Wednesday, February 7, 2018

Related image ১৯৮৪ চনত ইন্টাৰনেটে আত্ম প্ৰকাশ কৰাৰ পিছত নাটকীয় ভাবে বিশ্বৰ পট পৰিৱৰ্ত্তন হোৱা পৰিলক্ষিত হৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিগত তিনিটা দশক আছিল অতিকৈ উল্লেখযোগ্য। ইন্টাৰনেটে নিৰ্ধাৰণ কৰিছে কেনেদৰে আমি বজাৰ কৰিম, কেনেদৰে যোগাযোগ কৰিম, কেনেদৰে আমি বিনোদন কৰিম, কেনেদৰে আমি বিশ্বৰ খবৰ সংগ্ৰহ কৰিম। শেহতীয়াকৈ ছ’ছিয়েল মেডিয়াই জনপ্ৰিয়তা লাভ কৰাৰ পিছত মানুহে প্ৰতিটো সৰু-বৰ কথা বা খবৰ ক্ষন্তেকৰ ভিতৰতে পাবলৈ সক্ষম হৈছে। পূৰ্বতে আমেৰিকাৰ দৰে ধনী দেশৰ বাবে দেশৰ প্ৰতিটো কথা ক্ষন্তেকৰ ভিতৰতে জনাটো সম্ভৱ আছিল যদিও বৰ্তমান সমগ্ৰ বিশ্বই ইন্টাৰনেটৰ সহায়ত এই লাভ পাবলৈ সক্ষম হৈছে। এই সম্পৰ্কে স্পষ্ট ধাৰণা এটা পাবলৈ হ’লে উল্লেখ কৰিব লাগিব যে স্মাৰ্ট ফোনৰ গৰাকীসকলক বাদ দি বৰ্তমান বিশ্বৰ প্ৰায় ৬০ শতাংশ মানুহে ইন্টাৰনেট ব্যৱহাৰ কৰে আৰু প্ৰত্যেকে গঢ়ে প্ৰতিদিনে প্ৰায় ৩ ঘন্টাকৈ ইন্টাৰনেটৰ সুবিধা গ্ৰহণ কৰে।  ১৯৯৩ চনত সমগ্ৰ বিশ্বতেই সৰ্বমুঠ ৱেব ছাইট আছিল মাথো ১৩০ টা ২০১২ চনত এই সংখ্যাই আকাশ চুই ৬৩৪ বিলিয়ন হ’লগৈ।
বিশ্বৰ এই গতিৰ সমান্তৰালকৈ আমি অসমৰ মানুহে আশানুৰূপ আগবাঢ়িব পৰা নাই। সৌ সিদিনালৈকে ৱেবছাইট নাইবা ইন্টাৰনেটত অসমীয়া লিপি বা ভাষা বিচাৰি পোৱা দুৰূহ আছিল। শেহতীয়াকৈ অসমৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাৰ ফলত এই কাম সাধ্য হৈছে। তথাপিও অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত ইন্টাৰনেটত যথেষ্ট সীমাবদ্ধতা আছে। 
সিযিকি নহওঁক, আমি জানো যে ভাৰতীয় গণতন্ত্ৰ মূল চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। ন্যায় পালিকা, কাৰ্য পালিকা, বিধান মণ্ডল আৰু সংবাদ মাধ্যম। এই সংবাদ মাধ্যমে নিজৰ দায়িত্ব ঠিক মতে পালন নকৰিলে গণতন্ত্ৰত ঘূণে ধৰিব। সংবাদ, সাংবাদিকে সমাজ এখনক প্ৰগতিৰ পথত যেনেদৰে আগুৱাই লৈ যাব পাৰে একেদৰে এন্ধাৰৰ ফালেও ঠেলি দিব পাৰে। সংবাদ মাধ্যম অথবা¸ সাংবাদিকে নিৰপেক্ষতাৰ পৰা ফালৰি কাটিলে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। দুৰ্ভাগ্যজনক ভাবে দেখা গৈছে ভাৰবৰ্ষৰ বহু এনে সংবাদগোষ্ঠী আছে যিসকল মুঠেই নিৰপেক্ষ নহয়। একাংশ সংবাদ মাধ্যমে ৰাইজৰ পক্ষত থকাৰ দোহাই দি সাম্প্ৰদায়িক আৰু ভুল বুজাবুজিৰ সৃষ্টিকাৰীসকলৰ লগত একাকাৰ হৈ পৰিছে। ইয়াৰ কাৰণো আছে। সংবাদ মাধ্যম আৰু সাংবাদিক বহুতেই কোনোবা মালিকৰ গোলাম অথবা মুদ্ৰাৰ প্ৰীতিত স্বকীয়তা জলাঞ্জলি দিবলৈ বাধ্য হোৱা বুলি বহুতেই ক’ব খোজিলেও