Sunday, March 31, 2019


আজিৰ পৰা ৩৯ বছৰ আগত এটা সপোন দেখিছিল 
সেইসময়ৰ তেজাল যুৱ চাম আৰু বৌদ্ধিক মহলে,
সেই সপোনৰ লগত সহযোগ কৰিছিল সহস্ৰজনে৷ 
নিজৰ জীৱন উচৰ্গা কৰি দিছিল ২২ গৰাকী বীৰ পুৰুষে,
ঘূণীয়াও হৈছিল বহুজনে৷ তেওঁলোকৰ আত্মাই শান্তি পাওঁক৷

সপোনবোৰ বাস্তাবায়িত হ’লে গঢ়ি নুঠিল হেঁতেন দিছপুৰৰ অট্টালিকা
দৰদাম নহ’ল হেঁতেন জীৱন-মৰণৰ৷

সমস্যাবোৰ সমাধান নহ’ল, সপোনবোৰ নষ্ট হৈ গ’ল
ৰঙীণ চচমাই সকলো খাই পেলালে৷

তেওঁলোকে চক্ৰবেহুৰ পৰা ওলাই আহিব পৰা নাই
ৰাজপ্ৰসাদৰ প্ৰতি ঠেং দাঙি থকা 
জাতীয়তাবাদৰ ভূৱা নিচান উৰাই
এদিন
হাইকমাণ্ডৰ জোতা চেলেকা
সেই সকলেই ত্ৰাণকৰ্তা ???


Wednesday, March 27, 2019

নাৰায়নগুৰীৰ হত্যাকাণ্ডৰ অভিযুক্ত প্ৰমীলাৰাণীৰ মুছলমান ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল৷আমাৰ যুদ্ধ এইবাৰ এনডিএফবি ইউ.জি ব্ৰহ্মৰ লগতহে হবঃ হাগ্ৰামা মহিলাৰী।


