৰ এদিনৰ পূৰ্বে পূৰ্ণাঙ্গ NRC প্ৰকাশ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আপত্তিকাৰীৰ সবিশেষ তথ্য যাৰ বিৰুদ্ধে আপত্তি কৰিছে তেওঁক দিয়া নিদিয়া বিষয়টিয়ো ৰাজ্যিক সমন্বয়কৰ বিবেচনাৰ ওপৰত এৰি দাবী-আপত্তি নিস্পত্তিৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক সম্পূৰ্ণ স্বাধীনতা দি মুঠতে এদিনো বিলম্ব নকৰাকৈ ৩১ জুলাই বা তাৰ এদিন পূৰ্বে চূড়ান্ত NRC প্ৰকাশ কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। NRC সম্পৰ্কীয় এই আবেদনৰ পুনৰ ১০ জুলাই, ২০১৯ ইং তাৰিখে শুনানী অনুষ্ঠিত হব। 

          আপত্তি আবেদন দাখিল কৰাৰ অন্তিম তাৰিখত নিৰ্বিচাৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ কিছু সংগঠনৰ সহযোগত হকে বিহকে কোনো বিচাৰ বিবেচনা নকৰাকৈ কেৱল বিশেষ সম্প্ৰদায়ৰ ৰাইজক শাৰীৰিক মানসিক আৰু আৰ্থিক ভাৱে নিৰ্যাতন চলোৱাৰ উদ্দেশ্যৰে দাখিল কৰা আপত্তি আবেদন সমূহ যে কেৱল NRC প্ৰস্তুতকৰন প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰাৰ বাবেহে কৰিছিল সেয়া আজি প্ৰমানিত হৈছে। Objection hearing ত আপত্তিকাৰী উপস্থিত নাথাকিলে সেই আপত্তি খাৰিজ কৰি একপক্ষীয় সিদ্ধান্ত দিব লাগে। যিহেতু ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক দাবী আপত্তি নিষ্পত্তিৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়ে অযথাই দাখিল কৰা আপত্তি আবেদন সমূহ খাৰিজ কৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকক ৰাজ্যিক সমন্বয়ক শ্ৰী প্ৰতীক হাজেলাই উচিত ন্যায় প্ৰদান কৰিব বুলিও আমি আশাবাদী। অবৈধ বিদেশী সমস্যাৰ চূড়ান্ত সমাধানৰ লগতে বছৰ বছৰ ধৰি বিদেশীৰ নামত অত্যাচাৰিত হৈ থকা সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে এই অপবাদৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত NRC প্ৰস্তুতকৰন প্ৰক্ৰিয়াত পূৰ্বৰ দৰে সহযোগ কৰা উচিত।  মিছাতে যিসকলে আপত্তি আবেদন দাখিল কৰি সমগ্ৰ প্ৰক্ৰিয়াটোতে বিধিপথালি দিব বিচাৰি আছে বা অযথাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি থকা ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে তেনে দুষ্ট প্ৰকৃতিৰ লোক বা সংগঠনৰ নেতৃত্বক তদন্ত মৰ্মে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাওঁ । অন্যথাই তেনে ব্যক্তিৰ  বিৰূদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ অনুসৰি গোচৰ তৰি  আইনৰ জৰিয়তে বিহীত ব্যৱস্থা লবলৈ ভুক্তভোগী ৰাইজক আহ্বান জনালো।

