Friday, December 13, 2024

আমছুৰ প্ৰতিষ্ঠা আৰু ২৬ মে ৰ ঐতিহাসিক আন্দোলন

শাজাহান আলী আহমেদ
প্ৰাক্তন শিক্ষা আৰু আলোচনী সম্পাদক, আমছু


ন্যায়, নিৰাপত্তা, অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যুঁজ আজিৰ নহয়। ১৯৮০ চনত অসমৰ সংখ্যালঘুসমাজে নিৰ্জাতন, উত্পীডড়ণ, লাঞ্চনা, বঞ্চনাৰ বলিষ্ঠ প্ৰতিবাদ জনোৱাৰ বাবেই আমাৰ প্ৰাণৰ সংগঠন আমছুৰ জন্ম দিছিল। আমছুৰ জন্মৰ অন্তৰালত মূলত আছিল অসম আন্দোলন আৰু সমসাময়িক অসমৰ অগ্নিগৰ্ভা পৰিৱেশ।  আমছুৰ জন্মৰ অন্তৰালত একাংশ লোকে ৰাজনৈতিক অভিলাষ থকা বুলি কল্পনা কৰে যদিও প্ৰকৃততে আমছুৰ জন্ম আছিল সময়ৰ আহ্বান। উগ্ৰ জাতীয়তাবাদী লোকৰ হাতত ধাৰাবাহিক ভাবে অত্যাচাৰিত হৈ থকা সংখ্যালঘু জনসাধাৰণে সেই সময়ত বাৰুকৈয়ে অনুভৱ কৰিছিল তেওঁলোকৰ হৈ বলিষ্ঠ ভাবে মাত মাতিব পৰা এটা সংগঠনৰ প্ৰয়োজনীয়তা। তাৰ ফলশ্ৰুতিতেই আমছুৰ জনাম হৈছিল। এই লেখাত আমছুৰ জন্ম কথা আৰু সমসাময়িক আনুসঙ্গিক আলোচনা আগবঢ়াব বিচাৰিছো।
আমছু জন্মৰ আঁৰত কোনো দীঘলীয়া পৰিকল্পনা নাছিল। বিদেশী বিতাৰণৰ নামত চলি থকা হিংসাত্মক আক্ৰমণৰ পৰা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ৰক্ষা কৰাৰ প্ৰাথমিক উদ্দেশ্য আগত ৰাখি সংখ্যালঘু শিক্ষাবিদ, বুদ্ধিজীৱী আৰু ছাত্ৰ-যুৱকসকলে অতি কম দিনৰ ভিতৰত এই সংগঠনটোৰ জন্ম দিছিল।
বি.জে.পি দলৰ ইতিহাসত আটাইতকৈ উদাৰ আৰু নৰমপন্থী বুলি অভিহিত কৰা অটলবিহাৰী বাজপেয়ীয়ে ১৯৭৮ চনৰ ২৭ নৱেম্বৰত সংসদৰ মজিয়াত অভিযোগ কৰিছিল যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভোটাৰ তালিকাত ব্যাপক হাৰত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈ আছে। তেতিয়া তেওঁ মোৰাৰজী দেশাই মন্ত্ৰী সভাৰ বৈদেশীক মন্ত্ৰী হৈ আছিল। ফলস্বৰূপে তেওঁৰ উক্ত অভিযোগৰ পিছতেই অসমৰ লগতে গোটেই দেশতে তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰাই ৰক্তাক্ত অসম আন্দোলনৰ ভেটি স্থাপন হয়।
ইফালে ১৯৭৯ চনৰ ২৮ মাৰ্চত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ আকস্মিক ভাবে মৃত্যু হয়। ফলত নির্বাচন আয়োগে এপ্ৰিল মাহৰ পৰা ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ কৰিছিল আৰু সেই বছৰৰ শেষৰ ফালে উক্ত লোকসভা সমষ্টিত উপ-নির্বাচন পতাৰ কথা ঘোষণা কৰে। 
সদৌ অসম ছাত্ৰ সন্থাই বৈদেশিক মন্ত্ৰী অটলবিহাৰী বাজপেয়ীৰ অভিযোগৰ আলম লৈ ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰে। পিছত নিৰ্বাচন আয়োগে  পক্ষপাতিত্বমূলক ভাবে আছুৰ দাবী মানি লৈ মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰায় ৪৬ হাজাৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বাবে জাননী জাৰি কৰে। বাকী ১৩ টা লোকসভা সমষ্টিতো একেই অভিযোগ বিয়পি পৰে আৰু এনেকৈয়ে সমগ্ৰ অসমত আৰম্ভ হৈছিল বিদেশী বিতাৰণ আন্দোলন। 
ইয়াৰ আলম লৈ ১৯৭৯ চনৰ ২৭ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হয় সর্বদলীয় সভাত। সভাতে গঠিত ‘গণ সংগ্ৰাম পৰিষদে’ আছুৰ সৈতে আন্দোলনত জপিয়াই পৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু বিদেশী খেদা আন্দোলনত নামি পৰে।
ক্ৰমাত্ অসমৰ বিভিন্ন ঠাইত এই আন্দোলনকাৰীসকলে বিদেশীৰ নামত ভাৰতীয় সংখ্যালঘু লোকৰ ওপৰত অমানুষিক নির্যাতন কৰিবলৈ আৰম্ভ কৰে। মহাবিদ্যালয়, বিশ্ববিদ্যালয়, নগৰ চহৰ আৰু যান-বাহনত অত্যাচাৰিত হয় সংখ্যালঘু লোক। নির্বাচন আয়োগৰ পক্ষপাতিত্বমূলক ভূমিকা আৰু অসমৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আন্দোলনকীৰৰ হিংসাত্মক আক্ৰমণৰ কৱলৰ পৰা ভাৰতীয় সংখ্যালঘু নাগৰিকক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হয়। ইয়াক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু দুগৰাকী কেবিনেট মন্ত্রী আবুল ফজল গোলাম ওচমানী আৰু জেহেৰুল ইছলামে মন্ত্ৰীত্ব ত্যাগ কৰিছিল। 
এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে অধিকাংশ সংখ্যালঘু বুদ্ধিজীৱী আৰু সচেতন নাগৰিকে এটা উমৈহতীয়া মঞ্চ নিৰ্মানৰ চিন্তা কৰে। ১৯৭৯ চনৰ ৭ চেপ্তেম্বৰত গুৱাহাটীৰ নৰ্থ-ইষ্টার্ণ হোটেলত একাংশ সংখ্যালঘু সচেতন লোকৰ মাজত অনুষ্টুপীয়াকৈ এটা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সাপ্তাহিক মুজাহিদৰ তদানিন্তন সম্পাদক প্ৰয়াত কেৰামত আলী, গুৱাহাটী সদৰ কাজী প্রয়াত ছৈয়দ আব্দুল বাছিদ, উল্লেখিত হোটেলৰ মালিক প্রয়াত মজহাৰুল লতিফ, বিশিষ্ট লেখক তাজউদ্দিন আহমেদ, হাউলিৰ বিশিষ্ট সমাজকর্মী বোৰহান আলী আহমেদ আৰু তেতিয়াৰ জাতীয়তাবাদী দলৰ নেতা ডঃ নেছাৰ আহমেদ আদি। বৈঠকত বিদেশী বিতাৰণ আন্দোলনৰ হিংস্ৰ হাতোৰাৰ পৰা ভাৰতীয় সংখ্যালঘুসকলৰ নাগৰিকত্বৰ অধিকাৰ আৰু জীৱন-সম্পত্তি ৰক্ষাৰ বাবে এটি সাংগঠনিক কাঠামোৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছিল। য'ত ধৰ্মীয় সংখ্যালঘুৰ উপৰিও ভাষিক আৰু জাতিগত সংখ্যালঘুও চামিল হ’ব পাৰে। 
ইয়াৰ এক সপ্তাহ পাছতেই অৰ্থাত্ ১৫ চেপ্তেম্বৰ দিনা আবেলি লক্ষীমপুৰৰ পৰা প্ৰায় ষাঠি জনীয় ধৰ্মীয় সংখ্যালঘু মানুহৰ এটি দল বৰপেটা জিলাৰ হাউলী চাৰিআলি চ’কত আহি উপস্থিত হৈছিল। আন্দোলনকাৰীয়ে তেওঁলোকৰ ঘৰ-দুৱাৰ জ্বলাই খেদি পঠোৱা বাবে আত্মীয় স্বজনৰ ওচৰত আশ্ৰয় বিচৰি আহিছিল লোকসকলে। কিন্তু হাউলী অঞ্চলৰ আন্দোলনকাৰীসকলে তেওঁলোকক বাংলাদেশী বুলি অভিহিত কৰি নিৰ্যাতন কৰাই নহয় হাউলী থানাত গতাই দিয়ে আৰু এই লোকসকলক বাংলাদেশলৈ খেদি পঠিয়াবলৈ পুলিচৰ ওচৰত প্ৰবল দাবী উত্থাপন কৰে। এই খবৰ খেৰৰ জুইৰ দৰে অতি কম সময়ৰ ভিতৰত চাৰিওফালে বিয়পি পৰে। নিজৰ মাটি-ভেটিৰ পৰা খেদা খাই অনাহাৰে-অনিদ্ৰাৰে আশ্ৰয় বিচাৰি অহা মানুহখিনিৰ এই দুৰ্দশা দেখি অঞ্চলটোৰ সংখ্যালঘু সচেতন নাগৰিক, বুদ্ধিজীৱী, সমাজকৰ্মী আৰু ছাত্ৰ-যুৱকৰ লগতে সাধাৰণ ৰাইজ বিক্ষুদ্ধ হৈ পৰে আৰু কেইবাশ মানুহে থানা ঘেৰাও কৰি আটক কৰা লোকসকলক মুক্তি দিবলৈ দাবী জনায়। অৱশেষত পুলিচে এই দাবী মানি ল'বলৈ বাধ্য হয় আৰু লোকসকলক মুকলি কৰি দিয়ে।
এই ঘটনাৰ পৰিপ্ৰেক্ষিতত হাউলীৰ ওচৰৰ হিলাপাকুৰী হাই মাদ্ৰাছা প্রাঙ্গণত ১৭ চেপ্তেম্বৰ তাৰিখে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত ধর্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্রদায়ৰ সহস্রাধিক লোকে অংশগ্ৰহণ কৰে। হাউলীৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকর্মী প্রয়াত ৰামচন্দ্ৰ সাহাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত খন্দকাৰপাৰাৰ বয়োজেষ্ঠ নাগৰিক আব্দুল ৰহমানক সভাপতি আৰু প্ৰয়াত ছাত্ৰ নেতা আলী আকবৰক সাধাৰণ সম্পাদক হিচাপে লৈ ‘সংখ্যালঘু সমাজ কল্যাণ পৰিষদ' নামেৰে এটি অৰাজনৈতিক সংস্থা গঠন কৰা হয়। এই সংস্থাৰ হকে উক্ত ৰাজহুৱা সভাত দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়-
১। ইন্দিৰা-মুজিব চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চ ভিত্তি কৰি বিদেশী নাগৰিক চিনাক্তকৰণ কৰা হওঁক।
২। বিদেশীৰ বা বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰা হওঁক৷ 
সংখ্যালঘু সমাজ কল্যাণ পৰিষদ নামৰ এই সংস্থাটোকেই ৭ চেপ্তেম্বৰত গুৱাহাটীৰ নৰ্থ-ইষ্টৰ্ণ হোটেলৰ বৈঠকত দেখা সপোনৰ দিঠক ৰূপ বুলি ক'ব পাৰি। দেশ বিভাজনৰ তিক্ততাৰে মেৰুকৰণ হোৱা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ অসমত সর্বপ্রথম উমৈহতীয়া সাংগঠনিক মঞ্চ এইটোৱেই। এয়াই আছিল অসমত সংখ্যালঘু আন্দোলনৰ প্ৰথম অংকুৰ। 
এই অংকুৰ গজোৱাত যিসকলে সক্রিয় সহযোগ কৰিছিল তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ'ল, ইছমাইল হুছেইন (প্রাক্তন সাংসদ, বৰপেটা), প্রয়াত তমিজ উদ্দিন আহমেদ (এডভোকেট), আব্দুল জলিল তালুকদাৰ (জনীয়া), প্ৰয়াত জহুৰুদ্দিন শিকদাৰ, অক্ষয় কুমাৰ ঘোষ, শ্রীবিশ্বনাথ মুন্সী, প্রয়াত নীৰেন্দ্ৰ নাথ শীল ইত্যাদি। এই সংস্থাকে কেন্দ্ৰ কৰি সমগ্ৰ অসমত সংখ্যালঘু আন্দোলনৰ ভেটি নিৰ্মান হবলৈ আৰম্ভ হয়। অসম আন্দোলনৰ হিংসাত্মক ৰূপৰ বিৰোধ কৰিব পৰা কোনো শক্তি নাই বুলি ভাবি থকা সচেতন সংখ্যালঘু লোকসকলে সাহস পায়। 
সেই সময়ত অসমত দুৰদৰ্শন নাছিল, নাছিল এতিয়াৰ দৰে বহুকেইখন সংবাদ পত্র, বাকী সামাজিক মাধ্যমৰ ধাৰণাই নাছিল। যি কেইখন বাতৰি কাকত আছিল সেয়াও আন্দোলনৰ অন্ধ সমর্থক আৰু একপ্ৰকাৰ আন্দোলনকাৰীসকলৰ মুখপত্ৰৰ দৰে। একাংশ সংবাদ পত্ৰই ভূৱা প্ৰচাৰ কৰিছিল যে নামনি অসমৰ হাউলীত একাংশ বিদেশী নাগৰিকে পাকিস্তানৰ পতাকা উৰুৱাইছে আৰু বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সাম্প্ৰদায়িক নেতাৰ উপস্থিতিত ৰাজহুৱা সভা পাতি এটা অসম বিৰোধী সংগঠনৰ জন্ম দিছে। এনে প্ৰচাৰত পুলিচ প্ৰশাসনো সচকিত হৈ পৰিছিল আৰু সেই বাবেই ডি আই জি এগৰাকীৰ নেতৃত্বত এটা সহস্র বাহিনী গুৱাহাটীৰ পৰা হাউলীত উপস্থিত হৈ হিলাপাকুৰীৰ ৰাজহুৱা সভাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰিবলৈ যায়। কিন্তু তদন্তৰ শেষত প্ৰকৃত সত্য অৱগত হৈ তেওঁলোক উভতি গৈছিল। এই দৰে প্ৰথম অৱস্থাত সংখ্যালঘু নেতাসকল পুলিচৰ হাতৰ পৰা ৰেহাই পালেও সংবাদ পত্ৰত মিছা প্ৰচাৰৰ ফলত তেওঁলোকৰ নিৰাপত্তা বিপন্ন হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে লুকাই- চুৰকৈ, খোজকাঢ়ি নাইবা চাইকেল চলাই সংগঠনৰ কাম কৰিব লগা হৈছিল।
এনেকৈ কিছুদিন চলাৰ পাছত সংখ্যালঘু বুদ্ধিজীবী তথা চিন্তাবিদসকলে উপলব্ধি কৰিলে, সংখ্যালঘু আন্দোলনক গতিশীল কৰিবলৈ হ'লে ইয়াক ছাত্র আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। সেই উদ্দেশ্যে অক্টোৱৰ মাহৰ মাজ ভাগত খন্দকাৰপাৰাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত ছাত্রনেতা ফৰমান আলীক সভাপতি আৰু মফিজ উদ্দিন খানক সম্পাদক হিচাপে লৈ হাউলী আঞ্চলিক সংখ্যালঘু ছাত্র ইউনিয়ন গঠন কৰা হয়।
এই ছাত্ৰ সংগঠনটোক তেতিয়াৰ অবিভক্ত কামৰূপ জিলাত বিয়পাই দিয়াৰ বাবে অবিৰাম অভিযান চলোৱা হয় আৰু ইয়াৰ বাবে শতাধিক চাইকেল আৰোহীৰ দহ দিনীয়া এক চাইকেল যাত্ৰাৰো আয়োজন কৰা হয়। অৱশেষত ১৯৮০ চনৰ ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে তাৰাবাৰীৰ ওচৰত খলিচাবাৰী চৰত মুকলি আকাশৰ তলত পূৰ্ণাঙ্গ ৰূপত কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়ন গঠিত হয়। লিয়াকত আলী খানক সভাপতি আৰু মকবুল হুছেইন খানক সাধাৰণ সম্পাদক নিৰ্বাচিত কৰাৰ লগতে সমীৰ খান, শেখ আব্দুল হামিদ, হৰিপদ ৰায়, নীলমোহন ৰায়, ৰমতুল্লাহ চৌধুৰী, নুৰ আলম আদিক কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে নিয়োগ কৰে।
কামৰূপ জিলা সমিতি গঠনৰ পিছতেই সংগঠনটোৰ  গোটেই অসমৰ সংখ্যালঘু অঞ্চলবোৰত জিলা, মহকুমা আৰু আঞ্চলিক পৰ্য্যায়ত ইয়াৰ শাখা গঠন কৰিবলৈ অবিৰাম প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল। অৱশ্যে নিৰীপত্তাৰ খাতিৰত এনে প্ৰচাৰ আন্দোলনকাৰী সংগঠন আৰু পুলিচৰ নজৰ এৰাই সংগোপনে কৰিবলগীয়া হৈছিল। বিভিন্ন ঠাইত অতি ক্ষিপ্ৰতাৰে শাখা সংগঠন গঠন হ’বলৈ আৰম্ভ কৰিছিল। এনেকৈয়ে ১৯৭৯ চনৰ ১৭ নৱেম্বৰত জলেশ্বৰত দক্ষিন গোৱালপাৰা সংখ্যালঘু ছাত্র ইউনিয়ন গঠন হৈছিল। এই ইউনিয়নৰ উদ্যোগত ১৯৮০ চনৰ ১ জানুৱাৰীত জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রঙ্গণত এক বিশাল জনসভা অনুষ্ঠিত হয় আৰু এই সভাতে বিশদভাৱে আলোচনা কৰি অসমৰ বিভিন্ন ঠাইত গঠন হোৱা ক্ষুদ্র ক্ষুদ্র সংখ্যালঘু ছাত্র সংগঠনসমূহক একগোট কৰি অসম ভিত্তিত এটা শক্তিশালী সংগঠন সৃষ্টিৰ সিদ্ধান্ত লোৱা হয়। এই উদ্দেশ্যে ২৮ ফেব্ৰুৱাৰীত জলেশ্বৰতে উক্ত অভিৱৰ্তন পতাৰ সিদ্ধান্ত লৈ স্থানীয় সর্বজন শ্রদ্ধেয় সমাজকর্মী হাজী ৰইজ উদ্দিন আহমেদক সভাপতি হিচাপে লৈ ৩১ জনীয়া এটি অভ্যর্থনা সমিতি গঠন কৰা হয়। সমিতিৰ কেইজনমান উল্লেখযোগ্য সদস্যসকল আছিল, উপ সভাপতি ক্ৰমে শ্রীনগেন্দ্ৰ কৰ্মকাৰ, মৌলবী আজিম উদ্দিন, হাজী শুকুৰ আলী। সাধাৰণ সম্পাদক ও ধনভঁৰালী মুহাম্মদ আতাউৰ ৰহমান (পীৰবাৰী)। সম্পাদক আজিজুৰ ৰহমান, ছফিউৰ ৰহমান, শামচুল হক মোল্লা, যুটিয়া হুৰমুজ আলী, শামচুল হক, মহছিন আলী, জাহাঙ্গীৰ আলম, ফকৰ উদ্দিন আদি ৷ এই অধিৱেশনৰ বাবে পুঁজি সংগ্রহ, প্ৰচাৰ তথা মুখপত্ৰৰ দায়িত্ব দিয়া হৈছিল এডভোকেট মোকছেদ আলী আৰু মহম্মদ আলীক। 
ইফালে অবিভক্ত কামৰূপ জিলাৰ চাউলখোৱা, মুকালমুৱা, কাচিমপুৰ নেউলাৰ ভিটা ইত্যাদি ঠাইত নাৰী, শিশু, বৃদ্ধ সমন্বিতে বহু লোকক নিৰ্মম ভাবে হত্যা কৰাৰ লগতেভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ঘৰ-দুৱাৰ আন্দোলনকাৰীয়ে নিৰ্বিচাৰে জ্বলাই দিছিল। এনে পৰিস্থিতিৰ মাজতো ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভাৰ সাধাৰণ নিৰ্বাচন ঘোষণা কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আদেশ দিছিল। কিন্তু আন্দোলনকাৰীসকলে বিদেশী বহিস্কাৰ নোহোৱালৈকে অসমত নির্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি ভাবুকি দিছিল। এই ভাবুকিত সেও মানি গোটেই অসমতে কোনো প্রার্থীয়ে মনোনয়নপত্র দাখিল কৰিবলৈ সাহস কৰা নাছিল। কিন্তু বৰপেটা সমষ্টিত অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত আতাউৰ ৰহমানে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু তেওঁৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী বেগম আবিদা আহমেদে ১০ জানুৱাৰী ১৯৮০ ইং তাৰিখে ইন্দিৰা কংগ্ৰেছৰ প্রার্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। সেইদিনা খন তেওঁ মনোনয়ন পত্র দাখিল কৰিবলৈ গুৱাহাটীৰ পৰা বৰপেটালৈ গৈ থাকোতে ভৱানীপুৰত এদন আন্দোলনকাৰীয়ে বাধা প্ৰদান কৰিছিল আৰু তাত পুলিচৰ প্ৰহাৰত খৰ্গেশ্বৰ তালুকদাৰ নামৰ যুৱক এগৰাকী শোকাবহভাৱে মৃত্যুমুখত পৰিছিল। স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম গৰাকী শহীদ হিচাপে অভিহিত হয়। পিছত বেগম আবিদা আহমেদৰ মনোনয়ন পত্ৰ বাতিল হৈছিল আৰু ৰাইজৰ হেঁচাত আতাউৰ ৰহমানে নিজেই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল। এনেকৈয়ে ১৯৮০ চনৰ আৰম্ভণিতে অসমৰ ১৪ জন সাংসদৰ প্ৰতিনিধিত্ব আবিহনেই কেন্দ্ৰত প্রয়াত প্রধানমন্ত্ৰী ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছ (ই) চৰকাৰ গঠন হৈছিল।
বিভিন্ন অঞ্চলত বিদেশীৰ নামত সংখ্যালঘু নিপীড়নৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছিল। এনে অৱস্থাত নৱ গঠিত কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে সৰ্ব প্ৰথম নতুন দিল্লীলৈ এটি সজাতি দল পঠায়। এই সজাতি দলে ১৯৮০ চনৰ ১৭, ১৮, ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীলৈকে দিল্লীত অৱস্থান কৰি কেন্দ্ৰীয় চৰকাৰক অসমৰ অগ্নিগৰ্ভা পৰিৱেশৰ কথা অৱগত কৰায় আৰু বিদেশীৰ নামত সংখ্যালঘু লোকৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। উক্ত সজাতি দলটোৰ মূখপাত্র আছিল কলগাছিয়াৰ নৱজ্যোতি কলেজৰ উপাধ্যক্ষ এম মোজাম্মেল হুছেইন আৰু সজাতি দলটোত কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ সভাপতি আৰু সম্পাদক ক্ৰমে লিয়াকত আলী খান, মকবুল হুছেইন আৰু সদস্য সমীৰ খান, হৰিপদ ৰায়, আব্দুল কায়ুম, ইছমাইল হুছেইন, দুলাল দেৱনাথ, মজাহাৰ আলী ইত্যাদি।
এনে প্ৰেক্ষাপটত নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পুঁজি সংগ্ৰহ আৰু প্ৰচাৰকাৰ্য্য আশানুৰূপ নোহোৱাত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অভ্যর্থনা সমিতিৰ সভাত এই অধিৱেশন এমাহলৈ পিছুৱাই নি ২৮, ২৯, আৰু ৩০ মাৰ্চত অনুষ্ঠিত কৰিৱলৈ চুৰান্ত সিদ্ধান্ত লোৱা হয়। সেই সময়ত জলেশ্বৰৰ দৰে ভিতৰুৱা অঞ্চলত প্রফেশনাল টেন্ট হাউচ বা ডেকাৰেটৰ্চৰ ব্যৱস্থা নাছিল। সেইবাবেই ১৫ মাৰ্চৰ পৰাই ৰাইজ আৰু স্বেচ্ছাসেৱক সকলে দিনে-ৰাতি শ্ৰমদান কৰি তোৰণ, পেণ্ডেল, লাইট, প্রতিনিধি শিবিৰ, ৰান্ধনীশাল, ভোজনশালা ইত্যাদি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ইয়াৰ পাছত ২৭ মাৰ্চৰ পৰা অসমৰ দূৰ-দূৰণিৰ পৰা আহিবলৈ লৈছিল অধিৱেশনৰ প্ৰতিনিধি। সেইদিনা আবেলি ৩.৩০ বজালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আৰু সহস্ৰাধিক প্রতিনিধি অধিৱেশন থলীলৈ আহি উপস্থিত হয়। কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত এডভোকেট মোকছেদ আলীয়ে প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰিছিল। উল্লেখযোগ্য যে ২৮ আৰু ২৯ মার্চ দুয়োদিনৰ প্ৰতিনিধি সভাত তেঁৱেই সভাপতিত্ব কৰিছিল। ২৮ তাৰিখে আবেলিৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভাত বিস্তাৰিত আলোচনাৰ ভিত্তিত গভীৰ ৰাতি ১.২০ বজাত সৰ্বসন্মত সিদ্ধান্ত ভিত্তিত জন্ম দিয়া হয় সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) আৰু সদৌ অসম সংখ্যালঘু যুৱ পৰিষদ। আমছুৰ সভাপতি হিচাপে আব্দুল হাই নাগৰি আৰু সাধাৰণ সম্পাদক হিচাপে আজগৰ আলী আহমেদক নিৰ্বাচিত কৰা হয়। ইয়াৰ লগতে সংখ্যালঘু যুৱ পৰিষদৰ সভাপতি হিচাপে এডভোকেট ছুৰতজামাল আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় লাহোৰ আলী ফাৰুকী। আমছুৰ কাৰ্য্যনির্বাহক সমিতিত ৪৯ আৰু যুৱ পৰিষদৰ কাৰ্য্যনিৰ্বাহকত ৩৫ জন সদস্য অন্তৰ্ভূক্ত কৰা হয় ৷
আমছুৰ প্ৰতিষ্ঠা দিৱস যদিও ৩১ মাৰ্চ হিচাপে পালন কৰা হয় উক্ত অধিৱেশনৰ আমন্ত্ৰণী পত্ৰত উল্লেখ থকা মতে প্ৰকৃততে ২৮, ২৯ আৰু ৩০ মাৰ্চহে প্ৰতিষ্ঠাৰ দিন।
এই অধিৱেশনতে আমছু আৰু যুৱ পৰিষদৰ সংবিধান আৰু অধিৱেশনৰ প্রস্তাবাবলীৰ খচৰা প্ৰস্তুত কৰিবলৈ নিম্নলিখিত সদস্যসকললৈ এখন খচৰা সমিতি গঠন কৰা হয়।
(১) প্রতিনিধি সভাৰ সভাপতি, এডভোকেট মোকছেদ আলী 
(২) আমছুৰ সভাপতি আব্দুল হাই নাগৰি 
(৩) আমছুৰ সাধাৰণ সম্পাদক আজগৰ আলী আহমেদ 
(৪) আমছুৰ সম্পাদক আব্দুল আজিজ 
(৫) আমছুৰ সম্পাদক ইন্দ্ৰবাহাদুৰ ছেত্রী 
(৬) যুৱ পৰিষদৰ সভাপতি এডভোকেট চুৰতজামাল 
(৭) যুৱ পৰিষদৰ সাধাৰণ সম্পাদক লাহোৰ আলী ফাৰুকী
(৮) আনোৱাৰ হোছেন (চাপৰ) 
(৯) অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক মোঃ আতাউর বহমান 
(১০) অধিৱেশনৰ আহব্বায়ক হুৰমুজ আলী
(১১) যুৱ পৰিষদৰ সম্পাদক দুলাল চন্দ্ৰ বসাক।