গোৱৰ্দ্ধনাৰ পৰা সাজাহান আলী আহমেদ আৰু নজৰুল আলী আহমেদৰ ৰিপোৰ্ট, ২৭ মাৰ্চঃ 

আজি দিনৰ প্ৰায় ১ বজাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিধানসভা সমষ্টিৰ গোৱৰ্দ্ধনাত বিপিএফ দলৰ এখন বিশাল জনসভা অনুষ্ঠিত হয়। আগন্তুক লোকসভা নিৰ্বাচনৰ আতধৰি অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিপিএফ তথা বিজেপি নেতৃত্বাধীন (এনডিএ) মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে অসমৰ কেবিনেট মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মক প্ৰক্ষেপ কৰাৰ পিছতেই ককালত টঙালি বান্দিছে বিটিচিৰ শাসকীয় দলটোৱে। ইয়াৰ লগত সংগতি ৰাখি শক্তি প্ৰদৰ্শন কৰাৰ বাবে ‘গ্ৰেণ্ড মাছ ৰেলী’ নামেৰে বিটিচিৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটাই অনুষ্ঠিত সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলৰ অইন নেতাৰ লগত সম্পূৰ্ণ পৃথক স্থিতি গ্ৰহণ কৰি ‘নৱকুমাৰ শৰণীয়াৰ কাম নাই, তেওঁ মিছা কথা কৈ ভোট লৈছিল আমাৰ লগত এইবাৰ এই শৰণীয়া, কংগ্ৰেছ কোনো ফেক্টৰ নহয়, আমাৰ লগত এইবাৰ এবছু, এনডিএফবি আদি সংগঠনৰ সমৰ্থিত তথা ইউপিপিএলৰ প্ৰাৰ্থী ইউ. জি ব্ৰহ্মহে প্ৰতিদণ্ডী হ’ব বুলি তীৰ্জক মন্তব্য কৰে। কিন্তু তাৰ বিপৰীতে দলটোৰ শীৰ্খ নেতা তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম আদি হেভিয়েট নেতাই এইবাৰ নৱ কুমাৰ শৰণীয়াৰ লগত তীব্ৰ প্ৰতিদন্দিতা হ’ব বুলি মত ব্যক্ত কৰে৷
সংখ্যালঘু ভোটাৰৰ কৌশলী স্থিতিত বিব্ৰত হৈ পৰা দলটোৰ শীৰ্ষ পৰ্যাৰ নেতাসকলৰ লগতে আনকি স্বয়ং আৰএমচিৰ সভাপতি আফজাল হুছেইন সৰকাৰে বিপিএফক সকলো মুছলমানে ভোট দিলেহে বিভিন্ন সমস্যাৰ সমাধান সম্পৰ্কে দলটোৰ পৰা বিশেষ দাবী কৰিব পৰা যাব বুলি বক্তব্য প্ৰদান কৰে৷ ২০১৪ চনৰ ২ মে’ত নাৰায়নগুৰীৰ হত্যাকাণ্ডত অভিযুক্ত মন্ত্ৰী তথা প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই সংখ্যালঘু ভোটাৰক বিশেষভাবে আকৰ্ষণ কৰিবলৈ যত্ন কৰি বক্তব্য প্ৰদান কৰা দেখা যায়৷ প্ৰসঙ্গক্ৰমে তেওঁ গোৱৰ্দ্ধনাৰ এখন মছজিদ বেঁকীৰ গড়াখহনীয়াৰ পৰা কেনেদৰে নিৰাপত্তা প্ৰদান কৰিছিল সেইবিষয়ে দোহাৰি কয়৷ তেওঁ লগতে গড়াখহনীয়াৰ বাবে মুছলমানসকলে অধিক ক্ষতিগ্ৰস্থ হোৱা বুলি উল্লেখ কৰে৷ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্বভাৱসূলভ আৰু নাটকীয় ভঙ্গিমাৰে কয় যে এবছুৰ সভাপতি প্ৰমোদ বড়ো হ'ল এজন বেপাৰী, তেওঁ প্ৰতিটো নিৰ্বাচনত বড়ো জনগোষ্ঠীটোক বিক্ৰি কৰি ধন উপাৰ্জন কৰি আহিছে, তেওঁ এইবাৰো কংগ্ৰেছ, বিজেপিৰ লগত দৰদাম কৰি আছে, বড়ো জনগোষ্ঠীৰ লগত প্ৰতাৰণা কৰি ৰাজনীতি কৰি আছে। মহিলাৰীয়ে লগতে কয় যে প্ৰমোদ বড়োই বড়ো জনগোষ্ঠীটোক বিপথে পৰিচালিত কৰি তেওঁলোকে সদায় বড়োলেণ্ড লাগে বুলি মিছাতে বিভিন্ন সময়ত ধৰ্ণা দি থাকে। তেওঁলোকে বড়ো জনগোষ্ঠীটোক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ স্বাৰ্থত মুখত কয় এটা কামত আন এটাহে কৰে বুলি কটাক্ষ কৰে। তেওঁ অভিযোগ উত্থাপন কৰি এবছুৱে ৰাইজৰ মাজত বড়োলেণ্ড দাবীৰে আন্দোলন কৰে আৰু কেন্দ্ৰত স্মাৰক পত্ৰ দিওতে আন কথাহে উল্লেখ কৰে বুলি কয়৷
