Friday, November 22, 2019

যুৱ সমাজকৰ্মী সাজাহান আলী আহমেদলৈ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান প্ৰদান
বৰপেটাৰোড, ১৮ নৱেম্বৰ, ২০১৯ : নাগৰিকসকলৰ অধিকাৰকে ধৰি সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত ব্ৰতী হোৱা যুৱ সমাজকৰ্মী, সাংবাদিক, লেখক-কবি, প্ৰাক্তন ছাত্ৰ নেতা সাজাহান আলী আহমেদলৈ আজি প্ৰদান কৰা হয় ২০১৯ বৰ্ষৰ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান৷ গোৰৰেপতি নৰেন্দ্ৰনাথ স্মাৰক সৌহাৰ্দ্য সন্মান সমিতিৰ উদ্যোগত বাণিজ্য নগৰী বৰপেটাৰোডস্থিত ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান প্ৰদান কৰা হয়৷ 

সন্মানপ্ৰাপক সাজাহান আলী আহমেদে কয়— এয়া মাথো সন্মান নহয়৷ এই সন্মান নিকা আৰু সম্প্ৰীতিৰ ভাৱমূৰ্তি অক্ষুন্ন ৰাখি সমাজৰ হকে দৃঢ়তাৰে সংগ্ৰাম কৰি যোৱাৰ এক অফুৰন্ত শক্তি৷ নিজৰ বক্তব্যত আহমেদে সন্মানদাতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই কৰ্মযুদ্ধত তেওঁৰ লগত নিঃস্বাৰ্থ সহযোগ আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ 

চেণ্টাৰ ফৰ ইকুইটি ষ্টাটিজ (চিইএছ)-এ আগবঢ়োৱা এই সন্মান প্ৰদান অনুষ্ঠানত সঞ্চালক হৰ্ষ মান্দাৰে কয়— নাগৰিকত্বৰ নামত অসমত বহুদিন ধৰি প্ৰকৃত ভাৰতীয় নাগৰিকসকল নানা ধৰণে হাৰাশাস্তি, নিৰ্যাতন হবলগীয়া হৈছে৷ তেনে সময়ত সাজাহানে সমাজসেৱাৰ জৰিয়তে এই নাগৰিকসকলৰ পক্ষত থিয় দি তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই আৰু তেওঁৰ কৰ্মক্ষেত্ৰত আৰু অধিক উৎসাহ-প্ৰেৰণা যুগোৱাৰ উদ্দেশ্যেই তেওঁলৈ এই সৌহাৰ্দ্য সন্মান আগবঢ়োৱা হৈছে৷

সাংবাদিক-সমাজকৰ্মী শাকিল আহমেদে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লেখক নৱশৰণ সিং, গোৰৰেপতি নৰেন্দ্ৰনাথ মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টি উমা ছাংকাৰী, সংযুক্তা গোৰৰেপতি, বিশিষ্ট সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়াল, বিশিষ্ট বিজ্ঞানী অমিতাভ বসু, গৱেষক ছাত্ৰ আব্দুল কালাম আজাদে অংশগ্ৰহণ কৰি উদ্যোক্তাসকলৰ প্ৰত্যকেই নিজ নিজ ভাষণত সাজাহান আলী আহমেদৰ কৰ্মদক্ষতাক ভূয়সী প্ৰশংসা কৰে৷

ইপিনে সাজাহান আলী আহমেদে এই সন্মান লাভ কৰি ৰাজ্যখনৰ লগতে বৃহত্তৰ বৰপেটাৰোড অঞ্চলৰ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁৰ পিতৃ আব্দুল মুন্নাফ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তাইজুদ্দিন আহমেদ, ইছলামিক ক্লাৱ এণ্ড লাইব্ৰেৰীৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আয়নাল হক, আমছুৰ হৈ মইনুল হক, স্বেচ্ছাসেৱী সংগঠন ‘ছা’ৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনকে ধৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট লোকসকলে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে সন্মানদাতা পক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অনুষ্ঠানত বৰপেটা-বাক্সাৰ লগতে ৰাজ্যখনৰো ভিন্ন প্ৰান্তৰ পৰা দুই শতাধিক লোক উপস্থিত থাকে৷
Published on :