সঁচা কথাটো এই যে, বাধাবিহীন ভাবে সংবাদ মাধ্যম এটাই আগবাঢ়ি যাবলৈ এশ এবুৰি সমস্যাই আগুৰি ধৰে। সমস্যাসমূহৰ মাজত অৰ্থৰ সমস্যাই আটাইতকৈ বৃহৎ। তাৰ পিছত সংবাদ সংগ্ৰহ আৰু মানুহৰ মাজলৈ ইয়াক লৈ যোৱাৰ প্ৰসঙ্গ। আৰু এই সকলোবোৰ কথা প্ৰভাবিত কৰে টকাই। অৰ্থ বা টকা অবিহনে কাকত বা বৈদ্যুতিন মাধ্যম চলাই লৈ যোৱা কিমান কঠিন এই যন্ত্ৰণাৰ সমভাগীসকলে বুজি পাব। শুদ্ধ আৰু নিৰপেক্ষ বাতৰিৰ প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ কৰা বহু সংবাদ মাধ্যম শেষত সংকটৰ মোকাবিলা কৰিব নোৱাৰি হয়তো কলিতে মৰহি যায় অথবা নিজৰ নীতি-আদৰ্শৰ পৰা ফালৰি কাটি যায়। ফলত সংবাদ মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা আৰু বিশ্বাস ক্ৰমাৎ নাইকীয়া হৈ পৰিব ধৰিছে। 
‘সংবাদ প্ৰহৰী’ এই ক্ষেত্ৰত ব্যতিক্ৰম। ‘সংবাদ প্ৰহৰী’ নামৰ ৱেব মিডিয়াখনে অসমৰ সংবাদ জগতৰ লগত জৰিত এটা প্ৰতিষ্ঠিত নাম। এই ‘সংবাদ প্ৰহৰী’ প্ৰথমে সাপ্তাহিক হিচাপে বৰপেটা জিলাৰ হাউলীৰ পৰা প্ৰকাশ পাইছিল আৰু পৰৱৰ্ত্তী সময়ত বৰপেটাৰোডৰ পৰা প্ৰকাশিত হৈছিল। সম্পূৰ্ণ নিজৰ মতে চলা আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা মাথো এজন মানুহে এই সংবাদ মাধ্যমখন জীয়াই ৰাখিছে। অসংখ্য ঘাত-প্ৰতিঘাতৰ মাজেৰে সংবাদ প্ৰহৰী সাপ্তাসিক হিচাপে প্ৰকাশ পাইছিল। অৰ্থ সংকটে সাপ্তাহিকখনৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকক বাৰে বাৰে নিজৰ পথৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিও হাৰ মনাব পৰা নাছিল। তেওঁ ‘কৰিমেই, যি হয় হ’ব’ বুলি সদায় মনোবলেৰে আগবাঢ়ি গৈছিল। 
স্মৃতি আওৰাই থকাৰ বয়স যদিও হোৱা নাই তথাপিও এই ছেগতে কিছু কথা প্ৰকাশ কৰিব লাগিব। মই সদায় এটা কথা বিশ্বাস কৰো আৰু বিভিন্ন সভাতো কওঁ যে, আমাৰ পূৰ্বজসকলে বহু ভুল কৰি থৈ গ’ল, আমি তেওঁলোকৰ পদাংক অনুসৰণ কৰিলে নহ’ব, সেইবোৰ সুধৰাব লাগিব। আমি প্ৰগতিশীল চিন্তাৰে আগবাঢ়িব লাগিব। আমি বহুত বেছি কাম কৰিব লাগিব। জাতীয় অগ্ৰগতি লাভৰ বাবে প্ৰকৃতাৰ্থত সকলো দিশ সামৰি সংগ্ৰাম কৰিব লাগিব। অধিকাংশ সংবাদ মাধ্যম যেতিয়া নিজৰ কৰ্তব্যৰ কথা পাহৰি পেলাইছে সেই সময়ত ৰাইজৰ মাজলৈ শুদ্ধ আৰু সঠিক তথ্যবোৰ লৈ যাব লাগিব, এইটোও সংগ্ৰামৰেই এটা অংশ। 
সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াৰ লগত মোৰ ২০১২ চনত প্ৰথম সাক্ষাৎ হৈছিল। তেওঁৰ জৰিয়তেই মই সংবাদ জগতৰ লগত পৰিচয় লাভ কৰিব পাৰিছিলো। তেওঁ কিবা এটা ব্যতিক্ৰম চিন্তা কৰিব পাৰে বুলি জানিছিলো। কাৰণ তেওঁ যেতিয়া ‘ছেভ’ নামৰ বেচৰকাৰী সংস্থা এটা খুলিছিল তেতিয়া তেওঁ বৰপেটাৰোডত এখন ভাড়াঘৰত থাকে। মই তেওঁৰ লগত ছাঁৰ দৰে লাগি থাকো। মই তেওঁৰ পৰা বহু শিকিব লগা আছিল। বহু কথা শিকিছিলো। ‘ছেভ’ৰ উদ্যোগত আমি প্ৰথমে স্মৃতিচাৰণ সভা এখন কৰিছিলো। তেতিয়াই তেওঁ প্ৰকাশ কৰিছিল ‘ছেভ’ৰ জৰিয়তে তেওঁ কাকত ওলাব, বিদ্যালয় খুলিব, ফিল্ম প্ৰস্তুত কৰিব ইত্যাদি। কথাবোৰ তেতিয়া মানিবলৈ কঠিন আছিল। কাৰণ তেতিয়া প্ৰায়ে সাহিত্যিক হাইদৰ হুছেইনৰ আত্মজীৱনীৰ পাতৰ কথাবোৰ আমাৰ জীৱনত প্ৰতিফলিত হোৱা দেখা পাইছিলো। এক কথাত এক কেজি চাউলৰ চিন্তা মূৰৰ পৰা আঁতৰাব পৰা সক্ষমতা আমি দুটাৰ নাছিল। তাৰ মাজতো মনোবল দৃঢ় আছিল। কিছুদিন পিছত তেওঁ বৰপেটাৰোডৰ পৰা হাউলী লৈ স্থানান্তৰিত হ’ল।  যদিও সকলোকে আচৰিত কৰি হঠাৎ এদিন খবৰ পালো যে তেওঁৰ অক্লান্ত প্ৰচেষ্টাত হাউলীৰ পৰা সাপ্তাহিক ‘সংবাদ প্ৰহৰী’ প্ৰকাশ পাই আছে। 
কিছুদিন পিছত তেওঁ হাউলীৰ পৰা পুনৰ বৰপেটাৰোডলৈকে স্থানান্তৰিত হ’ল। তেওঁৰ সহধৰ্মীনী ছৈয়দ ছানিয়াৰা পাৰবিনে চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিলে। আমি পুনৰ এখন কাৰ্যালয় লৈ সংবাদ প্ৰহৰীৰ কাম কৰিবলৈ ল’লো। কিছুদিন ভালদৰে চলিল। কিন্তু বাৰে বাৰে অৰ্থ সংকটে আমাক বিকল্প চিন্তা কৰিবলৈ সদায় বাধ্য কৰাইছিল। ঘটনাক্ৰমত আমাৰ যোগাযোগ হৈছিল তেতিয়া কলগাছিয়াত বাসকৰা মইন উদ্দিন দাৰ লগত। তেওঁৰ লগত আলোচনা কৰি আমি ইন্টাৰনেটৰ প্ৰশিক্ষণ শিবিৰ এটা মুকলি কৰিলো। শিবিৰৰ পৰা আমাৰ ব্যৱসায়িক ভাবে লোকচান হ’ল যদিও তাৰ পৰা আমাৰ এটা নতুন চিন্তা কৰিব পৰা দিশ উলাল। ছৈয়দ বুলবুল জামানুৰ হক ডাঙৰীয়াই সদায় এটা কথা কৈছিল যে আমি এটা ‘নিউজ ষ্টৰেজ’ বনাব লাগে য’ত অসমৰ প্ৰতিটো বাতৰি পোৱা যাব, যাৰ পৰা আমি প্ৰয়োজন সাপেক্ষে বাতৰি কাকতক যোগান ধৰিব পাৰিম। সেই চিন্তা বাস্তবায়িত কৰা আমাৰ বাবে বহু কঠিন কাম আছিল যদিও ইন্টাৰনেটৰ সহায়ত বাতৰি যোগান ধৰাৰ পথ লাভ কৰিলো। প্ৰথমে অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত একেলগে www.neonline.in মুকলি কৰিলো। তাৰ পিছত জামানুৰ ডাঙৰীয়াই তেওঁৰ সংবাদ প্ৰহৰীক ৱেব মেডিয়ালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেতিয়াৰ পৰা আৰম্ভ হ’ল এক নতুন যাত্ৰা। কেইমাহমান এই ৱেব মেডিয়াৰ চূড়ান্ত ৰূপ দিয়াত পাৰ হ’ল। শেষত তেওঁ গুৱাহাটীত থাকি সংবাদ সেৱা কৰাৰ সিদ্ধান্ত ল’লে। সেই সিদ্ধান্ত মৰ্মেই আজি এবছৰ পাৰ হ’ল।
তৃতীয় বৰ্ষপূৰ্ত্তিৰ এই শুভক্ষণত সত্য আৰু ন্যায়ৰ সপক্ষে আপোচহীন যাত্ৰা অব্যাহত থকা সংবাদ প্ৰহৰীৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

