Wednesday, July 5, 2023

 

সাংবিধানিক অধিকাৰ আৰু সংখ্যালঘু সমাজ


স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰবেৰে প্ৰকাশ কৰো যে, আজিৰ পৰা ৭০ বছৰ আগতেই ভাৰতৰ প্ৰতিজন নাগৰিকক ভাৰতীয় সংবিধানে ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধেৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু হতাশজনক ভাৱে নাগৰিকৰ এই অধিকাৰ সমূহ পদে পদে খৰ্ব হৈ থকা পৰিলক্ষিত হৈছে৷ বিশেষকৈ অসমৰ সংখ্যালঘু নাগৰিকৰ সম-অধিকাৰ, সম-মৰ্যাদা, বাক স্বাধীনতা আদি সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ ভূলুণ্ঠিত কৰি এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে৷ 

ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ জৰিয়তে ৰাষ্ট্ৰই কোনো নাগৰিকক আইনৰ দৃষ্টিত অ-সম ভাবে বিবেচনা কৰিব নোৱাৰিব অথবা ভাৰতৰ ভূ-খণ্ডৰ ভিতৰত সকলো নাগৰিকক আইনৰ দৃষ্টিত ৰক্ষণাবেক্ষণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অৰ্থাৎ আইনৰ দৃষ্টিত সকলোকে সমভাৱে বিবেচনা কৰা হব৷ ঠিক একেদৰে সংবিধানৰ ১৫ নং অনুচ্ছেদ মতে কোনো নাগৰিকক জাতি-ধৰ্ম, বৰ্ণ, লিংগ আৰু জন্মৰ স্থান আদিৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰি বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈ নাগৰিকক আদি বাসিন্দা (Original Inhabitants) আৰু আদি বাসিন্দা নহয় (Non Original Inhabitants) হিচাপে শ্ৰেণীবিভাজন কৰি মৌলিক অধিকাৰ খৰ্ব কৰিছে৷ 

১৬ নং অনুচ্ছেদ মতে ভাৰতৰ সকলো নাগৰিকক চৰকাৰী চাকৰিৰ  ক্ষেত্ৰত সম সুযোগ প্ৰদান কৰিব৷ কিন্তু ছাচ্চাৰ কমিটিৰ প্ৰতিবেদন মতে অসমৰ ৩০.৯ শতাংশ ধৰ্মীয় সংখ্যালঘু জনসংখ্যাৰ বিপৰীতে গৃহ বিভাগৰ উচ্চপদত মাত্ৰ ৯.৩ শতাংশ, নিম্ন পদত ১১.৫ শতাংশ, স্বাস্থ্য বিভাগৰ উচ্চ পদত ৮.০ শতাংশ, নিম্ন পদত ১১.১ শতাংশ আৰু পৰিবহন বিভাগৰ উচ্চ পদত ১৩.৯ শতাংশ আৰু নিম্ন পদত ১১.৫ শতাংশ পদত নিয়োগৰ সুবিধাহে লাভ কৰিছে৷ 

১৯ নং অনুচ্ছেদ মতে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক বাক স্বাধীনতা, শান্তি পূৰ্ণ ভাবে সমবেত হোৱা, সংস্থা বা সংঘ গঠন কৰাভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইত মুক্ত ভাবে বিচৰণ কৰা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰা আৰু যিকোনো জীৱিকা, ব্যৱসায়-বাণিজ্য কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু অসমৰ বান-গৰাখহনীয়া আৰু সংঘৰ্ষ পীড়িত সংখ্যালঘু নাগৰিকে জীৱিকাৰ তাড়ণাত অসমৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গলেই উগ্ৰ জাতীয়তাবাদী একাংশ দল-সংগঠনৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক নিৰ্যাতনৰ বলি হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰ-প্ৰশাসনে সংখ্যালঘু জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে স্বৈৰাতান্ত্ৰিক ভাবে বিদেশীৰ গোচৰ জাপি দি আছে৷ 

২০ (২) অনুচ্ছেদে সকলো ব্যক্তিক মৌলিক অধিকাৰ প্ৰদান কৰি কোনো ব্যক্তিক এটা অপৰাধৰ কাৰণে একাধিক বাৰ বিচাৰ আৰু শাস্তি প্ৰদান কৰিব নোৱাৰৰ বিধান ৰাখিছে৷ কিন্তু অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক প্ৰাক স্বাধীনোত্তৰ কালৰ ইংৰাজৰ সুবিধাৰ্থে প্ৰণয়ণ কৰা নাগৰিকত্ব আইনৰ গইনালৈ এজন নাগৰিকক এবাৰ স্বদেশী হিচাপে প্ৰমাণ হোৱাৰ পিছতো বিদেশী ন্যায়াধীকৰণত পুনৰায় গোচৰ প্ৰক্ৰিয়া চলোৱা পৰিলক্ষিত হৈছে৷ এয়া সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰিপন্থী৷ 