৩০ মাৰ্চ ৰাতিপুৱা ১০.৩০ বজাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ শেষত এখন বৈঠকত সংবিধান আৰু প্ৰস্তাৱাৱলীৰ খচৰা পাঠ কৰা হয় আৰু যথেষ্ট আলাপ- আলোচনাৰ শেষত আৱশ্যকীয় সংশোধনীৰে এই খচৰা গ্ৰহণ কৰা হয়।
সদৌ শেষত সেইদিনাখন আবেলি লক্ষাধিক ৰাইজ, ১৪ গৰাকী মন্ত্ৰী বিধায়ক আৰু বহু সংখ্যক বুদ্ধিজীৱী, সমাজকৰ্মী আদিৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে প্রক্তন মন্ত্ৰী তথা বিধায়ক আফজালুৰ ৰহমানে। এই সভাতো আমছুৰ সংবিধান আৰু প্ৰতিনিধি সভাৰ প্ৰস্তাৱাৱলী পাঠ কৰা হয় আৰু জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি আৰু হৰ্ষধ্বনিৰে সেইবোৰ গৃহিত হয়। অৱশেষত অভ্যর্থনা সমিতিৰ সভাপতিৰ শলাগৰ শৰাই আৰু ধন্যবাদেৰে অধিৱেশন সমাপ্ত কৰা হয়। এইদৰেই জলেশ্বৰৰ বালিচৰৰ পৰা আৰম্ভ হয় অসমত সংখ্যালঘু আন্দোলনৰ অবিৰাম যাত্ৰা ।

জলেশ্বৰ অধিৱেশনত গঠন হোৱা সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু আৰু সদৌ অসম সংখ্যালঘু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যসকলৰ তালিকাঃ আমছুৰ কেন্দ্ৰীয় সাধাৰণ ইউনিয়ন-
(১) আব্দুল হাই নাগৰি সভাপতি (২) শ্ৰীগুৰুদাস ৰায়, সদস্য (৩) শ্রী বিমল মণ্ডল, সদস্য (৪) আমিনুল আহমেদ সদস্য (৫) আব্দুৰ ৰহিম মণ্ডল সদস্য, (৬) গফুৰ আলী আহমেদ (৭) আসান আলী, সদস্য (৮) বাদশা আলী আহমেদ, সদস্য (৯) জুলফিকৰ হায়দাৰ আলী, সদস্য (১০) শ্ৰী মৃনাল ৰায়, সদস্য (১১) শ্ৰী অলক ৰায়, সদস্য (১২) মহঃ তোৰাব আলী, সদস্য (১৩) শ্রী গৌৰা শংকৰ গিৰি, সদস্য (১৪) আব্দুল হাকিম, সদস্য (১৫) শিৰাজ উদ্দিন খান, সদস্য (১৬) সুভাষ ঘোষ, সদস্য (১৭) শ্ৰী নাৰায়ন ৰয়, সদস্য (১৮) শ্রী নিতু বিশ্বাস, সদস্য (১৯) শ্রী সুভাষ পাল, সদস্য (২০) শ্ৰী দুলাল ৰায়, সদস্য (২১) লিয়াকত আলী খান, সদস্য (২২) মকবুল হুছেইন খান, সদস্য (২৩) মিজানুৰ ৰহমান, সদস্য (২৪) সমতুল্লাহ চৌধুৰী, সদস্য (২৫) দিলদাৰ ৰেজা, সদস্য (২৬) মফিজউদ্দিন আহমেদ খান, সদস্য (২৭) নুৰুল হক, সদস্য (২৮) মুক্তাৰ হোছেন খান, সদস্য (২৯) ছৈয়দ আলী শিকদাৰ, সদস্য (৩০) মোমেৰ আলী আহমেদ, সদস্য (৩১) আবুল বাসাৰ, সদস্য (৩২) আবুল হোছেন, সদস্য (৩৩) শ্রীহৰিপদ ৰায়, সদস্য (৩৪)আজগৰ আলী আহমেদ, সাধাৰণ সম্পাদক (৩৫) সমৰেন্দ্ৰ সৰকাৰ, সদস্য (৩৬) হজৰত আলী, সদস্য (৩৭) ৰুকন উদ্দিন খান, সদস্য (৩৮) লুৎফৰ ৰহমান, সদস্য (৩৯) আনোৱাৰ হুথেইন, সদস্য (৪০) শ্রী অনিল চন্দ্ৰ ঘোষ, সদস্য (৪১) আবুল কালাম আজাদ, সদস্য (৪২) ছাহজাহান আলী, সদস্য (৪৩) নকীৰ উদ্দিন, সদস্য (৪৪) আব্দুল ছামাদ, সদস্য (৪৫) আমিন হেলাল উদ্দিন, সদস্য (৪৬) মজিবৰ ৰহমান চৌধুৰী, সদস্য (৪৭) মগৰৱ আলী, সদস্য (৪৮) শ্ৰী ভৱেন চন্দ্ৰ সৰকাৰ, সদস্য (৪৯) হাফিজুৰ ৰহমান, সদস্য (৫০) দানেছ আলী আহমেদ, সদস্য (৫১) আলফাজুদ্দিন আহমেদ, সদস্য (৫২) ছামছুল আলম, সদস্য (৫৩) ইব্রাহিম আলী, সদস্য (৫৪) পিঞ্জিৰ আলী আহমেদ, সদস্য (৫৫) শ্রী দুলাল চন্দ্র দেবনাথ, সদস্য (৫৬) শ্রীলক্ষণ কুমাৰ প্ৰধান, সদস্য (৫৭) ছফিকুল ইছলাম শ‍ইকীয়া (কণ), সদস্য (৫৮) মজিবৰ ৰহমান, সদস্য (৫৯) সহিদুল ইছলাম, সদস্য (৬০) আব্দুল লতিফ, সদস্য (৬১) ৱাজুৰ ৰহমান, সদস্য (৬২) নুৰ ইছলাম, সদস্য (৬৩) ছানোৱাৰ হুছেইন, সদস্য (৬৪) আতোৱাৰ ৰহমান, সদস্য (৬৫) গাফ্ফাৰ খান, সদস্য (৬৬) শওকৎ হুছেইন হাজৰিকা, সদস্য (৬৭) গোলাম জামাল, সদস্য (৬৮) আলী আকবৰ, সদস্য (৬৯) ৰহিজ জামাল, সদস্য (৭০) শ্রীমদন মোহন পাল, সদস্য (৭১) মোবাৰক হোসেন আহমেদ, সদস্য (৭২) আব্দুল মিঞা, সদস্য (৭৩) আব্দুল হাই মণ্ডল, সদস্য (৭৪) আব্দুল বাৰেক, সদস্য (৭৫) ছামচুল হুদা, সদস্য (৭৬) মহঃ সহৰ আলী ভূঞা, সদস্য (৭৭) শ্রী চন্দন কুমাৰ সৰকাৰ, সদস্য (৭৮) আব্দুল হাই মিঞা, সদস্য (৭৯) কুদৰত আলী আদমেদ, সদস্য (৮০) ছামাদ আলী, সদস্য (৮১) জামাল উদ্দিন, সদস্য (৮২) মজিবৰ ৰহমান, সদস্য (৮৩) মকবুল হোসেন, সদস্য (৮৪) আবু বক্কাৰ ছিদ্দিক, সদস্য (৮৫) মনোৱাৰ হুছেইন, সদস্য (৮৬) নূৰুল ইছলাম, সদস্য (৮৭) নূৰুল ইছলাম আনাচাৰী, সদস্য (৮৮) মজিবৰ ৰহমান, সদস্য (৮৯) আতোৱাৰ ৰহমান, সদস্য (৯০) হুৰমুজ আলী , সদস্য (৯১) লিয়াক‍ আলী, সদস্য (৯২) আব্দুল মতিন, সদস্য (৯৩) আব্দুল ৱাহিদ, সদস্য (৯৪) খন্দকাৰ দেলোৱাৰ হুছেন, সদস্য (৯৫) খলিলুৰ ৰহমান, সদস্য (৯৬) হায়দ আলী, সদস্য (৯৭) মতলিব উদ্দিন আহমেদ, সদস্য (৯৮) আমিনুল হক, সদস্য (৯৯) সাহাব উদ্দিন আহমেদ, সদস্য (১০০) শ্যামল ঘোষ, সদস্য (১০১) আমিনুল ইছলাম, সদস্য (১০২) আব্দুল আজিজ, সদস্য (১০৩) আবুল হোছেন, সদস্য (১০৪) আব্দুছ ছামাদ, সদস্য (১০৫) নুৰুল ইছলাম, সদস্য (১০৬) ছবিবৰ ৰহমান, সদস্য (১০৭) নুৰুল হক, সদস্য (১০৯) নুৰুল ইছলাম, সদস্য (১১০) আবুবক্কৰ ছিদ্দিক, সদস্য (১১১) দিলীপ কুমাৰ নাগ, সদস্য (১১২) মলয় বসু, সদস্য (১১৩) হিমাংশু দে, সদস্য (১১৪) ভূপেন বিশ্বাস, সদস্য, (১১৫) নুৰুল ইছলাম, সদস্য । প্রয়োজনবোধে সুস্থ প্রতিনিধিত্বৰ কাৰণে সাধাৰণ ইউনিয়নৰ সদস্যৰ সংখ্যা' কাৰ্যকৰী ইউনিয়নে বঢ়াব পাৰিব ।