মহিলাৰীয়ে তাৎপৰ্যপূৰ্ণ ভাবে কয় যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ পূৰ্বৰ পৰা যিসকলে বিটিচিত বসবাস কৰি আছে সেইসকলেই বিটিচিৰ বাসিন্দা, তাতে কোনো জাত পাতৰ কথা নাহে আৰু এই কথা বিটিচি চুক্তিত উল্লেখ থকা বুলিওঁ মহিলাৰীয়ে জানিবলৈ দিয়ে যদিও সন্দেহযুক্ত নাগৰিকৰ নামত প্ৰায় প্ৰতিদিনে সীমান্ত আৰক্ষীৰ দ্বাৰা হৈ অহা নিৰ্জাতন আৰু একাংশ বিদেশী ন্যায়াধীকৰণৰ একপক্ষীয় ৰায়দানৰ জৰিয়তে ক্ষতিগ্ৰস্থ হোৱা থলুৱা লোকসকলৰ সম্পৰ্খত নিমাত থাকে৷ উল্লেখ্য যে মহিলাৰীয়ে পূৰ্বে কোৱা ধৰণেই ৰাজনীতিত কোনো স্থায়ি বন্ধু বা শক্ৰ নাই বুলি উল্লেখ কৰি বিটিচি উন্নয়ৰ স্বাৰ্থত অসমত এ আই ইউ ডি এফৰ চৰকাৰ হ’লেও লগত থাকিব বুলি কয়৷ লগতে কংগ্ৰেছ, বিজেপি, এজিপি বা অন্যান্য যিকোনো দলৰে চৰকাৰ গঠন কৰিলে তেওঁ সেই দলৰ লগতেই থাকিব বুলি কয়। তেওঁ কয় যে, আমি এবাৰ ইউ.জি ব্ৰহ্মক সাংসদ হিচাপে দিল্লীত পঠিয়াইছিলো বড়োলেণ্ড দাবী কৰাৰ বাবে কিন্তু ছয় বছৰ শাসন কৰিলে কোনো দিনো বড়ো জনগোষ্ঠীৰ উন্নয়ণৰ কথা সংসদৰ মজিয়াত উত্থাপন নকৰিলে। মহিলাৰীয়ে বিটিচি এলেকাত মহিলাসকলৰ আত্ম সহায়ক গোটক ৰাজ্য চৰকাৰে দিয়া ২৫ হাজাৰকৈ টকা নোপোৱাক লৈ অশ্বস্তিত পৰা দেখা যায়। তেওঁ কয় যে বিটিচিত বিজেপিয়ে চৰকাৰ চলোৱা নাই, ইয়াত কোনো দলৰ ৰাজনীতি নচলিব। তেখেতে ভাষণ প্ৰসঙ্গত কয় যে, হাতী এইবাৰ জঙ্গলত হে থাকিব মুকলি ঠাইত বিচাৰী পোৱাটো টান হ’ব বুলিওঁ মিত্ৰজোটৰ অংশীদাৰ এজিপি, বিজেপিক একপ্ৰকাৰ সমালোচনা কৰে। সভাত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ উন্নয়ণৰ স্বাৰ্থত বিপিএফ দলৰ হাত মজবুত কৰিবলৈ বিপিএফৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক ভোট দিবলৈ আহব্বান জনায়। মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে, বিটিচি উন্নয়নৰ স্বাৰ্থত ইতিমধ্যে ২৫০ কৌটি টকা ধাৰ্য্য কৰা হৈছে, আৰু বিটিচিৰ জলন্ত সমস্যা সমাধানৰ স্বাৰ্থত বিপিএফ দলৰ সদায় চেষ্টা অব্যাহত থাকিব। সভাত আৰ.এম চি'ৰ সভাপতি আফজালুৰ হুছেইন চৰকাৰে কয় যে, "হীৰা শৰণীয়া হল চকীৰ তলা, প্ৰমিলা ৰাণী হৈছে আগৰতলা"। গতিকে হীৰা শৰণীয়াৰ কৌশল এইবাৰ ৰাইজে বুজি পাইছে যে তেওঁ এজন ঠক আৰু প্ৰতাৰক, নিৰ্বাচনৰ পূৰ্বে বড়ো আৰু অনাবড়ো নামেৰে বিটিচিবাসীক দুভাগত বিভক্ত কৰি নিৰ্বাচন জয়ী হৈছিলে, তেওঁ কৈছিল জয়ী হ'লে বিটিচিত থকা অনাবড়ো গাওঁসমূহ কৰ্তন কৰিব। কিন্তু তেওঁৰ পাচঁ বছৰ কাৰ্যকালত এদিনো সংসদৰ মজিয়াত এই বিষয়টো উত্থাপনেই নকৰিলে। গতিকে ৰাইজে হীৰা শৰণীয়াক এইবাৰ যোগ্য প্ৰত্যত্তোৰ দিবলৈ সাজু হৈছে।