Monday, February 5, 2018

       
        সমাজ সংস্কাৰ কৰিবলৈ চেষ্টা কৰা লোকসকলে বাৰম্বাৰ মুখথেকেচা খালেও নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত হোৱা নাই। যাৰ ফলতেই অৱশিষ্ট অসমৰ ভাতৃত্ববোধ এতিয়াও বৰ্তি আছে। অসমৰ সকলো সম্পদ দিল্লীৰ নিয়ন্ত্ৰণাধীন হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদকো দিল্লীৰ নিয়ন্ত্ৰণত ৰাখিবলৈ তৎপৰ হৈছে বৰ্তমানৰ চৰকাৰে, দিল্লীৰ সমান্তৰালকৈ শেহতীয়াকৈ নাগপুৰেও অসম আৰু অসমীয়াৰ স্বাভিমান আৰু জাতীয়তাবাদক হস্তগত কৰাৰ বাবে জাল মেলা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী ক্ৰমশঃ থান-বান কৰাৰ চক্ৰান্ত ৰচনা কৰি ‘হিন্দুত্ব’ৰ নামত মানুহক ভুল পথে পৰিচালিত কৰিবলৈ উঠি পৰি লাগিছে। নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ দোহাই দি শাসনৰ গাদি দখল কৰি এতিয়া জাতি মানে ‘মানৱ’ জাতি, মাটি মানে ‘পৃথিৱী’ৰ মাটি, ভেটি মানে ‘ঘৰ’ৰ ভেটি বুলি শাসকীয় দলটোৰ মুখপাত্ৰই নিৰ্লজ্জ ভাবে ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাবোৰ একাংশ জাত্যাভিমানী লোকৰ বাবে অতি সৰল ভাবে কৰি যাব পাৰিছে চৰকাৰে। উন্নয়ন মাথো শ্ল’গানত সীমাবদ্ধ ৰাখি মানুহক উৎসৱ-পাৰ্বনত ব্যস্ত ৰখাই নহয় হিন্দু-মুছলমানৰ নামত বৃহৎ দেৱাল নিৰ্মাণ কৰাৰ বাবে উঠি-পৰি লাগিছে। আৰু প্ৰগতিশীল লোকৰ মুখ বন্ধ কৰাৰ বাবে দমনৰ ৰাজনীতি আৰম্ভ কৰা হৈছে। আন্দোলনকাৰীক হত্যা কৰা হৈছে, গণতন্ত্ৰক কবৰস্থ কৰা হৈ আছে, সঁচাক মিছা আৰু মিছাক সঁচা কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰখা হৈছে। মানুহৰ মাজত সদায় উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰি ৰখাৰ কৌশল অৱলম্বন কৰা হৈছে। অপসংস্কৃতি জাপি দিয়া হৈছে, মন্ত্ৰী, বিধায়ক অথবা সাংসদৰ দ্বাৰা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা হৈছে। আনকি একাংশ সংবাদ মাধ্যমেও প্ৰকৃত সত্য আৰু ন্যায়ৰ পক্ষৰ পৰা আঁতৰি আহিছে।
        এই চূড়ান্ত অৱক্ষয়ৰ সময়ত প্ৰগতিশীল লোকে সুস্থ জীৱন নিৰ্বাহ কৰিবলৈ ‘অক্সিজেন’ৰ অভাৱ অনুভৱ কৰিলেও আশাৰ চাকি নুমাই দিয়া নাই। মাথো নেতাৰ কথা আৰু দূৰদৰ্শনৰ বাতৰিৰ ওপৰত নিৰ্ভৰ কৰা লোকসকলে নিজৰ আৰু সমাজৰ সংস্কাৰ কেতিয়া কৰিব সেই কথা একেষাৰতে কৈ দিয়া সম্ভৱ নহয়। কিন্তু এটা কথা ঠিক যে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে সকলো কথা নিজেই বুজি পাব আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। 
        পৰাধীনতাৰ শিকলিৰ পৰা ভাৰতৰ জনগণে ১৯৪৭ চনতেই মুক্তি লাভ কৰিও আকাংক্ষিত সপোন বাস্তবায়িত কৰিব নোৱাৰিলে। স্বাধীনতাৰ সত্তৰ বছৰ পাৰ হোৱাৰ পিছতো ভাৰতত ক্ষুধাৰ্ত মানুহৰ সংখ্যা ক্ৰমশঃ বৃদ্ধিহে পাইছে, মৌলিক অধিকাৰৰ পৰা জনগণে বঞ্চিত হৈ আছে। কু-সংস্কাৰ, বাল্য বিবাহ, অন্ধ বিশ্বাস, উচ্চ-নীচৰ ভেদ ভাৱৰ মাজৰ পৰা এতিয়াও মানুহে ওলাই আহিব পৰা নাই। চৰকাৰী শিক্ষা ব্যৱস্থাই প্ৰাথমিক শিক্ষা গ্ৰহণৰ অধিকাৰ দিব পৰা নাই।– এই সকলোবোৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়োজন এটা নৱজাগৰণৰ, এটা প্ৰগতিশীল ক্ৰান্তিৰ।

