Thursday, March 22, 2018

ডিটেনশ্বন কেম্প

তোমাক পেটত লৈ মহিলাজনীয়ে
লাজে-ভয়ে খোজ কাঢ়িছিল মানুহৰ মাজত
তোমাক জন্ম দিয়াৰ বাবে এজন পুৰুষে
ঔৰসত জমা কৰিছিল শক্তি

তুমি সূৰ্যৰ মুখ দেখি কান্দিছিলা
তেওঁলোকে হাঁহিছিল৷
তুমি খোজকাঢ়িব শিকিছিলা
কথা ক’বলৈ শিকিছিলা
আৰু গান গাইছিলা ফাগুণ-বসন্তৰ৷

তুমি সপোন দেখিছিলা নাগৰিকৰ দৰে
অন্ন, বস্ত্ৰ, বাসস্থানৰ৷

সপোন কুঁৱৰীৰ মায়াবী চকুত
তুমি হেৰুৱাব খুজিছিলা মতলীয়া বসন্ত . . .
তোমাৰ হেঁপাহৰ নাওখনি বাই যোৱাৰ কথা আছিল
লুইতৰ বুকুৰে আলোকৰ যাত্ৰালৈ

তোমাৰ বীৰ্যই নাম পোৱাৰ সপোন আছিল তোমাৰ
কিন্তু সেইবোৰ বিষাক্ত বতাহে হানি-খুচি হত্যা কৰিলে
দিনৰ পোহৰত, সকলোৰে সন্মুখত৷

তোমাৰ অপেক্ষাত যেতিয়া ৰৈ আছিল
এন্ধাৰ কোঠালি এটা
এদিন তুমি নজনাকৈয়ে
হেৰুৱাই পেলাইছিলা তোমাৰ ঠিকনা৷
তেওঁলোকৰ লগত তোমাৰ তেজৰ কোনো পাৰ্থক্য নাছিল
কিন্তু তেওঁলোকে আকাশখন ভাল পায়
তেওঁলোকে খবৰ ৰাখিব পাৰে শৰৎ, হেমন্ত, শীত আৰু বসন্তৰ৷

তোমাৰ লগত যে চকুলোৰ নদী বোৱায় ‘লতিফ চাচা’
তেওঁৰ পুত্ৰয়ো গান গাব শিকিছে
জাতীয় সংগীত গাই পুৰষ্কাৰ বুটলিছে তেওঁৰ নাতিনীয়ে
‘খালেক’ৰ কণমানিজনীয়ে খোজ কাঢ়িব শিকিছে
ফুটা-নুফুটা মাতেৰে
‘দেউতা’ বুলি মাতিবলৈ
তেওঁলোক যে আজি কাষত নাই
কাৰণ তোমাৰ দৰে
তেওঁলোকৰো ঠিকনা এতিয়া ‘ডিটেনশ্বন কেম্প’৷


AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