সভাত ৫ নং কোকৰাঝাৰ লোকসভাৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰাইজে যাতে বিপুল ভোটেৰে জয়ী কৰায় তাৰ বাবে সমষ্টিবাসীক আহব্বান জনায়। উক্ত জনসভাত ইউপিপিএলৰ দলৰ পৰা প্ৰায় চৈধ্য শ নেতা-কৰ্মীয়ে শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ৰঞ্জিত খেৰকেটাৰীৰ নেতৃত্বত বিপিএফ দলত যোগদান কৰে৷ জনসভাখনত পাৰবিন চুলতানা নামৰ এগৰাকী শিশু শিল্পীয়ে দলটোৰ নেতা-কৰ্মীৰ নামেৰে সজোৱা এটি থলুৱা ভাষাৰ গীত গাই সকলোৰ দৃষ্টি আকৰ্ষণ কৰে৷ উক্ত বিশাল জনসভাত প্ৰায় পোন্ধৰ সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে

Sunday, March 24, 2019

 ভোটদান বাধ্যতামূলক কৰাৰ বাবে বিভিন্ন সময়ত প্ৰচেষ্টা চলোৱা হৈছে৷ এই প্ৰচেষ্টা বিভিন্ন সময়ত ব্যৰ্থ হৈছে যদিও বিষয়টো আলোচনাৰ প্ৰয়োজন আছে৷ বহু লোকে ভোটদানৰ দৰে পবিত্ৰ কৰ্তব্য পালন কৰাত অবহেলা কৰে৷ এই অৱহেলা বিশেষ ভাবে শিক্ষিত লোকৰ মাজত গা কৰি উঠা দেখা যায়৷ ইয়াৰ বিপৰীতে অৰ্ধ শিক্ষিত বা অশিক্ষিত, দৰিদ্ৰ লোকে বহিঃ ৰাজ্যত বা বহিঃ ৰাষ্ট্ৰত কৰ্মৰত হৈ থৈকিলেও একমাত্ৰ ভোটদানৰ বাবেই হাজাৰ হাজাৰ টকা ব্যয় কৰি ঘৰলৈ আহে৷ এই ভোটদানৰ প্ৰৱনতা  ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত অধিক৷ ভোটদান নকৰিলে ভোটাৰ তালিকাত নাম কৰ্তন অথবা ডি ভোটাৰ হোৱাৰ ভয়ানক সপোনে খেদি ফুৰে সংখ্যালঘু দৰিদ্ৰ লোকক৷ তাৰ লগতে ভোটদান নকৰিলে নাগৰিকৰ কৰণীয়ত কেৰুণে ধৰিব বুলিও বহুতৰে ধাৰণা৷

 নেলীৰ গণহত্যা হোৱাৰ অন্তৰালত ভোটদানেই আছিল মূল কাৰণ৷ অসম আন্দোলনৰ কৰ্মী-সমৰ্থকসকলে ১৯৮৩ ৰ নিৰ্বাচন বৰ্জন কৰাৰ বাবে আহ্বান জনাইছিল যদিও সংখ্যালঘু লোকে তদানিন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আহ্বান মৰ্মে আৰু অভয়বাণী সাৰোগত কৰি ভোটদান কৰিছিল৷ ফলশ্ৰুতিত প্ৰাণ দিব লগা হৈছিল প্ৰায় তিনি সহস্ৰাধিক লোকে৷ নিৰ্বাচনত ভোটদান নকৰিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ব বুলি নাইবা ডি ভোটাৰ সজোৱা হ’ব পাৰে বুলি একাংশ জাতীয় (?) নেতাই ভূৱা প্ৰচাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক ভয় দেখুৱাই ভোট বেংকৰ ৰাজনীতি কৰা লোকসকলৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে৷  

বিভিন্ন সময়ত এনে চেষ্টা বিফল হয়৷ ভোটদানৰ বিষয়লৈ বহু ৰাজ্যতেই সৰব চৰ্চা চলে৷ চৰকাৰী ভাবে ভোটদানৰ প্ৰতি জনতাক আগ্ৰহী কৰোৱাৰ আঁচনি লোৱা হয়৷ এয়া নিঃসন্দেহে গণতন্ত্ৰৰ বাবে দৰকাৰী৷ কিন্তু এই ভোচদান বাধ্যতামূলক কৰা অযুক্তিকৰ৷ কিন্তু ভোটদান বাধ্যতামূলক কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে৷ নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকা সময়ত গুজৰাটত ভোটদান বাধ্যতামূলক কৰাৰ প্ৰচেষ্টা কৰা হৈছিল৷ গুজৰাট বিধানসভাত ‘গুজৰাট লোকাল অথৰিটিজ ল‘জ (এমেণ্ডমেন্ট) বিল, ২০০৯’ গৃহীত কৰা হয়৷ কিন্তু তদানীন্তন ৰাজ্যপাল কমলা বেনিওয়ালে বিলত সম্মতি নিদি উভতাই পঠায়৷ সেয়াই নহয় কিয় এই বিলত সন্মতি দিয়া নাযায় সেই সম্পৰ্কে তেওঁ লিখি জনাই উত্তৰ দিয়ে- “ভোটাৰক ভোট দিবলৈ বাধ্য কৰোৱা ব্যক্তি স্বাধীনতাৰ পৰিপন্থী” বুলি৷  এই বিলৰ কোনো পৰিৱৰ্তন নকৰি গুজৰাট বিধানসভায় বিলটো পুনৰায় ৰাজ্যপাললৈ পঠায়, বেনিওয়ালে বিলটোক উলমাই ৰাখে৷ কিছুদিন পিছত ৰাজ্যপালৰ পৰিৱৰ্তন হৈ ও পি কোহলিয়ে উক্ত বিলত সন্মতি প্ৰদান কৰে৷ তাৰ পৰৱৰ্তী সময়ত গুজৰাট চৰকাৰে উক্ত বাধ্যতামূলক ভোটদানৰ বিল সম্পৰ্কত চাৰ্কোলাৰ জাৰি কৰি ভোটদান নকৰা লোকৰ পৰা ১০০ টকা জৰিমনা আদায় লোৱা হ’ব বুলি ঘোষণা কৰে৷ ইয়াৰ বিৰুদ্ধে আইনজীৱী কে আৰ কোষ্ঠীয়ে গুজৰাট উচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ উক্ত ৰায়দানত গুজৰাট হাইকোৰ্টে কয় যে ‘ভোটদানৰ অধিকাৰৰ মাজতেই ভোট নিদিয়াৰো অধিকাৰ নিহিত হৈ আছে৷’ গুজৰাট হাইকোৰ্টত মোদীৰ গুজৰাট চৰকাৰে মুখথেকেচা খায়৷ উচ্চ ন্যায়ালয়ে উক্ত বিল স্থগিত কৰে৷ 