Tuesday, January 30, 2018


তুমি থাকিলে পাৰ নকৰিলে হেঁতেন

বুভুক্ষ জনতাই 

নিৰ্জন নিশা।

এতিয়া

শব্দবোৰ বজ্ৰ হ’ল

অনাদৰে অৱহেলায় গানগোৱা 

মাটিৰ কলিজাবোৰ

এতিয়া নষ্ট নাৱিকৰ কোলাহলত

জ্বলি জ্বলি ছাই কৰি খাই গৈছে

অজস্ৰ উজাগৰি কান্দোন।

এতিয়া

প্ৰেম-ভালপোৱা মানে অভিসাপ

সপোন মানে ঠৰঙা লগা ফুটপাথ।


ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ইতিহাস [দিনপঞ্জী]
========================
Image result for nrc
১৯৫১— % লোকপিয়লৰ ভিত্তিত অসমত এন আৰ চি।
১৯৮০– ১৮ জানুৱাৰী 2 এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰ— ৰাজ্যক আছুৰ স্মাৰকপত্র।
১৯৮০– ২ ফেব্ৰুৱাৰী ঃ ইন্দিৰা স্মাৰকপত্র প্রদান |
১৯৯০- 2 চৰকাৰক এন আৰ চিৰ মডেলিটি প্রদান আছুৰ ।
১৯৯৯– ১৭ নৱেম্বৰ 2 আছুকেন্দ্ৰ-ৰাজ্য চৰকাৰৰ দিল্লীত ত্ৰি-পাক্ষিক বৈঠক।
১৯৯৯— গুঃ এন আৰ চি উন্নীতকৰণৰ বাবে কেন্দ্ৰৰ ২০ লাখ টকা আবণ্টন। ৫ বছৰত ৰাজ্যই খৰচ কৰে ৫ লাখ টকা।
২০০৫— ৫ মে’ ঃ এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ-ৰাজ্য-আছুৰ ত্রি-পাক্ষিক
২০০৫— ঃ এন আৰ চিৰ সঞ্চালকালয় স্থাপন। দীপক শর্মা সঞ্চালক
২০০৮— ৪ আগষ্ট : তৰুণ গগৈৰ প্রধানমন্ত্রীলৈ পত্র।
 ২০০৯— ৪ নাগৰিকত্ব বিধি-২০০৩ত ৪(ক) দফাৰ সংযোজনেৰে ১৯৫১ৰ এন আৰ চি আৰু ১৯৭১ৰ ২৪ মার্চৰ ভোটাৰ তালিকাৰ ভিত্তিত এন আৰ চি উন্নীতকণৰ সিদ্ধান্ত।
২০০৯- ২৫ মে’ ঃ ভোটাৰ তালিকাত বাংলাদেশী থকা কথা কৈ শুদ্ধ তালিকা প্রস্তুতৰ দাবী এ পি ডব্লিউৰ উচ্চতম ন্যায়ালয়ত গোচৰ।
২০০৯— ৭ জুলাই ঃ এ পি ডব্লিউৰ গোচৰ পঞ্জীয়ন।
 ২২ এপ্রিল ঃ জি কে পিল্লাইৰে আছু-ৰাজ্য চৰকাৰৰ ত্রিপাক্ষিক বৈঠক
 ২০১০– ৪ ভাৰতৰ মহাপঞ্জীয়কে গ্রহণ কৰে এন আৰ চিৰ দায়িত্ব।
 ২০১০– ১ জুন ঃ বৰপেটা-ছয়গাঁৱত পাইলট প্রকল্প আৰম্ভ।
 ২০১০– ২১ জুলাই ঃ বৰপেটা কাণ্ড (এন আৰ চিক লৈ প্রচণ্ড হিংসা)।
২০১০– ৫ এন আৰ চিক লৈ ডাঃ ভূমিধৰ বৰ্মনৰ নেতৃত্বত মন্ত্রী গোট গঠন।
২০১১ – ২৩ ফেব্ৰুৱাৰী ঃ এ পি ডব্লিউৰ গোচৰৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে ৰায় দিবলৈ সাজু হয়।