Wednesday, August 7, 2019

বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবী


বৰপেটাৰোড, ৬ আগষ্টঃ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত চলি থকা বিভিন্ন বিসংগতি দূৰ কৰাৰ দাবীত আজি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমছুৰ বৰপেটা জিলা সমিতিয়ে জিলা খনৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ মহাপঞ্জীয়কলৈ তথা জিলা উপায়ুক্তক পৃথকে পৃথকে মুঠ চাৰিখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোৱে লগতে বৰপেটা জিলাৰ ভয়াবহ বানপানীৰ ফলত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবীত দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে। ৫ আগষ্টৰ দুপৰীয়াত বৰপেটাৰ ভাতকুছিৰ সাহাতন নেছাই শুনানীৰ বাবে একেদিনাই দিনৰ ১ বজাত  তিতাবৰত উপস্থিত হোৱাৰ জাননী লাভ কৰে, য’ত LRCR য়ে চহীও কৰিছে একে দিনাই৷ বৰপেটাৰ ভাতকুছিৰ পৰা তিতাবৰলৈ বাছেৰে উপস্থিত হ’বলৈ সময় লাগে ১২ ঘন্টা। এনে ক্ষেত্ৰত সাহাতন নেছাই কি কৰিব আৰু এছ অ পিৰ নীতি বহিৰ্ভূত ভাবে কি কাৰণত মানুহক হাৰাশাস্তি কৰা হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে এনেদৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বিষয়াৰ শাস্তিৰ দাবী কৰিছে আমছুৱে৷ উল্লেখ্য যে মহামান্য উচ্চতম ন্যায়ালয়ে ১ নৱেম্বৰ, ২০১৮ তাৰিখে গ্ৰহণ কৰা SOP (এছঅপি)ৰ ৫ নং অনুচ্ছেদ মতে কোৱা হৈছে যে শুনানীৰ বাবে নিৰ্ধাৰিত তাৰিখৰ পৰা কমপক্ষে ১৫ দিন পূৰ্বে জাননী প্ৰদান কৰিব লাগিব আৰু যদি ইয়াতকৈ কম সময়ত জাননী প্ৰদান কৰা হয় তেন্তে তেওঁৰ শুনানীৰ বাবে বিকল্প তাৰিখ নিৰ্ধাৰণ কৰি নতুন জাননী প্ৰদান কৰাৰ বাবে স্থানীয় পঞ্জিয়ক বা LRCR ৰ ওপৰত দায়িত্ব ন্যস্ত থাকিব৷ কিন্তু এনে নিৰ্দেশনা অৱমাননা কৰি শুনানীৰ দিনা অথবা ২৪ ঘন্টা পূৰ্বে জাননী প্ৰদান কৰি হাজাৰ হাজাৰ ৰাইজক চৰম হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা আমছুৱে৷ সংগঠনটোৱে লগতে স্মাৰকপত্ৰ যোগে অভিযোগ উত্থাপন কৰে যে অতি কম সময়ৰ ভিতৰত ৫০০ কিঃমিঃ দূৰত শুনানীৰ বাবে মাতি নিৰিহ ৰাইজক চৰম মানসিক অত্যাচাৰ কৰা হৈ আছে৷ এনে বিসংগতি বন্ধ নকৰিলে আমছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্মাৰকপত্ৰ যোগে সকীয়াই দিয়ে৷ স্মাৰকপত্ৰ প্ৰদান কৰা সময়ত আমছুৰ উপ সভাপতি আবুল হুছেইন, প্ৰাক্তন শিক্ষা ও আলোচনী সম্পাদক সাজাহান আলী আহমেদ, সহঃসাধাৰণ সম্পাদক নুৰজামান ইছলাম, তথ্য-প্ৰযুক্তি আৰু সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম, উপ সভাপতি আব্দুল জুব্বাৰ আলী, তোতা মিঞা, জয়নুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰ,  সহঃসাধাৰণ সম্পাদক ও শিক্ষা আৰু আলোচনী সম্পাদক ছাইদুৰ ৰহমান, সহঃসাধাৰণ সম্পাদক আফজালুৰ ৰহমান,  বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, খন্দকাৰপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নুৰজামান খান, পালহাজী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মেহেবোব আলমকে আদি কৰি এটা সজাতি দলে অংশ গ্ৰহণ কৰে৷