কেন্দ্ৰীয় সাধাৰণ ইউনিয়নৰ পৰা সদস্য বাছি লৈ নিম্নলিখিত ধৰণে আমছুৰ কাৰ্য্যকৰী ইউনিয়ন গঠন কৰা হয় ৷

(১) আব্দুল হাই নাগৰি, সভাপতি (২) সহৰ আলী ভূঞা, উপ সভাপতি (৩) আমিনুল ইছলাম, উপ সভাপতি (৪) হুৰমুজ আলী, উপ সভাপতি (৫) আজগৰ আলী আহমেদ, সাধাৰণ সম্পাদক (৬) শ্ৰীৰঞ্জন কুমাৰ সৰকাৰ, সম্পাদক (৭) লিয়াকত আলী, সম্পাদক (৮) ইন্দ্ৰ বাহাদুৰ ছেত্ৰী, সম্পাদক (৯) আব্দুল আজিজ, সম্পাদক (১০) মদন মোহন পাল, সম্পাদক (১১) মজিবৰ ৰহমান, সাংগঠনিক সম্পাদক (১২) দিলদাৰ ৰেজ্জা, সাংগঠনিক সম্পাদক (১৩) কুদৰত আলী আহমেদ, সাংগঠনিক সম্পাদক (১৪) আব্দুল ওৱাহেদ, সাংগঠনিক সম্পাদক, (১৫) ছাহজাহান আলী, কোষাধ্যক্ষ (১৬) মোৱাৰক হুছেইন, সদস্য (১৭) শওকত হুছেইন হাজৰিকা, সদস্য (১৮) শ্ৰী গুৰুদাস ৰায়, সদস্য (১৯) আমিনুল আহমেদ, সদস্য (২০) ছামাদ আলী, সদস্য (২১) চন্দন কুমাৰ সৰকাৰ, সদস্য (২২) মনোৱাৰ হুছেইন, সদস্য (২৩) শ্ৰী হৰিপদ ৰায়, সদস্য (২৪) মুক্তাৰ হুছেইন খান, সদস্য (২৫) লতিফ আহমেদ, সদস্য (২৬) দুলাল চন্দ্ৰ দেবনাথ, সদস্য (২৭) আমিৰ হেলাল উদ্দিন, সদস্য (২৮) হাফিজুৰ ৰহমান, সদস্য (২৯) সেখ মকবুল হুছেইন, সদস্য (৩০) আব্দুল হাই, সদস্য (৩১) আব্দুল মতিন, সদস্য (৩২) আব্দুল হামিদ, সদস্য (৩৩) শ্রী সুভাষ পাল, সদস্য (৩৪) আব্দুল হুছেন সৰকাৰ, সদস্য (৩৫) নুৰুল হক, সদস্য (৩৬) মজিবৰ ৰহমান, সদস্য (৩৭) নুৰুল হক, সদস্য। প্রয়োজনবোধে সুস্থ প্রতিনিধিত্বৰ বাবে কাৰ্য্যকৰী ইউনিয়নে অতিৰিক্ত ৯ জন সদস্য কৰিব পাৰিব ।

জলেশ্বৰ অধিৱেশনতে নিম্নলিখিত ধৰণে সদৌ অসম সংখ্যালঘু যুৱ পৰিষদৰ কাৰ্য্যকৰী পৰিষদ গঠন কৰা হয় ৷

(১) সুৰত জামাল(এডভোকেট) সভাপতি, (২) শ্রীবিশ্বনাথ মুন্সী, উপ-সভাপতি (৩) স্বপন কুমাৰ সিংহ, উপ-সভাপতি (৪) মোৱাৰক হুছেইন, উপ-সভাপতি (৫) লাহোৰ আলী ফাৰুকী, সাধাৰণ সম্পাদক (৬) শ্ৰীকৃষ্ণ বাহাদুৰ থাপা, সম্পাদক (৭) শ্ৰী দুলাল চন্দ্ৰ বসাক, সম্পাদক (৮) মোছাক উদ্দিন, সম্পাদক (৯) টাইমূৰ ৰহমান, সাংগঠনিক সম্পাদক (১০) ইদ্রিছ আলী আহমেদ, সাংগঠনিক সম্পাদক (১১) মহম্মদ আলী, কোষাদক্ষ (১২) মতিউৰ ৰহমান, সদস্য (১৩) শ্রীবিমল দে, সদস্য (১৪) ময়েজ উদ্দিন _ আহমেদ, সদস্য (১৫) শ্রী বিজয় পণ্ডিত, সদস্য (১৬) আবুল হুছেন আলী, সদস্য (১৭) আব্দুছ ছালাম, সদস্য (১৮) শ্ৰী নিৰঞ্জন সৰকাৰ, সদস্য (১৯) ছহৰাব আলী, সদস্য (২০) ছাহজাহান মোল্লা, সদস্য (২১) আব্দুল কায়ুম আল আমান, সদস্য (২২) ডঃ আব্দুল আজিজ, সদস্য (২৩) শ্রী বীৰেণ বিশ্বাস, সদস্য (২৪) আব্দুছ ছাত্তাৰ, সদস্য (২৫) শ্ৰী প্ৰাণ বাহাদুৰ ৰামনাথ, সদস্য (২৬) মির্জা নিজাম উদ্দিন, সদস্য (২৭) ৰফিক হক, সদস্য (২৮) আব্দুল জলিল তালুকদাৰ, সদস্য (২৯) আতাউৰ ৰহমান, সদস্য (৩০) জাফৰ আলী, সদস্য (৩১) আব্দুল ওৱাহেদ, সদস্য (৩২) মন্তাজ আলী, সদস্য (৩৩) ইজাৰ ৰহমান, সদস্য (৩৪) নিতিশ চন্দ্র দে, সদস্য (৩৫) নবদ্বীপ ৰায়, সদস্য।প্রয়োজনবোধ সুস্থ প্রতিনিধিত্বৰ বাবে কাৰ্য্যকৰী পৰিষদে আৰু ৩ জন সাংগঠনিক সম্পাদকৰ উপৰিও ৯ জন সদস্য অন্তর্ভূক্ত কৰিব পাৰিব।


ঐতিহাসিক ২৬ মে’ আমছুৰ প্ৰথম গণ আন্দোলন


সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু গণ সংগ্ৰাম পৰিষদৰ আগ্রাসী আন্দোলনৰ বিৰুদ্ধে সংখ্যালঘুসকলে আত্মৰক্ষামূলক প্ৰতি আন্দোলন গঢ়ি তোলাটো আছিল প্রত্যাহ্বানেৰে ভৰা। তথাপি নৱ গঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে'ত যি প্ৰতিবাদী আন্দোলন কৰা হৈছিল, সেয়া আছিল এক অভূতপূৰ্ব আৰু স্বতঃস্ফুৰ্ত গণ আন্দোলন বা গণ বিপ্লব।
জলেশ্বৰ অধিৱেশনত পূৰ্ণাঙ্গ আমছু গঠনৰ কেইদিনমান পাছতেই হাউলীত সংগঠনটোৰ সাধাৰণ পৰিষদ আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেইদিনাখনেই জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক আফজালুৰ ৰহমানে হাউলীত আমছুৰ মূখ্য কাৰ্য্যালয়ৰ দ্বাৰ উদ্‌ঘাটন কৰিছিল। হাউলীত অনুষ্ঠিত এই সভাতেই সংখ্যালঘুসকলৰ নাগৰিকত্ব ৰক্ষা আৰু বিদেশীৰ নামত অযথা হাৰাশাস্তিৰ প্ৰতিবাদকল্পে প্রতিবাদী আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই আন্দোলনৰ ধৰণ আৰু দিন তাৰিখ নিৰ্ধাৰণৰ উপৰিও ইয়াৰ মেমোৰেণ্ডাম, শ্ল'গান আদি প্ৰস্তুত কৰিবলৈ এটি উচ্চ ক্ষমতা সম্পন্ন কৰ্ণধাৰ সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল। এই কৰ্ণধাৰ সমিতিত আমছুৰ সভাপতি আব্দুল হাই নাগৰি আৰু সাধাৰণ সম্পাদক আজগৰ আলী আহমেদৰ লগতে আৰু কেইবাজনো বয়োজেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱীক সদস্য হিচাপে অন্তৰ্ভূক্ত কৰা হৈছিল। তেওঁলোক আছিল বিশিষ্ট সমাজসেৱী প্ৰয়াত ৰামচন্দ্ৰ সাহা, ইছমাইল হোছেইন, এডভোকেট তমিজ উদ্দিন আহমেদ, বিশ্বনাথ মুন্সী, শিক্ষাবিদ আলী আকবৰ আৰু বিশিষ্ট লেখক তাজউদ্দিন আহমেদ।
১৯৮০ চনৰ ২৩ এপ্ৰিলত হাউলী ৰবীন্দ্ৰ সংঘৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত মে’ মাহৰ ৫ তাৰিখে প্ৰতিবাদ দিৱস পালনৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত অনুযায়ী সেইদিনাখন ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নাগৰিকসকলে প্ৰতিবাদী শোভাযাত্ৰাত অংশ ল'ব আৰু নিজ নিজ অঞ্চলৰ খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ হাতত প্ৰধানমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ প্ৰদান কৰিব। ইয়াৰ উপৰিও প্ৰতিবাদ দিৱসৰ দিনা উপবাসে থাকি সেই আহাৰৰ খৰচ খিনি আমছুৰ তহবিলত জমা দিবলৈও কৰ্ণধাৰ সমিতিয়ে ৰাইজলৈ আহব্বান জনাইছিল। সেই সময়ত বেছিভাগ সংবাদপত্র সংখ্যালঘু সংগঠনৰ বিপক্ষে থকাৰ বাবে কৰ্ণধাৰ সমিতিৰ যাৱতীয় সিদ্ধান্ত গোহাৰি আকাৰত ছপাই অতি কম সময়ৰ ভিতৰতে চাৰিওদিশে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।
আনহাতে উক্ত প্রতিবাদী দিৱসৰ কথা প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদপত্ৰ সংগঠন আৰু বুদ্ধিজীৱীসকল। কিছুমানে পোনছাটেই আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। কিছুমানে ইয়াক ইন্দিৰা কংগ্ৰেছৰ অবৈধ সন্তান বুলিও ইতিকিং কৰিছিল। আন কিছুমানে আকৌ বাংলাদেশী সংগঠনে অসম আন্দোলনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ'ব বুলি মুকলি ভাবুকিও দিছিল ৷ ইয়াৰ মাজতে নিৰপেক্ষ আৰু প্ৰগতিশীল বুলি পৰিচিত বুদ্ধিজীৱীসকলে আমছুৰ আন্দোলন কৰাৰ অধিকাৰক স্বীকৃতি দিও পৰিস্থিতি জটিল হোৱাৰ আশংকা প্ৰকাশ কৰি আন্দোলনৰ পৰা বিৰত থাকিবলৈ আমছুলৈ পৰামৰ্শ দিছিল। আনহাতে উগ্র জাত্যাভিমানী সাংবাদিকসকলে আমছুৰ কোনো বিবৃতি সংবাদ পত্ৰত প্ৰকাশ নকৰাৰ কথাও ঘোষণা কৰিছিল ।
এনে প্ৰতিকূল পৰিস্থিতি সত্বেও সংখ্যালঘু নেতাসকলে উপলব্ধি কৰিছিল যে কোনো প্রতিবাদ নহ'লে বিদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অত্যাচার উৎপীড়নৰ কথা দেশ আৰু বিশ্ববাসীয়ে জানিব নোৱাৰিব। সেয়েহে বাধা যিমানেই নাহক কিয় কাৰ্যসূচী ল'বই লাগিব। এনে সংকল্পৰ পৰিপ্ৰেক্ষিতত কৰ্ণধাৰ সমিতিয়ে প্ৰচাৰকাৰ্য কম হোৱা বাবে প্ৰতিবাদ দিৱসৰ কাৰ্যসূচী ৫ মে'ৰ পৰা ২৬ মে লৈ পিছুৱাই নিবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল । আৰু পুনৰায় প্ৰচাৰ পত্ৰ ছপাই ব্যাপক ভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। ইয়াত উল্লেখ কৰা প্ৰয়োজন যে আমছু গঠনৰ প্ৰথমৰ পৰাই ইয়াৰ সকলো ধৰণৰ ছপাশালৰ কামত হাউলীৰ অসম প্রিন্টাৰ্চৰ স্বত্ত্বাধিকাৰী মফিদুৰ ৰহমানে জীৱনৰ সংশয় থকা সত্ত্বেও দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছিল। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'। গ্ৰীষ্মকালৰ তীব্ৰ ৰ'দ। এই তীব্ৰ ৰ'দ উপেক্ষা কৰি ৰাতিপুৱাৰ পৰাই গোটেই অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে-লোকাৰণ্য হ'বলৈ ধৰিলে। স্বতঃস্ফূর্তভাৱে ওলাই অহা হাজাৰ হাজাৰ, লাখ-লাখ ছাত্ৰ, যুৱক, কৃষক, শ্রমিক, শিক্ষিত-অশিক্ষিত লোকেৰে পৰিপূৰ্ণ বিশাল বিশাল গণ মিছিল। হাতত সৰু বৰ ফেষ্টুন, বেনাৰ, মূখত শ্লোগান- এক অভূতপূর্ব দৃশ্য। এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বিতাৰণ আন্দোলনৰ সভা সমাবেশ বা শোভাযাত্ৰাৰ বিশালতা স্বীকাৰ কৰিও ক'ব পাৰি যে ২৬ মে'ৰ সংখ্যালঘু আন্দোলনৰ গণ মিছিল আছিল অধিক বিশাল আৰু প্ৰতিবাদ মূখৰ। সকলোৱে শান্তিপূর্ণ ভাৱে শোভাযাত্রা কৰি গৈ সংশ্লিষ্ট বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি আন্দোলনৰ কাৰ্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল। কিন্তু অতি পৰিতাপৰ কথা যে বহু ঠাইত এই কাৰ্য্যসূচী বাধাগ্রস্থ হ'ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্ৰাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্ৰজাতীয়তাবাদী ব্যক্তি এচামৰ সৈতে এচাম হিংস্ৰ পুলিচ। তেওঁলোকৰ নিৰ্মম অত্যাচাৰৰ ফলত শোভাযাত্ৰাকাৰীৰ তেজেৰে ৰাজপথ ৰাঙলী হৈছিল। পুলিচৰ অপ্ৰৰোচিত গুলী চালনাৰ ফলত প্ৰাণহুতি দিছিল বহু কেইজন।
সেইদিনাখন আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনী চহৰত ৷ বিজনীৰ উত্তৰ ফালে আছে দেউকুৰা দলং। উত্তৰাঞ্চলৰপৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাইজ শোভাযাত্ৰা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্ৰৱেশপথ সহস্ৰ পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যথে- মধে গুলিয়াবলৈ ধৰিলে। এনে অপ্ৰৰোচিত গুলি চালনাৰ ফলত সেই ঠাইতে প্রাণ ত্যাগ কৰে অনিল নমদাস, গোপাল সাহা, নিৰ্মল সৰকাৰ, বজলউদ্দিন শেখ, বিশ্বজিত কুণ্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্ৰীমন্ত বৰ্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্ৰ আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পচাঁ পানীত জপিয়াই পৰি গুৰুতৰ ভাৱে আহত হয় শতাধিক প্ৰতিবাদকাৰী। বহু বছৰলৈ! বিজনী চহৰৰ দেউকুৰা দলঙৰ নাতিদূৰৰ এটা ছহীদ স্তম্ভত সেইদিনাখনৰ ভাষিক আৰু ধর্মীয় সংখ্যালঘুসকলৰ গণতান্ত্রিক সংগঠন আমছুৰ আন্দোলনৰ সাক্ষী হৈ খোদিত হৈ আছিল এই ছহীদসকলৰ নাম। জানিব পৰা মতে সম্প্ৰতি ছহীদ স্তম্ভটো সেই ঠাইৰ পৰা আঁতৰাই পেলোৱা হৈছে আৰু অন্য ঠাইত স্থাপনৰ প্ৰস্তুতি চলিছে। সেইদিনাখন আন্দোলনকাৰী আৰু পুলিচৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ শুভাযাত্ৰাৰ নেতৃত্ব লোৱা বিজনীৰ বৰেণ্য ব্যক্তি অধ্যাপক ধীৰেন্দ্ৰ বৰ্মনে গোপনে ৰাজ্য ত্যাগ কৰিবলৈ বাধ্য হৈছিল। একেদৰে ২৬ মে'ৰ প্ৰতিবাদ দিৱসৰ দিনা অভয়াপুৰীৰ লেংটিছিঙাত প্ৰতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নিৰ্বিচাৰে গুলী চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ ইপৰিও বহুলোক গুৰুতৰ ভাৱে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলী নামৰ জনৈক যুৱকৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেওঁ আজিও কর্মহীন এক পংগু ব্যক্তি হিচাপে জীৱনটোক টানি লৈ ভিক্ষা মাগি বাচে বাচে ঘূৰি ফুৰিছে।
এইখিনিতে উল্লেখ কৰিব পাৰি আব্দুছ ছাত্তৰ আৰু মাজম আলীক ৰাইজে গুৰুতৰ ভাবে আহত অৱস্থাত নাৱত তুলি আই নদীৰে ভটিয়াই গোৱালপাৰালৈ নিয়াৰ সময়ত নাৱৰ ওপৰতে আব্দুছ ছাত্তাৰৰ মৃত্যু হৈছিল। আনহাতে ভৰিৰ কলাফুলত গুলী লাগি অহত হোৱা কিশোৰ মিজানুৰ ৰহমানক পুলিচে চোচৰাই নি গাড়ীত দলিয়াই তুলি অভয়াপুৰীলৈ লৈ গৈছিল আৰু পিছদিনাখন যেতিয়া পুলিচে মিজানুৰ ৰহমানৰ মৃতদেহ ঘৰত দি থৈ গৈছিল, তেতিয়া দেখা গৈছিল তাৰ চকু উঘালি পেলোৱা হৈছে। কোনে স্বহীদ মিজানুৰৰ চকু উঘালিলে সেই ৰহস্য কেতিয়া উদঘাটন নহ'ল।
অকল বিজনী, লেংটিঙাতেই নহয় প্রায় গোটেই অসমতে ২৬ মে'ৰ প্ৰতিবাদ দিৱসৰ শোভাযাত্ৰাকাৰীৰ ওপৰত শাসক বাহিনীয়ে জপিয়াই পৰি নিৰ্বিচাৰে অত্যাচাৰ চলাইছিল । ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰূপহী, জুৰীয়া, কামৰূপ ইত্যাদিৰ কথা। ২৭ মে'ত জুৰীয়াত আবেলি পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্ৰ এজনক অতর্কিতে তহলদাৰী পুলিচে গুলিয়াই হত্যা কৰে। সেই সময়ত আমছুৰ অন্যতম সম্পাদক আব্দুল আজিজে জনাইছিল যে, নগাওঁ জিলাত ২৬ মে'ত প্ৰতিবাদ দিৱসৰ নেতৃত্ব লোৱাৰ বাবেই তেখেতক হেনো উগ্ৰজাতীয়তাবাদী কিছু যুৱক আৰু পুলিচে হেনস্থা কৰিবলৈ বিচাৰি ফুৰিছিল, যাৰ বাবে তেওঁ ভালেমান দিন আত্মগোপন কৰি থাকিবলগা হৈছিল। তথাপি ছাত্রনেতা আব্দুল আজিজে কিন্তু নিৰ্যাতনৰ পৰা ৰেহাই পোৱা নাছিল। পিছলৈ ১৯৮১ চনৰ ১ জানুৱাৰীত হাউলীত থকা আমছুৰ মুখ্য কাৰ্য্যালয়ৰ পৰা তেখেতক পুলিচে ধৰি নি অকথ্য নির্যাতন চলাইছিল। বিশেষ ভাৱে উল্লেখযোগ্য যে সেই সময়ত ৰমজান মাহৰ ৰোজা (উপবাস) চলি আছিল আৰু পুলিচে ৰোজাদাৰ (উপবাসী) আব্দুল আজিজক মাৰপিট কৰাৰ উপৰিও এশবাৰ উঠা-বহা কৰিবলৈ বাধ্য কৰিছিল। একেবাৰে কোকৰাঝাৰ, গোসাইগাওঁ আদি অঞ্চলত ২৬ মে'ত প্ৰতিবাদী জনতাৰ নেতৃত্ব বহন কৰা প্ৰয়াত এডভোকেট নৰেশ দাসক প্রশাসনে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিছিল ৷
যিয়েই নহওঁক এই ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইটা জীৱন হানি হলেও ইয়াৰ প্ৰভাৱ হৈ পৰিছিল সুদূৰপ্ৰসাৰী। কিয়নো অতদিনে বিদেশী বিতাৰণ আন্দোলনৰ প্ৰৱক্তাসকলৰ একপক্ষীয় প্ৰচাৰৰ ফলত অসমত বিদেশীৰ নামত সংখ্যালঘুপীড়নৰ দিশটোৱে কোনো গুৰুত্ব পোৱা নাছিল। কিন্তু সেইদিনাখন সন্ধিয়া বি.বি.চি লণ্ডনৰ পৰা ৰেডিঅ' যোগেও প্ৰচাৰ হ'ল যে অসমত বিদেশীৰ নামত চলা নিৰ্যাতনৰ কবলৰ পৰা উদ্ধাৰ পোৱাৰ বাবে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে আশীৰ ২৬ মে'ৰ জৰিয়তেই সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল।


