
তুমি থাকিলে পাৰ নকৰিলে হেঁতেন
বুভুক্ষ জনতাই
নিৰ্জন নিশা।
এতিয়া
শব্দবোৰ বজ্ৰ হ’ল
অনাদৰে অৱহেলায় গানগোৱা
মাটিৰ কলিজাবোৰ
এতিয়া নষ্ট নাৱিকৰ কোলাহলত
জ্বলি জ্বলি ছাই কৰি খাই গৈছে
অজস্ৰ উজাগৰি কান্দোন।
এতিয়া
প্ৰেম-ভালপোৱা মানে অভিসাপ
সপোন মানে ঠৰঙা লগা ফুটপাথ।
...