Monday, August 5, 2019

মহামান্য উচ্চতম ন্যায়ালয়ৰ মতে হ’ব লাগিব NRC ৰ কামঃ সাজাহান আলী আহমেদ

গোৱৰ্ধানা¸ ৪ আগষ্ট¸ 
বাক্সা জিলা অন্তৰ্গত চুনবাৰী, বিশপানী, কালপানী আদি গাওঁবোৰত হঠাৎ কৈ এন.আৰ.চিৰ জাননী অহাত আতংকিত হৈ পৰিছে প্ৰায় শতাধিক পৰিয়ালে। যোৱা ২৬ জুনত প্ৰকাশ পোৱা কৰ্তন তালিতাতো নাম নথকা লোকে নিজৰ নাম হঠাৎ কৰ্তন হোৱাত মানসিক ভাবে ভাগি পৰিছে। লক্ষণীয় ভাবে যোৱা ৩০ জুলাইৰ পৰা এন.আৰ.চি কৰ্তৃপক্ষই শুনানীৰ  ২৪ ঘন্টা পূৰ্ব বি.এল.অ'ৰ জৰিয়তে দিয়া জাননী পাই হতাশাত ভূগিছে ৰাইজে । উল্লেখ্য যে পৰিয়ালবোৰৰ কোনো সদস্যৰ নামত ডি চিহ্ন নাই অথবা নথি পত্ৰতো কোনোধৰণৰ বিসংগতি নাই। তৎসত্ত্বেওঁ এন আৰ চি কৰ্তৃপক্ষই এশ, ডেৰশ কিলমিটাৰ দূৰত্বত শুনানীৰ বাবে দিয়া জাননী পাই ক্ষুব্ধ হৈ পৰিছে পৰিয়ালবোৰে। উক্ত ঘটনা সংক্ৰান্তত স্থানীয় যুৱ সমাজ কৰ্মী, সাংবাদিক¸ লেখক সাজাহান আলী আহমেদে উক্ত দুৰ্গত পৰিয়ালবোৰৰ খবৰ লোৱাৰ লগতে যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰি পৰামৰ্শ প্ৰদান কৰে। তেওঁ সংবাদিকক কয় যে এন আৰ চিৰ অন্তিম মূহুৰ্তত কেৱল সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে এনে কম সময়ত জাননী প্ৰেৰণ কৰি অযথা হাৰাশাস্তি কৰি আছে। যুৱ নেতাগৰাকীয়ে কয় যে যদিহে জাননী প্ৰেৰণ কৰিবলগীয়া আছে তেন্তে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে  নিৰ্ধাৰিত সময়তকৈ ১৫ দিন পূৰ্বে জাননী দিব লাগিব। আহমেদে লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰিলে ৰাইজে মানি নলয়। কালপানী অঞ্চলখনত বেঁকীৰ গড়াখহনীয়াই ঘৰ বাড়ি ভাঙি লৈ যোৱাৰ ফলত পৰিয়ালৰ বহুতো সদস্যই উপাৰ্জন কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যত কাম কৰিবলৈ গৈছে। হিয়াৰিংৰ আগ দিনা জাননী প্ৰেৰণ কৰাত সেই সদস্যসকলে শুনানী কেন্দ্ৰত গৈ উপস্থিত হ'ব নোৱাৰিব। যিসকল সদস্যই সময়ৰ অভাৱত হিয়াৰিত উপস্থিত থাকিবপৰা নাই সেই সদস্যবোৰৰ নাগৰিকত্বৰ প্ৰতি দৃষ্টি ৰাখি পুনৰবাৰ নিময় অনুসৰি সুযোগ দিবলৈ এন আৰ চিৰ সমন্বয়ক আহব্বান জনায় আহমেদে। আজিৰ ভূক্তভোগী ৰাইজৰ সমস্যাসমূহৰ বুজ লবলৈ লগতে বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলা আমছুৰ সহঃ সাধাৰণ সম্পাদক নজৰুল আলী আহমেদ, গোৱৰ্ধনা আঞ্চলিক আমছুৰ সভাপতি আছোৰ উদ্দিন, সাধাৰণ সম্পাদক নশ্বাদ আলী, বৰপেটাৰোড আঞ্চলিক আমছুৰ সভাপতি আমিৰ হুছেইন, উপ সভাপতি ইমদাদুল ইছলম, স্থানীয় সচেতন যুৱক, ৰাহুল হুছেইন, আমিনুল ইছলাম, শুকুৰ আলী¸ আব্দুছ ছাত্তাৰকে আদি কৰি বহু সংখ্যক সচেতন যুৱকে উপস্থিত থাকে।