বিঃদ্ৰঃ এই লেখাৰ তথ্যসমূহ বিশিষ্ট লেখক প্ৰয়াত তাজ উদ্দিন আহমেদৰ- অংকুৰৰ পৰা ২৬ মে'ৰ গণ আন্দোলনলৈ- শীৰ্ষক লেখাৰ পৰা সংগ্ৰহ কৰা হৈছে।


Wednesday, December 11, 2024

 


অংকুৰৰ পৰা ২৬ মে'ৰ গণ আন্দোলনলৈ

লেখক- প্ৰয়াত তাজ উদ্দিন আহমেদ






সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (AAMSU) ৰ জন্ম অসমৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনা। এই ছাত্র ইউনিয়নটো কাৰ দ্বাৰা কেনেকৈ কিয় জন্ম হৈছিল এই ঘটনা জনা বা নজনাকৈ ইয়াৰ জন্ম লগ্নৰ পৰা বৰ্তমানলৈ একাংশ দল, সংগঠন আৰু সংবাদ মাধ্যমে ‘অসম বিৰোধী ৰাজনৈতিক চক্ৰই ইয়াক সৃষ্টি কৰা বুলি অপপ্ৰচাৰ চলাই আহিছে, যাৰ বাবেই হয়তো বিজেপি, বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছ আদি হিন্দুত্ববাদী সংগঠনৰ লগতে সদৌ অসম ছাত্র সংস্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি তথাকথিত জাতীয় সংগঠনে ‘আমছুক বাংলাদেশীৰ ৰক্ষক বুলি উপলুঙা কৰে । ইয়াৰ উপৰিও আমছু গঠনৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সদস্য হৈ পিছলৈ ৰাজনৈতিক ক্ষেত্ৰত নেতৃত্ব লোৱা এচাম ব্যক্তিয়েও একে ধাৰণাকে পোষণ কৰা দেখা যায় ৷

অৱশ্যে এটা কথা ঠিক যে, জন্ম লগ্নত যিয়েই নহওঁক কিয় পৰৱৰ্তী পৰ্যায়ত আমছুৰ ৰাজনীতিকৰণৰ প্ৰক্ৰিয়া চলাটো সঁচা আৰু ইয়াৰ ভালেমান নেতা কর্মীয়ে বিশেষ বিশেষ ৰাজনৈতিক দল আৰু নেতাৰ ‘তপ্পী’বাহকৰ ভূমিকাত অৱতীৰ্ণও হৈছে। আমি সংগঠনটোৰ প্ৰাথমিক পৰ্য্যায়ৰ এজন উদ্যোক্তা তথা সংগঠক হিচাপে এই প্রতিবেদনৰ জৰিয়তে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ জ্ঞাতাৰ্থে ইয়াৰ গঠন প্ৰক্ৰিয়াৰ প্ৰাথমিক পটভূমি আৰু পৰিস্থিতি সম্পর্কে আলোচনা কৰিব খুজিছোঁ।

ওৱাকিবহাল মহলে জানে যে, আমছু গঠনৰ আঁৰত কোনো ৰাজনৈতিক অভিসন্ধি বা অভিলাষ নাছিল। নাছিল ইয়াৰ আঁৰত কোনো দীঘলীয়া পৰিকল্পনা। দৰাচলতে সংগঠনটোৰ জন্ম হৈছিল বিদেশী বিতাৰণ আন্দোলন হিংসাত্মক আক্ৰমণৰ পৰা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ আত্মৰক্ষাৰ তাগিদাত ইয়াৰ প্ৰাথমিক পৰ্য্যায়ৰ সংগঠনসকল কোনো মুধাফুটা ৰাজনীতিবিদ বা ধনাঢ্য সমাজপতি নাছিল। তেওঁলোক আছিল মাটি আৰু মানুহৰ সৈতে আত্মিক সম্পৰ্ক থকা একো গৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী আৰু ছাত্ৰ-যুৱক। এইখিনিতে আমাৰ মূল আলোচনালৈ যোৱাৰ আগতে এই ক্ষেত্ৰত প্ৰাসংগিক দুটিমান কথা উনুকিয়াব খুজিছোঁ । ভাৰতীয় জনতা দল (বি.জে.পি)ৰ ভিতৰত আটাইতকৈ উদাৰ আৰু নৰমপন্থী বুলি কথিত অটলবিহাৰী বাজপেয়ীয়ে ১৯৭৮ চনত মোৰাৰজী দেশাই মন্ত্ৰী সভাৰ বৈদেশীক মন্ত্ৰী হৈ থকা কালত সেই বছৰৰ ২৭ নৱেম্বৰত সংসদৰ মজিয়াত অভিযোগ কৰিছিল যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ ভোটাৰ তালিকাত ব্যাপক হাৰত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈ আছে। এই কথাই সেই সময়ত অসমৰ লগতে গোটেই দেশতে তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। আনহাতে ১৯৭৯ চনৰ ২৮ মাৰ্চত মঙ্গলদৈ লোকসভা সমষ্টিৰ তদানিন্তন সাংসদ লাংলদ হীৰালাল পাটোৱাৰীৰ আকস্মিক মৃত্যু হৈছিল। ইয়াৰ ফলত সেই বছৰৰ শেষৰ ফালে উক্ত লোকসভা সমষ্টিত উপ-নির্বাচন পতাৰ বাবে নির্বাচন আয়োগে এপ্ৰিল মাহৰ পৰা ভোটাৰ তালিকা সংশোধনীৰ কাম আৰম্ভ কৰিছিল। তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই বৈদেশিক মন্ত্ৰী বাজপেয়ীৰ অভিযোগৰ আঁত ধৰি ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰিবলৈ দাবী তুলিছিল। আৰু নিৰ্বাচন আয়োগেও এই দাবী মানি লৈ মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰায় ৪৬ হাজাৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বাবে জাননী জাৰি কৰিছিল। ইয়াৰ পাছত বাকী ১৩ টা লোকসভা সমষ্টিতো একেই অভিযোগ বিয়পি পৰিছিল আৰু এনেকৈয়ে গোটেই অসমত আৰম্ভ হৈছিল বিদেশী বিতাৰণ আন্দোলন। ইয়াৰ পাছত সেই বছৰৰে ২৭ আগষ্টত গুৱাহাটীত অনুষ্ঠিত সর্বদলীয় সভাত গঠিত ‘গণ সংগ্ৰাম পৰিষদেও’ ছাত্ৰ সন্থা বা আছুৰ সৈতে আন্দোলনত জপিয়াই পৰিছিল। ইয়াৰ ফলত অসমৰ বিভিন্ন ঠাইত আন্দোলনৰ কৰ্মী বা সমর্থকৰ দ্বাৰা আৰম্ভ হৈছিল বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় সংখ্যালঘুৰ ওপৰত অমানুষিক নির্যাতন। ইফালে নির্বাচন আয়োগৰ পক্ষপাতিত্বমূলক ভূমিকা আৰু তদানিন্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আন্দোলনকীৰৰ হিংসাত্মক আক্ৰমণৰ কৱলৰ পৰা ভাৰতীয় সংখ্যালঘু নাগৰিকক নিৰাপত্তা নিদিয়াৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰৰ ভিতৰচৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু দুগৰাকী কেবিনেট মন্ত্রী আবুল ফজল গোলাম ওচমানী আৰু জেহেৰুল ইছলামে মন্ত্ৰীত্ব ত্যাগ কৰি বিদেশী অভিযোগেৰে আক্ৰান্ত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নাগৰিকৰ পক্ষত গৈ থিয় দিছিল। যিমান দূৰ মনত পৰে সেই বছৰ আগষ্ট মাহৰ শেষৰ ফালে পূর্বাঞ্চল লোক পৰিষদৰ চৰম জাতীয়তাবাদী নেতা প্রয়াত নিবাৰণ বৰাই নামনি অসমৰ হাউলীৰ এক বিশাল ৰজহুৱা সভাত উপস্থিত হৈ তীব্র উত্তেজনামূলক ভাষণ দিছিল। তেওঁ কৈছিল— ‘পূর্ববংগ বা বাংলাদেশৰ পৰা অহা বঙালী হিন্দু আৰু মুছলমানহঁতে এসময়ত আলহী খাবলৈ ইয়ালৈ আহিছিল, এতিয়া আলহী খোৱা শেষ হৈছে, গতিকে তেওঁলোকে অসম এৰি ঘৰাঘৰি যাব লাগে'। প্রয়াত বৰাই সংখ্যালঘুসকলক খেদি তেওঁলোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, সা-সম্পত্তি ইত্যাদি দখল কৰাৰ ভাবুকিও দিছিল। লগে লগে তীব্র কোলাহল আৰু হাত চাপৰিৰে ৰজনজনাই উঠিছিল চৌপাশ।

যিয়েই নহওঁক আন্দোলনকাৰীসকলে বিদেশীৰ নামত ভাৰতীয়ৰ ওপৰত কৰা এনে নিৰ্যাতন আৰু ভাবুকি প্ৰত্যক্ষ কৰি অধিকাংশ সংখ্যালঘু বুদ্ধিজীৱী আৰু চিন্তাবিদ শংকিত হৈ পৰিছিল। এই অৱস্থাৰ নিৰসন বিচাৰি সেই বছৰৰ ৭ চেপ্তেম্বৰত গুৱাহাটীৰ নৰ্থ-ইষ্টার্ণ হোটেলত সংখ্যালঘু চিন্তাবিদসকলৰ এটি তেনেই সৰু তথা অনুষ্টুপীয়া বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকটোত অংশ গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজত উল্লেখযোগ্য আছিল . . সাপ্তাহিক মুজাহিদৰ তদানিন্তন সম্পাদক প্ৰয়াত ক্ৰোমত আলী, গুৱাহাটী সদৰ কাজী প্রয়াত ছৈয়দ আব্দুল বাছিদ, উল্লেখিত হোটেলৰ মালিক প্রয়াত মজহাৰুল লতিফ, এই প্ৰৱন্ধকাৰ (তাজউদ্দিন আহমেদ) হাউলিৰ বিশিষ্ট সমাজকর্মী বোৰহান আলী আহমেদ আৰু তেতিয়াৰ জাতীয়তাবাদী দলৰ নেতা ডঃ নেছাৰ আহমেদ ইত্যাদি। বৈঠকত বিদেশী = বিতাৰণ আন্দোলনৰ হিংস্ৰ হাতোৰাৰ পৰা ভাৰতীয় সংখ্যালঘুসকলৰ নাগৰিকত্বৰ অধিকাৰ আৰু জীৱন-সম্পত্তি ৰক্ষাৰ বাবে এটি সাংগঠনিক কাঠামোৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছিল। য'ত ধৰ্মীয় সংখ্যালঘুৰ উপৰিও ভাষিক আৰু জাতিগত সংখ্যালঘুও চামিল হ’ব পাৰে। অৱশ্যে এই বৈঠকৰ কথাখিনি ভাৱ বিনিময়ৰ পৰ্যায়তে ৰৈ গৈছিল ৷ ইয়াক আৰু আগুৱাই নিব পৰা হোৱা নাছিল ।