Tuesday, April 23, 2019

উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি ডি ভোটাৰৰ ভোটদানত বাধা

বৰপেটাৰোডৰ পৰা শাকিল আহমেদ আৰু সাজাহান আলী আহমেদৰ প্ৰতিবেদন, ২৩ এপ্ৰিলঃ

ৰাজ্যৰ দীৰ্ঘ দিনীয়া নাগৰিকত্বৰ সমস্যা সমাধানৰ বাবে যি সময়ত উচ্চতম ন্যায়ালয় তত্বাবধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে সেই একে সময়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চৰম অৱমাননা কৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৯৭ চনৰ পৰা ভোটাৰ তালিকাত ডি চিহ্নৰে সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি ৰখা তথাকথিত সন্দেহযুক্ত নাগৰিকৰ পক্ষত ৰায়দান কৰি ৮ ফেব্ৰুৱাৰী, ২০১৬ তাৰিখে উচ্চতম ন্যায়ালয়ে SLP (C) 3045/2016 যোগে ডি ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ বিচাৰাধীন হৈ থকা লোকে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছিল৷ কিন্তু ৰাজ্যৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণৰ সময়তেই ডি ভোটাৰসকলৰ ভোট গ্ৰহণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক চৰম ভাবে অৱমাননা কৰা দেখা যায়৷ ৰাজ্যৰ তৃতীয় তথা শেষ পৰ্যায়ৰ নিৰ্বাচনত বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত ডি ভোটাৰসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতিলিপি আৰু যাৱতীয় নথি-পত্ৰ হাতত লৈ ভোটদান কৰিবলৈ আহি হতাশ হৈ উভতিব লগা হয়৷ ডি ভোটাৰৰ সমস্যা সমাধানৰ নামত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱা সৰ্বসাধাৰণ ৰাইজে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়দানৰ দ্বাৰা উৎসাহিত হ’লেও নিৰ্বাচন আয়োগৰ কাণ্ডই পুনৰায় এই বিষয়টোক জটিলতাৰ মাজলৈ ঠেলি দিছে৷ সাধাৰণ ভোটাৰৰ কোনো নথি-পত্ৰ পৰীক্ষা-নিৰিক্ষা নকৰাকৈ যধে-মধে নিৰ্বাচন আয়োগে কেৱল মাত্ৰ নাম আৰু উপাধী চাই লাখ লাখ প্ৰকৃত আৰু বৈধ ভাৰতীয় নাগৰিকক চৰম হাৰাশাস্তি কৰি থকাৰ সময়তেই ২০১৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমান কৰি স্পষ্ট কৰি দিছে আয়োগৰ চৰম অৰাজকতা৷ একেদৰে অসম আৰক্ষীৰ সীমান্ত শাখাৰ কাল্পনীক গোচৰৰ দ্বাৰা নাগৰিকত্বৰ নামত নিৰিহ জনতাক দি অহা জমৰ যাতনাৰ অৱসান বিচাৰি হাহাকাৰ কৰি থকাৰ সময়তেই উচ্চতম ন্যায়ালয়ৰ ৰায়ক বৃদ্ধাঙ্গুষ্ঠ দেখুৱা নিৰ্বাচন আয়োগক নাকি লগাব কোনে— সেইটো সাম্প্ৰতিক সময়ৰ চৰ্চিত প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷ 

Wednesday, April 17, 2019


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বাংলাদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা বুকুত লৈয়ে আগবাঢ়িছিল সকলোৱে৷ কিন্তু ভুলক্ৰমে ডি ভোটাৰ হিচাপে চিহ্নিত কৰা লোকসকলৰ পৰা আৰম্ভ কৰি কাল্পনিক কথাৰে সীমান্ত শাখাৰ আৰক্ষীয়ে স্বদেশী লোকক বিদেশীৰ গোচৰ জাপি দিয়া লোকসকলে NRC ৰ জৰিয়তে উপকৃত হোৱাৰ কোনো আশা দেখা পোৱা নাযায়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷ এনে ক্ষেত্ৰত ডি ভোটাৰসকলক মহামান্য উচ্চতম ন্যায়ালয়ে NRCৰ পৰা একাষৰীয়া কৰি ৰখাৰ বাস্তৱসন্মত যুক্তি মই বিচাৰি পোৱা নাই৷ মহামান্য ন্যায়ালয়ে এই বিষয়বোৰক লৈ কি কাৰণে গুৰুত্ব নিদি বিদেশী ন্যায়াধীকৰণক জীৱীত ৰাখিলে সেয়াও এক জটিল প্ৰশ্নৰ বিষয়৷ ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে এই বিদেশী ন্যায়াধিকৰণ সমূহে যিধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰি গোচৰবোৰৰ নিষ্পত্তি কৰিছিল আজিও একে পদ্ধতি অৱলম্ভন কৰি আছে৷ এগৰাকী জেষ্ঠ অধিবক্তাৰ পৰা জানিব পাৰিলো (নাম, ঠিকনা প্ৰকাশত অনিচ্ছুক) যে যাৱতীয় নথি-পত্ৰ থকা শতকৰা ৯৫ শতাংশ গোচৰৰ ৰায়দান বিদেশী হিচাপে দিয়া হয়৷ 
সৌসিদিনা আমাৰ গৱেষণা কেন্দ্ৰত উপস্থিত হোৱা এগৰাকী ভূক্তভোগীয়ে আবেগিক হৈ পৰিছিল৷ তেওঁৰ মাতৃৰ বিৰুদ্ধে সীমান্ত আৰক্ষীয়ে বিদেশীৰ গোচৰ জাপি দিছিল৷ ৰীতিমতে ভাৰতীয় ভদ্ৰ মহিলাগৰাকীয়ে বিদেশী ন্যায়াধীকৰণৰ জাননী মতে নথি-পত্ৰ লৈ হাজিৰ হৈছিল৷ কিছুদিন গোচৰ চলিল৷ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কঠোৰ পৰিশ্ৰম কৰা পৰিয়ালটোয়ে নাগৰিকত্বৰ পৰীক্ষাৰ নামত গাঠিৰ ধন খৰচ কৰি জুৰুলা হ’ল৷ শেষৰ দিনাখন বিদেশী ন্যায়াধীকৰণৰ সদস্যজনে তেওঁক মাতি নি ক’লে— ‘আপোনালোকৰ নথি-পত্ৰ মতে আপোনাৰ মাতৃক স্বদেশী হিচাপে ঘোষণা কৰিব পৰা যায়৷ কিন্তু মই ওপৰত জবাব দিব লাগিব৷ গতিকে আপুনি হাইকোৰ্টত মাথা মাৰক৷’— এনেধৰণৰ কথাকোৱা সদস্যজনৰ বিৰুদ্ধে বহুতে আমাৰ আগত মৌখিক অভিযোগ কৰিছে যে ৫০-৬০ হাজাৰ টকা দিলে হেনো এনেধৰণৰ মন্তব্য নিদিয়ে৷ পজিটিভ ৰিজাল্ট দিয়ে৷ 