ভোটদান বাধ্যতামূলক কৰাৰ প্ৰবল ইচ্ছা শক্তি থকাৰ বাবেই হয়তো প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰততেই এই বিল অনাৰ প্ৰয়াস কৰিছিল৷ চৰকাৰী ভাবে নহ’লেও বাধ্যতামূলক ভোটদান সংক্ৰান্তত বিহাৰৰ মহাৰাজগঞ্জৰ বিজেপি সাংসদ জনাৰ্দন সিং সিগৰিওৱালে লোকসভাত এই বিল উত্থাপন কৰে৷ এই সিগৰিওৱাল জেষ্ঠ নেতা, তেওঁ বিহাৰৰ বিধানসভাত চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ লোকসভাত ভোটদান বাধ্যতামূলক কৰিব বিচৰা বিলখনত কোৱা হয় যে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচন আয়োগে ১৮ হাজাৰ কোটি টকা খৰচ কৰাৰ পাছতো ৩৪ শতাংশৰো  অধিক লোকে ভোটদান কৰা নাই৷ সিগৰিওয়ালে যিসকলে ভোটদান নকৰিব তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ তেওঁৰ বিলত থকা প্ৰস্তাৱ অনুসৰি যিসকলে ভোটদান নকৰিব তেওঁৰ পৰা ৫০০ টকা জৰিমনা লোৱা বা দুই দিনৰ কাৰাদণ্ড দিয়া বা ৰেচনকাৰ্ড বাজেয়াপ্ত হ’ব পাৰে বা পৰৱৰ্তী সময়ত নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰিব নোৱাৰিব বা চৰকাৰী মালিকানাধীন সংস্থাৰ গৃহ বা ভূমি পোৱাৰ ক্ষেত্ৰত অযোগ্য হ’ব বা ঋণ অথবা যিকোনো কল্যানমূলক প্ৰকল্পৰ পৰা বঞ্চিত হ’ব আৰু ভোটদান নকৰা লোক চৰকাৰী কৰ্মচাৰী হ’লে ১০ দিনৰ দৰমহা কৰ্তন হ’ব পাৰে অথবা চাকৰীৰ ক্ষেত্ৰত দুই বছৰৰ বাবে পদোন্নতি হেৰুৱাব পাৰে৷ এই প্ৰস্তাৱত থকা উক্ত শাস্তিবোৰৰ মাজৰ পৰা যিকোনো এটা শাস্তি ভোটদান নকৰা লোকে ভোগিব লাগিল হেঁতেন যদিহে উক্ত বিল খন কাৰ্যকৰী কৰিব পাৰিলে হেঁতেন৷ প্ৰশ্ন হয় মডেল গুজৰাটত মুখ থেকেচা খোৱাৰ পিছতো মোদীৰ সহযোগী নেতাই এই বিল লোকসভাত কিয় উত্থাপন কৰিলে ? আৰু বিল খনক চৰকাৰী ভাবে অথবা দলীয় ভাবে লোকসভাত উত্থাপন কৰা নহ’ল কিয় ? নাগৰিকত্ব (সংশোধনী) বিধেয়ক- ২০১৬ কাৰ্যকৰী কৰাৰ বাবে যিদৰে যৎপৰোনাস্ত চেষ্টা কৰা হ’ল তাৰ বিপৰীত ছবি এই ক্ষেত্ৰত দেখা যোৱাৰ কাৰণ সকলোৱে বুজিবই পাৰিছে৷ তথাপিও বিষয়টো হয়তো মোদীয়ে পৰীক্ষামূলক ভাবে সাংসদৰ দ্বাৰা সংসদত উপস্থাপন কৰাই ‘নক’ কৰি চালে বুলি ক’ব পাৰি৷