ইয়াৰ এক সপ্তাহ পাছতেই আহে সেই দিন, যিটো দিনক কেন্দ্ৰ কৰি অসমত সংখ্যালঘু আন্দোলনৰ বীজ ৰোপন কৰা হৈছিল। ১৫ চেপ্তেম্বৰ। সেই দিনাখন আবেলি উজনিৰ লক্ষীমপুৰ অঞ্চলৰ পৰা আন্দোলনকাৰীয়ে ঘৰ-দুৱাৰ জ্বলাই খেদি পঠোৱা প্ৰায় ষাঠি জনীয় মুছলমান মানুহৰ এটি হাউলী চাৰিআলি চ’কত আহি উপস্থিত হৈছিল। উদ্দেশ্য, পূর্বত তেওঁলোক এই অঞ্চলৰ বাসিন্দা আছিল হেতুকে আত্মীয় স্বজনৰ ওচৰত আশ্ৰয় বিচৰা। কিন্তু স্থানীয় আন্দোলনকাৰীয়ে এই ঠাইতো তেওঁলোকক বিদেশী বা বাংলাদেশী বুলি নিৰ্যাতন কৰিবলৈ ধৰিছিল আৰু মানুহখিনিক থানালৈ খেদি নি বাংলাদেশলৈ খেদি পঠিয়াবলৈ পুলিচৰ ওচৰত দাবী কৰি নিজৰ ভেটিৰ পৰা উচ্ছেদ হৈ অনাহাৰে-অনিদ্ৰাৰে আশ্ৰয় বিচাৰি অহা মানুহখিনিৰ এই দুৰ্দশা দেখি অঞ্চলটোৰ সচেতন নাগৰিক, বুদ্ধিজীৱী, সমাজকৰ্মী আৰু ছাত্ৰ-যুৱকৰ সৈতে সাধাৰণ মানুহো বিক্ষুদ্ধ হৈ পৰিছিল আৰু কেইবাশ মানুহে থানা ঘেৰাও কৰি আটক কৰা মানুহখিনিক মুক্তি দিবলৈ দাবী জনাইছিল। অৱশেষত পুলিচে এই দাবী মানি ল'বলৈ বাধ্য হৈছিল।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ১৭ চেপ্তেম্বৰ তাৰিখে হিলাপাকুৰী হাই মাদ্ৰাছা প্রাঙ্গণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত ধর্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্রদায়ৰ সহস্রাধিক লোকে অংশগ্ৰহণ কৰে। হাউলীৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকর্মী প্রয়াত ৰামচন্দ্ৰ সাহাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত খন্দকাৰপাৰাৰ বয়োজেষ্ঠ নাগৰিক আব্দুল ৰহমানক সভাপতি আৰু প্ৰয়াত ছাত্ৰ নেতা আলী আকবৰক সাধাৰণ সম্পাদক হিচাপে লৈ ‘সংখ্যালঘু সমাজ কল্যাণ পৰিষদ' নামেৰে এটি অৰাজনৈতিক সংস্থা গঠন কৰা হয়। এই সংস্থাৰ হকে উক্ত ৰাজহুৱা সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে, ইন্দিৰা-মুজিব চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চ ভিত্তি কৰি বিদেশী নাগৰিক চিনাক্তকৰণ কৰা হওঁক আৰু বিদেশীৰ নামত সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰা হওঁক৷৷ সংখ্যালঘু সমাজ কল্যাণ পৰিষদ নামৰ এই সংগঠনটোকেই ৭ চেপ্তেম্বৰত গুৱাহাটীৰ নৰ্থ-ইষ্টৰ্ণ হোটেলৰ বৈঠকত দেখা সপোনৰ দিঠক ৰূপ বুলি ক'ব পাৰি। লগতে ক'ব পাৰি যে, দেশ বিভাজনৰ তিক্ততাৰে মেৰুকৰণ হোৱা ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ সর্বপ্রথম উমৈহতীয়া সাংগঠনিক মঞ্চ এইটোৱেই, আৰু সংগঠনেই হ'ল অসমত সংখ্যালঘু আন্দোলনৰ প্ৰথম অংকুৰ। এই অংকুৰ গজোৱাত যিসকলে সক্রিয় সহযোগ কৰিছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ'ল, ইছমাইল হুছেইন (প্রাক্তন সাংসদ, বৰপেটা), প্রয়াত তমিজ উদ্দিন আহমেদ (এডভোকেট), আব্দুল জলিল তালুকদাৰ (জনীয়া), প্ৰয়াত জহুৰুদ্দিন শিকদাৰ, অক্ষয় কুমাৰ ঘোষ, শ্রীবিশ্বনাথ মুন্সী, প্রয়াত নীৰেন্দ্ৰ নাথ শীল ইত্যাদি। যিয়েই নকওঁক এই সংগঠনক কেন্দ্ৰ কৰিয়ে গোটেই অসমত সংখ্যালঘু আন্দোলনৰ ভেটি সৃষ্টি হৈছিল। সেই সময়ত সকলোৰে ধাৰণা আছিল যে বিৰাট শক্তিশালী অসম আন্দোলনৰ বিৰোধিতা

কৰা কাৰোপক্ষে সম্ভৱ নহয়। কিন্তু সেই ধাৰণাক চেৰ পেলাই এনে প্ৰতিবাদী সংগঠনৰ জন্ম হোৱা দেখি চাৰিওফালে আলোড়ন সৃষ্টি হোৱাটো স্বাভাৱিক। সেই সময়ত অসমত দুৰদৰ্শন নাছিল, নাছিল আজৰি দৰে বহুকেইখন সংবাদ পত্রও। যি কেইখন আছিল সেয়াও আন্দোলনৰ অন্ধ সমর্থক, ক'বলৈ গ'লে মুখপত্ৰৰ দৰে। একাংশ সংবাদ পত্ৰই প্ৰচাৰ কৰি দিলে যে নামনি অসমৰ হাউলীত একাংশ বিদেশী নাগৰিকে পাকিস্তানৰ পতাকা উৰুৱাইছে আৰু বাংলাদেশ আৰু পাকিস্থানৰ পৰা অহা সাম্প্ৰদায়িক নেতাৰ উপস্থিতিত ৰাজহুৱা সভা পাতি এটা অসম বিৰোধী সংগঠনৰ জন্ম দিছে। এনে প্ৰচাৰত পুলিচ প্ৰশাসনো সচকিত হৈ পৰিছিল আৰু সেই বাবেই ডি আই জি এগৰাকীৰ নেতৃত্বত এটা সহস্র বাহিনী গুৱাহাটীৰ পৰা হাউলীলৈ আহিছিল হিলাপাকুৰীৰ ৰাজহুৱা সভাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰিবলৈ।

কিন্তু তদন্তৰ শেষত প্ৰকৃত সত্য অৱগত হৈ তেওঁলোক উভতি গৈছিল। এই দৰে প্ৰথম অৱস্থাত সংখ্যালঘু নেতাসকল পুলিচৰ হাতৰ পৰা ৰেহাই পালেও সংবাদ পত্ৰত মিছা প্ৰচাৰৰ ফলত তেওঁলোকৰ নিৰাপত্তা বিপন্ন হৈ পৰিছিল, যাৰ বাবে তেওঁলোকে লুকাই- চুৰকৈ, খোজকাঢ়ি নাইবা চাইকেল চলাই সংগঠনৰ কাম কৰিব লগা হৈছিল।

এনেকৈ কিছুদিন চলাৰ পাছত সংখ্যালঘু বুদ্ধিজীবী তথা চিন্তাবিদসকলে উপলব্ধি কৰিলে, সংখ্যালঘু আন্দোলনক গতিশীল কৰিবলৈ হ'লে ইয়াক ছাত্র আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। সেই উদ্দেশ্যে অক্টোৱৰ মাহৰ মাজ ভাগত খন্দকাৰপাৰাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত ছাত্রনেতা ফ্ৰমান আলীক সভাপতি আৰু মফিজ উদ্দিন খানক সম্পাদক হিচাপে লৈ হাউলী আঞ্চলিক সংখ্যালঘু ছাত্র ইউনিয়ন গঠন কৰা হয়। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোক তেতিয়াৰ অবিভক্ত কামৰূপ জিলাত বিয়পাই দিয়াৰ বাবে অবিৰাম অভিযান চলোৱা হয় আৰু ইয়াৰ বাবে শতাধিক চাইকেল আৰোহীৰ দহ দিনীয়া এক চাইকেল যাত্ৰাৰো আয়োজন কৰা হয়। অৱশেষত ১৯৮০ চনৰ ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে তাৰাবাৰীৰ ওচৰত খলিচাবাৰী চৰত মুকলি আকাশৰ তলত পূৰ্ণাঙ্গ ৰূপত কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়ন গঠিত হয়। লিয়াকত আলী খানক সভাপতি আৰু মকবুল হুছেইন খানক সাধাৰণ সম্পাদক নিৰ্বাচিত কৰা জিলা ইউনিয়নত উল্লেখযোগ্য কেইজনমান কাৰ্য্যনিৰ্বাহক সদস্য আছিল সমীৰ খান, শেখ আব্দুল হামিদ, হৰিপদ ৰায়, নীলমোহন ৰায়, ৰমতুল্লাহ চৌধুৰী, নুৰ আলম ইত্যাদি।

ইফালে বিভিন্ন অঞ্চলত বিদেশীৰ নামত সংখ্যালঘু নিপীড়নৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছিল। এনে অৱস্থাত নৱ গঠিত কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন ফালৰ পৰা সৰ্ব প্ৰথম নতুন দিল্লীলৈ এটি সজাতি দল পঠোৱা হৈছিল। এই সজাতি দলে ১৯৮০ চনৰ ১৭, ১৮, ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীলৈ দিল্লীত অৱস্থান কৰি বিদেশীৰ নামত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছিল। দলটোৰ মূখপাত্র আছিল কলগাছিয়া নৱজ্যোতি কলেজৰ উপাধ্যক্ষ এম মোজাম্মেল হুছেইন আৰু সমদ্যসকল ক্ৰমে কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ সভাপতি আৰু সম্পাদক ক্ৰমে লিয়াকত আলী খান, মকবুল হুছেইন আৰু সদস্য আছিল সমীৰ খান, হৰিপদ ৰায়, আব্দুল কায়ুম, ইছমাইল হুছেইন, দুলাল দেৱনাথ, মজাহাৰ আলী ইত্যাদি।

সেই সময়ত অবিভক্ত কামৰূপ জিলাৰ চাউলখোৱা, মুকালমুৱা, কাচিমপুৰ নেউলাৰ ভিটা ইত্যাদি ঠাইত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ঘৰ-দুৱাৰ আন্দোলনকাৰীয়ে নিৰ্বিচাৰে জ্বলাই দিছিল আৰু নিৰ্মম ভাৱে হত্যা কৰিছিল নাৰী, শিশু, বৃদ্ধ সমন্বিতে বহুজনক।



এনে পৰিস্থিতিত ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভাৰ সাধাৰণ নিৰ্বাচন ঘোষণা কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ হুকুম দিছিল। কিন্তু আন্দোলনকাৰীসকলে বিদেশী বহিস্কাৰ নোহোৱালৈকে অসমত নির্বাচন অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি ভাবুকি দিছিল। এই ভাবুকিত সেও মানি গোটেই অসমতে কোনো প্রার্থীয়ে মনোনয়নপত্র দাখিল কৰিবলৈ সাহস কৰা নাছিল। কিন্তু বৰপেটা সমষ্টিত অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত আতাউৰ ৰহমানে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু তেওঁৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী বেগম আবিদা আহমেদে ১০ জানুৱাৰী ১৯৮০ ইং তাৰিখে ইন্দিৰা কংগ্ৰেছৰ প্রার্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল। সেইদিনা খন তেওঁ মনোনয়ন পত্র দাখিল কৰিবলৈ গুৱাহাটীৰ পৰা বৰপেটালৈ আহোতে ভৱানীপুৰত এদন আন্দোলনকাৰীয়ে বাধা প্ৰদান কৰিছিল আৰু তাত পুলিচৰ প্ৰহাৰত খৰ্গেশ্বৰ তালুকদাৰ নামৰ যুৱক এগৰাকী শোকাবহভাৱে মৃত্যুমুখত পৰিছিল। স্বৰ্গীয় তালুকদাৰ অসম আন্দোলনৰ প্ৰথম গৰাকী শহীদ হিচাপে অভিহিত হয়। পিছত বেগম আবিদা আহমেদৰ মনোনয়ন পত্ৰ বাতিল হৈছিল আৰু ৰাইজৰ হেঁচাত আতাউৰ ৰহমানে নিজেই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি লৈছিল। এনেকৈয়ে ১৯৮০ চনৰ আৰম্ভণিতে অসমৰ ১৪ জন সাংসদৰ প্ৰতিনিধিত্ব আবহনেই কেন্দ্ৰত প্রয়াত প্রধানমন্ত্ৰী ইন্দিৰাগান্ধী নেতৃত্বাধীন কংগ্ৰেছ (ই) চৰকাৰ গঠন হৈছিল।

যিয়েইনহওঁক এনে এক অগ্নিগর্ভা পৰিস্থিতিৰ মাজেদিয়েই সংখ্যালঘু আন্দোলনৰ সংগঠনসকলে ঠাই বিশেষে গোপনে অথবা প্রকাশ্যে জিলায় জিলায় অঞ্চলে অঞ্চলে সংখ্যালঘু ছাত্র ইউনিয়নক সম্প্ৰসাৰিত কৰাৰ কাম চলাই গৈছিল আৰু সদৌ অসম ভিত্তিত ইয়াক গঢ় দিয়াৰ উদ্দেশ্যে ২৮, ২৯ আৰু ৩০ মার্চ ১৯৮০ ইংৰাজীত অবিভক্ত গোৱালপাৰা জিলাৰ জলেশ্বৰত এক পূৰ্ণাঙ্গ ৰাজ্য ভিত্তিক অধিৱেশনৰ আয়োজন কৰা হৈছিল। নকলেও হ'ব যে সেই অধিৱেশনতে পূর্ণাঙ্গ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ জন্ম হৈছিল।



ত দিন জলেশ্বৰ অধিৱেশন ছাদে কামৰূপ জিলা সংখ্যালঘু ছাত্র ইউনিয়ন গঠনৰ পাছতেই ইয়াৰ উদ্যোক্তা আৰু নেতাসকলে গোটেই অসমৰ সংখ্যালঘু অঞ্চলবোৰত জিলা, মহকুমা আৰু আঞ্চলিক পৰ্য্যায়ত ইয়াৰ শাখা গঠন কৰিবলৈ অবিৰাম প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছিল। অৱশ্যে নিৰীপত্তাৰ খাতিৰত এনে প্ৰচাৰ আন্দোলনকাৰী সংগঠন আৰু পুলিচৰ নজৰ এৰাই সংগোপনে কৰিবলগীয়া হৈছিল। বিভিন্ন ঠাইত অতি ক্ষিপ্ৰতাৰে শাখা সংগঠন গঠন হ’বলৈ আৰম্ভ কৰিছিল। এনেকৈয়ে ১৯৭৯ চনৰ ১৭ নৱেম্বৰত জলেশ্বৰত দক্ষিন গোৱালপাৰা সংখ্যালঘু ছাত্র ইউনিয়ন গঠন হৈছিল। এই ইউনিয়নৰ উদ্যোগত ১৯৮০ চনৰ ১ লা জানুৱাৰীত জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রঙ্গণত এক বিশাল জনসভা অনুষ্ঠিত হয় আৰু এই সভাতে বিশদভাৱে আলোচনা কৰি অসমৰ বিভিন্ন ঠাইত গঠন হোৱা ক্ষুদ্র ক্ষুদ্র সংখ্যালঘু ছাত্র সংগঠনসমূহক একগোট কৰি অসম ভিত্তিত এটা শক্তিশালী সংগঠন সৃষ্টিৰ সিদ্ধান্ত লোৱা হয়। এই উদ্দেশ্যে ২৮ ফেব্ৰুৱাৰীত জলেশ্বৰতে উক্ত অভিৱৰ্তন পতাৰ সিদ্ধান্ত লৈ স্থানীয় সর্বজন শ্রদ্ধেয় সমাজকর্মী হাজী ৰইজ উদ্দিন আহমেদক সভাপতি হিচাপে লৈ ৩১ জনীয়া এটি অভ্যর্থনা সমিতি গঠন কৰা হয়। সমিতিৰ কেইজনমান উল্লেখযোগ্য সদস্যসকল আছিল, উপ সভাপতি ক্ৰমে শ্রীনগেন্দ্ৰ কৰ্মকাৰ, মৌলবী আজিম উদ্দিন, হাজী শুকুৰ আলী। সাধাৰণ সম্পাদক ও ধনভঁৰালী মুহাম্মদ আতাউৰ ৰহমান সম্পাদক মজিবৰ ৰহমান, হু (পীৰবাৰী)। সম্পাদক আজিজুৰ ৰহমান, ছফিউৰ ৰহমান, শামচুল হক মোল্লা, যুটিয়া হুৰমুজ আলী, শামচুল হক, মহছিন আলী, জাহাঙ্গীৰ আলম, ফকৰ উদ্দিন আদি ৷ এই অধিৱেশনৰ বাবে পুঁজি সংগ্রহ, প্ৰচাৰ তথা মুখপত্ৰৰ দায়িত্ব দিয়া হৈছিল এডভোকেট মোকছেদ আলী আৰু মহম্মদ আলীক। কিন্তু নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পুঁজি সংগ্ৰহ আৰু প্ৰচাৰকাৰ্য্য আশানুৰূপ নোহোৱাত ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অভ্যর্থনা সভাত এই অধিৱেশন এমাহলৈ পিছুৱাই নি ২৮, ২৯, আৰু ৩০ মাৰ্চত অনুষ্ঠিত কৰিৱলৈ চুৰান্ত সিদ্ধান্ত লোৱা হয়। কোনো বাহুল্য সেই সময়ত জলেশ্বৰৰ দৰে ভিতৰুৱা অঞ্চলত প্রফেশনাল টেন্ট হাউচ বা ডেকাৰেটৰ্চৰ ব্যৱস্থা নাছিল। সেইবাবেই ১৫ মাৰ্চৰ পৰাই ৰাইজ আৰু স্বেচ্ছাসেৱক সকলে দিনে-ৰাতি স্বেচ্ছা শ্ৰমেৰে তোৰণ, পেণ্ডেল, লাইট, প্রতিনিধি শিবিৰ, ৰন্ধনশালা, ভোজনশালা ইত্যাদি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ইয়াৰ পাছত ২৭ মাৰ্চৰ পৰা অসমৰ দূৰ-দূৰণিৰ পৰা আহিবলৈ লৈছিল অধিৱেশনৰ প্ৰতিনিধি আৰু কেইবা হাজাৰ ৰাইজৰ উপস্থিতিত এডভোকেট মোকছেদ আলীয়ে প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰিছিল। চোে কৰিছিল। উল্লেখযোগ্য যে ২৮ আৰু ২৯ মার্চ দুয়োদিনৰ প্ৰতিনিধি সভাত তেঁৱেই সভাপতিত্ব