Saturday, July 13, 2019


বৰপেটাৰোড, ১৩ জুলাইঃ

কেইবা দিনৰ পৰা  নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বাক্সা জিলাৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত বেঁকী নৈৰ ওদালগুৰী-বালিপুৰ চৰত প্ৰায় পাছশতাধিক মানুহ আবদ্ধ হৈ আছিল৷ যোৱা ১০ জুলাই তাৰিখে বাক্সা জিলা প্ৰশাসনে দুৰ্গত লোকসকলক উদ্ধাৰ কৰি পূৱ খাৰিজা বিজনী এম ই স্কুলত অস্থায়ি শিবিৰ পাতি আশ্ৰয় লবলৈ  সুবিধা কৰি দিয়ে৷ উক্ত শিবিৰত কৃষক নেতা ৰাতুল হোছেইন, অধিবক্তা ফজলুল হক, যুৱনেতা সাজাহান আলী আহমেদ, আমছু নেতা ছাইফুল ইছলাম আৰু সাহাদত হুছেইন, যুৱ সমাজ সমাজকৰ্মী ছাহ ছিকান্দৰ মাহমুদৰ লগতে এটি সজাতি দলে ভূক্তভোগীৰ খবৰ লোৱাৰ লগতে বিভিন্ন সমস্যাৰ বুজ লয়৷ সজাতি দলটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্ৰেড আৰু পানীৰ বতল বিতৰণ কৰে৷ উল্লেখ্য যে উক্ত শিবিৰত বালিপুৰ আৰু উদালগুৰী গাওঁৰ ৮১ টা পৰিয়ালৰ সৰ্বমুঠ ৪৭০ গৰাকী লোকে বাস কৰি আছে৷ ইয়াৰে পুৰুষ ২৩৫, মহিলা ১৪০ শিশু ৯৫ গৰাকী থকাৰ বিপৰীতে ৭৭৬ টা পশুধন শিবিৰত ৰখা বুলি জানিব পৰা গৈছে৷ উক্ত শিবিৰত জিলা প্ৰশাসনে যাৱতীয় সা-সুবিধা প্ৰদান কৰাত ৰাইজে প্ৰশাসনক ধন্যবাদ জনাইছে৷