সিগৰিওৱালৰ উক্ত বিধেয়ক সংসদত উত্থাপন হোৱাৰ পিছত বিধেয়কখনৰ সমৰ্থনত বিভিন্ন দলৰ সাংসদে সমৰ্থন আগবঢ়াই বক্তব্য দিয়ে৷ যেনে-  টিআৰএছৰ কে কবিতা, এনএলডিৰ দুষ্যন্ত চৌটালা প্ৰমুখ৷ এনে আইনৰ সমৰ্থকসকলৰ মতে দলিত, শ্ৰমিক আৰু বিভিন্ন পিছপৰা শ্ৰেণীৰ লোকক বলপূৰ্বক ভাবে ভোটদানৰ পৰা বিৰত ৰখা হয়৷ এনে আইনে বলপূৰ্বক ভোটদানৰ পৰা আঁতৰাই ৰখাৰ প্ৰৱনতা হ্ৰাস পাব বুলি তেওঁলোকে যুক্তি প্ৰদান কৰে৷ ইয়াৰোপৰি মাওবাদী বা বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠন যিসকলে ভোটবৰ্জনৰ আহ্বান জনায় তেনেসকলকো মূলসূতীলৈ ঘূৰাই আনিব পাৰিব বুলিও মত ব্যক্ত কৰে৷  
এনে বাধ্যতামূলক ভোটদানৰ ধাৰণা যে অমূলক সেই কথা জানি-বুজিয়ে হয়তো এই বিলখনক লৈ বিশেষ চৰ্চা নহ’ল৷
ভোটাধিকাৰৰ দৰে এটা বিষয় লৈ সদনত বিধেয়ক পাছ কৰাই লৈ যোৱা তেনেই সহজ কাম৷ কাৰণ সংসদত যাবলৈ প্ৰতিজন সাংসদ, বিধায়কে ভোটৰ বিনিময়তেই উক্ত দায়িত্ব লাভ কৰে৷ কিন্তু গুজৰাটত যিদৰে এই বিল কাৰ্যকৰী কৰাৰ পিছতেই আইনজীৱীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল, একেদৰে সমগ্ৰ ভাৰতত এনে বিধেয়ক আনিলে বহু নাগৰিকে জৰিমনা ভৰিব লাগিব, গতিকেই ন্যায়ালয়ৰ কাষ চাপিব৷ এইবোৰ কথা ঠিকেই আছে৷ মোৰ প্ৰশ্নটো হ’ল এই ধৰণৰ বিলক লৈ কোনো উত্তাল প্ৰতিবাদ বা আলোচনা নোহোৱা কথাটোৱে বহু কথাই কৈ যায়৷ আমাৰ সংবিধানে ১৯(১) অনুচ্ছেদত সাধাৰণ জনতাক মত প্ৰকাশৰ অধিকাৰ প্ৰদান কৰিছে৷ মই যদি মত প্ৰকাশ কৰো যে ‘মই ভোটদান নকৰো, কাৰণ মই এই ব্যৱস্থাৰ দ্বাৰা আশ্বস্ত নহয় বা সন্তুষ্ট নহয় ’৷ তেতিয়া মোক সংবিধানৰ উৰ্ধত গৈ কোনো ‘চকিদাৰে’ ভোটদান কৰিবলৈ বাধ্য কৰাব নোৱাৰে৷