অধিৱেশনৰ পতাকা উত্তোলন কৰে। সেইদিনা আবেলি ৩.৩০ বজালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আৰু সহস্ৰাধিক প্রতিনিধি অধিৱেশন থলীলৈ আহি উপস্থিত হয়। আবেলিৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভাত বিস্তৃত আলাপ-আলোচনাৰ ভিত্তিত গভীৰ ৰাতি ১.২০ বজাত সৰ্বসন্মত সিদ্ধান্ত ভিত্তিত জন্ম দিয়া হয় সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) আৰু সদৌ অসম সংখ্যালঘু যুৱ পৰিষদ। আমছুৰ সভাপতি হিচাপে আব্দুল হাই নাগৰি আৰু সাধাৰণ সম্পাদক হিচাপে আজগৰ আলী আহমেদক নিৰ্বাচিত কৰা হয়। ইয়াৰ লগতে সংখ্যালঘু যুৱ পৰিষদৰ সভাপতি হিচাপে এডভোকেট ছুতজামাল আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় লাহোৰ আলী ফাৰুকী। আমছুৰ কাৰ্য্যনির্বাহক সমিতিত ৪৯ আৰু যুৱ পৰিষদৰ কাৰ্য্যনিৰ্বাহকত ৩৫ জন সদস্য অন্তৰ্ভূক্ত কৰা হয় ৷

এই অধিৱেশনতে আমছু আৰু যুৱ পৰিষদৰ সংবিধান আৰু অধিৱেশনৰ প্রস্তাবাবলীৰ খচৰা প্ৰস্তুত কৰিবলৈ নিম্নলিখিত সদস্যসকললৈ এখন খচৰা সমিতি গঠন কৰা হয়।

(১) প্রতিনিধি সভাৰ সভাপতি, এডভোকেট মোকছেদ আলী (২) আমছুৰ সভাপতি আব্দুল হাই নাগবি (৩) আমছুৰ সাধাৰণ সম্পাদক আজগৰ আলী আহমেদ (৪) আমছুৰ সম্পাদক আব্দুল আজিজ (৫) আমছুৰ সম্পাদক ইন্দ্ৰবাহাদুৰ ছেত্রী (৬) যুৱ পৰিষদৰ সভাপতি এডভোকেট চুৰতজামাল (৭) যুৱ পৰিষদৰ সাধাৰণ সম্পাদক লাহোৰ আলী ফাৰুকী, (৮) আনোৱাৰ হোছেন (চাপৰ) (৯) অধিৱেশনৰ সাধাৰণ সম্পাদক মোঃ আতাউর বহমান (১০) অধিৱেশনৰ আহব্বায়ক হুৰমুজ আলী (১১) যুৱ পৰিষদৰ সম্পাদক দুলাল চন্দ্ৰ বসাক।

৩০ মাৰ্চ ৰাতিপুৱা ১০.৩০ বজাত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাৰ শেষত এখন বৈঠকত সংবিধান আৰু প্ৰস্তাৱাৱলীৰ খচৰা পাঠ কৰা হয় আৰু যথেষ্ট আলাপ- আলোচনাৰ শেষত আৱশ্যকীয় সংশোধনীৰে এই খচৰা গ্ৰহণ কৰা হয়।

সদৌ শেষত সেইদিনাখন আবেলি লক্ষাধিক ৰাইজ, ১৪ গৰাকী মন্ত্ৰী বিধায়ক আৰু বহু সংখ্যক বুদ্ধিজীৱী, সমাজকৰ্মী আদিৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে প্রক্তন মন্ত্ৰী তথা বিধায়ক আফজালুৰ ৰহমানে। এই সভাতো আমছুৰ সংবিধান আৰু প্ৰতিনিধি সভাৰ প্ৰস্তাৱাৱলী পাঠ কৰা হয় আৰু জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি আৰু হৰ্ষধ্বনিৰে সেইবোৰ গৃহিত হয়। অৱশেষত অভ্যর্থনা সমিতিৰ সভাপতিৰ শলাগৰ শৰাই আৰু ধন্যবাদেৰে অধিৱেশন সমাপ্ত কৰা হয়। এইদৰেই জলেশ্বৰৰ বালিচৰৰ পৰা আৰম্ভ হয় অসমত সংখ্যালঘু আন্দোলনৰ অবিৰাম যাত্ৰা ।

জলেশ্বৰ অধিৱেশনত গঠন হোৱা সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু আৰু সদৌ অসম সংখ্যালঘু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যসকলৰ তালিকাঃ আমছুৰ কেন্দ্ৰীয় সাধাৰণ ইউনিয়ন

(১) আব্দুল হাই নাগৰি সভাপতি, (২) শ্ৰীগুৰুদাস ৰায়, সদস্য, (৩) শ্রী বিমল মণ্ডল, সদস্য (৪) আমিনুল আহমেদ সদস্য (৫) আব্দুৰ ৰহিম মণ্ডল সদস্য, (৬) গফুৰ আলী আহমেদ (৭) আসান আলী, সদস্য (৮) বাদশা আলী আহমেদ, সদস্য (৯) জুলফিকৰ হায়দাৰ আলী, সদস্য (১০) শ্ৰী মৃনাল ৰায়, সদস্য (১১) শ্ৰী অলক ৰায়, সদস্য (১২) মহঃ তোৰাব আলী, সদস্য (১৩) শ্রী গৌৰা শংকৰ গিৰি, সদস্য (১৪) আব্দুল হাকিম, সদস্য (১৫) শিৰাজ উদ্দিন খান, সদস্য (১৬) সুভাষ ঘোষ, সদস্য (১৭) শ্ৰী নাৰায়ন ৰয়, সদস্য (১৮) শ্রী নিতু বিশ্বাস, সদস্য (১৯) শ্রী সুভাষ পাল, সদস্য (২০) শ্ৰী দুলাল ৰায়, সদস্য (২১) লিয়াকত আলী খান, সদস্য (২২) মকবুল হুছেইন খান, সদস্য (২৩) মিজানুৰ ৰহমান, সদস্য (২৪) সমতুল্লাহ চৌধুৰী, সদস্য (২৫) দিলদাৰ ৰেজা, সদস্য (২৬) মফিজউদ্দিন আহমেদ খান, সদস্য (২৭) নুৰুল হক, সদস্য (২৮) মুক্তাৰ হোছেন খান, সদস্য (২৯) ছৈয়দ আলী শিকদাৰ, সদস্য (৩০) মোমেৰ আলী আহমেদ, সদস্য (৩১) আবুল বাসাৰ, সদস্য (৩২) আবুল হোছেন, সদস্য (৩৩) শ্রীহৰিপদ ৰায়, সদস্য (৩৪)আজগৰ আলী আহমেদ, সাধাৰণ সম্পাদক (৩৫) সমৰেন্দ্ৰ সৰকাৰ, সদস্য (৩৬) হজৰত আলী, সদস্য (৩৭) ৰুকন উদ্দিন খান, সদস্য (৩৮) লুৎফৰ ৰহমান, সদস্য (৩৯) আনোৱাৰ হুথেইন, সদস্য (৪০) শ্রী অনিল চন্দ্ৰ ঘোষ, সদস্য (৪১) আবুল কালাম আজাদ, সদস্য (৪২) ছাহজাহান আলী, সদস্য (৪৩) নকীৰ উদ্দিন, সদস্য (৪৪) আব্দুল ছামাদ, সদস্য (৪৫) আমিন হেলাল উদ্দিন, সদস্য (৪৬) মজিবৰ ৰহমান চৌধুৰী, সদস্য (৪৭) মগৰৱ আলী, সদস্য (৪৮) শ্ৰী ভৱেন চন্দ্ৰ সৰকাৰ, সদস্য (৪৯) হাফিজুৰ ৰহমান, সদস্য (৫০) দানেছ আলী আহমেদ, সদস্য (৫১) আলফাজুদ্দিন আহমেদ, সদস্য (৫২) ছামছুল আলম, সদস্য (৫৩) ইব্রাহিম আলী, সদস্য (৫৪) পিঞ্জিৰ আলী আহমেদ, সদস্য (৫৫) শ্রী দুলাল চন্দ্র দেবনাথ, সদস্য (৫৬) শ্রীলক্ষণ কুমাৰ প্ৰধান, সদস্য (৫৭) ছফিকুল ইছলাম শ‍ইকীয়া (কণ), সদস্য (৫৮) মজিবৰ ৰহমান, সদস্য (৫৯) সহিদুল ইছলাম, সদস্য (৬০) আব্দুল লতিফ, সদস্য (৬১) ৱাজুৰ ৰহমান, সদস্য (৬২) নুৰ ইছলাম, সদস্য (৬৩) ছানোৱাৰ হুছেইন, সদস্য (৬৪) আতোৱাৰ ৰহমান, সদস্য (৬৫) গাফ্ফাৰ খান, সদস্য (৬৬) শওকৎ হুছেইন হাজৰিকা, সদস্য (৬৭) গোলাম জামাল, সদস্য (৬৮) আলী আকবৰ, সদস্য (৬৯) ৰহিজ জামাল, সদস্য (৭০) শ্রীমদন মোহন পাল, সদস্য (৭১) মোবাৰক হোসেন আহমেদ, সদস্য (৭২) আব্দুল মিঞা, সদস্য (৭৩) আব্দুল হাই মণ্ডল, সদস্য (৭৪) আব্দুল বাৰেক, সদস্য (৭৫) ছামচুল হুদা, সদস্য (৭৬) মহঃ সহৰ আলী ভূঞা, সদস্য (৭৭) শ্রী চন্দন কুমাৰ সৰকাৰ, সদস্য (৭৮) আব্দুল হাই মিঞা, সদস্য (৭৯) কুদৰত আলী আদমেদ, সদস্য (৮০) ছামাদ আলী, সদস্য (৮১) জামাল উদ্দিন, সদস্য (৮২) মজিবৰ ৰহমান, সদস্য (৮৩) মকবুল হোসেন, সদস্য (৮৪) আবু বক্কাৰ ছিদ্দিক, সদস্য (৮৫) মনোৱাৰ হুছেইন, সদস্য (৮৬) নূৰুল ইছলাম, সদস্য (৮৭) নূৰুল ইছলাম আনাচাৰী, সদস্য (৮৮) মজিবৰ ৰহমান, সদস্য (৮৯) আতোৱাৰ ৰহমান, সদস্য (৯০) হুৰমুজ আলী , সদস্য (৯১) লিয়াক‍ আলী, সদস্য (৯২) আব্দুল মতিন, সদস্য (৯৩) আব্দুল ৱাহিদ, সদস্য (৯৪) খন্দকাৰ দেলোৱাৰ হুছেন, সদস্য (৯৫) খলিলুৰ ৰহমান, সদস্য (৯৬) হায়দ আলী, সদস্য (৯৭) মতলিব উদ্দিন আহমেদ, সদস্য (৯৮) আমিনুল হক, সদস্য (৯৯) সাহাব উদ্দিন আহমেদ, সদস্য (১০০) শ্যামল ঘোষ, সদস্য (১০১) আমিনুল ইছলাম, সদস্য (১০২) আব্দুল আজিজ, সদস্য (১০৩) আবুল হোছেন, সদস্য (১০৪) আব্দুছ ছামাদ, সদস্য (১০৫) নুৰুল ইছলাম, সদস্য (১০৬) ছবিবৰ ৰহমান, সদস্য (১০৭) নুৰুল| হক, সদস্য (১০৯) নুৰুল ইছলাম, সদস্য (১১০) আবুবক্কৰ ছিদ্দিক, সদস্য (১১১) দিলীপ কুমাৰ নাগ, সদস্য (১১২) মলয় বসু, সদস্য (১১৩) হিমাংশু দে, সদস্য (১১৪) ভূপেন বিশ্বাস, সদস্য, (১১৫) নুৰুল ইছলাম, সদস্য। প্রয়োজনবোধে সুস্থ প্রতিনিধিত্বৰ কাৰণে সাধাৰণ ইউনিয়নৰ সদস্যৰ সংখ্যা' কাৰ্যকৰী ইউনিয়নে বঢ়াব পাৰিব ।

কেন্দ্ৰীয় সাধাৰণ ইউনিয়নৰ পৰা সদস্য বাছি লৈ নিম্নলিখিত ধৰণে আমছুৰ কাৰ্য্যকৰী ইউনিয়ন গঠন কৰা হয় ৷

(১) আব্দুল হাই নাগৰি, সভাপতি (২) সহৰ আলী ভূঞা, উপ সভাপতি (৩) আমিনুল ইছলাম, উপ সভাপতি (৪) হুৰমুজ আলী, উপ সভাপতি (৫) আজগৰ আলী আহমেদ, সাধাৰণ সম্পাদক (৬) শ্ৰীৰঞ্জন কুমাৰ সৰকাৰ, সম্পাদক (৭) লিয়াকত আলী, সম্পাদক (৮) ইন্দ্ৰ বাহাদুৰ ছেত্ৰী, সম্পাদক (৯) আব্দুল আজিজ, সম্পাদক (১০) মদন মোহন পাল, সম্পাদক (১১) মজিবৰ ৰহমান, সাংগঠনিক সম্পাদক (১২) দিলদাৰ ৰেজ্জা, সাংগঠনিক সম্পাদক (১৩) কুদৰত আলী আহমেদ, সাংগঠনিক সম্পাদক (১৪) আব্দুল ওৱাহেদ, সাংগঠনিক সম্পাদক, (১৫) ছাহজাহান আলী, কোষাধ্যক্ষ (১৬) মোৱাৰক হুছেইন, সদস্য (১৭) শওকত হুছেইন হাজৰিকা, সদস্য (১৮) শ্ৰী গুৰুদাস ৰায়, সদস্য (১৯) আমিনুল আহমেদ, সদস্য (২০) ছামাদ আলী, সদস্য (২১) চন্দন কুমাৰ সৰকাৰ, সদস্য (২২) মনোৱাৰ হুছেইন, সদস্য (২৩) শ্ৰী হৰিপদ ৰায়, সদস্য (২৪) মুক্তাৰ হুছেইন খান, সদস্য (২৫) লতিফ আহমেদ, সদস্য (২৬) দুলাল চন্দ্ৰ দেবনাথ, সদস্য (২৭) আমিৰ হেলাল উদ্দিন, সদস্য (২৮) হাফিজুৰ ৰহমান, সদস্য (২৯) সেখ মকবুল হুছেইন, সদস্য (৩০) আব্দুল হাই, সদস্য (৩১) আব্দুল মতিন, সদস্য (৩২) আব্দুল হামিদ, সদস্য (৩৩) শ্রী সুভাষ পাল, সদস্য (৩৪) আব্দুল হুছেন সৰকাৰ, সদস্য (৩৫) নুৰুল হক, সদস্য (৩৬) মজিবৰ ৰহমান, সদস্য (৩৭) নুৰুল হক, সদস্য। প্রয়োজনবোধে সুস্থ প্রতিনিধিত্বৰ বাবে কাৰ্য্যকৰী ইউনিয়নে অতিৰিক্ত ৯ জন সদস্য কৰিব পাৰিব ।

জলেশ্বৰ অধিৱেশনতে নিম্নলিখিত ধৰণে সদৌ অসম সংখ্যালঘু যুৱ পৰিষদৰ কাৰ্য্যকৰী পৰিষদ গঠন কৰা হয় ৷

(১) সুৰত জামাল(এডভোকেট) সভাপতি, (২) শ্রীবিশ্বনাথ মুন্সী, উপ-সভাপতি (৩) স্বপন কুমাৰ সিংহ, উপ-সভাপতি (৪) মোৱাৰক হুছেইন, উপ-সভাপতি (৫) লাহোৰ আলী ফাৰুকী, সাধাৰণ সম্পাদক (৬) শ্ৰীকৃষ্ণ বাহাদুৰ থাপা, সম্পাদক (৭) শ্ৰী দুলাল চন্দ্ৰ বসাক, সম্পাদক (৮) মোছাক উদ্দিন, সম্পাদক (৯) টাইমূৰ ৰহমান, সাংগঠনিক সম্পাদক (১০) ইদ্রিছ আলী আহমেদ, সাংগঠনিক সম্পাদক (১১) মহম্মদ আলী, কোষাদক্ষ (১২) মতিউৰ ৰহমান, সদস্য (১৩) শ্রীবিমল দে, সদস্য (১৪) ময়েজ উদ্দিন _ আহমেদ, সদস্য (১৫) শ্রী বিজয় পণ্ডিত, সদস্য (১৬) আবুল হুছেন আলী, সদস্য (১৭) আব্দুছ ছালাম, সদস্য (১৮) শ্ৰী নিৰঞ্জন সৰকাৰ, সদস্য (১৯) ছহৰাব আলী, সদস্য (২০) ছাহজাহান মোল্লা, সদস্য (২১) আব্দুল কায়ুম আল আমান, সদস্য (২২) ডঃ আব্দুল আজিজ, সদস্য (২৩) শ্রী বীৰেণ বিশ্বাস, সদস্য (২৪) আব্দুছ ছাত্তাৰ, সদস্য (২৫) শ্ৰী প্ৰাণ বাহাদুৰ ৰামনাথ, সদস্য (২৬) মির্জা নিজাম উদ্দিন, সদস্য (২৭) ৰফিক হক, সদস্য (২৮) আব্দুল জলিল তালুকদাৰ, সদস্য (২৯) আতাউৰ ৰহমান, সদস্য (৩০) জাফৰ আলী, সদস্য (৩১) আব্দুল ওৱাহেদ, সদস্য (৩২) মন্তাজ আলী, সদস্য (৩৩) ইজাৰ ৰহমান, সদস্য (৩৪) নিতিশ চন্দ্র দে, সদস্য (৩৫) নবদ্বীপ ৰায়, সদস্য।প্রয়োজনবোধ সুস্থ প্রতিনিধিত্বৰ বাবে কাৰ্য্যকৰী পৰিষদে আৰু ৩ জন সাংগঠনিক সম্পাদকৰ উপৰিও ৯ জন সদস্য অন্তর্ভূক্ত কৰিব পাৰিব।