 ২০১১— z উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চি হ’ব লাগে বুলি এ পি ডব্লিউৰ আবেদন।
২০১২— ১৯৫১ চন ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন অসম সন্মিলিত মহাসংঘৰ।
২০১২— ১৬ আগষ্ট ৫ কেবিনেট উপ-সমিতিয়ে প্রস্তুত কৰা প্রতিবেদন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গৃহীত।
২০১২- ২৯ আগষ্ট ঃ ৰাজ্যৰ গৃহ-ৰাজনৈতিক বিভাগে কেন্দ্রীয় গৃহ মন্ত্র্যালয়লৈ প্ৰেৰণ কৰে এন আৰ চি উন্নীতকৰণৰ মডেলিটী।
২০১৩- ২ এপ্রিল ঃ উচ্চতম ন্যায়ালয়ত তথ্য জমা দিয়ে এ পি ডব্লিউৱে।
২০১৩— ৮ মে’ ঃ উচ্চতম ন্যায়ালয়ত চৰকাৰে দাখিল কৰে এন আৰ চিৰ মডেলিটী।
২০১৩—  ছেপ্টেম্বৰ এন আৰ চিৰ ৰাজ্যিক সময়কাপ সমন্বয়ক হিচাবে প্রতীক হাজেলাক নিযুক্তি
২০১৩– ১৮ অক্টোবৰ ঃ কেন্দ্রক এন আৰ চিৰ মডেলিটী চূড়ান্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ।
২০১৩– ২৩ আগষ্ট ৫ কেন্দ্ৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰাজেশ খান্নাই ভাৰত চৰকাৰৰ উপ-সচিবৰ পত্র আদালতত দাখিল কৰে।
২০১৩— ১৮ অক্টোবৰ : এন আৰ চিৰ বাবে অসম চৰকাৰক কেন্দ্ৰই আবণ্টন দিয়ে ৪৮৯ কোটি টকা।
২০১৩- ২৫ অক্টোবৰ ঃ শস্তু সিঙে আদালতত শপতনামা দাখিল কৰে।
২০১৪ – মার্চ ৪ এন আৰ চি উন্নীতকৰণৰ বাবে নিযুক্তি আৰম্ভ।
২০১৪— ৪ আগষ্ট ও ন্যায়াধীশ ৰঞ্জন গগৈক এন আৰ চিৰ গোচৰৰ প্ৰধান বিচাৰপতি নিযুক্তি।
 ২০১৪ – ২৩ ছেপ্টেম্বৰ ৪ প্রতীক হাজেলাক ১৮ মাহৰ ভিতৰত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূর্ণ কৰাৰ সংশোধিত সূচী দাখিলৰ নির্দেশ।
২০১৪ – ৭ ডিচেম্বৰ : ২০১৬ৰ ১ জানুৱাৰীৰ ভিতৰত উন্নীত এন আৰ চি প্রস্তুতৰ সময়সীমা দিয়ে ন্যায়ালয়ে।
২০১৫- ২৮ ফেব্ৰুৱাৰী ঃ ১০০ টা এন আৰ চি সেৱা কেন্দ্র স্থাপন।
 ২০১৫— ২৭ মার্চ : ৰাজ্যজুৰি ২৫০০ এন এছ কে স্থাপন।
২০১৫— এপ্রিল ও লিগেচী ডাটা ডিজিটেল পদ্ধতিত আবদ্ধ।
২০১৫- ২৩ মে’ ঃ সীমান্ত সন্দৰ্ভত কার্ট কমিছনাৰ নিযুক্তি ন্যায়ালয়ৰ।
 ২০১৫ – জুন ঃ এন আৰ চিৰ বাবে প্র-পত্র বিতৰণ তথা সংগ্ৰহ আৰম্ভ।