Thursday, March 14, 2019

NRCৰ হিয়াৰিং সম্পৰ্কে কিছু জানিব লগিয়া কথা।

হিয়াৰিঙৰ নোটিচ আহিলেই ভয় বা আতংকীত হব নালাগে।আপোনাৰ নাম সম্পূৰ্ণ খচৰাত আহিলেও কেইবাটাও কাৰণত আপোনাৰ নামত হিয়াৰিঙৰ নোটিচ আহিব পাৰে। যেনে-
(১) আপোনাৰ বংশধৰৰ কাৰোবাক পৰিক্ষন বা সাক্ষীৰ প্ৰয়োজনৰ বাবে আপোনাৰ নামত নোটিচ আহিব পাৰে।
(২) অইন কোনোবাই আপোনাৰ লিগেছীত সুমুৱাৰ সন্দেহ হলে৷
(৩) আপোনাৰ জবান বন্দীৰ প্ৰয়োজনবুধ কৰিলেও আপোনাৰ নামত নোটিচ আহিব পাৰে।

নিজৰ হিয়াৰিংলৈ যাওঁতে নোটিচত উল্লেখ থকা যাবতীয় নথি পত্ৰ (অৰ্জিনাল কপি সহ) লগত লৈ যাব লাগিব।

কাৰোবাৰ সাক্ষী দিবলৈ গ’লে, সেই সাক্ষীজনে তলত দিয়া ধৰণে নথি-পত্ৰ লগত লৈ যাব লাগিব
(১)নিজৰ পৰিচয় পত্ৰ, যেনে ভোটাৰ পৰিচয় পত্ৰ বা পান কাৰ্ড অথবা ড্ৰাইভিং লাইচেঞ্চ৷
(২) সম্পূৰ্ণ খচৰাত নাম অন্তৰভূক্ত হোৱাৰ তালিকা৷
(৩) লিগেচী আৰু বংশ বৃক্ষৰ তালিকা ।

আবেদন প্ৰ পত্ৰ বা দাবী আপত্তিৰ প্ৰ পত্ৰ দাখিল কৰোতে যদি কোনোবাই সংযোগী নথি (তালিকা B হিচাপে) দুৰ্বল নথি ব্যৱহাৰ কৰিছে তেনেহ’লে হিয়াৰিঙত ২০১৫ চনৰ পিছৰ বা আগৰ আন যিকোনো সবল নথি দাখিল কৰিব পাৰিব। তালিকা A বা লিগেছি নথিও নতুনকৈ দাখিল কৰিব পাৰিব (প্ৰয়োজন সাপেক্ষে)।

উদাহৰণ স্বৰূপে:
A, B, C আৰু D য়ে একে লিগেচী ডাটা অথবা লিগেচী ব্যক্তি অথবা পৰিয়ালৰ বংশ বৃক্ষ দাখিল কৰিছিলে। তাৰে A, C ও D ৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে আৰু B ৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। B য়ে নাম অন্তৰ্ভুক্তিৰ বাবে দাবী (Claim) দাখিল কৰিছে। শুনানীৰ বাবে B লৈ জাননী জাৰী কৰাৰ ওপৰিও A, C ও D লৈও জাননী জাৰী কৰি B য়ে দাখিল কৰা দাবী (Claim) ৰ সত্যতা শুনানীৰ সময়ত নিৰূপণ কৰিব।

(সাধাৰণ ৰাইজক এই সম্পৰ্কে বুজনি দিয়াটো শিক্ষিত সমাজৰ কৰ্তব্য)

কি কাৰণত আমি জাননী পাইছোঁ বা পাব পাৰো, তাৰ প্ৰকাৰ সমুহ-
1. CN 1.1
A) LDC Claimant 
- Regular Claimant 
- Other State
- Minor
- Destitute orphane

B ) Non LDC Claimant 
- Regular Claimant 
- Other State
- Minor 
- Destitute Orphan 

2. CN 1.2
A) LDC Claimant + GP
B ) Non LDC Claimant + GP

3. CN 2.1 Witness ( Current LDC)

4. CN 2.2 Witness ( OLD LDC)

CN= Claimants Number

CN 1= Legacy person নিজে য’ত আবেদনকাৰী
CN 1.1,CN 1.2 = legacy Person ৰ ল'ৰা-ছোৱালী আবেদনকাৰী সকল।
CN 2.1,CN2.2= Legacy holder ৰ নাতি-নাতিনী আবেদনকাৰী সকল।
LDC= Legacy Data Code.

মন কৰিব এই পইন্ট কেইটা জাননী খনৰ বাওঁফালে একেবাৰে ওপৰত দিয়া আছে ।

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