ভাৰতীয় সংবিধানৰ আত্মা স্বৰূপ ২১ নং অনুচ্ছেদে ভাৰতীয় নাগৰিকক মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু সংবিধানৰ এই প্ৰতিশ্ৰুতি ভংগ কৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা নথিপত্ৰ পৰীক্ষা নকৰাকৈ ভোটাৰ তালিকাত সন্দেহজনক হিচাপে চিহ্নিত কৰাঅসম আৰক্ষীৰ সীমান্ত শাখাৰ বিসংগতি পূৰ্ণ আৰু কাল্পনিক প্ৰতিবেদনৰ দ্বাৰা তথা বিদেশী ন্যায়াধীকৰণৰ একপক্ষীয় তথা পক্ষপাতমূলক ৰায়দানৰ জৰিয়তে নিৰক্ষৰ, নিৰীহ সংখ্যালঘু লোকক বিদেশী হিচাপে চিহ্নিত কৰি ডিটেনচন কেম্পত বন্দী কৰি এক দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ একেদৰে এনআৰচিৰ আপত্তি দাখিলৰ সময়সীমাৰ অন্তিমটো নিশাত হঠাৎ লাখ লাখ ভূৱা আপত্তি দাখিলৰ দ্বাৰা ইতিমধ্যে কঠোৰ পৰীক্ষণৰ জৰিয়তে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সক্ষম হোৱা সংখ্যালঘু লোকক বিচাৰৰ কাঠগৰাত থিয় কৰাই আত্ম মৰ্যাদা হানি কৰিছে৷

সংবিধানৰ ২১(ক) অনুচ্ছেদে ৬-১৪ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাদানৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চল তথা চৰ-চাপৰিত জনসংখ্যা অনুপাতে শিক্ষানুষ্ঠানৰ অভাৱ আৰু ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱে এই অধিকাৰ ভংগ কৰিছে৷ 

সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰে হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে, ভাৰতীয় সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সংখ্যলঘু সকলৰ ক্ষেত্ৰত ভূলুণ্ঠিত হব৷ তেওঁ ১৯৫৩ চনৰ ২ চেপ্টেম্বৰ তাৰিখে ৰাজ্যসভাত কৈছিল যে, সংখ্যালঘুসকলৰ ওপৰত হোৱা আঘাত হব ভাৰতীয় গণতন্ত্ৰৰ সৰ্ববৃহৎ ক্ষতি৷ 

আজি আমাৰ মাজত আম্বেদকাৰ আৰু তেওঁৰ সহযোগী সংবিধান প্ৰণেতাসকল নাই যদিও আমাৰ সংখ্যালঘুসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ বৃহত্তম সংবিধান আজিও এক ৰক্ষা কবচ হিচাপে আছে৷ এই সংবিধান অবমাননা কৰি শাসক পক্ষই

  

সংখ্যালঘুৰ অধিকাৰ মষিমূৰ কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে৷ বৰ্তমানৰ প্ৰেক্ষাপটত এই অপচেষ্টা প্ৰতিৰোধ কৰাৰ বাবে সংবিধান প্ৰদত্ত সমস্ত অধিকাৰৰ বিষয়ে প্ৰচাৰ-প্ৰসাৰ কৰা আমাৰ দায়িত্ব হোৱা উচিত৷ 

Monday, June 19, 2023

অসমৰ ডি ভোটাৰ হোৱাৰ কাৰণ আৰু সমাধানৰ পথ কি হ'ব পাৰে

 

১৯৯৭ চনৰ ১৭ জুলাইত ভাৰত নিৰ্বাচন আয়োগে অসম চৰকাৰক এক বিজ্ঞপ্তি জাৰি কৰি অ-নাগৰিকসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত, ভোটাৰ তালিকাৰ সংশোধন আৰম্ভ হয়, ঘৰে ঘৰে জৰীপ কৰা হয়, সেইসময়ত ভাৰতীয় হোৱাৰ যাৱতীয় নথিপত্ৰ দেখুৱাব নোৱাৰা লোকক ভোটাৰ তালিকাত ইংৰাজী ডি’ (D)-ৰ সৈতে চিহ্নিত কৰে৷  জৰীপৰ সময়ত, অনুপস্থিত ভোটাৰসকলকো উক্ত ডি ৰে চিহ্নিত কৰা হৈছিল। ফলত প্ৰায় ৩,৭০,০০০ লোকো ডি ভোটাৰ হিচাপে ঘোষণা লাভ কৰে৷ পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা অধিকাংশ লোকেই স্বদেশী হিচাপে ঘোষণা লাভ কৰিছে৷ ২০১৫ চনত অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ি সমাধান লাভ কৰাৰ আশা লৈ সকলোৱে আগবাঢ়িছিল যদিও ডি ভোটাৰ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ আৰক্ষীয়ে সন্দেহযুক্ত নাগৰিকৰ গোচৰ জাপি দিয়া লোকসকলক NRC ৰ আওতাৰ পৰা বাদ ৰখা হল৷ মন কৰিব লগীয়া যে ১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে যিমান ডি ভোটাৰৰ গোচৰ নিষ্পত্তি হৈছিল তাৰে ৮৩ শতাংশই বিদেশী নহয় বুলি ৰায়দান পাইছিল৷