ঐতিহাসিক ২৬ মে’ আমছুৰ প্ৰথম গণ আন্দোলন

অসমৰ বিদেশী বিতাৰণ আন্দোলন কুৰি শতিকাৰ আটাইতকৈ শক্তিশালী গণ আন্দোলন আৰু ইয়াৰ উদ্যোক্তা সংগঠন সদৌ অসম ছাত্ৰ সন্থা (আছু)ক পৃথিৱীৰ আটাইতকৈ | শক্তিশালী ছাত্ৰ সন্থা বুলি কোৱা হয়। যথেষ্ট শক্তিশালী আছিল এই বিদেশী বিতাৰণ | আন্দোলন আৰু ইয়াৰ উদ্যোক্তা সংগঠন ৷ আশীৰ দহকৰ ছবছৰীয়া আন্দোলনৰ কথাতো বাদেই, আনকি বর্তমানেও অঘোষিত শাসকৰ ভূমিকা পালন কৰি আছে এই ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাই ইচ্ছা কৰিলে কাৰোবাক দেশ প্রেমিক বা দেশদ্রোহী আখ্যা দিব পাৰে। কোনো এটা জাতি-জনগোষ্ঠীক তেওঁলোকে সামগ্রীকভাৱে বিদেশী বা বাংলাদেশী বুলি ইতিকিং কৰিব পাৰে । ছাত্ৰ সন্থাৰ কৰ্মীসকলে এদল শ্রমিকক ধৰি বান্ধি নগুৰ নাকুতি কৰি বাংলাদেশী অভিযোগেৰে থানাত গতাই দিলেও তেওঁলোকৰ দোষ ধৰা নহয়। অধিকাংশ গণমাধ্যম অকল এই সংগঠনৰ সমৰ্থকেই নহয় বহু ক্ষেত্ৰত মূখপত্ৰৰ দৰেও কাম কৰা দেখা যায়। সেইবোৰে আন্দোলনৰ নেতিবাচক দিশবোৰ প্ৰচাৰ নকৰে। কেৱল প্ৰচাৰ কৰে আন্দোলকাৰীৰ আগ্ৰাসী আদেশ-নিষেধবোৰ। এনে আগ্রাসী আন্দোলনৰ বিৰুদ্ধে সংখ্যালঘুসকলে আত্মৰক্ষামূলক প্ৰতি আন্দোলন গঢ়ি তোলাটো বিৰাট প্রত্যাহবানৰ লেখিয়া কথা। তথাপি নৱ গঠিত আমছুৰ নেতৃত্বত ১৯৮০ চনৰ ২৬ মে'ত যি প্ৰতিবাদী আন্দোলন কৰা হৈছিল, সেয়া আছিল এক অভূতপূৰ্ব আৰু স্বতঃস্ফূর্ত গণ বিপ্লৱ।

জলেশ্বৰ অধিৱেশনত পূৰ্ণাঙ্গ আমছু গঠনৰ কেইদিনমান পাছতেই হাউলীত সংগঠনটোৰ সাধাৰণ পৰিষদ আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেইদিনাখনেই জলেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক আফজালুৰ ৰহমানে হাউলীত আমছুৰ মূখ্য কাৰ্য্যালয়ৰ দ্বাৰ উদ্‌ঘাটন কৰিছিল। হাউলীতঅনুষ্ঠিত এই সভাতেই সংখ্যালঘুসকলৰ নাগৰিকত্ব ৰক্ষা আৰু বিদেশীৰ নামত অযথা হাৰাশাস্তিৰ প্ৰতিবাদকল্পে প্রতিবাদী আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই আন্দোলনৰ ধৰণ আৰু দিন তাৰিখ নিৰ্ধাৰণৰ উপৰিও ইয়াৰ মেমোৰেণ্ডাম, শ্ল'গান আদি প্ৰস্তুত কৰিবলৈ এটি উচ্চ ক্ষমতা সম্পন্ন কৰ্ণধাৰ সমিতি গঠন কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল। এই কৰ্ণধাৰ সমিতিত আমছুৰ সভাপতি আব্দুল হাই নাগৰি আৰু সাধাৰণ সম্পাদক আজগৰ আলী আহমেদৰ লগতে আৰু কেইবাজনো বয়োজেষ্ঠ নাগৰিক তথা বুদ্ধিজীৱীক সদস্য হিচাপে অন্তৰ্ভূক্ত কৰা হৈছিল। তেওঁলোক আছিল বিশিষ্ট সমাজসেৱী প্ৰয়াত ৰামচন্দ্ৰ সাহা, ইছমাইল হোছেইন, এডভোকেট তমিজ উদ্দিন আহমেদ, বিশ্বনাথ মুন্সী, শিক্ষাবিদ আলী আকবৰ আৰু এই নিবন্ধকাৰ (তাজউদ্দিন আহমেদ)।

১৯৮০ চনৰ২৩ এপ্ৰিলত হাউলী ৰবীন্দ্ৰ সংঘৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাত মে’মাহৰ ৫ তাৰিখে প্ৰতিবাদ দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্ত অনুযায়ী সেইদিনাখন ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু নাগৰিকসকলে প্ৰতিবাদী শোভাযাত্ৰাত অংশ ল'ব আৰু নিজ নিজ অঞ্চলৰ খণ্ড উন্নয়ন বিষয়া, চক্র বিষয়া, মহকুমাধিপতি আৰু উপায়ুক্তৰ হাতত প্ৰধানমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ প্ৰদান কৰিব। ইয়াৰ উপৰিও প্ৰতিবাদ দিৱসৰ দিনা উপবাসে থাকি সেই আহাৰৰ খৰচ খিনি আমছুৰ তহবিলত জমা দিবলৈও কৰ্ণধাৰ সমিতিয়ে ৰাইজলৈ আহব্বান জনাইছিল। সেই সময়ত বেছিভাগ সংবাদপত্র সংখ্যালঘু সংগঠনৰ বিপক্ষে থকাৰ বাবে কৰ্ণধাৰ সমিতিৰ যাৱতীয় সিদ্ধান্ত গোহাৰি আকাৰত ছপাই অতি কম সময়ৰ ভিতৰতে চাৰিওদিশে প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।

আনহাতে উক্ত প্রতিবাদী দিৱসৰ কথা প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছিল বিভিন্ন সংবাদপত্ৰ সংগঠন আৰু বুদ্ধিজীৱীসকল। কিছুমানে পোনছাটেই আমছুক বাংলাদেশীৰ সংগঠন বুলি কৈছিল। কিছুমানে ইয়াক ইন্দিৰা কংগ্ৰেছৰ অবৈধ সন্তান বুলিও ইতিকিং কৰিছিল। আন কিছুমানে আকৌ বাংলাদেশী সংগঠনে (আমছু) অসম আন্দোলনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলন কৰিলে তাৰ পৰিণতি ভয়াবহ হ'ব বুলি মুকলি ভাবুকিও দিছিল ৷ ইয়াৰ মাজতে নিৰপেক্ষ আৰু প্ৰগতিশীল বুলি পৰিচিত বুদ্ধিজীৱীসকলে আমছুৰ আন্দোলন কৰাৰ অধিকাৰক স্বীকৃতি দিও পৰিস্থিতি জটিল হোৱাৰ আশংকা প্ৰকাশ কৰি আন্দোলনৰ পৰা বিৰত থাকিবলৈ আমছুলৈ পৰামৰ্শ দিছিল । আনহাতে উগ্র জাত্যাভিমানী সাংবাদিকসকলে বাংলাদেশীৰ(?) সংগঠন আমছুৰ কোনো বিবৃতি সংবাদ পত্ৰত প্ৰকাশ নকৰাৰ কথাও ঘোষণা কৰিছিল ।

এনে প্ৰতিকূল পৰিস্থিতি সত্বেও সংখ্যালঘু নেতাসকলে উপলব্ধি কৰিছিল যে কোনো প্রতিবাদ নহ'লে বিদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অত্যাচার উৎপীড়নৰ কথা দেশ আৰু বিশ্ববাসীয়ে জানিব নোৱাৰিব । সেয়েহে বাধা যিমানেই নাহক কিয় কাৰ্যসূচী ল'বই লাগিব। এনে সংকল্পৰ পৰিপ্ৰেক্ষিতত কৰ্ণধাৰ সমিতিয়ে প্ৰচাৰকাৰ্য কম হোৱা বাবে প্ৰতিবাদ দিৱসৰ কাৰ্যসূচী ৫ মে'ৰ পৰা ২৬ মে লৈ পিছুৱাই নিবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল । আৰু পুনৰায় প্ৰচাৰ পত্ৰ ছপাই ব্যাপক ভাৱে প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। ইয়াত উল্লেখ কৰা প্ৰয়োজন যে আমছু গঠনৰ প্ৰথমৰ পৰাই ইয়াৰ সকলো ধৰণৰ ছপাশালৰ কামত হাউলীৰ অসম প্রিন্টাৰ্চৰ স্বত্ত্বাধিকাৰী মফিদুৰ ৰহমানে জীৱনৰ সংশয় থকা সত্ত্বেও দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিছিল। ইয়াৰ বাবে তেওঁ কৃতজ্ঞতা পোৱাৰ পাত্ৰ। এনেকৈয়ে আহিল ১৯৮০ চনৰ সেই ঐতিহাসিক দিন ২৬ মে'। গ্ৰীষ্মকালৰ তীব্ৰ ৰ'দ। এই তীব্ৰ ৰ'দ উপেক্ষা কৰি ৰাতিপুৱাৰ পৰাই গোটেই অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বাট-পথ লোকে-লোকাৰণ্য হ'বলৈ ধৰিলে। স্বতঃস্ফূর্তভাৱে ওলাই অহা হাজাৰ হাজাৰ, লাখ-লাখ ছাত্ৰ, যুৱক, কৃষক, শ্রমিক, শিক্ষিত-অশিক্ষিত লোকেৰে পৰিপূৰ্ণ বিশাল বিশাল গণ মিছিল। হাতত সৰু বৰ ফেষ্টুন, বেনাৰ, মূখত শ্লোগান- এক অভূতপূর্ব দৃশ্য। এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বিতাৰণ আন্দোলনৰ সভা সমাবেশ বা শোভাযাত্ৰাৰ বিশালতা স্বীকাৰ কৰিও ক'ব পাৰি যে ২৬ মে'ৰ সংখ্যালঘু আন্দোলনৰ গণ মিছিল আছিল অধিক বিশাল আৰু প্ৰতিবাদ মূখৰ। সকলোৱে শান্তিপূর্ণ ভাৱে শোভাযাত্রা কৰি গৈ সংশ্লিষ্ট বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি আন্দোলনৰ কাৰ্য্যসূচী সমাপ্ত কৰাৰ কথা আছিল। কিন্তু অতি পৰিতাপৰ কথা যে বহু ঠাইত এই কাৰ্য্যসূচী বাধাগ্রস্থ হ'ল। বহু ঠাইত শান্তিপূর্ণ শোভাযাত্ৰাকাৰীৰ ওপৰত জপিয়াই পৰিল উগ্ৰজাতীয়তাবাদী ব্যক্তি এচামৰ সৈতে এচাম হিংস্ৰ পুলিচ। তেওঁলোকৰ নিৰ্মম অত্যাচাৰৰ ফলত শোভাযাত্ৰাকাৰীৰ তেজেৰে ৰাজপথ ৰাঙলী হৈছিল। পুলিচৰ অপ্ৰৰোচিত গুলী চালনাৰ ফলত প্ৰাণহুতি দিছিল বহু কেইজন।

সেইদিনাখন আটাইতকৈ শোকাবহ ঘটনা ঘটিছিল নামনি অসমৰ বিজনী চহৰত ৷ বিজনীৰ উত্তৰ ফালে আছে দেউকুৰা দলং । উত্তৰাঞ্চলৰপৰা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাইজ শোভাযাত্ৰা কৰি দেউকুৰা দলঙৰ ওপৰেৰে আগবাঢ়ি অহাৰ সময়তে দলঙৰ দুই মূৰৰ প্ৰৱেশপথ সহস্ৰ পুলিচে আগুৰি ধৰি দলঙৰ ওপৰত থকা জনতাৰ ওপৰত যথে- মধে গুলিয়াবলৈ ধৰিলে। এনে অপ্ৰৰোচিত গুলি চালনাৰ ফলত সেই ঠাইতে প্রাণ ত্যাগ কৰে অনিল নমদাস, গোপাল সাহা, নিৰ্মল সৰকাৰ, বজলউদ্দিন শেখ, বিশ্বজিত কুণ্ডু, মনিৰুদ্দিন শেখ, ৰমেন সৰকাৰ, শ্ৰীমন্ত বৰ্মন, সুবল বাঢ়ৈ আৰু হৰিপদ সাহা। ইয়াৰ উপৰিও বুকুত গুলী লৈ আৰু তীব্ৰ আতংকত দলঙৰ পৰা তলৰ মেটেকা ভৰা পচাঁ পানীত জপিয়াই পৰি গুৰুতৰ ভাৱে আহত হয় শতাধিক প্ৰতিবাদকাৰী। বহু বছৰলৈ! বিজনী চহৰৰ দেউকুৰা দলঙৰ নাতিদূৰৰ এটা ছহীদ স্তম্ভত সেইদিনাখনৰ ভাষিক আৰু ধর্মীয় সংখ্যালঘুসকলৰ গণতান্ত্রিক সংগঠন আমছুৰ আন্দোলনৰ সাক্ষী হৈ খোদিত হৈ আছিল এই ছহীদসকলৰ নাম। জানিব পৰা মতে সম্প্ৰতি ছহীদ স্তম্ভটো সেই ঠাইৰ পৰা আঁতৰাই পেলোৱা হৈছে আৰু অন্য ঠাইত স্থাপনৰ প্ৰস্তুতি চলিছে। সেইদিনাখন আন্দোলনকাৰী আৰু পুলিচৰ আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ শুভাযাত্ৰাৰ নেতৃত্ব লোৱা বিজনীৰ বৰেণ্য ব্যক্তি অধ্যাপক ধীৰেন্দ্ৰ বৰ্মনে গোপনে ৰাজ্য ত্যাগ কৰিবলৈ বাধ্য হৈছিল। একেদৰে ২৬ মে'ৰ প্ৰতিবাদ দিৱসৰ দিনা অভয়াপুৰীৰ লেংটিছিঙাত প্ৰতিবাদকাৰী জনতাক আগভেটা দি পুলিচে নিৰ্বিচাৰে গুলী চলোৱাৰ ফলত স্কুলীয়া ছাত্র মিজানুৰ ৰহমান আৰু আব্দুছ ছাত্তাৰ নিহত হৈছিল। ইয়াৰ ইপৰিও বহুলোক গুৰুতৰ ভাৱে আহত হৈছিল আৰু তাৰ ভিতৰত মাজম আলী নামৰ জনৈক যুৱকৰ সোঁ বাহুত গুলী লগাৰ ফলত কাষলতিৰ পৰাই সোঁ হাতখন কাটি পেলোৱা হৈছিল আৰু ইয়াৰ বাবেই তেওঁ আজিও কর্মহীন এক পংগু ব্যক্তি হিচাপে জীৱনটোক টানি লৈ ভিক্ষা মাগি বাচে বাচে ঘূৰি ফুৰিছে।

এইখিনিতে উল্লেখ কৰিব পাৰি আব্দুছ ছাত্তৰ আৰু মাজম আলীক ৰাইজে গুৰুতৰ ভাবে আহত অৱস্থাত নাৱত তুলি আই নদীৰে ভটিয়াই গোৱালপাৰালৈ নিয়াৰ সময়ত নাৱৰ ওপৰতে আব্দুছ ছাত্তাৰৰ মৃত্যু হৈছিল। আনহাতে ভৰিৰ কলাফুলত গুলী লাগি অহত হোৱা কিশোৰ মিজানুৰ ৰহমানক পুলিচে চোচৰাই নি গাড়ীত দলিয়াই তুলি অভয়াপুৰীলৈ লৈ গৈছিল আৰু পিছদিনাখন যেতিয়া পুলিচে মিজানুৰ ৰহমানৰ মৃতদেহ ঘৰত দি থৈ গৈছিল, তেতিয়া দেখা গৈছিল তাৰ চকু উঘালি পেলোৱা হৈছে। কোনে স্বহীদ মিজানুৰৰ চকু উঘালিলে সেই ৰহস্য কেতিয়া উদঘাটন নহ'ল।