 ২০১৫— ৩১ আগষ্ট ও প্র-পত্র জমা দিয়াৰ শেষ দিন।
২০১৫— ১ ছেপ্টেম্বৰ ঃ নথিপত্ৰৰ পুনৰীক্ষণ প্রক্রিয়া আৰম্ভ।
 ২০১৫— ১ ডিচেম্বৰ ঃ এন আৰ চি প্রস্তুতৰ সময়সীমা বৃদ্ধিৰ বাবে কর্তৃপক্ষৰ উচ্চতম ন্যায়ালয়ত শপতনামা।
 ২০১৫— ঃ উচ্চতম ন্যায়ালয়ত পূর্বোত্তৰ হিন্দুস্তানী সন্মিলন, অসম সাহিত্য সভাৰ এন আৰ চি সন্দৰ্ভত গোচৰ।
২০১৬— ১ জানুৱাৰী ঃ এন এছ কেবোৰত বিশেষ পুনৰীক্ষণ প্রক্রিয়া আৰম্ভ।
২০১৬— গুঃ এন আৰ চি সন্দৰ্ভত প্ৰণৱ কুমাৰ মজুমদাৰৰ ছুপ্রিম ক’ৰ্টত আবেদন।
২০১৭- ২৮ ফেব্ৰুৱাৰী ঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়তৰ নথিক অবৈধ ঘোষণা ।
 ২০১৭— ঃ আমাছ, জমিয়ত উলেমা ই হিন্দৰ গোচৰ উচ্চতম ন্যায়ালয়ত।
২০১৭- ১২ অক্টোবৰ 2 ৪৭.৯ লাখ পঞ্চােয়ত নথি জমা দিয়া লোকৰ ১৭.৪ লাখক প্রকৃত বাসিন্দা ঘোষণা।
২০১৭– ২৭ অক্টোবৰ ঃ ভাৰতৰ মহাপঞ্জীয়ক শৈলেশৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ স’তে ভিডিঅ’ কনফাৰেন্সিং।
২০১৭– ২ নৱেম্বৰ: ৮ দল, ৪২ সংগঠনেৰে আৰ জি আইৰ বৈঠক।
 ২০১৭— ৯ নৱেম্বৰ : ১.২৩ কোটি নথিৰ পৰীক্ষণ হােৱা নাই বুলি উচ্চতম ন্যায়ালয়ক জনায় প্রতীক হাজে লাই।
 ২০১৭— ১৩ নৱেম্বৰ ঃ দিল্লীত এন আৰ চিক লৈ অনুষ্ঠিত আলোচনাচক্ৰক কেন্দ্ৰ কৰি উত্তপ্ত ৰাজ্য।
২০১৭— ১৬ নৱেম্বৰ : ৩১ জুলাই, ২০১৮ চনলৈ এন আৰ চিৰ খচৰা প্রকাশৰ দিন পিচুৱাবলৈ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ আবেদন।
২০১৭- ১৯ নৱেম্বৰ ঃ ৰেচন কার্ড গ্রহণযোগ্য হ’ব বুলি কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ পত্র প্রতীক হাজেলাৰ।
২০১৭- ৩০ নৱেম্বৰ ঃ ৩১ ডিচেম্বৰত খচৰা প্রকাশ পাবই লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ কাঢ়া নির্দেশ।
২০১৭— ৫ ডিচেম্বৰ : পঞ্চায়ত নথি গ্রাহ্য হ’ব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়।
 ২০১৭– ২১ ডিচেম্বৰ : গুৱাহাটীত আৰ জি আই উপস্থিত হৈ পর্যালোচনা।
২০১৭— ২৫ ডিচেম্বৰ : আংশিক খচৰাৰ বাবে পঞ্জীয়ন প্রক্রিয়া সম্পন্ন।
২০১৭— ৩১ ডিচেম্বৰ : মাজনিশা প্ৰথমখন খচৰা প্রকাশ।