প্ৰায় ৪ হাজাৰ ডি ভোটাৰৰ নথি-পত্ৰ ইতিমধ্যে পৰীক্ষা নিৰীক্ষা কৰি যিমানদূৰ বুজিব পাৰিছো যে প্ৰায় এশ শতাংশ ডি ভোটাৰেই ভাৰতীয়৷ মই দাবী সহকাৰে ক’ব পাৰো যে একমাত্ৰ নামৰ উপাধী লক্ষ্য কৰি বৈধ ভাৰতীয় দৰিদ্ৰ নাগৰিকক ডি ভোটাৰৰ যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়া হৈছে৷ দু-এটা ধনী লোকৰ বাহিৰে অধিকাংশ লোকে আনকি আমাৰ কাৰ্যালয়লৈ আহিবলৈকো কষ্ট পায়৷ কাৰণ আহিবলৈ হ’লে ৫০ টকা খৰচ হয়, এদিনৰ হাজিৰা নষ্ট হয়, এদিনত মুঠ লোকচান ৩০০+৫০=৩৫০ টকা৷ নিৰ্বাচন আহিলে এই লোকসকলৰ পক্ষে থিয় দিয়া মানুহৰ অভাৱ নাই৷ ফেচবুকতেই দেখা পালো এগৰাকী প্ৰাৰ্থীয়ে এই কঠিন সমস্যা সমাধান কৰাৰ বাবে হেনো লোকসভাত মাত মাতিব৷ এই কথা জানি ভাল লাগিছে৷ কিন্তু সেইগৰাকী নিৰ্লজ্ব্য ব্যক্তিৰ সন্মুখতেই সতীৰ্থ বিধায়কক স্বয়ং অসম বিধানসভাত বাংলাদেশী বুলি ইতিকিং কৰাৰ পিছতো নিৰৱতা অৱলম্বন কৰিছিল একমাত্ৰ স্ব-দলীয় নোহোৱাৰ বাবে৷ তেন্তে তেওঁ এই ডি ভোটাৰসকলক দলীয় দৃষ্টিকোণেৰে চাব নেকি ? নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত এই ইছ্যু মনত থাকিব নে ? ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে মাত মাতিব বুলি ছ’ছিয়েল মিডিয়াত যে ব্যাপক প্ৰচাৰ চলিছে সেই কথা তেওঁ জানে নে নাই সেই কথাতো মোৰ সন্দেহ হয় !— সিযিকি নহওঁক পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো আমি এনে প্ৰাৰ্থীকেই ভোট দিব লাগিব৷ কাৰণ আমাৰ হাতত বিকল্প নাই৷ কিন্তু সেইবুলি বিগত দিনৰ দৰে মাথো কাল্পনীক নিৰাপত্তাৰ শ্ল’গান শুনিয়েই সন্তুষ্ঠ থাকিম নে, আমাৰ সমস্যাবোৰৰ সমাধান হ’ব নে ?

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