Tuesday, July 9, 2019

৫০ লাখৰ ক্ষতিপূৰণ দাবী,
তদন্তৰ বাবে ২৪ ঘণ্টাৰ চৰম সীমা দল-সংগঠনৰ


সাজাহান আলী আহমেদ, বৰপেটাৰোড, ৯ জুলাইঃ
উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ১৯৯৭ চনৰ পৰা ডি ভোটাৰ হিচাপে চিহ্নিত হোৱাৰ লগতে এন আৰ চিৰ জটিলতাৰ বাবে  কালি আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা আৰক্ষী থানাৰ অধিনস্থ চূণবাৰী গাওঁৰ আমবৰ আলী নামৰ ৫৯ বছৰীয়া লোকজনে৷ ১৯৫১, ১৯৭১ৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় বৈধ তথা শুদ্ধ নথি-পত্ৰ মজুত থকা স্বত্বেও তেওঁক ১৯৯৭ চনত ডি ভোটাৰ সজাই মানসিকভাবে হাৰাশাস্তি কৰি আহিছিল৷ ইফালে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ এন আৰ চিৰ শুনানিৰ বাবে বহুকেইদিন অহা-যোৱা কৰাৰ পিছতো কোনো ধৰণৰ সদুত্তৰ নোপোৱাত শেষত উপায়ন্তৰ হৈ লোকজনে বৰপেটাৰোডৰ সমীপৰ গুৱাগাছাত ৰেলৰ আগত পৰি যোৱা নিশা আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য যে কিছু দিনৰ পৰা লোকজনে কাম কাজত মনোনিবেশ কৰিব নোৱাৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ তেওঁ নাগৰিকত্ব সম্পৰ্কীয় বিভিন্ন নথি-পত্ৰ লিৰিকি-বিদাৰি গভীৰ চিন্তাত ডুবি থাকিছিল৷ কালি পুৱাৰে পৰা লোকজনক পৰিয়ালৰ লোকে বিচাৰি নাপাই হতাশ হৈ পৰিছিল যদিও আবেলি তেওঁৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়৷ মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাত আজি পুৱা প্ৰায় ১১ বজাত আমবৰ আলীৰ মৃতদেহ জানাজা সম্পন্ন কৰা হয়৷ ইফালে ৰাষ্ট্ৰৰ ভুলৰ পৰিণতিত আত্মহত্যাৰ পথ বাছি লোৱা অমবৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনাইছে তিনিটাকৈ সংগঠনে৷ আমবৰ আলী নামৰ লোকজন ভাৰতীয় হোৱাৰ সকলো তথ্যপাতি থকাৰ পিছতো কি কাৰণত কৰ্তৃপক্ষই তেওঁক ডি ভোটাৰ হিচাপে চিহ্নিত কৰিলে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমছুৰ বাক্সা জিলা সমিতি, এবিএমছুৰ শালবাৰী জিলা সমিতি আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিয়ে৷ আমবৰ আলী ডি ভোটাৰ হিচাপে চিহ্নিত কৰিবলৈ যি গৰাকী বিষয়াই চলোৱা তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় সংগঠন কেইটাই৷
আমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ, সাধাৰণ সম্পাদক সাহাদত হুছেইন, এবিএমছুৰ উপ সভাপতি সদাগৰ বাদশ্বাহ, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বাক্সা জিলা সমিতিৰ সম্পাদক জাকিৰ হুছেইনকে আদিকৰি সংগঠন কেইটাৰ বিভিন্ন স্তৰৰ কেইবাগৰাকী কৰ্ম-কৰ্তা উপস্থিত থাকি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংগঠন তিনিটাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰি কয় যে আমবৰ আলীৰ ওপৰত ডি ভোটাৰৰ মিছা অভিযোগ দাখিলেৰে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ উচিত তদন্ত ২৪ ঘণ্টাৰ ভিতৰত নকৰিলে চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷ 

Thursday, July 4, 2019

সাজাহানেৰ নতুন কবিতা

‘ছাইৰা গেলা, মাইৰা গেলা না আমাৰে’


অনাহাৰে, অনিদ্ৰায় তোমাৰ কথা ভাবি নিশি
কি সুখে আছ’ তুমি তোমাৰ জগতে!

আমাৰ আত্তা খালি ধৰফৰ কৰে
বৰমপুত্ৰেৰ কাছাৰ ভাইঙ্গা পৰে,

কুৰপান মিঞা ঘুমাইছাল 
বুকে কাগজ নিয়া
নদীৰ চাপে ডুইবা মৰল’

মইৰা গেল’ মাইৰা গেলোনা
সেই কাগত দিয়া নাম তোলছে পুলাহানে৷

পইচা পইচা মৰি আমি প্ৰতিদিনি
অকাৰণে, অৱহেলায়, অনাদৰে৷

গাছেৰ পাতা পৰলেও আমি কাইন্দা উঠি
ঘুমেৰ ঘৰে
তোমাৰ ভুইট্টা ভুইট্টা চখ, লাম্বা জিবলা
ভাইশ্বা উঠে
ৰাইতেৰ আন্ধাৰে
বাশ্ব শোভ তলে...

আমাৰে তুমি ছাইৰা গেলা
মাইৰা গেলা না আমাৰে
তুমি নিষ্ঠুৰ
বৰই নিষ্ঠুৰ তুমি জগতে.....৷৷


AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