বাক্সা আৰু বৰপেটা জিলাক লৈ গঠন হোৱা সৰভোগ বিধানসভা সমষ্টিতে পাঁচ সহস্ৰাধিক ডি ভোটাৰ আছে। এইসকল লোকৰ ওপৰত সঠিক অধ্যয়ন আৰু বিশ্লেষণ কৰা অতিকৈ প্ৰয়োজনীয় বুলি আমি বিবেচনা কৰিব পাৰি। উল্লেখ্য যে এই বিষয়ৰ লগত নদ-নদীৰ গৰাখহনীয়া কেনেকৈ সংযুক্ত হৈ আছে সেই বিষয়েও অধ্যয়ন কৰাৰ থল আছে। 

 


২০১৬ চনৰ কথা৷ কালাম ভাই বৰপেটাৰোডৰ প্ৰশান্তি ল’জত উপস্থিত হোৱাৰ পিছতেই মই গৈ পাইছিলো৷  বিটিএডিৰ হত্যাকাণ্ডৰ পিছতো সমগ্ৰ বিষয়ৰ ওপৰত আমি চৰ্চা কৰাৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ কাম কৰি আছিলো৷ কালাম ভআই কাপোৰ সলাই থাকি মোক কৈছিল- হাফিজ ভাইৰ পোষ্ট পৰছ’?, মই কৈছিলো- আইচকা দেহি নাই৷ -তাৰাতাৰি দেহ’৷ 
মই লগে লগে ফেচবুক খুলি চালো৷ হাফিজ আহমেদ ছাৰে মিয়া বিষয়ত কবিতা লিখিছে 'Write down I am a Miya' ৷ মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতেই বহুত লাইক, কমেন্ট, শ্বেয়াৰ৷ কবিতাটো বহু চৰ্চিত হৈছে৷ আমাৰ ভাল লগাৰ কাৰণ আছিল- প্ৰান্তিয়, দৰিদ্ৰ লোকৰ বেদনাৰ কাহিনী আৰু অধিকাৰৰ সংগ্ৰামৰ কথাবোৰে কবিতাত স্থান পাইছিল বাবে৷ পৰিচয় বিহীনতাৰ যন্ত্ৰণাৰ বিপৰীতে ঐক্যবদ্ধ ভাবে শোষিত শ্ৰেণীৰ হকে বিপ্লৱ কৰাৰ বাবে দৰকাৰী বহু কথাই ছাৰৰ কবিতাত স্থান পাইছিল৷ 
‘এহন তুমি একটা লেখ’— কালাম ভাই মোক উৎসাহিত কৰিছিল৷ এই খিনিতে মনত পৰিছে যে তেওঁৰ ‘কামোৰ’ৰ বাবেই বিটিএডিৰ হত্যাকাণ্ডৰ ওপৰত গৱেষণামূলক গ্ৰন্থ ‘বিষাদলেণ্ড নাৰায়নগুৰী’ লিখা হৈছিল৷
সন্ধিয়া ৯ মান বজাত মই ঘৰলৈ উভতি আহি লিখিছিলো— ‘মইও মিয়া’৷ 
মিয়া কবিতা ১৯৩৯ চনত মওলানা বন্দে আলীৰ ‘চৰুৱাৰ কথা’ নামৰ কবিতাৰ জৰিয়তে আৰম্ভ হৈছিল যদিও হাফিজ আহমেদ ছাৰৰ উক্ত কবিতাৰ জৰিয়তে মিয়া কবিতায় নৱজীৱন লাভ কৰা বুলিও ক’ব পাৰি৷ এটা নতুন ধাৰাৰ জন্ম হ’ল৷ এই ধাৰাৰ দ্বিতীয়টো কবিতা মই লিখাৰ পিছতেই বহু সমৰ্থন পাইছিলো৷ দুই-তিনি দিনৰ ভিতৰতেই নৱ প্ৰজন্মৰ প্ৰায় ৮ গৰাকী কবিয়ে ৰচনা কৰিলে মিয়া ছিৰিজৰ কবিতা৷ তাৰ পিছত বহু কবিয়ে এই ছিৰিজৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলে৷ (বিস্তাৰিত মোৰ ব্লগত পাব- https://shajahanaliahmed.blogspot.com )
মোৰ এই মইও মিয়া নামৰ কবিতাটো অসম বিধানসভাত বিধায়ক শ্বেৰমান আলী আহমেদে পাঠ কৰি অসমৰ নিৰ্যাতিত জনগোষ্ঠীৰ হকে গৰজি উঠাৰ কথা মনত আছে৷

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