অকল বিজনী, লেংটিঙাতেই নহয় প্রায় গোটেই অসমতে ২৬ মে'ৰ প্ৰতিবাদ দিৱসৰ শোভাযাত্ৰাকাৰীৰ ওপৰত শাসক বাহিনীয়ে জপিয়াই পৰি নিৰ্বিচাৰে অত্যাচাৰ চলাইছিল । ইয়াৰ ভিতৰত বিশেষ ভাবে উল্লেখ কৰিব পাৰি নগাওঁ জিলাৰ ৰূপহী, জুৰীয়া, কামৰূপ ইত্যাদিৰ কথা। ২৭ মে'ত জুৰীয়াত আবেলি পথাৰৰ পৰা ছাগলী আনিবলৈ যোৱা বুঢ়ী এজনী আৰু মকছুদুৰ ৰহমান নামৰ ছাত্ৰ এজনক অতর্কিতে তহলদাৰী পুলিচে গুলিয়াই হত্যা কৰে। সেই সময়ত আমছুৰ অন্যতম সম্পাদক আব্দুল আজিজে জনাইছিল যে, নগাওঁ জিলাত ২৬ মে'ত প্ৰতিবাদ দিৱসৰ নেতৃত্ব লোৱাৰ বাবেই তেখেতক হেনো উগ্ৰজাতীয়তাবাদী কিছু যুৱক আৰু পুলিচে হেনস্থা কৰিবলৈ বিচাৰি ফুৰিছিল, যাৰ বাবে তেওঁ ভালেমান দিন আত্মগোপন কৰি থাকিবলগা হৈছিল। তথাপি ছাত্রনেতা আব্দুল আজিজে কিন্তু নিৰ্যাতনৰ পৰা ৰেহাই পোৱা নাছিল। পিছলৈ ১৯৮১ চনৰ ১ জানুৱাৰীত হাউলীত থকা আমছুৰ মুখ্য কাৰ্য্যালয়ৰ পৰা তেখেতক পুলিচে ধৰি নি অকথ্য নির্যাতন চলাইছিল। বিশেষ ভাৱে উল্লেখযোগ্য যে সেই সময়ত ৰমজান মাহৰ ৰোজা (উপবাস) চলি আছিল আৰু পুলিচে ৰোজাদাৰ (উপবাসী) আব্দুল আজিজক মাৰপিট কৰাৰ উপৰিও এশবাৰ উঠা-বহা কৰিবলৈ বাধ্য কৰিছিল। একেবাৰে কোকৰাঝাৰ, গোসাইগাওঁ আদি অঞ্চলত ২৬ মে'ত প্ৰতিবাদী জনতাৰ নেতৃত্ব বহন কৰা প্ৰয়াত এডভোকেট নৰেশ দাসক প্রশাসনে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিছিল ৷

যিয়েই নহওঁক এই ঐতিহাসিক ২৬ মে'ৰ গণ আন্দোলনত বহুকেইটা জীৱন হানি হলেও ইয়াৰ প্ৰভাৱ হৈ পৰিছিল সুদূৰপ্ৰসাৰী। কিয়নো অতদিনে বিতাৰণ আন্দোলনৰ প্ৰৱক্তাসকলৰ একপক্ষীয় প্ৰচাৰৰ ফলত অসমত বিদেশীৰ নামত সংখ্যালঘুপীড়নৰ দিশটোৱে কোনো গুৰুত্ব পোৱা নাছিল। কিন্তু সেইদিনাখন সন্ধিয়া বি.বি.চি লণ্ডনৰ পৰা ৰেডিঅ' যোগেও প্ৰচাৰ হ'ল যে অসমত বিদেশীৰ নামত চলা নিৰ্যাতনৰ কবলৰ পৰা উদ্ধাৰ পোৱাৰ বাবে ভাষিক আৰু ধৰ্মীয় সংখ্যা ন্দ্ৰঘুসকলে প্রতিবাদী আন্দোলনত জপিয়াই পৰিছে। এইদৰে আশীৰ ২৬ মে'ৰ জৰিয়তেই সংখ্যালঘু আন্দোলনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰসংগিকতা লাভ কৰিবলৈ সক্ষম হৈছিল।

Friday, August 9, 2024

Famous APJ Abdul Kalam Quotes: Dr APJ Abdul Kalam is one of India's most celebrated scientists and former President of India. He is an inspiration to youth to take responsibility and work in the direction of development with loyalty and integrity.

 




  • “Dream, Dream, Dream. Dreams transform into thoughts and thoughts result in action.”
  • “Determination is the power that sees us through all our frustration and obstacles. It helps in building our willpower which is the very basis of success.”
  • “Failure will never overtake me if my determination to succeed is strong enough.”
  • “Be Active! Take on responsibility! Work for the things you believe in. If you do not, you are surrendering your fate to others.”
  • “The best brains of the nation may be found on the last benches of the classroom.”
  • "Life is a difficult game. You can win it only by retaining your birthright to be a person."
  • "When you look at the light bulb above you, you remember Thomas Alva Edison. When the telephone bell rings, you remember Alexander Graham Bell. Marie Curie was the first woman to win the Nobel Prize. When you see the blue sky, you think of Sir C.V. Raman."


  • “Dream is not that which you see while sleeping it is something that does not let you sleep.”
  • “It Is Very Easy To Defeat Someone, But It Is Very Hard To Win Someone”
  • “Don't take rest after your first victory because if you fail in the second, more lips are waiting to say that your first victory was just luck.”
  • “Thinking is the capital, Enterprise is the way, Hard Work is the solution”
  • “Man needs difficulties in life because they are necessary to enjoy success.”
  • “Be active! Take on responsibility! Work for the things you believe in. If you do not, you are surrendering your fate to others.”
  • “Failure will never overtake me if my definition of success is strong enough”.
  • "You see, God helps only people who work hard. That principle is very clear."
  • "Building capacity dissolves differences. It irons out inequalities."


  • “We are all born with a divine fire in us. Our efforts should be to give wings to this fire and fill the world with the glow of its goodness.”
  • “Once your mind stretches to a new level it never goes back to its original dimension”
  • “To succeed in life and achieve results, you must understand and master three mighty forces— desire, belief, and expectation.”
  • “If you want to leave your footprints On the sands of time Do not drag your feet.”
  • If you want to shine like a sun, first burn like a sun.”
  • To succeed in your mission, you must have single-minded devotion to your goal.”
  • “A big shot is a little shot who keeps on shooting, so keep trying.”
  • The only true wisdom is in knowing you know nothing.”
  • Those who cannot work with their hearts achieve but a hollow, half-hearted success that breeds bitterness all around.

GK Questions and Answers on Dr. A.P.J. Abdul Kalam

Famous APJ Abdul Kalam Quotes Images

  • “I am not handsome but I can give my hand to someone who needs help... Because beauty is required in the heart, not in the face....”
  • “Sometimes, it's better to bunk a class and enjoy with friends, because now, when I look back, marks never make me laugh, but memories do.”
  • “Behind the parents stands the school, and behind the teacher the home.”
  • “God has not promised Skies always blue, Flower-strewn pathways All our life through; God has not promised Sun without rain, Joy without sorrow, Peace without pain.”
  • “When your hopes and dreams and goals are dashed, search among the wreckage, you may find a golden opportunity hidden in the ruins.”
  • "The youth need to be enabled to become job generators from job seekers."
  • "We will be remembered only if we give to our younger generation a prosperous and safe India, resulting out of economic prosperity coupled with civilizational heritage."


  • “He who knows others is learned, but the wise one is the one who knows himself. Learning without wisdom is of no use.”
  • “You cannot change your FUTURE, you can change your HABITS. And surely your HABITS will change your FUTURE”
  • “I have repeatedly seen how people are poor at articulating what they want—until they see a work centre doing something they don't want them to do.”
  • “See the flower, how generously it distributes perfume and honey. When its work is done, it falls away quietly. Try to be like the flower, unassuming despite all its qualities.”
  • “There are boundaries that dictate life: you can only lift so much weight; you can only learn so fast; you can only work so hard; you can only go so far!”
  • "Great dreams of great dreamers are always transcended."


  • “Within the mind are all the resources required for successful living. Ideas are present in the consciousness, which when released and given scope to grow and take shape, can lead to successful events.”
  • “The ignited mind of the youth is the most powerful resource on the earth, above the earth and under the earth”
  • “The sweetness we taste in a piece of sugar is neither a property of the sugar nor a property of ourselves. We are producing the experience of sweetness in the process of interacting with the sugar.”
  • “There seems to be an attitude problem as if we cannot shake ourselves out of a mindset of limited achievement.”
  • “I reminded myself that the best way to win was to not need to win. The best performances are accomplished when you are relaxed and free of doubt.”
  • "If we are not free, no one will respect us."


  • “Be more dedicated to making solid achievements than in running after swift but synthetic happiness.”
  • “Above all things, reverence yourself.”
  • “Before God trusts you with success, you have to prove yourself humble enough to handle the big prize.”
  • “Wisdom is a weapon to ward off destruction; It is an inner fortress which enemies cannot destroy.”
  • “Knowledge cannot be taken away from anyone except by obsolescence.”
  • "War is never a lasting solution to any problem."
  • "One lesson that every nation can learn from China is to focus more on creating village-level enterprises, quality health services and educational facilities."

APJ Abdul Kalam Death Anniversary 2022: Motivational Quotes and Facts about the Missile Man of India

An outpouring of mourning followed Kalam's passing in India, and numerous condolences to the late president were expressed both offline and online. In remembrance, the Indian government proclaimed a seven-day period of national mourning. Dr Kalam received seven honorary doctorates from 40 different universities. His efforts with ISRO and DRDO, as well as his function as the government's scientific advisor, got him the Padma Bhushan and Padma Vibhushan awards from the Indian government in 1981 and 1990, respectively. 

In 1997, Kalam was awarded the Bharat Ratna, the highest civilian distinction bestowed by India, in recognition of his contributions to scientific advancement and the modernization of Indian defence technology. He was presented with the Von Braun Award by the National Space Society in 2013 "to recognise excellence in the management and leadership of a space-related project". He was named second in a survey of the greatest Indians conducted by Outlook India in 2012 as well.

Wednesday, July 5, 2023

 

সাংবিধানিক অধিকাৰ আৰু সংখ্যালঘু সমাজ


স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰবেৰে প্ৰকাশ কৰো যে, আজিৰ পৰা ৭০ বছৰ আগতেই ভাৰতৰ প্ৰতিজন নাগৰিকক ভাৰতীয় সংবিধানে ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধেৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু হতাশজনক ভাৱে নাগৰিকৰ এই অধিকাৰ সমূহ পদে পদে খৰ্ব হৈ থকা পৰিলক্ষিত হৈছে৷ বিশেষকৈ অসমৰ সংখ্যালঘু নাগৰিকৰ সম-অধিকাৰ, সম-মৰ্যাদা, বাক স্বাধীনতা আদি সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ ভূলুণ্ঠিত কৰি এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে৷ 

ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ জৰিয়তে ৰাষ্ট্ৰই কোনো নাগৰিকক আইনৰ দৃষ্টিত অ-সম ভাবে বিবেচনা কৰিব নোৱাৰিব অথবা ভাৰতৰ ভূ-খণ্ডৰ ভিতৰত সকলো নাগৰিকক আইনৰ দৃষ্টিত ৰক্ষণাবেক্ষণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব অৰ্থাৎ আইনৰ দৃষ্টিত সকলোকে সমভাৱে বিবেচনা কৰা হব৷ ঠিক একেদৰে সংবিধানৰ ১৫ নং অনুচ্ছেদ মতে কোনো নাগৰিকক জাতি-ধৰ্ম, বৰ্ণ, লিংগ আৰু জন্মৰ স্থান আদিৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব৷ কিন্তু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত পঞ্চায়তৰ প্ৰমাণপত্ৰ দাখিল কৰা লাখ লাখ দৰিদ্ৰ, অশিক্ষিত আৰু ক্ষমতাহীন মহিলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পেলোৱাৰ বাবে চেষ্টা কৰি বৈষম্যমূলক,পক্ষপাতিত্বমূলক তথা বৰ্ণবাদী নিয়মৰ আশ্ৰয় লৈ নাগৰিকক আদি বাসিন্দা (Original Inhabitants) আৰু আদি বাসিন্দা নহয় (Non Original Inhabitants) হিচাপে শ্ৰেণীবিভাজন কৰি মৌলিক অধিকাৰ খৰ্ব কৰিছে৷ 

১৬ নং অনুচ্ছেদ মতে ভাৰতৰ সকলো নাগৰিকক চৰকাৰী চাকৰিৰ  ক্ষেত্ৰত সম সুযোগ প্ৰদান কৰিব৷ কিন্তু ছাচ্চাৰ কমিটিৰ প্ৰতিবেদন মতে অসমৰ ৩০.৯ শতাংশ ধৰ্মীয় সংখ্যালঘু জনসংখ্যাৰ বিপৰীতে গৃহ বিভাগৰ উচ্চপদত মাত্ৰ ৯.৩ শতাংশ, নিম্ন পদত ১১.৫ শতাংশ, স্বাস্থ্য বিভাগৰ উচ্চ পদত ৮.০ শতাংশ, নিম্ন পদত ১১.১ শতাংশ আৰু পৰিবহন বিভাগৰ উচ্চ পদত ১৩.৯ শতাংশ আৰু নিম্ন পদত ১১.৫ শতাংশ পদত নিয়োগৰ সুবিধাহে লাভ কৰিছে৷ 

১৯ নং অনুচ্ছেদ মতে ভাৰতৰ প্ৰত্যেকজন নাগৰিকক বাক স্বাধীনতা, শান্তি পূৰ্ণ ভাবে সমবেত হোৱা, সংস্থা বা সংঘ গঠন কৰাভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইত মুক্ত ভাবে বিচৰণ কৰা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰা আৰু যিকোনো জীৱিকা, ব্যৱসায়-বাণিজ্য কৰাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু অসমৰ বান-গৰাখহনীয়া আৰু সংঘৰ্ষ পীড়িত সংখ্যালঘু নাগৰিকে জীৱিকাৰ তাড়ণাত অসমৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গলেই উগ্ৰ জাতীয়তাবাদী একাংশ দল-সংগঠনৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক নিৰ্যাতনৰ বলি হোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰ-প্ৰশাসনে সংখ্যালঘু জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে স্বৈৰাতান্ত্ৰিক ভাবে বিদেশীৰ গোচৰ জাপি দি আছে৷ 

২০ (২) অনুচ্ছেদে সকলো ব্যক্তিক মৌলিক অধিকাৰ প্ৰদান কৰি কোনো ব্যক্তিক এটা অপৰাধৰ কাৰণে একাধিক বাৰ বিচাৰ আৰু শাস্তি প্ৰদান কৰিব নোৱাৰৰ বিধান ৰাখিছে৷ কিন্তু অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক প্ৰাক স্বাধীনোত্তৰ কালৰ ইংৰাজৰ সুবিধাৰ্থে প্ৰণয়ণ কৰা নাগৰিকত্ব আইনৰ গইনালৈ এজন নাগৰিকক এবাৰ স্বদেশী হিচাপে প্ৰমাণ হোৱাৰ পিছতো বিদেশী ন্যায়াধীকৰণত পুনৰায় গোচৰ প্ৰক্ৰিয়া চলোৱা পৰিলক্ষিত হৈছে৷ এয়া সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ পৰিপন্থী৷ 



ভাৰতীয় সংবিধানৰ আত্মা স্বৰূপ ২১ নং অনুচ্ছেদে ভাৰতীয় নাগৰিকক মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু সংবিধানৰ এই প্ৰতিশ্ৰুতি ভংগ কৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা নথিপত্ৰ পৰীক্ষা নকৰাকৈ ভোটাৰ তালিকাত সন্দেহজনক হিচাপে চিহ্নিত কৰাঅসম আৰক্ষীৰ সীমান্ত শাখাৰ বিসংগতি পূৰ্ণ আৰু কাল্পনিক প্ৰতিবেদনৰ দ্বাৰা তথা বিদেশী ন্যায়াধীকৰণৰ একপক্ষীয় তথা পক্ষপাতমূলক ৰায়দানৰ জৰিয়তে নিৰক্ষৰ, নিৰীহ সংখ্যালঘু লোকক বিদেশী হিচাপে চিহ্নিত কৰি ডিটেনচন কেম্পত বন্দী কৰি এক দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ একেদৰে এনআৰচিৰ আপত্তি দাখিলৰ সময়সীমাৰ অন্তিমটো নিশাত হঠাৎ লাখ লাখ ভূৱা আপত্তি দাখিলৰ দ্বাৰা ইতিমধ্যে কঠোৰ পৰীক্ষণৰ জৰিয়তে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সক্ষম হোৱা সংখ্যালঘু লোকক বিচাৰৰ কাঠগৰাত থিয় কৰাই আত্ম মৰ্যাদা হানি কৰিছে৷

সংবিধানৰ ২১(ক) অনুচ্ছেদে ৬-১৪ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাদানৰ অধিকাৰ প্ৰদান কৰিছে৷ কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চল তথা চৰ-চাপৰিত জনসংখ্যা অনুপাতে শিক্ষানুষ্ঠানৰ অভাৱ আৰু ছাত্ৰ অনুপাতে শিক্ষকৰ অভাৱে এই অধিকাৰ ভংগ কৰিছে৷ 

সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰে হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে, ভাৰতীয় সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সংখ্যলঘু সকলৰ ক্ষেত্ৰত ভূলুণ্ঠিত হব৷ তেওঁ ১৯৫৩ চনৰ ২ চেপ্টেম্বৰ তাৰিখে ৰাজ্যসভাত কৈছিল যে, সংখ্যালঘুসকলৰ ওপৰত হোৱা আঘাত হব ভাৰতীয় গণতন্ত্ৰৰ সৰ্ববৃহৎ ক্ষতি৷ 

আজি আমাৰ মাজত আম্বেদকাৰ আৰু তেওঁৰ সহযোগী সংবিধান প্ৰণেতাসকল নাই যদিও আমাৰ সংখ্যালঘুসকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্যৰ বৃহত্তম সংবিধান আজিও এক ৰক্ষা কবচ হিচাপে আছে৷ এই সংবিধান অবমাননা কৰি শাসক পক্ষই

  

সংখ্যালঘুৰ অধিকাৰ মষিমূৰ কৰাৰ অপচেষ্টা অব্যাহত ৰাখিছে৷ বৰ্তমানৰ প্ৰেক্ষাপটত এই অপচেষ্টা প্ৰতিৰোধ কৰাৰ বাবে সংবিধান প্ৰদত্ত সমস্ত অধিকাৰৰ বিষয়ে প্ৰচাৰ-প্ৰসাৰ কৰা আমাৰ দায়িত্ব হোৱা উচিত৷ 

AddToAny

Powered by Blogger.

জনপ্ৰিয় লেখা সমূহ