Monday, January 22, 2018

Image result for saraswati
কলেজতপঢ়োতে মোৰ অন্যতম প্ৰিয় উৎসৱটিয়েই আছিল স্বৰস্বতি পূজা৷
আমাৰ জি.এল.চি কলেজ, বৰপেটাৰোডৰ পূজাৰ খিচিৰি খাবলৈ অইন কলেজত পঢ়া বন্ধু-বান্ধবীসকলো আহিছিল৷ 
আমি কোৰ্তা পিন্ধি গৈছিলো, মই ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক থকা সময়তো পূজাৰ লগত বহুত সক্ৰিয়ভাবে জড়িত হৈছিলো৷ মোৰ বন্ধু-বৰ্গৰ অধিকাংশই হিন্দু আছিল, আজিও তেওঁলোকৰ লগত আগৰ দৰেই মধুৰ সম্পৰ্ক৷ (সেইবুলি মই নামাজ পঢ়া পাহৰি গৈছো নেকি?)
আমাৰ কলেজত ফাতেহা-দোৱাজ-দাহমো উদযাপন কৰিছিলো, আমাৰ দৰে হিন্দু বন্ধু-বান্ধবীসকলেও সেই দিনা আহি একেলগে উদযাপন কৰিছিলো৷
এতিয়া একাংশ পণ্ডিত ওলাইছে যিসকলে নিজকে অতি ধাৰ্মিক বুলি জাহিৰ কৰিব খোজে, তেওঁলোকৰ একাংশই এই পবিত্ৰ উৎসৱৰ বিৰোধিতা কৰি নানা প্ৰলাপ বকি আছে৷ যদি নিৰ্ধাৰিত বিষয়টোৰ ওপৰত জ্ঞান নাই মাথো সস্তীয়া জনপ্ৰিয়তাৰ বাবেই এইবোৰ বিতৰ্ক কৰি সমাজত বিভাজন অনাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা উচিত৷ 
আৰু একাংশ মানুহ আছে যিবোৰৰ নাম আৰু উপাধি চাই আমি মুছলমান বুলিয়ে ভাবো, তেওঁলোকে হিন্দুসকলৰ বিৰুদ্ধে মন্তব্য দিয়ে, তেনে এটা অপদাৰ্শৰ বিষয়ে আজি ফেচবুকত পালো৷ অপদাৰ্শটো হোনু নাস্তিক৷

ব্যক্তিগত ভাবে নাস্তিকসকলক মই অন্তৰৰ পৰা শ্ৰদ্ধা কৰো৷ কিন্তু মনে মনে সেই খিতাপ জয় কৰি সমাজত বিভাজনৰ সৃষ্টি কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি৷ এইখিনিতে এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে যিসকলৰ নামৰ উপাধি ইছলাম, হুছেইন, আলী, আহমেদ, হক তেওঁলোক নাস্তিক হ’লে এই উপাধিবোৰ ত্যাগ কৰিব লাগিব, কাৰণ এই উপাধীবোৰ কাৰো পৈতৃক নহয়, এইবোৰ ইছলাম ধৰ্মীয় উপাধী৷ তেওঁলোকে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থকা বুলি কৈ নিজৰ উপাধিটোকে কিয় খামুচ মাৰি ধৰি ৰাখে বুজি নাপাওঁ৷

Wednesday, December 27, 2017

Image result for dark city

নিৰৱে শুই থাকে নিৰাপত্তাহীন চহৰে যেতিয়া এন্ধাৰে গ্ৰাস কৰে গলিবোৰ আৰু কৰুণ কণ্ঠে কুকুৰে বিনায় দূৰ-দূৰণীত অথবা খোজে খোজে যাযাবৰ পথিকৰ। তেতিয়াও; চহৰখনে শুই থাকে ক্ৰমশঃ ঘনীভূত আশংকাত ডুবি ডুবি।
কল্পনাৰ সাগৰত মৃত্যুদণ্ড হয় হাজাৰ অগ্নিশিখা।
অভিশপ্ত সময়ৰ কৰুণ প্ৰবাহ সংস্কাৰৰ ধুসৰ সপোন।
চহৰখনে কথা ক’ব নাজানে এন্ধাৰ গলিবোৰে মেৰুদণ্ড ভাঁজ লগাই শুই থাকে। গছকি যায় নিৰ্লজ্জ¸ অহংকাৰী জন গণ অধিনায়ক … শোষণ আৰু ফেচিবাদৰ ধ্বজাবাহকৰ দল¸ দিনৰ পোহৰে অনুজ্ঞাপত্ৰ বিতৰণ কৰে তেওঁৰ বুকু খান্দি চোবাই খাবলৈ কলিজা। তেতিয়াও চহৰখনে শুই থাকে …৷৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